SEBA Class 6 Science (Assamese Medium) Chapter 8 – “পানী” Summary & Solutions
SEBA Class 6 Science (Assamese Medium) Chapter 8 – “পানী” ৰ সমাধান বিচাৰি আছানে? Ospin Academy-ত তুমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু সম্পূৰ্ণ অধ্যায়ৰ সংক্ষিপ্ত বিৱৰণ পাব, যিয়ে পৰীক্ষাৰ বাবে সহায় কৰিব।
📖 অধ্যায় পৰ্যালোচনা:
এই অধ্যায়, যি প্ৰথম খণ্ডৰ অংশ, পানীৰ উৎস, ৰূপান্তৰ, আৰু দৈনন্দিন জীৱনত ইয়াৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰে।
- পানীৰ উৎস: নদী, হ্ৰদ, বৰষুণ, ভূগৰ্ভস্থ পানী
- পানীৰ ৰূপান্তৰ: বাষ্পীভৱন, সংকোচন, পৰিবৰ্তন
- অসমৰ উদাহৰণ: – ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ ব্যৱহাৰ – অসমত বৰষুণ আৰু বানপানীৰ প্ৰভাৱ
- ব্যৱহাৰ: পানীয় জল, কৃষিকাৰ্য, কল-কাৰখানা
📌 মূল বিষয়বস্তু:
- ⭐ পানীৰ উৎস কি কি?
- ⭐ পানীৰ ৰূপান্তৰ কেনেকৈ হয়?
- ⭐ অসমত পানীৰ প্ৰধান সমস্যা কি?
- ⭐ পানীৰ সংৰক্ষণ কিয় প্ৰয়োজনীয়?
- ⭐ মানুহৰ দৈনন্দিন জীৱনত পানীৰ প্ৰয়োজনীয়তা?
📝 Ospin Academy ৰ সমাধান কেনেকৈ সহায় কৰিব?
- ✅ পৰীক্ষা ভিত্তিক সমাধান: SCERT-অনুসৰি সম্পূৰ্ণ Class 6 Science Assamese Medium সমাধান
- ✅ MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন
- ✅ ক্লিয়াৰ কনচেপ্ট: অসমৰ প্ৰকৃত উদাহৰণসহ ব্যাখ্যা
- ✅ দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগত চাবলগীয়া সংক্ষেপিত নোট
SEBA Class 6 Science (Assamese Medium) Chapter 8 – “পানী” সমাধান পাবলৈ Ospin Academy-ৰ সম্পূৰ্ণ PDF Notes অনুসৰণ কৰা!
Class 6 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download Class 6 Science Assamese Medium PDF for SCERT Assam students. Get chapter-wise solutions, textbook PDFs, short questions, MCQs, and study materials for SEBA Assam. Perfect for exam preparation and concept clarity.
পাঠভিত্তিক প্ৰশ্নোত্তৰ
প্ৰশ্ন : – ১) তলৰ খালী ঠাইবোৰ পূৰ কৰা :
ক) পানী বাষ্প অৱস্থালৈ পৰিৱৰ্তন ঘটা প্ৰক্ৰিয়াটোক ― বোলা হয় ।
উত্তৰঃ – পানী বাষ্প অৱস্থালৈ পৰিৱৰ্তন ঘটা প্ৰক্ৰিয়াটোক বাষ্পীভৱন বোলা হয় ।
খ) বাষ্প অৱস্থাৰ পৰা পানী জুলীয়া অৱস্থালৈ অহা প্ৰক্ৰিয়াটোক ― বোলা হয় ।
উত্তৰঃ – বাষ্প অৱস্থাৰ পৰা পানী জুলীয়া অৱস্থালৈ অহা প্ৰক্ৰিয়াটোক ঘনীভূতকৰণ বোলা হয়।
গ) কোনো অঞ্চলত এবছৰ বা তাতকৈ বেছি সময় বৰষুণ নহলে অঞ্চলটোত ― ৰ সৃষ্টি কৰিব ।
উত্তৰঃ – কোনো অঞ্চলত এবছৰ বা তাতকৈ বেছি সময় বৰষুণ নহলে অঞ্চলটোত খৰাং ৰ সৃষ্টি কৰিব ।
ঘ) অধিক বৰষুণে ― ৰ সৃষ্টি কৰিব ।
উত্তৰঃ – অধিক বৰষুণে বান ৰ সৃষ্টি কৰিব ।
প্ৰশ্ন : – ২) তলত দিয়াবোৰৰ বাষ্পীভৱন নে ঘনীভৱনৰ কাৰণে হয় ।
ক) ঠাণ্ডা পানী থকা গিলাচৰ বাহিৰৰ পিঠিত পানীৰ টোপোলা জমা হয় ।
উত্তৰঃ – ঘনীভৱন ।
খ) তিতা কাপোৰ ইস্ত্রি কৰোতে ওলোৱা ভাপ ।
উত্তৰঃ – বাষ্পীভৱন ।
গ) শীতকালিৰ পোৱা ওলোৱা কুঁৱলী ।
উত্তৰঃ – ঘনীভৱন ।
ঘ) মচাৰ পাছত ব্লেক বৰ্ড শুকাই যায় ।
উত্তৰঃ – বাষ্পীভৱন ।
ঙ) পানী ছটিয়ালে গৰম টাৱাৰৰ পৰা ওলোৱা ভাপ ।
উত্তৰঃ – বাষ্পীভৱন ।
প্ৰশ্ন : – ৩) তলৰ কোনটো উক্তি শুদ্ধ / অশুদ্ধ ?
ক) মৌচুমী বতাহৰ সময়তে বায়ুত জলীয় ভাপ থাকে ।
উত্তৰঃ – অশুদ্ধ ।
খ) পানী মহাসাগৰৰ , নদী আৰু হ্ৰদৰ পৰাহে বাষ্পীভৱন হয় , মাটিৰ
পৰা নহয় ।
উত্তৰঃ – শুদ্ধ ।
গ) পানী জলীয় ভাপলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াক বাষ্পীভৱন বোলে ।
উত্তৰঃ – শুদ্ধ ।
ঘ) কেৱল সূৰ্যৰ পোহৰতহে পানীৰ বাষ্পীভৱন হয় ।
উত্তৰঃ – অশুদ্ধ ।
ঙ) বায়ুৰ ওপৰৰ স্তৰত , যত ই অধিক চেঁচা তাত জলীয় ভাপ ঘনীভূত হৈ অতিশয় ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ টোপোলাৰ সৃষ্টি কৰে ।
উত্তৰঃ – শুদ্ধ ।
প্ৰশ্ন : – ৪) ধৰা হওক তুমি তোমাৰ বিদ্যালয়ৰ ইউনিফৰ্ম সোনকালে শুকুৱাব বিচাৰিছা । আঙঠাৰ চুলা বা হিটাৰৰ ওপৰত ইউনিফৰ্মযোৰ মেলি দিয়াটোৱে সহায় কৰিবনে ? যদি কৰে , কেনেকৈ ?
উত্তৰঃ – অধিক উষ্ণতাত বাষ্পীভৱনৰ পৰিমাণ অধিক হয় । সেয়ে ইউনিফৰ্ম যোৰ আঙঠাৰ চুলা বা হিটাৰৰ কাষত মেলি দিলে সোনকালে শুকাব । কাৰণ উষ্ণতা যিমানে বৃদ্ধি হয় সিমানে বাষ্পীভৱনৰ পৰিমাণ বৃদ্ধি হয় ।
প্ৰশ্ন : – ৫) ৰেফ্ৰিজাৰেটৰৰ পৰা এটা ঠাণ্ডা পানীৰ বটল উলিওৱা আৰু এইটো মেজ এখনৰ ওপৰত ৰখা । কিছু সময়ৰ পাছত ইয়াৰ চাৰিওফালে কিছুমান পানীৰ টোপোলা তুমি দেখা পাবা । কিয় বাৰু ?
উত্তৰঃ – ঠাণ্ডা পানীৰ বটলটোৰ বাহিৰভাগৰ অতিশয় শীতল হয় । বটলটোৰ বাহিৰভাগ শীতল হোৱাৰ বাবে বায়ুত থকা পানীৰ কণিকাৰ ঘনীভৱন ঘটে । ফলত বটল টোৰ চাৰিওফালে ঘনীভৱন ঘটা পানীৰ কণা লাগি ধৰে ।
প্ৰশ্ন : – ৬) চশমা চাফা কৰোতে মানুহে প্ৰায়েই ইয়াৰ কাঁচখন সেমেকাবলৈ কাঁচৰ ওপৰত নিশাহ এৰি দিয়ে । কাঁচ দুখন কিয় সেমেকি উঠে ব্যাখ্যা কৰা ।
উত্তৰঃ – নিশাহত আমাৰ শৰীৰৰ পৰা ওলাই যোৱা গেছত বাষ্প অৱস্থাত পানীৰ কণিকা থাকে। এই বাষ্প কনাবোৰে চশমাৰ কাঁচ সেমেকাই পেলায় ।
প্ৰশ্ন : – ৭) ডাৱৰ কেনেকৈ সৃষ্টি হয় ?
উত্তৰঃ – সূৰ্যৰ তাপত পৃথিৱীত থকা পানী বাষ্পলৈ ৰূপান্তৰিত হয় । সাগৰ পৃষ্ঠৰ বহু উচ্চতাত এই বাষ্প কোনবোৰ ঘনীভূত হৈ পানীৰ টোপালত পৰিণত হয় । এনেদৰে ডাৱৰৰ সৃষ্টি হয় । অৰ্থাৎ পানীৰ বাষ্পৰ ঘনীভৱনৰ ফলত ডাৱৰৰ সৃষ্টি হয় ।
প্ৰশ্ন : – ৮) কেতিয়া খৰাং হয় ?
উত্তৰঃ – দীৰ্ঘ সময় অথবা বহু বছৰ ধৰি কোনো অঞ্চলত বৰষুণ নহলে খৰাঙে দেখা দিয়ে ।
SEBA Class 6 Science Chapter 8 – পানী FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: