Class 12 Political Science Chapter 9 – এক দলীয় প্রাধান্যৰ যুগ – All Question Solutions | AHSEC Assam (Assamese Medium)
দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান পাঠ্যৰ নবম অধ্যায় – এক দলীয় প্রাধান্যৰ যুগৰ সমস্ত অনুশীলনী প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধাজনক সমাধানসমূহ (AHSEC Assam – Assamese Medium, Latest Syllabus)
এই অধ্যায়ত স্বাধীন ভাৰতৰ ৰাজনীতিত কংগ্ৰেছজীৱনৰ এক দলীয় প্রাধান্যৰ যুগৰ গঢ়ন আৰু ইয়াৰ প্ৰভাবৰ ওপৰত বিস্তৃত আলোচনা কৰা হৈছে। ইয়াত এই যুগৰ ৰাজনৈতিক পৰিস্থিতি, দলীয় প্ৰাধান্যৰ গঠন, ইয়াৰ লাভ আৰু অসুবিধাসমূহ, আৰু এক দলীয় শাসনৰ সময়কালত উদ্ভৱ হোৱা সমস্যা-বিষমতা বুজোৱা হৈছে। পাঠ্যখনে শিক্ষাৰ্থীক আধুনিক ভাৰতৰ ৰাজনৈতিক পৰিৱর্তনসমূহৰ গভীৰ বুজ দিবলৈ সহায় কৰে। অস্পীন একাডেমীৰ (Ospin Academy) এই সমাধানসমূহত প্ৰত্যেক প্ৰশ্নৰ বিশদ ব্যাখ্যা থাকে, যাৰ জৰিয়তে শিক্ষাৰ্থীবিলাকে সহজে বিষয়বস্তু বুজিবলৈ আৰু পৰীক্ষাৰ বাবে সু-প্ৰস্তুতি কৰিবলৈ সক্ষম হয়।
✅ কি শিকিব:
- স্বাধীন ভাৰতৰ ৰাজনীতিত এক দলীয় শাসনৰ পৰিসৰ আৰু কাৰণ
- কংগ্ৰেছৰ প্ৰাধান্য আৰু ইয়াৰ শক্তিৰ আধাৰ
- এক দলীয় শাসনৰ লাভ আৰু সীমাবদ্ধতা
- প্ৰধান ৰাজনীতিক ঘটনাসমূহ আৰু বিৰোধী দলৰ অৱস্থান
- এক দলীয় প্ৰাধান্যৰ যুগৰ শেষ আৰু ভাৰতৰ ৰাজনীতিত ইয়াৰ প্ৰভাৱ
🎯 অস্পীন একাডেমীৰ সুবিধা:
- AHSEC Class 12ৰ নতুন পাঠ্যক্ৰম অনুসৰি সম্পূৰ্ণ সমাধান
- সহজ ভাষাত সুগঠিত আৰু বুজিবলৈ সুবিধাজনক উত্তৰ
- অসমীয়া মাধ্যমে শিক্ষাৰ্থীৰ বাবে সুবিধাজনক ভাষা আৰু উদাহৰণ
- ভারতৰ এক দলীয় প্ৰাধান্যৰ যুগৰ প্রকৃতি আৰু প্ৰভাৱৰ সুস্পষ্ট বুজ
Class 12 Political Science (ৰাজনীতি বিজ্ঞান) AHSEC 2nd Year | Chapter-wise Solutions PDF
Limited Time Offer!
(For AHSEC Class 12 Political Science, 2nd Year)
Get chapter-wise solutions PDF for Class 12 Political Science (Assamese Medium) curated as per latest AHSEC syllabus.
Perfect for exam-focused preparation with clear answers, explanations, and diagrams in Assamese.
Ideal for homework, self-study, and revision.
অধ্যায় – ২
এক দলীয় প্রাধান্যৰ যুগ
(Era of One-party Dominance)
পাঠভিত্তিক প্রশ্নোত্তৰ
পাঠভিত্তিক অনুশীলনী (পাঠ্যপুথিৰ পৃষ্ঠা নং ৪৪-৪৫)
১। শুদ্ধ উত্তৰটো বাছি লৈ খালী ঠাই পূৰণ কৰাঃ—
(ক) ১৯৫২ চনৰ সাধাৰণ নির্বাচনে একে সময়তে লোকসভা আৰু___________নির্বাচন সাঙুৰি লৈছিল।
(ভাৰতৰ ৰাষ্ট্ৰপতি/ৰাজ্যৰ বিধানসভা/ ৰাজ্যসভা/প্রধানমন্ত্রী)
উত্তৰঃ ৰাজ্যৰ বিধানসভা
(খ) প্রথম সাধাৰণ নিৰ্বাচনত লোকসভাৰ আসনৰ ক্ষেত্ৰত দ্বিতীয় বৃহৎ দল হিচাপে জয়ী হৈছিল___________(প্রজা ছচিয়েলিষ্ট পার্টি/ভাৰতীয় জনসংঘ/ ভাৰতীয় কমিউনিষ্ট পার্টি/ ভাৰতীয় জনতা পার্টি)
উত্তৰঃ ভাৰতীয় কমিউনিষ্ট পার্টি
(গ) স্বতন্ত্ৰ দলৰ আদৰ্শৰ এটাই মাত্র উপদেশমূলক নীতি আছিল___________(কর্মী শ্ৰেণীৰ স্বাৰ্থ ৰাজ্যৰ ৰাজতান্ত্রিক স্বাৰ্থ ৰক্ষা কৰা/ৰাজ্যৰ অৰ্থনৈতিক নিয়ন্ত্ৰণৰ পৰা মুক্ত / কেন্দ্ৰৰ ভিতৰতে ৰাজ্যৰ স্বায়ত্ব শাসন)
উত্তৰঃ ৰাজ্যৰ অৰ্থনৈতিক নিয়ন্ত্ৰণৰ পৰা মুক্ত
২। তলত দিয়া ‘ক’ তালিকাত থকা নেতাৰ সৈতে ‘খ’ তালিকাত থকা দলৰ সৈতে মিলোৱা।
তালিকা ‘ক’ | তালিকা ‘খ’ |
|---|---|
(ক) এচ. এ. ডেঞ্জ (খ) শ্যামা প্রসাদ মুখার্জী (গ) মিনু মাচানী (ঘ) অশোক মেহতা | (i) ভাৰতীয় জনসংঘ (ii) স্বতন্ত্র দল (iii) প্রজা চছিয়েলিষ্ট দল (iv) ভাৰতীয় কমিউনিষ্ট দল |
উত্তৰঃ (ক) (iv); (খ) (i); (গ) (ii); (ঘ) (iii)
৩। তলত এক দলৰ আধিপত্য সম্পর্কে চাৰিটা বিবৰণ দিয়া হৈছে। এইকেইটাৰ ভিতৰত কোনটো শুদ্ধ অথবা কোনটো অশুদ্ধ চিনাক্ত কৰা।
(ক) শক্তিশালী বিকল্প ৰাজনৈতিক দল নথকাৰ বাবে এক দলৰ আধিপত্যতা বাৰুকৈ শিপাইছে।
উত্তৰঃ শুদ্ধ
(খ) দুৰ্বল জনমতৰ বাবে এক দলৰ আধিপত্যতাৰ উৎপত্তি হৈছে।
উত্তৰঃ শুদ্ধ
(গ) এক দলৰ আধিপত্যতা অতীত ঔপনিবেশিক ৰাষ্ট্ৰৰ লগত জড়িত।
উত্তৰঃ অশুদ্ধ
(ঘ) এক দলৰ আধিপত্যই এখন দেশৰ গণতান্ত্রিক আদৰ্শৰ অনুপস্থিতিটো সূচায়।
উত্তৰঃ শুদ্ধ
৪। যদি ভাৰতীয় জনসংঘ অথবা ভাৰতীয় কমিউনিষ্ট দলে প্রথম নিৰ্বাচনৰ পিছত চৰকাৰ গঠন কৰিলেহেঁতেন তেন্তে কি বিষয়ত চৰকাৰে গ্ৰহণ কৰা আঁচনিবোৰ পৃথক হ’লহেঁতেন? দুয়োটা দলৰ কাৰণে প্রত্যেকবে তিনিটা অমিল দেখুওৱা।
উত্তৰঃ ১৯৫২ চনত পোন প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত সাধাৰণ নির্বাচন অনুষ্ঠিত কৰা হয়। কংগ্ৰেছ দলে তিনি-চতুর্থাংশ আসন অধিকাৰ কৰি কেন্দ্ৰত চৰকাৰ গঠন কৰে। যদি ভাৰতীয় জনসংঘ অথবা সাম্যবাদী দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিলেহেঁতেন, তেন্তে তেওঁলোকৰ নীতি আৰু কাৰ্যসূচীৰ ভিন্নতা পৰিলক্ষিত হ’লহেঁতেন।
(ক) ভাৰতীয় জনসংঘঃ
(i) ভাৰতীয় জনসংঘই স্বতন্ত্র বৈদেশিক নীতিৰ পৃষ্ঠপোষকতা কৰিলেহেঁতেন। ই কোনো বিশ্বশক্তিৰ সৈতে সংযুক্ত নহ’লহেঁতেন। ভাৰতবৰ্ষই কংগ্ৰেছ শাসনাধিস্থ সময়ছোৱাত দুয়োটা বিশ্বশক্তিৰ সৈতে বন্ধুত্বসুলভ সম্পৰ্ক ৰক্ষা কৰাৰ চেষ্টা কৰিছিল।
(ii) ভাৰতীয় জনসংঘই ইংৰাজী ভাষা ত্যাগ কৰি সমগ্ৰ ভাৰতবৰ্ষতে হিন্দী ভাষাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিলেহেঁতেন। ই কেন্দ্ৰীয় চৰকাৰৰ বাবে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিলেহেঁতেন। কিয়নো উত্তৰ-পূৰ্বাঞ্চল অথবা দক্ষিণ ভাৰতৰ জনসাধাৰণে তেওঁলোকৰ ওপৰত হিন্দী ভাষা জাপি দিয়াটো নিবিচাৰে। এনে অঞ্চলত হিন্দীতকৈ ইংৰাজী ভাষাকে অধিক অগ্রাধিকাৰ দিয়া হয়।
(iii) ভাৰতীয় জনসংঘই সকলো ধৰণৰ ধৰ্মান্তৰণ নিষেধ কৰাৰ বাবে আইন প্রণয়ন কৰিলেহেঁতেন। খ্রীষ্টান মিশ্যনেৰীসকলক দেশ এৰি ঘৰমুৱা হ’বলৈ কোৱা হ’লহেঁতেন। তেওঁলোকে ধর্মীয় অথবা সাংস্কৃতিক সংখ্যালঘুসকলক কোনো ধৰণৰ বেহাই নিদিলেহেঁতেন।
(খ) সাম্যবাদী দল:
(i) স্বাধীনতাৰ পাছত কংগ্ৰেছ দলৰ পৰিৱৰ্তে সাম্যবাদী দলে চৰকাৰ গঠন কৰা হ’লে এই দলৰ চৰকাৰে দেশৰ শ্ৰমিকসকলৰ অৱস্থা উন্নীত কৰিবলৈ তাৎক্ষণিক ব্যবস্থা গ্রহণ কৰিলেহেঁতেন।
(ii) সাম্যবাদী দলে দেশত ভাব প্রকাশৰ সাধাৰণ মাধ্যম হিচাপে ইংৰাজী ভাষাৰ পৃষ্ঠপোষকতা কৰিলেহেঁতেন।
(iii) সাম্যবাদী দলে বাছিয়া আৰু চীন দেশৰ সৈতে নিকট সম্পর্ক প্রতিষ্ঠা কবিলেহেঁতেন।
৫। কি অর্থত কংগ্রেছ আদর্শগতভাবে সংযুক্ত আছিল? বর্তমান কংগ্ৰেছৰ ভিতৰত থকা বিভিন্ন আদর্শগত ভাৱধাৰা উল্লেখ কৰা।
উত্তৰঃ ১৮৮৫ চনৰ জন্মলগ্নৰে পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ ভিন্ন শ্ৰেণীৰ লোকেৰে গঠিত। প্ৰাৰম্ভিক অৱস্থাত দলটোত ইংৰাজী ভাষী, উচ্চ জাতিৰ, উচ্চ মধ্যবিত্ত শ্ৰেণীৰ লোকৰ প্রাধান্য অধিক
আছিল। ১৯৩০ চনৰ অসহযোগ আন্দোলনৰ সূত্রপাতৰ লগে লগে দলটোৰ সামাজিক পৰিসৰ বৃদ্ধি হ’ব ধৰে। এই আন্দোলনে বিভিন্ন গোট যেনে কৃষক, উদ্যোগপতি, চহৰৰ বাসিন্দা, গ্রামাঞ্চলৰ লোক, শ্রমিক, মধ্যবিত্ত শ্রেণী আৰু সকলো বর্গ তথা শ্ৰেণীৰ লোকক একগোট কৰি তোলে। মহাত্মা গান্ধীৰ নেতৃত্বত সকলোৱে এই দলত যোগদান কৰে। ক্রমান্বয়ে ইয়াৰ সদস্যপদ উচ্চ শ্রেণী আৰু সামাজিক মধ্যবিত্ত শ্ৰেণীৰ পেছাদাৰী লোকৰ মাজতে সীমাবদ্ধ নাৰাখি গ্রামাঞ্চলৰ লোক, ছাত্র আৰু বিভিন্ন ক্ষেত্ৰৰ পেছাদাৰী লোকলৈও আগবঢ়োবা হয়। ই স্বাধীনতাৰ সময়লৈকে বিভিন্ন শ্রেণী, জাতি, ধর্ম, ভাষা আৰু দিশক সামৰি ভাৰতৰ বৈচিত্র্যক বিস্তৃতভাবে প্রতিনিধিত্ব কৰিব পৰা সামাজিক মর্চা ৰূপত গঢ় লৈ উঠিছিল। ক্রমান্বয়ে এনে ভালেমান গোটে কংগ্ৰেছ দলৰ মাজত নিজৰ স্বকীয় পৰিচয় বিলীন কৰি দিয়ে যদিও ভালেমান ভিন্ন মতাদর্শ ধৰি থকা গোটে দলটোৰ মাজতে একোটা স্বকীয় গোট হিচাপে অস্তিত্ব বজাই ৰাখিবলৈ লয়। সময়ৰ লগে লগে কংগ্ৰেছ দলত বিপ্লবী আৰু শান্তিকামী সংৰক্ষণশীল আৰু সংস্কাৰকামী, চৰমপন্থী আৰু নৰমপন্থী, বাঁওপন্থী আৰু সোঁপন্থী আদি বিপৰীত ধর্মী গোটৰ সহাৱস্থান ঘটে। এনেদৰে পৰৱৰ্তী সময়ত কংগ্ৰেছ দল এক সাধাৰণ জাতীয় উদ্দেশ্যৰ বাবে কাম কৰা ভিন্ন মতাদৰ্শৰ গোটৰ বাবে ঐক্যমঞ্চৰ দৰে হৈ পৰে। প্ৰাক-স্বাধীনোত্তৰ কালছোৱাত এনে গোটসমূহে কংগ্ৰেছ দলৰ ভিতৰতে পৃথক সমষ্টি আৰু গাঁথনিবে অস্তিত্ব বজাই ৰাখিছিল। কিন্তু স্বাধীনোত্তৰ কালছোৱাত ইয়াৰে ভালেমান গোটে কংগ্রেছত বিলীন হয়। তাৰ বিপৰীতে কংগ্ৰেছৰ সৈতে আদর্শগত মতবিৰোধ থকা গোটে স্বাধীনতাৰ পিছত দল এৰি নিজাকৈ স্বতন্ত্র দল গঠন কৰে।
৬। প্রৱল এক দলৰ আধিপত্য ব্যবস্থাই বিপৰীত দিশে ভাৰতীয় ৰাজনীতিৰ গণতান্ত্রিক প্রকৃতি ক্ষতি কৰিছে নেকি?
উত্তৰঃ ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈ এটা দশকজুবি কংগ্ৰেছ দলে দেশখনৰ ৰাজনৈতিক প্রেক্ষাপটত আধিপত্য বিস্তাৰ কৰি থাকে। ১৯৫২,১৯৫৭ আৰু ১৯৬২ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি কেন্দ্ৰত চৰকাৰ গঠন কৰে। উক্ত কালছোৱাত বিৰোধী বুলিবলৈ কোনো নাছিল বুলি ক’ব পাৰি। ভাৰতীয় ৰাজনীতিৰ এই কালছোৱাত এক দলীয় প্রাধান্যৰ যুগ বুলি জনা যায়। পৰৱৰ্তী কালছোৱাত কংগ্ৰেছ চৰকাৰে মৰ্চা চৰকাৰ হিচাপে কেন্দ্ৰ আৰু ৰাজ্যত শাসন অব্যাহত বাখে। দেশৰ ৰাজনৈতিক ব্যৱস্থাত ই বিরূপ প্রভাৱ পেলায়। কংগ্রেছ শাসনত থকা হেতুকে বিৰোধী দলে দেশখন শাসন কৰা আৰু তেওঁলোকৰ নীতি আৰু কাৰ্যসূচী ৰূপায়ণ কৰাৰ খুব কম সুযোগ লাভ কৰে। ইয়াৰ ফলত ব্যৱস্থাটোত শোষণে ঠাই পায়। কেতবোৰ অদক্ষ ব্যক্তিয়েও মন্ত্রিত্ব লাভকৰে। সেই সময়ত বিৰোধী দলত ভালেমান দূৰদৰ্শী আৰু বাস্তৱ অভিজ্ঞতা থকা নেতা আছিল। এটামাত্ৰ দলৰ অত্যধিক আধিপত্যৰ ফলস্বৰূপে এনে নেতাই দেশ শাসন কৰাৰ সুযোগ লাভকৰিব নোৱাৰিলে। পৰিণতিত ভিন্ন ৰাজনৈতিক দর্শন থকা বিৰোধী দলৰ ভূমিকা হ্রাস পায়। এনেদৰে, একদলীয় প্রাধান্যৰ ফলত ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰখনত কেতবোৰ বিৰূপ প্রভাব পৰা পৰিলক্ষিত হয়।
৭। ছচিয়েলিষ্ট দল আৰু কমিউনিষ্ট দলৰ মাজত আৰু ভাৰতীয় জনসংঘ আৰু স্বতন্ত্ৰ দলৰ মাজত থকা প্ৰত্যেকৰে তিনিটাকৈ পার্থক্য দেখুওৱা।
উত্তৰঃ (ক) ছচিয়েলিষ্ট বা সমাজবাদী দল আৰু কমিউনিষ্ট বা সাম্যবাদী দল: সমাজবাদী আৰু সাম্যবাদী দলৰ মাজত থকা মূল পার্থক্যসমূহ এনেধৰণৰ:
(i) প্ৰাৰম্ভিক অৱস্থাত সমাজবাদী দলটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ এটা অংশ আছিল। কেইজনমান নবীন কংগ্রেছী নেতাৰ দ্বাৰা কংগ্ৰেছ দলৰ ভিতৰতে ১৯৩৪ চনত এই দল গঠিত হয়। ১৯৪৮ চনতহে ই এটা পৃথক দল হিচাপে স্থাপিত হয়। তেনেদৰে সাম্যবাদী
দলটোও প্ৰাৰম্ভিক অৱস্থাত কংগ্ৰেছ দলৰে এটা সৰু গোট আছিল। এলফ হিটলাৰৰ বিৰুদ্ধে ব্রিটিছক সমর্থন কৰা-নকৰা লৈ উত্থাপিত হোৱা বিবাদক লৈ এই দলে ১৯৪১ চনত কংগ্ৰেছ দলৰ পৰা ওলাই আহে। এক কথাত ক’বলৈ হ’লে সাম্যবাদী দলে কংগ্ৰেছ দলৰ পৰা সমাজবাদী দলৰ আগতেই ওলাই আহে।
(ii) সমাজবাদী দলৰ দৰে নহৈ সাম্যবাদী দলটো সু-সংগঠিত আছিল। একেবাৰে নিম্ন শ্ৰেণীৰ পৰা আৰম্ভ কৰি একেবাৰে উচ্চ পৰ্যায়লৈ এই দলৰ সু-বিকশিত সাংগঠনিক নেতা আছিল। খুব কম সময়ৰ ভিতৰতে এই দলে সমগ্ৰ ভাৰতবৰ্ষতে শাখা গঠন কৰিবলৈ সক্ষম হৈছিল। – ১৯৫২ বৰ্ষৰ সাধাৰণ নির্বাচনত এই দলে ১৬ খনকৈ আসন পাবলৈ সক্ষম হৈছিল। আনহাতে সমাজবাদী দল বেছিদুৰ শিপাব পৰা নাছিল। সাম্যবাদী দলৰ দৰে ই প্রথম তিনিটা সাধাৰণ নিৰ্বাচনত অধিক আসন দখল কৰিবলৈ সক্ষম হোৱা নাছিল।
(iii) সমাজবাদী দলে শান্তিপূর্ণ সাংবিধানিক পদ্ধতিৰে নিজৰ লক্ষ্যত উপনীত হোৱাৰ পন্থাত বিশ্বাস ৰাখিছিল। তাৰ বিপৰীতে সাম্যবাদী দলে শান্তিপূর্ণ আৰু হিংসাপূর্ণ দুয়োটা পদ্ধতি ব্যৱহাৰ কৰি নিজৰ ৰাজনৈতিক লক্ষ্য সিদ্ধ কৰাত বিশ্বাসী আছিল।
(খ) ভাৰতীয় জনসংঘ আৰু স্বতন্ত্র দল: ভাৰতীয় জনসংঘ আৰু স্বতন্ত্ৰ দলৰ মাজত থকা মূল পাৰ্থক্য এনেধৰণৰ:
(i) ভাৰতীয় জনসংঘই এখন দেশ, এটা জাতি আৰু এটা পৰম্পৰাৰ আদৰ্শ অনুসৰণ কৰিছিল। তাৰ বিপৰীতে স্বতন্ত্র দলে জাতি, ধর্ম, বর্ণ আৰু অঞ্চল নির্বিশেষে সকলোকে সমান সুবিধা প্রদান কৰাত বিশ্বাস কৰিছিল।
(ii) ভাৰতীয় জনসংঘই জনসাধাৰণৰ উন্নতিৰ বাবে কেতবোৰ উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণৰ কাৰণে সমৰ্থন কৰিছিল। তাৰ বিপৰীতে অৰ্থনৈতিক কার্যকলাপৰ বাবে ব্যক্তি সকলক সর্বোচ্চ স্বাধীনতা প্ৰদান কৰাৰ সপক্ষে আছিল আৰু দেশৰ অৰ্থনৈতিক কার্যকলাপত ৰাজ্যৰ হস্তক্ষেপ হ্রাস কৰাটো বিচাৰিছিল।
(iii) ভাৰতে বিশ্বৰ অইন শক্তিৰ সৈতে যোগ দিয়াটো ভাৰতীয় জনসংঘই বিচৰা নাছিল। এই দলে ভাৰতবৰ্ষই এক স্বতন্ত্র বৈদেশিক নীতি অনুসৰণ কৰাটো বিচাৰিছিল। ই ভাৰতৰ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ চেষ্টাক সমর্থন দিছিল। আনহাতে স্বতন্ত্র দলে গোষ্ঠী নিৰপেক্ষ নীতি অনুসৰণত বিশেষ একো লাভ দেখা নাছিল। ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক ঘনিষ্ঠ কৰাটো বিচাৰিছিল।
৮। একদলীয় আধিপত্যৰ অধীনত ভাৰত আৰু মেক্সিকোৰ ক্ষেত্ৰত কি প্রধান পার্থক্য থকা বুলি তুমি বিবেচনা কৰিবা?
উত্তৰঃ ভাৰত আৰু মেক্সিকো দুয়োখন দেশেই একদলীয় শাসনৰ অভিজ্ঞতা লাভ কৰিছিল। ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈ কংগ্ৰেছ দলৰ আধিপত্যই উক্ত সময়ছোৱাৰ ভাৰতীয় ৰাজনীতিৰ মুখ্য বৈশিষ্ট্য ‘আছিল। মেক্সিকোতো প্রায়ে একে পৰিস্থিতিৰ উদ্ভৱ হৈছিল। ছটা দশকতকৈয়ো অধিক কাল আনুষ্ঠানিক বিপ্লবী দলে দেশখনৰ ৰাষ্ট্ৰীয় পৰিক্ৰমা নিয়ন্ত্ৰণত ৰাখিছিল। দুয়োটা অভিজ্ঞতাৰে মূল পাৰ্থক্য এনে ধৰণৰ আছিল:
(ক) কংগ্ৰেছৰ দ্বাৰা এক দলীয় আধিপত্য মাত্র এটা দশকহে চলিছিল। আনহাতে মেক্সিকোত এনে আধিপত্য ছটা দশকলৈ বর্তি আছিল।
(খ) মেক্সিকোৰ একদলীয় আধিপত্যৰ সময়ত অইন দলসমূহ কেৱল নামতহে আছিল, সিঁহতৰ কোনো ভূমিকা নাছিল। সকলো পৰিক্ৰমা শাসকীয় দলে নিয়ন্ত্রণ কৰিছিল। কিন্তু ভাৰতত অন্য দলো বিদ্যমান আছিল আৰু তেনে দলে নির্বাচনত ভাগ লৈ বিধানসভালৈ নির্বাচিত হ’ব পাৰিছিল।
(গ) ভাৰতৰ শাসকীয় দলে অসাধু উপায় যেনে ৰিগিং কৰি অথবা বাহুবল প্রদর্শন কৰি নিৰ্বাচনত জয়ী হোৱা নাছিল। সাধাৰণ সুস্থ উপায়েৰে দলটোরে শাসনলৈ আহিছিল। কিন্তু মেক্সিকোৰ ক্ষেত্রত এনে হোৱা নাছিল। নির্বাচনত অসাধু উপায় অবলম্বন কৰি বিপ্লবী দলে শাসনত অধিষ্ঠিত হৈছিল।
(ঘ) ছটা দশকজোৰা একদলীয় শাসনে মেক্সিকোত গণতান্ত্রিক বিকাশত বাৰুকৈয়ে প্রভাব পেলাইছিল। ভাৰতত কংগ্ৰেছ দলৰ শাসনে দেশখনত গণতান্ত্রিক অনুশীলনৰ শ্ৰীবৃদ্ধিত অৰিহণা যোগাইছিল।
৯। ভাৰতৰ ৰাজনৈতিক মানচিত্র এখন লোৱা আৰু চিন দিয়া:
(ক) ১৯৫২-৬৭ ৰ কালছোৱাৰ দুখন ৰাজ্য য’ত কেতবোৰ সময়ত কংগ্ৰেছ দল শাসনত নাছিল।
(খ) এই সময়ৰে দুখন ৰাজ্য য’ত কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিছিল।
[দ্রষ্টব্য: ছাত্র-ছাত্রীসকলে নিজে চেষ্টা কৰিব।]
১০। তলত দিয়া কথাফাঁকি পঢ়া আৰু তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া।
পেটেল কংগ্ৰেছৰ সাংগঠনিক ব্যক্তি, তেওঁ অন্য ৰাজনৈতিক দলৰ ভিতৰত কংগ্ৰেছক নিকা কৰিব বিচাৰিছিল আৰু ইয়াক এটা সুশিক্ষিত আৰু একগোট হৈ থকা ৰাজনৈতিক দল হিচাপে গঢ়ি তুলিব বিচাৰিছিল। তেওঁ… কংগ্রেছক আঁকোৱালী লোৱা চৰিত্ৰটোৰ পৰা আঁতৰত ৰাখিব বিচাৰিছিল আৰু অনুশাসনত থকা সদস্যসকলৰ কাৰণে ইয়াক এটা নিচেই ওচৰৰ দললৈ পৰিৱৰ্তন কৰিব বিচাৰিছিল। সত্যবাদী হিচাপে তেওঁ বহুত বুজিব পৰা শিক্ষাৰ পৰিৱৰ্তে ব্যৱহাৰিক শাসন প্ৰণালীৰ প্ৰতিহে দৃষ্টি দিছিল। এটা মুহূর্ত কঢ়িয়াই নিয়া ছবিত যেতিয়া গান্ধীজী খুব আবেগিক হৈ পৰিছিল, “পেটেলৰ আকৃতি পৰিৱৰ্তনৰ ধাৰণাই কংগ্ৰেছ এক আদৰ্শৰ সৈতে এটা দৃঢ় ৰাজনৈতিক দল আৰু দৃঢ় অনুশাসনে সকলোকে সমানে বুজাব পৰা নিয়মৰ অভাৱক দেখুৱাইছিল, কংগ্ৰেছৰ চৰকাৰ হিচাপে কাম এটা সমাধা কৰিবলৈ এটা যুগক অনুসৰণ কৰিছিল”- ৰজনী কোঠাৰী।
(ক) লেখকে কিয় ভাবিছিল যে কংগ্রেছ এটা একগোট হৈ থকা আৰু অনুশাসনযুক্ত দল হ’ব নোৱাৰে?
উত্তৰঃ চৰ্দাৰ বল্লভ ভাই পেটেলে কংগ্রেছক এক নির্দিষ্ট আদৰ্শৰ অনুসৰণ কৰা এটা সংহত আৰু অনুশাসনযুক্ত ৰাজনৈতিক দল হিচাপে গঢ়ি তুলিব বিচাৰিছিল। কিন্তু লিখকে অইন পন্থাহে উত্তম হ’লহেঁতেন বুলি ভাবে। দলটো জনতাৰ দল হিচাপে বিভিন্ন গোষ্ঠীক প্রতিনিধিত্ব কৰা দল হিচাপে গঢ়ি তোলাটো তেওঁ বিচাৰিছিল। মহাত্মা গান্ধীয়ে হাবিয়াহ কৰাৰ দৰে ‘বহুত্ব’- এই দলটোৰ উচ্চ গুণমান নির্দেশক চিহ্নত পৰিণত হোৱা বিধেয়।
(খ) প্ৰাৰম্ভিক অবস্থাত কংগ্ৰেছ চৰকাৰে পালন কৰা উদাৰ ভূমিকাৰ কেতবোৰ উদাহৰণ দিয়া।
উত্তৰঃ উচ্চ মধ্যবিত্ত শ্ৰেণীৰ শিক্ষিত লোকৰ দ্বাৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো গঠিত হৈছিল। অৱশ্যে, মহাত্মা গান্ধীৰ আগমনৰ লগে লগে আৰু তেওঁৰ জনজাগৰণ ঘটোৱা আন্দোলন যেনে ১৯২০ চনৰ অসহযোগ আন্দোলন, ১৯৩০ ৰ আইন অমান্য আন্দোলন আদিয়ে কংগ্ৰেছ দলৰ পৰিসৰ বঢ়াই উদ্যোগপতি, শ্রমিক, খেতিয়ক, শিক্ষক, উকীল, সৰ্বসাধাৰণ, ছাত্র-ছাত্রী আদিকো সামৰি লয়। এক কথাত ই হৈ পৰে সকলো শ্ৰেণীৰ লোকৰে এটা দল।
(গ) লেখকে কিয় কৈছিল যে কংগ্ৰেছৰ সম্পৰ্কে গান্ধীজীৰ মতামত “ভবিষ্যত আবেগিক আছিল”?
উত্তৰঃ ১৯১৯ চনত ৰাজনীতিলৈ অহা মহাত্মা গান্ধীয়ে কংগ্ৰেছ দলক সৰ্বসাধাৰণৰ দল হিচাপে
গঢ়ি তুলিব বিচাৰিছিল। তেওঁ অনুশাসন বর্তাই ৰখাত অথবা সু-সংগঠিত হিচাপে দলটোক গঢ় দিয়াত মনোযোগ দিয়া নাছিল। মানুহে যোগ দিব খোজা এটা জনপ্রিয় আৰু বমন্যাসিক দল হিচাপে কংগ্ৰেছ দলটোক গঢ় দিবলৈ তেওঁ ইচ্ছুক আছিল।
এক দলীয় প্রাধান্যৰ যুগ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



