SEBA Class 6 Science (Assamese Medium) Chapter 6 (Part 2) – “চুম্বকৰ লগত ধেমালি” Summary & Solutions
SEBA Class 6 Science (Assamese Medium) Chapter 6 (Part 2) – “চুম্বকৰ লগত ধেমালি” ৰ সমাধান বিচাৰি আছানে? Ospin Academy-ত তুমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু সম্পূৰ্ণ অধ্যায়ৰ সংক্ষিপ্ত বিৱৰণ পাব, যিয়ে পৰীক্ষাৰ বাবে সহায় কৰিব।
📖 অধ্যায় পৰ্যালোচনা:
এই অধ্যায়, যি দ্বিতীয় খণ্ডৰ অংশ, চুম্বক, ইয়াৰ বৈশিষ্ট্য, আৰু ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰে।
- চুম্বকৰ প্ৰকাৰ: স্থায়ী চুম্বক, অস্থায়ী চুম্বক
- চুম্বকৰ বৈশিষ্ট্য: আকৰ্ষণ শক্তি, চুম্বকীয় ক্ষেত্ৰ, মাৰ্জন
- অসমৰ উদাহৰণ: – বৈদ্যুতিক মটৰত চুম্বকৰ ব্যৱহাৰ – অসমৰ কিছুমান ঠাইত প্ৰাকৃতিক চুম্বকীয় শিলৰ উপস্থিতি
- ব্যৱহাৰ: কম্পাছ, ইলেক্ট্ৰনিক ডিভাইচ, চিকিৎসা বিজ্ঞান
📌 মূল বিষয়বস্তু:
- ⭐ চুম্বক কি?
- ⭐ চুম্বকৰ প্ৰধান বৈশিষ্ট্য কি কি?
- ⭐ চুম্বকৰ ব্যৱহাৰ কি?
- ⭐ অসমত চুম্বকৰ ব্যৱহাৰৰ কিবা উল্লেখযোগ্য ক্ষেত্ৰ আছে নেকি?
- ⭐ কেনেকৈ চুম্বকীয় শক্তি সৃষ্টি হয়?
📝 Ospin Academy ৰ সমাধান কেনেকৈ সহায় কৰিব?
- ✅ পৰীক্ষা ভিত্তিক সমাধান: SCERT-অনুসৰি সম্পূৰ্ণ Class 6 Science Assamese Medium সমাধান
- ✅ MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন
- ✅ ক্লিয়াৰ কনচেপ্ট: অসমৰ প্ৰকৃত উদাহৰণসহ ব্যাখ্যা
- ✅ দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগত চাবলগীয়া সংক্ষেপিত নোট
SEBA Class 6 Science (Assamese Medium) Chapter 6 (Part 2) – “চুম্বকৰ লগত ধেমালি” সমাধান পাবলৈ Ospin Academy-ৰ সম্পূৰ্ণ PDF Notes অনুসৰণ কৰা!
Class 6 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download Class 6 Science Assamese Medium PDF for SCERT Assam students. Get chapter-wise solutions, textbook PDFs, short questions, MCQs, and study materials for SEBA Assam. Perfect for exam preparation and concept clarity.
পাঠভিত্তিক প্ৰশ্নোত্তৰ
প্ৰশ্ন : – ১) তলৰ খালী ঠাইবোৰ পূৰ কৰা :
ক) কৃত্ৰিম চুম্বকবোৰ বিভিন্ন আকৃতিত তৈয়াৰ কৰা হয় । যেনে ― ― আৰু ― ।
উত্তৰঃ – কৃত্ৰিম চুম্বকবোৰ বিভিন্ন আকৃতিত তৈয়াৰ কৰা হয় । যেনে দণ্ড আকৃতি , ঘোঁৰা খুৰাৰ আৰু বৃত্ত আকৃতিৰ ।
খ) চুম্বকৰ প্ৰতি আকৰ্ষিত হোৱা বস্তুবোৰক ― বোলা হয় ।
উত্তৰঃ – চুম্বকৰ প্ৰতি আকৰ্ষিত হোৱা বস্তুবোৰক চুম্বকীয় পদাৰ্থ বোলা হয় ।
গ) কাগজ ― পদাৰ্থ নহয় ।
উত্তৰঃ – কাগজ চুম্বকীয় পদাৰ্থ নহয় ।
ঘ) আগৰ দিনত নাৱিকে দিশ নিৰ্ণয় কৰিবলৈ ― এটুকুৰা ওলোমাই লৈছিল ।
উত্তৰঃ – আগৰ দিনত নাৱিকে দিশ নিৰ্ণয় কৰিবলৈ দণ্ড চুম্বক এটুকুৰা ওলোমাই লৈছিল ।
ঙ) চুম্বকৰ সদায় ― মূৰ থাকে ।
উত্তৰঃ – চুম্বকৰ সদায় দুটা মূৰ থাকে ।
প্ৰশ্ন : – ২) তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ :
ক) চুঙাকৃতিৰ চুম্বকৰ মাত্ৰ এটা মূৰ থাকে ।
উত্তৰঃ – অশুদ্ধ ।
খ) কৃত্ৰিম চুম্বক গ্ৰীচৰ আৱিষ্কাৰ হৈছিল ।
উত্তৰঃ – শুদ্ধ ।
গ) চুম্বকৰ একে মূৰ দুটাৰ মাজত বিকৰ্ষণ হয় ।
উত্তৰঃ – শুদ্ধ ।
ঘ) দণ্ড চুম্বক এডাল লোহাৰ ওচৰলৈ নিলে চুম্বকডালৰ মাজভাগত ইহঁত বেছিকৈ লাগি ধৰে ।
উত্তৰঃ – অশুদ্ধ ।
ঙ) দণ্ড চুম্বকে সদায় উত্তৰ – দক্ষিণ দিশত মুখ কৰি ৰাখে ।
উত্তৰঃ – শুদ্ধ ।
চ) যিকোনো ঠাইৰ পূব – পশ্চিম দিশ জানিবলৈ কম্পাছ ব্যৱহাৰ কৰা হয় ।
উত্তৰঃ – অশুদ্ধ ।
ছ) ৰবৰ চুম্বকীয় পদাৰ্থ ।
উত্তৰঃ – অশুদ্ধ ।
প্ৰশ্ন : – ৩) পেঞ্চিল কটা যন্ত্ৰটো চুম্বকৰ দুই মূৰে আকৰ্ষিত হোৱা দেখা যায় যদিও ই প্লাষ্টিকেৰে তৈয়াৰী । যন্ত্ৰটোৰ এটা অংশ বনোৱাত ব্যৱহাৰ হব পৰা বস্তুবিধৰ নাম কি ?
উত্তৰঃ – লোহা । ই চুম্বকীয় পদাৰ্থ হোৱাৰ বাবে পেঞ্চিল কটা যন্ত্ৰত ব্যৱহাৰ কৰা হয় ।
প্ৰশ্ন : – ৪) স্তম্ভ – ১ ত চুম্বকৰ এটা মূৰৰ বিভিন্ন অৱস্থিতি দেখুওৱা হৈছে । স্তম্ভ – ২ য়ে প্ৰত্যেক ক্ষেত্ৰত কেনে ধৰণৰ ক্ৰিয়া হয় দেখুৱাইছে । এতিয়া খালী ঠাইবোৰ পূৰ কৰা।
স্তম্ভ – ১ |
স্তম্ভ – ২ |
---|---|
উত্তৰ ― উত্তৰ |
― |
উত্তৰ ― ― |
আকৰ্ষণ |
দক্ষিণ ― উত্তৰ |
― |
― ― দক্ষিণ |
বিকৰ্ষণ |
উত্তৰঃ –
স্তম্ভ – ১ |
স্তম্ভ – ২ |
---|---|
উত্তৰ ― উত্তৰ |
বিকৰ্ষণ |
উত্তৰ ―দক্ষিণ |
আকৰ্ষণ |
দক্ষিণ ― উত্তৰ |
আকৰ্ষণ |
দক্ষিণ ― দক্ষিণ |
বিকৰ্ষণ |
প্ৰশ্ন : – ৫) চুম্বকৰ যিকোনো দুটা ধৰ্ম লিখা ।
উত্তৰঃ – ১) প্ৰত্যেক চুম্বকৰে দুটা মেৰু থাকে । মেৰু দুটা হৈছে উত্তৰ আৰু দক্ষিণ মেৰু ।
২) একে মেৰুৰ মাজত বিকৰ্ষণ আৰু বিষম মেৰুৰ মাজত আকৰ্ষণ হয় ।
প্ৰশ্ন : – ৬) দণ্ড চুম্বকৰ মেৰু দুটা কত থাকে ?
উত্তৰঃ – চুম্বকডালৰ মেৰু দুটাৰ আগত থাকে ।
প্ৰশ্ন : – ৭) দণ্ড চুম্বকৰ মেৰু দুটা চিহ্নিত কৰিবলৈ কোনো চিন নাই । ইয়াৰ উত্তৰ মূৰটো কোনটো ফালৰ ওচৰত আছে কেনেকৈ উলিয়াবা ?
উত্তৰঃ – এডাল দণ্ড চুম্বক সূতাৰে বান্ধি ওলোমাই দিয়া ।
প্ৰশ্ন : – ৮) তোমাক এটুকুৰা লোহাৰ পাত দিয়া হৈছে । ইয়াক কেনেকৈ চবুম্বকত পৰিণত কৰিবা ?
উত্তৰঃ – লোহাক চুম্বকত পৰিণত কৰাৰ বিভিন্ন পদ্ধতি আছে । তোমাক দিয়া লোহাডাল এখন টেবুলৰ ওপৰত ৰাখা । এতিয়া এডাল দণ্ড চুম্বক লৈ লোহাডালৰ ওপৰত ঘঁহাই থাকা । এই কাৰ্য ৩০ ৰ পৰা ৪০ বাৰ কৰা । এনে কৰিলে লোহাডালে লোহা জাতীয় পদাৰ্থ আকৰ্ষণ কৰিবলৈ ধৰিব । ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে লোহডাল চুম্বকত পৰিণত হৈছে ।
প্ৰশ্ন : – ৯) দিশ নিৰ্ণয়ৰ বাবে কম্পাছ কেনেদৰে ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ – এটা কাঁচৰ বাকচৰ ভিতৰত কম্পাছ ৰখা হয় । এটা চুম্বকীয় কাটা বাকচটোৰ ভিতৰত ৰখা হয় । এই কাঁটাডাল মুক্তভাৱে ঘূৰিব পাৰে । কম্পাছত দিশ নিৰ্ণয় উল্লেখ থকা চিহ্ন থাকে । কম্পাছডাল উলিয়াবলৈ লোৱা দিশৰ এটা স্থানত ৰখা হয় । কম্পাছৰ কাঁটাডাল ঘূৰাবলৈ লব আৰু উত্তৰ আৰু দক্ষিণ দিশত ৰৈ যাব । সাধাৰণতে চুম্বকৰ কাটাডালৰ উত্তৰ আৰু দক্ষিণ বিন্দু নিৰ্ণয় কৰিবৰ বাবে বিভিন্ন ৰং ব্যৱহাৰ কৰা হয় ।
প্ৰশ্ন : – ১০) এটা গামলাৰ পানীত ভাহি থকা পুতলা নাও এখনৰ ফালে বিভিন্ন দিশৰ পৰা চুম্বক এটুকুৰা আনিছিল । ইয়াৰ পৰা হোৱা ক্ৰিয়াসমূহ স্তম্ভ – ১ ত দেখুওৱা হৈছে । সম্ভাব্য কাপোৰসমূহ স্তম্ভ – ২ ত উল্লেখ কৰা হৈছে । স্তম্ভ -১ আৰু স্তম্ব – ২ মিলোৱা ।
স্তম্ব – ১ |
স্তম্ভ – ২ |
---|---|
১) নাওখন চুম্বকৰ ফালে আকৰ্ষিত হৈছে । |
ক) নাওখনৰ উত্তৰ মেৰুৰ দিশত চুম্বল এটুকুৰা লগাই থোৱা হৈছে । |
২) নাওখন চুম্বকৰ ফালে আকৰ্ষিত হোৱা নাই । |
খ) নাওখনৰ দক্ষিণ মেৰুৰ দিশত এটুকুৰা চুম্বক লগাই থোৱা আছে । |
৩) চুম্বকৰ উত্তৰ মূৰটো নাওখণৰ মূৰৰ ফালে আনিলে নাওখন চুম্বকৰ ওচৰলৈ আহে । |
গ) নাওখনত এডাল সৰু চুম্বক দীঘলীয়াকৈ লগাই থোৱা আছে । |
৪) চুম্বকৰ উত্তৰ মেৰুটো নাওখনৰ মুৰলৈ আনিলে নাওখন আঁতৰি যায় । |
ঘ) নাওখন চুম্বকীয় পদাৰ্থৰে তৈয়াৰী । |
৫) নাওখনৰ দিশ সলনি নোহোৱাকৈ ভাহি থাকে । |
ঙ) নাওখন অচুম্বকীয় পদাৰ্থৰে তৈয়াৰী । |
উত্তৰঃ –
স্তম্ব – ১ |
স্তম্ভ – ২ |
---|---|
১) নাওখন চুম্বকৰ ফালে আকৰ্ষিত হৈছে । |
ঘ) নাওখন চুম্বকীয় পদাৰ্থৰে তৈয়াৰী । |
২) নাওখন চুম্বকৰ ফালে আকৰ্ষিত হোৱা নাই । |
ঙ) নাওখন অচুম্বকীয় পদাৰ্থৰে তৈয়াৰী । |
৩) চুম্বকৰ উত্তৰ মূৰটো নাওখণৰ মূৰৰ ফালে আনিলে নাওখন চুম্বকৰ ওচৰলৈ আহে । |
খ) নাওখনৰ দক্ষিণ মেৰুৰ দিশত এটুকুৰা চুম্বক লগাই থোৱা আছে । |
৪) চুম্বকৰ উত্তৰ মেৰুটো নাওখনৰ মুৰলৈ আনিলে নাওখন আঁতৰি যায় । |
ক) নাওখনৰ উত্তৰ মেৰুৰ দিশত চুম্বল এটুকুৰা লগাই থোৱা হৈছে । |
৫) নাওখনৰ দিশ সলনি নোহোৱাকৈ ভাহি থাকে । |
গ) নাওখনত এডাল সৰু চুম্বক দীঘলীয়াকৈ লগাই থোৱা আছে । |
SEBA Class 6 Science Chapter 6 (Part 2) – চুম্বকৰ লগত ধেমালি FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: