Class 9 Geography Chapter 3 Solutions – জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ | ASSEB (SEBA) | Assamese Medium

Class 9

নৱম শ্ৰেণী ভূগোল (ঐচ্ছিক) অধ্যায় ৩ – জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণৰ আটাইবোৰ অনুশীলনীৰ সমাধান | ASSEB (SEBA) | Assamese Medium

নৱম শ্ৰেণী ভূগোল (ঐচ্ছিক) অধ্যায় ৩ – জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণৰ আটাইবোৰ অনুশীলনীৰ সমাধান (ASSEB / SEBA – Assamese Medium)

নৱম শ্ৰেণীৰ ভূগোল (ঐচ্ছিক)ৰ শেহতীয়া পাঠ্যক্ৰমৰ তৃতীয় অধ্যায় “জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ”ত বিশ্বৰ আৰু বিশেষকৈ ভাৰতৰ জনসংখ্যাৰ বৃদ্ধি ক’ত আৰু কেনেকৈ ঘটে, লগতে জনসংখ্যা কেনেকৈ বিতৰণ হৈ থাকে তাক বিৱৰণ কৰা হয়েছে। জনসংখ্যাৰ বিৱৰণ আৰু বৃদ্ধি নিয়ন্ত্ৰিত কৰা মূলবিন্দুসমূহ এই অধ্যায়ত বুজাবলৈ চেষ্টা কৰা হৈছে। Ospin Academy (অস্পীন একেডেমী)ত এই অধ্যায়ৰ অনুশীলনীসমূহৰ উত্তৰ সহজভাৱে উপলব্ধ।

✅ কি শিকিব:

  • জনসংখ্যাৰ বৃদ্ধি আৰু তাৰ কাৰকসমূহ
  • জনসংখ্যাৰ বিতৰণ: পৰিসংখ্যান আৰু ধৰণ
  • জনসংখ্যাৰ ঘনত্ব আৰু তাৰ প্ৰভাৱ
  • ভাৰত আৰু বিশ্বত জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণৰ বৈশিষ্ট্য
  • জনসংখ্যা নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • ASSEB (SEBA) শেহতীয়া পাঠ্যক্ৰমৰ সম্পূৰ্ণ সমাধান
  • প্ৰতিটো অনুশীলনী প্ৰশ্নৰ বিস্তৃত উত্তৰ
  • পৰীক্ষাৰ বাবে গুৰুত্বপূর্ণ প্ৰস্তুতি
  • অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে স্পষ্ট আৰু সহজ বৰ্ণনা
Vibrant Note Box
Buy Printable PDF
Class 9 Geography (ভূগোল) Latest Syllabus | Assamese Medium Chapter-wise Solutions PDF for ASSEB & SEBA
Original price was: ₹199.00.Current price is: ₹39.00.

Limited Time Offer!

(For Class 9 Geography, Assamese Medium)

Get comprehensive preparation for Class 9 Geography (Assamese Medium) with this chapter-wise solutions PDF.
Includes complete textual answers, key definitions, solved questions, diagrams, and stepwise explanations for every chapter as per latest syllabus.
Ideal for home study, homework help, and quick exam revision!

Vibrant Note Box
অধ্যায় ৩ – জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণৰ

অধ্যায়-৩

জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ

১। পৃথিবীত জনসংখ্যা বৃদ্ধিৰ ধাৰা সম্পর্কে লিখা। কিয় আৰু কোন সময়ছোৱাত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি আছিল?

​উত্তৰঃ পৃথিৱীত মানৱ বসতিৰ আদিছোৱাত জনসংখ্যাৰ সংখ্যা তাত্কালীনভাৱে তেনেই কম আছিল। আজিৰ পৰা 10,000 বছৰ আগতে অৰ্থাৎ খ্ৰীষ্টপূৰ্ব 8000 চনত পৃথিৱীৰ আনুমানিক জনসংখ্যা আছিল প্ৰায় 8 নিযুত। সেই সময়ছোৱাত পৃথিৱীৰ জনসংখ্যাৰ পৰিমাণ ইমান কম হোৱাৰ প্ৰধান কাৰণ আছিল সঘনে সংঘটিত হোৱা দুবুৰ্ক্ষ আৰু মহামাৰী, যিহেতু সেই সময়ত এনে সংকটসমূহৰ সৈতে মোকাবিলা কৰিব পৰা ক্ষমতা মানুহৰ নাছিল। অৱশ্যে, স্থায়ী কৃষিকাৰ্যৰ আৰম্ভণিৰ লগে লগে খাদ্য সামগ্ৰীৰ যোগান সুচল হয় আৰু তেতিয়াৰ পৰাই জনসংখ্যা বাঢ়িবলৈ ধৰে। ইয়াৰ ফলস্বৰূপে, পৃথিৱীৰ জনসংখ্যা বৃদ্ধি হৈ খ্ৰীষ্টাব্দৰ আৰম্ভণিতে প্ৰায় 200 নিযুত হয়।

​এইদৰে কৃষিৰ সম্প্ৰসাৰণ, স্বাস্থ্য সমস্যাসমূহৰ প্ৰতি সচেতনতা, জীৱন ধাৰণৰ মানৰ উন্নয়ন তথা উন্নত মানৰ ঔষধ-পাতিৰ ফলত মধ্যযুগ আৰু আধুনিক যুগৰ আৰম্ভণিতে পৃথিৱীৰ জনসংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰে আৰু 19 শতিকাৰ প্ৰথম দশকত (আনুমানিক 1808 চন) পৃথিৱীৰ জনসংখ্যাই 1 শতকোটি (অৰ্থাৎ 1000 নিযুত) অতিক্ৰম কৰে। পৰৱৰ্তী 200 বছৰত (1808 ৰ পৰা 2008 চনলৈ) পৃথিৱীৰ জনসংখ্যা 7 গুণ বৃদ্ধি হৈ 2011 চনত 7 শতকোটি (7000 নিযুত) হয়।

​জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি হোৱাৰ সময়ছোৱা আৰু কাৰণ:

​উল্লেখ্য যে, 1950 চনৰ পৰা 2000 চনলৈ পৃথিৱীৰ জনসংখ্যা অতি দ্ৰুত গতিত বৃদ্ধি হ’বলৈ ধৰে, যি আগতে কাহানিও হোৱা নাছিল। পৃথিৱীৰ আনুমানিক জনসংখ্যা 1950 চনৰ 250 কোটিৰ পৰা বৃদ্ধি হৈ 2000 চনত 600 কোটি হৈছিলগৈ। অৰ্থাৎ 1800-1950 চনলৈ ১৫০ বছৰৰ এক দীঘলীয়া সময়ত হোৱা 150 কোটিৰ বৃদ্ধিৰ বিপৰীতে কেৱল 50 বছৰৰ ভিতৰতে 350 কোটি জনসংখ্যা বৃদ্ধি হয়।

​এই আচৰিত বৰ্ধনৰ প্ৰধান কাৰকসমূহ আছিল:

(ক)​ খাদ্য যোগানৰ নিশ্চয়তা।

(খ)​ জীৱন ধাৰণৰ মানৰ উন্নতি।

(গ)​ চিকিৎসা বিজ্ঞানৰ উত্কৰ্ষতা।

(ঘ)​ উন্নত স্বাস্থ্য সুৰক্ষা আদি।

​২। পৃথিৱীৰ বৰ্তমান আনুমানিক জনসংখ্যা কিমান? জনসংখ্যা বৃদ্ধিৰ স্থানিক তাৰতম্যৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা।

​উত্তৰঃ ৰাষ্ট্ৰসংঘৰ 2011 বৰ্ষৰ 31 অক্টোবৰৰ ঘোষণা অনুসৰি পৃথিৱীৰ বৰ্তমান মুঠ আনুমানিক জনসংখ্যা 700 কোটি।

​পৃথিৱীৰ সকলো ঠাইতে জনসংখ্যা বৃদ্ধিৰ হাৰ সমান নহয়। স্থানভেদে জনসংখ্যা বৃদ্ধিৰ কাৰণো বেলেগ বেলেগ হোৱা দেখা যায়। জনসংখ্যা বৃদ্ধিৰ এনে স্থানিক তাৰতম্যৰ প্ৰধান কাৰণসমূহ তলত উল্লেখ কৰা হ’ল:

​(i) উচ্চ জন্মহাৰ: এছিয়া মহাদেশৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণটো হ’ল উচ্চ জন্মহাৰ। এছিয়া মহাদেশৰ কেইখনমান মুছলমান প্ৰধান দেশত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি হৈ আছে। এইবোৰ দেশত জন বিস্ফোৰণ হৈ এছিয়া মহাদেশত জনসংখ্যাৰ ঘনত্ব অধিক বৃদ্ধি পাইছে।

​(ii) জন-প্ৰব্ৰজন: উত্তৰ আমেৰিকাৰ জনসংখ্যা বৃদ্ধিৰ কাৰণটো হ’ল বাহিৰা দেশৰ পৰা হোৱা আন্তঃপ্ৰব্ৰজন। আমেৰিকালৈ বিভিন্ন সময়ত ইউৰোপ তথা পৃথিৱীৰ বিভিন্ন অংশৰ পৰা হোৱা জন-প্ৰব্ৰজনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধি কৰি আহিছে।

​(iii) নিম্ন জন্মহাৰ আৰু বহিঃপ্ৰব্ৰজন: আনহাতে, ইউৰোপ মহাদেশৰ স্থিৰ তথা একেবাৰে নিম্নহাৰৰ জনসংখ্যা বৃদ্ধিৰ কাৰণ হ’ল অতি নিম্ন জন্মহাৰ তথা আমেৰিকা আৰু ওছেনিয়ালৈ ঘটা উচ্চ পৰিমাণৰ বহিঃপ্ৰব্ৰজন।

​(iv) অৰ্থনৈতিক উন্নয়ন: আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটিছ যুক্তৰাষ্ট্ৰ, কানাডা আদিৰ দৰে অৰ্থনৈতিক দিশত আগবঢ়া দেশবোৰত হোৱা অৰ্থনৈতিক উন্নয়নৰ বাবে এই দেশকেইখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট কম। নিম্ন অৰ্থনৈতিক উন্নয়নে জনসংখ্যাৰ অত্যধিক বৃদ্ধিত অৰিহণা যোগায়, যিহেতু অজ্ঞানতাৰ বাবে দৰিদ্ৰ লোকসকলে বৃহৎ পৰিয়ালৰ পোষকতা কৰে।

​(v) শিক্ষা খণ্ডত উত্কৰ্ষ সাধন: শিক্ষাৰ ক্ষেত্ৰত উত্কৰ্ষ সাধন হ’লে জনসংখ্যা বৃদ্ধিৰ হাৰ কমে। উদাহৰণস্বৰূপে, ভাৰতৰ কেৰালা ৰাজ্যত সাক্ষৰতাৰ হাৰ উচ্চ হোৱা হেতুকে ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট কম।

​ইয়াৰ উপৰিও, ভৌগোলিক অৱস্থান, প্ৰাকৃতিক পৰিৱেশ আদিৰ দৰে কাৰণসমূহৰ বাবেও জনসংখ্যা বৃদ্ধিৰ স্থানিক তাৰতম্য পৰিলক্ষিত হয়।

​৩। পৃথিৱীৰ বৰ্তমান জনসংখ্যা বৃদ্ধিৰ আঞ্চলিক তাৰতম্যৰ এখন ছবি দাঙি ধৰা।

​উত্তৰঃ উন্নত আৰু উন্নয়নশীল দেশসমূহৰ মাজত জনসংখ্যাৰ আকাৰৰ লগতে জনসংখ্যা বৃদ্ধিৰ হাৰৰ ক্ষেত্ৰত যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হৈছিল।

​১৭৫০ ৰ পৰা ১৯৫০ চনৰ সময়ছোৱা: এই সময়ছোৱাত উন্নত দেশসমূহৰ জনসংখ্যাৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ (0.8% শতাংশ) উন্নয়নশীল দেশসমূহৰ (0.5% শতাংশ) তুলনাত কিছু বেছি আছিল।

​১৯৫০ ৰ পৰা ১৯৭০ চনৰ সময়ছোৱা: এই বিশ বছৰৰ সময়ছোৱাত জনসংখ্যা বৃদ্ধিৰ হাৰৰ পৰিৱৰ্তন হয়। উন্নত দেশবোৰত বৃদ্ধিৰ হাৰ 1.1% শতাংশ হোৱাৰ বিপৰীতে উন্নয়নশীল দেশবোৰত এই বৃদ্ধিৰ হাৰ 2.2% শতাংশলৈ বৃদ্ধি হৈছিল।

​মহাদেশীয় পৰ্যায়ত তাৰতম্য (১৭৫০-১৮৫০ চন): এই সময়ছোৱাত আফ্ৰিকা মহাদেশৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ (0.05% শতাংশ) ইউৰোপ মহাদেশৰ বাৰ্ষিক হাৰ (0.53% শতাংশ)ৰ তুলনাত যথেষ্ট কম আছিল।

​মহাদেশীয় পৰ্যায়ত তাৰতম্য (১৯৫০-২০০০ চন): এই সময়ছোৱাত আফ্ৰিকা মহাদেশৰ বৃদ্ধিৰ হাৰত যথেষ্ট পৰিৱৰ্তন হয় আৰু আফ্ৰিকা মহাদেশত বাৰ্ষিক বৃদ্ধিৰ হাৰ 2.55% শতাংশলৈ বৃদ্ধি পায়, যি ইউৰোপ মহাদেশৰ (0.6% শতাংশ) তুলনাত বহু বেছি আছিল।

​সৰ্বাধিক বৃদ্ধিৰ হাৰ: মহাদেশসমূহৰ ভিতৰত মধ্য আৰু দক্ষিণ আমেৰিকাতেই 2.6% শতাংশৰে জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক আছিল।

​নিৰপেক্ষ বৃদ্ধি: আকৌ, এই সময়ছোৱাৰ জনসংখ্যা বৃদ্ধিক নিৰপেক্ষভাৱে চালে এছিয়া মহাদেশতে সৰ্বাধিক জনসংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হয়। কাৰণ এই সময়ছোৱাত এছিয়া মহাদেশৰ জনসংখ্যা 502 নিযুতৰ পৰা বৃদ্ধি হৈ 3,680 নিযুত হৈছিলগৈ, কিন্তু উত্তৰ আমেৰিকাৰ ক্ষেত্ৰত এই বৃদ্ধি হৈছিল 2 নিযুতৰ পৰা 316 নিযুত।

​এইদৰে সময় আৰু অঞ্চলভেদে জনসংখ্যা বৃদ্ধিৰ হাৰৰ ক্ষেত্ৰত উল্লেখযোগ্য আঞ্চলিক তাৰতম্য পৰিলক্ষিত হয়।

​৪। পৃথিৱীৰ জনসংখ্যা বিতৰণ সম্পর্কে লিখা আৰু এই বিতৰণত থকা অসমতাৰ প্ৰধান কাৰকসমূহ উল্লেখ কৰা।

​উত্তৰঃ পৃথিৱীৰ জনসংখ্যাৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা এটা অতি উল্লেখনীয় বৈশিষ্ট্য হ’ল বিশ্বত জনসংখ্যাৰ আকাৰ আৰু বিতৰণৰ ক্ষেত্ৰত থকা ব্যাপক ভিন্নতা। ই সময় আৰু মহাদেশভেদে পৃথক।

​জনসংখ্যা বিতৰণৰ ধাৰা (২০১০ বৰ্ষৰ তথ্য অনুসৰি):

​ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি 2010 বৰ্ষত পৃথিৱীৰ আনুমানিক জনসংখ্যা আছিল প্ৰায় 697 কোটি।

​মুঠ জনসংখ্যালৈ এছিয়া মহাদেশৰ অৱদান আছিল 61% শতাংশ (প্ৰায় 425 কোটি)।

​আফ্ৰিকা মহাদেশৰ অৱদান আছিল 14.7% শতাংশ (প্ৰায় 102 কোটি)।

​ইউৰোপ মহাদেশৰ অংশ আছিল 10.5% শতাংশ (প্ৰায় 73 কোটি)।

​উত্তৰ আমেৰিকাৰ অৱদান আছিল 5% শতাংশ (প্ৰায় 35 কোটি)।

​দক্ষিণ আৰু মধ্য আমেৰিকাৰ অৱদান আছিল 8.3% শতাংশ (প্ৰায় 58 কোটি)।

​ওছেনিয়া মহাদেশৰ অৱদান আছিল একেবাৰে কম, মাত্ৰ 0.5% শতাংশ (প্ৰায় 3.6 কোটি)।

​উন্নত আৰু উন্নয়নশীল দেশসমূহৰ মাজৰ পাৰ্থক্য:

2010 বৰ্ষৰ তথ্য অনুসৰি, বৰ্তমান সময়ত বিশ্ব জনসংখ্যাৰ প্ৰায় 18.4% শতাংশ লোকে আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটিছ যুক্তৰাজ্য, অষ্ট্ৰেলিয়া, কানাডা আদিৰ দৰে উন্নত দেশসমূহত বাস কৰে। আনহাতে, অৱশিষ্ট 81.6% শতাংশ লোকে পৃথিৱীৰ উন্নয়নশীল তথা অনুন্নত দেশসমূহত বাস কৰে। ইয়াৰোপৰি, বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় 20% শতাংশ পৃথিৱীৰ প্ৰথম জনবহুল দেশ চীনত পৰিলক্ষিত হোৱাৰ বিপৰীতে বিশ্বৰ মুঠ জনসংখ্যালৈ 17% শতাংশ অৱদান আগবঢ়োৱা ভাৰতবৰ্ষ হ’ল পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ।

​জনসংখ্যা বিতৰণত থকা অসমতাৰ প্ৰধান কাৰকসমূহ:

​(i) জলবায়ু

(ii) ভূ-অৱয়ৱ (ভূ-প্ৰকৃতি)

(iii) মৃত্তিকা (মাটি)

(iv) শক্তি আৰু খনিজ সম্পদ

(v) যাতায়াত ব্যৱস্থা

(vi) আৰ্থ-সামাজিক অৱস্থা

​৫। জনসংখ্যা বিতৰণত ভূ-অৱয়ৱ আৰু জলবায়ুৰ ভূমিকা সম্পৰ্কে উদাহৰণসহ আলোচনা কৰা।

​উত্তৰঃ জনসংখ্যা বিতৰণত ভূ-অৱয়ৱ (ভূ-প্ৰকৃতি) আৰু জলবায়ুৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ:

​(i) ভূ-অৱয়ৱ (ভূ-প্ৰকৃতি):

এখন ঠাইৰ ভূ-অৱয়ৱৰ প্ৰকৃতিয়ে জনসংখ্যা বিতৰণৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে।

​সমতল ভূমিৰ অনুকূলতা: মানুহৰ সাধাৰণতে পাহাৰীয়া অঞ্চলতকৈ সমতল ভূমিত বসতি কৰাৰ প্ৰৱণতা অধিক হয়, কাৰণ পাহাৰীয়া ভূ-খণ্ডত কৃষিকাৰ্য সম্পন্ন কৰাটো তেনেই কঠিন। যাতায়াত, মাল-বস্তুসমূহৰ পৰিবহণ, উদ্যোগ বা কাৰখানাৰ প্ৰতিষ্ঠা আদিৰ ক্ষেত্ৰত পাহাৰীয়া অঞ্চলত যথেষ্ট সমস্যাৰ উদ্ভৱ হয়। এতেকে এনেধৰণৰ অঞ্চলসমূহত জনসংখ্যা অতি সীমিত হয়।

​নদী উপত্যকাৰ গুৰুত্ব: আনহাতে, নদী উপত্যকাসমূহ কৃষিকাৰ্যৰ বাবে অধিক সম্ভাৱনাযুক্ত হোৱা কাৰণে এনে অঞ্চলসমূহ ঘন জনবসতিপূৰ্ণ হয়।

​উদাহৰণ: অৰুণাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ আদিৰ দৰে ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলত অৱস্থিত ৰাজ্যসমূহত উত্তৰ প্ৰদেশ, পশ্চিমবংগ, বিহাৰ, অসম আদিৰ দৰে সমভূমিত অৱস্থিত ৰাজ্যসমূহতকৈ জনসংখ্যাৰ ঘনত্ব অতি কম।

​(ii) জলবায়ু:

উষ্ণতা, বৃষ্টিপাত, আৰ্দ্ৰতা আদিৰ দৰে জলবায়ুৰ উপাদানসমূহে জনসংখ্যা বিতৰণত যথেষ্ট প্ৰভাৱান্বিত কৰে।

​কৃষিৰ ওপৰত নিৰ্ভৰশীলতা: এইটো এই কাৰণেই হয় যে কৃষিকাৰ্যৰ বাবে অনুকূল উষ্ণতা আৰু পৰ্যাপ্ত বৃষ্টিপাতৰ আৱশ্যক। কৃষিৰ অবিহনে মানুহে এখন ঠাইত সহজে বাস কৰিব নোৱাৰে।

​প্ৰতিকূল জলবায়ুৰ ফল: সেয়েহে, তুন্দ্ৰাঞ্চল বা সুমেৰু অঞ্চল, মৰুভূমি অঞ্চল, নিৰক্ষীয় উষ্ণ অৰণ্য অঞ্চলসমূহত মানৱ বসতি অতি কম।

​অনুকূল জলবায়ুৰ ফল: আনহাতে, দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত মধ্যমীয়া উষ্ণতা বিৰাজ কৰাৰ বাবে আৰু পৰ্যাপ্ত পৰিমাণৰ বৃষ্টিপাত হোৱাৰ বাবে এই অঞ্চলসমূহত জনসংখ্যাৰ ঘনত্ব অধিক হোৱা পৰিলক্ষিত হয়।

৬। পৃথিবীৰ প্ৰধান ঘন বসতিপূর্ণ অঞ্চলসমূহ উল্লেখ কৰি সেইবোৰৰ ভৌগোলিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ পৃথিৱীৰ প্ৰধান ঘন জনবসতিপূর্ণ অঞ্চলসমূহ হ’লঃ

(i) এছিয়া

(ii) দক্ষিণ এছিয়া

(iii) পশ্চিম ইউৰোপ

(iv) আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূৱ্ উপকূলীয় সমভূমি অঞ্চল।

এই অঞ্চলসমূহক ঘন জনবসতিপূর্ণ কৰি তোলাৰ ভৌগোলিক বৈশিষ্ট্যসমূহ হ’লঃ

(i) এই অঞ্চলসমূহ প্রধানকৈ সমভূমিৰে গঠিত, যিয়ে কৃষি কাৰ্যৰ বিকাশ, উদ্যোগ স্থাপন আৰু সহজ মানৱ বসতিক উৎসাহিত কৰে।

(ii) এই অঞ্চলসমূহত হোৱা পর্যাপ্ত বৃষ্টিপাতে অঞ্চলসমূহৰ কৃষিকার্যক উৎসাহিত কৰে।

(iii) জীৱন ধাৰণ তথা কাম-কাজ কৰাৰ বাবে এই অঞ্চলসমূহৰ উষ্ণতা অতি অনুকূল।

(iv) সাগৰীয় উপকূল বা নদী কাষৰীয়া হোৱা বাবে এই অঞ্চলসমূহ ইয়াৰ সাৰুৱা ভূমিৰ বাবে উল্লেখনীয় হয় যিয়ে কৃষি, মাল-বস্তু পৰিবহণ ব্যৱস্থা আদিৰ বিকাশত সহায় কৰে।

(v) এই অঞ্চলসমূহ বাট-পথ, জলপথ, ৰে’লপথ তথা আকাশী পথৰ সৈতে ভালদৰে সংযুক্ত হোৱা বাবে যাতায়ত তথা বেপাৰ-বাণিজ্যৰ অনুকূল হয়।

(vi) এই অঞ্চলসমূহৰ খনিজ সম্পদৰ প্ৰাচুৰ্যতা।

৭। পৃথিৱীৰ প্ৰধান অতি সেৰেঙা জনবসতিপূর্ণ অঞ্চলসমূহ কি কি? সেইবোৰ ঠাইত জনবসতি অতি সেৰেঙা হোৱাৰ প্ৰধান কাৰণবোৰ কি কি?

উত্তৰঃ পৃথিৱীৰ প্ৰধান অতি সেৰেঙা জনবসতিপূর্ণ অঞ্চলসমূহ হ’লঃ

(i) উত্তৰ আমেৰিকা আৰু ইউৰোপৰ তুন্দ্ৰা অঞ্চল।

(ii) চাহাৰা, কালাহাৰি, গোবি, থৰ আদি উষ্ণ মৰুভূমি অঞ্চলসমূহ।

(iii) নিৰক্ষীয় অৰণ্য অঞ্চল।

(iv) হিমালয়, ৰকি, এণ্ডিজ আদি উচ্চ পার্বত্য অঞ্চলসমূহ। ওপৰত উল্লিখিত অঞ্চলসমূহত জনবসতি সেৰেঙা হোৱাৰ প্ৰধান কাৰণবোৰ হ’লঃ

(v) অসাৰুৱা ভূমি

(vi) অত্যধিক গৰম বা অত্যধিক শীতল জলবায়ু

(vii) অতি কম বা অতিপাত বৃষ্টিপাত

(viii) পাহাৰীয়া ভূ-খণ্ড

(ix) পর্যাপ্ত পৰিবহণ তথা যোগাযোগ ব্যৱস্থাৰ অভাৱ

(x) নিম্নস্তৰৰ আৰ্থিক বিকাশ

(xi) ঘন অৰণ্যৰ উপস্থিতি

৮। “জন-প্রব্রজন” বুলিলে কি বুজা? ই প্রধানকৈ কেই প্ৰকাৰৰ আৰু কি কি?

​উত্তৰঃ কোনো লোক বা জনসমষ্টিয়ে কিছুমান নিৰ্দিষ্ট সুবিধা লাভৰ উদ্দেশ্যে তেওঁলোকৰ নিজৰ বাসস্থান ত্যাগ কৰি অন্য ঠাইলৈ গৈ কিছু দীৰ্ঘকালৰ বাবে বসবাস কৰিবলৈ লোৱা কাৰ্যকেই জন-প্ৰব্ৰজন বুলি কোৱা হয়।

​প্ৰব্ৰজনৰ প্ৰধান প্ৰকাৰসমূহ:

দূৰত্ব, সময় আৰু কাৰণৰ ওপৰত ভিত্তি কৰি জন-প্ৰব্ৰজন কেইবা প্ৰকাৰৰো হ’ব পাৰে। ইয়াৰ প্ৰধান প্ৰকাৰসমূহ হ’ল:

​(i) দূৰত্বৰ ভিত্তিত: হ্ৰস্বদূৰত্ব, দীৰ্ঘদূৰত্ব, আন্তৰ্দেশীয় (এখন দেশৰ ভিতৰতে) আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন।

(ii) সময়ৰ ভিত্তিত: হ্ৰস্বকালীন, দীৰ্ঘকালীন, ঋতু অনুযায়ী, স্থায়ী আৰু অস্থায়ী প্ৰব্ৰজন।

(iii) কাৰণৰ ভিত্তিত: অৰ্থনৈতিক প্ৰব্ৰজন, সামাজিক প্ৰব্ৰজন, ৰাজনৈতিক প্ৰব্ৰজন, ধৰ্মীয় প্ৰব্ৰজন আদি।

​৯। “জন-প্ৰব্ৰজন” কিয় সংঘটিত হয় চমুকৈ লিখা।

​উত্তৰঃ “জন-প্ৰব্ৰজন” সংঘটিত হোৱাৰ প্ৰধান কাৰণসমূহ হৈছে:

​(1) উপযুক্ত কৰ্ম সংস্থাপনৰ অভাৱ

(ii) নিম্নমানৰ শৈক্ষিক সুবিধা

(iii) নিম্নস্তৰৰ আৰ্থিক বিকাশ

(iv) ধৰ্মীয় উৎপীড়ন

(v) ৰাজনৈতিক অস্থিৰতা তথা অৰাজকতা

(vi) সামাজিক তথা সাম্প্ৰদায়িক হিংসাত্মক পৰিস্থিতি

(vii) দেশৰ বিভাজন

(viii) আভ্যন্তৰীণ তথা বহিঃযুদ্ধ

(ix) সঘনে হোৱা প্ৰাকৃতিক দুৰ্যোগ

​১০। জন-প্ৰব্ৰজনৰ আকৰ্ষী আৰু বিকৰ্ষী কাৰকসমূহ উল্লেখ কৰা।

​উত্তৰঃ জন-প্ৰব্ৰজনৰ প্ৰধান আকৰ্ষী আৰু বিকৰ্ষী কাৰকসমূহ তলত উল্লেখ কৰা হ’ল:

​(ক) বিকৰ্ষী কাৰক:

মানুহক নিজৰ বাসস্থানৰ পৰা অন্য অঞ্চললৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰোৱা কাৰকবোৰকে বিকৰ্ষী বা বিকৰ্ষণমূলক কাৰক বুলি কোৱা হয়।

প্ৰধান বিকৰ্ষী কাৰকসমূহ হ’ল:

(i) কৰ্মসংস্থাপনৰ অসুবিধা বা অভাৱ

(ii) শৈক্ষিক সুবিধাৰ অভাৱ

(iii) নিম্নমানৰ আৰ্থিক বিকাশ

(iv) সাম্প্ৰদায়িক অনৈক্য বা সংঘাত

(v) ৰাজনৈতিক অস্থিৰতা

(vi) প্ৰতিকূল জলবায়ু

(vii) সঘনে সংঘটিত হোৱা প্ৰাকৃতিক দুৰ্যোগ

​(খ) আকৰ্ষী কাৰক:

মানুহক এখন নতুন ঠাইলৈ টানি অনা বা আকৰ্ষণ কৰি তেওঁলোকক নতুন ঠাইখনত বসতি স্থাপন কৰিবলৈ উৎসাহিত কৰা কাৰকসমূহক আকৰ্ষী বা আকৰ্ষণমূলক কাৰক বুলি কোৱা হয়।

প্ৰধান আকৰ্ষী কাৰকসমূহ হ’ল:

(i) ভাল কৰ্মসংস্থাপনৰ সুযোগ-সুবিধা

(ii) উত্কৃষ্ট শৈক্ষিক সুবিধা

(iii) ৰাজনৈতিক স্থিৰতা

(iv) অনুকূল জলবায়ু

(v) উচ্চহাৰৰ আৰ্থিক উন্নয়ন

(vi) সামাজিক একতা আৰু শান্তি

(vii) উন্নত যাতায়াত তথা আধুনিক যোগাযোগ ব্যৱস্থা আদি

​১১। আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিলে কি বুজা? উদাহৰণসহ দুটা আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ কাৰণ আৰু ফলাফল চমুকৈ লিখা।

​উত্তৰঃ যেতিয়া শিক্ষা, কৰ্মক্ষেত্ৰ, বসতি আদিৰ উদ্দেশ্যে এখন দেশৰ পৰা আন এখন দেশলৈ প্ৰব্ৰজন হয়, তেতিয়া তাক আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলি কোৱা হয়।

​আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ দুটা প্ৰধান কাৰণ:

(i) ৰাজনৈতিক অস্থিৰতা আৰু সংঘাত: ৰাজনৈতিক অস্থিৰতা, যুদ্ধ, ধৰ্মীয় বা জাতিগত উৎপীড়ন আদিৰ ফলত জনসাধাৰণ নিজৰ দেশ এৰি নিৰাপদ স্থানলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হয়।

(ii) উন্নত অৰ্থনৈতিক সুযোগ: উন্নত জীৱন ধাৰণৰ মান, অধিক দৰমহা, আৰু উত্তম কৰ্মসংস্থাপনৰ সুযোগ লাভৰ আশাত লোকসকলে বিকশিত দেশসমূহলৈ প্ৰব্ৰজন কৰে।

​উদাহৰণ আৰু ফলাফল:

​প্ৰথম উদাহৰণ:

​কাৰণ: 1947 চনৰ আগষ্টত হোৱা ভাৰত বিভাজন।

​বিৱৰণ: এই বিভাজনৰ ফলত প্ৰায় 15-20 নিযুততকৈও অধিক লোকে ভগনীয়া হিচাপে নিজৰ ঠাই এৰি বিভিন্ন অঞ্চললৈ প্ৰব্ৰজন কৰিবলগীয়া হৈছিল।

​ফলাফল: এই প্ৰব্ৰজনৰ ফলত দুয়োখন দেশতে জনসংখ্যাৰ গাঁথনিৰ যথেষ্ট পৰিৱৰ্তন ঘটে আৰু দুয়োফালে বহুতো আৰ্থ-সামাজিক সমস্যা (যেনে: বসতিৰ সমস্যা, সম্পদৰ ওপৰত হেঁচা) আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল।

​দ্বিতীয় উদাহৰণ:

​কাৰণ: 1971 চনৰ বাংলাদেশ যুদ্ধৰ আগতে হোৱা প্ৰব্ৰজন।

​বিৱৰণ: পশ্চিম পাকিস্তানৰ শাসক পক্ষৰ উৎপীড়নৰ পৰা হাত সাৰিবলৈ হাজাৰ হাজাৰ মুছলমান লোকে অসম আৰু পশ্চিমবংগলৈ প্ৰব্ৰজন কৰিছিল।

​ফলাফল: এই প্ৰব্ৰজনৰ ফলত বাংলাদেশৰ পৰা অহা ৰাজ্যকেইখনত জনসংখ্যাৰ ঘনত্ব আৰু ভাষিক গাঁথনিৰ পৰিৱৰ্তন পৰিলক্ষিত হৈছিল, যাৰ বাবে সেই অঞ্চলসমূহত সামাজিক আৰু ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি হৈছিল।

​আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ সামগ্ৰিক ফলাফল স্বৰূপে জনসংখ্যাৰ গাঁথনিৰ পৰিৱৰ্তন হোৱাৰ লগতে বিভিন্ন ঠাইত নানান আৰ্থ-সামাজিক সমস্যাৰ সৃষ্টি হোৱা দেখা যায়। এইবোৰৰ উপৰি অঞ্চল এটাৰ ভাষিক গাঁথনিৰো যথেষ্ট পৰিৱৰ্তন পৰিলক্ষিত হয়।

১২। চমুটোকা লিখাঃ

(ক) জন বিস্ফোৰণ

(খ) জনসংখ্যাৰ ঘনত্ব

(গ) অন্তর্দেশীয় প্রব্রজন

(ঘ) আন্তঃদেশীয় প্রব্রজন

(ঙ) জন-প্ৰব্ৰজনৰ আকৰ্ষী কাৰক

(চ) জন-প্ৰব্ৰজনৰ বিকর্ষী কাৰক

(ছ) বাংলাদেশ-ভাৰত জন-প্ৰব্ৰজন

উত্তৰঃ (ক) জন বিস্ফোৰণঃ বিশ্ব জনসংখ্যাৰ দ্রুতগতিত হোৱা অভাৱনীয় বৃদ্ধিকে জন বিস্ফোৰণ বুলি কোৱা হয়। ১৯৫০-২০০০ বৰ্ষৰ সময়ছোৱাত বিশ্বত জন-বিস্ফোৰণ ঘটে, য’ত হঠাতে বিশ্ব জনসংখ্যা বৃদ্ধি হৈ ১৯৫০ বৰ্ষৰ ২৫০ কোটিৰ পৰা ২০০০ বর্ষত ৬০০ কোটি হয়গৈ। অর্থাৎ ১৮০০ ৰ পৰা ১৯৫০ বৰ্ষৰ সময়ছোৱাত ১৫০ বছৰত হোৱা ১৫০ কোটি জনসংখ্যা বৃদ্ধিৰ বিপৰীতে ১৯৫০ ৰ পৰা ২০০০ বৰ্ষৰ সময়ছোৱাত কেৱল ৫০ বছৰৰ ভিতৰতে ৩৫০ কোটি জনসংখ্যা বৃদ্ধি পাইছিল। এই অদ্ভুত জন বিস্ফোৰণ সংঘটিত হোৱাৰ প্ৰধান কাৰকসমূহ হ’ল খাদ্য যোগানৰ ক্ষেত্ৰত হোৱা দ্রুত বৃদ্ধি, জীৱন ধাৰণৰ মানৰ উন্নয়ন, চিকিৎসা বিজ্ঞানৰ উন্নয়ন তথা উপযুক্ত স্বাস্থ্য সুৰক্ষা।

(খ) জনসংখ্যাৰ ঘনত্ব: জনসংখ্যাৰ ঘনত্ব মানে হ’ল প্রতি বর্গকিলোমিটাৰ অঞ্চলত বাস কৰা লোকৰ সংখ্যা। কোনো এখন ঠাইৰ মুঠ জনসংখ্যাক ঠাইখনৰ মুঠ মাটিকালিৰে হৰণ কৰি জনসংখ্যাৰ ঘনত্ব নিৰূপণ কৰা হয়। ২০১০ বৰ্ষৰ অনুমানিক তথ্য অনুসৰি পৃথিৱীৰ জনসংখ্যাৰ ঘনত্ব আছিল প্রতি বর্গ কিঃমিঃত প্রায় ৪৭ জন। দেশভেদে জনসংখ্যাৰ ঘনত্ব বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে দেশসমূহৰ জনসংখ্যাৰ ঘনত্বৰ ক্ষেত্রত প্রতি বর্গ কিঃমিঃত ১,০৪৬ জনেৰে বাংলাদেশৰ স্থান শীৰ্ষত। আনহাতে, ভাৰতৰ জনসংখ্যাৰ ঘনত্ব হ’ল প্রতি বর্গ কিঃমিঃত প্রায় ৩৭৮ জন।

(গ) অন্তর্দেশীয় প্রব্রজন: প্রব্রজন যেতিয়া এখন দেশৰ ভিতৰতে সংঘটিত হয় তেতিয়া তাক অন্তর্দেশীয় প্রব্রজন বুলি কোৱা হয়। ই এখন বাজ্য পৰা আন এখন ৰাজ্যৰ মাজত বা এখন জিলাৰ পৰা আন এখন জিলালৈ অথবা একেখন জিলাৰ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ঘটিব পাৰে।

এনে প্ৰব্ৰজন চাৰিটা দিশত সংঘটিত হ’ব পাৰেঃ

(১) গাঁৱৰ পৰা নগৰলৈ

(২) নগৰৰ পৰা গাঁৱলৈ

(৩) নগৰৰ পৰা নগৰলৈ

(৪) গাঁৱৰ পৰা গাঁৱলৈ

অন্তদের্শীয় বা অন্তঃপ্ৰব্ৰজনৰ প্ৰধান কাৰণবোৰ হ’ল অধিক উন্নত শৈক্ষিক সুবিধাৰ উপলব্ধতা, নতুন ৰাজ্যৰ গঠন, ধর্মীয় উৎপীড়ন, ৰাজনৈতিক অস্থিৰতা, সাম্প্রদায়িক অনৈক্য, প্রাকৃতিক দুর্যোগ, অর্থনৈতিক উন্নয়ন, অধিক উন্নত কর্মসংস্থাপনৰ সুযোগ ইত্যাদি।

(ঘ) আন্তঃদেশীয় প্রব্রজন:

আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন হৈছে যেতিয়া কোনো লোক বা জনসমষ্টিয়ে শিক্ষা, কৰ্মক্ষেত্ৰ, বসতি স্থাপন, অথবা ৰাজনৈতিক বা ধৰ্মীয় কাৰণত এখন দেশৰ পৰা আন এখন দেশলৈ প্ৰব্ৰজন কৰে। এই প্ৰব্ৰজন দীৰ্ঘকালীন বা স্থায়ী হ’ব পাৰে। এই প্ৰব্ৰজনৰ ফলত প্ৰব্ৰজনকাৰী দেশ আৰু গ্ৰহণকাৰী দেশ দুয়োৰে জনসংখ্যাৰ আকাৰ, গাঁথনি আৰু সংস্কৃতিৰ ওপৰত প্ৰভাৱ পৰে। উদাহৰণস্বৰূপে, উন্নত কৰ্মৰ বাবে ভাৰতীয় লোকসকলৰ আমেৰিকা যুক্তৰাষ্ট্ৰ বা মধ্যপ্ৰাচ্যলৈ হোৱা প্ৰব্ৰজন। এনে প্ৰব্ৰজনৰ ফলত জনগাঁথনি, আৰ্থ-সামাজিক অৱস্থা আৰু ভাষিক বিন্যাসৰ পৰিৱৰ্তন হয়।

(ঙ) জন-প্ৰব্ৰজনৰ আকৰ্ষী কাৰক:

আকৰ্ষী কাৰক হৈছে এনেবোৰ উপাদান, যিয়ে লোকসকলক এখন নতুন ঠাইলৈ বসতি স্থাপনৰ বাবে টানি আনে বা আকৰ্ষিত কৰে। এই কাৰকসমূহে এখন নিৰ্দিষ্ট অঞ্চলৰ অনুকূল অৱস্থা আৰু উচ্চ সম্ভাৱনীয়তাক সূচায়। জন-প্ৰব্ৰজনৰ প্ৰধান আকৰ্ষী কাৰকসমূহ হ’ল:

  1. ​ভাল কৰ্মসংস্থাপনৰ সুযোগ আৰু উচ্চ দৰমহা।
  2. ​উত্কৃষ্ট শৈক্ষিক আৰু চিকিৎসা সেৱাৰ সুবিধা।
  3. ​ৰাজনৈতিক স্থিৰতা আৰু সুৰক্ষা।
  4. ​অনুকূল জলবায়ু আৰু সুন্দৰ প্ৰাকৃতিক পৰিৱেশ।
  5. ​সামাজিক একতা, শান্তি আৰু সুন্দৰ আন্তঃগাঁথনি। এই কাৰকসমূহে নতুন ঠাই এখনক অধিক গ্ৰহণযোগ্য আৰু উন্নত কৰি তোলে।

(চ) জন-প্ৰব্ৰজনৰ বিকর্ষী কাৰক: বিকৰ্ষী কাৰক হৈছে এনেবোৰ উপাদান, যিয়ে মানুহক তেওঁলোকৰ নিজৰ বাসস্থান ত্যাগ কৰি অন্য অঞ্চললৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰে বা বিকৰ্ষিত কৰে। এই কাৰকসমূহে কোনো এক নিৰ্দিষ্ট অঞ্চলৰ প্ৰতিকূল অৱস্থা আৰু সংকটপূৰ্ণ পৰিস্থিতি সূচায়। প্ৰধান বিকৰ্ষী কাৰকসমূহ হ’ল:

  • ​কৰ্মসংস্থাপনৰ অভাৱ বা সীমিত সুবিধা।
  • ​নিম্নমানৰ শিক্ষা আৰু স্বাস্থ্যসেৱা।
  • ​ৰাজনৈতিক অস্থিৰতা, যুদ্ধ বা সাম্প্ৰদায়িক সংঘৰ্ষ।
  • ​ধৰ্মীয় বা জাতিগত উৎপীড়ন।
  • ​প্ৰতিকূল জলবায়ু, দুৰ্ভিক্ষ বা সঘনে হোৱা প্ৰাকৃতিক দুৰ্যোগ (যেনে বানপানী)। এই কাৰকসমূহে লোকসকলক নিজৰ জীৱন ধাৰণৰ বাবে আন ঠাই বিচৰাত বাধ্য কৰে।

(ছ) বাংলাদেশ ভাৰত জন-প্ৰব্ৰজন: ১৯৪৮ চনৰ ভাৰত বিভাজন তথা

১৯৭১ চনৰ পাকিস্তান বিভাজনৰ ফলত ১৯৬০ ৰ দশকৰ শেষৰফালে তথা ১৯৭০ৰ দশকৰ আৰম্ভণিতে পূৱ পাকিস্তানৰ পৰা অসমলৈ এক বৃহৎ সংখ্যক লোকে প্রব্রজন কৰিছিল। আনকি বাংলাদেশৰ সৃষ্টিৰ পিছত, ১৯৭১ চনৰ বাংলাদেশ যুদ্ধৰ পিছতো যুদ্ধৰ ফলাফল স্বরূপে বিতাবিত হোৱা শ-শ বাংলাদেশী লোকে ধাৰাবাহিকভাবে ভাৰতত অনুপ্রবেশ কৰিছিল। এই প্ৰব্ৰজনৰ অন্য কাৰণসমূহ আছিল পর্যাপ্ত পৰিমাণৰ কৃষিভূমিৰ উপলব্ধতা তথা অধিক উন্নত অর্থনৈতিক সুযোগ। এইক্ষেত্রত অসমৰ সৈতে বাংলাদেশৰ সছিদ্র সীমা থকা বাবে শ-শ বাংলাদেশীয়ে অধিক কঠিনতা অবিহনেই ৰাজ্যখনত অনুপ্ৰৱেশ কৰিছিল। হঠাতে হোৱা বিদেশীসকলৰ এই সমাগমে ৰাজ্যখনৰ জনসংখ্যাতত্ত্ব সামাজিক সুস্থিৰতা আৰু আৰ্থিক অবস্থাসমূহৰ গভীৰভাৱে পৰিৱৰ্তন ঘটাইছিল।

১৩। তোমাৰ অঞ্চলটোত জনসংখ্যাৰ ঘনত্ব কম-বেছি হোৱাৰ কাৰণ উল্লেখ কৰা।

উত্তৰঃ নিজে কৰা।

১৪। শুদ্ধ উত্তৰটো বাছি উলিওবা:

(১) কোন বছৰত পৃথিবীৰ জনসংখ্যা প্রায় ১ শত কোটি (মহানিযুত) আছিল?

(ক) ১৯৫০ চনত

(খ) ১৮০৮ চনত

(গ) ১৯০৮ চনত

(ঘ) ১০০৮ চনত

উত্তৰঃ (খ) ১৮০৮ চনত

(২) পৃথিবীৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণটো কি?

(ক) জন্মহাৰৰ বৃদ্ধি

(খ) মৃত্যুৰ হাৰ হ্রাস

(গ) জন্মহাৰৰ তুলনাত মৃত্যুহাৰৰ হ্ৰাস

(ঘ) প্রব্রজন

উত্তৰঃ (ক) জন্মহাৰৰ বৃদ্ধি

(৩) পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যাৰ মহাদেশ কোনখন?

(ক) আফ্রিকা

(খ) ওচেনিয়া

(গ) ইউৰোপ

(ঘ) দক্ষিণ আমেৰিকা

উত্তৰঃ (খ) ওচেনিয়া

(৪) তলত উল্লিখিত দেশসমূহৰ কোনখনত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি?

(ক) জাপান

(খ) ভাৰত

(গ) বাংলাদেশ

(ঘ) ইন্দোনেচিয়া

উত্তৰঃ (গ) বাংলাদেশ

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
নৱম শ্ৰেণী ভূগোল অধ্যায় ৩ – সঘনাই সোধা প্ৰশ্ন
জনসংখ্যাৰ বৃদ্ধি কি?
জনসংখ্যাৰ বৃদ্ধি মানে কোনো অঞ্চল বা দেশত মানুহৰ সংখ্যা সময়ৰ লগত বৃদ্ধি হোৱাটো।
জনসংখ্যাৰ বৃদ্ধি কিহৰ ওপৰত নিৰ্ভৰ কৰে?
জন্মদৰ, মৃত্যু দৰ আৰু অভিবাসনৰ ওপৰত জনসংখ্যাৰ বৃদ্ধি নিৰ্ভৰ কৰে।
জনসংখ্যাৰ বিতৰণ কি অৰ্থ?
জনসংখ্যাৰ বিতৰণ মানে হৈছে কোনো অঞ্চল বা দেশত মানুহৰ বিন্যাস বা কিমান ঠাইত কেনেকৈ ৰিৰাজ কৰে।
জনসংখ্যা নিয়ন্ত্ৰণৰ প্ৰয়োজন কিয়?
অতি জনসংখ্যা হ্ৰাসৰ বাবে সম্পদৰ অভাৱ আৰু উন্নয়নৰ সমস্যা হব পাৰে; সেই বাবে জনসংখ্যা নিয়ন্ত্ৰণ প্ৰয়োজন।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top