Class 6 Science Chapter 5 Solution (Assamese Medium) – গতি আৰু দূৰত্বৰ জোখ-মাখ | SEBA Assam

SEBA Class 6 Science (Assamese Medium) Chapter 5 – “গতি আৰু দূৰত্বৰ জোখ-মাখ” Summary & Solutions

SEBA Class 6 Science (Assamese Medium) Chapter 5 – “গতি আৰু দূৰত্বৰ জোখ-মাখ” ৰ সমাধান বিচাৰি আছানে? Ospin Academy-ত তুমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু সম্পূৰ্ণ অধ্যায়ৰ সংক্ষিপ্ত বিৱৰণ পাব, যিয়ে পৰীক্ষাৰ বাবে সহায় কৰিব।

📖 অধ্যায় পৰ্যালোচনা:

এই অধ্যায়, যি প্ৰথম খণ্ডৰ অংশ, গতি আৰু দূৰত্বৰ মাপ সম্পৰ্কে আলোচনা কৰে। দৈনন্দিন জীৱনত গতিৰ গুৰুত্ব, গতিৰ প্ৰকাৰ, আৰু দূৰত্বৰ সঠিক জোখ-মাখ কেনেকৈ কৰা হয় সেয়া ব্যাখ্যা কৰা হৈছে।

  • গতিৰ প্ৰকাৰ: একসাৰ গতি, ঘূৰণীয় গতি, অসংযত গতি
  • দূৰত্বৰ জোখ-মাখ: একক, গতিৰ গাণিতিক নিয়ম
  • অসমৰ উদাহৰণ: – অসমত পথ-বাহনৰ গতিৰ নিয়ন্ত্ৰণ – ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ গতি আৰু বৈশিষ্ট্য
  • ব্যৱহাৰ: বিজ্ঞান, পৰিবহন, খেল-ধেমালিত গতিৰ গুৰুত্ব

📌 মূল বিষয়বস্তু:

  • গতি কাক কয়?
  • গতিৰ প্ৰধান প্ৰকাৰ কি কি?
  • দূৰত্বৰ একক কি?
  • অসমত গতিৰ উদাহৰণ কি?
  • গতি কিদৰে দৈনন্দিন জীৱনত সহায় কৰে?

📝 Ospin Academy ৰ সমাধান কেনেকৈ সহায় কৰিব?

  • পৰীক্ষা ভিত্তিক সমাধান: SCERT-অনুসৰি সম্পূৰ্ণ Class 6 Science Assamese Medium সমাধান
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন
  • ক্লিয়াৰ কনচেপ্ট: অসমৰ প্ৰকৃত উদাহৰণসহ ব্যাখ্যা
  • দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগত চাবলগীয়া সংক্ষেপিত নোট

SEBA Class 6 Science (Assamese Medium) Chapter 5 – “গতি আৰু দূৰত্বৰ জোখ-মাখ” সমাধান পাবলৈ Ospin Academy-ৰ সম্পূৰ্ণ PDF Notes অনুসৰণ কৰা!

Vibrant Note Box
Buy Printable PDF
Class 6 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 6 Science Assamese Medium PDF for SCERT Assam students. Get chapter-wise solutions, textbook PDFs, short questions, MCQs, and study materials for SEBA Assam. Perfect for exam preparation and concept clarity.

Vibrant Note Box
অধ্যায় 5: গতি আৰু দূৰত্বৰ জোখ-মাখ
পাঠভিত্তিক প্ৰশ্নোত্তৰ

প্ৰশ্ন : – ১) মাটি , পানী আৰু বায়ুত ব্যৱহাৰ কৰা পৰিবহণ ব্যৱস্থাৰ দুটাকৈ উদাহৰণ দিয়া ।

উত্তৰঃ – মাটি ― বাছ , ট্ৰাক আৰু ৰেল ।

পানী ― জাহাজ , নাও ।

বায়ু ― উৰাজাহাজ , হেলিকপ্তাৰ ।

প্ৰশ্ন : – ২) খালী ঠাই পূৰ কৰা :

ক) এক মিটাৰ মানে ― চে : মি : ।

উত্তৰঃ – এক মিটাৰ মানে ১০০ চে : মি : ।

খ) পাঁচ কিলোমিটাৰ মানে ― মি : ।

উত্তৰঃ – পাঁচ কিলোমিটাৰ মানে ৫০০০ মি : ।

গ) দোলনাত শিশু এটাই কৰা গতি হৈছে ― ।

উত্তৰঃ – দোলনাত শিশু এটাই কৰা গতি হৈছে পৰ্যাবৃত্ত ( ঘূৰ্ণন ) গতি ।

ঘ) চিলাই মেচিনৰ বেজিটোৰ গতি হৈছে ― ।

উত্তৰঃ – চিলাই মেচিনৰ বেজিটোৰ গতি হৈছে পৰ্যাবৃত্ত ঘূৰ্ণন গতি ।

ঙ ) বাইচাকেলৰ চকাৰ গতি হৈছে ― ।

উত্তৰঃ – বাইচাকেলৰ চকাৰ গতি হৈছে বৃত্তীয় গতি ।

প্ৰশ্ন : – ৩) ভৰিৰ জোখ অথবা পদচিহ্ন এটাক কিয় দৈৰ্ঘ্যৰ জোখৰ একক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি ?

উত্তৰঃ – প্ৰতিজন লোকৰে ভৰিৰ জোখ অথবা পদচিহ্ন সমান নোহোৱাৰ কাৰণে ।

প্ৰশ্ন : – ৪) বৰ্ধিত ক্ৰমত তলৰ দৈর্ঘবোৰ সজোৱা :

১ মিটাৰ , ১ চেণ্টিমিটাৰ , ১ কিলোমিটাৰ , ১ মিলিমিটাৰ ।

উত্তৰঃ – এই দৈৰ্ঘ্যবোৰৰ বৰ্ধিত ক্ৰম হৈছে ―

১ মিলিমিটাৰ < ১ চেণ্টিমিটাৰ < ১ মিটাৰ < ১ কিলোমিটাৰ ।

প্ৰশ্ন : – ৫) এজন নানুহৰ উচ্চতা ১.৬৫ মিটাৰ । ইয়াক চেণ্টিমিটাৰ আৰু মিলিমিটাৰত প্ৰকাশ কৰা ।

উত্তৰঃ – ১ মিটাৰ = ১০০ চেণ্টিমিটাৰ

গতিকে ১.৬৫ মিটাৰ = ১.৬৫ × ১০০ ছে : মি :

= ১ . ৬৫ চে : মি

যিহেতু ১) চেণ্টিমিটাৰ = ১০০ মিলিমিটাৰ

গতিকে ১৬০ চে – মি: নি = ( ১৬৫ × ১০০০ ) মি : মি

= ১৬৫০ মি : মি

প্ৰশ্ন : – ৬) ৰাধাৰ ঘৰ আৰু স্কুলৰ মাজত দূৰত্ব ৩২৫০ মিটাৰ। ইয়াক কিলোমিটাৰত প্ৰকাশ কৰা ।

উত্তৰঃ – যিহেতু ১ কিলোমিটাৰ = ১০০০ মিটাৰ

গতিকে , ৩২৫০ মিটাৰ = ৩২৫০ / ১০০ কি: মি :

প্ৰশ্ন : – ৭) ঊণ গুঠা শলা এডালৰ দৈৰ্ঘ্য জোখোতে স্কেলডালৰ এটা মূৰৰ মান ৩.০ চেণ্টিমিটাৰ আৰু আনটো মূৰৰ মান ৩৩.১ চেণ্টিমিটাৰ পোৱা গল । শলাডালৰ দৈৰ্ঘ্য কিমান ?

উত্তৰঃ – শলাডালৰ দৈৰ্ঘ্য হৈছে ৩৩.১ চে : মি : ― ৩ চে : মি : = ৩০.১ চে : মি : ।

প্ৰশ্ন : – ৮) চলি থকা বাইচাইকেল আৰু চুইচ অফ কৰা চিলিং ফেন এখনৰ গতিৰ সাদৃশ্য আৰু বৈসাদৃশ্য বোৰ লিখা ।

উত্তৰঃ – সাদৃশ্য : ফেনখন আৰু বাইচাইকেলৰ চকা দুয়োটাই একোডাল নিৰ্দিষ্ট অক্ষত গতি কৰে ।

বৈসাদৃশ্য :- বাইচাইকেলৰ চকা সৰল ৰৈখিকভাৱে আগলৈ গতি কৰে । কিন্তু চিলিং ফেন খনৰ গতি একে নহয় ।

প্ৰশ্ন : – ৯) দূৰত্ব জুখিবলৈ তোমালোকে বাৰু কিয় ইলাষ্টিকৰ মাপক ব্যৱহাৰ কৰিব নোৱাৰা ? ইলাষ্টিকৰ ফিটাৰে তুমি জোখা দূৰত্ব এটাৰ বিষয়ে কওঁতে তুমি কি সমস্যাৰ সন্মুখীন হ’বা ?

উত্তৰঃ – দূৰত্ব জোখোতে ইলাষ্টিকৰ মাপক দুটা বিন্দুৰ মাজৰ দূৰত্ব দুটা পোৱা যায় । ইয়াৰ কাৰণ হৈছে ―

১) ইলাষ্টিকৰ মাপৰ ব্যৱহাৰ কৰোতে প্ৰয়োগ কৰাৰ ওপৰত নিৰ্ভৰ কৰি মাপক ডালৰ দৈৰ্ঘ্যৰ সালসলনি ঘটে ।

২) একেজন মানুহে একেডাল প্লাষ্টিকৰ মাপকেৰে কোনো বস্তুৰ দূৰত্ব জোখোতে দুটা অথবা তিনিটা মাপ পোৱা যায় ।

৩) পৃথক পৃথক মানুহে একে দূৰত্ব জোখাতে মাপ বেলেগ বেলেগ হ’ব ।

প্ৰশ্ন : – ১০) পৰ্যাবৃত্ত গতিৰ দুটা উদাহৰণ দিয়া ।

উত্তৰঃ – ১) পেণ্ডুলামৰ দোলন ।

২) সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ পৰিভ্ৰমণ ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 6 Science Chapter 5 FAQs | গতি আৰু দূৰত্বৰ জোখ-মাখ | Ospin Academy
SEBA Class 6 Science Chapter 5 – গতি আৰু দূৰত্বৰ জোখ-মাখ FAQs
1. গতি কি?
যেতিয়া কোনো বস্তু সময়ৰ লগে লগে স্থান পৰিৱৰ্তন কৰে, তেতিয়া তাক গতি বোলা হয়।
2. গতিৰ প্ৰধান প্ৰকাৰ কি কি?
গতিৰ প্ৰধান তিনিটা প্ৰকাৰ হৈছে একসাৰ গতি, ঘূৰণীয় গতি, আৰু অসংযত গতি
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top