অষ্টম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৭ – উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ – সম্পূৰ্ণ প্ৰশ্নোত্তৰ | শংকৰদেৱ শিশু বিদ্যা নিকেতন (Sankardev Sishu Vidya Niketan)
অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ৭ – উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – SVN)
অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ সপ্তম অধ্যায় ‘উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ’ অতি গুৰুত্বপূৰ্ণ এটি পাঠ। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Science Chapter 7 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), অতিৰিক্ত প্ৰশ্ন আৰু MCQ (বহু-বিকল্পী প্ৰশ্ন) সমূহৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ’ নামৰ এই পাঠটিত বনাঞ্চল ধ্বংসৰ কাৰণ আৰু ইয়াৰ পৰিণাম, বন্যপ্ৰাণী অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত জীৱমণ্ডল, বিলুপ্তপ্ৰায় প্ৰাণী, ৰেড ডাটা বুক (Red Data Book), পৰিভ্ৰমণ আৰু পুনৰ্বনানীকৰণৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল বৈজ্ঞানিক ধাৰণাসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- বনাঞ্চল ধ্বংসৰ প্ৰভাৱ, জৈৱ বৈচিত্ৰ্য আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বিস্তাৰিত পৰিচয় আৰু বৈজ্ঞানিক বিশ্লেষণ।
- ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ্থক্য, ৰেড ডাটা বুকৰ গুৰুত্ব আদিৰ দৰে ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্ন আৰু অতিৰিক্ত প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 8 Science (বিজ্ঞান) Textbook Solutions & MCQs | Sankardev Sishu Vidya Niketan (SVN) New Syllabus
New Updated Version!
According to Latest Sankardev Sishu Vidya Niketan (SVN) New Syllabus & Updated Book
Get comprehensive preparation for Class 8 Science (বিজ্ঞান) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest SVN syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.
শংকৰদেৱ বিদ্যা নিকেতন, অষ্টম শ্ৰেণী: বিজ্ঞান
উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ
পাঠভিত্তিক প্রশ্নোত্তৰ
১ । খালী ঠাই পূৰ্ণ কৰাঃ
(ক) প্রাকৃতিক আবাসস্থানত প্ৰাণীবোৰক সংৰক্ষণ কৰা স্থানক ______ বোলে।
উত্তৰঃ প্রাকৃতিক আবাসস্থানত প্ৰাণীবোৰক সংৰক্ষণ কৰা স্থানক অভয়াৰণ্য বোলে।
(খ) কেবল এটা সুনির্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক ______ বোলা হয়।
উত্তৰঃ কেবল এটা সুনির্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক থলুৱা প্রজাতি বোলা হয়।
(গ) পৰিভ্ৰমী চৰাইবোৰ ______ পৰিবৰ্তনৰ বাবে বহুত দূৰলৈ উৰি যায়।
উত্তৰঃ পৰিভ্ৰমী চৰাইবোৰ জলবায়ু পৰিবৰ্তনৰ বাবে বহুত দূৰলৈ উৰি যায়।
২ । তলত দিয়াবোৰৰ পাৰ্থক্য লিখা।
(ক) অভয়াৰণ্য আৰু সংৰক্ষতি জীৱমণ্ডল।
উত্তৰঃ বন্যপ্ৰাণীসমূহক সিহঁতৰ প্ৰাকৃতিক আৱাসস্থানত কোনো ধৰণৰ ব্যাঘাত নজন্মোৱাকৈ নিৰাপদে ৰখা অঞ্চলটোক অভয়াৰণ্য বোলা হয়।
আনহাতে, সংৰক্ষিত জীৱমণ্ডল হৈছে এক বিশাল অঞ্চল, য’ত বন্যপ্ৰাণী, উদ্ভিদৰ লগতে সেই অঞ্চলৰ খিলঞ্জীয়া বা জনজাতীয় লোকসকলৰ পৰম্পৰাগত জীৱনধাৰণকো সুৰক্ষা প্ৰদান কৰা হয়।
(খ) চিৰিয়াখানা আৰু অভয়াৰণ্য।
উত্তৰঃ চিৰিয়াখানা হ’ল এনে এখন ঠাই য’ত প্ৰাণীসমূহক সিহঁতৰ স্বাভাৱিক বাসস্থানৰ পৰা আঁতৰাই কৃত্ৰিমভাৱে এক সৰু পৰিসৰত মানুহে চাব পৰাকৈ ৰখা হয়।
ইয়াৰ বিপৰীতে, অভয়াৰণ্যত বন্যপ্ৰাণীসমূহক সিহঁতৰ নিজা প্ৰাকৃতিক আৱাসস্থানতেই নিৰ্বিঘ্নে জীয়াই থকাৰ সুবিধা দিয়া হয়।
(গ) লুপ্তপ্রায় আৰু বিলুপ্ত প্রজাতি।
উত্তৰঃ যিবোৰ প্ৰাণীৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে আৰু অদূৰ ভৱিষ্যতে একেবাৰে নোহোৱা হৈ যোৱাৰ আশংকাত আছে, তেনে প্ৰজাতিক লুপ্তপ্ৰায় প্ৰজাতি বোলে। উদাহৰণস্বৰূপে: এশিঙীয়া গঁড়, সোণালী বান্দৰ, বনৰৌ আদি।
আনহাতে, যিবোৰ প্ৰজাতি ইতিমধ্যে পৃথিৱীৰ বুকুৰ পৰা চিৰদিনৰ বাবে হেৰাই গৈছে, সেইবোৰক বিলুপ্ত প্ৰজাতি বোলা হয়। যেনে: ডাইন’ছৰ।
(ঘ) উদ্ভিদকূল আৰু প্ৰাণী কূল।
উত্তৰঃ কোনো এক নিৰ্দিষ্ট ভৌগোলিক এলেকাত পোৱা সকলো ধৰণৰ গছ-গছনিকে একেলগে উদ্ভিদকূল বুলি কোৱা হয়। উদাহৰণস্বৰূপে, মানাহ সংৰক্ষিত জীৱমণ্ডলৰ উদ্ভিদকূলৰ ভিতৰত শাল, চেগুণ, নাহৰ, আজাৰ, ইকৰা আদি পৰে।
আনহাতে, এক নিৰ্দিষ্ট এলেকাত বাস কৰা সকলো জীৱ-জন্তুক সামগ্ৰিকভাৱে প্ৰাণীকূল বোলা হয়। মানাহ সংৰক্ষিত জীৱমণ্ডলৰ প্ৰাণীকূলৰ উদাহৰণ হ’ল: ঢেকীয়াপতীয়া বাঘ, হাতী, গঁড়, সোণালী বান্দৰ, ম’ৰা চৰাই আদি।
৩ । তলত দিয়াবোৰৰ ওপৰত নিৰ্বনকৰণৰ প্ৰভাৱসমূহ আলোচনা কৰা।
(ক) বন্যপ্রাণী,
(খ) পৰিবেশ
(গ) গাওঁ (গ্রামাঞ্চল)
(ঘ) নগৰ (চহৰাঞ্চল),
(ঙ) পৃথিৱী,
(চ) উত্তৰ প্ৰজন্ম।
উত্তৰঃ
(ক) বন্যপ্ৰাণীৰ ওপৰত প্ৰভাৱ: অৰণ্য ধ্বংসৰ ফলত বন্যপ্ৰাণীসমূহৰ বাসভূমি সংকুচিত হৈ আহে। খাদ্য আৰু আশ্ৰয়ৰ অভাৱত বহুতো প্ৰাণী মৃত্যুমুখত পৰে বা লুপ্তপ্ৰায় হৈ পৰে। ইয়াৰোপৰি, বাসস্থানৰ সন্ধানত কিছুমান জীৱ-জন্তু জনাঞ্চলত প্ৰৱেশ কৰি মানুহৰ সৈতে সংঘাতৰো সৃষ্টি কৰে।
(খ) পৰিৱেশৰ ওপৰত প্ৰভাৱ: গছ-গছনি কাটি পেলোৱাৰ ফলত পৃথিৱীৰ উষ্ণতা আৰু প্ৰদূষণ বৃদ্ধি পায়। বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰা বাঢ়ি যায় আৰু ভূগৰ্ভৰ পানীৰ স্তৰ তললৈ নামি যায়। নিৰ্বনকৰণৰ ফলত বৰষুণৰ পৰিমাণ কমি যায়, মাটিৰ উৰ্বৰতা হ্ৰাস পায় আৰু বানপানী, খৰাং আদি প্ৰাকৃতিক দুৰ্যোগৰ আশংকা বৃদ্ধি পায়।
(গ) গাঁৱৰ (গ্ৰামাঞ্চল) ওপৰত প্ৰভাৱ: গ্ৰামাঞ্চলত নিৰ্বনকৰণৰ প্ৰভাৱ বৰ মাৰাত্মক। গছ-গছনিৰ অভাৱত মাটিৰ পানী ধৰি ৰখাৰ ক্ষমতা কমি যায়, যাৰ ফলত সহজে বানপানী হয়। ইয়াৰোপৰি, মাটিৰ গাঁথনি আৰু পুষ্টিগুণ সলনি হোৱাৰ ফলত কৃষি উৎপাদন যথেষ্ট পৰিমাণে হ্ৰাস পায়, যিয়ে গাঁৱলীয়া জনজীৱনত বিৰূপ প্ৰভাৱ পেলায়।
(ঘ) নগৰৰ (চহৰাঞ্চল) ওপৰত প্ৰভাৱ: চহৰাঞ্চলত গছ কটাৰ ফলত গৰমৰ দিনত উষ্ণতা অস্বাভাৱিকভাৱে বাঢ়ে আৰু শীতকালত জাৰৰ প্ৰকোপ বৃদ্ধি পায়। মাটিৰ পানী শোষণ ক্ষমতা কমাৰ ফলত অলপ বৰষুণতেই কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। তদুপৰি, গছ-গছনি নথকাৰ বাবে কল-কাৰখানা আৰু যান-বাহনৰ পৰা হোৱা প্ৰদূষণ নিয়ন্ত্ৰণত বাধা আহে।
(ঙ) পৃথিৱীৰ ওপৰত প্ৰভাৱ: সামগ্ৰিকভাৱে পৃথিৱীৰ ওপৰতো নিৰ্বনকৰণৰ কু-প্ৰভাৱ পৰে। উদ্ভিদ কমি গ’লে সালোক-সংশ্লেষণৰ বাবে প্ৰয়োজনীয় কাৰ্বন-ডাই-অক্সাইডৰ ব্যৱহাৰো কমি যায়, যাৰ ফলত বায়ুমণ্ডলত ইয়াৰ পৰিমাণ বাঢ়ি গৈ গোলকীয় উষ্ণতা বৃদ্ধি (Global Warming) কৰে। ইয়াৰ উপৰিও বৰষুণৰ অভাৱ, মাটিৰ উৰ্বৰতা হ্ৰাস আৰু খৰাঙৰ দৰে সমস্যাই সমগ্ৰ পৃথিৱীকে স্পৰ্শ কৰে।
(চ) উত্তৰ প্ৰজন্মৰ ওপৰত প্ৰভাৱ: নিৰ্বনকৰণে অনাগত ভৱিষ্যত প্ৰজন্মৰ বাবে আটাইতকৈ ডাঙৰ সংকট কঢ়িয়াই আনিব। জনসংখ্যা বৃদ্ধিৰ লগে লগে অক্সিজেনৰ প্ৰয়োজনীয়তা বাঢ়িব, কিন্তু গছ কটাৰ ফলত অক্সিজেনৰ যোগান কমি যাব। বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড বৃদ্ধি পোৱাৰ ফলত গোলকীয় উষ্ণতা ইমানেই বাঢ়িব যে মেৰু অঞ্চলৰ বৰফ গলি সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পাব, যাৰ ফলত উপকূলীয় অঞ্চলসমূহ জলমগ্ন হৈ পৰিব।
৪ । কি হ’ব পাৰে যদি
(ক) আমি গছ কাটি থাকো।
উত্তৰঃ অবিৰতভাৱে গছ কাটি থাকিলে নিৰ্বনকৰণৰ সৃষ্টি হ’ব। ইয়াৰ ফলত পৃথিৱীৰ উষ্ণতা আৰু পৰিৱেশ প্ৰদূষণ বৃদ্ধি পাব। বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰা বাঢ়ি যাব আৰু ভূগৰ্ভৰ পানীৰ স্তৰ হ্ৰাস পাব। বৰষুণৰ পৰিমাণ কমাৰ লগতে মাটিৰ উৰ্বৰতাও নষ্ট হ’ব। বানপানী আৰু খৰাঙৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ মাত্ৰা ভয়ংকৰ ৰূপ ল’ব।
(খ) প্ৰাণীৰ বাসস্থান বাধাগ্রস্থ হয়।
উত্তৰঃ প্ৰাণীৰ বাসস্থান বাধাগ্ৰস্ত হোৱা অৰ্থাৎ মানুহে বনাঞ্চল বেদখল কৰিলে বন্যপ্ৰাণীৰ থকা ঠাই আৰু খাদ্যৰ তীব্ৰ অভাৱ ঘটিব। ইয়াৰ ফলত জীৱ-জন্তুবোৰ বনাঞ্চলৰ পৰা ওলাই জনাঞ্চলত প্ৰৱেশ কৰিব আৰু মানুহৰ ঘৰ-দুৱাৰ, খেতি-বাতি আদিৰ বিস্তৰ ক্ষতিসাধন কৰিব।
(গ) মাটিৰ উৰ্দ্ধতম স্তৰ উন্মুক্ত হয়।
উত্তৰঃ মাটিৰ ওপৰৰ স্তৰটো উন্মুক্ত হৈ পৰিলে সহজে ভূমিক্ষয় হ’ব। ওপৰৰ সাৰুৱা তৰপটো আঁতৰি যোৱাৰ ফলত তলৰ টান আৰু শিলাময় অংশ ওলাই পৰিব। এনে মাটিত হিউমাছ (জৈৱ পদাৰ্থ) নাথাকে আৰু ই ক্ৰমান্বয়ে উৰ্বৰতা হেৰুৱাই পেলায়। এইদৰে এখন সাৰুৱা মাটি লাহে লাহে মৰুভূমিলৈ পৰিৱৰ্তিত হ’ব, যাক মৰুভূমিকৰণ বোলা হয়।
৫ । চমু উত্তৰ দিয়া –
(ক) আমি কিয় জৈৱ বিভিন্নতা সংৰক্ষণ কৰিব লাগে?
উত্তৰঃ প্ৰতিটো সৰু-বৰ জীৱৰে পৰিস্থিতিতন্ত্ৰত নিজা এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে। ইহঁতে পৰস্পৰে নিৰ্ভৰশীল হৈ খাদ্য-শৃংখল আৰু খাদ্য-জাল গঠন কৰে। কোনো এটা অঞ্চলৰ উদ্ভিদ, প্ৰাণী, অণুজীৱ আৰু মাটি, পানী, জলবায়ু আদিৰ দৰে অজৈৱিক উপাদানসমূহ মিলিহে এটা সুস্থ পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলে। ইয়াৰে যিকোনো এটা উপাদানৰ অভাৱ হ’লেই প্ৰাকৃতিক ভাৰসাম্য নষ্ট হ’ব। সেয়েহে পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থত আমি জৈৱ বৈচিত্ৰ্য বা জৈৱ বিভিন্নতা সংৰক্ষণ কৰাটো অতি আৱশ্যক।
(খ) সংৰক্ষিত অৰণ্যবোৰো বন্যপ্ৰাণীৰ বাবে সম্পূর্ণ নিৰাপদ নহয়। কিয়?
উত্তৰঃ আইনৰ দ্বাৰা সুৰক্ষিত হোৱা সত্ত্বেও সংৰক্ষিত বনাঞ্চলসমূহ বন্যপ্ৰাণীৰ বাবে সম্পূৰ্ণ নিৰাপদ নহয়। ইয়াৰ মুখ্য কাৰণ হ’ল বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰা একাংশ লোকে কৰা অবৈধ বেদখল আৰু চোৰাং চিকাৰীৰ উপদ্ৰৱ। এই লোকসকলে নিজৰ স্বাৰ্থৰ বাবে বনাঞ্চল ধ্বংস কৰাৰ লগতে মূল্যবান বন্যপ্ৰাণীবোৰ হত্যা কৰি ইহঁতৰ অংগ-প্ৰত্যংগসমূহৰ চোৰাং ব্যৱসায় কৰে।
(গ) কিছুমান জনজাতীয় লোক অৰণ্যৰ ওপৰত নিৰ্ভৰশীল। কেনেদৰে?
উত্তৰঃ হাবিতলীয়া বা বনাঞ্চলৰ আশে-পাশে বাস কৰা বহুতো জনজাতীয় সম্প্ৰদায়ৰ জীৱন-ধাৰণ প্ৰত্যক্ষভাৱে অৰণ্যৰ ওপৰতেই নিৰ্ভৰশীল। তেওঁলোকে অৰণ্যৰ পৰা পোৱা ফল-মূল, খৰি আৰু ঘৰ সজাৰ সামগ্ৰীৰে দৈনন্দিন প্ৰয়োজন পূৰায়। তদুপৰি, কিছুমানে বন্যপ্ৰাণী চিকাৰ কৰি মাংস গ্ৰহণ কৰে আৰু জন্তুৰ ছাল আদি বিভিন্ন কামত ব্যৱহাৰ কৰে।
(ঘ) নিৰ্বনকৰণৰ কাৰণ আৰু পৰিণতি কি?
উত্তৰঃ নিৰ্বনকৰণৰ কাৰণ:
কৃষিকাৰ্যৰ সম্প্ৰসাৰণৰ বাবে বনাঞ্চল ধ্বংস কৰা।
মানুহৰ বাসস্থান আৰু উদ্যোগ-কাৰখানা স্থাপনৰ বাবে মাটি মুকলি কৰা।
খৰিৰ বাবে আৰু আচবাব বনাবলৈ গছ কটা।
নিৰ্বনকৰণৰ পৰিণতি: নিৰ্বনকৰণৰ ফলত পৃথিৱীৰ উষ্ণতা আৰু প্ৰদূষণ বৃদ্ধি পায়। বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰা বাঢ়ে, ভূগৰ্ভৰ পানীৰ স্তৰ হ্ৰাস পায় আৰু বৰষুণৰ পৰিমাণ কমি যায়। ইয়াৰ উপৰিও মাটিৰ উৰ্বৰতা শক্তি লোপ পায় আৰু বানপানী, খৰাং আদি প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হয়।
(ঙ) ‘ ৰেড ডেটা বুক’ কি?
উত্তৰঃ ‘ৰেড ডেটা বুক’ (Red Data Book) হৈছে এখন বিশেষ তথ্য সম্বলিত পুথি য’ত পৃথিৱীৰ সকলো ধৰণৰ লুপ্তপ্ৰায় উদ্ভিদ আৰু প্ৰাণীৰ তালিকা অন্তৰ্ভুক্ত কৰা থাকে। উদ্ভিদ, প্ৰাণী আৰু অন্যান্য প্ৰজাতিৰ বাবে সুকীয়া সুকীয়া ৰেড ডেটা বুক সংৰক্ষণ কৰা হয়।
(চ) প্ৰব্ৰজন বা পৰিভ্ৰমণ বুলিলে কি বুজা?
উত্তৰঃ প্ৰতিকূল পৰিৱেশৰ পৰা ৰক্ষা পাবলৈ বা প্ৰজননৰ উদ্দেশ্যৰে কোনো বিশেষ প্ৰজাতিৰ জীৱই প্ৰতি বছৰে নিৰ্দিষ্ট সময়ত নিজৰ বাসস্থানৰ পৰা বহু দূৰণিৰ অনুকূল পৰিৱেশলৈ যাত্ৰা কৰা প্ৰক্ৰিয়াটোকেই প্ৰব্ৰজন বা পৰিভ্ৰমণ বুলি কোৱা হয়। উদাহৰণস্বৰূপে, শীতকালত নিজৰ বাসস্থানৰ হাড়-কঁপোৱা জাৰৰ পৰা হাত সাৰিবলৈ আৰু কণী পাৰিবলৈ বহুতো পৰিভ্ৰমী চৰাই বতৰৰ অনুকূলতা বিচাৰি হাজাৰ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি অন্য ঠাইলৈ আহে।
৬ । কাৰখানা আৰু বাস্স্থানৰ বাঢ়ি অহা চাহিদা পুৰণ কৰাৰ বাবে গছবোৰ অবিৰতভাবে কটা হয়। এনেধৰণৰ প্ৰকল্পৰ বাবে গছ কটা বিবেচিত নে? আলোচনা কৰা আৰু এটা চমুটোকা প্রস্তুত কৰা।
উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ লগে লগে বাসস্থান আৰু কল-কাৰখানাৰ চাহিদা বৃদ্ধি পোৱাটো স্বাভাৱিক, কিন্তু ইয়াৰ বাবে অবিৰতভাৱে অৰণ্য ধ্বংস কৰাটো কোনোমতেই গ্ৰহণযোগ্য নহয়।
উন্নয়নৰ প্ৰয়োজন আছে, কিন্তু ই পৰিৱেশৰ বিনিময়ত হ’ব নালাগে। নতুন প্ৰকল্প বা উদ্যোগসমূহৰ বাবে বনাঞ্চল ধ্বংস নকৰি পূৰ্বৰে পৰা পৰিত্যক্ত বা অব্যৱহৃত হৈ থকা খালী মাটি ব্যৱহাৰ কৰাত গুৰুত্ব দিব লাগে। যদিহে কোনো প্ৰকল্পৰ বাবে অপৰিহাৰ্যভাৱে গছ কাটিবলগীয়া হয়, তেন্তে তাৰ ক্ষতিপূৰণস্বৰূপে প্ৰকল্পৰ খালী ঠাইত বা অন্য স্থানত সমপৰিমাণৰ বা তাতোকৈ বেছি গছপুলি ৰোপণ কৰাটো বাধ্যতামূলক হ’ব লাগে। এইদৰে ৰোপণ কৰা গছসমূহ ডাঙৰ হ’লে প্ৰকৃতিৰ হেৰোৱা ভাৰসাম্য কিছু পৰিমাণে হ’লেও ঘূৰাই অনাটো সম্ভৱ হ’ব।
৭ । তোমাৰ এলেকাৰ সেউজ সম্পদৰ ৰক্ষণাবেক্ষণৰ বাবে তুমি কেনেদৰে অৰিহণা যোগাবা? তুমি গ্রহণ কৰা কাৰ্যপদ্ধতিৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰঃ মোৰ চৌপাশৰ সেউজ সম্পদ সংৰক্ষণৰ বাবে মই তলত দিয়া পদক্ষেপসমূহ গ্ৰহণ কৰিম:
(ক) নিৰৰ্থকভাৱে গছ-গছনি কাটি পেলাবলৈ মানুহক বাৰণ কৰিম আৰু ইয়াৰ অপকাৰিতাৰ বিষয়ে সচেতন কৰিম।
(খ) প্ৰতি বছৰে মোৰ অঞ্চলত অতি কমেও পাঁচজোপাকৈ বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰিম আৰু সেইবোৰ ডাঙৰ নোহোৱালৈকে সঠিকভাৱে যত্ন ল’ম।
(গ) জন্মদিন বা আন অনুষ্ঠানত বন্ধু-বান্ধৱী আৰু আত্মীয়-স্বজনক উপহাৰ হিচাপে গছপুলি দিম আৰু তেওঁলোককো গছপুলি ৰুবলৈ উৎসাহিত কৰিম।
(ঘ) ৰোৱা গছপুলিবোৰত নিয়মিতভাৱে পানীৰ যোগান ধৰিম আৰু গৰু-ছাগলীয়ে নষ্ট নকৰিবলৈ গছৰ চাৰিওফালে বেৰাৰ ব্যৱস্থা কৰিম।
৮ । নিৰ্বনকৰণে কিদৰে বৰষুণৰ পৰিমাণ হ্রাস কৰে। ব্যাখ্যা কৰা।
উত্তৰঃ উদ্ভিদ জীয়াই থাকিবলৈ আৰু নিজৰ খাদ্য প্ৰস্তুত কৰিবলৈ (সালোক-সংশ্লেষণ প্ৰক্ৰিয়া) বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰে। নিৰ্বনকৰণ অৰ্থাৎ গছ কটাৰ ফলত পৃথিৱীত গছ-গছনিৰ সংখ্যা কমি যায়। গছৰ সংখ্যা কমি গ’লে স্বাভাৱিকতেই বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড শোষণৰ মাত্ৰাও কমি যায় আৰু বায়ুমণ্ডলত ইয়াৰ পৰিমাণ বৃদ্ধি পায়। কাৰ্বন-ডাই-অক্সাইড হৈছে এবিধ সেউজগৃহ গেছ যিয়ে পৃথিৱীপৃষ্ঠৰ পৰা প্ৰতিফলিত হোৱা তাপৰশ্মি ধৰি ৰাখে। ইয়াৰ ফলত পৃথিৱীৰ সামগ্ৰিক উষ্ণতা বৃদ্ধি পায় (Global Warming)। এইদৰে উষ্ণতা বৃদ্ধি পালে প্ৰকৃতিৰ স্বাভাৱিক জলচক্ৰৰ ভাৰসাম্য নষ্ট হয়, যাৰ ফলস্বৰূপে বৰষুণৰ পৰিমাণ যথেষ্ট হ্ৰাস পায় আৰু খৰাং পৰিস্থিতিৰ সৃষ্টি হয়।
৯ । তোমাৰ ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ বিচাৰি উলিওৱা ভাৰতবৰ্ষৰ পৰিলেখ মানচিত্ৰত এইবোৰ চিনাক্ত কৰা আৰু এইবোৰৰ অৱস্থান দেখুওৱা।
উত্তৰঃ অসমত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানসমূহ হ’ল –
(ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
(খ) মানাহ ৰাষ্ট্ৰীয় উদ্যান
(গ) নামেৰি ৰাষ্ট্ৰীয় উদ্যান
(ঘ) ওৰাং (ৰাজীৱ গান্ধী) ৰাষ্ট্ৰীয় উদ্যান
(ঙ) ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
(টোকা: ছাত্ৰ-ছাত্ৰীয়ে ভাৰতৰ মানচিত্ৰ এখনত অসমৰ অৱস্থান আৰু তাৰ ভিতৰত এই ৰাষ্ট্ৰীয় উদ্যানসমূহৰ স্থান চিহ্নিত কৰিব লাগিব।)
১০ । তলত দিয়া আভাসৰ সহায় লৈ শব্দ-সাঁথৰ সম্পূৰ্ণ কৰা।
তললৈ-
(ক) এটা অঞ্চলত থকা বিভিন্ন উদ্ভিদ, প্রাণী আৰু অনুজীৱৰ সমষ্টি।
(খ) নোহোৱা হৈ যাব পৰা জীৱ।
(গ) কেৱল এটা নির্দিষ্ট অঞ্চলত পোৱা উদ্ভিদ।
পথালিকৈ –
(ঘ) নিৰ্বনকৰণৰ ফলত বৃদ্ধি হয়।
(ঙ) ইতিমধ্যে নোহোৱা হৈ যোৱা জীৱ।
(চ) কেৱল এটা নির্দিষ্ট অঞ্চলত পোৱা জীৱ।
উত্তৰঃ
তললৈ –
(ক) জৈৱ বিভিন্নতা।
(খ) লুপ্ত প্রায়।
(গ) উদ্ভিদ কুল।
পথালিকৈ –
(ঘ) উষ্ণতা।
(ঙ) বিলুপ্ত।
(চ) প্রাণীকুল।




