দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান পাঠ্যৰ তৃতীয় অধ্যায় – সাম্প্রতিক দক্ষিণ এছিয়াৰ সকলো অনুশীলনী প্ৰশ্নৰ সহজ আৰু সুচিন্তিত সমাধানসমূহ (AHSEC Assam – Assamese Medium, Latest Syllabus)
এই অধ্যায়ত দক্ষিণ এছিয়াৰ সাম্প্রতিক ৰাজনৈতিক পৰিস্থিতি, অঞ্চলটোৰ দেশসমূহৰ ৰাজনীতিক একতা আৰু বৈৰিতা, লগতে আগন্তুক উন্নয়ন প্ৰক্ৰিয়া আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ওপৰত আলোকপাত কৰা হৈছে। ভাৰত, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা আৰু মায়ানমাৰ আদি দেশৰ ভূমিকা আৰু সমস্যা বুজা যায়। এই পাঠ্যখনে শিক্ষাৰ্থীক দক্ষিণ এছিয়াৰ ৰাজনৈতিক জটিলতা আৰু আঞ্চলিক সমন্বয়ৰ গুৰুত্ব বুজিবলৈ সহায় কৰে। অস্পীন একাডেমীৰ (Ospin Academy) এই সমাধানসমূহত পাঠ্যৰ প্ৰতিটো প্ৰশ্নৰ বিস্তারিত ব্যাখ্যা আছে, যাৰ জৰিয়তে শিক্ষাৰ্থী বিষয়বস্তু সহজে বুজিব পাৰে আৰু পৰীক্ষাৰ বাবে সু-প্ৰস্তুতি কৰিব পাৰে।
✅ কি শিকিব:
- দক্ষিণ এছিয়াৰ সাম্প্রতিক ৰাজনৈতিক পৰিস্থিতি আৰু প্ৰধান দেশসমূহ
- আঞ্চলিক সংঘটন আৰু সহযোগিতাৰ প্ৰয়াসসমূহ
- ভাৰত, পাকিস্তান, বাংলাদেশ, আৰু শ্ৰীলংকা আদি দেশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ভূমিকা
- দক্ষিণ এছিয়াত শান্তি আৰু স্থিৰতাৰ প্ৰচেষ্টা
- আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু বিশ্ব ৰাজনীতিত দক্ষিণ এছিয়াৰ স্থান
- ভৱিষ্যৎ উন্নয়নৰ সম্ভাৱনাসমূহ আৰু প্ৰতিকূলতা
🎯 অস্পীন একাডেমীৰ সুবিধা:
- AHSEC Class 12-ৰ নতুন পাঠ্যক্ৰম অনুসৰি সম্পূৰ্ণ সমাধান
- পৰীক্ষাৰ বাবে সহজ আৰু সুগঠিত উত্তৰ
- অসমীয়া মাধ্যমে শিক্ষাৰ্থীৰ বাবে সুবিধাজনক ভাষা আৰু উদাহৰণ
- দক্ষিণ এছিয়াৰ ৰাজনীতিৰ জটিলতাসমূহৰ সুস্পষ্ট বুজ ধৰা
Class 12 Political Science Chapter 3 – সাম্প্রতিক দক্ষিণ এছিয়া – All Question Solutions | AHSEC Assam (Assamese Medium)
Class 12 Political Science (ৰাজনীতি বিজ্ঞান) AHSEC 2nd Year | Chapter-wise Solutions PDF
Limited Time Offer!
(For AHSEC Class 12 Political Science, 2nd Year)
Get chapter-wise solutions PDF for Class 12 Political Science (Assamese Medium) curated as per latest AHSEC syllabus.
Perfect for exam-focused preparation with clear answers, explanations, and diagrams in Assamese.
Ideal for homework, self-study, and revision.
অধ্যায় – ৩
সাম্প্রতিক দক্ষিণ এছিয়া
(Contemporary South Asia)
পাঠভিত্তিক প্রশ্নোত্তৰ
পাঠসংলগ্ন প্রশ্নোত্তৰ
(পাঠসংলগ্ন প্রশ্ন; পৃষ্ঠা নং ৬৬)
আমি কৰোঁ আহা
১। দক্ষিণ এছিয়াৰ সকলোৰে বাবে একে কিছুমান বৈশিষ্ট্য চিনাক্ত কৰা কিন্তু পশ্চিম এছিয়া অথবা দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ পৰা পৃথক।
উত্তৰঃ “দক্ষিণ এছিয়া” বুলি ক’লে আমি বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্ৰীলংকা— এই কেইখন দেশেৰে গঠিত অঞ্চলটোক বুজোঁ। এই অঞ্চলটোৰ আটাইকেইখন দেশৰে কিছুমান উমৈহতীয়া বৈশিষ্ট্য হৈছে:
(ক) এই দেশকেইখন বৃহৎ জাতিগত বৈচিত্ৰ্যৰে ভৰপূৰ। এই দেশকেইখনত বহুতো জাতি-জনজাতি, ধৰ্মীয় সম্প্ৰদায়ে বসবাস কৰে।
(খ) প্ৰায়বোৰ দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰই সীমান্ত সমস্যাৰ সন্মুখীন হোৱাৰ লগতে নিজৰ ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে বিবাদত লিপ্ত থকা দেখা যায়।
(গ) ভূটানক বাদ দি দক্ষিণ এছিয়াৰ আন ৰাষ্ট্ৰকেইখনে শেহতীয়া সময়ত বহুতো ৰাজনৈতিক আৰু সামাজিক অস্থিৰতাৰ সন্মুখীন হৈ আহিছে।
(ঘ) দক্ষিণ এছিয়াত এখন ৰাষ্ট্ৰৰ, অৰ্থাৎ ভাৰতৰ, গভীৰ প্ৰভাৱ সুনিশ্চিত হৈছে, যিটো অন্য অঞ্চলসমূহতকৈ পৃথক। পশ্চিম এছিয়া অথবা দক্ষিণ-পূব এছিয়াত এনে কোনো দেশ নাই যিয়ে নিজৰ আকাৰ আৰু অৰ্থনৈতিক শক্তিৰ বাবে অঞ্চলটোত আধিপত্য বিস্তাৰ কৰিব পাৰে।
(ঙ) গণতন্ত্ৰ হৈছে এই কেইখন দেশে গ্ৰহণ কৰা প্ৰধান ৰাজনৈতিক ব্যৱস্থা।
(চ) এই সকলোবোৰ প্ৰচেষ্টাৰ পিছতো এই অঞ্চলটোৱে বিশ্বৰ অন্য অঞ্চলসমূহৰ দৰে অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত অধিক সফলতা অৰ্জন কৰিব পৰা নাই।
(পাঠসংলগ্ন প্ৰশ্ন; পৃষ্ঠা নং ৬৯)
১। এই কাৰ্টুনটোৱে পাকিস্তানৰ দ্বৈত শাসনৰ শাসক দেশৰ ৰাষ্ট্ৰপতি আৰু সামৰিক বাহিনীৰ প্ৰধান হিচাপে পাৰভেজ মুছাৰফৰ ওপৰত মন্তব্য দিছে। সাৱধানতাৰে সমীকৰণটো পঢ়া আৰু কাৰ্টুনটোৱে দেখুওৱা বাৰ্তা লিখা।
উত্তৰঃ ১৯৯৯ চনত জেনেৰেল পাৰভেজ মুছাৰফে এক সামৰিক অভ্যুত্থানৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফৰ নেতৃত্বাধীন অসামৰিক চৰকাৰখনৰ পৰা দেশৰ ক্ষমতা দখল কৰি লয়। তেওঁ জনসাধাৰণৰ মাজত নিজকে গ্ৰহণযোগ্য কৰি তুলিবলৈ নিজৰ সামৰিক পদবী ত্যাগ নকৰাকৈয়ে ২০০১ চনত নিজেই পাকিস্তানৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। আমি যদি এই পৰিস্থিতিসমূহৰ পটভূমিত ওপৰৰ সমীকৰণটো বিশ্লেষণ কৰোঁ, তেতিয়াহ’লে আমি ক’ব পাৰোঁ যে যেতিয়া তেওঁ এজন সামৰিক প্ৰধানৰ তুলনাত অধিকভাৱে এজন অসামৰিক শাসক হিচাপে কাৰ্য কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া তেওঁ বিশেষ কৃতকাৰ্য হোৱা নাছিল। তেওঁ যেতিয়া অসামৰিক শাসকতকৈ সামৰিক প্ৰধান হিচাপে কাম কৰিছিল, তেতিয়াহে তেওঁ কিছু সফলতা লাভ কৰাৰ লগতে ভাল প্ৰদৰ্শন কৰিব পাৰিছিল। অৱশ্যে যেতিয়া তেওঁ দুয়োটা ভূমিকাকে একেলগে পালন কৰি আগবাঢ়িছিল, তেতিয়া তেওঁ অধিক গ্ৰহণযোগ্য হৈ উঠাৰ লগতে অধিক কাৰ্য সিদ্ধি কৰিবলৈ সক্ষম হৈ উঠিছিল।
(পাঠসংলগ্ন প্ৰশ্ন; পৃষ্ঠা নং ৭১)
১। বাংলাদেশীৰ গ্ৰামীণ বেংকৰ সম্পৰ্কে অধিক জানো আহাঁ। ভাৰতবৰ্ষত দৰিদ্ৰতা কমোৱাৰ কাৰণে আমি এই ব্যৱহাৰ কৰা ধাৰণাবোৰ কামত লগাব পাৰো নেকি?
উত্তৰঃ গ্ৰামীণ বেংকৰ ধাৰণাটো মহম্মদ ইউনুছ নামৰ এজন সাধাৰণ বাংলাদেশী নাগৰিকে সৃষ্টি কৰিছিল। যেতিয়া তেওঁ উপলব্ধি কৰিছিল যে দুখীয়া জনসাধাৰণে তেওঁলোকৰ বিভিন্ন প্ৰয়োজনৰ বাবে বেংক বা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পৰা ঋণ লাভ নকৰে, তেতিয়া তেওঁ নিজৰ দ্বাৰা সৃষ্ট বেংক এটাত দুখীয়া লোকসকলৰ পৰা নিয়মীয়াকৈ ক্ষুদ্ৰ ক্ষুদ্ৰ পৰিমাণৰ ধন সংগ্ৰহ কৰি তথা সেইবোৰ জমা কৰাৰ দ্বাৰা ক্ষুদ্ৰ বিত্তীয় লেন-দেনৰ ধাৰণাটোৰ বিকাশ সাধন কৰিছিল। এই বেংকটো পিছলৈ গ্ৰামীণ বেংক বুলি পৰিচিত হ’ল। ১৯৮৩ চনৰ ১ অক্টোবৰত ইয়াৰ শুভাৰম্ভ হৈছিল। মহম্মদ ইউনুছে কৃষক, গৃহিণী, সৰু সৰু দোকানী, মাছমৰীয়া আদিৰ দৰে সাধাৰণ লোকৰপৰা ক্ষুদ্ৰ পৰিমাণৰ জমাধন সংগ্ৰহ কৰি তেওঁৰ বেংকত জমা ৰাখিছিল। এইটোৱে বাংলাদেশৰ গ্ৰাম্য লোকসকলৰ মনত ধন সঞ্চয় কৰাৰ প্ৰেৰণা গঢ়ি তুলিছিল। ২০০৭ চনৰ জুলাই মাহলৈকে এই বেংকটোৱে ৭.৪ নিযুত ঋণ গ্ৰহণকাৰীৰ মাজত প্ৰায় ৬.৩৮ বিলিয়ন ডলাৰ ধন বিতৰণ কৰিবলৈ সক্ষম হৈছিল। অতি কম সময়ৰ ভিতৰতে মহম্মদ ইউনুছে আৰম্ভ কৰা এই ধাৰণাটো ৰাষ্ট্ৰীয় আন্দোলনত পৰিণত হৈছিল। এই পদক্ষেপে যথেষ্ট পৰিমাণে গ্ৰাম্য দৰিদ্ৰতা হ্ৰাস কৰিছিল। তেওঁ সৃষ্টি কৰা ক্ষুদ্ৰ বিত্তীয় সাহায্য তথা ক্ষুদ্ৰ লেন-দেনৰ ধাৰণাটোক গ্ৰাম্য দৰিদ্ৰতা হ্ৰাসকৰণৰ এটা কাৰ্যকৰী অৰ্থনৈতিক সমাধান হিচাপে গ্ৰহণ কৰি লোৱা হ’ল। ২০০৬ চনত মহম্মদ ইউনুছ আৰু তেওঁৰ গ্ৰামীণ বেংকক বাংলাদেশৰ দুখীয়া জনসাধাৰণৰ বাবে তেওঁলোকে কৰা মহান কাৰ্যৰ বাবে ন’বেল বঁটাৰে সন্মানিত কৰা হয়। বৰ্তমান কেইখনমান উন্নত দেশকে ধৰি বিশ্বৰ প্ৰায় ১০০ খনৰো অধিক দেশে মহম্মদ ইউনুছৰ দ্বাৰা আৰম্ভ কৰা এই ব্যৱস্থাটো অনুসৰণ কৰে। ভাৰতে নিশ্চিতকৈ এই উদাহৰণটো অনুসৰণ কৰিব পাৰে। ভাৰতৰ গ্ৰাম্য অঞ্চলত ক্ষুদ্ৰ বিত্তীয় লেন-দেনৰ কিছুমান ব্যৱস্থা আছে যদিও সেইবোৰ মহম্মদ ইউনুছে আৰম্ভ কৰা পদ্ধতিটোৰ দৰে ইমান ফলপ্ৰসূ বা উত্তম ধৰণৰ নহয়।
(পাঠসংলগ্ন প্ৰশ্ন; পৃষ্ঠা নং ৭৪)
১। সম্পত্তি সংঘাতৰ দৰে কাশ্মীৰ সমস্যাৰ ওপৰত পাকিস্তান আৰু ভাৰতৰ শাসকবৰ্গৰ মাজত আলোচনা। সেই সম্পর্কে কাশ্মীৰীসকলে কি অনুভৱ কৰে?
উত্তৰঃ ১৯৪৭ চনৰ আগষ্টত দেশ বিভাজনৰ লগতে ভাৰত আৰু পাকিস্তানৰ মাজত কাশ্মীৰ বিবাদৰ সূত্ৰপাত হৈছিল। কাশ্মীৰে এটা মুছলমান প্ৰধান অঞ্চল হোৱা স্বত্বেও কাশ্মীৰৰ বাবে অপেক্ষাৰত পাকিস্তানৰ পৰিৱৰ্তে ভাৰতৰ সৈতে যোগদান কৰিছিল বা অন্তৰ্ভুক্ত হৈছিল। এইটোৱে দুয়োখন দেশৰ মাজতে সংঘাতৰ সৃষ্টি কৰিছিল, যেনে— ১৯৪৭-৪৮ চনৰ ভাৰত-পাক যুদ্ধ আৰু ১৯৬৫ চনৰ ভাৰত-পাক যুদ্ধ। এই দুয়োখন যুদ্ধই কাশ্মীৰৰ সমস্যা সমাধান কৰিব নোৱাৰিলে। এই সমস্যাটোৰ নামত দুয়ো পক্ষৰে শত শত সৈন্য আৰু সাধাৰণ লোক নিহত হৈছিল। কাশ্মীৰৰ জনসাধাৰণে প্ৰকৃততে কি বিচাৰে, সেই বিষয়ে আমি সঠিককৈ নাজানো। জনসাধাৰণৰ ইচ্ছা জানিবলৈ হ’লে আমি এক গণভোটৰ ব্যৱস্থা কৰিব লাগিব, যিটো এতিয়ালৈকে কৰা হোৱা নাই।
(পাঠসংলগ্ন প্রশ্ন; পৃষ্ঠা নং ৭৫)
১। এইটো কিয় যে আমাৰ ওচৰ-চুবুৰীয়াৰ প্ৰত্যেকৰে ভাৰতৰ সৈতে একোটা সমস্যা আছে? আমাৰ বৈদেশিক নীতিত কিছুমান ভুল-ত্রুটি আছে নেকি? অথবা এইটো আমাৰ আয়তন নেকি?
উত্তৰঃ এইটো সঁচা কথা যে প্রত্যেকখন ওচৰ-চুবুৰীয়াৰ ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ কিছুমান সমস্যা আছে। এই সমস্যাসমূহ উদ্ভৱ হোৱাৰ কাৰণসমূহ হৈছেঃ
(ক) ভাৰত চৰকাৰে প্ৰদৰ্শন কৰা “জ্যেষ্ঠ ভাতৃসুলভ আচৰণ বা নীতিসমূহ অঞ্চলটোৰ অন্য ৰাষ্ট্ৰসমূহে ভাল নাপায়। দক্ষিণ এছিয়া অঞ্চলৰ অন্য ৰাষ্ট্ৰসমূহেও নিজকে অঞ্চলটোত সমান অংশীদাৰ হিচাপে গণ্য কৰে।
(খ) কেতিয়াবা ভাৰতৰ বৈদেশিক নীতিয়ে এটা এনে অৱস্থান গ্রহণ কৰা দেখা যায় যাৰ দ্বাৰা ই অঞ্চলটোৰ সৰু সৰু ৰাষ্ট্ৰবোৰে ভাৰতীয় স্থিতি তথা দৃষ্টিভংগীৰ সৈতে সহাবস্থান কৰিব বুলি আশা কৰে। ভাৰতৰ ওচৰ-চুবুৰীয়াসকলে এনেধৰণৰ আচৰণ বা নীতিসমূহৰ প্রত্যাশা ভাল নাপায় বা সঁহাৰি নজনায়।
(গ) ভাৰতৰ ভৌগোলিক আকাৰ তথা ভাৰতীয় অর্থনীতিৰ শক্তিৰ বাবেও ভাৰতৰ ওচৰ-চুবুৰীয়াসকল শংকিত হয়। তেওঁলোকে ভাৰতৰ প্ৰভাৱশালী অৱস্থাটোক ভয় কৰে।
(ঘ) বৰ্তমান ভাৰতৰ নিজৰ চুবুৰীয়া দেশসমূহৰ সৈতে থকা প্ৰায়বোৰ সীমান্ত সমস্যা ঐতিহাসিক ঘটনাসমূহৰ দ্বাৰা সৃষ্টি হৈছিল। ভাৰতৰ পূৰ্বৰ শাসকসকলৰ দ্বাৰা নিৰ্ধাৰণ কৰা সীমাৰ বাবেই এই সমস্যাসমূহৰ উদ্ভৱ হৈছিল।
গতিকে শেষত আমি ক’ব পাৰোঁ যে ভাৰতৰ বৈদেশিক নীতিত কোনো ভুল-ত্রুটি নাই। অৱশ্যে ভাৰতৰ বৈদেশিক নীতিয়ে কেতিয়াবা নিজকে অঞ্চলটোৰ বিষয়সমূহ নিয়ন্ত্রণ কৰিবলৈ বিচৰা শক্তিৰ দৰে ধাৰণা উৎপন্ন কৰে।
(পাঠসংলগ্ন প্রশ্ন; পৃষ্ঠা নং ৭৭)
১। এই কার্টুনটোৱে দক্ষিণ এছিয়াত আঞ্চলিক সহযোগিতাৰ ক্ষেত্ৰত ভাৰত আৰু পাকিস্তানৰ ভূমিকা সম্পর্কে তোমাক কি কৈছে?
উত্তৰঃ ভাৰত আৰু পাকিস্তান হৈছে দক্ষিণ এছিয়াৰ দুখন প্রধান দেশ। দুয়োখন শক্তিশালী আণবিক ক্ষমতাসম্পন্ন দেশৰ মাজত থকা সংঘর্ষ তথা বিবাদসমূহে প্রায়ে দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত অনুষ্ঠিত যিকোনো বৈঠকতে আলোচনাৰ প্ৰধান বিষয়ত পৰিণত হৈ আহিছে। দুয়োখন দেশৰে প্ৰতিদ্বন্দ্বিতাৰ ফলস্বৰূপে দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত অর্থনৈতিক, সামাজিক তথা সাংস্কৃতিক সহযোগিতা গঢ়ি উঠাটো জটিল হৈ পৰিছে। সৰু সৰু ৰাষ্ট্ৰসমূহৰ সমস্যাসমূহৰ বিষয়ে যিকোনো আঞ্চলিক আলাপ-আলোচনাত কেতিয়াবাহে স্থান লাভ কৰে। দক্ষিণ এছিয়া অঞ্চলৰ প্ৰায়বোৰ সম্মিলনতে এই দুটা শক্তিহে প্রধানকৈ প্ৰভাৱ বিস্তাৰ কৰে। ইয়াৰ পৰিণতিস্বৰূপে অন্য অঞ্চলসমূহৰ দৰে দক্ষিণ এছিয়াত আঞ্চলিক সহযোগিতাৰ ক্ৰমবিকাশ ঘটা নাই।
(পাঠসংলগ্ন প্রশ্ন; পৃষ্ঠা নং ৭৮)
১। দুটা কার্টুনে, এটা ভাৰতৰ পৰা আৰু আনটো পাকিস্তানৰ পৰা, দুজন প্রধান খেলুৱৈক নিয়ম সম্পর্কে বুজাইছে। যিসকল অঞ্চলৰ কাৰণে মনোযোগী? তুমি মন কৰিছানে তেওঁলোকৰ মাজত যিকোনো সাধাৰণ মানুহৰ অবিকল দৃশ্য?
উত্তৰঃ দক্ষিণ এছিয়াৰ প্ৰতি আগ্ৰহী এই দুই খেলুৱৈ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীন। এই দুয়োখন দেশেই দক্ষিণ এছিয়াৰ বিষয়ত সক্রিয় আগ্রহ প্রকাশ কৰে। এই দুয়োজন খেলুৱৈৰ মাজত থকা সাদৃশ্য এয়ে যে আমেৰিকা আৰু চীন দুয়োটা শক্তিয়ে ভাৰতৰ বিৰুদ্ধে মুকলিকৈ অবস্থান গ্রহণ নকৰি ভাৰতৰ বিৰুদ্ধে পাকিস্তানক কিস্তি মাৎকাৰী বা আঁচনি ব্যর্থতাকাৰী হিচাপে ব্যৱহাৰ কৰিছে। তেওঁলোকে ভাৰতৰ উত্থান হৈ অহা শক্তিক নিয়ন্ত্রণহীন কৰিবলৈ বা স্তব্ধ কৰিবলৈ পাকিস্তানক সকলোধৰণৰ সহায় আগবঢ়াই আহিছে। অন্য এটা সাদৃশ্য এয়ে যে আমেৰিকা আৰু চীন দুয়োখন দেশৰে ভাৰতৰ সৈতেও যথেষ্ট বন্ধুত্বপূর্ণ সম্পর্ক আছে যদিও দুয়োখন দেশৰে ভাৰতৰ সৈতে থকা এই বন্ধুত্বৰ গভীৰতা পাকিস্তানৰ সৈতে থকা বন্ধুত্বৰ গভীৰতাৰ তুলনাত কম।
পাঠভিত্তিক অনুশীলনী (পাঠ্যপুথিৰ পৃষ্ঠা নং ৭৯-৮০)
- দেশ চিনাক্ত কৰাঃ
১। (ক) সংগ্রাম প্রাক্-ৰাজতন্ত্র, প্রাক্-গণতান্ত্রিক দল আৰু চৰমপন্থীসকলে সৃষ্টি কৰা অস্থিৰ ৰাজনৈতিক পৰিৱেশৰ মাজত।
উত্তৰঃ নেপাল
(খ) বহুদলীয় প্রতিযোগিতাৰ সৈতে এখন দেশ।
উত্তৰঃ নেপাল
(গ) দক্ষিণ এছিয়াৰ প্ৰথমখন দেশ যি নিজৰ অর্থনৈতিক দিশত স্বাধীন।
উত্তৰঃ শ্রীলংকা
(ঘ) সামৰিক আৰু প্ৰাক্-গণতান্ত্রিক দলৰ মাজৰ সংঘাতত গণতন্ত্ৰৰ ওপৰত সামৰিক শাসনে কৃতকার্যতা লাভ কৰিলে।
উত্তৰঃ ম্যানমাৰ
(ঙ) কেন্দ্রীয়ভাৱে অৱস্থিত আৰু বহুতো দক্ষিণ এছিয়াৰ দেশসমূহৰ চাৰিসীমাৰ সৈতে জড়িত।
উত্তৰঃ ভাৰত
(চ) এখন ৰাষ্ট্ৰৰ মুৰব্বীৰ দৰে আগতে দ্বীপটোত এজন চুলতান আছিল। এতিয়াই এখন গণৰাজ্য।
উত্তৰঃ মালদ্বীপ
(ছ) গাঁও অঞ্চলত সৰু সঞ্চয় আৰু ধাৰে দিয়া কাম লগলাগি কৰাত ই দৰিদ্ৰতা নির্মূল কৰাত সহায় কৰিছে।
উত্তৰঃ বাংলাদেশ
(জ) বাজতন্ত্রৰ সৈতে এখন দেশ।
উত্তৰঃ ভুটান
২। দক্ষিণ এছিয়াৰ সম্পৰ্কত তলত দিয়া উক্তিসমূহৰ ভিতৰত কোনটো অশুদ্ধ?
(ক) দক্ষিণ এছিয়াৰ সকলোবোৰ দেশেই গণতান্ত্রিক।
(খ) নদীৰ পানী ভাগ বটোবাৰাৰ বাবে বাংলাদেশ আৰু ভাৰতে এখন চুক্তিত চহী কৰিছিল।
(গ) ইছলামাবাদত অনুষ্ঠিত হোৱা ১২তম ছার্ক (SAARC) সন্মিলনত (SAFTA) চহী হৈছিল।
(ঘ) দক্ষিণ এছিয়াৰ ৰাজনীতিত যুক্তৰাষ্ট্ৰ আৰু চীনদেশে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
উত্তৰঃ (ক) দক্ষিণ এছিয়াৰ সকলোবোৰ দেশেই গণতান্ত্রিক।
৩। বাংলাদেশ আৰু পাকিস্তানৰ মাজত তেওঁলোকৰ গণতান্ত্রিক অভিজ্ঞতাৰ ক্ষেত্ৰত কি কিছুমান মিল আৰু পার্থক্য আছে?
উত্তৰঃ যেতিয়া আমি বাংলাদেশ আৰু পাকিস্তানৰ গণতান্ত্ৰিক অভিজ্ঞতাৰ বিষয়ে আলোচনা কৰোঁ, তেতিয়া আমি তলত উল্লেখ কৰা সাদৃশ্য আৰু পাৰ্থক্যসমূহ দেখিবলৈ পাওঁ:
(ক) পাকিস্তানত গণতন্ত্ৰ আৰু সামৰিক শাসনৰ পৰিক্ৰমা: পাকিস্তানৰ সংবিধান প্ৰণয়নৰ পাছতেই জেনেৰেল আয়ুব খানে দেশখনৰ শাসন ব্যৱস্থা নিজৰ অধীনলৈ আনে আৰু পাছলৈ তেওঁ ৰাষ্ট্ৰপতি হয়। ইয়াৰ পিছত অন্য এজন সামৰিক মুৰব্বী য়াহয়া খানে দেশৰ শাসন ক্ষমতা দখল কৰে। য়াহয়া খানৰ শাসনকালতে ১৯৭১ চনত ভাৰত-পাক যুদ্ধ আৰম্ভ হৈছিল, যাৰ ফলস্বৰূপে পাকিস্তানৰ পৰা পূব পাকিস্তান পৃথক হৈ ১৯৭১ চনৰ ডিচেম্বৰ মাহত বাংলাদেশ নামৰ এখন নতুন ৰাষ্ট্ৰৰ জন্ম হৈছিল। ১৯৭১ চনৰ যুদ্ধৰ পাছত পাকিস্তানত পুনৰ গণতন্ত্ৰৰ প্ৰতিষ্ঠা হৈছিল আৰু জুলফিকৰ আলী ভুট্টো দেশৰ প্ৰধানমন্ত্ৰী হৈছিল। তেওঁ ১৯৭১ চনৰ পৰা ১৯৭৭ চনলৈ দেশ শাসন কৰিছিল। ১৯৭৭ চনত দেশখনৰ শাসনভাৰ আকৌ এবাৰ সামৰিক নিয়ন্ত্ৰণাধীন হৈছিল। এইবাৰ জিয়াউল হক নামৰ এজন সামৰিক প্ৰধানে এক সামৰিক অভ্যুত্থানৰ জৰিয়তে দেশৰ শাসন ক্ষমতা হস্তগত কৰিছিল। তেওঁ ১৯৮৮ চনলৈ দেশ শাসন কৰিছিল। ১৯৮৮ চনত বেনাজিৰ ভুট্টোৰ নেতৃত্বত পাকিস্তানত পুনৰ গণতন্ত্ৰৰ প্ৰতিষ্ঠা হৈছিল। পৰৱৰ্তী সময়ত নৱাজ শ্বৰিফে এই গণতান্ত্ৰিক চৰকাৰখনক নেতৃত্ব দিছিল। অৱশ্যে, ১৯৯৯ চনত জেনেৰেল পাৰভেজ মুছাৰফে পাকিস্তানৰ এই অসামৰিক চৰকাৰখনক বৰ্খাস্ত কৰে আৰু নিজে দেশখনৰ শাসক হয়। তেওঁ ২০০৮ চনলৈ দেশখনৰ শাসন নিয়ন্ত্ৰণ কৰিছিল। তেওঁ ২০০৮ চনত দেশৰ জনসাধাৰণৰ হেঁচাত ক্ষমতা ত্যাগ কৰিবলৈ বাধ্য হয়। তেতিয়াৰে পৰা দেশখনত গণতান্ত্ৰিক শাসন ব্যৱস্থা চলি আছে। এইদৰে পাকিস্তানে গণতন্ত্ৰ আৰু সামৰিক শাসন উভয়ৰে অভিজ্ঞতা লাভ কৰিছে।
(খ) বাংলাদেশত গণতন্ত্ৰ আৰু সামৰিক শাসনৰ পৰিক্ৰমা: ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ ফলত ১৯৭১ চনৰ ডিচেম্বৰ মাহত বাংলাদেশৰ জন্ম হৈছিল। দেশখনৰ স্বাধীনতা আন্দোলনত নেতৃত্ব দিয়া শ্বেখ মুজিবৰ ৰহমান দেশখনৰ প্ৰথম প্ৰধানমন্ত্ৰী হৈছিল। দেশখনক সংসদীয় চৰকাৰ পদ্ধতিৰ পৰা ৰাষ্ট্ৰপতীয় চৰকাৰ পদ্ধতিলৈ ৰূপান্তৰিত কৰিবলৈ ১৯৭৫ চনত বাংলাদেশৰ সংবিধানখন সংশোধন কৰা হৈছিল। শ্বেখ মুজিবৰ ৰহমানে কিছু সময় পূৰ্বে প্ৰতিষ্ঠা হোৱা তেওঁৰ নিজৰ দল ‘আৱামী লীগ’ৰ বাহিৰে দেশত আন সকলোবোৰ দলৰ বিলুপ্তি ঘটাইছিল। চৰকাৰৰ এনে নীতিৰ বিৰুদ্ধে দেশজুৰি ব্যাপক প্ৰতিবাদ আৰু জনসাধাৰণৰ আন্দোলনৰ সৃষ্টি হৈছিল। ১৯৭৫ চনৰ আগষ্ট মাহত এনে পৰিস্থিতিৰ মাজতে এক সামৰিক আন্দোলনত শ্বেখ মুজিবৰক হত্যা কৰা হয়। পৰৱৰ্তী সময়ত জিয়াউৰ ৰহমানৰ নেতৃত্বত বাংলাদেশত এক সামৰিক শাসনৰ সূচনা হৈছিল। তেওঁ ‘বাংলাদেশ নেচনেল পাৰ্টি’ নামেৰে এটা দল গঠন কৰিছিল আৰু ১৯৭৯ চনৰ নিৰ্বাচনত জয়ী হৈ তেওঁৰ শাসনক বৈধ ৰূপ দিবলৈ চেষ্টা কৰিছিল। অৱশ্যে তেওঁক অন্য এক সামৰিক আন্দোলনত হত্যা কৰা হয় আৰু জেনেৰেল এইচ. এম. এৰছাদ বাংলাদেশৰ নতুন সামৰিক শাসক হিচাপে অধিষ্ঠিত হয়। জনগণৰ ব্যাপক প্ৰতিবাদৰ ফলত ১৯৯০ চনত এইচ. এম. এৰছাদে ক্ষমতা ত্যাগ কৰিবলৈ বাধ্য হয় আৰু তেতিয়াৰে পৰা দেশখনত গণতন্ত্ৰ প্ৰচলিত হৈ আছে। এইদৰে বাংলাদেশেও গণতন্ত্ৰ আৰু সামৰিক শাসন উভয়ৰে অভিজ্ঞতা লাভ কৰিছে।
৪। নেপালৰ গণতন্ত্ৰৰ প্ৰতি তিনিটা প্ৰত্যাহ্বান তালিকা কৰা।
উত্তৰঃ নেপালত ১৯৯০ চনৰ পৰাই গণতান্ত্ৰিক আন্দোলন আৰম্ভ হৈছিল, যেতিয়াৰ পৰা তাৰ জনসাধাৰণে দেশত গণতন্ত্ৰৰ বাবে দাবী উত্থাপন কৰিছিল। জনগণৰ আন্দোলনৰ ফলস্বৰূপে নেপালৰ ৰজাই দেশত এখন গণতান্ত্ৰিক সংবিধানৰ দাবী মানি লৈছিল। ইয়াৰ পিছতে নেপালত এখন সংসদ গঠন কৰি দেশখনত এখন সাংবিধানিক ৰাজতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল। অৱশ্যে, ২০০২ চনত নেপালৰ ৰজা জ্ঞানেন্দ্ৰই সংসদ ভংগ কৰি জনসাধাৰণৰ চৰকাৰক প্ৰদান কৰা সকলো ক্ষমতা ওভতাই লোৱাত নেপালত থকা সীমিত গণতন্ত্ৰৰো অৱসান হৈছিল। যিয়েই নহওক, ২০০৬ চনৰ এপ্ৰিল মাহত, নেপালৰ জনসাধাৰণে পুনৰ এবাৰ দেশজুৰি গণতন্ত্ৰৰ সমৰ্থনত আন্দোলন আৰম্ভ কৰিছিল, যাৰ ফলস্বৰূপে ৰজাই নেপালত পুনৰ গণতান্ত্ৰিক শাসন প্ৰতিষ্ঠা কৰিবলৈ বাধ্য হৈছিল। নেপালত হোৱা এই জনপ্ৰিয় আন্দোলনৰ নেতৃত্ব দিছিল সাতদলীয় মিত্ৰজোঁট (Seven Party Alliance, SPA), মাওবাদী আৰু সমাজকৰ্মীসকলে। শেহতীয়াকৈ নেপালৰ গণতন্ত্ৰই সন্মুখীন হোৱা তিনিটা প্ৰত্যাহ্বান হৈছে:
(ক) নেপালৰ গণতন্ত্ৰই সন্মুখীন হোৱা প্ৰথম প্ৰত্যাহ্বানটো হৈছে যে নেপালে বৰ্তমান দেশখনৰ বাবে এখন নতুন সংবিধান প্ৰস্তুত কৰাৰ উদ্দেশ্যে এখন সংবিধান প্ৰণয়ন সভা গঠন কৰিবলৈ গৈ আছে। কিন্তু এই বিষয়ত বিভিন্ন ৰাজনৈতিক দলৰ দৃষ্টিভংগী আৰু মতামত ভিন্ন হোৱা দেখা গৈছে।
(খ) নতুন সংবিধানখনৰ কেইবাটাও কেন্দ্ৰীয় বিষয়কলৈও দৃষ্টিভংগী আৰু মতামতসমূহ ভিন্ন হোৱা দেখা যায়। কিছুমান লোকে নেপালত সীমিত ৰাজতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা হোৱাটো বিচৰাৰ বিপৰীতে মাওবাদীসকলে দেশখনত কিছুমান সামাজিক সংস্কাৰ আৰু অৰ্থনৈতিক পুনৰনিৰ্মাণ হোৱাটো বিচাৰে। আনহাতে বেছিভাগ ৰাজনৈতিক দলেই নতুন সংবিধানখনত বহুদলীয় ব্যৱস্থা, মুক্ত নিৰ্বাচন, সংসদৰ সৰ্বোচ্চ ক্ষমতা আদিৰ দৰে প্ৰকৃত গণতান্ত্ৰিক প্ৰথাসমূহ অন্তৰ্ভুক্ত হোৱাটো বিচাৰে।
(গ) এক দীঘলীয়া সময় ধৰি মাওবাদীসকলে চৰকাৰী বাহিনীৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম চলাই আহিছিল। বৰ্তমান তেওঁলোকে নিজৰ অস্ত্ৰ ত্যাগ কৰি মূল সুঁতিলৈ ঘূৰি আহি দেশৰ মূল ৰাজনীতিত যোগদান কৰিছে। মাওবাদীসকলে তেওঁলোকৰ সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰাৰ ক্ষেত্ৰত উত্থাপন কৰা এটা প্ৰধান দাবী আছিল যে তেওঁলোকৰ কেডাৰসকলক দেশৰ সামৰিক বাহিনীত অন্তৰ্ভুক্ত কৰিব লাগিব। কিন্তু এই চৰ্তটো সম্পূৰ্ণৰূপে পূৰণ কৰা হোৱা নাই আৰু এইক্ষেত্ৰত বৰ্তমান চৰকাৰৰ দ্বাৰা প্ৰদৰ্শন কৰা উদাসীনতাই পূৰ্বৰ সশস্ত্ৰ সংগ্ৰামীসকলৰ মাজত যথেষ্ট অসন্তুষ্টিৰ সৃষ্টি কৰিছে, যিটো নেপালত গণতন্ত্ৰৰ প্ৰতি এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।
৫। শ্রীলংকাৰ জাতীয় সংঘাতত ভূমিকা লোৱা প্ৰধান ব্যক্তিসকলৰ নাম লিখা। সেই বিবাদটোৰ ক্ষেত্ৰত লোৱা প্ৰস্তাৱসমূহৰ সম্পৰ্কত তুমি কিদৰে নিৰূপণ কৰিবা।
উত্তৰঃ শ্ৰীলংকাৰ গোষ্ঠীভিত্তিক সংঘাতত শ্ৰীলংকাৰ চৰকাৰ, তামিল জনসাধাৰণ আৰু ভাৰত চৰকাৰ জড়িত আছিল। শ্ৰীলংকাৰ জনসংখ্যা সিংহলী আৰু তামিল লোকেৰে গঠিত। শ্ৰীলংকাত সিংহলী সম্প্ৰদায়টো সংখ্যাগৰিষ্ঠ হোৱাৰ বাবে দেশখনৰ ৰাজনৈতিক, প্ৰশাসনিক আৰু সামৰিক ক্ষমতা তেওঁলোকৰ হাতত আছিল। সিংহলীসকলৰ দমনমূলক ভূমিকাৰ ফলত তামিলসকলে তাত বিভিন্ন ধৰণৰ উৎপীড়ন আৰু দুৰ্ভোগ ভুগিবলগীয়া হৈছিল। দেশখনত তামিলসকলে সিংহলীসকলৰ দৰে স্বাধীনতা বা সম্পূৰ্ণ অধিকাৰ ভোগ কৰিব পৰা নাছিল। তামিলসকলৰ প্ৰতি কৰা এই অৱজ্ঞাই তামিল সশস্ত্ৰ জাতীয়তাবাদৰ জন্ম দিছিল। ১৯৮৩ চনৰ পৰা এল টি টি ই (LTTE) নামৰ এটা সশস্ত্ৰ সংগঠনে শ্ৰীলংকাত তামিলসকলৰ অধিকাৰৰ বাবে সংগ্ৰাম চলাই আহিছে। তেওঁলোকে তামিলসকলৰ বাবে “তামিল ইলাম” নামেৰে শ্ৰীলংকাত এখন পৃথক ৰাষ্ট্ৰ গঠন হোৱাটো বিচাৰে। ভেল্লুপিল্লাই প্ৰভাকৰণৰ নেতৃত্বত এল টি টি ইয়ে কেইবাবছৰ ধৰি শ্ৰীলংকাৰ চৰকাৰৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম চলাই আহিছে। ভাৰতৰ তামিলনাডুত থকা তামিলসকলৰ হেঁচাৰ বাবে শ্ৰীলংকাত চলি থকা গোষ্ঠীভিত্তিক সংঘাতত ভাৰত চৰকাৰেও হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছিল। ভাৰত চৰকাৰে শ্ৰীলংকাত থকা তামিলসকলক অধিক স্বাধীনতা প্ৰদান কৰিবলৈ শ্ৰীলংকাৰ চৰকাৰৰ সৈতে আলোচনা কৰাৰ লগতে শ্ৰীলংকাৰ নিৰাপত্তা বাহিনী আৰু তামিল উগ্ৰপন্থীসকলৰ মাজৰ শত্ৰুতাৰ অৱসান ঘটাবলৈ শ্ৰীলংকাৰ চৰকাৰৰ সৈতে এখন শান্তিচুক্তি স্বাক্ষৰ কৰিছিল। এই চুক্তিখনৰ চৰ্ত অনুসৰি উগ্ৰপন্থীসকলে ভাৰতৰ তত্ত্বাৱধানত তেওঁলোকৰ অস্ত্ৰ ত্যাগ কৰিব লাগিব। এই উদ্দেশ্যে ১৯৮৭ চনত ভাৰতে শ্ৰীলংকালৈ এটা ভাৰতীয় শান্তিৰক্ষক বাহিনী প্ৰেৰণ কৰিছিল। কিন্তু এল টি টি ইৰ কেডাৰসকলে তেওঁলোকৰ অস্ত্ৰ ত্যাগ কৰিবলৈ সন্মত হোৱা নাছিল, বৰঞ্চ তেওঁলোকে ভাৰতীয় বাহিনীৰ বিৰুদ্ধেহে যুদ্ধ আৰম্ভ কৰিছিল, যাৰ ফলত বহুতো ভাৰতীয় সেনা আৰু এল টি টি ই উগ্ৰপন্থীৰ মৃত্যু হৈছিল।
চৰকাৰী বাহিনীৰ বিৰুদ্ধে এল টি টি ই সংগঠনটোৰ দ্বাৰা চলোৱা সশস্ত্ৰ সংগ্ৰাম কঠোৰভাৱে দমন কৰা হৈছিল আৰু অৱশেষত চৰকাৰী বাহিনীয়ে সম্পূৰ্ণৰূপে এল টি টি ই বাহিনীক পৰাজিত কৰিবলৈ সক্ষম হৈছিল। এল টি টি ইৰ কাৰ্যকলাপৰ সামৰণিৰ লগে লগে দেশখনত নৃগোষ্ঠীয় বা গোষ্ঠীভিত্তিক সমস্যাও সমাধান হোৱা যেন ধাৰণা হয়। অৱশ্যে, শ্ৰীলংকাৰ চৰকাৰৰ দ্বাৰা আগবঢ়োৱা পুনৰ্বাসন ব্যৱস্থাই তামিলসকলক তেওঁলোকৰ অঞ্চলত সম্পূৰ্ণ স্বাধীনতা বা নিজৰ চৰকাৰ গঠন কৰাৰ সুবিধা প্ৰদান কৰা নাছিল, যিটো তামিলসকলে আশা কৰিছিল। তেওঁলোকক কিছু পৰিমাণে স্বতন্ত্ৰতা প্ৰদান কৰা হৈছিল যদিও সেয়া সম্পূৰ্ণ নাছিল। আন্তৰ্জাতিক গোষ্ঠীসমূহে শ্ৰীলংকাক তামিল অধ্যুষিত অঞ্চলসমূহত তামিলসকলক অধিক স্বায়ত্তশাসন বা স্বতন্ত্ৰতা প্ৰদান কৰিবলৈ হেঁচা প্ৰয়োগ কৰিব পাৰে, যাৰ জৰিয়তে তামিলসকলৰ মাজত অন্য এক সম্ভাৱ্য জাতীয়তাবাদী আন্দোলন গঢ়ি উঠাত বাধা দিব পাৰিব।
৬। ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা কিছুমান নতুন চুক্তি উল্লেখ কৰা। আমি খাটাং হ’ব পাৰোনে যে এটা বন্ধুত্বপূর্ণ সম্পর্ক গঢ়াৰ ক্ষেত্ৰত দুয়োখন দেশেই নিজৰ নিজৰ দিশত ভাল?
উত্তৰঃ শেহতীয়াকৈ ভাৰত-পাক সম্পৰ্ক কিছুপৰিমাণে উন্নত হৈছে। এই পৰিৱৰ্তনসমূহ অনা কিছুমান ব্যৱস্থা হৈছে:
(ক) দুয়োখন দেশেই যুদ্ধৰ দ্বাৰা হোৱা ক্ষতিৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ বহুতো বিশ্বাস সৃষ্টিৰ পদক্ষেপ গ্ৰহণ কৰিছিল।
(খ) দুয়োখন দেশৰ জনসাধাৰণৰ মাজত পূৰ্বতকৈ অধিক যোগাযোগ আৰু আদান-প্ৰদান হোৱা।
(গ) দুয়োখন দেশৰে সমাজকৰ্মী আৰু প্ৰমুখ নেতাসকলৰ দ্বাৰা দুয়োখন দেশৰে জনসাধাৰণৰ মাজত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিবলৈ কৰা বিভিন্ন প্ৰচেষ্টাসমূহ।
(ঘ) দুয়োখন দেশৰ মাজত থকা প্ৰধান সমস্যাসমূহৰ সমাধানৰ বাবে দুয়োখন দেশৰে নেতাসকলৰ দ্বাৰা কেইবাখনো সন্মিলন অনুষ্ঠিত কৰা হয়।
(ঙ) দুয়োখন দেশৰ মাজত কেইবাটাও ঘাইপথ মুকলি কৰি বাছ চলাচলৰ ব্যৱস্থা কৰা হয়।
(চ) দুয়োখন দেশৰে পঞ্জাৱ প্ৰদেশৰ মাজত তুলনামূলকভাৱে ব্যৱসায়-বাণিজ্য বৃদ্ধি কৰা হয়।
(ছ) পূৰ্বতকৈ বৰ্তমান অধিক সহজতে ভিছা প্ৰদান কৰা হয়।
(জ) ২০০৫ চনৰ ৬ আগষ্টত ভাৰত-পাকিস্তানে নিজ নিজ দেশত বিমানেৰে সম্পন্ন হ’বলগীয়া ক্ষেপণাস্ত্ৰৰ উৰণ পৰীক্ষণৰ পূৰ্ব-জাননী দিয়াৰ এক বুজাবুজিত উপনীত হয়।
(ঝ) ২০০৫ চনৰ নৱেম্বৰত ভাৰতৰ দ্বাৰা পাকিস্তানৰ উত্তৰ অংশত হোৱা ভূমিকম্পত ক্ষতিগ্ৰস্তসকলক যথেষ্ট সাহায্য সামগ্ৰী যোগান ধৰা হয়।
(ঞ) ২০০৪ চনৰ ফেব্ৰুৱাৰীত ভাৰত আৰু পাকিস্তানে দুয়োখন দেশৰ মাজত আকৌ এবাৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলৰ আলোচনা আৰম্ভ কৰে। এই আলোচনা পৰৱৰ্তী সময়ত দেশৰ বৈদেশিক মন্ত্ৰীৰ পৰ্যায়ত আৰু তাৰপিছত প্ৰধানমন্ত্ৰীৰ পৰ্যায়ত অনুষ্ঠিত হ’ব বুলি আশা কৰা হয়।
যদিও পাকিস্তানৰ অধিক সংখ্যকেই ভাৰতৰ সৈতে শান্তি বিচাৰে, তথাপি পাকিস্তানৰ কিছুমান প্ৰভাৱশালী ব্যক্তিৰ লগতে পাকিস্তানী সামৰিক বাহিনীয়ে ভাৰতৰ সৈতে পাকিস্তানৰ সকলো সমস্যাৰ সমাধান হোৱাটো নিবিচাৰে। তেওঁলোকে সকলো সময়তে ভাৰত আৰু পাকিস্তানৰ মাজত বিবাদ চলি থকাটো চাব বিচাৰে। ২০০৮ চনৰ ২৬ নৱেম্বৰত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণ, ভাৰতীয় সেনাসকলক শিৰশ্ছেদ কৰা, ভাৰতত গোপনে উগ্ৰপন্থীৰ অনুপ্ৰৱেশ, নিয়ন্ত্ৰণ ৰেখাত যুদ্ধবিৰতি চুক্তি সঘনাই উলংঘন আদিৰ দৰে ঘটনাসমূহে শান্তি স্থাপনৰ প্ৰচেষ্টা ব্যৰ্থ কৰি আহিছে। ভাৰতে শান্তিৰ নামত প্ৰায়বোৰ বিবদমান বিষয়কে আওকাণ কৰি আহিছে যদিও পাকিস্তানে দুয়োখন দেশৰ মাজত এটা ভাল সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত এক সবল স্থিতি গ্ৰহণ কৰা নাই, যাৰ ফলত পাকিস্তান-অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ ঘাটিসমূহ ধ্বংস কৰাত পাকিস্তান আজিও সফল হোৱা নাই। সম্ভৱতঃ এইটোও হ’ব পাৰে যে পাকিস্তানে সন্ত্ৰাসবাদী বা জেহাদীসকলক সমৰ্থন কৰা নিজৰ অৰ্ধশতিকা জুৰি চলি অহা পুৰণি নীতিক কেতিয়াও ত্যাগ কৰিব নোৱাৰিব। সেয়েহে, অদূৰ ভৱিষ্যতে আমি দুয়োখন দেশৰ মাজত এটা সম্পূৰ্ণ শান্তিপূৰ্ণ বাতাৱৰণ আশা কৰিব নোৱাৰোঁ। ভাৰতৰ বিৰুদ্ধে যিকোনো সন্ত্ৰাসবাদী ঘটনা সংঘটিত হ’লেই এতিয়ালৈকে শান্তি স্থাপনৰ প্ৰয়াসত লাভ কৰা সকলো কৃতকাৰ্যতাক বিপথে পৰিচালিত কৰিব পাৰে। গতিকে আমি ক’ব নোৱাৰোঁ যে ভাৰত আৰু পাকিস্তান দুয়োখন দেশেই এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়াৰ ক্ষেত্ৰত সমানে ভাল।
৭। ভাৰত আৰু বাংলাদেশৰ মাজৰ থকা সহযোগিতা আৰু অসহযোগিতা প্রত্যেকৰে দুটাকৈ সীমা উল্লেখ কৰা।
উত্তৰঃ পশ্চিম পাকিস্তানৰ দমনমূলক শাসনৰ পৰা পূব পাকিস্তানক মুক্ত কৰিবলৈ ভাৰতে পূব পাকিস্তানলৈ সামৰিক বাহিনী প্ৰেৰণ কৰিছিল। ইয়াৰ ফলস্বৰূপে ১৯৭১ চনৰ ডিচেম্বৰ মাহত বাংলাদেশ নামৰ নতুন ৰাষ্ট্ৰখন গঠন হৈছিল। যোৱা কেইবাটাও দশকৰ পৰা ভাৰত আৰু বাংলাদেশ উভয়ে নিজৰ সম্পৰ্কৰ ক্ষেত্ৰত বহুতো ভাল-বেয়া দিশৰ সন্মুখীন হৈ আহিছে।
দুয়োখন দেশৰ মাজত থকা সহযোগিতাৰ দিশসমূহ:
(ক) বৰ্তমান সময়ত উত্তৰ-পূব ভাৰতৰ উগ্ৰপন্থীৰ সমস্যাৰ ক্ষেত্ৰত ভাৰত আৰু বাংলাদেশৰ মাজত যথেষ্ট সহযোগিতা দেখা গৈছে। বাংলাদেশে তাত থকা প্ৰায়বোৰ উগ্ৰপন্থী গোটৰ নেতা, বিশেষকৈ আলফাৰ নেতাসকলক ভাৰতৰ হাতত গটাই দিছে। এইটোৱে দুয়োখন দেশৰে সম্পৰ্কক অধিক উন্নত কৰিছে।
(খ) বহুবছৰীয়া অবিশ্বাস আৰু বিবাদৰ পিছত ১৯৯৬ চনৰ ১২ ডিচেম্বৰত ভাৰত আৰু বাংলাদেশে গংগা পানী অংশীদাৰী চুক্তি স্বাক্ষৰিত কৰে।
দুয়োখন দেশৰ মাজত অসহযোগিতা থকা দিশসমূহ হৈছে:
(ক) গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ অংশীদাৰিত্বক লৈ দুয়োখন দেশৰ মাজত হোৱা বিবাদকে ধৰি বহুতো বিষয়ত দুয়োখন দেশৰ মতভেদ আছে।
(খ) বাংলাদেশৰ পৰা ভাৰতলৈ হোৱা অবৈধ অনুপ্ৰৱেশৰ বিষয়টোত বাংলাদেশ ভাৰতৰ সৈতে একমত নহয়।
৮। দক্ষিণ এছিয়াত বন্ধুত্বপূর্ণ সম্পর্ক গঢ়াত বাহিৰা ক্ষমতাই কিদৰে প্ৰেৰণা যোগাইছিল? তোমাৰ যুক্তি প্ৰমাণ কৰাৰ বাবে যিকোনো এটা উদাহৰণ লোৱা।
উত্তৰঃ শীতল যুদ্ধৰ সময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ প্ৰতিদ্বন্দ্বিতা আৰু প্ৰতিযোগিতাৰ ফলত দক্ষিণ এছিয়া অঞ্চলটো সংঘাতৰ উত্তপ্ত ক্ষেত্ৰলৈ পৰিণত হৈছিল। দুয়োখন দেশেই অঞ্চলটোৰ সমস্যাৰ পৰা সুবিধা ল’বলৈ চেষ্টা কৰিছিল। ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ বিভাজনৰ লগে লগে আন্তৰ্জাতিক ৰাজনৈতিক দৃশ্যপটৰ পৰিৱৰ্তন হৈছিল। বৰ্তমান বিশ্ব ৰাজনীতিত কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰইহে একমাত্ৰ মহাশক্তি হিচাপে বৰ্তি আছে। সেয়েহে এই অঞ্চলটোত আমেৰিকা যুক্তৰাষ্ট্ৰইহে নিজৰ প্ৰভাৱ অব্যাহত ৰাখিছে। অৱশ্যে, চীন দেশেও বৰ্তমান এই প্ৰতিযোগিতাত যোগদান কৰিছে। আমেৰিকা আৰু চীনে পাকিস্তানক সমৰ্থন কৰা প্ৰসংগটোৱে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্কৰ মাজত তথা চীন আৰু ভাৰতৰ সম্পৰ্কৰ মাজত প্ৰধান বিৰক্তিদায়কৰ ভূমিকা পালন কৰি আহিছে। আমেৰিকা আৰু চীন দুয়োখন দেশেই অঞ্চলটোত ভাৰতৰ কাৰ্যকলাপক বাধা দিবলৈ পাকিস্তানক ব্যৱহাৰ কৰি আহিছে। ভাৰতীয় সন্ত্ৰাসবাদী সংগঠনসমূহৰ বাবে পাকিস্তান এক প্ৰশিক্ষণ কেন্দ্ৰত পৰিণত হোৱাৰ পাছতো এতিয়ালৈকে আমেৰিকাই পাকিস্তানে সন্ত্ৰাসবাদীসকলক আগবঢ়োৱা সহায়-সহযোগিতা আৰু সুৰক্ষা আদি বন্ধ কৰিবলৈ বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। আমেৰিকাই সদায় পাকিস্তানত সামৰিক শাসকসকলক সমৰ্থন জনাই আহিছে, কিয়নো আমেৰিকাই পাকিস্তানত অসামৰিক শাসকসকলৰ তুলনাত সামৰিক শাসকৰ হাততহে পাৰমাণৱিক বিস্ফোৰকৰ শীৰ্ষসমূহ অধিক সুৰক্ষিত বুলি গণ্য কৰে।
কেতিয়াবা কেতিয়াবা আমেৰিকাই ভাৰত-পাক সম্পৰ্কৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকাও পালন কৰি আহিছে। ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে হোৱা অৰ্থনৈতিক সংস্কাৰ আৰু অৰ্থনৈতিক নীতিৰ প্ৰৱৰ্তনে অঞ্চলটোত আমেৰিকাৰ খোপনিক আৰু অধিক দৃঢ় কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰক অঞ্চলটোৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলাৰ মূলতে দায়ী হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰা বৃহৎ সংখ্যক দক্ষিণ এছীয় মূলৰ প্ৰৱাসী লোকসকলৰ লগতে অঞ্চলটোত উপলব্ধ বিশাল বজাৰ আৰু অঞ্চলটোৰ প্ৰচুৰ অৰ্থনৈতিক সম্ভাৱনীয়তা আদি। পিছত উল্লেখ কৰা উদাহৰণটোৰ পৰা বহিঃশক্তিসমূহৰ প্ৰভাৱৰ বিষয়ে বুজিব পৰা যায়। ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত হোৱা পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলস্বৰূপে ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক একেবাৰে অৱনতি ঘটিছিল। পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধৰ ব্যৱস্থা গ্ৰহণৰ বাবে ভাৰতত এক দাবী উঠিছিল। কিন্তু আমেৰিকাই ভাৰতক জনসাধাৰণৰ মতামতক গুৰুত্ব নিদি দুয়োখন দেশৰ মাজৰ শান্তি-শৃংখলা বজাই ৰাখিবলৈ পৰামৰ্শ দিছিল। আমেৰিকাই দুয়োখন দেশকে তেওঁলোকৰ মাজৰ বিবাদসমূহ সমাধানৰ বাবে আলোচনাৰ মেজলৈ আনিবলৈ চেষ্টা কৰিছিল।
৯। দক্ষিণ এছিয়াৰ দেশসমূহত অর্থনৈতিক সহযোগিতাৰ কাৰণে ছাৰ্কে (SAARC) গ্ৰহণ কৰা ভূমিকা আৰু সীমাবদ্ধতাৰ ওপৰত এটি চমুটোকা লিখা।
উত্তৰঃ দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থা, চমুকৈ ছাৰ্কৰ ১৯৮৫ চনৰ ডিচেম্বৰত প্ৰতিষ্ঠা হৈছিল। ই হ’ল দক্ষিণ এছিয়াৰ আঠখন দেশ— ভূটান, ভাৰত, বাংলাদেশ, মালদ্বীপ, নেপাল, পাকিস্তান, আফগানিস্তান আৰু শ্ৰীলংকাৰে গঠিত এটা আঞ্চলিক সংস্থা। ইয়াৰ প্ৰধান উদ্দেশ্যসমূহ হৈছে:
(ক) দক্ষিণ এছিয়াৰ লোকসকলৰ কল্যাণ সাধন কৰা।
(খ) অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ, সামাজিক উন্নতি আৰু সাংস্কৃতিক বিকাশক ত্বৰান্বিত কৰি তোলা।
(গ) ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত থকা পাৰস্পৰিক নিৰ্ভৰশীলতাক শক্তিশালী কৰা তথা বৃদ্ধি কৰা।
(ঘ) সদস্য ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক বিশ্বাসযোগ্যতা সৃষ্টি কৰাৰ লগতে পূৰ্বতকৈ অধিক বুজাবুজি গঢ়ি তোলা।
এই গোটটোৰ গঠনে দক্ষিণ এছিয়া তথা ছাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত থকা অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰিছে। ছাৰ্কে সমগ্ৰ দক্ষিণ এছিয়াৰ বাবে মুক্ত বাণিজ্য অঞ্চল সৃষ্টি কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছিল। এই অনুসৰি ছাৰ্কৰ সদস্যসকলে ২০০৪ চনত দক্ষিণ এছিয়া মুক্ত বাণিজ্য চুক্তি (SAFTA) ত স্বাক্ষৰ কৰে আৰু ২০০৬ চনৰ ১ জানুৱাৰীৰ পৰা এই চুক্তি কাৰ্যকৰী হয়। ছাফ্টাই (SAFTA) ২০০৭ চনলৈকে বাণিজ্য নিৰিখ ২০ শতাংশলৈ হ্ৰাস কৰাৰ লক্ষ্য বান্ধি লৈছিল। কিন্তু এই ব্যৱস্থা ভালদৰে ফলপ্ৰসূ হৈ নুঠিল। বহুতে ইয়াক ভাৰতে অন্য সৰু সৰু দেশসমূহৰ বজাৰত প্ৰৱেশ কৰি দেশসমূহত নিজৰ বাণিজ্যিক সুবিধা আৰু উপস্থিতিৰে তেওঁলোকৰ সমাজ তথা ৰাজনীতিক প্ৰভাৱান্বিত কৰাৰ এক কৌশল বুলি গণ্য কৰিছিল। ভাৰততো বহুতে ভাবিছিল যে এই পদক্ষেপে ভাৰতক কোনো ধৰণে লাভান্বিত নকৰিব, কিয়নো ভাৰতে ইতিমধ্যেই নেপাল, ভূটান আৰু শ্ৰীলংকাৰ সৈতে কিছুমান দ্বিপাক্ষিক বাণিজ্যিক চুক্তিত অন্তৰ্ভুক্ত হৈয়ে আছিল।
তদুপৰি, ভাৰত আৰু পাকিস্তানৰ মাজত থকা ৰাজনৈতিক সংঘাতে ছাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা গঢ়ি উঠাৰ পথত বাধাৰ সৃষ্টি কৰা দেখা যায়। দুয়োখন দেশৰ মাজত সঘনাই সৰু সৰু কথাত হোৱা কাজিয়াই ছাৰ্কৰ গোষ্ঠীৰ দ্বাৰা সু-সম্পৰ্ক তথা পাৰস্পৰিক বুজাবুজি গঢ়ি তোলাৰ প্ৰয়াসক প্ৰায়ে বিফল কৰে। দুয়োখন দেশৰে দমনমূলক অৰ্থনৈতিক স্থিতিৰ ফলত দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক সহযোগিতা গঢ়ি তোলা সংস্থা হিচাপে ছাৰ্কৰ ভূমিকা অধিক সীমিত হৈ পৰিছে।
১০। ভাৰতৰ ওচৰ চুবুৰীয়াই প্ৰায়ে ভাবে যে ভাৰত চৰকাৰে সীমামূৰীয়া অঞ্চলৰ সৰু সৰু দেশবিলাকত অভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰে আৰু আধিপত্য চলাবলৈ চেষ্টা কৰে। এই ভাৱমূর্তিটো শুদ্ধ নে?
উত্তৰঃ দক্ষিণ এছিয়া অঞ্চলটো বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্ৰীলংকাৰ দৰে দেশসমূহেৰে গঠিত। কেতিয়াবা কেতিয়াবা আফগানিস্তান আৰু ম্যানমাৰকো এই অঞ্চলটোত অন্তৰ্ভুক্ত কৰা হয়। বৰ্তমান সময়ত ভূটানৰ বাহিৰে এই আটাইকেইখন দেশৰে সৈতে ভাৰতৰ সম্পৰ্ক বৰ বেছি অনুকূল নহয়। ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰায় প্ৰতিটো দিশতে অবিৰামভাৱে বিৰোধ চলি আহিছে। ভাৰতে কাশ্মীৰৰ লগতে দেশখনৰ অন্যান্য অংশত পাকিস্তানে সমস্যাৰ সৃষ্টি কৰি থকা বুলি অভিযোগ কৰি আহিছে। পাকিস্তানে সদায় ভাৰতীয় সন্ত্ৰাসবাদী গোটসমূহক সমৰ্থন কৰি অহা বুলিও ভাৰতে পাকিস্তানক দোষাৰোপ কৰে। আনহাতে পাকিস্তানে সিন্ধু আৰু বেলুচিস্তান প্ৰদেশৰ বিদ্ৰোহক ভাৰতে সমৰ্থন দিয়া বুলি অভিযোগ কৰি আহিছে।
একেদৰে, বাংলাদেশৰ সৈতেও ভাৰতৰ সম্পৰ্ক বেছি ভাল নহয়। সীমান্তৰ সমস্যা, উত্তৰ-পূব ভাৰতৰ উগ্ৰপন্থীক সমৰ্থন দিয়া, নদীৰ পানীৰ অংশীদাৰিত্বৰ সমস্যা আদিয়ে প্ৰতিদিনে ভাৰত আৰু বাংলাদেশৰ মাজত প্ৰধান উত্তেজনাৰ বিষয় হিচাপে থিয় দি আহিছে। আনহাতে বাংলাদেশৰ বহুতো লোকে ভাৰতক এক আঞ্চলিক দুষ্ট দেশ হিচাপে গণ্য কৰে আৰু তেওঁলোকৰ দেশত যথেষ্ট ভাৰত-বিৰোধী মনোভাৱৰ সৃষ্টি হৈ আহিছে। শ্ৰীলংকাইয়ো ভাৰতে অঞ্চলটোত “জ্যেষ্ঠ ভাতৃ সদৃশ” কাৰ্যকলাপ সংঘটিত কৰা বুলি অনুভৱ কৰে। তেওঁলোকে ভাবে যে ভাৰতে প্ৰায়ে শ্ৰীলংকাত তামিল গোটসমূহৰ দ্বাৰা দাবী কৰা অধিক স্বাধীনতাৰ দাবী তথা অন্যান্য কাৰণসমূহক সমৰ্থন জনাই আহিছে। তেওঁলোকৰ মতে ভাৰতৰ তামিলনাডু ৰাজ্যখনত যথেষ্ট শ্ৰীলংকা-বিৰোধী আন্দোলন আৰু প্ৰতিবাদ চলি আহিছে যদিও ভাৰত চৰকাৰে প্ৰায়ে এইবোৰক আওকাণ কৰি আহিছে। একেধৰণৰ ভাৰত বিৰোধী মনোভাৱ নেপাল, মালদ্বীপ আৰু ভূটানতো দেখা যায়। এই দেশসমূহৰ প্ৰায়কেইখনেই ভাৰতে সদায় অঞ্চলটোৰ প্ৰধান অৰ্থনৈতিক আৰু সামৰিক শক্তি হোৱাৰ সুবিধা গ্ৰহণ কৰি অহা বুলি মনোভাৱ পোষণ কৰে। এইদৰে আমি ক’ব পাৰোঁ যে ভাৰতৰ দ্বাৰা সৃষ্টি কৰা ভাৱমূৰ্তিটোৱে ভাৰতক অঞ্চলটোত এক “আঞ্চলিক দুষ্ট শক্তি” হিচাপে উপস্থাপন কৰিছে, বিশেষকৈ অৰ্থনৈতিক বিষয়সমূহত। অঞ্চলটোৰ দেশসমূহে ভাৰতৰ সৈতে সামান্য পৰিমাণে অৰ্থনৈতিক আৰু সামাজিক সহযোগিতা ৰক্ষা কৰি আহিছে, কিয়নো সৰু সৰু ৰাষ্ট্ৰকেইখনে ভাৰতে ইয়াৰ বিভিন্ন নীতি আৰু কাৰ্যসূচীৰে তেওঁলোকৰ বজাৰ আক্ৰমণ কৰাৰ লগতে সংস্কৃতি আৰু সমাজখনকো ধ্বংস কৰিব বুলি ভাবে।
সাম্প্রতিক দক্ষিণ এছিয়া – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



