Class 7 Social Science Chapter 15 ভাৰতৰ জনসংখ্যা বৃদ্ধি, বিতৰণ Solutions | Sankardev Sishu Vidya Niketan | New Syllabus

CLASS 7

সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৫ – ভাৰতৰ জনসংখ্যা বৃদ্ধি, বিতৰণ – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু অতিৰিক্ত সমাধান | শংকৰদেৱ শিশু বিদ্যা নিকেতন (Sankardev Sishu Vidya Niketan)

সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৫ – ভাৰতৰ জনসংখ্যা বৃদ্ধি, বিতৰণ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – SVN)

শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যক্ৰমৰ পঞ্চদশ অধ্যায় হ’ল ‘ভাৰতৰ জনসংখ্যা বৃদ্ধি, বিতৰণ’। নতুন পাঠ্যক্ৰমৰ আধাৰত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন আৰু MCQ সমাধান (Class 7 Social Science Chapter 15 Question Answers) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু খালী ঠাই পূৰণ আদিৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘ভাৰতৰ জনসংখ্যা বৃদ্ধি, বিতৰণ’ নামৰ এই গুৰুত্বপূৰ্ণ পাঠটিত আমাৰ দেশৰ জনসংখ্যাৰ পৰিমাণ, জনসংখ্যা বৃদ্ধিৰ হাৰ, জনসংখ্যাৰ অসম বিতৰণৰ কাৰকসমূহ (ভৌগোলিক, আৰ্থ-সামাজিক আদি), জনঘনত্ব আৰু জনাসংখ্যাজনিত বিভিন্ন সমস্যা তথা সজাগতা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হৈছে। নিকেতনৰ পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ ধাৰণাসমূহ স্পষ্টভাৱে বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ প্ৰৱণতা আৰু বিতৰণৰ আৰ্হি সম্পৰ্কে স্পষ্ট ধাৰণা।
  • জনসংখ্যা বিতৰণক প্ৰভাৱান্বিত কৰা প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰকসমূহ।
  • জনঘনত্ব (Density of Population) আৰু ইয়াৰ আঞ্চলিক তাৰতম্য।
  • ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজি পাবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Social Science Notes).
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • জনসংখ্যা ভূগোল সম্পৰ্কীয় ধাৰণাসমূহৰ সৰল প্ৰতিৰূপ।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ বিদ্যালয় পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 7 Social Science (সমাজ বিজ্ঞান) Textbook Solutions & MCQs | SVN New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest Sankardev Sishu Vidya Niketan (SVN) New Syllabus & Updated Book

Get comprehensive preparation for Class 7 Social Science (সমাজ বিজ্ঞান) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest SVN syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 15 ভাৰতৰ জনসংখ্যা বৃদ্ধি, বিতৰণ

 শংকৰদেৱ বিদ্যা নিকেতন, সপ্তম শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-15                                                                           অস্পিন একাডেমী

ভাৰতৰ জনসংখ্যা বৃদ্ধি, বিতৰণ

পাঠভিত্তিক প্রশ্নোত্তৰ

চমু প্ৰশ্নত্তৰ

১। জনসংখ্যা কাক বোলে?

উত্তৰঃ কোনো এটা অঞ্চলত স্থায়ীভাৱে বসবাস কৰি অহা জনগণক অঞ্চলটোৰ জনসংখ্যা

বোলে।

২। জনসংখ্যাৰ ঘনত্ব মানে কি বুজা?

উত্তৰঃ কোনো এখন ঠাইৰ মুঠ মাটিকালিৰ বিপৰীতে সেই ঠাইখনত থকা মুঠ জনসংখ্যা হৈছে ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব।

 নিৰ্ণয় কৰা সূত্ৰ: কোনো এখন ঠাইৰ জনসংখ্যাৰ ঘনত্ব = ঠাইখনৰ মুঠ জনসংখ্যা / ঠাইখনৰ মুঠ মাটিকালি।

৩। ২০১১ চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যাৰ ঘনত্ব কিমান আছিল?

উত্তৰঃ প্ৰতি বৰ্গ কিলোমিটাৰত ৩৮২ জন।

৪। ২০১১ চনত ভাৰতৰ মুঠ জনসংখ্যা কিমান আছিল?

উত্তৰঃ ১২১,০৫,৬৯,৫৭৩ জন।

বহল প্ৰশ্নত্তৰ

৫। ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ মূল দুটা কাৰণ লিখা।

উত্তৰঃ ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ মূল দুটা কাৰণ হৈছে—

১. নিৰক্ষৰতা আৰু অন্ধবিশ্বাস: অন্ধবিশ্বাস, নিৰক্ষৰতা আদিৰ বাবে ভাৰতীয় লোকে জন্মৰ হাৰ নিয়ন্ত্ৰণ কৰিব পৰা নাই। সেয়ে জন্মৰ হাৰ বৃদ্ধি পাই আহিছে, ফলত ভাৰতৰ জনসংখ্যা বৃদ্ধি হৈছে।

২. প্ৰব্ৰজন: বাংলাদেশ, নেপাল আদিৰ দৰে ওচৰৰ ৰাষ্ট্ৰৰ পৰা অবাধ গতিত হোৱা প্ৰব্ৰজনৰ ফলতো ভাৰতৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।

৬। ভাৰতৰ জনসংখ্যাৰ বিতৰণ সকলো ঠাইতে কিয় সমান নহয়? ইয়াৰ মূল কাৰণ কি কি?

উত্তৰঃ কোনো ঠাইৰ প্ৰাকৃতিক অৱস্থাৰ বিভিন্নতা অনুসৰি সেই ঠাইখনৰ জনসংখ্যাৰ বিতৰণত বিভিন্নতা আহে। তদুপৰি উদ্যোগ, পৰিবহণ, যোগাযোগ আদি কাৰকেও জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলায়। ভাৰতৰ জনসংখ্যা বিতৰণ সকলো ঠাইতে সমান নোহোৱাৰ কেইটামান মূল কাৰণ হ’ল:

১. ভূ-প্ৰাকৃতিক ভিন্নতা: ভাৰতত নদী উপত্যকা অঞ্চল, উপকূলীয় অঞ্চল, মৰুভূমি অঞ্চল, পাহাৰীয়া অঞ্চল, বনাঞ্চল আদিৰ প্ৰাকৃতিক ভিন্নতা আছে। নদীৰ উপত্যকা আৰু উপকূলীয় অঞ্চল বসবাসৰ অধিক উপযোগী বাবে এইবোৰ অঞ্চলত আন অঞ্চলতকৈ জনবসতি ঘন।

২. মাটিৰ উৰ্বৰতা: ভাৰতৰ সকলো ঠাইৰ মাটি উৰ্বৰ নহয়। উৰ্বৰ মাটি কৃষি উপযোগী বাবে উৰ্বৰ মাটি থকা ঠাইত জনবসতি ঘন আৰু অনুৰ্বৰ মাটি থকা ঠাইত জনবসতি পাতল।

৩. পানীৰ প্ৰাচুৰ্যতা: ভাৰতৰ কিছুমান অঞ্চলত পানীৰ প্ৰাচুৰ্যতা আছে, কিন্তু কিছুমান অঞ্চলত পানীৰ নাটনি। গতিকে নদী, হ্ৰদ, বিলৰ পাৰে পাৰে মানুহৰ বসতি ঘন আৰু পানীৰ নাটনি থকা অঞ্চলত জনবসতি কম।

৪. উদ্যোগ: ভাৰতৰ সকলো ঠাইতে সমানে ঔদ্যোগিক বিকাশ হোৱা নাই। যিবোৰ অঞ্চলত ঔদ্যোগিক বিকাশ হৈছে, তাত জীৱিকাৰ সুবিধা থকা বাবে জনবসতিৰ ঘনত্ব উদ্যোগিক বিকাশ নোহোৱা অঞ্চলবোৰতকৈ বেছি।

৫. যাতায়াত-যোগাযোগৰ ব্যৱস্থা: ভাৰতৰ যাতায়াত, যোগাযোগ তথা পৰিবহণ ব্যৱস্থা সকলো ঠাইতে সুচল নহয়। যিবোৰ অঞ্চলত এইবোৰ সুচল, তাত জনবসতি ঘন। আনহাতে যিবোৰ অঞ্চলত এই ব্যৱস্থাবোৰ সুচল নহয়, তাত জনবসতি কম।

৭। ভাৰতৰ কোন কোন অঞ্চলত জনসংখ্যাৰ বিতৰণ অধিক, কিয়?

উত্তৰঃ ভাৰতৰ গংগা নদীৰ দুয়োপাৰে জনসংখ্যাৰ বিতৰণ আটাইতকৈ বেছি। উত্তৰ ভাৰতৰ নদী গঠিত সমভূমি অঞ্চল, অৰ্থাৎ উত্তৰ-পশ্চিম ৰাজস্থানৰ পৰা পঞ্জাৱ-হাৰিয়ানা হৈ ব্ৰহ্মপুত্ৰ উপত্যকা পৰ্যন্ত উৰ্বৰ ভূমিত প্ৰায় ৪৮ শতাংশ লোকে বাস কৰে। এই অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩০০-১০০০ জন।

আকৌ উপকূলীয় অঞ্চলসমূহত, যেনে- গোৱাৰ পৰা আৰম্ভ হৈ তললৈ কৰমণ্ডল উপকূললৈকে এই সমগ্ৰ অঞ্চলত জনসংখ্যাৰ বিতৰণ বেছি (প্ৰতি বৰ্গ কিলোমিটাৰত গড়ে ৮০০ জন)। সেইদৰে খনিজ সম্পদৰ আধিক্য তথা কৃষিকাৰ্যৰ সুবিধা থকা ঝাৰখণ্ড, মহাৰাষ্ট্ৰ আদিৰ মালভূমি অঞ্চলত জনবসতিৰ ঘনত্ব প্ৰতি কিলোমিটাৰত ৩০০-৪০০ জন। নগৰ, চহৰ, শিল্প উদ্যোগ, খনিজ প্ৰধান অঞ্চলবোৰতো জনসংখ্যাৰ বিতৰণ বেছি।

কাৰণ: এই অঞ্চলসমূহত জনসংখ্যাৰ বিতৰণ বেছি হোৱাৰ কাৰণ হ’ল— ইয়াত মাটি উৰ্বৰ, পানী পৰ্যাপ্ত পৰিমাণে পোৱা যায়, পশুপালন-মীনপালন আৰু কৃষিকাৰ্যৰ বাবে উপযোগী, যাতায়াত-যোগাযোগ আদিৰ সু-ব্যৱস্থা আছে। মুঠতে এইবোৰ অঞ্চল জীৱন আৰু জীৱিকাৰ বাবে বিশেষভাৱে উপযোগী।

৮। ভাৰতৰ কোন অঞ্চলত জনসংখ্যাৰ বিতৰণ কম, কিয়?

উত্তৰঃ ভাৰতৰ হিমালয় পৰ্বতমালাৰ উচ্চ স্থানত থকা দেশৰ উত্তৰ-পশ্চিম আৰু উত্তৰ-পূব অঞ্চলত জনসংখ্যাৰ বিতৰণ কম। লাডাখ আৰু অৰুণাচল প্ৰদেশৰ অতি উচ্চ স্থানত মানুহৰ বসতি প্ৰায় নাই। উত্তৰ-পশ্চিম ভাৰতৰ মৰুভূমি অঞ্চলতো জনসংখ্যাৰ বিতৰণ কম। সেইদৰে গভীৰ অৰণ্য অঞ্চলতো জনসংখ্যাৰ বিতৰণ অতি কম।

কাৰণ: এই অঞ্চলবোৰত পানী পৰ্যাপ্ত পৰিমাণে পোৱা নাযায়, কৃষিকাৰ্য, মীন পালন-পশুপালন কৰা অসুবিধা, যাতায়াত, পৰিবহণ তথা যোগাযোগৰ অসুবিধা। জীৱন আৰু জীৱিকাৰ বাবে অনুপযোগী এনে কিছুমান কাৰকৰ বাবেই এইবোৰ অঞ্চলত জনসংখ্যাৰ বিতৰণ কম।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৫ (ভাৰতৰ জনসংখ্যা বৃদ্ধি, বিতৰণ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
ভাৰতবৰ্ষত জনসংখ্যাৰ বিতৰণ সমানে হৈছে নেকি?
নাই, ভাৰতবৰ্ষত জনসংখ্যাৰ বিতৰণ সমানে হোৱা নাই। দেশৰ কিছুমান অঞ্চলত (যেনে নদী উপত্যকা আৰু সমভূমি অঞ্চল) জনবসতি অতি ঘন আনহাতে মৰুভূমি বা পাহাৰীয়া অঞ্চলত জনবসতি পাতল।
এই সমাধানত অতিৰিক্ত প্ৰশ্ন আৰু MCQ আছে নেকি?
হয়, এই পাঠ্যভিত্তিক সমাধানত অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰৰ লগতে পৰীক্ষাৰ বাবে উপযোগী অতিৰিক্ত প্ৰশ্ন আৰু বহু-বিকল্পী প্ৰশ্ন (MCQ) অন্তৰ্ভুক্ত কৰা হৈছে।
শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুন পাঠ্যক্ৰম অনুসৰি এই নোটসমূহ প্ৰস্তুত কৰা হৈছেনে?
নিশ্চয়, শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰম আৰু শেহতীয়া আৰ্হিৰ নিৰ্দেশনাসমূহৰ ওপৰত ভিত্তি কৰি এই সমলসমূহ সম্পূৰ্ণ নিৰ্ভুলভাৱে প্ৰস্তুত কৰা হৈছে।
জনঘনত্ব (Density of Population) বুলিলে কি বুজায়?
প্ৰতি বৰ্গ কিলোমিটাৰ মাটিকলিত সাধাৰণতে কিমান লোক বাস কৰে, তাৰ সংখ্যাকে সেই অঞ্চলটোৰ জনঘনত্ব বুলি কোৱা হয়।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top