Class 6 Assamese Chapter 10 Solution (অংকুৰণ) – মহীয়সী হেলেন কেলাৰ | SEBA Assam

SEBA Class 6 Assamese (অংকুৰণ) Chapter 10 – মহীয়সী হেলেন কেলাৰ Solutions & Summary

Find SEBA Class 6 Assamese (অংকুৰণ) Chapter 10 – “মহীয়সী হেলেন কেলাৰ” solutions, designed for Assamese medium students. This chapter narrates the inspiring life story of Helen Keller, a symbol of determination and resilience who overcame the challenges of being blind and deaf.

Students will learn about her struggles, achievements, and how she became an advocate for disability rights and education. The chapter also highlights the role of her teacher, Anne Sullivan, in shaping her life and helping her communicate with the world.

Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students understand the importance of perseverance, education, and helping others.

Vibrant Note Box
Buy Printable PDF
Class 6 Assamese (অংকুৰণ) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Get the SCERT Assam Class 6 Assamese (অংকুৰণ) Solution PDF, featuring chapter-wise answers, MCQs, and summaries. Perfect for SEBA Assam students to enhance their learning and exam preparation. Download now for easy access!

Category:
Vibrant Note Box
Chapter 10 – “মহীয়সী হেলেন কেলাৰ”

TEXTUAL QUESTION ANSWER

১। পাঠটো শুদ্ধ উচ্চাৰণেৰে থোকোজা নলগাকৈ পঢ়া।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

২। পাঠটো পঢ়ি তুমি বুজি নোপোৱা শব্দবোৰৰ অর্থ অভিধান বা শব্দ সম্ভাৰ চাই লিখা।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

৩। তলৰ বাক্যশাৰী পঢ়ি কোনে, কেতিয়া, কিয় আপ্রাণ চেষ্টা কৰিছিল কোৱা আৰু লিখা।

“বিভিন্ন ধৰণেৰে ছোৱালীজনীৰ মনত সাহস আৰু আত্মবিশ্বাস জগাই তুলিবলৈ তেখেতসকলে আপ্রাণ চেষ্টা কৰিছিল।”

উত্তৰঃ সন্তান হেলেন কেলাৰৰ বিষাদপূৰ্ণ অৱস্থা দেখি তেখেতৰ মনত বিভিন্ন উপায়েৰে সাহস আৰু আত্মবিশ্বাস জাগ্ৰত কৰিবলৈ পিতৃ-মাতৃয়ে আপ্ৰাণ চেষ্টা চলাইছিল। ছোৱালীজনীৰ অৱস্থা দেখি যেতিয়া তেখেতসকল মৰ্মাহত হৈছিল, তেতিয়াই তেনে চেষ্টা চলাইছিল।

৪। পাঠটো পঢ়ি উপযুক্ত শব্দ আৰু চন খালী ঠাইত বহুওৱা।

(ক) _____________ চনত দিল্লীৰ এখন বিশেষ সভাত জৱাহৰলাল নেহৰুৱে ভাষণ দি থাকোঁতে এগৰাকী মহিলাই তেওঁৰ ওঁঠ দুটি ____________ কৰি সকলোকে _____________ কৰিলে।

উত্তৰঃ ১৯৫৪ চনত দিল্লীৰ এখন বিশেষ সভাত জৱাহৰলাল নেহৰুৱে ভাষণ দি থাকোঁতে এগৰাকী মহিলাই তেওঁৰ ওঁঠ দুটি স্পৰ্শ কৰি সকলোকে অবাক কৰিলে।

(খ) ______________ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক _____________ পৰিয়ালত জন্ম হোৱা হেলেন কেলাৰে ডেৰ বছৰ বয়সত ____________ ৰোগত আক্ৰান্ত হৈছিল।

উত্তৰঃ ১৮৮০ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক মধ্যবিত্ত পৰিয়ালত জন্ম হোৱা হেলেন কেলাৰ ডেৰ বছৰ বয়সত মেনিন্‌জাইটিছ ৰোগত আক্ৰান্ত হৈছিল।

(গ) নিঃস্বার্থ আৰু পবিত্র প্রেমেৰে ____________ সকলৰ কল্যাণৰ কাৰণে কাম কৰা হেলেন কেলাৰৰ মৃত্যু হয় ____________ চনত।

উত্তৰঃ নিঃস্বার্থ আৰু পবিত্র প্রেমেৰে অন্যলোক সকলৰ কল্যাণৰ কাৰণে কাম কৰা হেলেন কেলাৰৰ মৃত্যু হয় ১৯৬৮ চনত।

(ঘ) ____________ ভালকৈ উপলব্ধি কৰিছিল যে বিশেষ প্ৰয়োজন সম্পন্ন ব্যক্তিসকলৰ বাবে ধন বিততকৈ মৰম ____________ আৰু ____________ বেছি প্ৰয়োজন।

উত্তৰঃ গ্রাহাম বেলে ভালকৈ উপলব্ধি কৰিছিল যে বিশেষ প্ৰয়োজন সম্পন্ন ব্যক্তিসকলৰ বাবে ধন বিততকৈ মৰম চেনেহ আৰু আত্মবিশ্বাসহে বেছি প্ৰয়োজন।

৫। মহীয়সী নাৰীগৰাকীৰ জীবন বৃতান্ত তোমাৰ কথাৰে লিখা।

উত্তৰঃ মার্কিন যুক্তৰাষ্ট্ৰৰ এক মধ্যবিত্ত পৰিয়ালৰ প্রথম সন্তান আছিল হেলেন কেলাৰ। ১৮৮০ চনত জন্ম গ্রহণ কৰা হেলেন কেলাৰ ডেৰ বছৰ বয়সত মেনিনজাইটিছ ৰোগত আক্ৰান্ত হৈছিল। মৃত্যুৰ দুৱাৰডলিৰ পৰা কোনোমতে উভতি আহিছিল। তেখেতে কাণেৰে নুশুনা আৰু চকুৰে নেদেখা হৈছিল আৰু বাকশক্তিও লোপ পাইছিল। অন্ধ আৰু মূক-বধিৰ হোৱা বাবে পৃথিৱীৰ হাঁহি-কান্দোন, ৰূপ-সৌন্দৰ্যৰ লগত হেলেন কেলাৰে সম্পর্ক সাধন কৰিব নোৱাৰি হতাশাত ভূগিছিল। সশব্দে হাঁহি আৰু অস্বাভাবিক অংগ-ভংগী কৰি তেখেতে মনৰ ভাব ব্যক্ত কৰিবলৈ চেষ্টা কৰিছিল। সন্তানৰ এনে বিষাদপূর্ণ অবস্থা দেখি মাক-দেউতাকৰ মন ভাগি পৰিছিল। গ্রাহাম বেলে হেলেন কেলাৰৰ শাৰীৰিক সমস্যাৰ কথা মন দি শুনিলে। তেখেতে ভালকৈ উপলব্ধি কৰিছিল যে বিশেষ- ভাবে সক্ষম ব্যক্তিসকলৰ বাবে ধন- বিততকৈ মৰম, চেনেহ আৰু আত্মবিশ্বাসৰহে বেছি প্রয়োজন। তেখেতে হেলেন কেলাৰক এনি চুলিভান নামৰ শিক্ষয়িত্ৰী এগৰাকীৰ ওচৰলৈ লৈ গ’ল। চুলিভান অত্যন্ত আত্মবিশ্বাসী, সাহসী আৰু মৰমিয়াল আছিল। গ্রাহাম বেলে চুলিভানক ওঁঠৰ কঁপনি অনুভৱ কৰি মনৰ ভাব বুজি পোৱাৰ কৌশল শিকাইছিল।

৬। দলত আলোচনা কৰি উত্তৰ লিখা।

“চুলিভানে গ্রাহাম বেলৰ পৰা শিকা কৌশলটো অতি মৰমেৰে হেলেন কেলাৰকো শিকাই দিলে।”

(ক) চুলিভান বুলি ইয়াত কাৰ কথা কোৱা হৈছে?

উত্তৰঃ চুলিভান বুলি ইয়াত শিক্ষয়িত্ৰী কথা কোৱা হৈছে।

(গ) চুলিভানে গ্রাহাম বেলৰ পৰা কি শিকিছিল?

উত্তৰঃ চুলিভানে গ্রাহাম বেলৰ পৰা ওঁঠৰ কঁপনি অনুভৱ কৰি মনৰ ভাব বুজি পোৱাৰ কৌশল শিকিছিল।

(ঘ) চুলিভানে হেলেনক কি শিকাইছিল?

উত্তৰঃ চুলিভানে গ্রাহাম বেলৰ পৰা শিকা ওঁঠৰ কঁপনি অনুভৱ কৰি মনৰ ভাব বুজি পোৱাৰ কৌশল হেলেনক শিক্ষইছিল।

৭। তলৰ শব্দবোৰ সন্ধি ভাঙি পঢ়োঁ আহা।

(i) হিম + অচল = হিমাচল।

(ii) পৰি + ঈক্ষা = পৰীক্ষা।

(iii) বিদ্যা + আলয় = বিদ্যালয়।

(iv) অতি + আচাৰ = অত্যাচাৰ।

(v) হিম + আলয় = হিমালয়।

(vi) যথা + ইষ্ট = যথেষ্ট।

(vii) মণি + ইন্দ্ৰ = মণীন্দ্ৰ।

(viii) যথা + উপযুক্ত = যথোপযুক্ত।

(ix) অতি + ইন্দ্ৰিয় = অতীন্দ্ৰিয়।

(x) নৌ + ইক = নাৱিক।

৮। ইচ্ছাশক্তি, কল্যাণ, নিঃস্বাৰ্থ, আত্মবিশ্বাস, প্ৰয়োজন, প্ৰবল, সহায়, কৰ্মপ্ৰৱণতা, দুঃসাহসী। এই শব্দকেইটা ব্যৱহাৰ কৰি কমেও পাঁচটা বাক্য সাজা।

উদাহৰণ: প্ৰবল ইচ্ছাশক্তি আৰু আত্মবিশ্বাসৰ দ্বাৰা ছোৱালীজনীয়ে জীৱনত সফলতা লাভ কৰিব পাৰিলে।

উত্তৰঃ (ক) সমাজৰ কল্যাণৰ বাবে আজি প্ৰয়োজন হৈছে প্ৰবল কৰ্ম প্ৰৱণতা।

(খ) দুঃসাহসী আৰু নিঃস্বাৰ্থ লোক আছিল বাবেই বৰুৱাই সকলোৰে প্ৰতি সহায়ৰ হাত আগবঢ়াইছিল।

(গ) তোমালোকৰ আত্মবিশ্বাসে নিশ্চয়কৈ দেশৰ কল্যাণ সাধন কৰিব।

(ঘ) হেলেন কেলাৰ প্ৰবল ইচ্ছাশক্তিৰ অধিকাৰী হোৱাৰ উপৰি তেখেতৰ আত্মবিশ্বাস আৰু কৰ্মপ্ৰৱণতাও শলাগিবলগীয়া আছিল।

(ঙ) দুর্গতজনক সহায় কৰা নিঃস্বাৰ্থ লোকেহে প্ৰয়োজন সাপেক্ষে নিজেও সহায় পায় আৰু সকলোৱে তেনে লোকৰ কল্যাণ কামনা কৰে।

৯। শব্দবোৰ অভিধানৰ দৰে বৰ্ণমালাৰ ক্ৰমত-সজোৱা। প্ৰয়োজন হ’লে শিক্ষকৰ সহায় ল’বা।

উদাহৰণ–অধ্যক্ষ,অবাক,আনুষ্ঠানিক, আপ্ৰাণ।

মহীয়সী নিঃস্বাৰ্থ উপলব্ধি আপ্ৰাণ ফলপ্ৰসূ মধ্যবিত্ত দুঃসাহসী আনুষ্ঠানিক খুঁত কৰ্মপ্ৰৱণতা বিষাদপূৰ্ণ জৰিয়তে প্ৰতিষ্ঠিত শিক্ষা সংস্থাপন শাৰীৰিক অবাক চিকিৎসক ওঁঠ উৎসৰ্গা অধ্যক্ষ টেলিফোন ডিগ্ৰী আৰম্ভ ছোৱালী গ্ৰাহাম হতাশ নেহেৰু যুক্তৰাষ্ট্ৰ ইচ্ছাশক্তি হতভম্ভ হাঁহি কৰ্ম ।

উত্তৰঃ অধ্যক্ষ,অবাক,আনুষ্ঠানিক, আপ্ৰাণ, আৰম্ভ, ইচ্ছাশক্তি, উপলব্ধি, উৎসৰ্গা, ওঁঠ, কৰ্ম, কৰ্মপ্ৰৱণতা, খুঁত, গ্ৰাহাম, চিকিৎসক, ছোৱালী, জৰিয়তে, টেলিফোন, ডিগ্ৰী, দুঃসাহসী, নিঃস্বাৰ্থ, নেহেৰু, প্ৰতিষ্ঠিত, ফলপ্ৰসূ, বিষাদপূৰ্ণ, মধ্যবিত্ত, মহীয়সী, যুক্তৰাষ্ট্ৰ, শাৰীৰিক, শিক্ষা, সংস্থাপন, হতভম্ভ, হতাশ, হাঁহি।

১০। তলত দিয়াবোৰৰ পুংলিংগ, স্ত্রীলিংগ আৰু উভয়লিংগ নির্ণয় কবি তালিকা প্রস্তুত কৰা।

মহিলা, নাৰী, শিক্ষক, সন্তান, প্রধানমন্ত্ৰী ছোৱালী, পিতৃ, মাতৃ, শিক্ষয়িত্ৰী, শিশু, অধ্যক্ষ, ব্যক্তি, দেউতা, কেঁচুৱা, পুৰুষ, লোক

উদাহৰণ:

পুলিংগ

স্ত্ৰীলিংগ

উভৈলিংগ

পুৰুষ

মাতৃ

কেঁচুৱা

উত্তৰঃ

পুলিংগ

স্ত্ৰীলিংগ

উভৈলিংগ

পুৰুষ

মাতৃ

কেঁচুৱা

শিক্ষক

মহিলা

সন্তান

পিতৃ

নাৰী

প্ৰধানমন্ত্ৰী

অধ্যক্ষ

ছোৱালী

শিশু

দেউতা

মাতৃ

ব্যক্তি

পুৰুষ

শিক্ষয়িত্ৰী

কেঁচুৱা

১১। “বিশেষভাবে সক্ষম ব্যক্তিসকল সমাজৰ সম্পদ”-এইসকলৰ বাবে তুমি কি কৰিবা, দলত আলোচনা কৰি লিখা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

১২। “বিশেষভাবে সক্ষম ব্যক্তিসকল দেশ তথা সমাজৰ সম্পদ”- এই বিষয়ে তোমাৰ শ্রেণীকোঠাত এটি বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

১৩। শ্রুতলিপি লিখা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 6 Assamese Chapter 10 FAQs | মহীয়সী হেলেন কেলাৰ | Ospin Academy
SEBA Class 6 Assamese Chapter 10 – মহীয়সী হেলেন কেলাৰ FAQs
1. “মহীয়সী হেলেন কেলাৰ” পাঠটোৰ মূল বিষয় কি?
এই পাঠটোৰ মূল বিষয় হৈছে হেলেন কেলাৰৰ জীৱনসংগ্ৰাম, আত্মবিশ্বাস, আৰু অৱদান
2. হেলেন কেলাৰ কোন আছিল?
হেলেন কেলাৰ আছিল অন্ধ আৰু বধিৰ এজনী লেখিকা, সমাজসেৱক, আৰু শিক্ষাবিদ, যিয়ে নিজৰ পৰিস্থিতিক জয় কৰিছিল।
3. হেলেন কেলাৰৰ শিক্ষাগুরু কোন আছিল?
তেওঁৰ শিক্ষাগুরু আছিল এনি ছালিভান, যিয়ে হেলেনক শিক্ষা দিয়াত সহায় কৰিছিল।
4. এই পাঠটোৰ পৰা কি শিকিব পাৰি?
এই পাঠটোৰ পৰা সংগ্ৰাম, আত্মবিশ্বাস, আৰু অধ্যৱসায়ৰ গুৰুত্ব শিকিব পাৰি।
5. ক’ত পোৱা যাব SEBA Class 6 Assamese Chapter 10 সমাধান?
আপুনি Class 6 Assamese (অংকুৰণ) Chapter 10 – মহীয়সী হেলেন কেলাৰবিস্তৃত সমাধান, MCQs, আৰু ব্যাখ্যা Ospin Academy ত পাব।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top