Class 12 Geography Chapter 7 – তৃতীয়ক আৰু চতুর্থক বৃত্তি – All Question Solutions | ASSEB (AHSEC) Assamese Medium
দ্বাদশ শ্ৰেণী ভূগোল অধ্যায় ৭ – তৃতীয়ক আৰু চতুৰ্থক বৃত্তিৰ আটাইবোৰ অনুশীলনী সমাধান (ASSEB – AHSEC, Assamese Medium)
এই অধ্যায়ত তৃতীয়ক (Tertiary) আৰু চতুৰ্থক (Quaternary) বৃত্তিৰ পৰিভাষা, গুৰুত্ব আৰু ভৌগোলিক বিস্তাৰ আলোচনা কৰা হৈছে। তৃতীয়ক বৃত্তিত সেৱা উদ্যোগ, পৰিবহণ, বৃত্তি, বাণিজ্য আদিৰ বিষয়ে আলোচনা কৰা হয়, যি আধুনিক অৰ্থনৈতিকে চালনা কৰে। চতুৰ্থক বৃত্তি উন্নত ধৰণৰ বুদ্ধিজীৱী আৰু গৱেষণা-কেন্দ্ৰিক কাম-কাজক সম্পৰ্কিত। অধ্যায়টোৱে বিশ্ব আৰু ভাৰতৰ প্ৰেক্ষাপটত এই বৃত্তিসমূহৰ বিকাশ আৰু প্ৰয়োগ বৰ্ণনা কৰিছে।
✅ কি শিকিব:
- তৃতীয়ক আৰু চতুৰ্থক বৃত্তিৰ সংজ্ঞা আৰু বৈশিষ্ট্য
- সেৱা উদ্যোগ আৰু আধুনিক বৃত্তিসমূহ
- গৱেষণা, প্ৰযুক্তি, শিক্ষা আৰু ব্যৱস্থাপনাৰ ভূমিকা
- ভাৰত আৰু বিশ্বত এই বৃত্তিসমূহৰ বিস্তাৰ
🎯 অস্পীন একেডেমীৰ সুবিধা:
- ASSEB (AHSEC) পাঠ্যক্ৰমৰ গভীৰ আৰু সহজ সমাধান
- অধ্যায় ৭ৰ প্ৰশ্নৰ বিস্তৃত আৰু বুজাব পৰা উত্তৰ
- অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সাধাৰণ আৰু স্পষ্ট ভাষা
- পৰীক্ষাৰ প্ৰস্তুতিক লৈ সহায়কাৰী টিপচ আৰু উদাহৰণ
Class 12 Geography (ভূগোল) | Assamese Medium | All Chapter Solutions PDF
Limited Time Offer!
(For AHSEC Class 12, Latest Syllabus)
Get comprehensive preparation for Class 12 Geography (Assamese Medium) with this chapter-wise solutions PDF.
Includes complete textual answers, definitions, solved problems, maps, and key explanations for every chapter as per latest AHSEC syllabus.
Ideal for home study, homework help, and quick exam revision!
অধ্যায়-৭
তৃতীয়ক আৰু চতুৰ্থক বৃত্তি
(Tertiary and Quaternary Activities)
পাঠভিত্তিক প্রশ্নোত্তৰ
অনুশীলনী
১। তলত দিয়া চাৰিটা বিকল্পৰ সম্ভাব্য উত্তৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ—
(i) নিম্নোল্লিখিত কোনটো তৃতীয়ক বৃত্তিৰ অন্তর্ভুক্ত?
(ক) কৃষিকার্য।
(খ) ব্যৱসায়
(গ) কাপোৰ বোৱা।
(ঘ) চিকাৰ কৰা
উত্তৰঃ (খ) ব্যৱসায়
(ii) নিম্নোল্লিখিত কোনটো দ্বিতীয়ক খণ্ডৰ বৃত্তি নহয়?
(ক) লো শোধন।
(খ) মাছধৰা
(গ) কাপোৰ চিলোৱা।
(ঘ) পাছি-খৰাহী বনোৱা
উত্তৰঃ (খ) মাছধৰা
(iii) তলৰ কোনটো খণ্ডই দিল্লী, মুম্বাই, চেন্নাই আৰু কলকাতাত অধিক নিয়োজনৰ সুবিধা প্রদান কৰিছে?
(ক) প্রাথমিক।
(খ) তৃতীয়ক
(গ) দ্বিতীয়ক।
(ঘ) সেৱা
উত্তৰঃ (ঘ) সেৱা
(iv) উচ্চ পৰ্যায়ৰ চাকৰিৰ কোনটো অধিক নতুন চিন্তা উদ্রেককাৰী হিচাপে গণ্য কৰা হয়?
(ক) দ্বিতীয়ক
(গ) পাঁচুতীয়া বৃত্তি
(খ) তৃতীয়ক
(ঘ) প্রাথমিক বৃত্তি
উত্তৰঃ (গ) পাঁচুতীয়া বৃত্তি
(v) নিম্নোল্লিখিত কোনটো চতুর্থক বৃত্তি হিচাপে গণ্য কৰা হয়?
(ক) কম্পিউটাৰ উৎপাদন
(খ) কাগজ আৰু কেঁচা মণ্ড উৎপাদন
(গ) বিশ্ববিদ্যালয়ত শিক্ষকতা কৰা
(ঘ) কিতাপ ছপা কার্য
উত্তৰঃ (গ) বিশ্ববিদ্যালয়ত শিক্ষকতা কৰা
(vi) তলৰ কোনটো উক্তি শুদ্ধ নহয়?
(ক) ঠিকাভিত্তিক কামত উৎপাদন ব্যয় কম হয় আৰু পাৰদৰ্শিতা বাড়ে।
(খ) সময় অনুসৰি কাৰিকৰী আৰু উৎপাদনৰ সৈতে জড়িত কাম ঠিকাভিত্তিত সম্পাদন কৰিব পাৰি।
(গ) কে. পি. অ’ৰ তুলনাত বি. পি. অ’ৰ উত্তম ব্যৱসায়ৰ সুবিধা বেছি।
(ঘ) দেশখনত জীৱিকা অন্বেষণকাৰীসকলৰ মাজত দেখা দিয়া অসন্তুষ্টিয়ে বাহিৰৰ মানুহক নিয়োগৰ সুবিধা দিছে।
উত্তৰঃ (গ) কে. পি. অ’ৰ তুলনাত বি. পি. অ’ৰ উত্তম ব্যৱসায়ৰ সুবিধা বেছি।
২। ৩০টা মান শব্দৰ ভিতৰত উত্তৰ দিয়াঃ
(i) খুচুৰা ব্যবসায় সেবা বর্ণনা কৰা।
উত্তৰঃ খুচুৰা ব্যৱসায়িক সেৱাৰ যোগেদি উপভোক্তালৈ প্রত্যক্ষভাবে বিভিন্ন সা-সামগ্ৰীৰ যোগান ধৰা হয়। বেছিভাগ খুচুৰা ব্যবসায় স্থায়ী ঘৰত অৱস্থিত আৰু কেবল বিক্রী কার্যতেই সীমাবদ্ধ হৈ থাকে। ফেৰীৱালা, থেলা বা ট্রাকত কঢ়িয়াই সামগ্রী বিক্রী কৰা, দুৱাৰে-দুৱাৰে বিক্ৰী কৰা, টেলিফোন, স্বয়ংক্রিয় বিক্রী যন্ত্ৰ আৰু ইন্টাৰনেট হ’ল ভড়ালবিহীন খুচুৰা সামগ্ৰী বিক্ৰীৰ উদাহৰণ।
(ii) চতুৰ্থক সেৱাৰ বৰ্ণনা কৰা।
উত্তৰঃ চতুর্থক বৃত্তি জ্ঞানকেন্দ্রিক। ই তথ্যৰ সংগ্ৰহ, প্ৰেৰণ অথবা তথ্যৰ সৃষ্টিক সামৰি লয়। গৱেষণা, উন্নয়ন আৰু বিশেষ পাৰদৰ্শিতা বা ব্যুৎপত্তি থকা কাৰিকৰী কৌশল তথা প্রশাসনিক দক্ষতাসম্পন্ন লোকৰ বৃত্তি এনেবোৰ সেৱাৰ অন্তৰ্গত। অর্থনৈতিক বিকাশৰ ভিত্তিত তৃতীয়ক আৰু চতুর্থক বৃত্তিয়ে প্রাথমিক আৰু দ্বিতীয়ক নিয়োগ ব্যৱস্থাক স্থানান্তৰ কৰিছে।
(iii) বিশ্বৰ চিকিৎসা পর্যটনত ক্ষীপ্রগতিত আগবঢ়া দেশসমূহৰ নাম লিখা।
উত্তৰঃ বিশ্বৰ চিকিৎসা পর্যটনত ক্ষীপ্রগতিত আগবঢ়া দেশসমূহ হ’ল ভাৰতবৰ্ষ, থাইলেণ্ড, ছিংগাপুৰ আৰু মালয়েছিয়া।
(iv) ডিজিটেল বিভাজন কি?
উত্তৰঃ তথ্য আৰু যোগাযোগ প্রযুক্তিবিদ্যা নিৰ্ভৰ বিকাশৰ পৰা উদ্ভৱ হোৱা সুবিধাসমূহ সমগ্ৰ বিশ্বতে বিস্তাৰিত হৈ আছে। দেশসমূহৰ মাজত বহল পৰিসৰত অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক পার্থক্যতা দেখা যায়। দেশসমূহে কিদৰে আই চি টি সুযোগ আৰু সুবিধাসমূহ নাগৰিকক প্ৰদান কৰে, সেইটো হ’ল নিৰ্ণায়ক কাৰক। যেতিয়া উন্নত দেশসমূহে আগুৱাই যায় আৰু উন্নয়নশীল দেশবোৰ পিছপৰি ৰৈ যায়, তেতিয়া সেই প্রক্রিয়াটোক ডিজিটেল বিভাজন বুলি জনা যায়।
৩। তলত দিয়া প্রশ্নবোৰৰ ১৫০টা মান শব্দৰ ভিতৰত উত্তৰ লিখাঃ—
(i) আধুনিক অর্থ ব্যৱস্থাৰ উন্নয়নত সেৱা খণ্ডৰ বিকাশ আৰু গুৰুত্ব আলোচনা কৰা।
উত্তৰঃ অৰ্থনৈতিক বিকাশৰ প্ৰাৰম্ভিক পৰ্যায়ত, বৃহৎ সংখ্যক লোকে প্ৰাথমিক খণ্ডত কাম কৰে। কিন্তু যেতিয়া অৰ্থনীতিৰ বিকাশ হয়, তেতিয়া অধিকাংশ কৰ্মীয়েই তৃতীয়ক বৃত্তিত (সেৱা খণ্ডত) নিয়োজিত হৈ থাকে। ইয়াৰ কাৰণটো হ’ল উচ্চ প্ৰযুক্তিবিদ্যা আৰু শৈক্ষিক প্ৰতিষ্ঠান থকা অঞ্চলত সেৱা খণ্ড উন্নত হয়।
সেৱা খণ্ডৰ গুৰুত্ব:
১. বিকাশৰ সূচক: এখন দেশে বিকাশ লাভ কৰিলে অধিক জনগণ তৃতীয়ক বৃত্তিলৈ পৰিৱৰ্তিত হয়, আৰু তৃতীয়ক বৃত্তিয়ে ৰাষ্ট্ৰীয় আয়ৰ অংশ দ্ৰুততৰ কৰে।
২. সেৱাৰ স্তৰ: সেৱা কেইবাটাও স্তৰত সংঘটিত হয় – কিছুমান উদ্যোগৰ বাবে, কিছুমান জনসাধাৰণৰ বাবে, আৰু কিছুমান উদ্যোগ আৰু জনসাধাৰণ উভয়ৰে বাবে। উচ্চ সেৱাসমূহ (যেনে: হিচাপৰক্ষক, উপদেষ্টা, চিকিৎসক) আৰু নিম্ন সেৱাসমূহ (যেনে: গেলামালৰ দোকান, কাপোৰ ধোৱা ঘৰ) দুয়োটাই বিস্তৃতভাৱে উপলব্ধ।
৩. দক্ষতা আৰু জ্ঞানভিত্তিক: দ্বিতীয়ক বৃত্তিৰ উৎপাদন পদ্ধতিৰ বিপৰীতে, সেৱা খণ্ডৰ দ্বাৰা প্ৰদান কৰা নৈপুণ্যতাই বিশেষ দক্ষতা, অভিজ্ঞতা আৰু জ্ঞান থকা কৰ্মীৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে।
৪. আৰ্থিক বৰঙণি: সেৱা খণ্ডই দেশৰ বাবে পৰ্যাপ্ত পৰিমাণৰ বৈদেশিক বিনিময় আৰু আয় প্ৰদান কৰে।
৫. সহজে উপলব্ধতা: এবাৰ উৎপন্ন হোৱা সেৱাসমূহ বহুতো গ্ৰাহকৰ দ্বাৰা সহজে উপলব্ধ হয় আৰু মজুৰি, সেৱামূল্য আদিৰ ক্ষেত্ৰত অধিক মূলধন প্ৰদান কৰে।
গতিকে, আধুনিক অৰ্থনৈতিক বিকাশ আৰু ৰাষ্ট্ৰীয় আয় বৃদ্ধিত সেৱা খণ্ড হ’ল এক প্ৰধান অৰিহণা প্ৰদানকাৰী।
(ii) যাতায়াত আৰু পৰিবহণ সেৱাৰ গুৰুত্ব ব্যাখ্যা কৰা।
উত্তৰঃ
যাতায়াত আৰু পৰিবহণৰ গুৰুত্ব:
যাতায়াত হৈছে এনে এক সেৱা বা সুবিধা যাৰ জৰিয়তে মানুহ, সামগ্ৰী আৰু উৎপাদিত বস্তুসমূহ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰি। মানুহৰ গতিৰ মৌলিক প্ৰয়োজনীয়তা পূৰণৰ বাবে যাতায়াত এক সংগঠিত উদ্যোগ।
১. অৰ্থনৈতিক বিকাশ: সামগ্ৰীৰ উৎপাদন, বিতৰণ আৰু ভোগ ব্যৱস্থা উৎসাহিত কৰিবলৈ আধুনিক সমাজত খৰতকীয়া যাতায়াত ব্যৱস্থাৰ প্ৰয়োজন। এই জটিল প্ৰক্ৰিয়াৰ প্ৰতিটো স্তৰতে, যাতায়াতৰ দ্বাৰা দ্ৰব্যৰ মূল্য বিশেষভাবে বৃদ্ধি হয়। লগতে, ব্যৱসায়িক সেৱা আগুৱাই নিয়াৰ বাবেও যাতায়াতৰ কাৰ্যকলাপ অত্যাৱশ্যকীয়।
২. নিৰাপত্তা আৰু সংযোগ: নিৰাপত্তা নিশ্চিতকৰণৰ বাবেও যাতায়াত ব্যৱস্থাটো আৱশ্যকীয়। ই দেশৰ বিভিন্ন অংশসমূহক এটাৰ সৈতে আনটোক সংযোগ কৰাৰ লগতে আন দেশসমূহৰ সৈতেও সংযোগ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংযোগ বৃদ্ধি কৰিছে।
৩. আঞ্চলিক উন্নয়ন: ই গ্ৰাম্য অঞ্চলসমূহক নগৰীয়া অঞ্চলৰ সৈতে সংযোগ কৰি গ্ৰাম্য পিছপৰা অঞ্চলসমূহৰ বিকাশত সহায় কৰিছে। ই উদ্যোগৰ বাবে অধিক স্থান উপযুক্ত কৰি তুলিছে আৰু সেয়েহে জীৱিকাৰ সুবিধা বৃদ্ধি হোৱাত সহায় হৈছে।
যোগাযোগ ব্যৱস্থাৰ গুৰুত্ব:
যোগাযোগ ব্যৱস্থাই শব্দ আৰু বাৰ্তা, তথ্য আৰু চিন্তাক স্থানান্তৰিত কৰা কাৰ্য সামৰি লয়। টেলিফোন আজিও অধিকভাৱে ব্যৱহৃত এক যোগাযোগৰ মাধ্যম। উন্নয়নশীল দেশসমূহত, কৃটিম উপগ্ৰহৰ সহায়ত গ্ৰাম্য যোগাযোগ ব্যৱস্থাৰ বাবে চেলফোনৰ ব্যৱহাৰ সম্ভৱপৰ হৈ উঠিছে। ই অধিক পৰিমাণৰ তথ্য দ্ৰুতভাৱে, সুৰক্ষিতভাৱে আৰু কোনোধৰণৰ বিসংগতি নোহোৱাকৈ প্ৰেৰণ কৰে। ইণ্টাৰনেটে গোলকীয় যোগাযোগ ব্যৱস্থাটোক সঁচাকৈ পৰিৱৰ্তন কৰিছে।
দ্বাদশ শ্ৰেণী ভূগোল অধ্যায় ৭ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:



