Class 12 Economics Chapter 10 চৰকাৰী বাজেট আৰু আৰ্থিক ব্যৱস্থা Solutions | AHSEC (ASSEB) | Assamese Medium

Class 12

Class 12 Economics Chapter 10 – চৰকাৰী বাজেট আৰু আৰ্থিক ব্যৱস্থা – All Question Solutions | AHSEC (ASSEB) Assamese Medium

দ্বাদশ শ্ৰেণী অৰ্থনীতি – চৰকাৰী বাজেট আৰু আৰ্থিক ব্যৱস্থা (চেপ্টাৰ ১০)ৰ সম্পূৰ্ণ সমাধান – AHSEC (ASSEB) – Assamese Medium

এই অধ্যায়ত চৰকাৰী বাজেটৰ সংজ্ঞা, উপাদান আৰু অৰ্থনৈতিক ভূমিকা বিস্তারিতভাৱে আলোচনা কৰা হৈছে। বাজেটৰ ধাৰণাৰ অধীনত ৰাজহ বাজেট আৰু মূলধনী বাজেটৰ পাৰ্থক্য, উদ্বৃত্ত বাজেট, ঘাটি বাজেট আৰু সুষম বাজেটৰ অৰ্থৰ ব্যাখ্যা দিয়া হৈছে। লগতে চৰকাৰী বাজেটৰ উপাদানসমূহৰ বিষয়ে আৰু আৰ্থিক ব্যৱস্থাৰ মূল ভিত্তিসমূহৰ ওপৰত ব্যাখ্যা দিয়া হৈছে। AHSEC (ASSEB) দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ সৈতে সংগতি ৰাখি অনুশীলনী প্ৰশ্নোত্তৰ সমাধানসহ সাজি তোলা হৈছে। Chapter QR Code: E12M10

✅ কি শিকিব:

  • চৰকাৰী বাজেটৰ সংজ্ঞা আৰু অৰ্থ
  • ৰাজহ বাজেট আৰু মূলধনী বাজেটৰ পাৰ্থক্য
  • উদ্বৃত্ত বাজেট, ঘাটি বাজেট আৰু সুষম বাজেটৰ ধাৰণা
  • চৰকাৰী বাজেটৰ উপাদানসমূহ
  • আৰ্থিক ব্যৱস্থাৰ মূল কাঠামো আৰু চৰকাৰৰ ভূমিকা

🎯 অস্পীন একাডেমীৰ সুবিধা:

  • AHSEC (ASSEB) দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ অনুসৰি সমাধান
  • সহজ ভাষাত বুজাব পৰা বিস্তারিত ব্যাখ্যা
  • প্ৰশ্নোত্তৰ আৰু মডেল প্ৰশ্নসহ পৰীক্ষাৰ বাবে সমগ্ৰ প্ৰস্তুতি
  • অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে বিশেষ সহায়
Vibrant Note Box
Buy Printable PDF
class 12
Class 12 Economics (সমষ্টিবাদী অর্থবিজ্ঞান পৰিচয়) AHSEC | Assamese Medium Chapter-wise Solutions PDF
Original price was: ₹199.00.Current price is: ₹49.00.

Special Offer!

Get thorough preparation for Class 12 Economics (Introductory Macroeconomics) Assamese Medium with the latest AHSEC syllabus chapter-wise solutions PDF.
Includes detailed textual answers, definitions, solved problems, and explanations in Assamese.
Ideal for self-study and exam revision.

Vibrant Note Box
Chapter 10 – চৰকাৰী বাজেট আৰু আৰ্থিক ব্যৱস্থা

গোট-IV

অধ্যায়-10

চৰকাৰী বাজেট আৰু আৰ্থিক ব্যৱস্থা

(Government Budget and the Economy)

1. চৰকাৰী বাজেট কি?

উত্তৰঃ চৰকাৰী বাজেট হৈছে অহা বিত্তীয় বৰ্ষৰ বাবে চৰকাৰৰ অনুমানসিদ্ধ প্ৰাপ্তি আৰু আনুমানিক ব্যয়সমূহ দেখুওৱা এক বিত্তীয় বিৱৰণ বা পত্ৰ।

2. ​বাজেটৰ লক্ষ্যসমূহ কি?

উত্তৰঃ বাজেটৰ প্ৰাথমিক উদ্দেশ্য বা লক্ষ্যসমূহ হৈছে:

(i) সম্পদসমূহৰ পুনৰাৱণ্টন

(ii) আয় আৰু সম্পত্তিৰ পুনৰ্বণ্টন

(iii) অৰ্থনৈতিক স্থিৰতা অটুট ৰখা

(iv) ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ সু-পৰিচালনা

(v) অৰ্থনৈতিক উন্নয়ন সাধন

(vi) আঞ্চলিক বৈষম্যসমূহ হ্ৰাস কৰা

3. ​বাজেটৰ উপাদান দুটা কি?

উত্তৰঃ বাজেটৰ প্ৰধান উপাদান দুটা হৈছে:

(i) ৰাজহ বাজেট (Revenue Budget)

(ii) মূলধনী বাজেট (Capital Budget)

4. ​ৰাজহ বাজেট কিহেৰে গঠিত?

উত্তৰঃ ৰাজহ বাজেট চৰকাৰৰ দ্বাৰা আহৰণ কৰা ৰাজহ প্ৰাপ্তিসমূহ আৰু সেইবোৰৰ বিপৰীতে কৰা ৰাজহ ব্যয়ৰ যোগেদি গঠিত হয়।

5. ​মূলধনী বাজেট কিহেৰে গঠিত?

উত্তৰঃ মূলধনী বাজেট মূলধনৰ সৈতে জড়িত প্ৰাপ্তিসমূহ আৰু মূলধনী ব্যয়সমূহৰ দ্বাৰা গঠিত হয়।

6. ​ৰাজহ প্রাপ্তি কি?

উত্তৰঃ ৰাজহ প্ৰাপ্তি হৈছে চৰকাৰে লাভ কৰা তেনেবোৰ ধনৰাশি, যিবোৰে কোনো নতুন বিত্তীয় দায়বদ্ধতাৰ সৃষ্টি নকৰে বা কোনো পৰিস্থিতিতে চৰকাৰৰ পৰিসম্পদৰ পৰিমাণ হ্ৰাস নকৰে।

7. ​মূলধন প্রাপ্তি কি?

উত্তৰঃ মূলধন প্ৰাপ্তি হৈছে চৰকাৰৰ সেই প্ৰাপ্তিসমূহ, যিবোৰে চৰকাৰৰ ওপৰত বিত্তীয় দায়বদ্ধতাৰ সৃষ্টি কৰে অথবা পৰিসম্পদৰ পৰিমাণ হ্ৰাস কৰে।

8. ​ৰাজহ ব্যয় কি?

উত্তৰঃ ৰাজহ ব্যয় হৈছে সেইবোৰ ব্যয় যিয়ে চৰকাৰৰ বাবে কোনো নতুন পৰিসম্পদ সৃষ্টি নকৰে অথবা চৰকাৰৰ কোনো বিত্তীয় দায়বদ্ধতা হ্ৰাস নকৰে।

9. ​মূলধনী ব্যয় কি?

উত্তৰঃ মূলধনী ব্যয় হৈছে সেইবোৰ ব্যয় যিয়ে নতুন পৰিসম্পদৰ সৃষ্টি কৰে আৰু/বা চৰকাৰৰ বিত্তীয় দায়বদ্ধতাৰ পৰিমাণ হ্ৰাস কৰে।

10. ​কৰ কি?

উত্তৰঃ কৰ হৈছে চৰকাৰৰ দ্বাৰা বাধ্যতামূলকভাৱে আৰোপ কৰা এক প্ৰকাৰৰ অৰ্থনৈতিক দেনা।

11. ​প্রত্যক্ষ কৰ কি?

উত্তৰঃ প্ৰত্যক্ষ কৰ বুলিলে সেইবিধ কৰক সূচায়, যাৰ আৰ্থিক প্ৰভাৱ আৰু প্ৰকৃত কৰভাৰ একেজন ব্যক্তিৰ ওপৰতে পৰে আৰু স্থানান্তৰ কৰিব নোৱাৰি।

12. ​পৰোক্ষ কৰ কি?

উত্তৰঃ পৰোক্ষ কৰ হৈছে সেইবিধ কৰ, যাৰ প্ৰভাৱ এজন ব্যক্তিৰ ওপৰত পৰে যদিও ইয়াৰ চূড়ান্ত কৰভাৰ আন এজন ব্যক্তিৰ ওপৰত পৰিব পাৰে।

13. ​অনাকৰ প্ৰাপ্তি বুলিলে কি বুজায়?

উত্তৰঃ অনাকৰ প্ৰাপ্তি বুলিলে কৰৰ জৰিয়তে পোৱা প্ৰাপ্তিৰ উপৰিও চৰকাৰে আহৰণ কৰা সকলোবোৰ ৰাজহ প্ৰাপ্তিক সূচায়।

14. ​চৰকাৰী বাজেটৰ “সম্পদসমূহৰ পুনঃ আৱন্টন” লক্ষ্যটোৰ ব্যাখ্যা কৰা।

উত্তৰঃ চৰকাৰে নিজৰ বাজেট সম্পৰ্কীয় নীতিৰ মাধ্যমেৰে সম্পদসমূহৰ আৱণ্টন এনেধৰণেৰে পৰিচালিত কৰে যাতে অৰ্থনীতিত মুনাফা (লাভ) সর্বোচ্চকৰণ আৰু সমাজৰ সামগ্ৰিক কল্যাণৰ মাজত এক উচিত ভাৰসাম্যতা বজাই ৰাখিব পৰা যায়। যিবোৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ড আগবাঢ়ি নাহে, সেইবোৰত বিনিয়োগক উৎসাহিত কৰিবলৈ চৰকাৰে কৰৰ হাৰ কমাব পাৰে আৰু ৰাজসাহায্য (subsidy) প্ৰদান কৰিব পাৰে। আনহাতে, সামাজিক জীৱনৰ বাবে ক্ষতিকাৰক বা হানিকাৰক সামগ্ৰীৰ উৎপাদনৰ ওপৰত গধুৰ কৰ আৰোপ কৰি ইয়াক নিৰুৎসাহিত কৰা হয়।

15. চৰকাৰী বাজেটে আর্থিক ব্যৱস্থা এটাত আয়ৰ নিকা বিতৰণৰ ক্ষেত্ৰত কেনেদৰে সহায় কৰিব পাৰে ব্যাখ্যা কৰা।

উত্তৰঃ আর্থিক ব্যৱস্থা এটাত আয়ৰ নিকা বা নিৰপেক্ষ বিতৰণৰ বাবে চৰকাৰৰ বাজেট নীতিসমূহ হৈছে আয়ৰ অসমতাসমূহ হ্রাস কৰাৰ উপযোগী মাধ্যম। এইক্ষেত্রত চৰকাৰে কৰ নীতি আৰু ৰাজহুৱা ব্যয়ক এক আহিলা হিচাপে ব্যৱহাৰ কৰিব পাৰে। চৰকাৰে গধুৰ কৰ আৰোপৰ দ্বাৰা ধনীসকলৰ সা-সম্পত্তি আৰু ব্যৱহাৰোপযোগী আয় হ্রাস কৰিব পাৰে, আৰু দুখীয়াসকললৈ মুক্ত সেৱা প্ৰদান কৰাৰ ক্ষেত্রত অধিক খৰছ কৰিব পাৰে। ই দুখীয়াসকলৰ ব্যৱহাৰোপযোগী আয় বৃদ্ধি কৰাৰ লগতে কল্যাণ সাধন কৰিব পাৰে।

16. বাজেট ঘাটি কি?

উত্তৰঃ মুঠ আনুমানিক ৰাজহৰ তুলনাত মুঠ আনুমানিক ব্যয়ৰ পৰিমাণ অধিক হ’লে তাক বাজেট ঘাটি বুলি কোৱা হয়।,

17. শূন্য প্রাথমিক ঘাটিয়ে কি সূচায়?

উত্তৰঃ শূন্য প্রাথমিক ঘাটিৰ অৰ্থ হৈছে যে চৰকাৰে কেৱল সুদ পৰিশোধ কৰিবলৈহে ধাৰ বা ঋণৰ সহায় ল’ব লাগিব।

18. বাজেটৰ বিভিন্ন প্রকাৰসমূহ কি কি?

উত্তৰঃ বাজেটৰ বিভিন্ন প্ৰকাৰসমূহ হৈছেঃ

(i) সুষম বাজেট (Balanced Budget): চৰকাৰী বাজেট এখনত যদি চৰকাৰৰ আনুমানিক ব্যয় ইয়াৰ সুষম প্রাপ্তিৰ সমান হয় তেতিয়া বাজেটখনক ভাৰসাম্য বাজেট বুলি কোৱা হয়।

(ii) ৰাহি বাজেট (Surplus Budget): যদি চৰকাৰী বাজেটত আনুমানিক মুঠ চৰকাৰী বাজেট আৰু আর্থিক ব্যৱস্থা চৰকাৰী আয়ৰ পৰিমাণ আনুমানিক মুঠ ব্যয়ৰ পৰিমাণতকৈ অধিক হয় তেতিয়া সেই বাজেটখনক ৰাহি বাজেট বুলি কোৱা হয়।

(iii) ঘাটি বাজেট (Deficit Budget): যদি চৰকাৰী বাজেটত আনুমানিক মুঠ চৰকাৰী আয়ৰ তুলনাত আনুমানিক মুঠ চৰকাৰী ব্যয় অধিক হয় তেতিয়া সেই বাজেটখনক ঘাটি বাজেট বুলি কোৱা হয়।

19. বাজেটীয় ঘাটিৰ প্ৰকাৰ তিনিটা কি কি?

উত্তৰঃ বাজেটীয় ঘাটিৰ প্ৰকাৰ তিনিটা হৈছেঃ

(i) ৰাজহ ঘাটি (Revenue deficit): বিত্তীয় বর্ষ এটাত চৰকাৰী ৰাজহ ব্যয়ৰ পৰিমাণ চৰকাৰী ৰাজহ প্রাপ্তিতকৈ অধিক হ’লে তাক ৰাজহ ঘাটি বুলি কোৱা হয়।

ৰাজহ ঘাটি = ৰাজহ ব্যয় – ৰাজহ প্রাপ্তি

(ii) বিত্তীয় ঘাটি (Fiscal deficit): বিত্তীয় বর্ষ এটাত সৰ্বমুঠ চৰকাৰী ব্যয় সৰ্বমুঠ চৰকাৰী প্ৰাপ্তিতকৈ অধিক হ’লে তাক বিত্তীয় ঘাটি বুলি কোৱা হয়।

বিত্তীয় ঘাটি = মুঠ ব্যয় – মুঠ ব্যয় – মুঠ প্রাপ্তি

(iii) প্রাথমিক ঘাটি (Primary deficit): চলিত বৰ্ষৰ বিত্তীয় ঘাটি আৰু আগৰ ঋণৰ বাবদ পৰিশোধিত সুদৰ পৰিমাণৰ মাজত থকা পার্থক্যকে প্রাথমিক ঘাটি বুলি জনা যায়।

প্রাথমিক ঘাটি = বিত্তীয় ঘাটি – সুদ পৰিশোধ।

20. বিত্তীয় ঘাটি আৰু প্ৰাথমিক ঘাটিৰ মাজত পার্থক্য দর্শোৱা।

উত্তৰঃ বিত্তীয় ঘাটি আৰু প্ৰাথমিক ঘাটিৰ মাজৰ পাৰ্থক্যসমূহ হৈছেঃ

ক্রমিক নং

পার্থক্যৰ ভিত্তি

বিত্তীয় ঘাটি

প্রাথমিক ঘাটি

(i)

অর্থ

ই সৰ্বমুঠ চৰকাৰী আয়তকৈ সৰ্বমুঠ ব্যয় অধিক হোৱাটো প্রদর্শন কৰে।

ই বিত্তীয় ঘাটি আৰু সুদ পৰিশোধৰ পৰিমাণৰ মাজত পার্থক্য দর্শায়।

(ii)

সূচক

ই সুদকে ধৰি চৰকাৰৰ মুঠ ঋণৰ আৱশ্যকতাসমূহক সূচায়

ই সুদৰ পৰিমাণ বাদ দি চৰকাৰৰ মুঠ ঋণৰ আৱশ্যকতাবোৰক সূচায়।

(iii)

সূত্র

বিত্তীয় ঘাটি = মুঠ ব্যয় – ধাৰ বা ঋণক বাদ মুঠ প্রাপ্তি

প্রাথমিক ঘাটি = বিত্তীয় ঘাটি – পৰিশোধিত সুদৰ পৰিমাণ

21. ৰাজহ প্রাপ্তি আৰু মূলধন প্রাপ্তিৰ মাজত পাৰ্থক্য দর্শোৱা।

উত্তৰঃ ৰাজহ প্রাপ্তি আৰু মূলধন প্রাপ্তিৰ মাজত থকা পার্থক্যসমূহ হৈছেঃ

ক্রমিক নং

পার্থক্যৰ ভিত্তি

বিত্তীয় প্রাপ্তি

মূলধন প্রাপ্তি

(i)

অর্থ

এইবোৰে কোনো আর্থিক দায়ৱদ্ধতা বা চৰকাৰী পৰিসম্পত্তিৰ সৃষ্টি নকৰে।

এইবোৰে চৰকাৰৰ কোনো পৰিসম্পদ বা আর্থিক দায়ৱদ্ধতাৰ সৃষ্টি কৰে।

(ii)

প্রকৃতি

এইবোৰ প্ৰকৃতিত নিয়মীয়া আৰু আবর্তক হয়।

এইবোৰ প্ৰকৃতিত অনিয়মীয়া অনা-আবর্তক হয়।

(iii)

ভৱিষ্যতৰ কর্তব্য বা বাধ্যতা

ইয়াত ধনৰাশি ঘূৰাই দিয়াৰ ভবিষ্যৎ কর্তব্য বা বাধ্যতা

নাথাকে।

নির্দিষ্ট কিছুমান মূলধন প্রাপ্তিৰ ক্ষেত্রত সুদৰ সৈতে মূল ধনৰাশি ঘুৰাই দিয়াৰ ভৱিষ্যৎ কর্তব্য থাকে।

(iv)

উদাহৰণ

কৰ, মাচুল

ঋণ, নির্বিনিয়োগ

22. প্রত্যক্ষ কৰ আৰু পৰোক্ষ কৰৰ মাজত পার্থক্য দর্শোৱা।

উত্তৰঃ প্রত্যক্ষ কৰ আৰু পৰোক্ষ কৰৰ মাজৰ পাৰ্থক্যসমূহ হৈছেঃ

ক্রমিক নং

পার্থক্যৰ ভিত্তি

প্রত্যক্ষ কৰ

পৰোক্ষ কৰ

(i)

প্রভাৱ

প্রত্যক্ষ কৰ ব্যক্তি আৰু কোম্পানীৰ ওপৰত আৰোপ কৰা হয়।

পৰোক্ষ কৰসমূহ সামগ্ৰী আৰু সেৱাসমূহৰ ওপৰত আৰোপ কৰা হয়।

(ii)

দায়িত্বভাৰৰ স্থানান্তৰণ

প্ৰত্যক্ষ কৰৰ দায়িত্বভাৰ স্থানান্তৰণ কৰিব নোৱাৰি বা আনলৈ ঠেলি দিব নোৱাৰি।

পৰোক্ষ কৰৰ দায়িত্বভাৰ স্থানান্তৰণ কৰিব পাৰি, অৰ্থাৎ আনলৈ ঠেলি দিব পাৰি।

(iii)

প্রকৃতি

এইবোৰ সাধাৰণতে প্রগতিশীল প্রকৃতিৰ।

এইবোৰ সাধাৰণতে আনুপাতিক প্ৰকৃতিৰ।

(iv)

ব্যাপ্তি

এইবোৰৰ ব্যাপ্তি সীমিত, যিহেতু এইবোৰে আৰ্থিক ব্যৱস্থাৰ সকলো শ্রেণীকে ঢুকি নাপায়।

এইবোৰে যিহেতু সমাজৰ সকলো শ্রেণীকে ঢুকি পায় সেয়ে এইবোৰৰ ব্যাপ্তি বহল পৰিসৰৰ।

(v)

উদাহৰণ

আয় কৰ, নিগম কৰ।

দ্রব্য ‘আৰু সেৱা কৰ, সীমা শুল্ক।

23. ৰাজহ ঘাটি আৰু বিত্তীয় ঘাটিৰ মাজত পার্থক্য দর্শোৱা।

উত্তৰঃ ৰাজহ ঘাটি আৰু বিত্তীয় ঘাটিৰ মাজৰ পাৰ্থক্যসমূহ হৈছেঃ

ক্রমিক নং

পার্থক্যৰ ভিত্তি

ৰাজহ ঘাটি

বিত্তীয় ঘাটি

(i)

অর্থ

ৰাজহ ঘাটিয়ে ৰাজহ প্রাপ্তিতকৈ ৰাজহ ব্যয় অধিক হোৱাটোকে দর্শায়

বিত্তীয় ঘাটিয়ে ঋণ বা ধাৰক বাদ দি লাভ কৰা মুঠ প্রাপ্তিতকৈ মুঠ ব্যয় অধিক হোৱাটোক দর্শায়।

(ii)

সূচক

ই চৰকাৰৰ নিয়মীয়া তথা আৱৰ্তী ব্যয় পূৰণ কৰাৰ ক্ষেত্ৰত দেখা দিয়া ইয়াৰ অসক্ষমতাৰ পৰিমাপ কৰে।

ই চৰকাৰৰ দ্বাৰা কৰা মুঠ ধাৰৰ পৰিমাপ কৰে।

(iii)

উৎস

চৰকাৰে এই ঘাটি মূলধন প্রাপ্তিৰ পৰা পূৰণ কৰিব লাগে।

চৰকাৰে ঋণ আৰু ঘাটি বিত্তায়নৰ পৰা এই ঘাটি পূৰণ কৰিব লাগে।

24. ৰাজহ প্ৰাপ্তিৰ উৎসসমূহ কি কি?

উত্তৰঃ ৰাজহ প্ৰাপ্তিক মূলতঃ দুটা ভাগত শ্ৰেণীভুক্ত কৰিব পাৰি:

(i) কৰ ৰাজহ

(ii) অনাকৰ ৰাজহ

​কৰ ৰাজহ

কৰ ৰাজহে চৰকাৰে আৰোপ কৰা কৰ আৰু বিভিন্ন শুল্কসমূহৰ মুঠ সংগ্ৰহক সূচায়। কৰ ৰাজহক পুনৰ তলত দিয়া ধৰণে ভাগ কৰা হয়:

(i) প্ৰত্যক্ষ কৰ: এইবোৰ হৈছে ব্যক্তিগত আৰু কোম্পানীসমূহৰ আয় বা সম্পত্তিৰ ওপৰত আৰোপ কৰা কৰ। ইয়াৰ আৰ্থিক প্ৰভাৱ আৰু চূড়ান্ত কৰভাৰ একেজন ব্যক্তিৰ ওপৰতে পৰে, অৰ্থাৎ এই কৰ আনলৈ স্থানান্তৰ কৰাটো সম্ভৱ নহয়।

(ii) পৰোক্ষ কৰ: এইবোৰে তেনে কৰক বুজায়, যাৰ আৰ্থিক প্ৰভাৱ আৰু কৰভাৰ বিভিন্ন ব্যক্তিৰ ওপৰত পৰে। এইবোৰ বস্তু আৰু সেৱাসমূহৰ ওপৰত লগোৱা হয় আৰু ইয়াৰ বোজা আনৰ ওপৰত জাপি দিব পাৰি।

​অনাকৰ ৰাজহ

অনাকৰ ৰাজহ বুলিলে কৰ সংগ্ৰহৰ উপৰিও অন্য সকলো উৎসৰ পৰা চৰকাৰে লাভ কৰা আয় বা প্ৰাপ্তিক বুজোৱা হয়। ইয়াৰ প্ৰধান উৎসসমূহ হৈছে:

(i) লাভাংশ আৰু মুনাফা

(ii) মাচুল আৰু অনুজ্ঞাপত্ৰৰ বাবদ লোৱা মাচুল

(iii) সূত (Interest)

(iv) জৰিমনা আৰু অৰ্থদণ্ড

(v) অনুদান আৰু উপহাৰ

(vi) ৰাজগামী সম্পত্তি (Escheats)

(vii) বাজেয়াপ্ত কৰা ধন বা সম্পত্তি

(viii) বিশেষ মূল্যায়ন (Special Assessment)

25. মূলধন প্ৰাপ্তিৰ উৎসসমূহ কি কি?

উত্তৰঃ মূলধন প্ৰাপ্তিৰ উৎসসমূহ তলত আলোচনা কৰা হ’ল:

(i) ঋণ বা ধাৰ: এইটো হৈছে চৰকাৰে নিজৰ অতিৰিক্ত ব্যয়ৰ অভাৱ পূৰণ কৰিবলৈ গ্ৰহণ কৰা ধন। চৰকাৰে এইসমূহ তলৰ উৎসসমূহৰ পৰা ধাৰ ল’ব পাৰে:

(a) মুকলি বজাৰ, অৰ্থাৎ সাধাৰণ জনতা

(b) ভাৰতীয় ৰিজাৰ্ভ বেংক

(c) আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আদিৰ দৰে বিদেশী চৰকাৰসমূহৰ পৰা লোৱা ঋণ।

(d) বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আদিৰ দৰে আন্তৰ্জাতিক বিত্তীয় প্ৰতিষ্ঠানসমূহ। এইসমূহক মূলধন প্ৰাপ্তি হিচাপে গণ্য কৰা হয়, কিয়নো এইবোৰে চৰকাৰৰ বাবে বিত্তীয় দায়বদ্ধতাৰ সৃষ্টি কৰে।

(ii) ঋণৰ পুনৰ্প্ৰাপ্তি: চৰকাৰে ৰাজ্যিক চৰকাৰ বা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বিভিন্ন ঋণ অনুমোদন কৰে। এনে ঋণৰ ধনৰাশি পুনৰ ঘূৰাই পোৱাটোও মূলধন প্ৰাপ্তিৰ ভিতৰত পৰে, কিয়নো ই চৰকাৰৰ পৰিসম্পদৰ পৰিমাণ হ্ৰাস কৰে (আগতীয়াকৈ দিয়া ঋণসমূহ পৰিসম্পদ আছিল)।

(iii) অৱ-বিনিয়োগ (Disinvestment): ই হৈছে নিৰ্বাচিত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ (PSU) অংশপত্ৰৰ এটা অংশ অথবা সমগ্ৰ অংশ বিক্ৰী কৰা কাৰ্য। এইবোৰো মূলধন প্ৰাপ্তি হিচাপে বিবেচিত হয়, কিয়নো চৰকাৰে নিজৰ অংশপত্ৰ বিক্ৰী কৰাৰ ফলত পৰিসম্পদৰ পৰিমাণ হ্ৰাস পায়।

(iv) ক্ষুদ্ৰ সঞ্চয়: ক্ষুদ্ৰ সঞ্চয়ে ডাকঘৰ আমানত, ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণ-পত্ৰ, কিষাণ বিকাশ পত্ৰ আদিৰ ৰূপত জনসাধাৰণৰ পৰা ধন সংগ্ৰহ কৰাক বুজায়। এইসমূহো মূলধন প্ৰাপ্তিৰ অংশ, কিয়নো এইবোৰে চৰকাৰৰ বাবে বিত্তীয় দায়বদ্ধতাৰ সৃষ্টি কৰে (চৰকাৰে ভৱিষ্যতে এই ধন ঘূৰাই দিব লাগিব)।

26. মূলধনী ব্যয় আৰু ৰাজহ ব্যয়ৰ মাজত পার্থক্য দর্শোৱা।

উত্তৰঃ মূলধনী ব্যয় আৰু ৰাজহ ব্যয়ৰ মাজৰ পাৰ্থক্যসমূহ হৈছেঃ

ক্রমিক নং

পার্থক্যৰ ভিত্তি

ৰাজহ ব্যয়

মূলধনী ব্যয়

(i)

অর্থ

ৰাজহ ব্যয়ে চৰকাৰৰ কেনো পৰিসম্পদ বা দায়ৱদ্ধতাৰ সৃষ্টি নকৰে।

মূলধনী ব্যয়ে চৰকাৰৰ কোনো পৰিসম্পদ সৃষ্টি কৰে অথবা আর্থিক দায়ৱদ্ধতা হ্রাস কৰে।

(ii)

উদ্দেশ্য

চৰকাৰী বিভাগসমূহ সুচাৰুৰূপে পৰিচালিত হোৱাৰ বাবে তথা বিভিন্ন সেৱাসমূহ যোগান ধৰাৰ বাবে এই ব্যয় কৰা হয়।

পৰিসম্পদ ক্রয় কৰিবলৈ আৰু ঋণ তথা অগ্রিম ধনৰাশি প্রদান কৰিবলৈ প্রধানকৈ এই ব্যয় কৰা হয়।

(iii)

উদাহৰণ

দৰমহা, পেঞ্চন, সুদ।

বাট-পথ, ৰে’লপথ আদিৰ নিৰ্মাণৰ বাবে খৰচ কৰা ধন, ঋণ পৰিশোধ ইত্যাদি।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দ্বাদশ শ্ৰেণী অর্থনীতি অধ্যায় ১০ – সঘনাই সোধা প্ৰশ্ন
চৰকাৰী বাজেট মানে কি?
চৰকাৰী বাজেট হৈছে আগন্তুক বিত্তীয় বছৰৰ বাবে চৰকাৰে প্ৰস্তুত কৰা বাৰ্ষিক বিত্তীয় বিবৃতি।
ৰাজহ বাজেট আৰু মূলধনী বাজেটৰ মাজত পাৰ্থক্য কি?
ৰাজহ বাজেটত চৰকাৰৰ চলিত আয় আৰু ব্যয় অন্তৰ্ভুক্ত থাকে, আৰু মূলধনী বাজেটত মূলধনী আয় আৰু ব্যয় থাকে।
উদ্বৃত্ত বাজেট আৰু ঘাটি বাজেট কেনেকৈ বুজা যায়?
উদ্বৃত্ত বাজেটত চৰকাৰৰ আয় ব্যয়তকৈ অধিক হয়, আৰু ঘাটি বাজেটত ব্যয় আয়তকৈ অধিক হয়।
চৰকাৰী বাজেটৰ মূল উপাদান কি কি?
চৰকাৰী বাজেটৰ মূল উপাদান হৈছে ৰাজহ বাজেট আৰু মূলধনী বাজেট।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top