Class 6 Assamese Chapter 14 Solution (অংকুৰণ) – স্কাউট আৰু গাইড | SEBA Assam

SEBA Class 6 Assamese (অংকুৰণ) Chapter 14 – স্কাউট আৰু গাইড Solutions & Summary

Find SEBA Class 6 Assamese (অংকুৰণ) Chapter 14 – “স্কাউট আৰু গাইড” solutions, designed for Assamese medium students. This chapter introduces the role of Scouts and Guides in character-building, discipline, and social service.

Students will learn about the history, principles, and objectives of the Scout and Guide movement, including leadership, teamwork, survival skills, and community service. The chapter also highlights how scouting fosters qualities like responsibility, self-reliance, and patriotism.

Our solutions include NCERT-based textbook answers, multiple-choice questions (MCQs), and a detailed chapter summary to help students understand the importance of discipline, teamwork, and social responsibility through scouting.

Vibrant Note Box
Buy Printable PDF
Class 6 Assamese (অংকুৰণ) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Get the SCERT Assam Class 6 Assamese (অংকুৰণ) Solution PDF, featuring chapter-wise answers, MCQs, and summaries. Perfect for SEBA Assam students to enhance their learning and exam preparation. Download now for easy access!

Category:
Vibrant Note Box
Chapter 14 – “স্কাউট আৰু গাইড”

TEXTUAL QUESTION ANSWER

১। ‘স্কাউট আৰু গাইড’ পাঠটো দলগতভাবে মনোযোগেৰে পঢ়া। পাঠটোত দর্শনা আৰু দুলর্ভব ভিতৰত কোনে দেউতাকক বেছিকৈ প্রশ্ন কৰিছে বিচাৰি উলিওৱা।

উত্তৰঃ পাঠটোত দর্শনাই আৰু দুৰ্লভতকৈ বেছিকৈ প্ৰশ্ন কৰিছে।

২। উত্তৰ কোৱা আৰু লিখা।

(ক) দর্শনাহঁতে দূৰদৰ্শনৰ বাতৰিত কোনখন নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল?

উত্তৰঃ দর্শনাহঁতে দূৰদৰ্শনৰ বাতৰিত পুথিমাৰি নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল।

(খ) চৰকাৰী বাহিনীয়ে বানপীড়িত বাইজৰ মাজত কি কি বিতৰণ কৰিছিল?

উত্তৰঃ চৰকাৰী বাহিনীয়ে বানপীড়িত বাইজৰ মাজত চাউল, চিবা আৰু গুৰ বিতৰণ কৰিছিল।

(গ) চৰকাৰী বাহিনীক সহায় কৰা যুৱক-যুৱতীসকল কোন?

উত্তৰঃ চৰকাৰী বাহিনীক সহায় কৰা যুৱক-যুৱতীসকল স্কাউট আৰু গাইড সংগঠন সদস্য-সদস্যা।

(ঘ) যুবক-যুৱতীসকলে কি পোছাক পিন্ধি বান সাহায্যৰ কাম কৰিছিল?

উত্তৰঃ যুৱক-যুৱতীসকলে নীলা পোছাক, মূৰত টুপী আৰু ডিঙিত স্কাৰ্ফ পিন্ধি সাহায্যৰ কামত আত্মনিয়োগ কৰিছিল।

(ঙ) দর্শনাহঁতৰ দেউতাকে স্কাউট আক গাইডর বিষয়ে কেনেকৈ জানিলে?

উত্তৰঃ দর্শনাহঁতৰ দেউতাকে এসময়ত স্কাউট আছিল বাবে তেখেতে স্কাউট-গাইডৰ বিষয়ে জানে।

৩। স্কাউট আৰু গাইড সংগঠনৰ মূল কথাখিনি চমুকৈ লিখা।

উত্তৰঃ স্কাউট আৰু গাইড গোটেই পৃথিৱীতে থকা এটা সংগঠন। এই সংগঠন ৬ ৰ পৰা ১০ বছৰৰ বয়সৰ ভিতৰৰ সদস্য থাকে। ল’ৰা সদস্যক কাব আৰু ছোৱালী সদস্যাক বুলবুল বুলি কোৱা হয়। ঠিক সেইদৰে ১১ ৰ পৰা ১৭ বছৰৰ বয়সৰ ভিতৰত সদস্য থাকে। ল’ৰা সদস্যক স্কাউট আৰু ছোৱালীক সদস্যক গাইড বুলি কোৱা হয়। আৰু ওঠৰ পৰা পঁচিশ বছৰ বয়সৰ ল’ৰাক ৰোভাৰ আৰু ছোৱালী সদস্যাক ৰেঞ্জাৰ বোলা হয়। স্কাউট সংগঠনৰ জন্মদাতা বেডেন পাৱেল আৰু তেখেতৰ ভনীয়েক এগনেচ বেডেন পাৱেলে গাইড সংগঠনৰ জন্ম দিয়ে। স্কাউট আৰু গাইডসকলে বহুতো নীতি আৰু সংকল্পৰ দ্বাৰা জীৱন পৰিচালিত কৰে। যেনে —- সাধুতা, বন্ধুত্ব, ৰাষ্ট্ৰীৰ প্ৰতি আনুগত্য, জীৱ-জন্তুৰ প্ৰতি দয়া, পৰোপকাৰ, সৎ চিন্তা, সৎ কৰ্ম, সৎ চৰিত্ৰৰ অধিকাৰী হোৱা, স্বাৱলম্বী হোৱা ইত্যাদি।

৪। পাঠটোৰ জটিল শব্দবোৰৰ অর্থ জানি লোৱা।

শব্দ

অর্থ

থাউনি

 

নাজল-নাথল অৱস্থা

 

বিপদসংকুল

 

আনুগত্য

 

জনহীতকৰ

 

স্বাভালম্ভি

 

হস্ত-শিল্প

 

হুৱা-দুৱা

 

জনপ্ৰিয়

 

উচ্ছৃংখল

 

সংকল্প

 

উত্তৰঃ

শব্দ

অর্থ

থাউনি

পানীত তল নোযোৱাকৈ ভৰিৰে পোৱা পানীৰ তলৰ মাটি।

নাজল-নাথল অৱস্থা

আলাই আথানি।

বিপদসংকুল

বিপদৰে ভৰা।

আনুগত্য

বাধ্য হৈ থকা অৱস্থা।

জনহীতকৰ

জনসাধাৰণৰ বাবে মংগলজনক।

স্বাভালম্ভি

আপোনাক আপুনি প্রতিপাল কৰা।

হস্ত-শিল্প

কুটীৰ-শিল্প।

হুৱা-দুৱা

বিপদ আদিত কৰা চিঞৰ বাখৰ।

জনপ্ৰিয়

জনসাধাৰনে ভাল পোৱা।

উচ্ছৃংখল

নিয়ম নমনা।

সংকল্প

দুঢ় ইচ্ছা, প্রতিজ্ঞা।

৫। প্রথমে অকলে পঢ়া। তাৰ পাছত সৰু সৰু দলত ভাগ হৈ পঢ়া আৰু বাকীবোৰে শুনা।

উপকাৰ, অপকাৰ, পৰোপকাৰ, নির্বিকাৰ, সৎ চিন্তা, সৎ কর্ম, সৎ চবিত্র, সৎসংগ, সমাজ-সেৱা, গুৰু-সেৱা, অতিথি-সেৱা, দেশ-সেৱা, আত্মকথা, আত্মত্যাগ, আত্মতুষ্টি, আত্মগ্লানি, অপকৰ্ম, অপবাদ, অপহৰণ, অপসংস্কৃত।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

৬। কাষৰ ফুলপাহৰ পৰা শব্দ আনি তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰা।

বন্ধুত্ব, ত্যাগ, আনুত্যাগ, সাধুতা, পৰোপকাৰ

(ক) স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়ে অশেষ _____________ স্বীকাৰ কৰিছিল।

উত্তৰঃ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়ে অশেষ ত্যাগ স্বীকাৰ কৰিছিল।

(খ) জননী জন্মভূমিৰ প্ৰতি মানুহৰ ____________ থকা উচিত।

উত্তৰঃ জননী জন্মভূমিৰ প্ৰতি মানুহৰ আনুগত্য থকা উচিত।

(গ) সদায় ভাল সংগৰ লগত ___________ কৰিব লাগে।

উত্তৰঃ সদায় ভাল সংগৰ লগত বন্ধুত্ব কৰিব লাগে।

(ঘ) ____________ গুণে মানুহক মহান কৰে।

উত্তৰঃ সাধুতা গুণে মানুহক মহান কৰে।

(ঙ) ___________ স্কাউট আৰু গাইডৰ মূল কথা।

উত্তৰঃ পৰোপকাৰ স্কাউট আৰু গাইডৰ মূল কথা।

৭। তলত দিয়া বিশেষ্য পদবোৰৰ পৰা গুণবাচক বিশেষ্যবোৰ বাছি উলিয়াই লিখা।

Class 6 Assamese

উত্তৰঃ একতা, পৰোপকাৰ, ত্যাগ, দয়া, আনুগত্য, বন্ধুত্ব।

৮। বিপৰীত অর্থ বুজোৱা শব্দ লিখা।

ন্যায়, সৎচৰিত্ৰ, সাধু, বিশ্বাস, হিত।

উত্তৰঃ (i) ন্যায় – অন্যায়।

(ii) সৎচৰিত্ৰ – অসৎ চৰিত্ৰ।

(iii) সাধু – অসাধু।

(iv) বিশ্বাস – অবিশ্বাস।

(v) হিত – অহিত।

৯। তলৰ চিঠিখন পঢ়া আৰু প্ৰশ্নসমূহৰ উত্তৰ লিখা।

শ্রীহৰি

গুৱাহাটী ২১-০৫-২০১৩

কল্যাণীয়া মাজনী,

মোৰ আশীৰ্বাদ গ্ৰহণ কৰিবা। আশা কৰোঁ মাৰাৰ লগতে মুনু আৰু তুমি কুশলে আছা। ভগৱানৰ কৃপাত ময়ো ভাল আছোঁ। তোমাৰ চিঠিখন পঢ়ি সন্তোষ পালোঁ। তুমি বাক্যবোৰ শুদ্ধকৈ লিখিব পাৰিছা, কেৱল দুই-এঠাইত বানান ভুল কৰিছা। বানান লিখাৰ ক্ষেত্ৰত সদায় সাৱধান হ’বা। সন্দেহ থাকিলে অভিধানৰ সহায় ল’বা।

চাকৰিৰ সংক্ৰান্তত যদিও মই গুৱাহাটীত আছোঁহি, তথাপি অনবৰতে তোমালোকৰ বাবে চিন্তা লাগি থাকে। অৱশ্যে মাৰাই ঘৰৰ যাৱতীয় কাম-কাজ কৰাৰ উপৰি তোমালোকৰ যত্ন লোৱাৰ ত্ৰুটি কৰা নাই। তেওঁ অকলে মাক-দেউতাক দুয়োৰে দায়িত্ব পালন কৰিছে। তাৰ বাবে তেওঁৰ যথেষ্ট কষ্টও হৈছে। মুনু আৰু তুমি মাৰাক ঘৰুৱা কাম-বনত সহায় কৰি দিবা। তেওঁ নিজৰ স্বাস্থ্যৰ যত্ন লৈছেনে নাই তাৰ প্ৰতিও লক্ষ্য ৰাখিবা। মোৰ বাবে তোমালোকে চিন্তা কৰি নাথাকিবা।

তোমালোকৰ দ্বিতীয় গোট মূল্যায়ন ওচৰ চাপিছে বুলি তুমি চিঠিত উল্লেখ কৰিছা। তোমালোক দুয়ো ভালদৰে পঢ়া-শুনা কৰিবা। তুমি মুনুৰ বায়েক যেতিয়া মুনুৰ পঢ়া-শুনাতো মাজে মাজে চকু দিবা। গণিতৰ অনুশীলন নিতৌ কৰিবা আৰু মুনুকো কৰিবলৈ দিবা।

মাজনী, তোমালোকৰ বিদ্যালয়ত স্কাউট আৰু গাইডৰ শাখা খুলিছে বুলি জানি আনন্দ পালোঁ। পাৰিলে মুনু আৰু তুমি ক্ৰমে ‘কাব’ আৰু ‘গাইড’ হিচাপে সদস্যভুক্ত হ’বা।

আজিলৈ সামৰোঁ। শেষত তোমালোক দুয়ো মোৰ আশীৰ্বাদ আৰু মৰম ল’বা। মাৰাক মোৰ মৰম দিবা।

ইতি ………

(ক) চিঠিখন মাজনীলৈ কোনে লিখিছে?

উত্তৰঃ চিঠিখন মাজনীলৈ দেউতাকে লিখিছে।

(খ) মুনু আৰু মাজনীৰ মাজত কি সম্বন্ধ?

উত্তৰঃ মুনু মাজনীৰ ভায়েক।

(গ) চিঠিখন পঢ়ি মুনু ল’ৰা নে ছোৱালী চিনাক্ত কৰা?

উত্তৰঃ মুনুক দেউতাকে ‘কাব’ হিচাপে সদস্যভুক্ত হ’বলৈ কৈছে; সেয়েহে মুনু ল’ৰা।

(ঘ) চিঠিখনত কোনটো বিষয় সদায় অনুশীলন কৰাৰ কথা কোৱা হৈছে?

উত্তৰঃ চিঠিখনত গণিতৰ অনুশীলন সদায় কৰাৰ কথা কোৱা হৈছে।

(ঙ) বানান লিখোঁতে কিহৰ সহায় ল’ব লাগে?

উত্তৰঃ বানান লিখোঁতে অভিধানৰ সহায় ল’ব লাগে।

১০। তলত উল্লেখ কৰা গীতসমূহ কেতিয়া আৰু ক’ত গোৱা হয় ?

(ক) ‘জন গণ মন অধিনায়ক___’

উত্তৰঃ জন গণ মন অধিনায়ক গীতটি ভাৰতত স্বাধীনতা আৰু গণতন্ত্ৰ দিৱসত পতাকা উত্তোলনৰ সময়ত গোৱা হয়।

(খ) ‘চিৰ চেনেহী মোৰ ভাষা জননী___’

উত্তৰঃ ‘চিৰ চেনেহী মোৰ ভাষা জননী গীতটি অসম সাহিত্য সভাৰ অধিৱেশনৰ আৰম্ভণী গীত হিচাপে গোৱা হয়।

(গ) ‘শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠা___’

উত্তৰঃ ‘শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠা গীতটি অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰ সময়ত উত্তোলন-স্থলীত গোৱা হয়।

(ঘ) ‘ভাৰত স্কাউট-গাইড ঝাণ্ডা উচ্চা সদা ৰহেগে____’

উত্তৰঃ ‘ভাৰত স্কাউট-গাইড ঝাণ্ডা উচ্চা সদা ৰহেগা গীতটি ‘ভাৰত স্কাউট-গাইড’ৰ পতাকা উত্তোলনৰ গীত হিচাপে উত্তোলন-স্থলীত গোৱা হয়।

১১। তোমাৰ পাঠত মৌ-পালন, কৃষি, বয়ন, ব্স্ত-শিল্প– এইকেইটা বৃত্তিৰ নাম উল্লেখ আছে। ইয়াৰ বাহিৰে আৰু কি কি বৃত্তিৰ নাম জানা লিখা।

উত্তৰঃ পশু-পালন, দুগ্ধ উৎপাদন, বেহা-বেপাৰ, পৰ্যটন-গাইড, কাঁহ-পিতলৰ, বাচন-বৰ্তন তৈয়াৰ, লৌহ-সামগ্ৰী তৈয়াৰ, মৃৎ শিল্প, ভাস্কৰ্য, মৎস্য চিকাৰ, ‘চাইন-বোৰ্ড’ লিখন ইত্যাদি।

১২। তুমি অকলে আৰু দলীয়ভাবে কৰি ভাল পোৱা কামৰ তালিকা কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

১৩। এসপ্তাহৰ বাবে ৰেডিঅ’ বা দূৰদৰ্শনৰ সন্ধিয়াৰ বাতৰি লৈ ঘাই ঘাই বাতৰিখিনি লিখি শিক্ষকক দেখুওৱা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

১৪। ‘একতাৰ বল’ — সকলোৱে জানে,

একেলগে থাকিলে কি কৰিব আনে ?

লগ হৈ ভেটোঁ আমি বাৰিষাৰ বান,

দা-কোৰ লৈ গাঁও একতাৰ গান।

বান্ধো আমি ৰাজআলি, পীড়িতৰ ঘৰ,

সকলো আপোন মোৰ, নাই কোনো পৰ।

ওপৰৰ পদ্যটোৰ দৰে তোমালোকেও নিজে ‘একতা’ক বিষয় হিচাপে লৈ পদ্য এটা লিখা। পদ্যটোৰ নাম দিবা আৰু শিক্ষকক দেখুৱাবা।

উত্তৰঃ লগুণ-পুথিৰ বুদ্ধি

এদিন এটা ডাঙৰ মাছে

খাওঁ খাওঁ ৰূপ ধৰে,

সৰু মাছবোৰ ভয়ত আতুৰ

চিটিকি চিটিকি পৰে।

সুবিধা বুজি ডাঙৰ মাছে

এটা এটা ধৰি খায়,

ছেদেলি-ভেদেলি হ’ল সৰু মাছ

আৰু যে উপায় নাই।

লগুণ-পুথিয়ে দুখেৰে ক’লে—

ই কথা নহ’ব ভাই’,

আটাইৰে কাণত লগুণ বোপায়ে

কিবা ক’লে ফুচফুচাই।

সেই কথা শুনি সৰু মাছবোৰ

মাৰ বান্ধি থিয় হ’ল,

লগুণে দূৰত ৰৈ ৰৈ চালে

কাৰ নো কিমান বল।

সৰু মাছবোৰে লগ লাগি হ’ল,

যেনিবা মাছ প্ৰকাণ্ড,

ডাঙৰ মাছে ভয়তে ক’লে–

এয়া কি ডাঙৰ কাণ্ড।’

প্ৰকাণ্ড মাছৰ ৰূপত সৰু

মাছৰ জাকে ল’লে চোঁচা,

চিকাৰি মাছে তৰা-নৰা ছিঙি

পলাল কোবাই ফিছা।

লগুণে ক’লে– ‘দেখিলি এতিয়া

একতাৰ বল কিমান?’

সৰু মাছবোৰে শলাগি ক’লে—

–‘তোমাৰ বুদ্ধি যিমান।’

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 6 Assamese Chapter 14 FAQs | স্কাউট আৰু গাইড | Ospin Academy
SEBA Class 6 Assamese Chapter 14 – স্কাউট আৰু গাইড FAQs
1. “স্কাউট আৰু গাইড” পাঠটোৰ মূল বিষয় কি?
“স্কাউট আৰু গাইড” পাঠটোৰ মূল বিষয় হৈছে **শৃংখলা, দায়িত্ববোধ, আৰু সমাজসেৱাৰ গুৰুত্ব**।
2. স্কাউট আৰু গাইড কি?
স্কাউট আৰু গাইড হৈছে **এটা আন্তঃৰাষ্ট্ৰীয় আন্দোলন**, যাৰ লক্ষ্য **শিশু আৰু কিশোৰ-কিশোৰীক শৃংখলিত আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ় দিয়া**।
3. স্কাউট আন্দোলনৰ প্ৰতিষ্ঠাতা কোন?
স্কাউট আন্দোলনৰ প্ৰতিষ্ঠাতা **লৰ্ড ব্যাডেন-পাৱেল** (Lord Baden-Powell)।
4. স্কাউট আৰু গাইড সদস্যসকলৰ দায়িত্ব কি?
তেওঁলোকৰ দায়িত্ব **সমাজসেৱা, পৰিবেশ সুৰক্ষা, আৰু আত্মনির্ভৰশীল হোৱাত সহায় কৰা**।
5. ক’ত পোৱা যাব SEBA Class 6 Assamese Chapter 14 সমাধান?
আপুনি **Class 6 Assamese (অংকুৰণ) Chapter 14 – স্কাউট আৰু গাইড** ৰ **বিস্তৃত সমাধান, MCQs, আৰু ব্যাখ্যা** Ospin Academy ত পাব।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top