Class 12 Political Science Chapter 4 – আন্তর্জাতিক সংগঠন – All Question Solutions | AHSEC Assam (Assamese Medium)
দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান পাঠ্যৰ চতুৰ্থ অধ্যায় – আন্তর্জাতিক সংস্থাৰ সকলো অনুশীলনী প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধাজনক সমাধানসমূহ (AHSEC Assam – Assamese Medium, Latest Syllabus)
এই অধ্যায়ত বিশ্ব ৰাজনীতিত বিভিন্ন আন্তর্জাতিক সংস্থাৰ ভূমিকা, গঠন আৰু কাৰ্যাপ্ৰণালী সম্পৰ্কে উচ্চতর ব্যাখ্যা কৰা হৈছে। ইয়াত জাতিসংঘ, বিশ্ব বাণিজ্য সংস্থা (WTO), নেটো (NATO), ইউৰোপীয় সংঘ (EU), আৰু অন্যান্য বৃহৎ আন্তঃৰাষ্ট্ৰীয় সংগঠনবিলাকৰ গুরুত্ব আলোচনা কৰা হৈছে। পাঠ্যখনে শিক্ষাৰ্থীক আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু বিশ্ব শৃংখলাৰ বুজ দিবলৈ সহায় কৰে। অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে অস্পীন একাডেমীৰ (Ospin Academy) এই সমাধানসমূহ সহজ ভাষাত আৰু সুগঠিত ৰূপে প্ৰদান কৰা হৈছে।
✅ কি শিকিব:
- প্ৰধান міжнарод সংস্থাসমূহৰ ভূমিকা আৰু গঠন
- জাতিসংঘৰ প্ৰধান কাৰ্য্য়বলী আৰু তাৰ গুরত্ব
- বিশ্ব বাণিজ্য সংস্থা আৰু বিশ্ব অৰ্থনীতিত ইয়াৰ প্ৰভাৱ
- নেটৰো আৰু ইউৰোপীয় সংঘৰ উদ্দেশ্য আৰু কাৰ্য্য়বলী
- আন্তর্জাতিক শান্তি সংৰক্ষণ আৰু সহযোগিতাৰ ক্ষেত্ৰত সংস্থাসমূহৰ ভূমিকাৰ বুজ
🎯 অস্পীন একাডেমীৰ সুবিধা:
- AHSEC Class 12ৰ নতুন পাঠ্যক্ৰম অনুসৰি সম্পূৰ্ণ সমাধান
- পৰীক্ষাৰ বাবে সহজ আৰু বুজিবলৈ সুবিধাজনক উত্তৰ
- অসমীয়া ভাষাত সুগঠিত আৰু বিশদ ব্যাখ্যা
- আন্তর্জাতিক সংস্থাৰ আধুনিক ভূমিকা সহজে বুজাবৰ সুযোগ
Class 12 Political Science (ৰাজনীতি বিজ্ঞান) AHSEC 2nd Year | Chapter-wise Solutions PDF
Limited Time Offer!
(For AHSEC Class 12 Political Science, 2nd Year)
Get chapter-wise solutions PDF for Class 12 Political Science (Assamese Medium) curated as per latest AHSEC syllabus.
Perfect for exam-focused preparation with clear answers, explanations, and diagrams in Assamese.
Ideal for homework, self-study, and revision.
অধ্যায় – ৪
আন্তর্জাতিক সংগঠন
(International Organisations)
পাঠভিত্তিক প্রশ্নোত্তৰ
পাঠসংলগ্ন প্রশ্নোত্তৰ
(পাঠসংলগ্ন প্রশ্ন; পৃষ্ঠা নং ৮৩)
আমি কৰোঁ আহা
১। বিষয় বা সমস্যাৰ ওপৰত এখন তালিকা প্রস্তুত কৰা (এই কিতাপত উল্লেখ থকা কেইটাৰ বাহিৰে) যিটো যিকোনো দেশে পৰিচালনা কৰিব নোৱাৰে আৰু আন্তর্জাতিক সংগঠনৰহে প্রয়োজন।
উত্তৰঃ আন্তর্জাতিক সংগঠনৰ প্ৰয়োজন হোৱা কিছুমান সমস্যা হ’ল—
(ক) পাৰমাণৱিক সংবর্ধন
(খ) আন্তর্জাতিক সন্ত্রাসবাদ
(গ) মানৱ সৰবৰাহ
(ঘ) এইছ, আই. ভি. এইডছ আদিৰ দৰে বেমাৰ
(ঙ) পাৰমাণবিক অস্ত্ৰৰ পৰীক্ষণ
(চ) সাগৰীয়-ডকাইতি
(ছ) চাইবাৰ অপৰাধ আদি।
(পাঠসংলগ্ন প্রশ্ন; পৃষ্ঠা নং ৯১)
১। সহস্রাব্দৰ বিকাশ লক্ষ্যসমূহ কি কি?
উত্তৰঃ ২০০০ চনত ৰাষ্ট্ৰসংঘত আয়োজিত সহস্রাব্দ সম্মিলনত আনুষ্ঠানিকভাবে ৮টা আন্তর্জাতিক বিকাশ লক্ষ্য ঘোষণা কৰা হয়। এই লক্ষ্যসমূহ ২০১৫ চনৰ ভিতৰত পূৰণ কৰাৰ কথা কোৱা হৈছে। এই লক্ষ্যসমূহ হ’ল—
(ক) অতি দবিদ্ৰতা আৰু দূৰীকৰণ।
(খ) সার্বজনীন প্রাথমিক শিক্ষা সম্প্রসাৰণ।
(গ) লিংগ সমতা আৰু মহিলাৰ সবলীকৰণ।
(ঘ) শিশুৰ মৃত্যু হাৰ হ্ৰাস কৰা।
(ঙ) মানসিক স্বাস্থ্যৰ উন্নীতকৰণ।
(চ) এইছ. আই ভি. এইডছ আৰু অন্যান্য ৰোগৰ সৈতে মোকাবিলা।
(ছ) পৰিৱেশ সুৰক্ষা নিশ্চিতকৰণ।
(জ) বিকাশৰবাবে গোলকীয়-বন্ধুত্বৰ ভাৱ বৃদ্ধি কৰা।
(পাঠসংলগ্ন প্রশ্ন; পৃষ্ঠা নং ৯২)
১। ২০০৩ চনৰ পৰা ডাৰফুৰ, ছুডান আদিত সংঘটিত হোৱা মানবীয় সমস্যাসমূহে আন্তর্জাতিক সম্প্ৰদায়ৰ পৰা বিশেষ গুৰুত্ব লাভ কৰিবলৈ সক্ষম হোৱা নাই। ৰাষ্ট্ৰসংঘই এনেকুৱা পৰিস্থিতিত হস্তক্ষেপ কৰিব পাৰে, এই সন্দৰ্ভত তুমি কি ভাবা? এনে হস্তক্ষেপৰ বাবে ৰাষ্ট্ৰসংঘৰ অধিকাৰ ক্ষেত্ৰৰ পৰিৱৰ্তনৰ প্ৰয়োজন আছে নেকি?
উত্তৰঃ ২০০৩ চনৰ পৰা ছুডানে ব্যাপক খৰাং আৰু খাদ্যৰ সমস্যাত আক্ৰান্ত হৈ আছে। চৰম দৰিদ্ৰতাৰ বাবে শতাধিক লোক মৃত্যুমুখত পৰিছে। খৰাং পৰিস্থিতিৰ বাবে ইয়াৰ কৃষি কর্ম প্রায় সমাপ্ত হৈ গৈছে, যিয়ে দৰিদ্ৰতাৰ সমস্যা আৰু অধিক বঢ়াই তুলিছে। সেই দেশৰ চৰকাৰো জনসাধাৰণৰ কল্যাণক লৈ মুঠেও আগ্রহী নহয়। তেওঁলোক আগ্রহী হলেও জনসাধাৰণৰ ভৰণ-পোষণৰ বাবে চৰকাৰৰ আৰ্থিক সক্ষমতা নাই। এনে এক প্রেক্ষাপটত বিভিন্ন আন্তর্জাতিক সম্প্ৰদায়ৰ পৰা বিভিন্ন ধৰণৰ প্রতিশ্রুতি প্ৰদান কৰা হয়। কিন্তু দুর্ভাগ্যজনকভাবে এই প্রতিশ্রুতিসমূহ পাহৰি যায়। আন্তর্জাতিক সম্প্রদায়, বিশেষকৈ ৰাষ্ট্ৰসংঘই ছুডানৰ লোকসকলৰ এই দুর্যোগ আঁতৰাবলৈ অতি কম প্রচেষ্টাহে হাতত লৈছে। ইয়াৰ কাৰণ এয়ে যে ৰাষ্ট্ৰসংঘ ঘাইকৈ বিশ্ব শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ বাবেহে বেছি দায়বদ্ধ। ৰাষ্ট্ৰসংঘ সেইবোৰ ক্ষেত্ৰতহে বেছিকৈ জড়িত হয় যেতিয়া কোনো ঠাইত সংঘর্ষ আৰু যুদ্ধৰ সম্ভাৱনা থাকে। অন্য কথাত ৰাষ্ট্ৰসংঘই গ্রহণ কৰিব পৰা বিষয়বোৰৰ সন্দৰ্ভত নতুনকৈ চোৱাৰ প্ৰয়োজন আহি পৰিছে। এই আন্তঃৰাষ্ট্ৰীয় সংঘটোৱে ক্ষুধা, দৰিদ্ৰতা, খৰাং, নিবনুৱা সমস্যাৰ সমাধান আদিৰ লেখীয়া বিষয়সমূহো সামৰি ল’ব পৰাকৈ ইয়াৰ অধিকাৰ ক্ষেত্ৰৰ সম্প্ৰসাৰণৰ প্রয়োজনীয়তা আছে। ই মানবীয় সহায়ক ইয়াৰ এটা অবিচ্ছেদ্য কর্ম হিচাপে ল’ব লাগে।
পাঠভিত্তিক অনুশীলনী (পাঠ্যপুথিৰ পৃষ্ঠা নং ৯৬-৯৮)
১। ভেটো ক্ষমতা সম্পর্কে তলত উল্লেখ কৰা উক্তিবোৰ শুদ্ধ নে অশুদ্ধ চিহ্নিত কৰা।
(ক) নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ কেৱল ভেটো ক্ষমতা আছে।
উত্তৰঃ শুদ্ধ
(খ) এইটো এক ৰকমৰ নেতিবাচক ক্ষমতা।
উত্তৰঃ শুদ্ধ
(গ) যেতিয়া কোনো সিদ্ধান্তত সচিব প্রধান সন্তুষ্ট নহয় তেতিয়া তেওঁ এই ক্ষমতা প্রয়োগ কৰিব পাৰে।
উত্তৰঃ অশুদ্ধ
(ঘ) এটা ভেটো ক্ষমতাই নিৰাপত্তা পৰিষদৰ এটা প্রস্তাব বন্ধ কৰিব পাৰে।
উত্তৰঃ শুদ্ধ
২। ৰাষ্ট্ৰসংঘৰ কাৰ্যৰ ধৰণ সম্পর্কে তলত উল্লেখ কৰা উক্তিবোৰ শুদ্ধ নে অশুদ্ধ চিহ্নিত কৰা।
(ক) সকলো ধৰণৰ নিৰাপত্তা আৰু শান্তি সম্পর্কীয় বিষয়বিলাক নিৰাপত্তা পৰিষদে বিচাৰ কৰে।
উত্তৰঃ শুদ্ধ
(খ) বিশ্বৰ চাৰিওফালে সিঁচৰতি হৈ থকা প্রধান অংগ আৰু বিশেষ সন্থাসমূহে সকলো মানবীয় নীতিসমূহ কার্যকৰী কবে।
উত্তৰঃ অশুদ্ধ
(গ) পাঁচখন সদস্য বাষ্ট্রই একমত হৈ নিৰাপত্তাজনিত সিদ্ধান্ত কার্যকৰী কৰা যুগুত।
উত্তৰঃ শুদ্ধ
(ঘ) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সকলো সদস্যই স্বতঃস্ফূর্তভাবে সকলো প্রধান অংগ আৰু বিশেষ সন্থাসমূহৰ সদস্য।
উত্তৰঃ অশুদ্ধ
৩। নিৰাপত্তা পৰিষদত স্থায়ী সদস্যপদৰ বাবে ভাৰতে আগবঢ়োৱা প্ৰস্তাৱৰ ক্ষেত্ৰত তলত দিয়া কোনটোৰ ওপৰত তুমি বেছি গুৰুত্ব দিবা।
(ক) আণৱিক ক্ষমতা।
(খ) আৰম্ভণিৰ পৰা ই ৰাষ্ট্ৰসংঘৰ সদস্য
(গ) ই এছিয়া মহাদেশত অৱস্থিত
(ঘ) ভাৰতৰ উন্নত অর্থনৈতিক ক্ষমতা আৰু স্থায়ী ৰাজনৈতিক ব্যৱস্থা
উত্তৰঃ (ঘ) ভাৰতৰ উন্নত অর্থনৈতিক ক্ষমতা আৰু স্থায়ী ৰাজনৈতিক ব্যৱস্থা
৪। আণৱিক প্রযুক্তিৰ নিৰাপদ আৰু শান্তিপূর্ণ ব্যৱহাৰৰ লগত ৰাষ্ট্ৰসংঘৰ কোনখন এজেন্সি জড়িত?
(ক) ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণ কমিটী
(খ) আন্তর্জাতিক আণবিক শক্তি এজেন্সি
(গ) ৰাষ্ট্ৰসংঘৰ আন্তর্জাতিক নিৰাপদ কমিটী
(ঘ) ওপৰত উল্লেখ কৰা এটাও নহয়
উত্তৰঃ (খ) আন্তর্জাতিক আণবিক শক্তি এজেন্সি
৫। বিশ্ব বাণিজ্য সন্থা তলত উল্লেখ কৰা কোনটো সংগঠনৰ উত্তৰাধিকাৰী?
(ক) বাণিজ্য আৰু শুল্কৰ সাধাৰণ চুক্তি
(খ) বাণিজ্য আৰু শুল্কৰ চুক্তি শৃংখলাবদ্ধ কৰা
(গ) বিশ্ব স্বাস্থ্য সন্থা
(ঘ) ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি
উত্তৰঃ (ক) বাণিজ্য আৰু শুল্কৰ সাধাৰণ চুক্তি
৬। খালী ঠাই পূৰণ কৰা:—
(ক) ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য হ’ল_______।
উত্তৰঃ বিশ্বত শান্তি আৰু নিৰাপত্তা স্থাপিত কৰা
(খ) ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ কার্যবাহী বিষয়াজন হ’ল________।
উত্তৰঃ সচিব প্রধান
(গ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ_______জন স্থায়ী সদস্য আৰু_________জন অস্থায়ী সদস্য আছে।
উত্তৰঃ ৫ আৰু ১০
(ঘ) _________হ’ল ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিব প্রধান।
উত্তৰঃ বেন কি মুন
৭। ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ আৰু এজেন্সিসমূহৰ মাজত সিবিলাকৰ কাৰ্যৰ সৈতে মিলকৰা—
১। অর্থনৈতিক আৰু সামাজিক পৰিষদ ২। আন্তর্জাতিক ন্যায়ালয় ৩। আন্তর্জাতিক আণৱিক শক্তি সন্থা ৪। নিৰাপত্তা পৰিষদ ৫। শৰণাৰ্থীৰ বাবে থকা ৰাষ্ট্ৰসংঘৰ উচ্চাযুক্ত ৬। বিশ্ব বাণিজ্য সন্থা ৭। আন্তর্জাতিক মুদ্রা নিধি ৮। সাধাৰণ সভা ৯। বিশ্ব স্বাস্থ্য সংস্থা ১০। সচিবালয় | (ক) আন্তর্জাতিক অর্থনৈতিক ব্যৱস্থাৰ নিৰীক্ষণ (খ) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তাৰ সংৰক্ষণ (গ) সদস্য ৰাষ্ট্ৰৰ অৰ্থনৈতিক আৰু সামাজিক কল্যাণ চোৱা-চিতা কৰা (ঘ) পাৰমাণৱিক প্ৰযুক্তিৰ নিৰাপদ আৰু শান্তিপূর্ণ ব্যৱহাৰ (ঙ) সদস্য ৰাষ্ট্ৰবিলাকৰ মাজত বিবাদ নিষ্পত্তি (চ) জৰুৰীকালীন সময়ত আবাস আৰু চিকিৎসা সাহায্য প্রদান কৰা (ছ) গোলকীয় বিচার্য বিষয়ৰ ওপৰত বিতৰ্ক আৰু আলোচনা (জ) ৰাষ্ট্ৰসংঘৰ কাম-কাজৰ ওপৰত প্ৰশাসন আৰু নিয়ন্ত্রণ। (ঝ) সকলোৰে কাৰণে সুস্বাস্থ্য (ঞ) সদস্য ৰাষ্ট্ৰবিলাকৰ মাজত মুক্ত বাণিজ্যৰ সুবিধা |
|---|
উত্তৰসমূহ:
১। — (গ) ২। — (ঙ) ৩। — (ঘ)
৪। — (খ) ৫। — (চ) ৬। — (ঞ)
৭। — (ক) ৮। — (ছ) ৯। — (ঝ)
১০। — (জ)
৮। নিৰাপত্তা পৰিষদৰ কাৰ্যাৱলীসমূহ কি কি?
উত্তৰঃ ৮। নিৰাপত্তা পৰিষদৰ কাৰ্যাৱলীসমূহ কি কি?
উত্তৰঃ নিৰাপত্তা পৰিষদ হ’ল ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ। ইয়াৰ মূল কাৰ্যাৱলী হ’লঃ
(ক) আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা: এই কাৰ্যৰ বাবে ই আলোচনা, মধ্যস্থতা, অৰ্থনৈতিক অনুদান, সন্ধি স্বাক্ষৰ কৰাৰ লগতে আক্ৰমণকাৰী দেশৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা লোৱাতো অনুমোদন জনায়।
(খ) সচিব প্ৰধানৰ নিযুক্তি: সাধাৰণ সভাই অনুমোদন জনোৱা ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ প্ৰাৰ্থীৰ নামত নিৰাপত্তা পৰিষদে নিযুক্তিৰ বাবে চূড়ান্ত অনুমোদন জনায়।
(গ) অন্যান্য নিযুক্তি আৰু অনুমোদন: আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰতো নিৰাপত্তা পৰিষদৰ অনুমোদন অতি প্ৰয়োজনীয়। ইয়াৰোপৰি ৰাষ্ট্ৰসংঘত নতুন সদস্যৰ অন্তৰ্ভুক্তি তথা কোনো সদস্যক বৰ্খাস্ত কৰণতো নিৰাপত্তা পৰিষদৰ অনুমোদন অতি গুৰুত্বপূৰ্ণ।
৯। ভাৰতৰ নাগৰিক হিচাপে তুমি নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ প্ৰাৰ্থিত্ব সমৰ্থন কৰানে? তোমাৰ প্ৰস্তাৱ প্ৰতিপন্ন কৰা।
উত্তৰঃ হয়, ভাৰতৰ নাগৰিক হিচাপে মই নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ প্ৰাৰ্থিত্ব সম্পূৰ্ণৰূপে সমৰ্থন কৰোঁ।
বৰ্তমান বিশ্বৰ প্ৰায় সকলোবোৰ দেশে, বিশেষকৈ উন্নয়নশীল দেশসমূহে, অনুভৱ কৰে যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ পুনৰ সংগঠন কৰা উচিত যাতে ই সমগ্ৰ বিশ্বৰ শান্তি আৰু নিৰাপত্তা অক্ষুণ্ণ ৰাখিব পাৰে। এই প্ৰসংগটো উত্থাপন হৈছিল যেতিয়া ১৯৯২ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই নিৰাপত্তা পৰিষদৰ সংস্কাৰ সাধনৰ হকে এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল। পুনৰ সংগঠিত কৰা নিৰাপত্তা পৰিষদত নতুনকৈ যোগ্য দেশক অন্তৰ্ভুক্ত কৰাৰ বাবে কেইবাটাও মাপকাঠিসমূহ গ্ৰহণ কৰা হৈছে। এই মাপকাঠিসমূহৰ মতে এখন নতুন দেশ হ’ব লাগিব:
(ক) এখন প্ৰধান অৰ্থনৈতিকভাৱে শক্তিশালী দেশ।
(খ) এখন প্ৰধান সামৰিকভাৱে ক্ষমতাশালী দেশ।
(গ) ৰাষ্ট্ৰসংঘৰ বাজেটলৈ এক মোটা অংকৰ বৰঙণি যোগাব পৰা দেশ।
(ঘ) জনসংখ্যাৰ দিশৰ পৰা এখন বিশাল দেশ।
(ঙ) এখন দেশ যিয়ে গণতন্ত্ৰ আৰু মানৱ অধিকাৰক সন্মান জনায়।
(চ) এখন দেশ যিয়ে পৰিষদক ভূগোল, অৰ্থনৈতিক সংস্কাৰ আৰু সংস্কৃতি আদিৰ ক্ষেত্ৰত বিশ্বৰ বৈচিত্ৰ্যক অধিক মাত্ৰাত প্ৰতিনিধিত্ব কৰিব।
ভাৰতে ইয়াৰ সৰ্বাধিক চৰ্ত পূৰণ কৰে। ভাৰতে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ পাব লগাৰ অন্য কিছুমান কাৰণ হ’ল-
(ক) বৃহৎ জনসংখ্যা: ১.২ বিলিয়ন জনসংখ্যাৰ সৈতে ই বিশ্বৰ দ্বিতীয় জনবহুল দেশ।
(খ) বৃহত্তম গণতন্ত্ৰ: ভাৰত বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ।
(গ) উভয়নমুখী অৰ্থনৈতিক শক্তি: বৰ্তমান ভাৰতক বিশ্বৰ এখন অন্যতম অৰ্থনৈতিক শক্তি হিচাপে গণ্য কৰা হয়। ভাৰতৰ তথ্য আৰু প্ৰযুক্তিগত বৃত্তিপোৱা লোকসকল সমগ্ৰ বিশ্বতে দেখা যায়।
(ঘ) আন্তৰ্জাতিক সহযোগিতা: ৰাষ্ট্ৰসংঘই উদ্যোগ লোৱা সকলো কামতে ভাৰতে সহযোগিতা আগবঢ়াইছে।
(ঙ) শান্তিৰক্ষী বাহিনীত অৰিহণা: ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ কামত ভাৰতে যথেষ্ট বৰঙণি আগবঢ়াইছে।
(চ) বাজেটত অৰিহণা: ভাৰতে নিয়মিতভাৱে ৰাষ্ট্ৰসংঘৰ পুঁজিলৈ বৰঙণি যোগাই আহিছে আৰু ই কেতিয়াও এই ক্ষেত্ৰত পিছ হুঁহকি অহা নাই।
(ছ) গোষ্ঠী-নিৰপেক্ষতা আৰু উন্নয়ন: ভাৰত এখন অন্যতম গোষ্ঠী-নিৰপেক্ষ তথা উন্নয়নশীল দেশ। এনেকুৱা এক পটভূমিত ভাৰতৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত অন্তৰ্ভুক্ত হোৱাৰ সকলো অধিকাৰ আছে।
১০। ৰাষ্ট্ৰসংঘক পুনৰ সংগঠিত কৰাৰ বাবে আগবঢ়োৱা পৰামৰ্শসমূহ ৰূপায়ণত কি কি সমস্যা আছে সমালোচনামূলকভাৱে আলোচনা কৰা।
উত্তৰঃ বৰ্তমান সকলোৱে এইটো মত পোষণ কৰে যে ৰাষ্ট্ৰসংঘক পুনৰ সংগঠিত কৰিব লাগে যাতে বৰ্তমানৰ আন্তৰ্জাতিক ৰাজনৈতিক আৰু অৰ্থনৈতিক পটভূমিত ই এক কাৰ্যকৰী আন্তৰ্জাতিক অভিকৰণ হিচাপে কাৰ্য কৰিব পাৰে। দ্বিতীয় বিশ্ব যুদ্ধ আৰু সমগ্ৰ পৃথিৱীখন দুটা শক্তি গোষ্ঠীত বিভক্ত হোৱাৰ পটভূমিত ১৯৪৫ চনত ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল। এই দুই শক্তি গোষ্ঠীৰ এটা আমেৰিকাৰ নেতৃত্বত আনটো ৰাছিয়াৰ নেতৃত্বত গঠিত হৈছিল। তেতিয়াৰ পৰা বহুখিনি পৰিৱৰ্তন হ’ল। ১৯৯১ চনত ৰাছিয়াৰ বিভাজনৰ পিছৰ পৰা বিশ্বখন এককেন্দ্ৰিক হৈ পৰিছে। এনে এক পৰিৱৰ্তিত আন্তৰ্জাতিক ৰাজনৈতিক পৰিস্থিতিত ৰাষ্ট্ৰসংঘ বিশেষকৈ নিৰাপত্তা পৰিষদে বৰ্তমানে যি ভূমিকা পালন কৰি আছে, তাতকৈ অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে আৰু বেছি প্ৰতিনিধিত্বমূলক হ’ব লাগে। এই জনপ্ৰিয় দাবীৰ ফলস্বৰূপে ১৯৯২ চনত ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ বাবে সাধাৰণ সভাই এক প্ৰস্তাৱ গ্ৰহণ কৰে। ১৯৯৭ চনত সচিব প্ৰধান কফি আন্নানে এই কামৰ বাবে এক উদ্যোগ গ্ৰহণ কৰে আৰু নতুন সদস্য কিদৰে নিৰাপত্তা পৰিষদত অন্তৰ্ভুক্তি কৰিব পাৰি তাৰ বাবে চৰ্তাৱলী প্ৰস্তুত কৰে। এই সন্দৰ্ভত এক সৰ্বসন্মত মত পোষণ কৰা হয় কিন্তু এই কাম কি দৰে সম্ভৱ হ’ব তাকে লৈ যথেষ্ট অসুবিধাৰ সৃষ্টি হয়।
নতুন সদস্য অন্তৰ্ভুক্তিৰ বাবে প্ৰস্তুত কৰা চৰ্তাৱলীসমূহৰ ক্ষেত্ৰতো কিছুমান সমস্যা আছে:
(ক) শক্তিৰ মাপকাঠি: অৰ্থনৈতিক আৰু সামৰিক শক্তিত কিমান ডাঙৰ হ’ব লাগিব? নিৰাপত্তা পৰিষদৰ সদস্য হ’বলৈ ৰাষ্ট্ৰসংঘলৈ কিমান বৃহৎ অৰ্থনৈতিক বৰঙণি দিব লাগিব?
(খ) জনসংখ্যা আৰু গণতন্ত্ৰ: দেশ এখনৰ জনসংখ্যা কিমান হ’ব লাগিব? গণতন্ত্ৰ আৰু মানৱ অধিকাৰক লৈ কিমানখন দেশ সজাগ?
(গ) ভৌগোলিক প্ৰতিনিধিত্ব: ভৌগোলিক প্ৰতিনিধিত্বই পৰিষদত অধিক মাত্ৰাত প্ৰতিনিধিত্বৰ সূচনা কৰিবনে? ভৌগোলিক অৱস্থানে কিয় সম প্ৰতিনিধিত্বৰ বিষয় সম্পর্কে সিদ্ধান্ত ল’ব?
(ঘ) উন্নয়নশীল দেশ: সদস্যপদ অৰ্থনৈতিক বিকাশৰ দ্বাৰা নিৰ্ণয় কৰিব পাৰিনে? বৰ্তমান বিশ্বত বহু সংখ্যক উন্নয়নশীল দেশ আছে। এই সকলোবোৰকে ইয়াত অন্তৰ্ভুক্ত কৰিব পাৰিনে?
(ঙ) ভেটো ক্ষমতা: বহুতেই এইটো অনুভৱ কৰে যে ভেটো ক্ষমতা গণতান্ত্ৰিক নীতিসমূহৰ বিৰুদ্ধে। ইয়াৰোপৰি ই দেশসমূহৰ সম-সাৰ্বভৌমত্বৰো বিৰোধী। ভেটো ক্ষমতা প্ৰত্যাহাৰ কৰা উচিতনে?
এইদৰে ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ ধাৰণাটোৱেই এটা অতি জটিল প্ৰশ্ন আৰু ইয়াৰ সংস্কাৰৰ প্ৰশ্নটো উত্থাপিত হ’লে অন্য বহু আনুষংগিক বিষয়ৰ সৃষ্টি হয়।
১১। যদিও ৰাষ্ট্ৰসংঘই যুদ্ধ আৰু ইয়াৰ লগত সম্বন্ধ থকা দুখ-দুৰ্গতিত বাধা দিয়াত ব্যৰ্থ হৈছে তথাপি ৰাষ্ট্ৰবিলাকে ইয়াৰ ধাৰাবাহিকতা থকাটো বিচাৰে। কিহে ৰাষ্ট্ৰসংঘক এটা অপৰিহাৰ্য সংগঠন বুলি ভাবে?
উত্তৰঃ এইটো সত্য যে ৰাষ্ট্ৰসংঘই যুদ্ধ আৰু ইয়াৰ সহযোগী বিষয়সমূহ প্ৰতিৰোধত ব্যৰ্থ হৈছে যদিও ই এক অবিচ্ছেদ্য আন্তৰ্জাতিক সংগঠন হৈয়ে আছে। এইটো নিম্নলিখিত কাৰণৰ বাবে সম্ভৱ হৈছেঃ
(ক) আমেৰিকাৰ ওপৰত নিয়ন্ত্ৰণ: আমেৰিকাৰ ওপৰত কিছু পৰিমাণে নিয়ন্ত্ৰণ ৰখাৰ বাবে ৰাষ্ট্ৰসংঘ অতি প্ৰয়োজনীয়। বৰ্তমান বিশ্বত বৰ্তি থকা একমাত্ৰ মহাশক্তি হ’ল আমেৰিকা। দেশসমূহৰ মাজৰ এটা সমূহীয়া দল হিচাপে ৰাষ্ট্ৰসংঘই আমেৰিকাৰ একক আধিপত্যৰ বিৰুদ্ধে থিয় দিব পাৰে। ৰাষ্ট্ৰসংঘৰ সমৰ্থন অবিহনে আমেৰিকাৰ পক্ষে আন্তৰ্জাতিক বিষয়ৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো কঠিন। বহু সময়ত বিভিন্ন কঠোৰ সিদ্ধান্ত লোৱাৰ পৰা, ৰাষ্ট্ৰসংঘৰ বাধাৰ বাবে আমেৰিকা আঁতৰি আহিবলগীয়া হৈছে।
(খ) যুদ্ধৰ স্থানীয়কৰণ: যুদ্ধ আৰু আঞ্চলিক সংঘাত, আন্তৰ্জাতিক সংঘাতত পৰিণত হোৱাৰ সম্ভাৱনা অধিক। ৰাষ্ট্ৰসংঘৰ হেঁচাৰ বাবে এনে যুদ্ধ স্থানীয় পৰ্যায়তে সীমাবদ্ধ থাকে।
(গ) আন্তঃনিৰ্ভৰশীলতাৰ বাবে প্ৰয়োজনীয়তা: ৰাষ্ট্ৰসংঘ এটা অসম্পূৰ্ণ সংগঠন, কিন্তু ইয়াৰ অবিহনে সমগ্ৰ বিশ্ব আৰু অধিক বেয়াৰ পিনে ঢাল খাব। ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ মাজৰ আন্তঃনিৰ্ভৰশীলতাৰ বাতাবৰণত ৰাষ্ট্ৰসমূহৰ মাজত সময় সাপেক্ষে উদ্ভৱ হ’ব পৰা সংঘাত দূৰ কৰিবলৈ নিয়মৰক্ষক হিচাপে কোনো এটা সংস্থাৰ প্ৰয়োজনীয়তা আছে। অন্য কথাত এই আন্তঃসম্পৰ্ক ৰাষ্ট্ৰসংঘৰ নিচিনা এক আন্তৰ্জাতিক সংগঠনৰ অবিহনে সঠিকভাবে ৰক্ষা কৰিব নোৱাৰি।
১২। “ৰাষ্ট্ৰসংঘৰ সংস্কাৰে ঘাইকৈ নিৰাপত্তা পৰিষদৰ পুনৰ সংস্কাৰ বুজায়।” তুমি এই উক্তিটোৰ লগত একমতনে? ইয়াৰ সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া।
উত্তৰঃ হয়, মই ওপৰৰ উক্তিটো সমৰ্থন কৰোঁ। নিৰাপত্তা পৰিষদ হ’ল ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ। ই হ’ল ৰাষ্ট্ৰসংঘৰ আটাইতকৈ দৃশ্যমান অংগ। ৰাষ্ট্ৰসংঘৰ মূল লক্ষ্য হ’ল বিশ্বত শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা। এইদৰে ৰাষ্ট্ৰসংঘৰ কাৰ্যাৱলী নিৰাপত্তা পৰিষদৰ দ্বাৰা ৰূপায়ণ কৰা হয়। সমগ্ৰ বিশ্বতে ৰাষ্ট্ৰসংঘক পুনৰ গঠন কৰাৰ এক তীব্ৰ দাবী উত্থাপিত হৈ আহিছে। সম্প্ৰতি বিশ্বৰ দেশসমূহে সমগ্ৰ ৰাষ্ট্ৰসংঘৰ পুনৰগঠন বিচৰা নাই, কেৱল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰহে পুনৰগঠন বিচাৰিছে, যাতে ই এক অধিক ফলপ্ৰসূ আৰু প্ৰতিনিধিত্বকাৰী আন্তৰ্জাতিক সংগঠন হিচাপে গঢ় লয়।
নিৰাপত্তা পৰিষদক পুনৰ গঠন কৰাৰ সপক্ষে কিছুমান মুখ্য কাৰণ হ’ল:
(ক) পৰিৱৰ্তিত বিশ্ব পৰিৱেশ: দ্বিতীয় বিশ্বযুদ্ধ আৰু আমেৰিকা আৰু ৰাছিয়াৰ নেতৃত্বত গঠন হোৱা দুটা প্ৰধান শক্তি গোষ্ঠীৰ জন্ম হোৱাৰ পাৰ্শ্বক্ৰিয়া হিচাপে ৰাষ্ট্ৰসংঘৰ গঠন হৈছিল। ১৯৯১ চনত ৰাছিয়াৰ বিভাজনৰ লগে লগে বিশ্বত কেৱল মাত্ৰ এটাই অতি শক্তিশালী গোট বাকী থাকে। গতিকে নিৰাপত্তা পৰিষদে পৰিৱৰ্তিত ৰাজনৈতিক অৱস্থাটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।
(খ) সদস্য সংখ্যাৰ বৃদ্ধি: ২০০৬ চনলৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সদস্য সংখ্যা তীব্ৰ হাৰত বৃদ্ধি হৈ ৫১ খনৰ পৰা ১৯২ খন হয়গৈ। কিন্তু নিৰাপত্তা পৰিষদৰ সদস্য সংখ্যা ১৯৪৫ চনত স্থাপন হোৱাৰে পৰা একেই আছে।
(গ) অৰ্থনৈতিক শক্তিৰ প্ৰতিনিধিত্ব: বৰ্তমান বিশ্বত অৰ্থনৈতিকভাৱে শক্তিশালী বহু কেইখন উন্নয়নশীল দেশ আছে। ভাৰত, ব্ৰাজিল, জাৰ্মানী, জাপান আদি এই গোটৰ অন্তৰ্ভুক্ত অগ্ৰগামী দেশ। নিৰাপত্তা পৰিষদে এই অৰ্থনৈতিকভাৱে ক্ষমতাশালী গোটটোৰ সন্দৰ্ভত অধিক মাত্ৰাত প্ৰতিনিধিত্বকাৰীৰ ভূমিকা পালন কৰা উচিত।
(ঘ) ভেটো ক্ষমতাৰ সমালোচনা: নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসমূহৰ ভেটো ক্ষমতাৰ ব্যৱহাৰকলৈ ব্যাপক সমালোচনাৰ সৃষ্টি হয়। বহুতেই এইটো ভাবে যে এই ক্ষমতা ৰাষ্ট্ৰসমূহৰ গণতান্ত্ৰিক নীতি আৰু সাৰ্বভৌমত্বৰ নীতিৰ বিৰুদ্ধ। সেয়েহে এইটো পৰামৰ্শ দিয়া হয় যে স্থায়ী সদস্যসমূহৰ একে সমান ক্ষমতা থকা উচিত।
(ঙ) ভৌগোলিক ভাৰসাম্যহীনতা: নিৰাপত্তা পৰিষদ ভৌগোলিকভাবে ভাৰসাম্যহীন। দক্ষিণ আমেৰিকা আৰু আফ্ৰিকাৰ পৰা কোনো স্থায়ী সদস্য নাই।
এনে এক পৰিস্থিতিত নিৰাপত্তা পৰিষদৰ অধিক স্থায়ী সদস্য থাকিব লাগিব আৰু ইয়াৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ সংশোধন কৰিব লাগিব।
আন্তর্জাতিক সংগঠন – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



