Class 8 Science Chapter 3 সাংশ্লেষিক আহঁ আৰু প্লাষ্টিক Solutions | Assam Jatiya Bidyalaya
অষ্টম শ্ৰেণী নতুন বিজ্ঞান অধ্যায় ৩ – সাংশ্লেষিক আহঁ আৰু প্লাষ্টিক সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Assam Jatiya Bidyalaya)
অষ্টম শ্ৰেণীৰ নতুন বিজ্ঞান পাঠ্যক্ৰমৰ তৃতীয় অধ্যায় ‘সাংশ্লেষিক আহঁ আৰু প্লাষ্টিক’ (Synthetic Fibres and Plastics) শ্ৰেণীটোৰ বাবে অতি গুৰুত্বপূৰ্ণ এটি অধ্যায়। আগন্তুক পৰীক্ষাসমূহৰ বাবে নতুন পাঠ্যক্ৰমৰ শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Science Chapter 3 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), বহু-বিকল্পী প্ৰশ্ন (MCQ), অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু দীঘলীয়া প্ৰশ্নৰ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘সাংশ্লেষিক আহঁ আৰু প্লাষ্টিক’ নামৰ এই পাঠটিত বিভিন্ন প্ৰকাৰৰ সাংশ্লেষিক আঁহ (ৰেয়ন, নাইলন, পলিয়েষ্টাৰ আৰু এক্ৰিলিক), ইহঁতৰ বৈশিষ্ট্য আৰু ব্যৱহাৰ, প্লাষ্টিকৰ প্ৰকাৰ (থাৰ্ম’প্লাষ্টিক আৰু থাৰ্ম’চেটিং প্লাষ্টিক), পৰিৱেশৰ ওপৰত প্লাষ্টিকৰ প্ৰভাৱ, জৈৱ পচনশীল আৰু জৈৱ অপচনশীল পদাৰ্থৰ লগতে ‘5R’ নীতিৰ দৰে গুৰুত্বপূৰ্ণ বৈজ্ঞানিক বিষয়সমূহ বিশদভাৱে আলোচনা কৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মৌলিক ধাৰণাসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু MCQ সমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- পলিমাৰৰ ধাৰণা, সাংশ্লেষিক আঁহৰ শ্ৰেণীবিভাজন আৰু আমাৰ দৈনন্দিন জীৱনত ইয়াৰ ব্যৱহাৰ সম্পৰ্কে স্পষ্ট জ্ঞান।
- শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু প্ৰশ্ন আৰু পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ MCQ প্ৰশ্নৰ সঠিক উত্তৰ।
- থাৰ্ম’প্লাষ্টিক আৰু থাৰ্ম’চেটিং প্লাষ্টিকৰ মাজৰ পাৰ্থক্য আৰু উদাহৰণসহ সহজ সমাধান।
- প্লাষ্টিক আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক, প্লাষ্টিক প্ৰদূষণ ৰোধৰ উপায় আৰু পৰীক্ষাৰ বাবে অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰৰ সংকলন।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি প্ৰস্তুত কৰা সৰল আৰু মান্য উত্তৰসমূহ।
আমাৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- নতুন পাঠ্যক্ৰমৰ আধাৰত অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰস্তুত কৰা সম্পূৰ্ণ সমাধান।
- ১০০% নিৰ্ভুল আৰু মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ বিজ্ঞান নোটছ (Class 8 Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- অধ্যায়টোৰ পৰা পৰীক্ষাত অহা সম্ভাব্য সকলো MCQ আৰু অতিৰিক্ত প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়োৱা হৈছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
VClass 8 Science (নতুন বিজ্ঞান) Textbook Solutions & MCQs | Assam Jatiya Bidyalaya New Syllabus
New Updated Version!
According to Latest AJB New Syllabus & Updated Book
Get comprehensive preparation for Class 8 নতুন বিজ্ঞান (Science) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalaya syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.
অসম জাতীয় বিদ্যালয়, অষ্টম শ্ৰেণী: বিজ্ঞান
সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক
পাঠভিত্তিক প্রশ্নোত্তৰ
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা:
i) কোনবিধ সম্পূর্ণৰূপে সাংশ্লেষিক আঁহ নহয়?
(a) নাইলন
(b) ৰেয়ন
(c) পলিয়েষ্টাৰ
(d) এক্রাইলিক
উত্তৰঃ (b) ৰেয়ন
ii) তাপদৃঢ় প্লাষ্টিকৰ উদাহৰণ হ’ল-
(a) বহুযোগী 6-6
(b) এডিপিক এছিড়
(c) মেলামাইন
(d) পলিয়েষ্টাৰ
উত্তৰঃ (c) মেলামাইন
iii) সাংশ্লেষিক আঁহবোৰ হ’ল –
(a) সৰলৰৈখিক শৃংখল বহুযোগী
(b) শাখা শৃংখলযুক্ত বহুযোগী
(c) ক্রছ-সংলগ্ন বহুযোগী
(d) একযোগী
উত্তৰঃ (a) সৰলৰৈখিক শৃংখল বহুযোগী
iv) প্রথম আবিষ্কৃত পলিয়েষ্টাৰবিধ হ’ল-
(a) PET
(b) অৰল’ন
(c) বহুযোগী 6-6
(d) এষ্টাৰ
উত্তৰঃ (a) PET
v) গৰমকালি কোনবিধ কাপোৰ আৰামদায়ক হয়?
(a) কপাহী
(b) নাইলন
(c) পলিয়েষ্টাৰ
(d) এক্রাইলিক
উত্তৰঃ (a) কপাহী
2. খালী ঠাই পূৰ কৰা:
i) ৰেয়ন আঁহ……. …… ৰ পৰা প্ৰস্তুত কৰা হয়।
উত্তৰঃ ৰেয়ন আঁহ চেলুল’জৰ পৰা প্ৰস্তুত কৰা হয়।
ii) বহুযোগী নামৰ নাইলনবিধৰ একযোগী হ’ল……….আৰু……. …।
উত্তৰঃ বহুযোগী নামৰ নাইলনবিধৰ একযোগী হ’ল এডিপিক এছিড আৰু হেক্সামিথিলিন ডাই এমাইন।
iii) ……………নামৰ সাংশ্লেষিক আঁহবিধ উণ আঁহৰ দৰে।
উত্তৰঃ এক্রাইলিক নামৰ সাংশ্লেষিক আঁহবিধ ঊণ আঁহৰ দৰে।
iv) যিমান বল প্রয়োগ কৰিলে সূতা এডাল ছিগে তাকে সূতাডালৰ …………………. বুলি ভাবিব পাৰি।
উত্তৰঃ যিমান বল প্রয়োগ কৰিলে সূতা এডাল ছিগে তাকে সূতাডালৰ টান প্ৰতিৰোধী ক্ষমতা বুলি ভাবিব পাৰি।
v) …………..প্লাষ্টিক চনকা।
উত্তৰঃ বেকেলাইট প্লাষ্টিক চনকা।
vi) পানী, শীতল পানীয় আদি ৰখা বটলবোৰ সাধাৰণতে………… নামৰ প্লাষ্টিকেৰে তৈয়াৰী।
উত্তৰঃ পানী, শীতল পানীয় আদি ৰখা বটলবোৰ সাধাৰণতে পলিইথিলিন টেৰেফথেলেট নামৰ প্লাষ্টিকেৰে তৈয়াৰী।
3. সাংশ্লেষিক আঁহেৰে তৈয়াৰী কাপোৰৰ সুবিধাসমূহ বৰ্ণনা কৰা।
উত্তৰঃ কৃত্ৰিম বা সাংশ্লেষিক আঁহেৰে নিৰ্মিত কাপোৰৰ মূল সুবিধাসমূহ তলত দিয়া ধৰণৰ—
(ক) প্ৰাকৃতিক আঁহেৰে বোৱা কাপোৰৰ তুলনাত সাংশ্লেষিক কাপোৰ সাধাৰণতে অধিক দীৰ্ঘস্থায়ী হয়।
(খ) সাংশ্লেষিক কাপোৰৰ মাজেদি পানী সৰকি যাব নোৱাৰে।
(গ) পানী সোমাব নোৱাৰা গুণ থকাৰ বাবে ছাতি নিৰ্মাণ কৰিবলৈ এই কাপোৰ বৰ উপযোগী।
(ঘ) এইবিধ কাপোৰত পোক-পৰুৱাই আক্ৰমণ নকৰে বা কাটিব নোৱাৰে।
(ঙ) সাংশ্লেষিক কাপোৰত সহজে কোনো দাগ নবহে।
4. সাংশ্লেষিক আঁহৰ অসুবিধাসমূহ বর্ণনা কৰা।
উত্তৰঃ সাংশ্লেষিক আঁহৰ প্ৰধান অসুবিধাসমূহ এনেধৰণৰ—
(ক) অধিক উত্তাপ বা জুইৰ সংস্পৰ্শলৈ আহিলে সাংশ্লেষিক কাপোৰ বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে।
(খ) গ্ৰীষ্মকালত এই কাপোৰে শৰীৰৰ ঘাম শুহিব নোৱাৰে, ফলস্বৰূপে গৰমৰ দিনত এনে কাপোৰ পৰিধান কৰিলে আৰাম পোৱা নাযায়।
(গ) এই কাপোৰসমূহ পচি যোৱা বিধৰ নহয় (জৈৱ-পচনক্ষম নহয়)।
5. আঁহৰ টান প্ৰতিৰোধী ক্ষমতা কেনেদৰে জুখিব পাৰি লিখা।
উত্তৰঃ এডাল আঁহৰ টান সহিব পৰা ক্ষমতা জোখাৰ বাবে তলত দিয়া পৰীক্ষাটো কৰিব পৰা যায়—
এডাল ষ্টেণ্ডত সূতা এডালৰ এটা মূৰ কটকটীয়াকৈ বান্ধি লৈ আনটো মূৰত এখন থাল ওলোমাই দিয়া হ’ল। এতিয়া থালখনৰ ওপৰত এটা ৫০০ গ্ৰামৰ দগা ৰখা হ’ল। যদি সূতাডাল ছিগি নাযায়, তেন্তে তাত পুনৰ ৫০০ গ্ৰাম বা অন্য জোখৰ দগা জাপি গৈ থাকিব লাগিব, যেতিয়ালৈকে সূতাডাল নিছিগে। এটা নিৰ্দিষ্ট ওজন পোৱাৰ পিছত সূতাডাল ছিগি পৰিব। সূতাডাল ছিগিবৰ বাবে প্ৰয়োজন হোৱা এই সৰ্বনিম্ন ওজনটোৱেই হৈছে সেই সূতাডালৰ টান প্ৰতিৰোধী ক্ষমতা।
6. ৰেয়ন আঁহ কিয় সম্পূর্ণরূপে সাংশ্লেষিক আঁহ নহয় লিখা।
উত্তৰঃ ৰেয়ন আঁহক সম্পূৰ্ণ কৃত্ৰিম বা সাংশ্লেষিক আঁহ বুলি ধৰা নহয়। ই আচলতে প্ৰাকৃতিক আঁহৰ এক ৰূপান্তৰিত অৱস্থাহে। গছ-গছনিৰ পৰা চেলুল’জ সংগ্ৰহ কৰি তাৰ জৰিয়তে কাগজ উৎপাদন কৰা হয়। পৰৱৰ্তী সময়ত এই চেলুল’জৰ ওপৰত ৰাসায়নিক বিক্ৰিয়া ঘটাই ৰেয়ন তৈয়াৰ কৰা হয়। যিহেতু উদ্ভিদৰ পৰা পোৱা প্ৰাকৃতিক কেঁচামালৰ সহায়ত ইয়াক প্ৰস্তুত কৰা হয়, সেয়েহে ইয়াক সম্পূৰ্ণৰূপে সাংশ্লেষিক আঁহৰ শাৰীত পেলোৱা নহয়।
7. তোমাক এটুকুৰা কাপোৰ দিয়া হৈছে। কাপোৰৰ টুকুৰা প্রাকৃতিক নে সাংশ্লেষিক কেনেদৰে প্ৰমাণ কৰিবা?
উত্তৰঃ এটুকুৰা কাপোৰ প্ৰাকৃতিক আঁহেৰে বোৱা নে সাংশ্লেষিক আঁহেৰে বোৱা তাক কিছুমান পৰীক্ষাৰ জৰিয়তে নিৰ্ধাৰণ কৰিব পাৰি। সেই পদ্ধতিসমূহ হৈছে—
(ক) প্ৰাকৃতিক কাপোৰ জুইৰ ওচৰলৈ নিলে ই পুৰি ছাই হৈ যায়, কিন্তু সাংশ্লেষিক কাপোৰ জুইৰ সংস্পৰ্শত আহিলে গলি যোৱা যেন দেখা যায়।
(খ) প্ৰাকৃতিক কাপোৰ পানীত ডুবাই দিলে ই জলভাগ সম্পূৰ্ণৰূপে শুহি লৈ তিতি যায়, আনহাতে সাংশ্লেষিক কাপোৰে পানী শুহিব নোৱাৰাৰ বাবে ই সম্পূৰ্ণকৈ তিতি নাযায়।
8. প্লাষ্টিকৰ সামগ্ৰীসমূহ জনপ্রিয় হোৱাৰ কাৰণ বৰ্ণনা কৰা।
উত্তৰঃ প্লাষ্টিকৰ সামগ্ৰীবোৰ জনপ্ৰিয় হোৱাৰ মূল কাৰণসমূহ তলত উল্লেখ কৰা হ’ল—
(ক) প্লাষ্টিকৰ বস্তুবোৰ ওজনত যথেষ্ট পাতল হোৱাৰ বাবে ইয়াক ইঠাইৰ পৰা সিঠাইলৈ অনায়াসে কঢ়িয়াই নিব পাৰি।
(খ) কাঠ বা অন্যান্য ধাতুৰ সামগ্ৰীৰ তুলনাত প্লাষ্টিকৰ সামগ্ৰীৰ দাম তেনেই কম।
(গ) প্লাষ্টিকৰ সামগ্ৰীত মামৰ লগাৰ ভয় নাথাকে।
(ঘ) প্লাষ্টিকৰ সামগ্ৰীসমূহ নানা ৰঙত পোৱা যায়। দৈনন্দিন ব্যৱহাৰৰ বস্তুবোৰৰ উপৰিও বিভিন্ন ৰঙীন ফুলৰ টাব, আ-অলংকাৰ আদিও উপলব্ধ। এইবোৰে গ্ৰাহকক বৰকৈ আকৰ্ষিত কৰে।
9. প্লাষ্টিক আৱৰ্জনাৰ ব্যৱস্থাপনাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ প্লাষ্টিকৰ পেলনীয়া আৱৰ্জনাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ আমি ‘5R’ (ফাইভ আৰ) নীতি গ্ৰহণ কৰিব পাৰোঁ। ইংৰাজী বৰ্ণমালাৰ ‘R’ আখৰৰে আৰম্ভ হোৱা পাঁচটা শব্দ এই নীতিৰ লগত জড়িত। সেইকেইটা হৈছে—
Refuse (প্ৰত্যাখ্যান): অৰ্থাৎ প্লাষ্টিকৰ ব্যৱহাৰৰ পৰা বিৰত থকা।
Reduce (হ্ৰাস): অৰ্থাৎ প্লাষ্টিকৰ ব্যৱহাৰ কম কৰি পেলোৱা।
Reuse (পুনৰ ব্যৱহাৰ): অৰ্থাৎ একেটা প্লাষ্টিকৰ সামগ্ৰীকে আকৌ ব্যৱহাৰ কৰা।
Recycle (পুনৰাৱৰ্তন): অৰ্থাৎ পুৰণি প্লাষ্টিকৰ পৰা নতুন সামগ্ৰী তৈয়াৰ কৰা।
Recover (পুনৰুদ্ধাৰ): অৰ্থাৎ ব্যৱহৃত প্লাষ্টিকৰ পৰা শক্তি বা সম্পদ উদ্ধাৰ কৰা।
প্লাষ্টিকৰ উপযুক্ত ব্যৱস্থাপনাৰ স্বাৰ্থত সকলোৱে এই 5R নীতি মানি চলাটো বাঞ্ছনীয়।
10. প্লাষ্টিকে পৰিৱেশ কেনেদৰে প্ৰদূষিত কৰে লিখা।
উত্তৰঃ পৰিৱেশ প্ৰদূষিত কৰাৰ ক্ষেত্ৰত প্লাষ্টিকে এক গুৰুতৰ ভূমিকা গ্ৰহণ কৰে। প্লাষ্টিকৰ সামগ্ৰীবোৰ পুৰিলে তাৰ পৰা নিৰ্গত হোৱা বিষাক্ত ধোঁৱাই বায়ুমণ্ডল প্ৰদূষিত কৰে। আনহাতে, প্লাষ্টিক য’তে-ত’তে পেলাই থ’লে ই কেতিয়াও পচি গৈ মাটিৰ লগত মিহলি হৈ নাযায়। একেদৰে, প্লাষ্টিকৰ বেগ বা ঠোঙাবোৰো মাটিত পচি নাযায়, কিয়নো এইবোৰ জৈৱ-পচনক্ষম নহয়। মানুহে এই ঠোঙাবোৰ য’তে-ত’তে দলিওৱাৰ ফলত প্ৰাকৃতিক পৰিৱেশৰ বিস্তৰ ক্ষতিসাধন হয়। তদুপৰি, এই পেলনীয়া প্লাষ্টিকৰ ঠোঙাবোৰ গৈ চহৰৰ নলা-নৰ্দমাত আৱদ্ধ হয় আৰু পানীৰ স্বাভাৱিক সোঁতত বাধাৰ সৃষ্টি কৰে, যাৰ ফলত কৃত্ৰিম বানপানীৰ দৰে সমস্যাৰ উদ্ভৱ হয়।
অতিৰিক্ত দৰকাৰী প্রশ্নোত্তৰ:
1. কাপোৰে আমাক কিদৰে সহায় কৰে?
উত্তৰঃ কাপোৰে আমাক শীত, মহ-ডাঁহ আৰু বিভিন্ন পোক-পৰুৱাৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে।
2. কি কি উদ্ভিদৰ পৰা আঁহ আহৰণ কৰা হয়।
উত্তৰঃ আঁহ উৎপাদন কৰা কেইবিধমান উদ্ভিদ হৈছে— কপাহ, মৰাপাট, নাৰিকল আৰু ছন গছ আদি।
3. আঁহ আহৰণ কৰিব পৰা পলুবোৰৰ নাম লিখা।
উত্তৰঃ যিবোৰ পলুৰ পৰা আঁহ পাব পাৰি, সেইবোৰ হৈছে— পাট পলু, মুগা পলু আৰু এৰী পলু।
4. উণ সূতা কি কি জন্তুৰ পৰা আহৰণ কৰা হয়?
উত্তৰঃ ভেড়া, ছাগলী আৰু শহাপহু আদিৰ দৰে প্ৰাণীৰ পৰা ঊণ সূতা সংগ্ৰহ কৰা হয়।
5. উণ সূতা আহৰণৰ পৰ্য্যায়সমূহ কি?
উত্তৰঃ ঊণ সূতা প্ৰস্তুত কৰাৰ প্ৰধান স্তৰসমূহ হৈছে— মুণ্ডন (নোম কটা), পৰিষ্কাৰ কৰা, বাছনি বা পৃথকীকৰণ কৰা আৰু ৰং দিয়া।
6. কাপোৰ আৰু সূতা কিহৰ পৰা তৈয়াৰ কৰা হয়?
উত্তৰঃ সূতাৰ জৰিয়তে কাপোৰ বোৱা হয় আৰু এই সূতাসমূহ আঁহৰ পৰা প্ৰস্তুত কৰা হয়।
7. ছাতিয়ে আমাক বৰষুণৰ পৰা কেনেদৰে সুৰক্ষা দিয়ে?
উত্তৰঃ ছাতিৰ ওপৰৰ আৱৰণখন সাংশ্লেষিক আঁহেৰে নিৰ্মিত কাপোৰেৰে সজা হয়। সাংশ্লেষিক আঁহৰ এটা প্ৰধান গুণ হৈছে ই পানী শুহিব নোৱাৰে, ফলত পানী পৰিলে ই পিছলি যায়। সেইকাৰণেই বৰষুণৰ পানী পৰিলেও ছাতিৰ কাপোৰে পানী শুহি নলয় আৰু পানীভাগ বাগৰি পৰে। এনেদৰেই ছাতিয়ে আমাক বৰষুণত তিতাৰ পৰা বচাই ৰাখে।
8. সাংশ্লেষিক আঁহ বুলিলে কি বুজা?
উত্তৰঃ যিবোৰ আঁহ প্ৰকৃতিৰ বুকুত পোনে পোনে পোৱা নাযায়, বৰঞ্চ মানুহে কৃত্ৰিমভাৱে প্ৰস্তুত কৰি উলিয়ায়, তেনে আঁহক সাংশ্লেষিক আঁহ বুলি কোৱা হয়।
বিজ্ঞানীসকলে বিভিন্ন গৱেষণাৰ অন্তত এনে সাংশ্লেষিক আঁহ আৱিষ্কাৰ কৰিছে। সাংশ্লেষিক আঁহসমূহ আচলতে বহুযোগী বা পলিমাৰ পদাৰ্থ। এইবোৰ সৰলৰৈখিক শৃংখলৰে গঠিত বহুযোগী। নাইলন, ৰেয়ন, পলিয়েষ্টাৰ আৰু এক্ৰাইলিক আদি হৈছে সাংশ্লেষিক আঁহৰ প্ৰধান উদাহৰণ।
9. ‘Polymer’ শব্দটোৰ অৰ্থ কি?
উত্তৰঃ ‘Polymer’ (পলিমাৰ) শব্দটোৰ অৰ্থ হৈছে ‘বহুযোগী’। ইয়াত ‘Poly’ শব্দৰ অৰ্থ ‘বহুতো’ বা অনেক আৰু ‘mer’ শব্দৰ অৰ্থ হৈছে ‘অংশ’ বা ‘একক’।
10. একযোগী কাক বোলে?
উত্তৰঃ যিবোৰ ক্ষুদ্ৰ পদাৰ্থ লগ লাগি বহুযোগী পদাৰ্থৰ সৃষ্টি হয়, সেই মূল পদাৰ্থবোৰকে একযোগী (Monomer) বুলি জনা যায়।
11. বহুযোগীকৰণ কি?
উত্তৰঃ একযোগী পদাৰ্থসমূহৰ পৰা বহুযোগী পদাৰ্থ প্ৰস্তুত কৰি উলিওৱাৰ সমগ্ৰ প্ৰক্ৰিয়াটোক বহুযোগীকৰণ (Polymerization) বুলি কোৱা হয়।
12. বহুযোগী পদাৰ্থবোৰ কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ বহুযোগী পদাৰ্থসমূহক ঘাইকৈ তিনিটা ভাগত ভগোৱা হয়। সেইকেইটা হৈছে— সৰলৰৈখিক শৃংখলযুক্ত, শাখা শৃংখলযুক্ত আৰু ক্ৰছ-সংলগ্ন বহুযোগী।
13. সৰলৰৈখিক শৃংখল বহুযোগী কি?
উত্তৰঃ যেতিয়া একযোগীৰ নিচেই সৰু কণাবোৰে এটাৰ পিছত এটাকৈ ক্ৰমবদ্ধভাৱে লগ লাগি এডাল পোন শিকলিৰ দৰে গঠনৰ সৃষ্টি কৰে, তেনে বহুযোগীক সৰলৰৈখিক শৃংখল বহুযোগী বুলি কোৱা হয়।
14. শাখা শৃংখলযুক্ত বহুযোগী কি?
উত্তৰঃ যদিহে এডাল মূল শিকলিৰ গাত অন্য কেইডালমান সৰু শিকলি ডাল-পাতৰ দৰে সংযুক্ত হৈ থাকে, তেন্তে তাক শাখা শৃংখলযুক্ত বহুযোগী বুলি কোৱা হয়।
15. ক্রছ-সংলগ্ন বহুযোগী কি?
উত্তৰঃ কেইবাডালো সৰলৰৈখিক শৃংখল ইডাল-সিডালৰ লগত আড়াআড়িকৈ সংযুক্ত হৈ থাকিলে, তেনে গঠনক ক্ৰছ-সংলগ্ন বহুযোগী বোলে।
16. এবিধ সাংশ্লেষিক বহুযোগী পদাৰ্থৰ উদাহৰণ দিয়া।
উত্তৰঃ প্লাষ্টিক হৈছে এবিধ সাধাৰণ সাংশ্লেষিক বহুযোগী পদাৰ্থৰ উৎকৃষ্ট উদাহৰণ।
17. কৃত্রিম আঁহ কোনে কেতিয়া আৱিষ্কাৰ কৰিছিল?
উত্তৰঃ জ’ছেফ ছ’ৱান (Joseph Swan) নামৰ বিজ্ঞানীগৰাকীয়ে সৰ্বপ্ৰথমে ১৮৮০ চনত কৃত্ৰিম আঁহ প্ৰস্তুত কৰি উলিয়াইছিল।
18. অর্ধসাংশ্লেষিক আঁহ কাক বোলে?
উত্তৰঃ বিজ্ঞানী জ’ছেফ ছ’ৱানে প্ৰথমে গছৰ বাকলিৰ পৰা পোৱা প্ৰাকৃতিক আঁহৰ লগত ৰাসায়নিক বিক্ৰিয়া ঘটাই কৃত্ৰিম আঁহ প্ৰস্তুত কৰিছিল। প্ৰাকৃতিক আৰু কৃত্ৰিম উভয়ৰে মিশ্ৰণত এনেদৰে তৈয়াৰ কৰা আঁহক অৰ্ধসাংশ্লেষিক আঁহ আখ্যা দিয়া হয়।
19. কৃত্রিম পাট কোনে, কেনেকৈ আৱিষ্কাৰ কৰিছিল?
উত্তৰঃ কৃত্ৰিম পাট বা আৰ্টিফিচিয়েল চিল্ক আৱিষ্কাৰ কৰিছিল হিলাৰি দ্য ছাৰ্ডনেট (Hilarie de Chardonnet) নামৰ বিজ্ঞানীগৰাকীয়ে। তেওঁ বিখ্যাত বিজ্ঞানী লুই পেষ্টুৰৰ লগত লগ লাগি পাট পলুৰ মাজত দেখা দিয়া এবিধ মহামাৰী ৰোগৰ ওপৰত গৱেষণা চলাই আছিল। সেই গৱেষণাৰ মাজতেই হঠাৎ তেওঁ কৃত্ৰিম পাট আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়। পিছে এই প্ৰাৰম্ভিক পৰ্যায়ৰ কৃত্ৰিম পাট অতি সোনকালে জুই লাগি যোৱা বিধৰ আছিল।
20. নাইলন আঁহৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ বিশ্বত প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ কৃত্ৰিম বা সাংশ্লেষিকভাৱে প্ৰস্তুত কৰা আঁহবিধেই হৈছে নাইলন। ইয়াক প্ৰস্তুত কৰোঁতে কোনো ধৰণৰ প্ৰাকৃতিক আঁহৰ পৰিৱৰ্তন ঘটোৱা হোৱা নাছিল। ৱালেছ কেৰ’থাৰ্ছ (Wallace Carothers) নামৰ বিজ্ঞানীগৰাকীৰ প্ৰচেষ্টাত ই আৱিষ্কাৰ হৈছিল। ১৯২৭ চনৰ পৰা ১৯৩৮ চনলৈ, অৰ্থাৎ প্ৰায় ১১ বছৰ জোৰা নীৰৱচ্ছিন্ন গৱেষণাৰ ফচল আছিল এই নাইলন আঁহ।




