SEBA Class 6 Science (Assamese Medium) Chapter 4 – “দ্ৰব্যৰ পৃথকীকৰণ” Summary & Solutions
SEBA Class 6 Science (Assamese Medium) Chapter 4 – “দ্ৰব্যৰ পৃথকীকৰণ” ৰ সমাধান বিচাৰি আছানে? Ospin Academy-ত তুমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু সম্পূৰ্ণ অধ্যায়ৰ সংক্ষিপ্ত বিৱৰণ পাব, যিয়ে পৰীক্ষাৰ বাবে সহায় কৰিব।
📖 অধ্যায় পৰ্যালোচনা:
এই অধ্যায়, যি প্ৰথম খণ্ডৰ অংশ, বিভিন্ন দ্ৰব্য পৃথকীকৰণৰ প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা কৰে। দৈনন্দিন জীৱনত শুদ্ধ বস্তু লাভ কৰিবলৈ বিভিন্ন দ্ৰব্য পৃথকীকৰণৰ প্ৰয়োজন হয়।
- পৃথকীকৰণৰ প্ৰধান পদ্ধতি: মিহলি কৰা, প্ৰক্ৰমণ, ছাঁকনি, বাষ্পীভৱন
- দ্ৰব্যৰ বৈশিষ্ট্য: দ্রাৱণশীলতা, ঘনত্ব, আকাৰ
- অসমৰ উদাহৰণ: – চাহ পাত আৰু পানীৰ পৃথকীকৰণ – অসমত সোণ, বালি, আৰু পাথৰৰ প্ৰক্ৰমণ
- ব্যৱহাৰ: খাদ্য প্ৰস্তুতকৰণ, পৰিষ্কাৰ পানী, ধাতু উৎপাদন
📌 মূল বিষয়বস্তু:
- ⭐ দ্ৰব্য পৃথকীকৰণ কিয় প্ৰয়োজনীয়?
- ⭐ প্ৰধান পৃথকীকৰণ পদ্ধতি কি কি?
- ⭐ অসমত পৃথকীকৰণ ক’ত ব্যৱহাৰ কৰা হয়?
- ⭐ ছাঁকনি আৰু প্ৰক্ৰমণৰ মাজত পার্থক্য কি?
- ⭐ দ্ৰব্য পৃথকীকৰণৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয়তা?
📝 Ospin Academy ৰ সমাধান কেনেকৈ সহায় কৰিব?
- ✅ পৰীক্ষা ভিত্তিক সমাধান: SCERT-অনুসৰি সম্পূৰ্ণ Class 6 Science Assamese Medium সমাধান
- ✅ MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন
- ✅ ক্লিয়াৰ কনচেপ্ট: অসমৰ প্ৰকৃত উদাহৰণসহ ব্যাখ্যা
- ✅ দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগত চাবলগীয়া সংক্ষেপিত নোট
SEBA Class 6 Science (Assamese Medium) Chapter 4 – “দ্ৰব্যৰ পৃথকীকৰণ” সমাধান পাবলৈ Ospin Academy-ৰ সম্পূৰ্ণ PDF Notes অনুসৰণ কৰা!
Class 6 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download Class 6 Science Assamese Medium PDF for SCERT Assam students. Get chapter-wise solutions, textbook PDFs, short questions, MCQs, and study materials for SEBA Assam. Perfect for exam preparation and concept clarity.
Out of stock
পাঠভিত্তিক প্ৰশ্নোত্তৰ
১) মিশ্ৰণত থকা উপদানসমূহৰ কিয় পৃথক কৰাৰ প্ৰয়োজন ? দুটা উদাহৰণ দিয়া ।
উত্তৰঃ – এটা মিশ্ৰণত বিভিন্ন ধৰণৰ দ্ৰব্য থাকে । এই সকলো দ্ৰব্য আমাৰ প্ৰয়োজন নহয় অথবা অপকাৰী হব পাৰে । এই দ্ৰব্য আঁতৰ কৰিবলৈ দ্ৰব্যৰ পৃথকীকৰণ প্ৰয়োজন হয় ।
উদাহৰণ স্বৰূপে ―
১) চাহ তৈয়াৰ কৰোতে চাহপাত চেকনিৰে চেকা হয় ।
২) চাউল , ঘেঁহু , আৰু মাহ জাতীয় শস্যৰ পৰা শিলগুটি আঁতৰ কৰা হয় ।
২) জাৰা পদ্ধতিটো কি ? এই পদ্ধতি কিহত প্ৰয়োগ হয় ?
উত্তৰঃ – গধুৰ আৰু পাতল উপাদানেৰে গঠিত এটা মিশ্ৰণ পৃথক কৰিবলৈ বতাহ অথবা বায়ু চালিত কৰা পদ্ধতিটোক জাৰা পদ্ধতি বোলা হয় । কৃষকে বাকলিৰ পৰা শস্যৰ বীজ আঁতৰ কৰিবলৈ এই পদ্ধতি ব্যৱহাৰ কৰে ।
৩) ৰন্ধাৰ আগতে , দাইলৰ পৰা বাকলি অথবা ধূলি – মাকতি কেনেকৈ পৃথক কৰিবা ?
উত্তৰঃ – দাইলৰ পৰা জাৰি বাকলি অথবা ধূলি – মাকতি পৃথক কৰিব পাৰি ।
৪) চালনিৰে চলা প্ৰক্ৰিয়া কি ? ইয়াক কিহত প্ৰয়োগ কৰা হয় ?
উত্তৰঃ – চালনিৰে চালি ডাঙৰ কণাৰ পৰা সৰু কণা পৃথক কৰা পদ্ধতিটোক চালনিৰে চলা প্ৰক্ৰিয়া বোলা হয় । এই পদ্ধতি আটা মিল অথবা নিৰ্মান কাৰ্যত ব্যৱহাৰ কৰা হয় । আটা মিলত এই পদ্ধতিৰে ঘেঁহুৰ পৰা শিলগুটি আৰু ময়লা আঁতৰ কৰা হয় । চালনিৰে চালি বালিৰ পৰা ক্ষুদ্ৰ ক্ষুদ্ৰ শিলগুটি আঁতৰ কৰা হয় ।
৫) বালি আৰু পানীৰ মিশ্ৰনক কেনেকৈ পৃথক কৰিবা ?
উত্তৰঃ – বালি আৰু পানী অৱক্ষেপন আৰু আস্ত্ৰাৱন পদ্ধতিৰে পৃথক কৰা হয় । কিছু সময়ৰ বাবে বালি আৰু পানীৰ মিশ্ৰণটো ৰখা হল । কিছু সময়ৰ পাছত দেখা গল যে পানীৰ তলত বালি দ’ম বান্ধিছে । তেতিয়া পানীখিনি আন এটা পাত্ৰত বাকি দিয়া হল ।
৬) আটা গুড়িৰ লগত মিহলি হৈ থকা চেনি পৃথক কৰা সম্ভৱ নে ? যদি সম্ভৱ তেন্তে কেনেকৈ পৃথক কৰিবা ?
উত্তৰঃ – চালনীৰে চালি আটা গুড়িৰ পৰা চেনি আঁতৰ কৰিব পাৰি । আটা গুড়িতকৈ চেনি ডাঙৰ হোৱাৰ বাবে চালনীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰন্দ্ৰইদি নসৰকে ।
৭) বোকা পানীৰ পৰা পৰিস্কাৰ পানী কেনেকৈ পাবা ?
উত্তৰঃ – ফিল্টাৰ কৰি বোকা পানীৰ পৰা পৰিষ্কাৰ পানী পাব পাৰি । এটা চুপিত এখন ফিল্টাৰ কাগজ শংকু আকৃতিৰ কৰি সুমুৱাই দিয়া হল । পানীখিনি ইয়াৰ ওপৰত চালি দিয়া হল । বোকা ফিল্টাৰ কাগজখনত ৰৈ গল আৰু পানীখিনি তললৈ সৰকি গল ।
৮) খালী ঠাই পূৰ কৰা ।
ক) ধান গছৰ ঠাৰিৰ পৰা ইয়াৰ গুটি পৃথক কৰা প্ৰণালীটোক ― বোলা হয় ।
উত্তৰঃ – ধান গছৰ ঠাৰিৰ পৰা ইয়াৰ গুটি পৃথক কৰা প্ৰণালীটোক মৰণামৰা বোলা হয় ।
খ) গাখীৰ উতলাই , ঠাণ্ডা কৰি যেতিয়া এখন কাপোৰৰ ওপৰত ঢালি দিয়া হয় , তেতিয়া সৰখিনি ইয়াৰ ওপৰত ৰৈ যায় । গাখীৰৰ পৰা সৰ পৃথক কৰাটো ― ৰ এটা উদাহৰণ ।
উত্তৰঃ – গাখীৰ উতলাই , ঠাণ্ডা কৰি যেতিয়া এখন কাপোৰৰ ওপৰত ঢালি দিয়া হয় , তেতিয়া সৰখিনি ইয়াৰ ওপৰত ৰৈ যায়। গাখীৰৰ পৰা সৰ পৃথক কৰাটো পৰিস্ৰাৱণ ৰ এটা উদাহৰণ ।
গ) সাগৰৰ পানীৰ পৰা নিমখ ― প্ৰক্ৰিয়াৰে পাব পাৰি ।
উত্তৰঃ – সাগৰৰ পানীৰ পৰা নিমখ বাষ্পীভৱন প্ৰক্ৰিয়াৰে পাব পাৰি ।
ঘ) যেতিয়া বোকাময় পানী গোটেই ৰাতি এটা বাল্টিত থৈ দিয়া হয় , তেতিয়া অশুদ্ধি বোৰ তলিত গোট খায় । ওপৰৰ স্বচ্ছ পানীখিনি পাছত ঢালি দিয়া হল । এই ক্ষেত্ৰত প্ৰয়োগ হোৱা পৃথকীকৰণ প্ৰক্ৰিয়াৰ এটা ― ৰ উদাহৰণ ।
উত্তৰঃ – যেতিয়া বোকাময় পানী গোটেই ৰাতি এটা বাল্টিত থৈ দিয়া হয়, তেতিয়া অশুদ্ধি বোৰ তলিত গোট খায় । ওপৰৰ স্বচ্ছ পানীখিনি পাছত ঢালি দিয়া হল । এই ক্ষেত্ৰত প্ৰয়োগ হোৱা পৃথকীকৰণ প্ৰক্ৰিয়াৰ এটা অৱক্ষেপন আৰু আস্ৰাৱণ উদাহৰণ ।
৯) শুদ্ধ নে অশুদ্ধ :
ক) গাখীৰ আৰু পানীৰ মিশ্ৰণ পৰিস্ৰাৱণৰ দ্বাৰা পৃথক কৰিব পাৰি ।
উত্তৰঃ – অশুদ্ধ ।
খ) নিমখ আৰু চেনিৰ গুড়ি জাৰা পদ্ধতিৰ দ্বাৰা পৃথক কৰিব পাৰি ।
উত্তৰঃ – অশুদ্ধ ।
গ) চাহৰ পৰা চেনি চেকন পদ্ধতিৰে পৃথক কৰিব পাৰি ।
উত্তৰঃ – অশুদ্ধ ।
ঘ) শস্য আৰু ইয়াৰ বাকলি আস্ৰাৱণ পদ্ধতিৰে পৃথক কৰিব পাৰি ।
উত্তৰঃ – অশুদ্ধ ।
১০) পানীত নেমুৰ ৰস আৰু চেনি মিহলি কৰি চৰবত প্ৰস্তুত কৰা হয় । তুমি এই চৰবত ঠাণ্ডা কৰিবলৈ ইয়াত বৰফ মিহলাব বিচাৰিছা । চেনিখিনি দ্ৰৱীভূত কৰাৰ আগত নে পাছত বৰফখিনি দিয়া উচিত ? কোনটো ক্ষেত্ৰত পানীত বেছি চেনি দ্ৰৱীভূত কৰা সম্ভৱ ?
উত্তৰঃ – চেনি পানীত দ্ৰৱীভূত হোৱাৰ পাছত বৰফ মিহলোৱা উচিত । চৰবতৰ উষ্ণতা বৃদ্ধি হলে অধিক চেনি দ্ৰৱীভূত হব । বৰফ মিহলোৱাৰ পাছত চৰবতৰ উষ্ণতা কমি যাব আৰু কম চেনি দ্ৰৱীভূত হব ।
SEBA Class 6 Science Chapter 4 – দ্ৰব্যৰ পৃথকীকৰণ FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: