সপ্তম শ্ৰেণী বিজ্ঞান অধ্যায় ৭ – সময় আৰু গতিৰ জোখ-মাখ – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)

Class 7 Science Chapter 7 সময় আৰু গতিৰ জোখ-মাখ Solutions | ASSEB Assam | Assamese Medium

সপ্তম শ্ৰেণী বিজ্ঞান অধ্যায় ৭ – সময় আৰু গতিৰ জোখ-মাখ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB Assam – Assamese Medium)

সপ্তম শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ সপ্তম অধ্যায় ‘সময় আৰু গতিৰ জোখ-মাখ’ পৰীক্ষাৰ বাবে আৰু ব্যৱহাৰিক জীৱনৰ দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ। নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 7 Science Chapter 7 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), অতিৰিক্ত প্ৰশ্ন (Additional Questions), গণিতীয় সমস্যা আৰু বহুবিকল্পী প্ৰশ্নৰ (MCQs) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘সময় আৰু গতিৰ জোখ-মাখ’ নামৰ এই পাঠটিত সময়ৰ জোখ-মাখ, দ্ৰুতি (Speed), সৰল দোলক (Simple Pendulum), গতিৰ প্ৰকাৰ আৰু দূৰত্ব-সময়ৰ লেখচিত্ৰ (Distance-time graph) আদিৰ বিষয়ে সুন্দৰভাৱে দাঙি ধৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ প্ৰতিটো ধাৰণা আৰু সূত্ৰ স্পষ্ট হোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • সময়ৰ একক, দ্ৰুতি আৰু সৰল দোলকৰ পৰ্যায়কাল সম্পৰ্কীয় মূল ধাৰণা।
  • দূৰত্ব-সময়ৰ লেখচিত্ৰ কেনেদৰে অংকন কৰিব লাগে তাৰ সহজ বিশ্লেষণ আৰু উদাহৰণ।
  • দ্ৰুতি আৰু দূৰত্ব নিৰ্ণয় কৰা গাণিতিক সমস্যাসমূহৰ নিৰ্দোষ আৰু পৰীক্ষামুখী উত্তৰ।
  • ১ নম্বৰৰ অতি চমু (VSA), বহু-বিকল্পী (MCQ) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষামুখী সমাধান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ অতিৰিক্ত প্ৰশ্নৰ (Additional Questions) সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ গাণিতিক সমস্যা আৰু MCQ ৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 7 Science (বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Get the SCERT Assam Class 7 Science Assamese Solutions PDF for  download. This comprehensive guide includes chapter-wise solutions, helping students understand concepts easily and score better in exams. Prepared by experts, these solutions follow the latest SCERT Assam syllabus. Download now for clear explanations

Out of stock

Vibrant Note Box
Chapter 7 সময় আৰু গতিৰ জোখ-মাখ

 SCERT, অসম — সপ্তম শ্ৰেণী: বিজ্ঞান

অধ্যায়-7                                                            অস্পিন একাডেমী

সময় আৰু গতিৰ জোখ-মাখ

পাঠভিত্তিক প্রশ্নোত্তৰ

EXERCISE (অনুশীলনী)

1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
(i) 30 ছেকেণ্ডত 300 মিটাৰ দূৰত্ব অতিক্ৰম কৰা এখন গাড়ীৰ দ্ৰুতি হৈছে—
(a) 10 m/s

 (b) 20 m/s
(c) 30 m/s 

(d) 40 m/s
Answer: (a)

(ii) 72 km/h দ্ৰুতিক প্ৰকাশ কৰিব পাৰি—
(a) 40 m/s

 (b) 60 m/s
(c) 10 m/s 

(d) 20 m/s
Answer: (d)

(iii) গড় দ্ৰুতিৰ SI একক হৈছে—
(a) km/s
(b) m/h
(c) m/s
(d) mm/s
Answer: (c)

(iv) সাধাৰণ দেৱাল ঘড়ীৰ দ্বাৰা জুখিব পৰা সূক্ষ্মতম সময়ৰ ব্যৱধান হৈছে—
(a) 1 ঘণ্টা
(b) 1 মিনিট
(c) আধা ঘণ্টা
(d) 1 1 ছেকেণ্ড
Answer: (d)

2. খালী ঠাই পূৰ কৰা।
(a) এডাল সৰল ৰেখাত একে দ্ৰুতিত গতি কৰি থকা বস্তু এটাক _______ গতিত থকা বুলি কোৱা হয়।
Answer: (a) সুষম ৰৈখিক

(b) এডাল সৰল ৰেখাত গতি কৰি থকা কোনো বস্তুৰ দ্ৰুতি যদি পৰিবৰ্তন হৈ থাকে, তাৰ গতিক _______ গতি বুলি কোৱা হয়।
Answer: বিষম ৰৈখিক

3. এখন বাছে 20 m/s দ্ৰুতিৰে 288 km ৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় প্রয়োজন হ’ব? উত্তৰটো ঘণ্টা, মিনিট আৰু ছেকেণ্ডত প্রকাশ কৰা।
Answer: ঘণ্টাত : দ্ৰুতি =20m/s

                                                                            =2036001000km/h
                                                                  =72km/h
দূৰত্ব =288km.
∴ প্রয়োজনীয় সময় =Distance (দূৰত্ব)Speed (দ্ৰুতি)
                                                    =28872 h (ঘণ্টা)

                                                          =4 h (ঘণ্টা)

মিনিটত :
প্ৰয়োজনীয় সময় =460 (মিনিট)

                                                =240 min (মিনিট)

In second (চেকেণ্ডত) :
Time taken (প্ৰয়োজনীয় সময়) =24060 s (চেকেণ্ড)

                                                =14,400 s (চেকেণ্ড)

4. তুমি দৈনন্দিন জীৱনত দেখা পোৱা বিষম গতিৰ তিনিটা উদাহৰণ লিখা।
Answer: (i) ব্যস্ত পথ এটাত গতি কৰি থকা গাড়ী এখনৰ গতি।
(ii) দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এগৰাকী দৌৰবিদৰ গতি।
(iii) ওপৰলৈ দলিওৱা বস্তু এটাৰ গতি।

5. দীঘলীয়া দূৰত্বৰ সুষম গতিক কিয় এক আদৰ্শ ঘটনা বুলি গণ্য কৰা হয়? উদাহৰণৰ সৈতে বুজাই লিখা।
Answer: দৈনন্দিন জীৱনত আমি বহু সময় বা বহু দূৰলৈকে সম্পূৰ্ণ একে দ্ৰুতিৰে কোনো বস্তুয়ে গতি কৰা খুব কমেইহে দেখা পাওঁ, সেয়েহে দীঘলীয়া দূৰত্বৰ সুষম ৰৈখিক গতিক এক আদৰ্শ ঘটনা (যিটো কেৱল সূত্ৰতহে সম্ভৱ) বুলি গণ্য কৰা হয়। উদাহৰণস্বৰূপে, আমি খোজ কাঢ়িলে বা দৌৰিলে ভাগৰ, ৰাস্তাৰ অৱস্থা বা আন বাধাৰ বাবে একেলেথাৰিয়ে এক স্থিৰ দ্ৰুতি অক্ষুণ্ণ ৰাখিব নোৱাৰোঁ। তেনেদৰে ৰাস্তাত এখন গাড়ীয়ে যান-বাহনৰ ভিৰ, কেঁকুৰি, স্পীড ব্ৰেকাৰ আদিৰ বাবে একেটা দ্ৰুতিৰে গৈ থাকিব নোৱাৰে।

6. 5 টা প্রাণী বা বস্তুৰ তালিকা প্ৰস্তুত কৰা আৰু সেইবোৰৰ দ্ৰুতিক মানুহৰ গড় খোজ কঢ়া দ্ৰুতি আৰু দৌৰৰ দ্ৰুতিৰ সৈতে তুলনা কৰা।
Answer:
মানুহৰ গড় খোজ কঢ়া দ্ৰুতি: প্ৰায় 5 km/h

মানুহৰ গড় দৌৰৰ দ্ৰুতি: প্ৰায় 15 km/h

প্ৰাণী/বস্তু

Speed (দ্ৰুতি)

মানুহৰ সৈতে তুলনা

শামুক

~ 0.05 km/h

খোজ কঢ়াতকৈ বহুত লেহেম

কুকুৰ

~ 30 km/h

দৌৰাতকৈ খৰকতীয়া

চিতাবাঘ

~ 110 km/h

দৌৰাতকৈ বহুত বেছি খৰকতীয়া

চাইকেল

~ 20 km/h

দৌৰাতকৈ খৰকতীয়া

উৰাজাহাজ

~ 900 km/h

দৌৰাতকৈ অকল্পনীয়ভাৱে খৰকতীয়া


7. তলত দুটা বাক্য দিয়া হৈছে, তাৰে এটা উক্তি আৰু আনটো যুক্তি—
উক্তি : জনবহুল চহৰৰ ৰাস্তাৰ মাজেৰে যোৱা এখন গাড়ী প্ৰায়ে বিষম গতিত থাকে।
যুক্তি : বিষম গতিত, বস্তু এটাই সমান সময়ৰ ব্যৱধানত অসম দূৰত্ব অতিক্ৰম কৰে।
তলৰ বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা।
(a) উক্তি আৰু যুক্তি দুয়োটা সঁচা, আৰু যুক্তি হৈছে উক্তিৰ সঠিক ব্যাখ্যা।
(b) উক্তি আৰু যুক্তি দুয়োটা সঁচা, কিন্তু যুক্তি উক্তিৰ সঠিক ব্যাখ্যা নহয়।
(c) উক্তি সঁচা, কিন্তু যুক্তি মিছা।
(d) উক্তি মিছা, কিন্তু যুক্তি সঁচা।
Answer: (a)উক্তি আৰু যুক্তি দুয়োটা সঁচা, আৰু যুক্তি হৈছে উক্তিৰ সঠিক ব্যাখ্যা।

8. যিকোনো এবিধ ট্ৰেক আৰু ফিল্ড ইভেণ্ট বাছনি কৰা, যেনে 100 মিটাৰ, 200 মিটাৰ বা 400 মিটাৰ দৌৰ। ইণ্টাৰনেট ব্যৱহাৰ কৰি, একেটা ইভেণ্টৰ বাবে বৰ্তমানৰ ৰাষ্ট্ৰীয় অভিলেখ আৰু অলিম্পিক অভিলেখ বিচাৰি উলিওৱা আৰু তুলনা কৰা।

প্ৰতিযোগিতা

ৰাষ্ট্ৰীয় অভিলেখ

অলিম্পিক অভিলেখ

পাৰ্থক্য

100m

10.18 sec.

9.63 sec.

0.55 sec

200m

20.32 sec.

19.30 sec.

1.02 sec

400m

45.12 sec.

43.03 sec.

2.09 sec

9. এখন ৰে’ল প্ৰথম দুঘণ্টাত 120 কিলোমিটাৰ, পৰৱৰ্তী দুঘণ্টাত 150 কিলোমিটাৰ আৰু অন্তিম ঘণ্টাত 100 কিলোমিটাৰ অতিক্ৰম কৰে। এই গতি সুষম নে? তোমাৰ উত্তৰ যুক্তিৰ সহায়ত ব্যাখ্যা কৰা। লগতে ৰে’লখনৰ গড় দ্ৰুতি নিৰ্ণয় কৰা।
Answer:
এই গতি সুষম নহয়। কাৰণ ৰে’লখনে সমান সময়ৰ ব্যৱধানত অসম দূৰত্ব অতিক্ৰম কৰিছে। প্ৰথম দুঘণ্টাত ই ১২০ কিঃমিঃ গৈছে (অৰ্থাৎ প্ৰতি ঘণ্টাত ৬০ কিঃমিঃ), কিন্তু পৰৱৰ্তী দুঘণ্টাত ১৫০ কিঃমিঃ গৈছে (অৰ্থাৎ প্ৰতি ঘণ্টাত ৭৫ কিঃমিঃ)।
ৰে’লখনৰ গড় দ্ৰুতি = অতিক্রম কৰা মুঠ দূৰত্বপ্ৰয়োজন হোৱা মুঠ সময় 

                            = (120 + 150 + 100) km(2 + 2 + 1) h

                            = 3705
                            = 74km/h

10. পাৰ্থই তেওঁৰ বন্ধুক 60 কিল’মিটাৰ দূৰৰ এখন চহৰত লগ কৰাৰ সিদ্ধান্ত লয়। তেওঁ ৰাতিপুৱা 8.00 বজাত তেওঁৰ স্কুটাৰত যাত্ৰা আৰম্ভ কৰে আৰু প্ৰথম 30 কিল’মিটাৰৰ বাবে 40 km/h দ্ৰুতিত যাত্ৰা কৰে। যান-বাহনৰ বাবে তেওঁৰ গতি মন্থৰ হয় আৰু পৰৱৰ্তী 20 কিল’মিটাৰ 30 km/h দ্ৰুতিত অতিক্ৰম কৰে। তাৰ পাছৰ 10 কিল’মিটাৰ, ৰাস্তাটো ভাল হোৱা বাবে তেওঁ তেওঁৰ গতি বেগ 60 km/h লৈ বৃদ্ধি কৰে।
(i) পাৰ্থই কিমান সময়ত গোটেই যাত্ৰাটো সম্পূৰ্ণ কৰিছিল?
(ii) পাৰ্থই ভ্ৰমণ কৰা মুঠ দূৰত্ব কিমান?
(iii) গোটেই যাত্ৰাৰ বাবে পাৰ্থৰ গড় দ্ৰুতি নিৰ্ণয় কৰা।
(iv) পাৰ্থৰ গতি সুষম আছিল নে বিষম? তোমাৰ উত্তৰ যুক্তিৰ সহায়ত ব্যাখ্যা কৰা।
(v) যদি পাৰ্থই 40 km/h স্থিৰ সুষম গতিত গোটেই 60 কিল’মিটাৰ ভ্ৰমণ কৰে, তেন্তে প্ৰকৃত সময়ৰ তুলনাত তেওঁ কিমান সময় বাহি কৰিলেহেঁতেন বা হেৰুৱালেহেঁতেন?

Answer: For the first 30 km (প্ৰথম 30 km ৰ বাবে)
Time taken (প্ৰয়োজন হোৱা সময়) = Distance (দূৰত্ব)Speed (দ্ৰুতি)
                                                    =3040h

                                                     =34h

For the next 20 km (পৰৱৰ্তী 20 km ৰ বাবে):
Time taken (প্ৰয়োজন হোৱা সময়) =2030h=23h

For the last 10 km (শেষৰ 10 km ৰ বাবে) :
Time taken (প্ৰয়োজন হোৱা সময়) =1060h=16h

∴ Total time taken to complete the entire journey (গোটেই যাত্ৰাটো সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়) =34+23+16h
                                            =9+8+212h

                                            =1912h
                                            =1712h

                                            =1h+71260 min
                                            =1h+35 min

                                            =1h 35 min

(i) পাৰ্থই 1 ঘণ্টা 35 মিনিট পাছত ৰাতিপুৱা 9:35 বজাত গোটেই যাত্ৰাটো সম্পূৰ্ণ কৰিছিল।

(ii) পাৰ্থই ভ্ৰমণ কৰা মুঠ দূৰত্ব) = 60km

(iii) পাৰ্থৰ গড় দ্ৰুতি) =60 km19/12 h
                                                                          =601219 km/h
                                                                          =37.89 km/h

(iv) পার্থৰ গতি বিষম আছিল। কাৰণ তেওঁৰ যাত্ৰাৰ বিভিন্ন অংশত তেওঁ তেওঁৰ দ্ৰুতি সলনি কৰিছিল।

(v) For a constant speed of 40km/h (40km/h স্থিৰ দ্ৰুতিৰ বাবে
Time taken (প্রয়োজন হোৱা সময়) = Distance (দুৰত্ব)Speed (দ্ৰুতি)
                                                      = 6040h

                                                      =32h

                                                      =1.5h

                                                      =1h 30 min
∴ Amount of time he would have saved compared to the actual time taken. প্রকৃত সময়ৰ তুলনাত তেওঁ ৰাহি কৰা সময়ৰ পৰিমাণ =1912−32h

                                                                          =19−1812h

                                                                          =112h

                                                                          =11260 min

                                                                          =5 min

11. ধাৰণা মানচিত্ৰখন সম্পূৰ্ণ কৰা—

Answer:
অবিৰত দ্ৰুতি→ সুষম গতি

পৰিৱৰ্তনশীল দ্ৰুতি বিষম গতি
12. ধৰা, মহাকাশত 36,000 km/h স্থিৰ দ্ৰুতিত মহাকাশযান এখন চলি আছে, এই ক্ষেত্ৰত তালিকাখন সম্পূৰ্ণ কৰা

Time (সময়) (s)

0

2

4

6

8

10

Distance (দূৰত্ব) (m)

0

?

40000

?

80000

?

Answer: 

Time (সময়) (s)

0

2

4

6

8

10

Distance (দূৰত্ব) (m)

0

20000

40000

60000

80000

100000

13. তলত দিয়া তালিকাখনত এখন গাড়ীয়ে ভ্ৰমণ কৰা সময় আৰু দূৰত্ব দেখুওৱা হৈছে। তলত দিয়া তথ্য ব্যৱহাৰ কৰি গাড়ীখনে প্ৰদৰ্শন কৰা গতিৰ প্ৰকাৰ চিনাক্ত কৰা। লগতে, যাত্ৰাৰ কোনটো অংশত গাড়ীখনৰ দ্ৰুতি সৰ্বাধিক আছিল আৰু কোনটো অংশত ই আটাইতকৈ লেহেম গতিত আগবাঢ়িল নিৰ্ধাৰণ কৰা। অৱশেষত, সমগ্ৰ যাত্ৰাৰ বাবে গাড়ীখনৰ গড় গতি নিৰ্ণয় কৰা।

সময় (s)

0

10

20

30

40

50

দূৰত্ব (m)

0

500

800

1500

1700

3000

Answer: গাড়ীখনে প্ৰদৰ্শন কৰা গতিৰ প্ৰকাৰ হ’ল বিষম, কাৰণ ই প্ৰতি 10 ছেকেণ্ডৰ সমান সময়ৰ ব্যৱধানত বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰিছে।

To find fastest/slowest parts, let’s look at the distance covered in each 10s interval:
0-10s: 500m
10-20s: 300m
20-30s: 700m
30-40s: 200m
40-50s: 1300m

The part of the journey during which the car was moving at the fastest speed was between 40 s and 50 s (covered 1300m). 

(গাড়ীখনৰ দ্ৰুতি সৰ্বাধিক থকা যাত্ৰাৰ অংশটো হ’ল 40 s ৰ পৰা 50 s লৈ।)

The part of the journey during which the car was moving at the slowest speed was between 30 s and 40 s (covered only 200m). (গাড়ীখনৰ দ্রুতি আটাইতকৈ লেহেম হোৱা যাত্রাৰ অংশটো হ’ল 30 s ৰ পৰা 40 s লৈ।)

Average speed of the car (গাড়ীখনৰ গড় দ্ৰুতি) = Total DistanceTotal Time

                                                                                      =3000 m50 s

                                                                          = 60 m / s

Multiple Choice Questions (MCQs)

1. একক সময়ত কোনো বস্তৱে অতিক্ৰম কৰা দূৰত্বক তাৰ কি বোলে?
(A) বেগ
(B) ত্বৰণ
(C) দ্ৰুতি
(D) সৰণ
Answer: (C)

2. দ্ৰুতিৰ মূল একক কি?
(A) km/min
(B) m/min
(C) km/h
(D) m/s
Answer: (D)

3. এখন গাড়ীয়ে প্ৰথম 15 মিনিটত 40 km/h দ্ৰুতিত আৰু পৰৱৰ্তী 15 মিনিটত 60 km/h দ্ৰুতিত গতি কৰিলে। গাড়ীখনে অতিক্ৰম কৰা মুঠ দূৰত্ব হ’ব:
(A) 100 km
(B) 25 km
(C) 15 km 
(D) 10 km
Answer: (B)
4. তলৰ কোনটো সম্পৰ্ক শুদ্ধ?
(A) দ্ৰুতি = দূৰত্ব × সময়।
(B) দ্ৰুতি = দূৰত্ব / সময়।
(C) দ্ৰুতি = সময় / দূৰত্ব।
(D) দ্ৰুতি = 1 / (দূৰত্ব × সময়)।
Answer: (B)

5. সৰল ৰেখাত গতি কৰা এটা বস্তৱে সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰিলে, তাৰ গতিক কি বোলে?
(A) সুষম গতি।
(B) বিষম গতি।
(C) বৃত্তাকাৰ গতি।
(D) দোলিত গতি।
Answer: (A)

6. যান-বাহনে অতিক্ৰম কৰা দূৰত্ব জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোক কি বোলে?
(A) স্পীড’মিটাৰ।
(B) অড’মিটাৰ।
(C) থাৰ্ম’মিটাৰ।
(D) বেৰ’মিটাৰ।
Answer: (B)

7. গাড়ীৰ স্পীড’মিটাৰত দ্ৰুতি কি এককত জোখা হয়?
(A) m/s।  
(B) m/min 
(C) km/h।
(D) km/s
Answer: (C)

8. km/h এককত থকা দ্ৰুতিক m/s লৈ নিবলৈ কিহেৰে পূৰণ কৰিব লাগে?
(A) 5/18
(B) 18/5
(C) 1000/60
(D) 60/1000
Answer: (A)

9. এজন চাইকেল আৰোহীয়ে 2 ঘণ্টাত 15 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে। তেওঁৰ দ্ৰুতি কিমান?
(A) 30 km/h
(B) 7.5 km/h
(C) 15 km/h
(D) 7.5 m/s
Answer: (B)

10. এটা সূৰ্যোদয়ৰ পৰা পাছদিনাৰ সূৰ্যোদয়লৈকে থকা সময়খিনিক পূৰ্বতে কি বুলি কোৱা হৈছিল?
(A) মাহ।
(B) বছৰ।
(C) দিন।
(D) ঘণ্টা।
Answer: (C)

11. এখন উৰাজাহাজে ৯০০ km/h দ্ৰুতিত ২ ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব?
(A) 450 km
(B) 900 km
(C) 1800 km
(D) 2700 km
Answer: (C)

12. দীঘলীয়া দূৰত্বৰ সুষম গতিক কিয় এক আদৰ্শ ঘটনা বুলি কোৱা হয়?
(A) কাৰণ ই প্ৰতিদিনে দেখা পোৱা যায়।
(B) কাৰণ ই কেৱল ৰাতিহে সম্ভৱ।
(C) কাৰণ বাস্তৱত একেলেথাৰিয়ে স্থিৰ দ্ৰুতি বজাই ৰখাটো প্ৰায় অসম্ভৱ।
(D) কাৰণ গাড়ীৰ দ্ৰুতি জুখিব পৰা নাযায়।
Answer: (C)

13. গড় দ্ৰুতি নিৰ্ণয়ৰ সূত্ৰটো কি?
(A) মুঠ দূৰত্ব / মুঠ সময়।
(B) মুঠ সময় / মুঠ দূৰত্ব।
(C) মুঠ দূৰত্ব × মুঠ সময়।
(D) প্ৰাৰম্ভিক দ্ৰুতি + অন্তিম দ্ৰুতি।
Answer: (A)

14. খোজ কাঢ়ি গৈ থকা অৱস্থাত ভাগৰ লাগিলে ব্যক্তিজনৰ গতিক কি বুলি ক’ব পাৰি?
(A) সুষম গতি ।
(B) বিষম গতি।
(C) দ্ৰুত গতি।
(D) অবিৰত গতি।
Answer: (B)

15. যদি এখন গাড়ীৰ স্পীড’মিটাৰে অনবৰতে একেটা অংক দেখুৱাই আছে, তেন্তে গাড়ীখনৰ গতি কেনেকুৱা?
(A) বিষম গতি।
(B) সুষম গতি।
(C) দ্ৰুতিহীন গতি।
(D) পৰিৱৰ্তনশীল গতি।
Answer: (B)

16. ১০ m/s দ্ৰুতি কিমান km/h ৰ সমান?
(A) 36 km/h
(B) 18 km/h
(C) 54 km/h
(D) 72 km/h
Answer: (A)

17. দূৰত্বৰ আন্তৰ্জাতিক একক (SI unit) কি?
(A) কিলোমিটাৰ।
(B) ছেণ্টিমিটাৰ।
(C) মিটাৰ।
(D) ফুট।
Answer: (C)

18. এখন বাছে প্ৰথম এঘণ্টাত ৩০ কি.মি. আৰু পৰৱৰ্তী এঘণ্টাত ৫০ কি.মি. দূৰত্ব অতিক্ৰম কৰিলে, বাছখনৰ গড় দ্ৰুতি কিমান?
(A) 30 km/h
(B) 40 km/h
(C) 50 km/h
(D) 80 km/h
Answer: (B)

19. সময় জুখিবলৈ সাধাৰণ দেৱাল ঘড়ীত থকা আটাইতকৈ সৰু এককটো কি?
(A) ঘণ্টা।
(B) মিনিট।
(C) ছেকেণ্ড।
(D) মাইক্ৰ’ছেকেণ্ড।
Answer: (C)

20. এটা বস্তুয়ে ১০ ছেকেণ্ডত স্থিৰ অৱস্থাৰ পৰা যাত্ৰা আৰম্ভ কৰি ২০ মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে। তাৰ গড় দ্ৰুতি কিমান?
(A) 2 m/s
(B) 0.5 m/s
(C) 20 m/s
(D) 200 m/s
Answer: (A)

 

Long Questions with Answers

1. উপযুক্ত উদাহৰণৰ সৈতে সুষম আৰু বিষম গতিৰ মাজৰ পাৰ্থক্য বুজাই লিখা।
Answer: সুষম গতি: যেতিয়া কোনো এটা বস্তৱে এডাল সৰল ৰেখাত গতি কৰি সমান সময়ৰ ব্যৱধানত সম্পূৰ্ণ সমান দূৰত্ব অতিক্ৰম কৰে, তেতিয়া তাৰ গতিক সুষম গতি বোলা হয়। এই ক্ষেত্ৰত বস্তুটোৰ দ্ৰুতি গোটেই যাত্ৰাপথত স্থিৰ হৈ থাকে। উদাহৰণস্বৰূপে, এখন খালী আৰু পোন ৰাস্তাত এখন গাড়ীয়ে একেলেথাৰিয়ে ৬০ কি.মি./ঘণ্টা দ্ৰুতিত গৈ থকাটো এটা সুষম গতি।
বিষম গতি: যেতিয়া সময়ৰ লগে লগে কোনো বস্তুৰ দ্ৰুতি সলনি হৈ থাকে, অৰ্থাৎ ই সমান সময়ৰ ব্যৱধানত অসমান দূৰত্ব অতিক্ৰম কৰে, তেতিয়া তাক বিষম গতি বোলে। দৈনন্দিন জীৱনত প্ৰায়বোৰ গতিয়েই বিষম গতি। উদাহৰণস্বৰূপে, চহৰৰ যান-বাহনৰে ভৰা ৰাস্তাত এখন বাছৰ গতি— ই কেতিয়াবা ৰৈ যায়, কেতিয়াবা লাহে লাহে যায় আৰু ৰাস্তা খালী পালে জোৰেৰে যায়।

2. গড় দ্ৰুতিৰ সংজ্ঞা দিয়া। আমাৰ দৈনন্দিন জীৱনত আমি স্থিৰ দ্ৰুতিৰ পৰিৱৰ্তে কিয় বেছিভাগ ক্ষেত্ৰতেই গড় দ্ৰুতিৰ ধাৰণাটো ব্যৱহাৰ কৰোঁ?
Answer: কোনো বস্তুৱে অতিক্ৰম কৰা মুঠ দূৰত্বক সেই দূৰত্ব অতিক্ৰম কৰিবলৈ লগা মুঠ সময়ৰে হৰণ কৰিলে যি মান পোৱা যায়, তাক গড় দ্ৰুতি বোলা হয় (গড় দ্ৰুতি = মুঠ দূৰত্ব / মুঠ সময়।
আমাৰ দৈনন্দিন জীৱনত একেবাৰে স্থিৰ দ্ৰুতিত (সুষম গতিত) কোনো বস্তুৱে গতি কৰাটো প্ৰায় অসম্ভৱ। ৰাস্তাৰ যান-বাহনৰ ভিৰ, কেঁকুৰি, ৰাস্তাৰ বেয়া অৱস্থা আদিৰ বাবে গাড়ী-মটৰৰ দ্ৰুতি অনবৰতে সলনি হৈ থাকে; কেতিয়াবা ৰ’বলগীয়া হয় বা কেতিয়াবা লাহে লাহে যাবলগীয়া হয়। যিহেতু গোটেই যাত্ৰাটোত দ্ৰুতি সলনি হৈয়েই থাকে, সেয়েহে যাত্ৰাটোৰ বেগ প্ৰকাশ কৰিবলৈ এটা নিৰ্দিষ্ট দ্ৰুতি কোৱাটো অবাস্তৱ। সেইবাবে সমগ্ৰ যাত্ৰাটো কিমান খৰতকীয়াকৈ সম্পূৰ্ণ হ’ল তাক বুজাবলৈ আমি গড় দ্ৰুতিৰ ধাৰণা ব্যৱহাৰ কৰোঁ।

3. অড’মিটাৰ আৰু স্পীড’মিটাৰ কি? সিহঁতে প্ৰদান কৰা তথ্যৰ মাজত মূল পাৰ্থক্য কি?
Answer: অড’মিটাৰ আৰু স্পীড’মিটাৰ হৈছে গাড়ী, মটৰচাইকেল আদি যান-বাহনৰ ডেছব’ৰ্ডত লগোৱা দুবিধ অতি প্ৰয়োজনীয় যন্ত্ৰ।
স্পীড’মিটাৰ হৈছে এনে এবিধ যন্ত্ৰ যিয়ে চলি থকা গাড়ী এখনৰ সেই নিৰ্দিষ্ট মুহূৰ্তৰ তাৎক্ষণিক দ্ৰুতি জুখি দেখুৱায়। ইয়াক সাধাৰণতে কিলোমিটাৰ প্ৰতি ঘণ্টা (km/h) এককত প্ৰকাশ কৰা হয়। ই চালকজনক দেখুৱায় যে ঠিক সেই মুহূৰ্তত গাড়ীখন কিমান বেগত গৈ আছে।
আনহাতে, অড’মিটাৰ হ’ল এনে এবিধ যন্ত্ৰ যিয়ে গাড়ীখনে এতিয়ালৈকে অতিক্ৰম কৰা মুঠ দূৰত্ব জুখি ৰাখে। ইয়াক সাধাৰণতে কিলোমিটাৰ এককত দেখুৱা হয়।
দুয়োটাৰ মাজৰ মূল পাৰ্থক্যটো হ’ল— স্পীড’মিটাৰে চলন্ত অৱস্থাত গাড়ীখনৰ দ্ৰুতি বা বেগ দেখুৱায়, আৰু অড’মিটাৰে গাড়ীখনে পাৰ কৰা মুঠ দূৰত্ব দেখুৱায়।

4. এখন গাড়ীয়ে A চহৰৰ পৰা B চহৰলৈ 180 কিঃমিঃ দূৰত্ব 3 ঘণ্টাত অতিক্ৰম কৰে। ঘূৰি অহাৰ সময়ত প্ৰৱল বৰষুণৰ বাবে একেখিনি দূৰত্ব অতিক্ৰম কৰিবলৈ গাড়ীখনক 4.5 ঘণ্টা সময় লাগে। গাড়ীখনৰ যোৱাৰ সময়ৰ, ঘূৰি অহাৰ সময়ৰ, আৰু সমগ্ৰ যাত্ৰাটোৰ বাবে গড় দ্ৰুতি নিৰ্ণয় কৰা।
Answer:
যোৱাৰ সময়ত:
দূৰত্ব = 180 km
সময় = 3 hours
গড় দ্ৰুতি = Distance / Time = 180 / 3 = 60 km/h

ঘূৰি অহাৰ সময়ত:
দূৰত্ব = 180 km
সময় = 4.5 hours
গড় দ্ৰুতি = Distance / Time = 180 / 4.5 = 40 km/h

সমগ্ৰ যাত্ৰাটোৰ বাবে:
মুঠ দূৰত্ব = 180 km (onward) + 180 km (return) = 360 km
মুঠ সময় = 3 hours + 4.5 hours = 7.5 hours
সমগ্ৰ যাত্ৰাৰ গড় দ্ৰুতি = Total Distance / Total Time
= 360 / 7.5 = 48 km/h

5. গতি কাক বোলে? সুষম আৰু বিষম গতিৰ মাজত প্ৰধান পাৰ্থক্য কি?
উত্তৰঃ সময়ৰ লগে লগে কোনো বস্তুৰ স্থান পৰিৱৰ্তন হোৱাকে গতি বোলে। সুষম আৰু বিষম গতিৰ মাজৰ প্ৰধান পাৰ্থক্যটো হ’ল দূৰত্ব আৰু সময়ৰ সম্পৰ্ক। যদি কোনো এটা বস্তুয়ে সৰল ৰেখাত গতি কৰি সমান সময়ৰ ব্যৱধানত সম্পূৰ্ণ সমান দূৰত্ব অতিক্ৰম কৰে, তেতিয়া তাক সুষম গতি বোলা হয়। আনহাতে, যদি বস্তুটোৱে সমান সময়ৰ ব্যৱধানত অসমান দূৰত্ব অতিক্ৰম কৰে, অৰ্থাৎ তাৰ দ্ৰুতি সলনি হৈ থাকে, তেতিয়া তাক বিষম গতি বোলা হয় ।

6. গড় দ্ৰুতিৰ প্ৰয়োজনীয়তা কিয় আছে বুজাই লিখা।
উত্তৰঃ আমাৰ দৈনন্দিন জীৱনত কোনো যান-বাহন বা মানুহে একেবাৰে স্থিৰ দ্ৰুতিত (সুষম গতিত) দীঘলীয়া দূৰত্ব অতিক্ৰম কৰাটো প্ৰায় অসম্ভৱ। যান-বাহনৰ ভিৰ, কেঁকুৰি, ৰাস্তাৰ অৱস্থা আদিৰ বাবে গাড়ী-মটৰৰ দ্ৰুতি সলনি হৈ থাকে। যিহেতু গোটেই যাত্ৰাটোত দ্ৰুতি সলনি হৈয়েই থাকে, সেয়েহে যাত্ৰাটোৰ সামগ্ৰিক বেগ বুজাবলৈ এটা নিৰ্দিষ্ট দ্ৰুতি কোৱাটো সম্ভৱ নহয়। সেইবাবে যাত্ৰাটোৰ সামগ্ৰিক বেগ বুজাবলৈ গড় দ্ৰুতিৰ প্ৰয়োজন হয় ।

7. অড’মিটাৰ আৰু স্পীড’মিটাৰৰ সহায়ত গাড়ী এখনৰ যাত্ৰাৰ বিষয়ে আমি কি কি জানিব পাৰোঁ?
উত্তৰঃ অড’মিটাৰ আৰু স্পীড’মিটাৰ গাড়ী এখনৰ দুবিধ গুৰুত্বপূৰ্ণ যন্ত্ৰ। অড’মিটাৰৰ সহায়ত আমি গাড়ীখনে যাত্ৰা কৰা সময়ত অতিক্ৰম কৰা মুঠ দূৰত্ব জানিব পাৰোঁ, যিটো সাধাৰণতে কিলোমিটাৰত প্ৰকাশ কৰা হয়। আনহাতে, স্পীড’মিটাৰৰ সহায়ত আমি চলি থকা গাড়ীখনৰ সেই নিৰ্দিষ্ট মুহূৰ্তৰ তাৎক্ষণিক দ্ৰুতি বা বেগ জানিব পাৰোঁ, যিটো কিলোমিটাৰ প্ৰতি ঘণ্টা (km/h) এককত দেখুওৱা হয় ।

8. এখন গাড়ীয়ে চহৰৰ মাজেৰে গৈ থকা অৱস্থাত কিয় বিষম গতি প্ৰদৰ্শন কৰে?
উত্তৰঃ চহৰৰ মাজেৰে গাড়ী এখন চলোৱাৰ সময়ত ৰাস্তাত যান-বাহনৰ ভিৰ, ট্ৰেফিক লাইট, পথচাৰী, ঘাইপথৰ কেঁকুৰি আৰু স্পীড ব্ৰেকাৰ আদি বিভিন্ন বাধাৰ সন্মুখীন হ’বলগীয়া হয়। এই বাধাসমূহৰ বাবে চালকে মাজে মাজে গাড়ীৰ বেগ কমাব লগা হয়, কেতিয়াবা ৰখাব লগা হয় আৰু ৰাস্তা খালী পালে বেগ বঢ়াব লগা হয়। ফলত গাড়ীখনে সমান সময়ৰ ব্যৱধানত অসমান দূৰত্ব অতিক্ৰম কৰে ।

9. এজন দৌৰবিদে ১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। তেওঁৰ গতি সুষম নে বিষম হ’ব পাৰে যুক্তিৰে বুজোৱা।
উত্তৰঃ দৌৰবিদজনৰ গতি সাধাৰণতে বিষম হ’ব। প্ৰতিযোগিতাৰ আৰম্ভণিত তেওঁ স্থিৰ অৱস্থাৰ পৰা দৌৰ আৰম্ভ কৰে, তাৰ পিছত ক্ৰমান্বয়ে নিজৰ বেগ বৃদ্ধি কৰে। দৌৰৰ মাজভাগত তেওঁৰ দ্ৰুতি সৰ্বাধিক হ’ব পাৰে আৰু শেষৰ ফালে বা ভাগৰ লাগিলে দ্ৰুতি সলনি হ’ব পাৰে। যিহেতু দৌৰৰ সময়ছোৱাত তেওঁৰ দ্ৰুতি স্থিৰ হৈ নাথাকে, সেয়েহে তেওঁৰ গতি বিষম হ’ব ।
10. সময়ৰ ব্যৱধান জুখিবলৈ পুৰণি কালত মানুহে কি ব্যৱহাৰ কৰিছিল আৰু বৰ্তমান কি ব্যৱহাৰ কৰে?
উত্তৰঃ পুৰণি কালত মানুহে সময়ৰ ব্যৱধান জুখিবলৈ প্ৰাকৃতিক ঘটনাসমূহৰ ওপৰত নিৰ্ভৰ কৰিছিল। যেনে, এটা সূৰ্যোদয়ৰ পৰা পাছদিনাৰ সূৰ্যোদয়লৈকে সময়খিনিক এদিন বুলি ধৰিছিল। বৰ্তমান আধুনিক যুগত আমি নিৰ্ভুলভাৱে সময় জুখিবলৈ দেৱাল ঘড়ী, হাতঘড়ী, ডিজিটেল ঘড়ী আৰু ষ্টপৱাচ আদি ব্যৱহাৰ কৰোঁ ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
সপ্তম শ্ৰেণী বিজ্ঞান অধ্যায় ৭ (সময় আৰু গতিৰ জোখ-মাখ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
এই অধ্যায়টোত মূলতঃ কিহৰ বিষয়ে আলোচনা কৰা হৈছে?
ইয়াত মূলতঃ সময় আৰু দ্ৰুতিৰ জোখ-মাখ, সৰল দোলক, বিভিন্ন প্ৰকাৰৰ গতি আৰু দূৰত্ব-সময়ৰ লেখচিত্ৰৰ বিষয়ে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, গাণিতিক সমস্যাৰ সমাধান, অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু MCQ প্ৰশ্নৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল পৰীক্ষাৰ বাবে ASSEB ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি বিজ্ঞান বিষয়ত চমু প্ৰশ্ন, বহু-বিকল্পী প্ৰশ্নৰ (MCQ) লগতে দ্ৰুতি নিৰ্ণয় কৰা গাণিতিক সমস্যা আৰু লেখচিত্ৰ অংকন কৰা প্ৰশ্ন সঘনাই আহে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top