Class 12 Geography Chapter 23 – পৰিবহন আৰু যোগাযোগ ব্যবস্থা Solutions | ASSEB (AHSEC) | Assamese Medium

Class 12

Class 12 Geography Chapter 23 – পৰিবহন আৰু যোগাযোগ ব্যবস্থা – All Question Solutions | ASSEB (AHSEC) Assamese Medium

দ্বাদশ শ্ৰেণী ভূগোল অধ্যায় ২৩ – পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ সম্পূৰ্ণ অনুশীলনী সমাধান (ASSEB – AHSEC, Assamese Medium)

এই অধ্যায়ত পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ বিভিন্ন মাধ্যম, গঠন আৰু সঠিক ব্যৱহাৰৰ ওপৰত গভীৰ আলোচনা কৰা হৈছে। ইয়াত ভাৰত আৰু অসমৰ পৰিবহন ব্যবস্থাৰ ধৰণ, ওপৰিও যোগাযোগৰ আধুনিকতা আৰু ইন্টাৰনেট, মোবাইলৰ ভূমিকা বুজোৱা হৈছে। লগতে, পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ প্রয়োজনীয়তা আৰু ইয়াৰ অৰ্থনীতি আৰু সমাজ ব্যৱস্থাত ভূমিকা বৰ্ণনা কৰা হৈছে।

✅ কি শিকিব:

  • ভাৰত আৰু অসমৰ পৰিবহন ব্যৱস্থাৰ ধৰণ আৰু গঠন
  • যোগাযোগ ব্যৱস্থাৰ আধুনিক মাধ্যম আৰু প্ৰযুক্তি
  • পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ অৰ্থনৈতিক আৰু সামাজিক দিশ
  • অভিজ্ঞতা ভিত্তিক উন্নয়ন আৰু পৰিকল্পনা

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • ASSEB (AHSEC) পাঠ্যক্ৰমৰ সম্পূৰ্ণ আৰু বুজাব পৰা সমাধান
  • অধ্যায় ২৩ৰ প্ৰতিটো প্ৰশ্নৰ সহজ আৰু পৰিস্কাৰ উত্তৰ
  • অসমীয়া ভাষাত প্ৰকাশিত যি শিক্ষাৰ্থীৰ বাবে সহজ বুজা
  • পৰীক্ষাৰ প্ৰস্তুতিৰ লগত মিলিত তথ্য আৰু উদাহৰণ
Vibrant Note Box
Buy Printable PDF
Class 12 Geography (ভূগোল) | Assamese Medium | All Chapter Solutions PDF
Class 12 Geography (ভূগোল) | Assamese Medium | All Chapter Solutions PDF
Original price was: ₹199.00.Current price is: ₹49.00.

Limited Time Offer!

(For AHSEC Class 12, Latest Syllabus)

Get comprehensive preparation for Class 12 Geography (Assamese Medium) with this chapter-wise solutions PDF.
Includes complete textual answers, definitions, solved problems, maps, and key explanations for every chapter as per latest AHSEC syllabus.
Ideal for home study, homework help, and quick exam revision!

Vibrant Note Box
Chapter 23 – পৰিবহন আৰু যোগাযোগ ব্যবস্থা

গোট-৪

পৰিবহন আৰু যোগাযোগ ব্যৱস্থা

(Transport and Communication)

বহু বৈকল্পিক প্রশ্নোত্তৰঃ

(i) অসমত কিমানটা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ আছে?

(ক) ৩

(খ) ২

(গ) ৪

(ঘ) ১

উত্তৰঃ (ঘ) ১

(ii) উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

(ক) গুৱাহাটী

(খ) মালিগাঁও

(গ) জালুকবাৰী

(ঘ) তেজপুৰ

উত্তৰঃ (খ) মালিগাঁও

(iii) ২০১১-১২ বৰ্ষৰ পৰিসংখ্যা অনুসৰি অসমত ৰে’ল পথৰ মুঠ দৈর্ঘ্য কিমান আছিল?

(ক) ২৪৫৯ কিঃমিঃ

(খ) ২৫৫০ কিঃমিঃ

(গ) ৪৫৫৪ কিঃমিঃ

(ঘ) ২৪৭০ কিঃমিঃ

উত্তৰঃ (ক) ২৪৫৯ কিঃমিঃ

(iv) অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে?

(ক) ১৩

(খ) ১৪

(গ) ১৫

(ঘ) ১৬

উত্তৰঃ (খ) ১৪

(v) অসমত কেতিয়া প্রথম পাইপ লাইন বহুওৱা হৈছিল?

(ক) ১৯২৩

(খ) ১৯৭৪

(গ) ১৯৪৫

(ঘ) ১৯৬৪

উত্তৰঃ (ঘ) ১৯৬৪

(vi) অসমৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি?

(ক) লক্ষ্মীনাথ বেজবৰুৱা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

(খ) তৰুণৰাম ফুকন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

(গ) লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

(ঘ) লাচিত বৰফুকন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

উত্তৰঃ (গ) লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

অতি চমু প্রশ্নোত্তৰঃ

১। অসমত ৰে’লপথৰ ঘনত্ব কিমান?

উত্তৰঃ অসমত ৰে’লপথৰ ঘনত্ব প্রতি ১০০ বর্গ কিঃমিঃত ১ কিঃমিঃতকৈ কম হয় আৰু ২০০১ চনত প্রতি ১ লাখ জনসংখ্যাৰ বিপৰীতে প্ৰায় ৯ কিঃমিঃ ৰে’লপথ থকা দেখা যায়।

২। অসমৰ ক’ত প্ৰথম ৰে’লপথ নিৰ্মাণ কৰা হৈছিল?

উত্তৰঃ প্ৰথমটো ৰে’লপথ আছিল ১৮৮২-১৮৮৪ চনৰ মধ্যভাগত নিৰ্মাণ কৰা ডিব্ৰু-শদিয়া ৰে’লপথ।

৩। বাট-পথসমূহৰ তিনিটা শ্ৰেণী কি কি?

উত্তৰঃ (i) ৰাষ্ট্ৰীয় ঘাইপথ

(ii) ৰাজ্যিক পি.ডব্লিউ.ডি. পথ

(iii) জিলা আৰু পঞ্চায়ত পৰ্যায়ৰ পথ

৪। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো ক’ৰ পৰা সংযোগ হৈছে?

উত্তৰঃ ই পশ্চিমবংগত শিলিগুড়িৰ পৰা পূৱমুখী হৈ আগুৱাই আহি বক্সিৰহাটৰ ওচৰত অসমত প্ৰৱেশ কৰিছে আৰু তাৰ পিছত উত্তৰ শালমাৰা, বিজনী, নলবাৰী আৰু ৰঙিয়া হৈ শৰাইঘাট দলঙলৈকে আগবাঢ়ি জালুকবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক স্পর্শ কৰিছে।

৫। ২০১২ চনৰ জুলাইৰ পৰিসংখ্যা অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ মুঠ দৈর্ঘ্য কিমান?

উত্তৰঃ ১৯৪৭.৫৮৩ কিঃমিঃ।

৬। ২০১২ চনৰ জুলাই মাহৰ পৰিসংখ্যা অনুসৰি অসমৰ ৰাজ্যিক ঘাইপথৰ মুঠ দৈর্ঘ্য কিমান?

উত্তৰঃ ৩১৩৪ কিঃমিঃ।

৭। উত্তৰ-পূৰ্বাঞ্চলত জলপথৰ আনুমানিক দৈর্ঘ্য কিমান?

উত্তৰঃ ১৮০০ কিঃমিঃ।

৮। অসমৰ ক’ত প্ৰথম পাইপলাইন স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯৬৪ চনত নাহৰকটীয়া আৰু মৰাণ তৈলক্ষেত্ৰৰ পৰা নুনমাটি (গুৱাহাটী) হৈ বাৰাউনী (বিহাৰ) লৈ অসমৰ প্ৰথমটো খাৰুৱা তেল কঢ়িওৱা পাইপলাইনৰ স্থাপন কৰা হৈছিল।

৯। অসমৰ তিনিটা বিমানবন্দৰৰ নাম লিখা।

উত্তৰঃ (ⅰ) মোহনবাৰী বিমানবন্দৰ

(ii) লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

(iii) ৰৰৈয়া বিমানবন্দৰ

১০। অসমৰ কোনখন জিলাত পথ দৈর্ঘ্যতা সর্বাধিক?

উত্তৰঃ কার্বি আংলং।

চমু প্রশ্নোত্তৰঃ

১। অসমৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ পৰিবহন আৰু যোগাযোগ ব্যবস্থা হৈছে আন্তঃগাঁথনিৰ গুৰুত্বপূৰ্ণ উপাদান যাৰ ওপৰত অঞ্চল এটাৰ প্ৰগতি নিৰ্ভৰ কৰে। কিন্তু অসমৰ দুৰ্ভাগ্য যে ৰাজ্যখনৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা বর্তমানেও শোচনীয় অৱস্থাত আছে। পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ এই পশ্চাদপদতাৰ মূলতে আছে কিছুমান ভৌগোলিক আৰু আর্থ-সামাজিক কাৰণ। অৱশ্যে শেহতীয়াভাৱে, ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰে অসমত বাট-পথ আৰু ৰে’লপথৰ উন্নয়নৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে।

২। অসমৰ ৰে’লপথৰ এক চমু বিৱৰণ দিয়া।

উত্তৰঃ অসমত ৰে’ল পৰিবহন নতুন নহয়। ভাৰতত মুম্বাই আৰু থানেৰ মাজত প্রথমটো ৰে’লপথ স্থাপন হোৱাৰ কেৱল ৩০ বছৰ পিছতেই অসমতো ১৮৮১ আৰু ১৮৮৪ চনৰ মাজত ৰে’লপথ নির্মাণ কৰা হৈছিল। অৱশ্যে, এতিয়াও অসমৰ ৰাজ্যিক ৰে’লসেৱা সু-বিকশিত নহয়। অসমৰ ৰে’ল পথসমূহে কেৱল ৰাজ্যখনকে নহয়, বৰং উত্তৰ-পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যক সেৱা আগবঢ়াব লগা হৈছে। কেৱল ২৫০০ কিলোমিটাৰ ৰে’লপথে সাতখন ৰাজ্যৰ ২৫৫,০০০ বর্গ কিলোমিটাৰৰ বিস্তৃত অঞ্চলক সেৱা প্ৰদান কৰিবলগীয়া হৈছে বুলি ক’ব পৰা যায়। এই মুঠ ৰে’লপথৰ কেৱল ১২২৭.৭১ কিঃমিঃ পথহে ব্রডগজ বাকী ১২৮৮.৫৫ কিঃমিঃ মিটাৰগজ।

৩। ৰাজ্যখনৰ পথ পৰিবহনৰ ক্ষেত্ৰত থকা পশ্চাদপদতাৰ ভৌগোলিক কাৰণসমূহ কি কি?

উত্তৰঃ ৰাজ্যখনৰ পথ পৰিবহনৰ ক্ষেত্ৰত থকা পশ্চাদপদতাৰ ভৌগোলিক কাৰণসমূহ হ’লঃ

(i) অসমৰ কিছুমান অংশ অতি অসমতল পৃষ্ঠৰ পাহাৰেৰে পূৰ্ণ হোৱা।

(ii) গ্রীষ্মকালত অসমত হোৱা ধাৰাসাৰ বৃষ্টিপাত যিয়ে পাহাৰত ভূ-স্খলন আৰু সমভূমি অঞ্চলত বানপানীৰ সৃষ্টি কৰি বাট-পথসমূহৰ ক্ষতি সাধন কৰে।

(ii‍i) অঞ্চলটোত থকা বহু নদ-নদীৰ ফলত সঘনাই পথসমূহত সঘনাই দলং আদি নিৰ্মাণ কৰিবলগীয়া হোৱাত বিপুল ধনৰাশি ব্যয় হয়।

(iv) বাট-পথ নিৰ্মাণৰ বাবে প্রয়োজন হোৱা সামগ্ৰীবোৰ সহজে উপলব্ধ নহোৱাত, বিশেষকৈ সমভূমি অঞ্চললৈ এইবোৰ কঢ়িওৱাৰ বাবে অধিক ব্যয় কৰিবলগীয়া হয়।

(v) অসমৰ বহুতো নদীয়ে বানপানীৰ সময়ত সিহঁতৰ গতিপথ সলনি কৰি থকাত বাট-পথসমূহ উটুৱাই নিয়ে অথবা সেইবোৰৰ ক্ষতিসাধন কৰে।

৪। অন্য উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহৰ তুলনাত কিঃমিঃ হিচাপত অসমৰ বাট-পথবোৰৰ দৈর্ঘ্য অধিক হোৱাৰ তিনিটা কাৰণ লিখা।

উত্তৰঃ অন্য উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহৰ তুলনাত বাট-পথবোৰৰ কিলোমিটাৰত দৈর্ঘ্য অধিক হোৱাৰ কাৰণবোৰ হ’লঃ

(i) ইয়াৰ সমতল ভূমিৰ অনুপাত বেছি হোৱা।

(ii) ই অতি জনসংখ্যা বহুল ৰাজ্য হোৱা।

(iii) চাহ, খাৰুৱা তেল, প্লাইউদ আদিৰ দৰে ঔদ্যোগৰ ইয়াত থকা উপস্থিতি।

৫। ৰাজ্যখনৰ ৰে’লসেৱাৰ প্ৰধান সমস্যাসমূহ কি কি?

উত্তৰঃ ৰাজ্যখনৰ ৰে’লসেৱাৰ প্ৰধান সমস্যাসমূহ হৈছেঃ

(i) ৰাজ্যখনৰ ভূ-আকৃতি ৰে’লপথৰ বাবে অনুকূল নহোৱা।

(ii) ৰাজ্যখন অতি বানপানী প্ৰৱণ হোৱাত সঘনাই বানপানীৰ দ্বাৰা ৰে’লসেৱা প্রভাবিত হোৱা।

(iii) অঞ্চলটো ভূমিকম্প প্ৰৱণ হোৱা বাবে প্রায়ে ৰে’লসেৱা প্রভাবিত হোৱা।

(iv) ৰাজ্যখন এখন কৃষি প্রধান ৰাজ্য হোৱাত ৰে’লসেৱাৰ চাহিদা কম হোৱা।

৬। অসমত পৰিবহন ব্যৱস্থাৰ সু-উন্নয়ন নহোৱাৰ আৰ্থিক কাৰণসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ অসমত পৰিবহন ব্যৱস্থাৰ সু-উন্নয়ন নহোৱাৰ আৰ্থিক কাৰণসমূহ হৈছেঃ

(i) অসম আর্থিকভাবে এখন দুৰ্বল ৰাজ্য, য’ত পৰিবহনৰ গুৰুত্বক বহু সময়ত আওকাণ কৰা হয়।

(ii) ৰাজ্যখন কৃষিপ্রধান হোৱা বাবে ইয়াত পৰিবহনৰ চাহিদা কম হোৱা।

(iii) ৰাজ্যখন সামাজিক, ৰাজনৈতিক আৰু আর্থিকভারে পশ্চাদপদ হোৱা বাবে সু-পৰিবহনৰ চাহিদাক আওকান কৰা।

(iv) কোনো উল্লেখযোগ্য ঔদ্যোগিক প্রকল্পৰ অনুপস্থিতি।

(v) দেশৰ ৰাজধানী মহানগৰ দিল্লী আৰু প্ৰধান মহানগৰসমূহৰ পৰা দূৰত্ব অধিক হোৱা।

৭। অসমৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ নাম উল্লেখ কৰি বৰ্ণনা কৰা।

উত্তৰঃ অসমৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথবোৰ হ’লঃ

(i) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথঃ ই পশ্চিমবংগৰ শিলিগুড়িৰ পৰা পূৱমুখী হৈ বক্সিৰহাটৰ সমীপত অসমত প্ৰৱেশ কৰিছে আৰু তাৰ পিছত উত্তৰ শালমাৰা, বিজনী, নলবাৰী আৰু ৰঙিয়া হৈ শৰাইঘাট দলং স্পর্শ কৰিছে। ই ৩২২.৪ কিঃমিঃ দীঘল।

(ii) ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথঃ এই ঘাইপথ নগাঁও চহৰৰ পৰা ডবকা হৈ ডিফু মহকুমাৰে ডিমাপুৰত প্ৰৱেশ কৰিছে। ইয়াৰ দৈর্ঘ্য ১৭০ কিঃমিঃ।

(iii) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথঃ ই গোৱালপাৰাৰ পঞ্চৰত্নৰ পৰা গুৱাহাটী, নগাঁও, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় হৈ ডাঙৰীলৈ গৈছে। ইয়াৰ দৈর্ঘ্য হ’ল ৬৮০ কিঃমিঃ।

(iv) ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথঃ ই মাকুমৰ পৰা ডিগবৈ আৰু মাৰ্ঘেৰিটা হৈ লেখাপানীত প্ৰৱেশ কৰিছে। ইয়াৰ দৈর্ঘ্য ৫৪ কিঃমিঃ।

(v) ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথঃ ইবদৰপুৰৰ পৰা কৰিমগঞ্জ হৈ আগৰতলাৰ ধৰ্মনগৰত প্ৰৱেশ কৰিছে। ইয়াৰ দৈর্ঘ্য হ’ল ৪৯৫ কিঃমিঃ।

৮। অসমত বায়ু পৰিৱহনৰ কিয় অধিক উন্নয়ন হোৱা নাই?

উত্তৰঃ অসমত নির্দিষ্ট কিছুমান ভৌগোলিক কাৰণৰ বাবে বায়ু পৰিবহনৰ অধিক উন্নয়ন হোৱা নাই। এই কাৰণবোৰ হ’লঃ

(i) অঞ্চলটোত বছৰটোৰ এক দীঘলীয়া সময়জুৰি অধিক বৃষ্টিপাত আৰু মেঘময় আকাশখনে বিমান সেৱাৰ বাবে বতৰটোক ভীষণ ডাৱৰীয়া কৰি ৰাখে। আনকি শুষ্ক শীতকালতো ঘন কুঁৱলীৰ স্তৰে আকাশীযানসমূহক উৰণ আৰু অৱতৰণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে।

(ii) আর্থিক পশ্চাদপদতাৰ বাবে, অঞ্চলটোত ঔদ্যোগীকৰণৰ আৰু নগৰীকৰণৰ হাৰ অতি কম। সেয়েহে, সেৱা গ্রহণ কৰা যাত্ৰী আৰু মালবাহীৰ পৰিমাণ পর্যাপ্ত নহোৱাত ই আর্থিকভাবে লাভদায়ক নহয়। প্রায়ে এই সেৱাসমূহক কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰাজসাহায্য প্রদান কৰিবলগীয়া হয়। অৱশ্যে, আর্থিক বিকাশৰ লগে লগে অঞ্চলটোত উন্নত বিমান পৰিবহনৰ প্ৰয়োজন হ’ব।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দ্বাদশ শ্ৰেণী ভূগোল অধ্যায় ২৩ – সঘনাই সোধা প্ৰশ্ন
পৰিবহন ব্যৱস্থা কেনেকুৱা হব লাগে?
সুদৃঢ়, সুশৃঙ্খল আৰু প্ৰযুক্তিসম্পন্ন হব লাগে যাতে দ্রুত আৰু সুৰক্ষিত যাতায়াত নিশ্চিত হয়।
অসমত পৰিবহন ব্যৱস্থাৰ প্ৰধান মাধ্যম কি কি?
পথ, ৰেল, জল আৰু বায়ু পৰিবহন প্রধান মাধ্যম।
যোগাযোগ ব্যৱস্থাত আধুনিক প্ৰযুক্তিৰ ভূমিকা কেনেকুৱা?
ইন্টাৰনেট, মোবাইল আৰু উপগ্ৰহ যোগাযোগ সুবিধা বিকাশ কৰে, দৈনন্দিন জীৱনৰ যোগাযোগক সহজ কৰে।
ASSEB আৰু AHSECৰ মাজত কি সাদৃশ্য আছে?
ASSEB পূৰ্বৰ AHSEC নামে পৰিচিত, যি অসমৰ উচ্চতৰ শিক্ষা পৰিষদ।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top