Class 9 Geography Chapter 5 Solutions – সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ | ASSEB (SEBA) | Assamese Medium

নৱম শ্ৰেণী ভূগোল (ঐচ্ছিক) অধ্যায় ৫ – সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগৰ আটাইবোৰ অনুশীলনীৰ সমাধান | ASSEB (SEBA) | Assamese Medium

নৱম শ্ৰেণী ভূগোল (ঐচ্ছিক) অধ্যায় ৫ – সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগৰ আটাইবোৰ অনুশীলনীৰ সমাধান (ASSEB / SEBA – Assamese Medium)

নৱম শ্ৰেণীৰ ভূগোল (ঐচ্ছিক) বিষয়ৰ নতুন পাঠ্যক্ৰমৰ পঞ্চম অধ্যায় হৈছে ‘সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ’। এই অধ্যায়ত সম্পদ কি, ইয়াৰ প্ৰকাৰভেদ, যেনে– প্ৰাকৃতিক, মানৱ-সৃষ্ট, আৰু মানৱ সম্পদৰ বিষয়ে আলোচনা কৰা হৈছে। লগতে, নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ পাৰ্থক্য আৰু সম্পদ সংৰক্ষণৰ গুৰুত্বৰ বিষয়েও ইয়াত এক স্পষ্ট ধাৰণা দিয়া হৈছে। Ospin Academy (অস্পীন একেডেমী)ত এই অধ্যায়ৰ সকলো অনুশীলনীৰ সমাধান শেহতীয়া পাঠ্যক্ৰম অনুসৰি সহজ ভাষাত উপলব্ধ।

✅ কি শিকিব:

  • সম্পদৰ সংজ্ঞা আৰু মৌলিক ধাৰণা
  • সম্পদৰ শ্ৰেণীবিভাগ (প্ৰাকৃতিক, মানৱ-সৃষ্ট, মানৱ)
  • নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ পাৰ্থক্য
  • সম্পদৰ বিতৰণ আৰু ইয়াৰ ব্যৱহাৰ
  • সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু উপায়

🎯 অস্পীন একেডেমীৰ সুবিধা:

  • ASSEB (SEBA)-ৰ শেহতীয়া পাঠ্যক্ৰমৰ সম্পূৰ্ণ সমাধান
  • অনুশীলনীৰ প্ৰতিটো প্ৰশ্নৰ বিস্তাৰিত আৰু শুদ্ধ উত্তৰ
  • পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বাবে প্ৰস্তুতি
  • অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সহজ আৰু বোধগম্য ভাষা
  • ভূগোলৰ জটিল ধাৰণাসমূহৰ সৰল আৰু স্পষ্ট উপস্থাপন
Vibrant Note Box
Buy Printable PDF
Class 9 Geography (ভূগোল) Latest Syllabus | Assamese Medium Chapter-wise Solutions PDF for ASSEB & SEBA
Original price was: ₹199.00.Current price is: ₹39.00.

Limited Time Offer!

(For Class 9 Geography, Assamese Medium)

Get comprehensive preparation for Class 9 Geography (Assamese Medium) with this chapter-wise solutions PDF.
Includes complete textual answers, key definitions, solved questions, diagrams, and stepwise explanations for every chapter as per latest syllabus.
Ideal for home study, homework help, and quick exam revision!

Vibrant Note Box
অধ্যায় ৫ – সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ

অধ্যায়-৫

সম্পদৰ ধাৰণা আৰু শ্ৰেণীবিভাগ

১। সম্পদ বুলিলে কি বুজা?

উত্তৰঃ সম্পদ বুলিলে আমি সেইবোৰ প্রাকৃতিক আৰু মানৱ-নিৰ্মিত সামগ্ৰীক বুজোঁ, যিবোৰে মানুহৰ বহুবিধ প্ৰয়োজন পূৰণ কৰিবলৈ সক্ষম। অৱশ্যে, প্ৰকৃতিত পোৱা সকলোবোৰ বস্তুকে সম্পদ বুলি ক’ব নোৱাৰি। প্ৰকৃতিত উপলব্ধ কেৱল সেইবোৰ উপাদানেহে সম্পদৰ মৰ্যাদা লাভ কৰে যিবোৰে মানুহক কিবা উপযোগিতা প্ৰদান কৰে।

​২। প্রাকৃতিক উপাদানক সম্পদ হিচাপে গণ্য কৰাৰ ক্ষেত্ৰত মানৱ সমাজৰ কোনবোৰ বিষয়ে মুখ্য ভূমিকা পালন কৰে?

উত্তৰঃ প্ৰকৃতিৰ বুকুত থকা জৈৱিক আৰু অজৈৱিক উপাদানসমূহ তেতিয়ালৈকে সম্পূৰ্ণৰূপে প্ৰকৃতিৰ অংশ হৈ থাকে, যেতিয়ালৈকে মানুহে সেইবোৰৰ সদ্ব্যৱহাৰ নকৰে। মাটি, পানী, উদ্ভিদ, আৰু জীৱ-জন্তুৰ দৰে এই প্রাকৃতিক উপাদানসমূহক মানুহে ব্যৱহাৰযোগ্য বস্তুলৈ ৰূপান্তৰ কৰাৰ পাছতহে সেইবোৰক সম্পদ বুলি ধৰা হয়। সেয়েহে, প্ৰাকৃতিক উপাদানসমূহক সম্পদ হিচাপে গঢ়ি তোলাত মানুহেই আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক। ইয়াৰ উপৰিও, সাংস্কৃতিক মূল্যবোধ, প্ৰযুক্তিবিদ্যা, আৰু অৰ্থনৈতিক ব্যৱস্থাৰ দৰে মানৱ সমাজৰ আন বিষয়সমূহেও মুখ্য ভূমিকা পালন কৰে।

​(i) সাংস্কৃতিক প্রমূল্য: কোনো এটা উপাদানৰ উপযোগিতা নিৰ্ধাৰণ কৰাত সংস্কৃতিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা লয়। উদাহৰণস্বৰূপে, বিশ্বৰ বহু অংশত অসংখ্য অৰণ্যজাত সামগ্ৰী বা উদ্ভিদ পোৱা যায়, যিবোৰ বেছিভাগ মানুহৰ বাবে মূল্যহীন। কিন্তু, এইবোৰৰ ধাৰ্মিক তাৎপৰ্য আৰু ঔষধি গুণৰ বাবে ভাৰতত এই ধৰণৰ সামগ্ৰীসমূহক যথেষ্ট মূল্য দিয়া হয়। এইদৰে, সংস্কৃতিয়ে প্ৰকৃতিৰ কোনো এক বস্তুক সম্পদ বা প্রাকৃতিক সম্পদৰ ৰূপ দিব পাৰে।

​(ii) প্রযুক্তিবিদ্যা: প্ৰাকৃতিক উপাদানসমূহ উপযোগী সামগ্ৰীলৈ পৰিৱৰ্তন হোৱাটো সঠিক কাৰিকৰী জ্ঞানৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰশীল। বৈজ্ঞানিক পদ্ধতিৰে সম্পদ আহৰণ কৰিবলৈ আৰু সেইবোৰৰ সঠিক ব্যৱহাৰ কৰিবলৈ আধুনিক প্রযুক্তিৰ প্ৰয়োজন। উপযুক্ত প্ৰযুক্তিৰ অভাৱত সম্পদসমূহৰ আহৰণ আৰু সদ্ব্যৱহাৰ সম্ভৱ নহয়। উদাহৰণস্বৰূপে, ভাৰতৰ নিৰ্দিষ্ট কিছুমান এলেকাত ভূ-গৰ্ভৰ গভীৰতাত বিশাল খনিজ তেলৰ ভঁৰাল জমা হৈ আছে বুলি ধাৰণা কৰা হয়। কিন্তু, প্ৰয়োজনীয় কাৰিকৰী কৌশল নথকাৰ বাবে বৰ্তমান এই গভীৰতাৰ পৰা তেলসমূহ আহৰণ কৰাটো অসাধ্য হৈ আছে। অৱশ্যে, ভৱিষ্যতে ভাৰতত তেনে গভীৰতাৰ পৰা তেল আহৰণ কৰিব পৰা প্ৰযুক্তিৰ বিকাশ হোৱাৰ সম্ভাৱনা আছে।

​(iii) অর্থনৈতিক ব্যবস্থা: সম্পদসমূহৰ উন্নয়ন আৰু ব্যৱহাৰ দেশ এখনৰ আৰ্থিক ব্যৱস্থা আৰু সামৰ্থ্যৰ ওপৰতো যথেষ্ট নিৰ্ভৰশীল। উদাহৰণস্বৰূপে, ভাৰতবৰ্ষত অপূৰ্ব জলৰাশিৰে পৰিপূৰ্ণ বহু নদী আছে। এই নদীসমূহৰ পানী দেশখনৰ বাবে এক অমূল্য সম্পদ। কিন্তু দুৰ্ভাগ্যজনকভাৱে, ভাৰতত এনে বহুতো অঞ্চল আছে যিবোৰ খৰাং-পীড়িত বা বানপানীৰ সমস্যাৰে জৰ্জৰিত হয়। দেশখনৰ সকলোবোৰ নদীক একেলগে সংযোগ কৰিবলৈ বিশাল বিত্তীয় ব্যয়ৰ প্ৰয়োজন হোৱা বাবে এই নদীসমূহৰ বৃহৎ জলৰাশি সঠিকভাৱে নিয়ন্ত্ৰণ বা ব্যৱহাৰ কৰিব পৰা হোৱা নাই। গতিকে, প্রাকৃতিক উপাদান এটাক ব্যৱহাৰোপযোগী সামগ্ৰী বা সম্পদলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত অৰ্থনৈতিক ব্যৱস্থাই এক অতিকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

​৩। সম্পদৰ ধাৰণাক প্ৰভাৱান্বিত কৰা কাৰকবোৰ কি?

উত্তৰঃ যিবোৰ প্রাকৃতিক আৰু মানৱ-নিৰ্মিত সামগ্ৰীয়ে মানুহৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰে, সেইবোৰকে সম্পদ বোলা হয়। মাটি, পানী, প্ৰাণী, উদ্ভিদ আদিৰ দৰে প্রাকৃতিক উপাদানসমূহে তেতিয়াহে সম্পদৰ মৰ্যাদা লাভ কৰে, যেতিয়া এইবোৰক মানুহে ব্যৱহাৰ কৰে আৰু উপযোগী বুলি বিবেচনা কৰে। দৰাচলতে, কোনো এটা উপাদান সম্পদ হয়নে নহয় সেইটো মানুহেই নিৰ্ধাৰণ কৰে। অৱশ্যে, সময় আৰু প্ৰযুক্তিৰ পৰিৱৰ্তনৰ লগে লগে সম্পদৰ এই ধাৰণাটোও সলনি হ’ব পাৰে। উদাহৰণস্বৰূপে, আজি আমি যিবোৰ বস্তুক সম্পদ হিচাপে গ্ৰহণ কৰিছোঁ, বহু বছৰ পূৰ্বে সেইবোৰকে হয়তো আমি অলাগতিয়াল বস্তু হিচাপে গণ্য কৰিছিলো। ইংৰাজসকল অসমলৈ অহাৰ আগতে ৰাজ্যখনৰ হাবিত থকা চাহ গছৰ বিশেষ ব্যৱহাৰিক মূল্য নাছিল। কিন্তু ইংৰাজসকলে ইয়াক মূল্যবান বুলি স্বীকাৰ কৰি বাণিজ্যিকভাৱে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰাৰ পিছতে ই পশ্চিমীয়া দেশবোৰত জনপ্ৰিয় হৈ পৰিছিল, আৰু পিছলৈ বাণিজ্যিক ভিত্তিক চাহ খেতি আৰম্ভ কৰা হৈছিল, যাৰ ফলত অঞ্চলটোৰ দ্ৰুত অৰ্থনৈতিক বিকাশ হৈছিল। একেদৰে, বহু আগতেই অসমত খনিজ তেল আৱিষ্কাৰ হৈছিল, কিন্তু মানুহে ইয়াৰ ব্যৱহাৰ নজনাৰ বাবে কোনো আৰ্থিক গুৰুত্ব দিয়া নাছিল। বৰ্তমান ইয়াক “অতি মূল্যৱান সম্পদ” হিচাপে গণ্য কৰা হয় আৰু ইয়াৰ আহৰণে ৰাজ্যখনৰ অৰ্থনৈতিক স্থিতিৰ দ্রুত উন্নয়ন সাধন কৰিছে। এই কথাবোৰে এইটোৱে দেখুৱায় যে পৰিৱৰ্তিত সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক পৰিৱেশৰ ফলত অতীতৰ এক উপেক্ষিত উপাদান ভৱিষ্যতে এক মূল্যৱান সামগ্ৰী হিচাপে পৰিগণিত হ’ব পাৰে। অৰ্থাৎ, সম্পদৰ ধাৰণা আৰু ইয়াৰ গুৰুত্ব সময় সাপেক্ষে হোৱা সাংস্কৃতিক, অৰ্থনৈতিক, আৰু প্ৰযুক্তিগত বিকাশৰ ওপৰত ভিত্তি কৰি পৰিৱৰ্তন হয়।

​৪। বর্ধিত জনসংখ্যাই সম্পদৰ ওপৰত কেনে ধৰণে প্ৰভাৱ পেলায় আলোচনা কৰা।

উত্তৰঃ মানুহে নিজৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সম্পদসমূহ ব্যৱহাৰ কৰে। সেইবাবে, জনসংখ্যা বৃদ্ধিৰ লগে লগে বিভিন্ন সম্পদৰ চাহিদা বৃদ্ধি হয়। কিন্তু, প্ৰকৃতিৰ সৰহসংখ্যক সম্পদেই অনৱীকৰণযোগ্য বা পুনঃ সৃষ্টিহীন সম্পদ। জনসংখ্যা বৃদ্ধিৰ ফলত এনে ধৰণৰ সম্পদৰ পৰিমাণ বৃদ্ধি নহয়। সেয়ে, জনসংখ্যাৰ উচ্চ হাৰে সম্পদসমূহৰ যোগান সীমিত কৰি আনে, যাৰ ফলত সম্পদসমূহৰ আৰু সেইবোৰৰ পৰা উৎপাদিত সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি হয়। ইয়াৰ ফলত মানুহ বিকল্প পথ বিচাৰিবলৈ বাধ্য হয়। কয়লা, প্ৰাকৃতিক গেছ, খনিজ তেল আদিৰ দৰে জীৱাশ্ম ইন্ধনসমূহৰ উপলব্ধতা হ্ৰাস পোৱাৰ লগে লগে মানুহে জলবিদ্যুৎ শক্তি আৰু পাৰমাণৱিক শক্তিৰ দৰে শক্তিশালী বিকল্প শক্তিৰ উৎসসমূহৰ ব্যৱহাৰ কৰিবলৈ বাধ্য হয়। কিন্তু, যেতিয়া মানুহে অনুভৱ কৰিলে যে জলবিদ্যুৎ আৰু পাৰমাণৱিক শক্তিয়ে পৰিৱেশ প্ৰদূষিত কৰি এক বিৰাট ভাবুকিৰ সৃষ্টি কৰে, তেতিয়া তেওঁলোকে সৌৰশক্তি, বতাহ শক্তি, জোৱাৰ শক্তি, জৈৱ শক্তি, ভূ-তাপীয় শক্তি আদিৰ দৰে নৱীকৰণযোগ্য শক্তিৰ উৎসসমূহ বিকল্প হিচাপে ব্যৱহাৰ কৰাৰ পোষকতা কৰিবলৈ লয়। ইয়াৰ উপৰিও, বৃহৎ সংখ্যক লোকে বিস্তৃতভাৱে সম্পদ ব্যৱহাৰ কৰাৰ ফলত অত্যধিক অপচয় হোৱাৰ লগতে পৰিৱেশ প্ৰদূষণৰো সৃষ্টি হয়। এইদৰে, অত্যধিক জনসংখ্যাই সম্পদসমূহৰ বিকাশ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত উল্লেখযোগ্য নেতিবাচক প্ৰভাৱ পেলায়।

​৫। প্রাকৃতিক সম্পদ কাক বোলে?

উত্তৰঃ প্ৰকৃতিত উপলব্ধ যিবোৰ জাতদ্ৰব্য মানুহৰ বাবে উপযোগী, সেইবোৰকে প্রাকৃতিক সম্পদ বোলে। আন কথাত, মানুহৰ বিভিন্ন অভাৱ পূৰণ কৰিব পৰা প্ৰাকৃতিকভাৱে পোৱা সামগ্ৰীবোৰকে প্রাকৃতিক সম্পদ বুলি কোৱা হয়। যেনে: মাটি, পানী, বায়ু, উদ্ভিদ, প্ৰাণী ইত্যাদি।

​৬। মানবসৃষ্ট সম্পদৰ কেইটামান উদাহৰণ দিয়া।

উত্তৰঃ মানৱসৃষ্ট সম্পদৰ কেইটামান উদাহৰণ হ’ল: এলুমিনিয়াম, পেট্ৰলিয়াম, তীখা, চাহপাত, চিমেন্ট, মটৰগাড়ী, ৰে’লগাড়ী, উৰাজাহাজ ইত্যাদি।

​৭। মানৱ সম্পদ কাক বোলে লিখা।

উত্তৰঃ নিজৰ লগতে আনৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ আৰু উন্নত মানৰ সেৱা আগবঢ়াবলৈ শিক্ষা, প্ৰশিক্ষণ, অভিজ্ঞতা আদিৰ জৰিয়তে মানুহ যেতিয়া যোগ্য বা দক্ষ হৈ উঠে, তেতিয়া তেওঁলোকক মানৱ সম্পদ বুলি কোৱা হয়।

​৮। নবীকৰণযোগ্য সম্পদ বুলিলে কি বুজা? ইয়াৰ দুটামান উদাহৰণ দিয়া।

উত্তৰঃ প্ৰকৃতিৰ দ্বাৰা পুনৰ গঠিত হোৱা যিবোৰ সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰিলেও একেবাৰে নিঃশেষ হৈ নাযায় আৰু পুনঃপূৰ্ণীকৃত কৰিব পৰা যায়, তাকে পুনঃসৃষ্টিক্ষম বা নৱীকৰণযোগ্য সম্পদ বোলে। যেনে: বায়ু, সূৰ্যৰ পোহৰ, জোৱাৰ-ভাটা, জৈৱভৰ ইত্যাদি।

​৯। কেইবিধমান অনবীকৰণযোগ্য সম্পদৰ নাম লিখা।

উত্তৰঃ কেইবিধমান অনৱীকৰণযোগ্য সম্পদ হ’ল: কয়লা, পেট্ৰ’লিয়াম, প্রাকৃতিক গেছ, কাঠ, বিভিন্ন খনিজ পদাৰ্থ ইত্যাদি।

​১০। সম্পদৰ অপচয় কিয় ৰোধ কৰিব লাগে?

উত্তৰঃ নিম্নলিখিত কাৰণসমূহৰ বাবে সম্পদৰ অপচয় ৰোধ কৰা উচিত:

​(i) সীমিত যোগান: সম্পদসমূহৰ অপচয়ে এইবোৰৰ যোগান হ্ৰাস কৰে। যদি বৰ্তমানৰ হাৰত এইবোৰ ব্যৱহাৰ কৰি থকা হয়, তেন্তে অদূৰ ভৱিষ্যতে এইবোৰ শেষ হৈ যাব।

​(ii) পাৰিৱেশিক ক্ষতি: সম্পদসমূহৰ অপচয়ে পাৰিৱেশিক প্ৰদূষণৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত মানুহৰ জটিল স্বাস্থ্যজনিত সমস্যা দেখা দিব পাৰে।

​(iii) উন্নতিৰ আধাৰ: সম্পদৰ অবিহনে এখন দেশে উন্নতি কৰিব নোৱাৰে। এইবোৰৰ অপচয়ে দেশৰ প্ৰগতিৰ গতি মন্থৰ কৰে। সেয়েহে, সম্পদসমূহৰ অপচয় ৰোধ কৰি উপলব্ধ সম্পদসমূহৰ সংৰক্ষণ কৰা উচিত।

​১১। সম্পদৰ আহৰণ আৰু ব্যৱহাৰে পৰিৱেশ কেনেকৈ বিনষ্ট কৰিব পাৰে নিজে চিন্তা কৰি লিখা।

উত্তৰঃ যিকোনো দেশৰ আৰ্থিক বিকাশৰ বাবে সম্পদসমূহ অতি গুৰুত্বপূৰ্ণ উপাদান। কিন্তু এইবোৰৰ অনুপযুক্ত আহৰণ আৰু ব্যৱহাৰে বিভিন্ন ধৰণৰ নেতিবাচক পৰিণতিৰ সৃষ্টি কৰে। পৰিৱেশৰ ওপৰত এইবোৰৰ গভীৰ প্ৰভাৱৰ ফলত কিছু বছৰৰ ভিতৰতে পৰিৱেশ প্ৰদূষণ সংঘটিত হৈ পৰিৱেশৰ অৱনতি ঘটে। এইবোৰ তলত দিয়া ধৰণে হয়:

​(i) বনজ সম্পদৰ অত্যাধিক আহৰণৰ ফলত বহুতো উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি বিপন্ন আৰু বিলুপ্ত হৈ পৰিছে। পাৰিৱেশিক অৱক্ষয় আৰু বাসস্থান ধ্বংসৰ বাবে বাঘ, সিংহ, হাতী, গঁড় আদিৰ দৰে বহুতো প্ৰাণীৰ সংখ্যা দ্রুতগতিত হ্ৰাস পাইছে। এনে সম্পদসমূহৰ ধ্বংসই জীৱমণ্ডলৰ ক্ষতিসাধন কৰি পৰিৱেশত ঋণাত্মক প্ৰভাৱ পেলায়।

​(ii) কয়লা, পেট্ৰ’লিয়াম, প্রাকৃতিক গেছ আদিৰ দহনৰ ফলত যান-বাহনৰ পৰা ওলোৱা বিষাক্ত গেছৰ নিৰ্গমনে বায়ুমণ্ডল দূষিত কৰে। পৃথিৱীত হোৱা বৃহৎ প্ৰদূষণৰ মুখ্য কাৰণ হৈছে যান-বাহনৰ দ্বাৰা হোৱা প্ৰদূষণ।

​(iii) বহুতো কল-কাৰখানাত ব্যৱহৃত জলবিদ্যুৎ, কয়লা, পেট্ৰ’লিয়াম আদিয়েও বায়ুমণ্ডলত যথেষ্ট পৰিমাণৰ ধোঁৱা আৰু বিষাক্ত গেছ নিৰ্গত কৰে। এইবোৰেও পৰিৱেশ বিনষ্ট কৰে।

​(iv) কয়লা, লো আদিৰ দৰে খনিজ পদাৰ্থসমূহৰ অবিবেচক আহৰণে পৰিৱেশৰ সকলোফালে অত্যধিক খনিজ ধূলি বিস্তাৰ কৰি চৌপাশৰ পৰিৱেশৰ মান অৱনমিত কৰে।

​(v) শক্তি উৎপাদন আৰু পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা পাৰমাণৱিক খনিজ পদাৰ্থসমূহেও বায়ু আৰু পানী প্ৰদূষিত কৰি পৰিৱেশ নষ্ট কৰে।

​(vi) বিভিন্ন প্ৰকাৰৰ খনিজ পদাৰ্থ ব্যৱহাৰ কৰা কল-কাৰখানাৰ ব্যৱহৃত পানীত থকা প্ৰদূষক মৌলবোৰে পানীৰ উৎস দূষিত কৰে। ইয়াৰ ফলত উদ্ভিদসমূহেও এনে দূষিত পানী শোষণ কৰিবলৈ বাধ্য হয়।

১২। তোমালোকৰ অঞ্চলটোত পোৱা প্ৰাকৃতিক সম্পদবোৰৰ উৎসসমূহ কি কি? মানুহে সম্পদৰ উৎসবোৰৰ ব্যৱহাৰ বা অপচয় কেনেদৰে কৰিছে? এই অপচয় কেনেদৰে ৰোধ কৰিব পাৰি লিখা।

উত্তৰঃ নিজে কৰা।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
নৱম শ্ৰেণী ভূগোল অধ্যায় ৫ – সঘনাই সোধা প্ৰশ্ন
সম্পদ বুলিলে কি বুজা?
মানুহৰ প্ৰয়োজন পূৰণ কৰিব পৰা প্ৰকৃতিৰ সকলোবোৰ বস্তুকে সম্পদ বোলা হয়। ইয়াৰ উপযোগিতা আৰু কাৰ্যকাৰিতা থাকিব লাগিব।
নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য কি?
যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত পুনৰ সৃষ্টি বা ভৰণ কৰিব পাৰি, সেইবোৰ নবীকৰণযোগ্য (যেনে- সৌৰশক্তি)। আনহাতে, যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰিলে নিঃশেষ হৈ যায়, সেইবোৰ অনবীকৰণযোগ্য (যেনে- কয়লা, পেট্ৰ’লিয়াম)।
মানৱ কিয় এক গুৰুত্বপূৰ্ণ সম্পদ?
মানুহে নিজৰ জ্ঞান, দক্ষতা আৰু প্ৰযুক্তিৰ সহায়ত প্ৰাকৃতিক বস্তুবোৰক সম্পদলৈ ৰূপান্তৰিত কৰে। সেয়েহে, মানৱ নিজেই এক শ্ৰেষ্ঠ সম্পদ।
সম্পদ সংৰক্ষণ কিয় প্ৰয়োজনীয়?
সম্পদৰ ভঁৰাল সীমিত। ভৱিষ্যত প্ৰজন্মৰ বাবে সম্পদৰ যোগান ধৰি ৰাখিবলৈ আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ সম্পদ সংৰক্ষণ অতি জৰুৰী।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top