Class 12 Geography Chapter 10 – জনবসতি Solutions | ASSEB (AHSEC) | Assamese Medium

Class 12

Class 12 Geography Chapter 10 – জনবসতি – All Question Solutions | ASSEB (AHSEC) Assamese Medium

দ্বাদশ শ্ৰেণী ভূগোল অধ্যায় ১০ – জনবসতিৰ আটাইবোৰ অনুশীলনী সমাধান (ASSEB – AHSEC, Assamese Medium)

এই অধ্যায়ত জনবসতিৰ ধাৰণা, প্ৰকাৰ আৰু ভূগোলিক প্ৰসাৰত গভীৰ আলোচনা কৰা হৈছে। জনবসতিৰ ধৰণ, নগৰায়ন, গ্ৰাম্য জনবসতি, আৰু জনবসতিৰ লগতে হোৱা পৰিবৰ্তনৰ ওপৰত বৰ্ণনা কৰা হৈছে। অধ্যায়টোত বিশ্ব, ভাৰত আৰু অসমৰ জনবসতিৰ বৈশিষ্ট্য আৰু চেলেঞ্জতো আলোকপাত কৰা হৈছে।

✅ কি শিকিব:

  • জনবসতিৰ সংজ্ঞা আৰু ভৌগোলিক প্ৰকাৰসমূহ
  • নগৰায়ন আৰু গ্ৰাম্য জনবসতিৰ পাৰ্থক্য
  • জনবসতিৰ ভৌগোলিক প্ৰসাৰ
  • জনবসতিত হোৱা সাম্প্ৰতিক পৰিবর্তন আৰু প্ৰভাব
  • অসমত জনবসতিৰ ধাৰণা আৰু প্ৰসাৰ

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • ASSEB (AHSEC) পাঠ্যক্ৰমৰ সুস্পষ্ট আৰু সম্পূৰ্ণ সমাধান
  • অধ্যায় ১০ৰ সৰ্ব উত্তৰসমূহ সহায়ক আৰু বুজাব পৰা
  • অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সহজ ভাষা
  • পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় উদাহৰণ আৰু ব্যাখ্যা
Vibrant Note Box
Buy Printable PDF
Class 12 Geography (ভূগোল) | Assamese Medium | All Chapter Solutions PDF
Class 12 Geography (ভূগোল) | Assamese Medium | All Chapter Solutions PDF
Original price was: ₹199.00.Current price is: ₹49.00.

Limited Time Offer!

(For AHSEC Class 12, Latest Syllabus)

Get comprehensive preparation for Class 12 Geography (Assamese Medium) with this chapter-wise solutions PDF.
Includes complete textual answers, definitions, solved problems, maps, and key explanations for every chapter as per latest AHSEC syllabus.
Ideal for home study, homework help, and quick exam revision!

Vibrant Note Box
Chapter 10 – জনবসতি

গোট-৫

অধ্যায়-১০

জনবসতি (Human Settlements)

পাঠভিত্তিক প্রশ্নোত্তৰ

অনুশীলনী

১। তলত উল্লেখ কৰা চাৰিটা সম্ভাব্য উত্তৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(i) নিম্নোল্লিখিত কোনটো বসতি আলিবাট, নদী আৰু খালৰ দুয়োকাষে গঢ়ি উঠা দেখা যায়?

(ক) বৃত্তাকাৰ

(খ) ৰৈখিক

(গ) প্রস্থ-আকৃতিৰ

(ঘ) বর্গাকাৰ

উত্তৰঃ (খ) ৰৈখিক

(ii) নিম্নোল্লিখিত কোনটো প্ৰকাৰৰ অৰ্থনৈতিক কার্যই গ্রাম্য বসতিত মুখ্য ভূমিকা গ্ৰহণ কৰে?

(ক) প্রাথমিক

(খ) তৃতীয়ক

(গ) দ্বিতীয়ক

(ঘ) চতুর্থক

উত্তৰঃ (ক) প্রাথমিক

(iii) নিম্নোল্লিখিত কোনটো অঞ্চলত পুৰণি নগৰীয়া সভ্যতাৰ নিদৰ্শন পোবা যায়?

(ক) হোৱাংহো উপত্যকা

(খ) সিন্ধু উপত্যকা

(গ) নীল উপত্যকা

(ঘ) মেছোপটেমিয়া

উত্তৰঃ (খ) সিন্ধু উপত্যকা

(iv) ২০০৬ চনৰ আৰম্ভণিতে ভাৰতৰ কিমানখন ৰাজ্যই নিযুত জনসংখ্যা অতিক্রম কৰিছে?

(ক) ৪০

(খ) ৪২

(গ) ৪১

(ঘ) ৪৩

উত্তৰঃ (ক) ৪০

(v) তলৰ কোনটো প্রকাৰৰ সম্পদে উন্নয়নশীল দেশত বৃহৎ জনসংখ্যাৰ প্রয়োজনীয়তা পূৰণ কৰাৰ বাবে পর্যাপ্ত সামাজিক আন্তঃগাঁথনি সৃষ্টি কৰাত সহায় কৰে?

(ক) বিত্তীয়

(খ) মানৱ

(গ) প্রাকৃতিক

(ঘ) সামাজিক

উত্তৰঃ (গ) প্রাকৃতিক

২। নিম্নোল্লিখিত প্রশ্নবোৰৰ ৩০টা মান শব্দৰ ভিতৰত উত্তৰ দিয়াঃ—

(i) বসতিৰ সূত্ৰ কেনেকৈ দিবা?

উত্তৰঃ মানুহে কম-বেছি পৰিমাণে স্থায়ীভাবে বসবাস কৰা ঠাইক মানৱ বসতি হিচাপে সংজ্ঞাৱদ্ধ কৰা হয়। ঘৰবোৰৰ আৰ্হি সলনি হ’ব পাৰে, অট্টালিকাবোৰ নতুন আর্হিত সজাই ল’ব পাৰে, বসতিৰ কাৰ্য পৰিৱৰ্তন হ’ব পাৰে কিন্তু বসতি ঠাই আৰু সময়ভেদে সদায় একেই থাকে। কিছুমান বসতি সাময়িক বা ঋতুভেদে কম সময়ৰ বাবে বসতিযুক্ত হ’ব পাৰে।

(ii) অৱস্থান আৰু অৱস্থিতিৰ পাৰ্থক্য লিখা।

উত্তৰঃ অৱস্থান হ’ল এক প্ৰকাৰ স্থান বা কেন্দ্ৰ, য’ত ঘৰবোৰ অৱস্থিত হয় আৰু এটা আনটোৰ সৈতে জড়িত হৈ থাকে। আনহাতে, অৱস্থিতি হ’ল এটা অঞ্চল, য’ত বসতি অৱস্থিত হোৱাৰ লগতে পৰিৱেশ বা অঞ্চলৰ সৈতে জড়িত হৈ থাকে।

(iii) কি ভিত্তিত জনবসতিৰ শ্ৰেণীবিভাজন কৰা হয়?

উত্তৰঃ গ্রাম্য আৰু পৌৰ অঞ্চলৰ বাসস্থান আৰু মুখ্য জীৱিকাৰ ভিত্তিত জনবসতিৰ শ্রেণীবিভাজন কৰা হয়। লগতে বসতিৰ আকাৰ, আৰ্হিৰ প্ৰকাৰ কেন্দ্ৰীভূত আৰু বিৰল বসতিৰ ওপৰত নিৰ্ভৰ কৰিও শ্ৰেণীবিভাজন কৰা হয়।

(iv) মানৱ ভূগোলত জনবসতিৰ অধ্যয়ন কিয় কৰা হয়?

উত্তৰঃ মানৱ ভূগোলত জনবসতিৰ অধ্যয়ন মৌলিক, কিয়নো কোনো এটা নির্দিষ্ট অঞ্চলৰ বসতিৰ গঠনে পৰিৱেশৰ সৈতে মানুহৰ সম্পৰ্ক প্ৰতিফলিত কৰে। কোনো এক নির্দিষ্ট অঞ্চলৰ জনবসতিয়ে মানুহৰ ভূমি সম্পৰ্কক প্রতিফলিত কৰে আৰু ই ভৌগোলিক, অর্থনৈতিক আৰু সামাজিক কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়। ই মানুহ আৰু প্ৰাকৃতিক বিশ্বৰ মাজৰ সম্পৰ্কক প্ৰতিফলিত কৰে, সেয়েহে ই মানৱ ভূগোলৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে।

৩। নিম্নোল্লিখিত প্রশ্নবোৰৰ ১৫০টা মান শব্দৰ ভিতৰত উত্তৰ লিখাঃ—

(i) গ্রাম্য আৰু পৌৰ বসতি কি? প্রত্যেকৰে বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ গ্ৰাম্য বসতি হ’ল তেনে এক বসতি অঞ্চল য’ত জনসংখ্যা ৫,০০০ তকৈ কম, জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৪00 জনতকৈও কম হয় আৰু জনসাধাৰণৰ ৭৫ শতাংশৰো অধিক লোক প্ৰাথমিক বৃত্তিত নিয়োজিত হৈ থাকে।

গ্ৰাম্য বসতিৰ বৈশিষ্ট্যসমূহঃ

(ক) সৰহসংখ্যক লোক প্ৰাথমিক কাৰ্যৰ সৈতে জড়িত হৈ থাকে। তেওঁলোকে নিজৰ জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ বাবে পোনপটীয়াকৈ ভূমিৰ ওপৰত নিৰ্ভৰ কৰে।

(খ) গ্ৰাম্য অঞ্চলত জনসংখ্যাৰ সংখ্যা কম হোৱাৰ লগতে ইয়াৰ ঘনত্বও তেনেই কম।

(গ) তেওঁলোকে সকলো প্ৰকাৰৰ প্ৰাথমিক সামগ্ৰীৰ যোগান ধৰোঁতা হিচাপে কাম কৰে, কিন্তু শিল্পজাত সামগ্ৰীৰ বাবে পৌৰ অঞ্চলৰ ওপৰত নিৰ্ভৰশীল।

(ঘ) ইয়াত অৰ্থনৈতিক আৰু সামাজিক আন্তঃগাঁথনিৰ অভাৱ দেখা যায়।

আনহাতে, পৌৰ বসতি হৈছে পৌৰ নিগম, সেৱা নিৱাস পৰিষদ (Cantonment Board) বা অধিসূচিত নগৰ অঞ্চল থকা সেই ঠাইবোৰ য’ত ৫,০০০ তকৈ অধিক জনসংখ্যা থাকে, ৭৫ শতাংশ পুৰুষ কৰ্মী অ-কৃষি কাৰ্যত নিয়োজিত হয় আৰু প্ৰতি বৰ্গ কিলোমিটাৰত জনসংখ্যাৰ ঘনত্ব ৪00 জন বা তাতকৈ অধিক হয়।

পৌৰ বসতিৰ বৈশিষ্ট্যসমূহঃ

(ক) পৌৰ অঞ্চলত জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব দুয়োটাই অধিক হয়।

(খ) বেছিভাগ লোকে দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিত নিয়োজিত হৈ থাকে।

(গ) তেওঁলোকে কেঁচা সামগ্ৰী আৰু প্ৰাথমিক সামগ্ৰীৰ বাবে গ্ৰাম্য অঞ্চলৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁলোক হৈছে শিল্পজাত আৰু উপভোক্তা সামগ্ৰীৰ যোগান ধৰোঁতা।

(ঘ) তেওঁলোকৰ উন্নত সামাজিক আৰু অৰ্থনৈতিক আন্তঃগাঁথনি থাকে।

(ii) উন্নয়নশীল দেশসমূহত পৌৰ বসতিৰ সৈতে জড়িত সমস্যাসমূহ আলোচনা কৰা।

উত্তৰঃ উন্নয়নশীল দেশসমূহত পৌৰ বসতিৰ সৈতে জড়িত হৈ থকা প্ৰধান সমস্যাসমূহ তলত আলোচনা কৰা হ’ল:

১. আৱাসিক সমস্যা: নিয়োগ আৰু নাগৰিকৰ সুবিধাসমূহ লাভ কৰিবলৈ মানুহে চহৰলৈ গতি কৰে। উন্নয়নশীল দেশবোৰত চহৰসমূহৰ সৰহসংখ্যকেই অপৰিকল্পিতভাৱে গঢ় লৈ উঠাৰ ফলত বিভিন্ন সমস্যাই দেখা দিছে। বাসগৃহৰ নাটনি, ঘৰবোৰৰ উলম্বিক সম্প্ৰসাৰণ আৰু বস্তি অঞ্চলৰ বৃদ্ধি হৈছে আধুনিক চহৰবোৰৰ অন্যতম বৈশিষ্ট্য। উপযুক্ত বাসগৃহৰ অভাৱত বেছিভাগ চহৰৰ অধিকসংখ্যক লোকেই নিম্নমানৰ বা বস্তিসদৃশ ঘৰত থাকিবলৈ বাধ্য হয়। ভাৰতবৰ্ষৰ নিযুতৰ অধিক জনসংখ্যাৰ মহানগৰবোৰত, প্ৰতি চাৰিজন বাসিন্দাৰ ভিতৰত এজন অবৈধভাৱে নিৰ্মাণ কৰা ঘৰত বাস কৰে, যিটো অন্য নগৰৰ তুলনাত দুগুণে বৃদ্ধি পোৱা দেখা গৈছে। এছিয়া মহাদেশৰ দেশসমূহত, মুঠ নগৰীয়া জনসংখ্যাৰ প্ৰায় ৬০ শতাংশ লোকেই নিম্নমানৰ আৱাসিক এলেকাত বাস কৰে।

২. অৰ্থনৈতিক সমস্যা: উন্নয়নশীল দেশবোৰৰ গাঁও আৰু সৰু চহৰবোৰত সীমিত নিয়োগৰ ব্যৱস্থাই বহুসংখ্যক নিবনুৱাক পৌৰ অঞ্চলৰ ফালে আকৰ্ষিত কৰিছে। জনসংখ্যাৰ ব্যাপক প্ৰব্ৰজনৰ ফলত অদক্ষ আৰু অৰ্ধ-দক্ষ শ্ৰম শক্তিৰ সৃষ্টি হৈছে, যিটো পৌৰ অঞ্চলবোৰত পূৰ্বৰে পৰা অধিক পৰিমাণে বিয়পি আছে।

৩. সামাজিক-সাংস্কৃতিক সমস্যা: উন্নয়নশীল দেশবোৰৰ নগৰবোৰ অসংখ্য সামাজিক সমস্যাৰে জুৰুলা। পৰ্যাপ্ত পুঁজিৰ অভাৱত নাগৰিকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ মৌলিক আন্তঃগাঁথনিৰ ব্যৱস্থা কৰিব পৰা নাযায়। পৌৰ অঞ্চলৰ দৰিদ্ৰ লোকসকল শৈক্ষিক আৰু স্বাস্থ্য সেৱাৰ সুবিধাৰ পৰা বঞ্চিত হৈ থাকে। স্বাস্থ্যসেৱাই উন্নয়নশীল দেশসমূহৰ এক নিৰাশাজনক ছবি দাঙি ধৰিছে। নিয়োগ আৰু শিক্ষাৰ অভাৱে অপৰাধমূলক কাৰ্যৰ সংখ্যা বৃদ্ধি কৰিছে। পুৰুষৰ প্ৰব্ৰজন অধিক হোৱাৰ হেতুকে পৌৰ অঞ্চলত লিংগ অনুপাত ব্যাহত হৈছে।

৪. পাৰিৱেশিক সমস্যা: উন্নয়নশীল দেশবোৰৰ সৰহসংখ্যক পৌৰ বাসিন্দাই এক বৃহৎ পৰিমাণৰ পানীৰ ব্যৱহাৰ আৰু অপব্যৱহাৰ কৰে। বহুতো নগৰত বৃদ্ধি পোৱা জনসংখ্যাৰ বাবে বিশুদ্ধ খোৱা পানী, ঘৰুৱা কাম-কাজ আৰু উদ্যোগবোৰত ব্যৱহাৰ কৰা পানী পৰ্যাপ্ত নহয়। তদুপৰি, অপৰিকল্পিত আৰু অনুপযুক্ত নলা-নৰ্দমাই জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। পৰম্পৰাগত ইন্ধন ঘৰুৱা আৰু ঔদ্যোগিক খণ্ডত অধিক ব্যৱহাৰ কৰাৰ ফলত বায়ু প্ৰদূষিত হৈছে। ঘৰুৱা আৰু উদ্যোগিক আৱৰ্জনাসমূহ সাধাৰণতে নৰ্দমাত পেলোৱা হয় নাইবা বীজাণুমুক্ত নকৰাকৈ অনিৰ্দিষ্ট স্থানত পুতি থোৱা হয়। জনসংখ্যা আৰু অৰ্থনৈতিক সুবিধাৰ বাবে নিৰ্মাণ কৰা বিশাল অট্টালিকাবোৰে গোলকীয় উষ্ণতা বৃদ্ধিত বিশেষ অৰিহণা যোগাইছে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দ্বাদশ শ্ৰেণী ভূগোল অধ্যায় ১০ – সঘনাই সোধা প্ৰশ্ন
জনবসতি মানে কি?
জনবসতি হৈছে মানুহৰ বসবাসৰ স্থান আৰু য’ত তেওঁলোকে জীৱন অতিবাহিত কৰে।
নগৰায়নৰ অৰ্থ কি?
নগৰায়ন হৈছে নগৰাঞ্চলৰ বিস্তৃতি আৰু শहरी জীৱনৰ বৃদ্ধি প্ৰক্ৰিয়া।
গ্ৰাম্য আৰু নগৰ জনবসতিত কেতবোৰ পাৰ্থক্য কি কি?
গ্ৰাম্য জনবসতি প্ৰাকৃতিক পৰিবেশত আৰু কৃষিকাৰ্যৰ সৈতে জড়িত, নগৰ জনবসতি আধুনিক আৰু ব্যৱসায়িক কাৰ্যকলাপৰ কেন্দ্ৰ।
ASSEB আৰু AHSECৰ মাজত কি সাদৃশ্য আছে?
ASSEB পুৰ্বৰ AHSEC নামে পৰিচিত, যি অসমৰ উচ্চতৰ শিক্ষা পৰিষদ।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top