Class 6 Assamese Chapter 1 Solution (অংকুৰণ) – সবাতোকৈ আপোন | SEBA Assam | SCERT Assam

SEBA Class 6 Assamese (অংকুৰণ) Chapter 1 – সবাতোকৈ আপোন Solutions & Summary

Find SEBA Class 6 Assamese (অংকুৰণ) Chapter 1 – “সবাতোকৈ আপোন” solutions, designed for Assamese medium students. This chapter explores the importance of relationships, love, and care among family members.

Students will learn about the values of respect, kindness, and emotional bonding, which are essential for personal development. The story highlights family traditions, responsibilities, and how relationships shape a child’s understanding of the world.

Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students understand the theme and moral lessons of the chapter effectively.

Vibrant Note Box
Buy Printable PDF
Class 6 Assamese (অংকুৰণ) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Get the SCERT Assam Class 6 Assamese (অংকুৰণ) Solution PDF, featuring chapter-wise answers, MCQs, and summaries. Perfect for SEBA Assam students to enhance their learning and exam preparation. Download now for easy access!

Category:
Vibrant Note Box
Chapter 1 – “সবাতোকৈ আপোন”

TEXTUAL QUESTION ANSWER
১। কবিতাটি শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

২। কবিতাটি আবৃত্তি কৰা।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

৩। কোৱা আৰু লিখা।

(ক) কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে?

উত্তৰঃ কবিয়ে নিজৰ আইক, নিজৰ দেশখনক আৰু নিজৰ মাতৃভাষাক আপোন বুলি কৈছে।

(খ) কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে?

উত্তৰঃ কবিয়ে প্ৰাণৰ চিনাকি বুলি গাওঁ-নগৰ, জান-জুৰীৰ কথা কৈছে।

(গ) কবিতাটিত অন্তৰৰ ভাব কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে?

উত্তৰঃ কবিতাটিত অন্তৰৰ ভাব কুমলীয়াৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে।

(ঘ) কবিয়ে জগতখন কাৰ কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে?

উত্তৰঃ কবিয়ে জগতখন নিজৰ আই, দেশ আৰু মাতৃভাষাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে।

(ঙ) সুবিশাল পৃথিবীত কাৰ স’তে, কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে?

উত্তৰঃ সুবিশাল পৃথিবীত সকলোৰে স’তে হাতে-হাতে ধৰা-ধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে।

৪। কবিতাটিৰ মূলভাব লিখা।

উত্তৰঃ ‘সবাতোকৈ আপোন’ নামৰ কবিতাটিৰ মাজেৰে কবি নৱকান্ত বৰুৱাদেবে জন্মদাত্ৰী আই, স্বদেশ আৰু মাতৃভাষাক আটাইতকৈ আপোন বুলি কৈছে ৷

কবি নৱকান্ত বৰুৱাই কৈছে যে নিজৰ আই, দেশ আৰু নিজৰ মাতৃভাষাক সকলো সবাতোকৈ আপোন। আমি সকলো লোকে আইৰ কাৰণে জগতখন চিনি পালো। আৰু আমাৰ দেশখনক আপোন বুলি কোৱাৰ কাৰণ হৈছে- ওপজা ঠাই খনৰ বাবে পৃথিৱীত আগুৱাই যাব পাৰিম সেইফালৰ পৰা দেশখন আমাৰ বাবে আপোন মাতৃভাষা আমাৰ সকলোতকৈ আপোন ভাষা, হয়তো এই ভাষা আটাইতকৈ শুৱলা নহ’ব পাৰে ৷ মাতৃ, স্বদেশ আৰু মাতৃভাষাৰ যোগেদি মানুহে জগতখন চিনি পায় আৰু পৃথিৱীখনত একতাৰে সকলোৰে লগত খোজ মিলায় ৷

৫৷ পাঠৰ পৰা অন্তjধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা ৷

উদাহৰণ: আই – চিনাই

উত্তৰঃ (i) আই – চিনাই।

(ii) দেশ – শেষ।

(iii) চহকী – চিনাকী।

(iv) সুৰীয়া – কুমলীয়া।

(v) জগত – লগত।

(vi) সুখ – দুখ।

(vii) ভাষা – আশা।

৬৷ নিৰ্দিষ্টতাবাছক প্ৰত্যয়টো, টি, জন, জনী, খন, খনি ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা ৷

(যেনে : মানুহ + জন = মানুহজন) তিৰোতা, ছাতি, কেঁচুৱা, ঘৰ, কিতাপ, ছোৱালী, ফুলনি, নৈ, পৰ্বত

উত্তৰঃ (i) তিৰোতা + জনী = তিৰোতাজনী।

(ii) ছাতি + টো = ছাতিটো।

(iii) কেঁচুৱা + টি = কেঁচুৱাটি।

(iv) ঘৰ + টো = ঘৰটো (‘গৃহ’ অৰ্থত)

(v) ঘৰ + খন = ঘৰখন (‘পৰিয়াল’ অৰ্থত)

(vi) কিতাপ + খন = কিতাপখন।

(vii) ছোৱালী + জনী = ছোৱালীজনী।

(viii) ফুলনি + খন = ফুলনিখন।

(ix) নৈ + খনি = নৈখনি।

(x) পৰ্বত + খন = পৰ্বতখন।

প্রশ্ন ৭। বাক্য ৰচনা কৰা।

শুৱনি, সুৰীয়া, ধুনীয়া, চহকী, কুমলীয়া, সুবিশাল

উত্তৰঃ (i) শুৱনি: পকা পকা ধানেৰে পথাৰখন বৰ শুৱনি হৈ পৰিছে।

(ii) সুৰীয়া: আইতাহঁতৰ মুখৰ সুৱদি সুৰীয়া বিয়া নামবোৰ শুনি বৰ ভাল লাগিছিল।

(iii) ধুনীয়া: অভিপসাহঁতৰ ঘৰৰ সন্মুখত এখন বৰ ধুনীয়া ফুলনি আছে।

(iv) চহকী: মানুহঘৰ চহকী হ’লেও বৰ কৃপন।

(v) কুমলীয়া: চোৱাচোন, ফুলমতীহঁতে কেনেকৈ চাহগছৰ কুমলীয়া পাতবোৰ ছিঙি আছে।

(vi) সুবিশাল: সুবিশাল সাগৰৰ ঢৌবোৰ উপকূলত ঠেকা খাইছেহি।

৮। কবিতাটিৰ পৰা যুৰীয়া শব্দবোৰ বিচাৰি লিখা।

উদাহৰণ – জান-জুৰি।

উত্তৰঃ (i) সুখ-দুখ।

(ii) নগৰ-গাঁও।

(iii) গছ-লতা।

(iv) স্নেহ-শান্তি।

৯। তলত দিয়া শব্দসমূহৰ নঞৰ্থক ৰূপবোৰ লিখা।

কৰোঁ নকৰোঁ খেলোঁ _____

ধোওঁ _____ যাম _____

শুনা _____ দিম _____

পাৰে _____ লিখোঁ _____

উত্তৰঃ

শব্দ

নঞৰ্থক ৰূপ

কৰোঁ – নকৰোঁ

খেলোঁ – নেখেলোঁ

ধোওঁ – নোধোওঁ

যাম – নাযাম

শুনা – নুশুনা

দিম – নিদিম

পাৰে – নোৱাৰে

লিখোঁ – নিলিখোঁ

(লক্ষ্য কৰা: মূল শব্দৰ আদিত যিটো স্বৰবৰ্ণ থাকে, নঞৰ্থক উপসৰ্গ ‘ন’ৰ লগতো সেইটো স্বৰবৰ্ণ যুক্ত হয়; যেনে ন + লিখ = নিলিখ; ন + যাম = নাযাম; ন + শুনা = নুশুনা ইত্যাদি।)

১০। কবিতাটিত থকা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই লিখা।

উত্তৰঃ

বিশেষ্য পদ

বিশেষণ পদ

আই

সবাতো

গছ

শুৱনি

লতা

আপোন

ফুল

ধুনীয়া

ধৰণী

চহকী

দেশ

সুৰীয়া

নগৰ

কুমলীয়া

গাওঁ

সুবিশাল

১১। উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা।

(ক) মই মোৰ আইক _____________ পাওঁ।

উত্তৰঃ মই মোৰ আইক ভাল পাওঁ।

(খ) মই মোৰ মাতৃভাষাক _____________ কৰোঁ।

উত্তৰঃ মই মোৰ মাতৃভাষাক শ্ৰদ্ধা কৰোঁ।

(গ) আমি আমাৰ স্বদেশক লৈ ___________ বোধ কৰোঁ।

উত্তৰঃ আমি আমাৰ স্বদেশক লৈ গৌৰৱ বোধ কৰোঁ।

১২। তলত দিয়া স্তৱকসমূহ জননী, জন্মভূমি আৰু মাতৃভাষাক লৈ ৰচিত । স্তৱকসমূহ দলীয়ভাবে পঢ়া আৰু কোনটো স্তবক কাৰ উদ্দেশ্যে ৰচিত হৈছে কোৱা।

(ক) মেলিলোঁ প্ৰথম চকু

তোমাৰ কোলাতে আই

জনমৰ আদিম পুৱাত;

উত্তৰঃ দেশ মাতৃৰ বিষয়ে লিখা হৈছে।

(খ) কোনে মোক তুলি-তালি কৰিলে ডাঙৰ

মউসনা মিঠা মাতে পাহৰি ভাগৰ;

উত্তৰঃ জননীৰ বিষয়ে লিখা হৈছে।

(গ) চিৰ চেনেহী মোৰ ভাষা জননী

উত্তৰঃ মাতৃভাষাৰ বিষয়ে লিখা হৈছে।

১৩। অসমৰ যিকোনো তিনিগৰাকী শিশু- সাহিত্যিকৰ নাম লিখা

উত্তৰঃ অসমৰ তিনিগৰাকী বিশিষ্ট শিশু-সাহিত্যিক নাম হল –

(i) অতুলচন্দ্ৰ হাজৰিকা।

(ii) নৱকান্ত বৰুৱা।

(iii) ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া।

১৪। তোমাৰ জন্মভূমিৰ বিষয়ে দহটা বাক্য লিখা।

উত্তৰঃ মোৰ জন্মভূমি অসম। ই ভাৰত ৰাষ্ট্ৰৰ এখন অন্যতম অংগৰাজ্য। অসম ভাৰতৰ একেবাৰে পূৱ প্ৰান্তত অৱস্থিত। অসমৰ মাজেৰে মহাবাহু ব্ৰহ্মপুত্ৰ বৈ গৈছে। এই নদী আৰু ইয়াৰ উপনদীবোৰ যুগ-যুগান্তৰৰ পৰা পলস পেলাই অসমৰ মাটি সাৰুৱা কৰি আহিছে। ৰসাল চাহ বাগিচা আৰু জীপাল সংস্কৃতিৰ দেশ অসম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ভৱিষ্যৎ এক শিংৰ গঁড়ৰ বাবে অসম পৃথিৱীত বিখ্যাত। বিহু, অসমীয়া সংস্কৃতিৰ আত্মাক উদযাপন কৰা উৎসৱ।অসম ভূ-খণ্ড সেউজীয়া গছ-গছনি আৰু জীৱ-জন্তুৰে ভৰা। ইয়াৰ প্ৰাকৃতিক জলাশয়বোৰত অজস্ৰ প্ৰজাতিৰ মাছ পোৱা যায়। প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ হ’লেও অসমত বানপানীৰ লেখীয়া বহুতো প্ৰাকৃতিক আৰু দুৰ্নীতিৰ দৰে মানৱ সৃষ্টি সমস‍্যা আছে মুগা, এৰি, আৰু পাট ৰেচম, অসমৰ বাবে অনন্য, গুণগত মান আৰু সৌন্দৰ্য্যৰ বাবে বহুমূলীয়া আৰু আহোম বংশৰ পৰা আৰম্ভ কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ ভূমিকালৈকে অসমৰ চহকী ইতিহাসে ইয়াৰ আকৰ্ষণ বৃদ্ধি কৰে।

১৫। তোমাৰ জন্মদাত্রী মাতৃৰ বিষয়ে এটি কবিতা ৰচনা কৰা।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

১৬। সাঁথৰ ভাঙা —

(ক) নাকত বহি

কাণত ধৰে

এনে কি বস্তু

ভাল পায় নৰে?

উত্তৰঃ চচ্মা

(খ) ক আইটি টপৰাই,

কাটি নিলে বাঢ়ি যায়।

উত্তৰঃ সূতা।

(গ) দি মৰিল কোন?

উত্তৰঃ দধাচি।

(ঘ) নিদি মৰিল কোন?

উত্তৰঃ দুৰ্যোধন।

(ঙ) নি মৰিল কোন?

উত্তৰঃ ৰাৱণ।

(চ) নকৈ মৰিল কোন?

উত্তৰঃ জয়মতী।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 6 Assamese Chapter 1 FAQs | সবাতোকৈ আপোন | Ospin Academy
SEBA Class 6 Assamese Chapter 1 – সবাতোকৈ আপোন FAQs
1. “সবাতোকৈ আপোন” পাঠটোৰ মূলভাব কি?
“সবাতোকৈ আপোন” পাঠটোৰ মূলভাব হৈছে ঘৰ-সংসাৰ আৰু পৰিয়ালৰ লগত থকা গভীৰ অনুভূতি, যি মানুহৰ জীৱনৰ আটাইতকৈ মূল্যবান অংশ।
2. এই পাঠটোৰ লেখক কোন?
এই পাঠটোৰ লেখক অজিত কুমাৰ ভূঞা, যি তেওঁৰ সাহিত্যৰ মাজেৰে সংসাৰ আৰু পৰিয়ালৰ অনুভৱ ব্যক্ত কৰিছে।
3. “সবাতোকৈ আপোন” পাঠটোৰ পৰা কি শিকিব পাৰি?
এই পাঠটোৰ পৰা সঁজুলি, মৰম, আৰু পৰিয়ালৰ লগত থকা আত্মীয়তাৰ মূল্য শিকিব পাৰি।
4. এই পাঠটোৰ বিষয়বস্তু কি?
এই পাঠটোত মানুহৰ প্ৰকৃত সুখ পৰিয়ালৰ লগত থকা সম্পৰ্কত আছে বুলিয়েই ব্যক্ত কৰা হৈছে।
5. ক’ত পোৱা যাব SEBA Class 6 Assamese Chapter 1 সমাধান?
আপুনি Class 6 Assamese (অংকুৰণ) Chapter 1 – সবাতোকৈ আপোনবিস্তৃত সমাধান, MCQs, আৰু ব্যাখ্যা Ospin Academy ত পাব।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top