অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৭ – ৰাষ্ট্ৰ – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ | অসম জাতীয় বিদ্যালয় (AJB)

CLASS 8

Class 8 Social Science Chapter 7 ৰাষ্ট্ৰ Solutions | Assam Jatiya Bidyalay

অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৭ – ৰাষ্ট্ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Assam Jatiya Bidyalay – AJB)

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ সপ্তম অধ্যায় ‘ৰাষ্ট্ৰ’ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। অসম জাতীয় বিদ্যালয়ৰ (AJB) নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Social Science Chapter 7 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু বহু-বিকল্পী প্ৰশ্ন (MCQs) অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘ৰাষ্ট্ৰ’ নামৰ এই পাঠটিত ৰাষ্ট্ৰৰ অৰ্থ, ৰাষ্ট্ৰ গঠনৰ মূল উপাদানসমূহ (জনসমষ্টি, নিৰ্দিষ্ট ভূ-খণ্ড, চৰকাৰ আৰু সাৰ্বভৌমত্ব), ৰাষ্ট্ৰৰ কাৰ্যাৱলী আৰু সমাজত ৰাষ্ট্ৰৰ ভূমিকাৰ বিষয়ে সুন্দৰভাৱে দাঙি ধৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল বিষয়বস্তু বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • ৰাষ্ট্ৰৰ সংজ্ঞা, গঠনৰ অপৰিহাৰ্য উপাদান আৰু ইয়াৰ কাৰ্যাৱলীৰ বিস্তৃত বিশ্লেষণ।
  • ১ নম্বৰৰ অতি চমু (VSA) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে পাঠ্যপুথিৰ বাহিৰৰ অতিৰিক্ত প্ৰশ্নোত্তৰ (Additional Questions)।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • অসম জাতীয় বিদ্যালয়ৰ (AJB) নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে সহজে বুজিব পৰাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 8 Social Science (সমাজ বিজ্ঞান) Textbook Solutions & MCQs | Assam Jatiya Bidyalaya New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest Assam Jatiya Bidyalaya (AJB) New Syllabus & Updated Book

Get comprehensive preparation for Class 8 Social Science (সমাজ বিজ্ঞান) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest AJB new syllabus and updated book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 7 ৰাষ্ট্র

 অসম জাতীয় বিদ্যালয়, অষ্টম শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-7                                                      অস্পিন একাডেমী

ৰাষ্ট্র

পাঠভিত্তিক প্রশ্নোত্তৰ

1. চমু উত্তৰ দিয়াঁ।

(a) কোন দেশক ৰাষ্ট্ৰৰ উৎপত্তিস্থল বোলা হয়?

উত্তৰঃ প্ৰাচীন গ্ৰীচ দেশক ৰাষ্ট্ৰৰ উৎপত্তিৰ আদিম স্থান বুলি গণ্য কৰা হয়।

(b) ৰাষ্ট্ৰ শব্দটো বুজাবলৈ গ্রীকসকলে কোনটো শব্দ ব্যৱহাৰ কৰিছিল?

উত্তৰঃ গ্ৰীকসকলে ৰাষ্ট্ৰ বা নগৰ-ৰাষ্ট্ৰ বুজাবলৈ ‘পলিছ’ (Polis) নামৰ শব্দটোৰ ব্যৱহাৰ কৰিছিল।

(c) কোনটো মূল শব্দৰ পৰা ৰাষ্ট্ৰ শব্দৰ উৎপত্তি হৈছিল বুলি কোৱা হয়?

উত্তৰঃ ‘ষ্টেটাছ’ (Status) নামৰ মূল শব্দটোৰ পৰাই ‘ষ্টেট’ (State) বা ৰাষ্ট্ৰ শব্দটোৰ উৎপত্তি ঘটিছে বুলি ধৰা হয়।

(d) এৰিষ্টটলে আগবঢ়োৱা ৰাষ্ট্ৰৰ সংজ্ঞাটো লিখাঁ।

উত্তৰঃ প্ৰাচীন গ্ৰীক দাৰ্শনিক এৰিষ্ট’টলৰ মতে, “এটা সুন্দৰ আৰু স্বাৱলম্বী জীৱন কটাবৰ বাবে পৰিয়াল আৰু গাঁওসমূহ লগ হৈ যি এক সমূহীয়া গোট গঠন কৰে, সেয়াই হৈছে ৰাষ্ট্ৰ।”

(e) উড্ৰ’ উইলছনৰ মতে ৰাষ্ট্ৰ কাক বোলে?

উত্তৰঃ উড্ৰ’ উইলছনৰ ভাষাত, “এখন নিৰ্দিষ্ট ভৌগোলিক পৰিসীমাৰ ভিতৰত নীতি-নিয়ম বা আইনৰ অধীনত সুসংগঠিত হৈ থকা জনসমষ্টিকেই ৰাষ্ট্ৰ বুলি কোৱা হয়।”

2. ৰাষ্ট্ৰ সম্পৰ্কে অধ্যাপক গাৰ্ণাৰে আগবঢ়োৱা মূল বৈশিষ্ট্য কি কি লিখাঁ।

উত্তৰঃ অধ্যাপক গাৰ্ণাৰে আগবঢ়োৱা সংজ্ঞা অনুসৰি ৰাষ্ট্ৰৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল— (ক) এটা নিৰ্দিষ্ট পৰিমাণৰ জনসমষ্টি থাকিব লাগিব, (খ) এখন নিৰ্দিষ্ট ভৌগোলিক পৰিসীমা বা ভূ-খণ্ড থাকিব লাগিব, আৰু (গ) ৰাষ্ট্ৰখন আন কোনো বিদেশী শক্তিৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত অৰ্থাৎ সাৰ্বভৌম হ’ব লাগিব।

3. ৰাষ্ট্ৰৰ উপাদান হিচাবে জনসমষ্টিৰ বিষয়ে লিখাঁ।

উত্তৰঃ ৰাষ্ট্ৰ গঠনৰ আটাইতকৈ আদিম আৰু অপৰিহাৰ্য উপাদানটোৱেই হৈছে জনসমষ্টি বা মানুহ। মানৱ সমাজৰ প্ৰয়োজনীয়তা পূৰণ আৰু তেওঁলোকৰ সুৰক্ষাৰ বাবেই ৰাষ্ট্ৰৰ ধাৰণাটোৰ জন্ম হৈছিল। যিমানেই বিশাল ভূ-খণ্ড নাথাকক কিয়, মানুহ অবিহনে কেতিয়াও এখন ৰাষ্ট্ৰ গঢ় লৈ উঠিব নোৱাৰে।

4. ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰৰ কাৰ্য্যাবলীক কেইটা ভাগত ভাগ কৰিছে? ভাগকেইটা কি কি?

উত্তৰঃ ৰাজনীতি বিজ্ঞানৰ অধ্যয়নত ৰাষ্ট্ৰৰ কাৰ্যাৱলীক প্ৰধানকৈ দুটা ধাৰাত বিভক্ত কৰা হৈছে। সেই ধাৰা দুটা হ’ল— (ক) ব্যক্তিবাদ আৰু (খ) সমাজবাদ।

5. সমাজবাদ আৰু ব্যক্তিবাদত বিশ্বাসী দুগৰাকীকৈ পণ্ডিতৰ নাম লিখাঁ।

উত্তৰঃ সমাজবাদত বিশ্বাস কৰা দুগৰাকী প্ৰখ্যাত পণ্ডিত হ’ল ৰবাৰ্ট অ’ৱেন আৰু ৰামছে মেকড’নাল্ড। আনহাতে, ব্যক্তিবাদৰ সমৰ্থনকাৰী দুগৰাকী পণ্ডিত হ’ল ষ্টিফেন লীকক আৰু আদাম স্মিথ।

6. ৰাষ্ট্ৰৰ ভাগ কেইটা আৰু কি কি?

উত্তৰঃ কাৰ্যপ্ৰণালীৰ ভিত্তিত ৰাষ্ট্ৰক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি। সেয়া হ’ল— (ক) আৰক্ষী ৰাষ্ট্ৰ (Police State) আৰু (খ) কল্যাণকামী ৰাষ্ট্ৰ (Welfare State)।

7. ৰাষ্ট্ৰৰ উপাদান হিচাবে নির্দিষ্ট ভূখণ্ডৰ মূল বৈশিষ্ট্যসমূহ কি কি লিখাঁ।

উত্তৰঃ এখন ৰাষ্ট্ৰ গঠনৰ বাবে প্ৰয়োজনীয় ‘নিৰ্দিষ্ট ভূ-খণ্ড’ৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) এটা নিৰ্দিষ্ট ভৌগোলিক চাৰিসীমাৰ ভিতৰত কিছুসংখ্যক মানুহে স্থায়ীভাৱে বসবাস কৰিব লাগিব।

(খ) অনাই-বনাই ঘূৰি ফুৰা অঘৰী লোকসকলে ৰাষ্ট্ৰ এখন গঠন কৰিব নোৱাৰে। উদাহৰণস্বৰূপে, ইহুদী লোকসকলৰ পূৰ্বতে কোনো নিৰ্দিষ্ট বাসস্থান নাছিল, কিন্তু পাছলৈ পেলেষ্টাইন অঞ্চলত নিগাজিকৈ থকাৰ পাছতহে ইজৰাইল নামৰ ৰাষ্ট্ৰখনৰ সৃষ্টি হয়।

(গ) এখন ৰাষ্ট্ৰৰ নিৰ্দিষ্ট ভূ-খণ্ড বুলিলে কেৱল মাটিভাগক নুবুজায়, ইয়াৰ অন্তৰ্গত নদ-নদী, পাহাৰ-পৰ্বত, হ্ৰদ আৰু আকাশমাৰ্গকো সামৰি লোৱা হয়।

(ঘ) ৰাষ্ট্ৰ এখনৰ ভৌগোলিক মাটিকালি কিমান হ’ব লাগে, তাৰ কোনো ধৰাবন্ধা নিয়ম নাই। পৃথিৱীত ৰাছিয়া, কানাডা, চীন বা ভাৰতৰ দৰে বিশাল ৰাষ্ট্ৰ থকাৰ বিপৰীতে ভেটিকান চিটি, ম’নাকো বা জাপানৰ দৰে ক্ষুদ্ৰ মাটিকালিৰ ৰাষ্ট্ৰও দেখা যায়।

(ঙ) কেৱল ৰাষ্ট্ৰ এখনৰ মাটিকালিয়ে তাৰ প্ৰকৃত শক্তি বা মৰ্যাদা নিৰ্ণয় কৰিব নোৱাৰে; ইয়াৰ বাবে অৰ্থনীতি, প্ৰতিৰক্ষা আৰু সুশাসনৰো প্ৰয়োজন।

8. “চৰকাৰ ৰাষ্ট্ৰৰ চালিকা শক্তি” কথাষাৰ বুজাই লিখাঁ।

উত্তৰঃ ৰাষ্ট্ৰ গঠনৰ এটা অতি গুৰুত্বপূৰ্ণ উপাদান হৈছে চৰকাৰ। এখন গাড়ী চলাবলৈ যেনেকৈ ইঞ্জিনৰ প্ৰয়োজন, ঠিক তেনেকৈ এখন ৰাষ্ট্ৰ পৰিচালনা কৰিবলৈ চৰকাৰৰ প্ৰয়োজন। চৰকাৰৰ মাধ্যমতেই ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতা প্ৰকাশ পায়। এখন দেশৰ জনসাধাৰণক নীতি-নিয়মৰ মাজেৰে সুশৃংখলভাৱে পৰিচালনা কৰাৰ দায়িত্ব চৰকাৰৰে। চৰকাৰৰ কাৰ্যপ্ৰণালী আৰু দক্ষতাৰ ওপৰতেই দেশবাসীৰ ভৱিষ্যত আৰু মংগল নিৰ্ভৰশীল।

দেশৰ প্ৰতিৰক্ষা সুনিশ্চিত কৰা, আভ্যন্তৰীণ আইন-শৃংখলা বৰ্তাই ৰখা আৰু জনসাধাৰণৰ উন্নয়নমূলক কাম-কাজসমূহ চৰকাৰেই সম্পাদন কৰে। ইয়াৰ লগতে দেশৰ বৈদেশিক নীতি কেনে হ’ব, সেয়াও চৰকাৰেহে নিৰ্ধাৰণ কৰে। অৱশ্যে চৰকাৰৰ ৰূপ ভিন ভিন হ’ব পাৰে, যেনে— গণতান্ত্ৰিক, একনায়কত্ববাদী বা সামৰিক। চৰকাৰ অবিহনে এখন ৰাষ্ট্ৰৰ অস্তিত্ব কল্পনা কৰিব নোৱাৰি, সেয়েহে চৰকাৰক ৰাষ্ট্ৰৰ ‘চালিকা শক্তি’ বুলি আখ্যা দিয়া হয়।

9. ৰাষ্ট্ৰৰ উপাদান হিচাবে সার্বভৌমত্বৰ গুৰুত্ব সম্পর্কে আলোচনা কৰাঁ।

উত্তৰঃ এখন ৰাষ্ট্ৰ গঠনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু অপৰিহাৰ্য উপাদানটোৱেই হৈছে সাৰ্বভৌমত্ব। কেৱল এটা নিৰ্দিষ্ট ভূ-খণ্ডত কিছু মানুহে মিলি চৰকাৰ এখন গঠন কৰিলেই সি ৰাষ্ট্ৰৰ মৰ্যাদা নাপায়। সাৰ্বভৌমত্ব হ’ল ৰাষ্ট্ৰ এখনৰ সেই সৰ্বোচ্চ ক্ষমতা, যাৰ জৰিয়তে সি নিজৰ স্বাধীন পৰিচয় বৰ্তাই ৰাখে। এই সাৰ্বভৌমত্বৰ প্ৰধানকৈ দুটা দিশ আছে— আভ্যন্তৰীণ আৰু বাহ্যিক।

আভ্যন্তৰীণ সাৰ্বভৌমত্বৰ অৰ্থ হ’ল ৰাষ্ট্ৰখনৰ ভৌগোলিক সীমাৰ ভিতৰত থকা সকলো ব্যক্তি আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ ওপৰত চৰকাৰৰ সৰ্বোচ্চ কৰ্তৃত্ব থাকিব। আনহাতে, বাহ্যিক সাৰ্বভৌমত্ব মানে হ’ল ৰাষ্ট্ৰখনে আন কোনো বিদেশী শক্তিৰ হস্তক্ষেপ বা হেঁচাৰ বিনা স্বাধীনভাৱে আন দেশৰ লগত সম্পৰ্ক গঢ়ি তুলিব পাৰিব। এই সাৰ্বভৌম ক্ষমতাইহে এখন ৰাষ্ট্ৰক প্ৰকৃত অৰ্থত স্বাধীন কৰে।

10. কল্যাণকামী ৰাষ্ট্ৰই জনসাধাৰণৰ হিতার্থে কৰিবলগীয়া চাৰিটা কার্য উল্লেখ কৰাঁ।

উত্তৰঃ এখন কল্যাণকামী ৰাষ্ট্ৰই নিজৰ জনসাধাৰণৰ মংগলৰ বাবে কৰিবলগীয়া প্ৰধান চাৰিটা কাৰ্য হ’ল—

(ক) সমাজৰ সকলো শ্ৰেণীৰ লোকৰ উপকাৰ হোৱাকৈ জনকল্যাণমূলক আঁচনি প্ৰস্তুত কৰা আৰু সেইবোৰ সঠিকভাৱে ৰূপায়ণ কৰা।

(খ) সমাজত থকা অৰ্থনৈতিক বৈষম্য অৰ্থাৎ ধনী আৰু দুখীয়াৰ মাজৰ পাৰ্থক্য হ্ৰাস কৰি এখন সমতাভিত্তিক আৰু শোষণমুক্ত সমাজ গঢ়ি তোলা।

(গ) নাগৰিকসকলে যাতে স্বাভাৱিক জীৱন-যাপন কৰিব পাৰে, তাৰ বাবে খাদ্যবস্তু আৰু অন্যান্য নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহ সুলভ মূল্যত যোগান ধৰাৰ ব্যৱস্থা কৰা।

(ঘ) দেশৰ সামগ্ৰিক বিকাশৰ বাবে শিক্ষা, উন্নত চিকিৎসা সেৱা, কৃষিৰ উন্নয়ন, যাতায়াত ব্যৱস্থাৰ উন্নতি আৰু নতুন উদ্যোগ স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰা।

11. ৰাষ্ট্ৰই পালন কৰা অতিৰিক্ত বাধ্যতামূলক চাৰিটা কাৰ্য উল্লেখ কৰাঁ।

উত্তৰঃ এখন ৰাষ্ট্ৰই পৰিচালনা কৰিবলগীয়া প্ৰধান বাধ্যতামূলক কাৰ্য চাৰিটা হৈছে—

(ক) প্ৰতিৰক্ষা ব্যৱস্থা সুদৃঢ় কৰা: প্ৰতিখন ৰাষ্ট্ৰৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হ’ল বাহিৰা শত্ৰুৰ আক্ৰমণৰ পৰা দেশখনক ৰক্ষা কৰা আৰু নিজৰ সাৰ্বভৌমত্ব বৰ্তাই ৰখা। ইয়াৰ জৰিয়তে নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰা হয়।

(খ) আভ্যন্তৰীণ আইন-শৃংখলা ৰক্ষা: দেশৰ ভিতৰত যাতে শান্তিপূৰ্ণ পৰিৱেশ বৰ্তি থাকে, তাৰ বাবে কঠোৰ আইন প্ৰণয়ন আৰু তাৰ প্ৰয়োগ কৰাটো ৰাষ্ট্ৰৰ অন্যতম গুৰুত্বপূৰ্ণ দায়িত্ব।

(গ) ন্যায় প্ৰদান কৰা: ৰাষ্ট্ৰৰ চকুত সকলো নাগৰিক সমান। সেয়েহে পক্ষপাতিত্বহীনভাৱে সকলোৱে যাতে ন্যায় লাভ কৰে, তাৰ বাবে এক সুদৃঢ় আৰু নিৰপেক্ষ ন্যায়পালিকা গঠন কৰাটো ৰাষ্ট্ৰৰ কৰ্তব্য।

(ঘ) বৈদেশিক সম্পৰ্ক স্থাপন: বৰ্তমানৰ গোলকীয় যুগত কোনো এখন ৰাষ্ট্ৰ অকলশৰীয়াকৈ থাকিব নোৱাৰে। সেয়েহে আন ৰাষ্ট্ৰসমূহৰ সৈতে বন্ধুত্বপূৰ্ণ আৰু পাৰস্পৰিক লাভালাভৰ ভিত্তিত কূটনৈতিক সম্পৰ্ক স্থাপন কৰাটো ৰাষ্ট্ৰৰ বাধ্যতামূলক কাৰ্যৰ ভিতৰত পৰে।

12. ৰাষ্ট্ৰৰ উৎপত্তিৰ ঐশ্বৰিক অর্থাৎ দৈৱিক মতবাদৰ বিষয়ে বুজাই লিখাঁ।

উত্তৰঃ ৰাষ্ট্ৰৰ উৎপত্তি সম্পৰ্কে থকা আটাইতকৈ প্ৰাচীন ধাৰণাটোৱেই হৈছে ঐশ্বৰিক বা দৈৱিক মতবাদ। এই ধাৰণা অনুসৰি, ৰাষ্ট্ৰ হৈছে স্বয়ং ভগৱানৰ এক সৃষ্টি আৰু ৰজাজন হ’ল মৰ্ত্যত ভগৱানৰ প্ৰতিনিধি। যিহেতু ৰজাজন ভগৱানৰ দ্বাৰা প্ৰেৰিত, সেয়েহে তেওঁৰ ক্ষমতা অসীম আৰু তেওঁৰ প্ৰতিটো আদেশেই ভগৱানৰ নিৰ্দেশ বুলি গণ্য কৰা হৈছিল। প্ৰজাসকলে ৰজাৰ বিৰোধিতা কৰা মানেই ঈশ্বৰক অৱজ্ঞা কৰা বুলি ভবা হৈছিল।

মানুহৰ অন্ধবিশ্বাস আৰু ধৰ্মীয় অনুভূতিৰ ওপৰত নিৰ্ভৰশীল এই মতবাদটো মধ্যযুগলৈকে সমগ্ৰ পৃথিৱীত প্ৰচলিত আছিল। এই ধাৰণাটোৱে ৰজাসকলক স্বেচ্ছাচাৰী আৰু একনায়কত্ববাদী হোৱাত সহায় কৰিছিল, য’ত প্ৰজাৰ কোনো অধিকাৰ নাছিল আৰু শাসনভাৰ বংশানুক্ৰমিকভাৱে চলিছিল।

অৱশ্যে বৰ্তমানৰ আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহতো ইয়াৰ কিছু প্ৰভাৱ দেখা যায়, কিয়নো আজিও বহু দেশৰ মুৰব্বী বা প্ৰধান প্ৰশাসকসকলে দায়িত্ব গ্ৰহণ কৰাৰ সময়ত ঈশ্বৰৰ নামতেই শপত গ্ৰহণ কৰে।

13. ৰাষ্ট্ৰৰ উৎপত্তিৰ সামাজিক চুক্তি মতবাদৰ বিষয়ে আলোচনা কৰাঁ।

উত্তৰঃ ৰাষ্ট্ৰ উৎপত্তিৰ সামাজিক চুক্তি মতবাদ অনুসৰি, ৰাষ্ট্ৰ কোনো ঐশ্বৰিক সৃষ্টি নহয়, বৰঞ্চ ই সমাজত বসবাস কৰা মানুহৰ পাৰস্পৰিক সন্মতি বা এক চুক্তিৰ ফলশ্ৰুতিহে। এই ধাৰণা মতে, অতীতত মানুহে সমাজ পাতি বাস কৰিবলৈ লওঁতে তেওঁলোকৰ মাজত শান্তি আৰু শৃংখলা বৰ্তাই ৰাখিবলৈ কিছুমান সমূহীয়া নীতি-নিয়মৰ প্ৰয়োজন অনুভৱ কৰিছিল। সেয়েহে তেওঁলোকে সন্মিলিতভাৱে এক চুক্তিত আৱদ্ধ হৈ নিজৰ অধিকাৰসমূহ এক কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰে, আৰু এইদৰেই ৰাষ্ট্ৰৰ উৎপত্তি হয়।

ৰাষ্ট্ৰৰ সৃষ্টিৰ আঁৰৰ ৰহস্য ফাদিল কৰাৰ ক্ষেত্ৰত এইটো এটা অতি জনপ্ৰিয় আৰু প্ৰভাৱশালী মতবাদ। বিখ্যাত ইংৰাজ দাৰ্শনিক থমাছ হবছ, জন ল’ক আৰু ফৰাচী দাৰ্শনিক জ্যাঁ জ্যেক ৰুছোৱে এই মতবাদৰ বিশদ ব্যাখ্যা আগবঢ়াইছিল।

14. চমুটোকা লিখাঁ।

(a) শক্তিতত্ত্ব বা বল প্রয়োগ মতবাদ:

উত্তৰঃ ৰাষ্ট্ৰৰ উৎপত্তি সম্পৰ্কীয় এই মতবাদ অনুসৰি, কেৱল শাৰীৰিক আৰু সামৰিক শক্তিৰ প্ৰয়োগৰ জৰিয়তেই ৰাষ্ট্ৰৰ জন্ম হৈছিল। আদিম যুগত মানুহৰ মাজত ক্ষমতা আৰু আধিপত্য বিস্তাৰৰ বাবে সততে সংঘাত হৈছিল। তেনে পৰিস্থিতিত যিজন ব্যক্তি বা গোষ্ঠী আটাইতকৈ শক্তিশালী আছিল, তেওঁলোকেই আন দুৰ্বলসকলক পৰাস্ত কৰি নিজৰ বশৱৰ্তী কৰিছিল। কালক্ৰমত এই ব্যৱস্থাটোৱেই ৰাষ্ট্ৰৰ ৰূপ লয়।

বৰ্তমান সময়তো দেশৰ নিৰাপত্তা আৰু আইন-শৃংখলা বৰ্তাই ৰাখিবলৈ ৰাষ্ট্ৰক শক্তিৰ প্ৰয়োজন হয় যদিও, কেৱল বলপ্ৰয়োগৰ জৰিয়তে এখন ৰাষ্ট্ৰ বৰ্তি থাকিব নোৱাৰে। আধুনিক যুগত শক্তি প্ৰয়োগতকৈ এখন কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাহে বেছি জনপ্ৰিয়, য’ত চৰকাৰে নাগৰিকৰ সুৰক্ষাৰ সমান্তৰালভাৱে তেওঁলোকৰ সামগ্ৰিক উন্নয়নতো গুৰুত্ব আৰোপ কৰে।

(b) ক্রমবিবর্তন মতবাদ:

উত্তৰঃ ৰাষ্ট্ৰ উৎপত্তিৰ আটাইতকৈ গ্ৰহণযোগ্য আৰু বিজ্ঞানসন্মত ধাৰণাটোৱেই হৈছে ক্ৰমবিৱৰ্তন মতবাদ। এই মতবাদৰ মতে, ৰাষ্ট্ৰ কেতিয়াও এদিনতে, হঠাৎ বা কোনো নিৰ্দিষ্ট ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লৈ উঠা নাই। মানৱ সমাজৰ ক্ৰমবিকাশৰ লগে লগে বিভিন্ন কাৰক, যেনে— তেজৰ সম্পৰ্ক, ধৰ্মীয় বিশ্বাস, অৰ্থনৈতিক প্ৰয়োজন আৰু ৰাজনৈতিক সচেতনতা আদিৰ পৰ্যায়ক্ৰমিক প্ৰভাৱৰ ফলতেই যুগ যুগ ধৰি বৰ্তমানৰ ৰাষ্ট্ৰ ব্যৱস্থাটো গঢ় লৈ উঠিছে।

15. ৰাষ্ট্ৰৰ বাধ্যতামূলক কার্যবোৰৰ বিষয়ে লিখা।

উত্তৰঃ এখন স্বাধীন ৰাষ্ট্ৰই পালন কৰিবলগীয়া প্ৰধান বাধ্যতামূলক কাৰ্যসমূহ তলত আলোচনা কৰা হ’ল—

(ক) প্ৰতিৰক্ষা ব্যৱস্থা সুদৃঢ় কৰা: এখন দেশৰ প্ৰথম কৰ্তব্য হৈছে নিজৰ সাৰ্বভৌমত্ব বৰ্তাই ৰখা আৰু বাহিৰা শত্ৰুৰ আক্ৰমণৰ পৰা দেশবাসীক সুৰক্ষা প্ৰদান কৰা। এখন সুসজ্জিত আৰু শক্তিশালী সামৰিক বাহিনী অবিহনে দেশৰ অস্তিত্ব যিকোনো সময়তে বিপদাপন্ন হ’ব পাৰে।

(খ) আভ্যন্তৰীণ আইন-শৃংখলা ৰক্ষা: এখন দেশৰ প্ৰকৃত সম্পদ হৈছে তাৰ শান্তি আৰু শৃংখলা। সমাজত যাতে কোনো অৰাজকতাৰ সৃষ্টি নহয় আৰু জনসাধাৰণে নিৰাপদে বসবাস কৰিব পাৰে, তাৰ বাবে ৰাষ্ট্ৰই কঠোৰ অনুশাসন আৰু আৰক্ষী ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে।

(গ) ন্যায় ব্যৱস্থা প্ৰতিষ্ঠা কৰা: গণতান্ত্ৰিক ব্যৱস্থাত সকলো নাগৰিক সমান। সেয়েহে সমাজৰ ধনী-দুখীয়া, জাতি-বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে সমানে ন্যায় লাভ কৰে, তাক সুনিশ্চিত কৰিবলৈ ৰাষ্ট্ৰই এক স্বাধীন আৰু নিৰপেক্ষ ন্যায়পালিকা গঠন কৰাটো অত্যন্ত জৰুৰী।

(ঘ) বৈদেশিক সম্পৰ্ক স্থাপন: বৰ্তমানৰ গোলকীয় প্ৰেক্ষাপটত এখন দেশে অকলশৰে উন্নয়নৰ পথত আগবাঢ়িব নোৱাৰে। সেয়ে পাৰস্পৰিক নিৰাপত্তা, বাণিজ্যিক লেনদেন আৰু অন্যান্য সাহায্যৰ বাবে আন ৰাষ্ট্ৰসমূহৰ সৈতে সুন্দৰ কূটনৈতিক সম্পৰ্ক স্থাপন কৰাটো ৰাষ্ট্ৰ এখনৰ বাধ্যতামূলক কাৰ্যৰ ভিতৰত পৰে।

16. ৰাষ্ট্ৰৰ গৌণ কাৰ্যাৱলীৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ৰাষ্ট্ৰ এখনৰ যিবোৰ কাৰ্য কৰাটো বাধ্যতামূলক নহয়, কিন্তু জনসাধাৰণৰ কল্যাণ আৰু জীৱনধাৰণৰ মানদণ্ড উন্নত কৰাৰ স্বাৰ্থত চৰকাৰে সেইবোৰ সম্পাদন কৰে, তেনে কাৰ্যসমূহকেই ৰাষ্ট্ৰৰ গৌণ কাৰ্যাৱলী বুলি কোৱা হয়। এখন কল্যাণকামী ৰাষ্ট্ৰৰ প্ৰধান গৌণ কাৰ্যসমূহ হ’ল—

(ক) সামাজিক নিৰাপত্তা প্ৰদান: নাগৰিকসকলক এক সুস্থিৰ জীৱন যাপন কৰাত সহায় কৰিবলৈ ৰাষ্ট্ৰই সামাজিক নিৰাপত্তাৰ ব্যৱস্থা কৰে। ইয়াৰ ভিতৰত শিশু আৰু মাতৃৰ মংগলৰ বাবে আঁচনি গ্ৰহণ, বৃদ্ধ লোকক পেঞ্চন প্ৰদান, নিবনুৱা ভাট্টা প্ৰদান আৰু শ্ৰমিক শ্ৰেণীৰ কল্যাণ সাধন আদি অন্তৰ্ভুক্ত।

(খ) কৃষিক্ষেত্ৰৰ উন্নয়ন: এখন কৃষিভিত্তিক দেশৰ বাবে কৃষিৰ উন্নয়ন অপৰিহাৰ্য। সেয়েহে কৃষকসকলক সুলভ হাৰত কৃষি ঋণ প্ৰদান কৰা, উৎপাদিত শস্যৰ উচিত মূল্য নিৰ্ধাৰণ কৰা, জলসিঞ্চনৰ ব্যৱস্থা কৰা আৰু আধুনিক কৃষি সঁজুলি তথা সাৰ-বীজৰ যোগান ধৰাটো চৰকাৰৰ অন্যতম কৰ্তব্য।

(গ) শিক্ষাৰ প্ৰসাৰ: শিক্ষা হৈছে সমাজৰ মেৰুদণ্ড। জনসাধাৰণ শিক্ষিত আৰু সজাগ হ’লেহে এখন দেশৰ প্ৰকৃত উন্নয়ন সম্ভৱ। সেয়েহে প্ৰাথমিক স্তৰৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষাৰ প্ৰসাৰৰ বাবে পৰ্যাপ্ত শিক্ষানুষ্ঠান গঢ়ি তোলাটো ৰাষ্ট্ৰৰ অন্যতম প্ৰধান গৌণ কাৰ্য।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৭ (ৰাষ্ট্ৰ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
এই পাঠটিত মূলতঃ কিহৰ বিষয়ে আলোচনা কৰা হৈছে?
অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এই পাঠটিত ৰাষ্ট্ৰৰ ধাৰণা, ৰাষ্ট্ৰ গঠনৰ চাৰিটা অপৰিহাৰ্য উপাদান আৰু ৰাষ্ট্ৰৰ মূল কাৰ্যাৱলীৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু বহু-বিকল্পী প্ৰশ্নৰ (MCQs) সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ অসম জাতীয় বিদ্যালয়ৰ (AJB) নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল অসম জাতীয় বিদ্যালয়ৰ (AJB) শেহতীয়া নতুন পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা হৈছে।
ৰাষ্ট্ৰ পাঠৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন আৰু বহু-বিকল্পী প্ৰশ্নৰ (MCQ) লগতে দীঘলীয়া বৰ্ণনাত্মক প্ৰশ্ন পৰীক্ষাত আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top