Class 6 Science Chapter 2 Solution (Part 2, Assamese Medium) – উদ্ভিদৰ বিষয়ে জানো আহা | SEBA Assam

SEBA Class 6 Science (Assamese Medium) Chapter 2 (Part 2) – “উদ্ভিদৰ বিষয়ে জানো আহা” Summary & Solutions

SEBA Class 6 Science (Assamese Medium) Chapter 2 (Part 2) – “উদ্ভিদৰ বিষয়ে জানো আহা” ৰ সমাধান বিচাৰি আছানে? Ospin Academy-ত তুমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু সম্পূৰ্ণ অধ্যায়ৰ সংক্ষিপ্ত বিৱৰণ পাব, যিয়ে পৰীক্ষাৰ বাবে সহায় কৰিব।

📖 অধ্যায় পৰ্যালোচনা:

এই অধ্যায়, যি দ্বিতীয় খণ্ডৰ অংশ, উদ্ভিদৰ গঠন, ব্যৱস্থা, আৰু জীৱনচক্র সম্পৰ্কে আলোচনা কৰে। উদ্ভিদ কিদৰে বৃদ্ধি পায়, তাৰ অংশবোৰৰ ভূমিকা কি, আৰু উদ্ভিদ কিয় পৰিবেশৰ বাবে গুৰুত্বপূর্ণ – সেই বিষয়বোৰ ব্যাখ্যা কৰা হৈছে।

  • উদ্ভিদৰ অংশ: মূল, কান্ড, পাত, ফুল, ফল
  • উদ্ভিদৰ বৃদ্ধি: বীজৰ অংকুৰণ, জল, সূৰ্যৰশক্তি, মাটিৰ প্ৰয়োজন
  • অসমৰ উদাহৰণ: – অসমত চাহ উদ্ভিদৰ ব্যৱহাৰ – অঞ্চলভেদে উদ্ভিদৰ বৈচিত্ৰ্য (ভাৰপিয়া বন, নলবাৰীৰ ধান ক্ষেত)
  • প্ৰয়োজনীয়তা: পৰিবেশৰ সমতা, অক্সিজেন উৎপাদন, খাদ্যৰ উৎস

📌 মূল বিষয়বস্তু:

  • উদ্ভিদ কাক কয়?
  • উদ্ভিদৰ গঠন কি কি?
  • উদ্ভিদ কেনেকৈ খাদ্য প্ৰস্তুত কৰে?
  • অসমত কিমান প্ৰকাৰৰ উদ্ভিদ পোৱা যায়?
  • উদ্ভিদ সংৰক্ষণ কিয় প্ৰয়োজনীয়?

📝 Ospin Academy ৰ সমাধান কেনেকৈ সহায় কৰিব?

  • পৰীক্ষা ভিত্তিক সমাধান: SCERT-অনুসৰি সম্পূৰ্ণ Class 6 Science Assamese Medium সমাধান
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন
  • ক্লিয়াৰ কনচেপ্ট: অসমৰ প্ৰকৃত উদাহৰণসহ ব্যাখ্যা
  • দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগত চাবলগীয়া সংক্ষেপিত নোট

SEBA Class 6 Science (Assamese Medium) Chapter 2 (Part 2) – “উদ্ভিদৰ বিষয়ে জানো আহা” সমাধান পাবলৈ Ospin Academy-ৰ সম্পূৰ্ণ PDF Notes অনুসৰণ কৰা!

Vibrant Note Box
Buy Printable PDF
Class 6 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 6 Science Assamese Medium PDF for SCERT Assam students. Get chapter-wise solutions, textbook PDFs, short questions, MCQs, and study materials for SEBA Assam. Perfect for exam preparation and concept clarity.

Vibrant Note Box
অধ্যায় 2: উদ্ভিদৰ বিষয়ে জানো আহা

পাঠভিত্তিক প্ৰশ্নোত্তৰ

প্ৰশ্ন : – ১) তলৰ বাক্যবোৰ শুদ্ধ কৰা আৰু পুনৰ লিখা ।

ক) কাণ্ডই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষণ কৰে ।

উত্তৰঃ – শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱন শোষণ কৰে ।

খ) পাতে গছক থিয় কৰি ৰাখে ।

উত্তৰঃ – পাতে গছক থিয় কৰি ৰাখে ।

গ) শিপাই পাতলৈ পানী পৰিবহন কৰে ।

উত্তৰঃ – কাণ্ডই পাতলৈ পানী পৰিবহন কৰে ।

ঘ) এপাহ ফুলত সদায় সমানসংখ্যক বেটুপাত আৰু পাহি থাকে ।

উত্তৰঃ – এপাহ ফুলৰ বেটুপাত আৰু পাহিৰ সংখ্যা একে হয় ।

ঙ) যদিহে এপাহ ফুলৰ বেটুপাত সংলগ্ন থাকে তেন্তে পাহিবোৰো সংলগ্ন হৈ থাকে ।

উত্তৰঃ – এপাহ ফুলৰ বেটুপাত সংলগ্ন থাকিলে পাহি সংলগ্ন নাথাকে ।

চ ) যদি এপাহ ফুলৰ পাহিবোৰ সংলগ্ন ( অথবা একেলগে লাগি থাকে ) তেন্তে গৰ্ভকেশৰো বেটুপাতৰ লগত সংলগ্ন হৈ থাকে ।

উত্তৰঃ – এপাহ ফুলৰ পাহি সংলগ্ন থাকিলে গৰ্ভকেশৰ বেটুপাতৰ লগত সংলগ্ন নাথাকে ।

প্ৰশ্ন : – ২) তোমালোকে ঘৰত অথবা ঘৰৰ ওচৰে – পাজৰে দেখা দুৰ্বল কাণ্ডৰ এবিধ উদ্ভিদৰ নাম লিখা । তোমালোকে ইয়াক কোন শ্ৰেণীত অন্তৰ্ভুক্ত কৰিবা ?

উত্তৰঃ – আমি দেখিবলৈ পোৱা এনে এবিধ উদ্ভিদ হৈছে লতা জাতীয় উদ্ভিদ ।

প্ৰশ্ন : – ৩) উদ্ভিদৰ কাণ্ডৰ কাম কি ?

উত্তৰঃ – উদ্ভিদৰ কাণ্ডই নিম্নোক্ত কাৰ্য সম্পন্ন কৰে :

১) কাণ্ড আৰু ইয়াৰ শাখা – প্ৰশাখাই উদ্ভিদৰ পাতক অধিক পৰিমাণত সূৰ্যৰ পোহৰ পোৱাত সহায় কৰে ।

২) ই উদ্ভিদৰ শিপাৰ পৰা উদ্ভিদৰ বিভিন্ন অংশলৈ পানী পৰিবহন কৰে ।

৩) পাতত প্ৰস্তুত খাদ্য কাণ্ডই উদ্ভিদৰ বিভিন্ন অংশলৈ পৰিবহন কৰে ।

৪) কাণ্ডই পাত , ফুল আৰু ফল বহন কৰে ।

প্ৰশ্ন : – ৪) অংকন কৰা ―

ক) এখিলা পাত

উত্তৰঃ –

খ) এথোপা মুখ্যমূল

উত্তৰঃ –

গ) এপাহ ফুল

উত্তৰঃ –

Class 6 Science

প্ৰশ্ন : – ৫) তলৰ কোনবোৰ পাতত জাল সিৰা বিন্যাস দেখিবলৈ পোৱা যায় ।

ঘেঁহু , তুলসী , গোমধান , ঘাঁহ , ধনীয়া , জবাফুল ।

উত্তৰঃ – তুলসী আৰু জবা ফুলত ।

প্ৰশ্ন : – ৬) যদি এজোপা উদ্ভিদৰ শিপাবোৰ গুচ্ছমূল যুক্ত হয়, তেন্তে তুমি এই উদ্ভিদ জোপাৰ পাতত কেনেকুৱা সিৰা বিন্যাস দেখিবলৈ পাবা ?

উত্তৰঃ – সমান্তৰাল সিৰা বিন্যাস ।

প্ৰশ্ন : – ৭) যদি এজোপা উদ্ভিদৰ সিৰা বিন্যাস জাল হয় তেন্তে ইয়াৰ শিপা কেনে হব ?

উত্তৰঃ – মুখ্যমূলৰ হ’ব ।

প্ৰশ্ন : – ৮) এখিলা পাত নেদেখাকৈ চিনাক্ত কৰা সম্ভৱনে ? কেনেকৈ ?

উত্তৰঃ – নেদেখাকৈ এখিলা পাত খাটাংকৈ চিনাক্ত কৰাটো সম্ভৱ নহয় । পাতখিলাৰ স্পৰ্শ আৰু গোন্ধ লৈ কিছু ধাৰণা কৰিব পাৰি ।

প্ৰশ্ন : – ৯) ফুলৰ বিভিন্ন অংশৰ নাম লিখা ।

উত্তৰঃ – বেটুপাত , পাহি , গৰ্ভকেশৰ , পুংকেশৰ ।

প্ৰশ্ন : – ১০) তলত দিয়া কোনবোৰ উদ্ভিদ তোমালোকে দেখিছা ? তাৰ ভিতৰত কোনবোৰত ফুল আছে ?

ঘাঁহ

গোমধান

জলকীয়া

বিলাহী

তুলসী

বুট

শিশু

আঁহত

আম

জামু

মধুৰী আম

ডালিম

অমিতা

কল

নেমু টেঙা

কুঁহিয়াৰ

আলু

বাদাম

 

 

উত্তৰঃ – এই সকলোবোৰ উদ্ভিদেই দেখিবলৈ পাইছোঁ । এই সকলোবোৰ উদ্ভিদৰে ফুল আছে।

প্ৰশ্ন : – ১১) উদ্ভিদৰ কোন অংশই খাদ্য প্ৰস্তুত কৰে ? প্ৰক্ৰিয়াটোৰ নাম লিখা ।

উত্তৰঃ – উদ্ভিদৰ পাতে খাদ্য প্ৰস্তুত কৰে । উদ্ভিদৰ খাদ্য প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ বোলা হয় ।

প্ৰশ্ন : – ১২) ফুলৰ কোন অংশত গৰ্ভাশয় থাকে ?

উত্তৰঃ – গৰ্ভকেশৰত গৰ্ভাশয় থাকে । ই হৈছে গৰ্ভাশয়ৰ আটাইতকৈ তলৰ অংশ ।

প্ৰশ্ন : – ১৩) বেটুপাত সংলগ্ন আৰু পৃথককৈ থকা দুবিধ ফুলৰ নাম লিখা ।

উত্তৰঃ – বেটুপাত সংলগ্ন ফুল :- ধুতুৰা আৰু লাকি ।

বেটুপাত সংলগ্ন নথকা ফুল :- সৰিয়হৰ ফুল আৰু গধূলি গোপাল ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 6 Science Chapter 2 FAQs | উদ্ভিদৰ বিষয়ে জানো আহা | Ospin Academy
SEBA Class 6 Science Chapter 2 (Part 2) – উদ্ভিদৰ বিষয়ে জানো আহা FAQs
1. উদ্ভিদ কি?
উদ্ভিদ হ’ল সজীৱ বস্তু যিয়ে সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰে
2. উদ্ভিদ কিদৰে শ্বাস লয়?
উদ্ভিদ পাতৰ স্টোমাটা ৰ মাধ্যমেৰে শ্বাস লয় আৰু গেছ বিনিময় কৰে।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top