Class 6 Samaj Bigyan Chapter 3 মৌর্যোত্তৰ যুগৰ ভাৰত Solutions | AJB

class 6

ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৩ – মৌর্যোত্তৰ যুগৰ ভাৰত – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | AJB

ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৩ – মৌর্যোত্তৰ যুগৰ ভাৰত সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB)

ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ তৃতীয় অধ্যায় ‘মৌর্যোত্তৰ যুগৰ ভাৰত’ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। অসম জাতীয় বিদ্যালয় (AJB) ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 6 Samaj Bigyan Chapter 3 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন, চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন, অতিৰিক্ত প্ৰশ্ন (Additional Questions), আৰু MCQ ৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘মৌর্যোত্তৰ যুগৰ ভাৰত’ নামৰ এই পাঠটিত মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পাছৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক অৱস্থা, বিভিন্ন নতুন সৰু সৰু ৰাজ্যৰ উত্থান আৰু সেই সময়ৰ সমাজ ব্যৱস্থাৰ বিষয়ে বিস্তাৰিতভাৱে বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল বিষয়বস্তু আৰু ঐতিহাসিক ঘটনাসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • মৌর্যোত্তৰ যুগৰ ভাৰতৰ ইতিহাস আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ বিষয়ে সহজ বিশ্লেষণ।
  • পাঠভিত্তিক অনুশীলনীৰ সকলো প্ৰশ্নৰ নিৰ্দোষ আৰু মান্য উত্তৰ।
  • মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পাছৰ ভাৰতৰ অৱস্থা আৰু ঐতিহাসিক সমলৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ (Additional Questions) লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 6 Samaj Bigyan Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • তৃতীয় অধ্যায়ৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 6 সমাজ বিজ্ঞান (Social Science) Textbook Solutions & MCQs | AJB New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest AJB New Syllabus & Updated Book

Get comprehensive preparation for Class 6 সমাজ বিজ্ঞান (Social Science) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalay (AJB) syllabus and new version of the book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 3 মৌৰ্য্যোত্তৰ যুগৰ ভাৰত

 অসম জাতীয় বিদ্যালয়, ষষ্ঠ শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-3                                                অস্পিন একাডেমী

মৌৰ্য্যোত্তৰ যুগৰ ভাৰত

পাঠভিত্তিক প্রশ্নোত্তৰ

১ । চমু উত্তৰ দিয়া । 

(ক) মৌৰ্যসকলৰ শেষ ৰজা কোন আছিল?

উত্তৰঃ মৌৰ্য ৰাজবংশৰ একেবাৰে শেষৰগৰাকী ৰজা আছিল বৃহদ্ৰথ।

(খ) শুংগ বংশৰ প্ৰতিষ্ঠাতা কোন?

উত্তৰঃ শুংগ ৰাজবংশৰ ভেটি স্থাপন কৰোঁতাজনৰ নাম হ’ল পুষ্যমিত্ৰ।

(গ) চেত বংশই কোন শতাব্দীত ৰাজত্ব কৰিছিল?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকামানত চেত বংশৰ লোকসকলে ৰাজত্ব চলাইছিল।

(ঘ) পুষ্যমিত্র শুংগৰ সময়ত বিখ্যাত সংস্কৃত বৈয়াকৰণিক জনৰ নাম কি আছিল?

উত্তৰঃ পুষ্যমিত্ৰ শুংগৰ শাসনকালত থকা প্ৰসিদ্ধ সংস্কৃত ব্যাকৰণবিদগৰাকীৰ নাম আছিল পতঞ্জলি।

(ঙ) পতঞ্জলিয়ে ৰচনা কৰা সংস্কৃত ব্যাকৰণখনৰ নাম কি আছিল?

উত্তৰঃ পতঞ্জলিয়ে লিখি উলিওৱা বিখ্যাত সংস্কৃত ব্যাকৰণ পুথিখনক ‘মহাভাষ্য’ বুলি জনা যায়।

(চ) চেত বংশই কোন শতাব্দীত ৰাজত্ব কৰিছিল?

উত্তৰঃ চেত বংশই খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাত শাসন কৰিছিল।

(ছ) গৰুড় ধ্বজ স্তম্ভ কোনে ক’ত নির্মাণ কৰিছিল?

উত্তৰঃ হেলিয়’ডৰাচ নামৰ গ্ৰীক কটকীগৰাকীয়ে বেছ নগৰত এই ‘গৰুড় ধ্বজ স্তম্ভ’টো সজাই উলিয়াইছিল।

(জ) মহাক্ষত্রপ উপাধি কোনে লৈছিল?

উত্তৰঃ শকসকলৰ ৰজা ৰুদ্ৰদমনে নিজকে ‘মহাক্ষত্ৰপ’ উপাধিৰে বিভূষিত কৰিছিল।

(ঝ) সুদর্শন হ্রদটো কোনে পুননির্মাণ কৰিছিল?

উত্তৰঃ ৰজা ৰুদ্ৰদমনে নিজে উদ্যোগ লৈ সুন্দৰ দৰ্শন থকা এই ‘সুদৰ্শন হ্ৰদ’টো পুনৰ নিৰ্মাণ কৰোৱাইছিল।

(ঞ) শকাব্দ চনটো কেতিয়াৰ পৰা প্ৰচলন হয়?

উত্তৰঃ ৭৮ খ্ৰীষ্টাব্দত যেতিয়া কণিষ্ক কুষাণ সাম্ৰাজ্যৰ সিংহাসনত বহে, তেতিয়াৰ পৰাই ‘শকাব্দ’ নামৰ এই নতুন চন বা অব্দৰ গণনা আৰম্ভ হয়।

২ । বুদ্ধ চৰিত পুথিখনৰ ৰচক কোন?

উত্তৰঃ ‘বুদ্ধচৰিত’ নামৰ সুপ্ৰসিদ্ধ পুথিখন অশ্বঘোষে ৰচনা কৰিছিল।

৩ । কনিষ্কই পেছোৱাৰত খোদিত কৰা মূৰ্তিটোৰ ওখ কিমান ফুট আছিল?

উত্তৰঃ পেছোৱাৰত কণিষ্কৰ দ্বাৰা নিৰ্মিত সেই বিশেষ মূৰ্তিটো প্ৰায় ৪০০ ফুট ওখ আছিল।

৪ ।  কনিষ্কৰ মূৰ নথকা বৃহদাকাৰ ব্ৰঞ্জৰ মূৰ্ত্তি ক’ত পোৱা গৈছিল?

উত্তৰঃ কণিষ্কৰ মূৰ বিহীন বিশালকায় ব্ৰঞ্জৰ মূৰ্তিটো মথুৰাত আৱিষ্কাৰ কৰা হৈছিল।

৫। প্রতিস্থান বা পৈথান কোন বংশৰ ৰাজধানী আছিল?

উত্তৰঃ প্ৰতিস্থান বা যাক পৈথান বুলিও কোৱা হয়, সেয়া আছিল সাতবাহন বংশৰ ৰাজধানী নগৰ।

৬ । চতুর্থ বৌদ্ধ মহামেল ক’ত অনুস্থিত হৈছিল?

উত্তৰঃ চতুৰ্থখন বৌদ্ধ মহামেল কাশ্মীৰত অনুষ্ঠিত কৰা হৈছিল।

৭ । চতুর্থ বৌদ্ধমহামেলৰ সভাপতি কোন আছিল?

উত্তৰঃ সেই মহামেলখনত পণ্ডিত বসুমিত্ৰই সভাপতিত্ব কৰিছিল।

৮। খালী ঠাই পূৰ কৰা।

(ক) চেত বংশটোৰ বিখ্যাত ৰাজা আছিল _____।

উত্তৰঃ চেত বংশটোৰ বিখ্যাত ৰাজা আছিল খাৰৱেল।

(খ) _____ৰ লিপি আৰু ______ৰ তোৰণেই আছিল শিল্পকলাৰ এটা উৎকৃষ্ট নিদর্শন।

উত্তৰঃ ‘ভাৰহুট’ৰ লিপি আৰু ‘সাচী’ৰ তোৰণেই আছিল শিল্পকলাৰ এক উৎকৃষ্ট নিদর্শন।

(গ) খ্রীঃ পুঃ দ্বিতীয় শতিকাত ______ নামৰ এটা জাতিয়ে মধ্য এছিয়াত বাস কৰিছিল।

উত্তৰঃ খ্রীঃ পূঃ দ্বিতীয় শতিকাত যুচি নামৰ এটা জাতিয়ে মধ্য এছিয়াত বাস কৰিছিল।

(ঘ) কণিষ্কৰ এই বিশাল ৰাজ্যৰ ৰাজধানী আছিল _____ বৰ্তমানৰ পোছোৱাৰ।

উত্তৰঃ কণিষ্কৰ এই বিশাল ৰাজ্যৰ ৰাজধানী আছিল পুৰুষপুৰ বৰ্তমানৰ পোছোৱাৰ।

(ঙ) ______ আছিল সাতবাহন সকলৰ অৰ্থনীতিৰ মূল ভেটি।

উত্তৰঃ কৃষিয়েই আছিল সাতবাহন সকলৰ অৰ্থনীতিৰ মূল ভেটি।

৯ । চমু উত্তৰ লিখা।

(ক) বৰ্তমান ভাৰতৰ কোন কোন ঠাইত চোল ৰাজ্য আছিল?

উত্তৰঃ বৰ্তমানৰ তামিলনাডুৰ (মাদ্রাজৰ) দক্ষিণাংশ আৰু তাঞ্জোৰ অঞ্চলক সামৰিয়েই প্ৰাচীন চোল ৰাজ্য বৰ্তি আছিল। এই সাম্ৰাজ্যৰ মূল কেন্দ্ৰবিন্দু আছিল তাঞ্জোৰ।

খ । সাতবাহনসকলৰ ৰাজত্বকালৰ ঘেঁহু উৎপাদনৰ বাবে বিখ্যাত ঠাইকেইখন কি আছিল?

উত্তৰঃ সাতবাহনসকলৰ শাসনকালত ঘেঁহু খেতিৰ বাবে বিশেষভাৱে জনাজাত দুখন ঠাই হ’ল তাগাৰা আৰু পৈথান।

গ। গৌতমীপুত্র শাতকর্ণিয়ে কি উপাধি লৈছিল?

উত্তৰঃ গৌতমীপুত্র শাতকর্ণিয়ে নিজৰ পৰাক্ৰমৰ পৰিচয় দি ‘ক্ষেত্ৰিয় দৰ্পমান মৰ্দ্দন’ উপাধি গ্ৰহণ কৰিছিল।

ঘ । চতুর্থ বৌদ্ধমহামেলৰ সভাপতি কোন আছিল? বৌদ্ধ ধৰ্মৰ মূল ভাগকেইটা কি কি লিখা।

উত্তৰঃ চতুৰ্থ বৌদ্ধ মহামেলৰ গুৰি ধৰিছিল পণ্ডিত বসুমিত্ৰই। বৌদ্ধ ধৰ্মৰ ঘাই ভাগ দুটা হ’ল- (ক) হীনযান আৰু (খ) মহাযান।

ঙ। মিলিন্দ পঞহো বা মিলিন্দৰ প্ৰশ্ন মানে কি বুজা? ই কিহৰ লগত জড়িত?

উত্তৰঃ ‘মিলিন্দ পঞহো’ বা ‘মিলিন্দৰ প্ৰশ্ন’ হৈছে পালি ভাষাত ৰচিত এখন বিখ্যাত গ্ৰন্থ। এই গ্ৰন্থখনত বৌদ্ধ ধৰ্মৰ গভীৰ দৰ্শন আৰু মতাদৰ্শসমূহ পালি ভাষাত বিতংভাৱে আলোচনা কৰা হৈছে।

১০। হিন্দু কুশৰ উত্তৰত থকা গ্রীকসকলক কি বুলি কোৱা হৈছিল?

উত্তৰঃ হিন্দু কুশ পৰ্বতমালাৰ উত্তৰ দিশত বসবাস কৰা গ্ৰীকসকলক বাহ্লিক বা বেক্ট্ৰিয়ান গ্ৰীক হিচাপে জনা গৈছিল।

১১ । বর্তমান ইৰাণ বা পাৰস্যৰ পূব অঞ্চলত বাস কৰাসকলক কি বুলি কোৱা হৈছিল?

উত্তৰঃ বৰ্তমানৰ পাৰস্য অৰ্থাৎ ইৰাণৰ পূব প্ৰান্তত বাস কৰা লোকসকলক পাৰ্থিয়ান, পহ্লব বা পাছিয়া বুলি কোৱা হৈছিল।

১২ । হিন্দু ধৰ্মৰ উপাসক কোন আহিল?

উত্তৰঃ গ্ৰীকসকলৰ মাজত এণ্টিয়ালকিডাচ ডেমিট্ৰিয়াচ আছিল হিন্দু ধৰ্মৰ এজন নিষ্ঠাৱান উপাসক।

১৩ । বৌদ্ধ ধৰ্মৰ উপাসক কোন আছিল?

উত্তৰঃ গ্ৰীক ৰজা মিনান্দাৰ আছিল বৌদ্ধ ধৰ্মৰ এজন পৰম ভক্ত।

১৪ । গ্রীক ৰজাসকলৰ ভিতৰত শ্রেষ্ঠ ৰজা কোন আছিল?

উত্তৰঃ ভাৰতত শাসন কৰা গ্ৰীক ৰজাসকলৰ ভিতৰত মিনান্দাৰ বা মিলিন্দকেই আটাইতকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়।

১৫ । পার্থিয়ান সকলে ক’ত ৰাজত্ব কৰিছিল?

উত্তৰঃ পাৰ্থিয়ানসকলে প্ৰধানকৈ সিন্ধু আৰু ঝিলাম নদীৰ মধ্যৱৰ্তী অঞ্চলত নিজৰ আধিপত্য বিস্তাৰ কৰিছিল।

১৬। চমুটোকা লিখা:

(ক) গান্ধাৰ শিল্পকলা

(খ) সাংগম বা সদন

(গ) শুংগ বংশ

(ঘ) শকসকল

উত্তৰঃ

(ক) গান্ধাৰ শিল্পকলা: প্ৰাচীন ভাৰতীয় আৰু গ্ৰীক শৈলীৰ অপূৰ্ব সংমিশ্ৰণত গঢ় লৈ উঠা এটা বিখ্যাত শিল্পকলা হৈছে গান্ধাৰ শিল্প। গান্ধাৰ উপত্যকাত বিকাশ লাভ কৰা বাবেই ইয়াৰ নাম গান্ধাৰ শিল্পকলা। ইয়াৰ প্ৰধান বৈশিষ্ট্য হ’ল— শিল্পকৰ্মৰ মূল বিষয়বস্তু আৰু ভাৱাদৰ্শ সম্পূৰ্ণ ভাৰতীয় আছিল, কিন্তু সেইবোৰ সজাই তোলাৰ কাৰিকৰী কৌশল আছিল গ্ৰীকসকলৰ। ইয়াৰ আন এটি বৈশিষ্ট্য হ’ল যে এই শৈলীত নিৰ্মিত ভাস্কৰ্যসমূহ মূলতঃ ভগৱান বুদ্ধৰ জীৱনৰ আধাৰত গঢ়া হৈছিল। মূৰ্তিসমূহৰ আ-অলংকাৰ, সাজ-পাৰ আৰু মসৃণতাৰ যোগেদি সেইবোৰক অতি জীৱন্ত আৰু বাস্তৱসন্মত ৰূপ দিয়াটো আছিল এই শিল্পকলাৰ নিদৰ্শন।

(খ) সাংগম বা সদন: প্ৰাচীন কালত চেৰা, চোল আৰু পাণ্ড্য— এই তিনিওখন ৰাজ্যৰ বিখ্যাত সাহিত্যিক, কবি, পণ্ডিত আৰু ৰাজদৰবাৰৰ লোকসকল একেলগ হৈ যিখন বিশেষ সভা পাতিছিল, তাকেই ‘সংগম’ বা ‘সদন’ বুলি কোৱা হয়। তামিল ইতিহাস অনুসৰি এনে ধৰণৰ তিনিখন ডাঙৰ সংগম অনুষ্ঠিত হৈছিল। এই সভাৱলীত সাহিত্য আৰু কাব্যৰ ওপৰত গভীৰ চৰ্চা চলিছিল আৰু ইয়াৰ পৰাই ‘সংগম সাহিত্য’ৰ সৃষ্টি হৈছিল। ৰজাঘৰীয়া পৃষ্ঠপোষকতা লাভ কৰা এই সংগম সাহিত্যই তামিল সাহিত্যৰ ক্ৰমবিকাশৰ এক স্পষ্ট চিত্ৰ আমাৰ আগত দাঙি ধৰে।

(গ) শুংগ বংশ: মৌৰ্য সাম্ৰাজ্যৰ অৱসানৰ পাছত পুষ্যমিত্ৰই মগধত শুংগ বংশৰ পাতনি মেলে। পুষ্যমিত্ৰৰ লগতে এই বংশৰ মুঠ দহজন ৰজাই প্ৰায় ১১২ বছৰ কাল ৰাজত্ব কৰিছিল। এই বংশৰ এজন অতি প্ৰতাপী ৰজা আছিল পুষ্যমিত্ৰ নিজেই। তেওঁ নিজৰ নাতি বসুমিত্ৰৰ সহায় লৈ মগধ আক্ৰমণ কৰিবলৈ অহা শক্তিশালী গ্ৰীক বীৰ মিনান্দাৰক পৰাস্ত কৰিছিল। শুংগ বংশৰ উল্লেখযোগ্য ৰজাসকলৰ ভিতৰত পুষ্যমিত্ৰ, অগ্নিমিত্ৰ, জ্যেষ্ঠমিত্ৰ, বসুমিত্ৰ আৰু ভাগভদ্ৰৰ নাম বিশেষভাৱে ল’ব পাৰি। এই ৰাজবংশৰ অন্তিমগৰাকী নৃপতি আছিল দেৱভূতি।

(ঘ) শকসকল: মধ্য এছিয়াৰ ‘যুচি’ নামৰ জাতিটোৰ দ্বাৰা বিতাড়িত হোৱা এটা যাযাবৰ জাতি আছিল শকসকল। তেওঁলোকৰে এটা ঠালে উত্তৰ-পশ্চিম দিশেৰে ভাৰতত প্ৰৱেশ কৰিছিল। প্ৰথম অৱস্থাত তেওঁলোকে নিজাকৈ কোনো ৰাজ্য স্থাপন নকৰি পাৰ্থিয়ানসকলৰ অধীনত ভাইচৰয় বা ‘ক্ষত্ৰপ’ হিচাপে কাম কৰিছিল। লাহে লাহে তেওঁলোকে মথুৰা, উজ্জয়িনী, তক্ষশীলা আৰু নাচিকৰ দৰে ভিন ভিন অঞ্চলত শাসন কৰিবলৈ লয়। পৰৱৰ্তী সময়ত শক ৰজা ৰুদ্ৰদমনে এই সকলো অঞ্চল একত্ৰিত কৰি নিজৰ অধীনলৈ আনে আৰু সৰ্বময় কৰ্তা হৈ ‘মহাক্ষত্ৰপ’ উপাধি গ্ৰহণ কৰে।

১৭ । ভাৰতত ইণ্ডো গ্ৰীকসকলৰ উত্থানৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ গ্ৰীক সম্ৰাট আলেকজেণ্ডাৰৰ মৃত্যুৰ পাছত তেওঁৰ সাম্ৰাজ্যখন উত্তৰাধিকাৰীসকলৰ মাজত হোৱা ক্ষমতাৰ যুঁজৰ ফলত দুভাগত বিভক্ত হৈ পৰে। তাৰ পাছত মৌৰ্য সাম্ৰাজ্যৰ ক্ৰমৱৰ্ধমান দুৰ্বলতাৰ সুযোগ লৈ গ্ৰীক অধিপতি ডেমিট্ৰিয়াচে ভাৰতৰ সিন্ধু আৰু পঞ্জাৱ অঞ্চলত নিজৰ প্ৰভুত্ব স্থাপন কৰে আৰু ইয়াৰ জৰিয়তে ভাৰতবৰ্ষত গ্ৰীক শাসনৰ আৰম্ভণি ঘটে। ভাৰতত শাসন চলোৱা গ্ৰীক ৰজাসকলৰ ভিতৰত মিনান্দাৰ বা মিলিন্দ আছিল আটাইতকৈ প্ৰভাৱশালী আৰু শ্ৰেষ্ঠ। তেওঁ ভাৰতীয় দৰ্শন, বিশেষকৈ বৌদ্ধ ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ এই ধৰ্ম গ্ৰহণ কৰিছিল। ইয়াৰ সমান্তৰালভাৱে পাৰ্থিয়ান বা পহ্লবসকলেও সিন্ধু আৰু ঝিলাম নদীৰ মাজৰ অঞ্চলটোত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। যদিও গ্ৰীকসকলে ভাৰতত বৰ বেছি দিন ৰাজত্ব কৰা নাছিল, তথাপি এই চমু সময়ছোৱাতেই তেওঁলোকৰ সংস্পৰ্শলৈ আহি ভাৰতীয় সমাজখনে বহু নতুন দিশৰ সম্ভেদ পাইছিল।

বাণিজ্যৰ ক্ষেত্ৰত গ্ৰীকসকলে ভাৰতত যথেষ্ট উন্নতমানৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল। ইয়াৰ ফলত ভাৰতীয় মুদ্ৰা ব্যৱস্থাত এক যোগাত্মক পৰিৱৰ্তন আহে। বহুতো গ্ৰীক লোকে ভাৰতীয় দৰ্শনত আকৃষ্ট হৈ হিন্দু ধৰ্ম আঁকোৱালি লৈছিল আৰু বিষ্ণুক উপাসনা কৰিছিল। আন একাংশই আকৌ বৌদ্ধ ধৰ্মও গ্ৰহণ কৰিছিল। জ্যোতিষবিদ্যাৰ চৰ্চা আৰু জ্ঞান বিস্তাৰতো গ্ৰীকসকলৰ অৱদান উল্লেখনীয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, গ্ৰীক আৰু ভাৰতীয় কলা-সংস্কৃতিৰ মিলনৰ ফলত গান্ধাৰ অঞ্চলত এক নতুন শৈলীৰ জন্ম হৈছিল, যাক গান্ধাৰ শিল্পকলা বুলি জনা যায়। এই শিল্পকলাত মূৰ্তিৰ বিষয়বস্তু আৰু ভাৱনা আছিল ভাৰতীয়, কিন্তু গঢ় দিয়াৰ কাৰিকৰী দক্ষতা আছিল গ্ৰীক শৈলীৰ। ইয়াৰ ভাস্কৰ্যসমূহ ঘাইকৈ বুদ্ধদেৱৰ জীৱনৰ আধাৰত গঢ়া হৈছিল। মূৰ্তিবোৰত নিখুঁত সাজ-পাৰ, আ-অলংকাৰ আৰু মসৃণতা ফুটাই তুলি জীৱন্ত ৰূপ প্ৰদান কৰাটো এই কলাৰ এক প্ৰধান বৈশিষ্ট্য আছিল।

১৮ । কণিষ্ক আৰু অশোকর মাজত থকা সাদৃশ্য আৰু বৈশাদৃশ্য লিখা।

উত্তৰঃ সম্ৰাট কণিষ্ক আৰু সম্ৰাট অশোকৰ মাজত থকা মূল সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ তলত আলোচনা কৰা হ’ল—

সাদৃশ্য:

(ক) দুয়োজন সম্ৰাটেই পৰৱৰ্তী সময়ত বৌদ্ধ ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ এই ধৰ্ম গ্ৰহণ কৰিছিল।

(খ) ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে অশোক আৰু কণিষ্ক দুয়োজনেই বৌদ্ধ মহামেলৰ আয়োজন কৰিছিল।

বৈসাদৃশ্য:

(ক) সম্ৰাট অশোকৰ ৰাজত্বকালত বৌদ্ধ ধৰ্মটো একত্ৰিত আছিল আৰু ইয়াৰ কোনো বিভাজন হোৱা নাছিল। আনহাতে, কণিষ্কৰ দিনত এই ধৰ্মটো মহাযান আৰু হীনযান নামৰ দুটা স্পষ্ট ভাগত বিভক্ত হৈ পৰে।

(খ) অশোকে কলিংগৰ ৰণৰ পাছতেই যুদ্ধ-বিগ্ৰহ চিৰদিনৰ বাবে পৰিত্যাগ কৰি অহিংসাৰ বাট লৈছিল। কিন্তু সম্ৰাট কণিষ্কই বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষকতা কৰাৰ সমান্তৰালভাৱে সামৰিক অভিযান আৰু যুদ্ধ-বিগ্ৰহো অব্যাহত ৰাখিছিল।

১৯ । সামাজিকভাবে সাতবাহনসকলে জনসাধাৰণক কি কি চাৰিটা ভাগত ভাগ কৰিছিল লিখা।

উত্তৰঃ সাতবাহনসকলৰ শাসনকালত সমাজখনক ঘাইকৈ চাৰিটা শ্ৰেণীত ভাগ কৰা হৈছিল। সেইবোৰ হ’ল—

প্ৰথম শ্ৰেণীটোত সমাজৰ আটাইতকৈ উচ্চ পদবীত থকা বিষয়াসকল আছিল; যেনে— মহাসেনাপতি, মহাৰথী আৰু মহাভোজ আদি।

দ্বিতীয় শ্ৰেণীটো গঠিত হৈছিল ৰাজ্যৰ অমাত্য, মহামাত্ৰ, ব্যৱসায়ী আৰু ডাঙৰ সদাগৰসকলক লৈ।

তৃতীয় ভাগটোত চিকিৎসক, লেখক, ঔষধ নিৰ্মাতা, সোণাৰী আৰু কৃষকসকল অন্তৰ্ভুক্ত আছিল।

চতুৰ্থ বা একেবাৰে শেষৰ শ্ৰেণীটোত কমাৰ, বাঢ়ৈ বা কাঠমিস্ত্ৰী, মালী, মাছমৰীয়া আৰু ক্ৰীতদাসসকল আছিল।

প্ৰতিটো পৰিয়ালৰে পৰিচালনাৰ দায়িত্ব ঘৰৰ মুৰব্বীজনৰ হাতত আছিল আৰু তেওঁক সন্মান সহকাৰে ‘গৃহপতি’ বুলি সম্বোধন কৰা হৈছিল।

২০ । ভাৰতীয় ইতিহাসলৈ বা সমাজলৈ শকসকলৰ অৱদানৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ সামগ্ৰিকভাৱে চাবলৈ গ’লে ভাৰতৰ ইতিহাসত শকসকলৰ বৰ বিশেষ যুগান্তকাৰী অৱদান নাছিল। তথাপিও তেওঁলোকৰ এজন ৰজা ৰুদ্ৰদমনৰ আদৰ্শ সঁচাকৈয়ে প্ৰশংসনীয় আছিল। তেওঁ বিশ্বাস কৰিছিল যে মুখৰ উপদেশতকৈ নিজৰ কৰ্মৰে আৰ্হি দেখুওৱাটোহে বেছি ফলপ্ৰসূ। সেয়ে তেওঁ কথা কমকৈ কৈ কামতহে বেছি গুৰুত্ব দিছিল। যুদ্ধক্ষেত্ৰৰ বাহিৰে আন ক’তো তেওঁ মিছাতে মানুহ হত্যা কৰা নাছিল বুলি জনা যায়। এজন প্ৰজাদৰদী শাসক হিচাপে তেওঁ নিজৰ ৰাজভঁৰালৰ ধন ব্যয় কৰি বিখ্যাত ‘সুদৰ্শন হ্ৰদ’টো মেৰামতি কৰাই প্ৰজাৰ সুবিধাৰ বাবে মুকলি কৰি দিছিল।

২১ । ভাৰতীয় সমাজলৈ গ্রীকসকলৰ অৱদানৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ভাৰতীয় সমাজ আৰু সংস্কৃতিলৈ গ্ৰীকসকলৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ। ভাৰতত গ্ৰীক শাসনৰ সময়ছোৱাত ভাৰতীয়সকলে বহুতো নতুন দিশত জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিল।

বেপাৰ-বাণিজ্যৰ দিশত গ্ৰীকসকলে ভাৰতত প্ৰথমবাৰৰ বাবে উন্নত আৰু সুন্দৰ মুদ্ৰাৰ ব্যৱহাৰ আৰম্ভ কৰে। সেই সময়লৈকে ভাৰতত প্ৰচলিত মুদ্ৰাসমূহ ইমান উন্নতমানৰ নাছিল, সেয়ে মুদ্ৰা ব্যৱস্থাৰ সংস্কাৰ সাধনত গ্ৰীকসকলৰ অৰিহণা অনস্বীকাৰ্য। তদুপৰি, বহুতো গ্ৰীক লোক ভাৰতীয় আধ্যাত্মিকতাবাদৰ প্ৰতি আকৰ্ষিত হৈ হিন্দু ধৰ্মত দীক্ষিত হৈছিল আৰু ভগৱান বিষ্ণুৰ আৰাধনা কৰিছিল। আন একাংশই বৌদ্ধ ধৰ্মকো আঁকোৱালি লৈছিল।

জ্যোতিষবিদ্যাৰ চৰ্চাৰ ক্ষেত্ৰতো গ্ৰীকসকলৰ পৰা ভাৰতীয় পণ্ডিতে যথেষ্ট সমল লাভ কৰিছিল। ইয়াৰ বাহিৰেও গ্ৰীক আৰু ভাৰতীয় কলাৰ অপূৰ্ব সংমিশ্ৰণত গান্ধাৰ উপত্যকাত ‘গান্ধাৰ শিল্পকলা’ৰ বিকাশ ঘটিছিল। এই শিল্পকলাৰ আধাৰ আৰু ধাৰণা ভাৰতীয় আছিল যদিও মূৰ্তি নিৰ্মাণৰ কাৰিকৰী দিশটো গ্ৰীক শৈলীৰ আছিল। ইয়াত মূলতঃ ভগৱান বুদ্ধৰ জীৱনক প্ৰতিফলিত কৰা মূৰ্তিসমূহ নিৰ্মাণ কৰা হৈছিল আৰু সেইবোৰক সাজ-পাৰ, অলংকাৰ আদিৰে অতি নিখুঁত আৰু জীৱন্ত ৰূপ দিয়া হৈছিল।

২২ । কুষাণ সকল কোন? তেওঁলোকে কেনেকৈ ভাৰতত ৰাজ্য স্থাপন কৰিছিল লিখা।

উত্তৰঃ খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকামানত মধ্য এছিয়াত ‘যুচি’ নামৰ এটা জাতিয়ে বসবাস কৰিছিল। পৰৱৰ্তী সময়ত হুন বা হিয়ুংনু নামৰ আন এটা আক্ৰমণকাৰী জাতিয়ে তেওঁলোকক নিজৰ বাসভূমিৰ পৰা খেদাই পঠিয়ায়। ইয়াৰ পাছত যুচিসকলে কিছুকাল অঘৰীৰ দৰে ঘূৰি ফুৰি অৱশেষত অক্সাচ নদীৰ পাৰত উপস্থিত হয় আৰু তাতে পাঁচটা বেলেগ বেলেগ শাখাত বিভক্ত হৈ স্থায়ীভাৱে থাকিবলৈ লয়। এই পাঁচটা শাখাৰ ভিতৰত কুষাণসকলেই আছিল আটাইতকৈ শক্তিশালী আৰু পৰাক্ৰমী। কুজল কদফাইচিচ নামৰ এজন সাহসী নেতাই এই আটাইকেইটা শাখাক একগোট কৰি এক শক্তিশালী শক্তিলৈ ৰূপান্তৰিত কৰে। সেই সময়ত ভাৰতৰ উত্তৰ-পশ্চিম সীমান্তৰ শাসকসকলৰ মাজত একতাৰ অভাৱ আৰু সঘনাই হোৱা কাজিয়াৰ সুবিধা লৈ কুজল কদফাইচিচে তক্ষশীলা, পেছোৱাৰ, কান্দাহাৰ, কাবুল আৰু আফগানিস্তানৰ দৰে গুৰুত্বপূৰ্ণ অঞ্চলসমূহ অধিকাৰ কৰি লয় আৰু ভাৰতত কুষাণ শাসনৰ পাতনি মেলে। এই কুষাণ ৰাজবংশৰে তৃতীয়গৰাকী তথা আটাইতকৈ মহান সম্ৰাটজনেই আছিল কণিষ্ক।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৩ (মৌর্যোত্তৰ যুগৰ ভাৰত) – সঘনাই সোধা প্ৰশ্ন (FAQs)
এই তৃতীয় অধ্যায়টিৰ মূল বিষয়বস্তু কি?
ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানত অন্তৰ্ভুক্ত এই পাঠটিত মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পাছৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক অৱস্থা আৰু নতুন ৰাজ্যসমূহৰ উত্থানৰ বিষয়ে বৰ্ণনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন (Additional Questions), আৰু MCQ ৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ AJB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল অসম জাতীয় বিদ্যালয় (AJB) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি সম্পূৰ্ণৰূপে প্ৰস্তুত কৰা হৈছে।
এই পাঠৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা অতি চমু প্ৰশ্ন, চমু আৰু দীঘলীয়া প্ৰশ্নৰ লগতে বহু-বিকল্পী প্ৰশ্ন (MCQ) আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top