Class 6 Science Chapter 7 Solution (Part 2, Assamese Medium) – আমাৰ চাৰিওফালে থকা বায়ু | SEBA Assam

SEBA Class 6 Science (Assamese Medium) Chapter 7 (Part 2) – “আমাৰ চাৰিওফালে থকা বায়ু” Summary & Solutions

SEBA Class 6 Science (Assamese Medium) Chapter 7 (Part 2) – “আমাৰ চাৰিওফালে থকা বায়ু” ৰ সমাধান বিচাৰি আছানে? Ospin Academy-ত তুমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু সম্পূৰ্ণ অধ্যায়ৰ সংক্ষিপ্ত বিৱৰণ পাব, যিয়ে পৰীক্ষাৰ বাবে সহায় কৰিব।

📖 অধ্যায় পৰ্যালোচনা:

এই অধ্যায়, যি দ্বিতীয় খণ্ডৰ অংশ, বায়ুৰ গঠন, উপাদান, আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰে।

  • বায়ুৰ উপাদান: নাইট্ৰ’জেন, অক্সিজেন, কাৰ্বন ডাইঅক্সাইড, পানীৰ বাষ্প
  • বায়ুৰ বৈশিষ্ট্য: অদৃশ্য, ওজন থকা, চাপ সৃষ্টি কৰা
  • অসমৰ উদাহৰণ: – চাহ খেতিত বায়ুৰ প্ৰভাৱ – মৌসম পরিবর্তনৰ লগত বায়ুৰ ভূমিকা
  • ব্যৱহাৰ: শ্বাস প্ৰশ্বাস, জ্বলন, উদ্ভিদৰ বৃদ্ধি

📌 মূল বিষয়বস্তু:

  • বায়ু কি?
  • বায়ুৰ প্ৰধান উপাদান কি কি?
  • বায়ুৰ বৈশিষ্ট্য কি কি?
  • বায়ু সংৰক্ষণ কিয় প্ৰয়োজনীয়?
  • বায়ুৰ প্ৰদূষণ কেনেকৈ হয়?

📝 Ospin Academy ৰ সমাধান কেনেকৈ সহায় কৰিব?

  • পৰীক্ষা ভিত্তিক সমাধান: SCERT-অনুসৰি সম্পূৰ্ণ Class 6 Science Assamese Medium সমাধান
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন
  • ক্লিয়াৰ কনচেপ্ট: অসমৰ প্ৰকৃত উদাহৰণসহ ব্যাখ্যা
  • দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগত চাবলগীয়া সংক্ষেপিত নোট

SEBA Class 6 Science (Assamese Medium) Chapter 7 (Part 2) – “আমাৰ চাৰিওফালে থকা বায়ু” সমাধান পাবলৈ Ospin Academy-ৰ সম্পূৰ্ণ PDF Notes অনুসৰণ কৰা!

Vibrant Note Box
Buy Printable PDF
Class 6 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 6 Science Assamese Medium PDF for SCERT Assam students. Get chapter-wise solutions, textbook PDFs, short questions, MCQs, and study materials for SEBA Assam. Perfect for exam preparation and concept clarity.

Vibrant Note Box
অধ্যায় 7: আমাৰ চাৰিওফালে থকা বায়ু
পাঠভিত্তিক প্ৰশ্নোত্তৰ

প্ৰশ্ন : – ১) বায়ুৰ উপদানসমূহ কি ?

উত্তৰঃ – বায়ু হৈছে নাইট্ৰজেন , অক্সিজেন , কাৰ্বন – ডাই – অক্সাইড , জলকনা আৰু আন কিছুমান গেছৰ মিশ্ৰণ ।

প্ৰশ্ন : – ২) বায়ুমণ্ডলৰ কোনটো গেছ শ্বসনৰ বাবে আৱশ্যক ?

উত্তৰঃ – অক্সিজেন ।

প্ৰশ্ন : – ৩) বায়ুৱে যে জুই জ্বলোৱাত সহায় কৰে সেয়া কেনেকৈ প্ৰমাণ কৰিবা ?

উত্তৰঃ – এডাল জ্বলি থকা মমবাতি লোৱা । মমবাতিডাল এটা কাঁচৰ জাৰৰ ভিতৰত সুমুৱাই দিয়া । কিছু সময়ৰ পাছত দেখা গল যে মমডাল নুমাই গল । ইয়ে প্ৰমাণ কৰে যে শ্বসনৰ বাবে বায়ুৰ প্ৰয়োজন হয় ।

প্ৰশ্ন : – ৪) পানীত যে বায়ু দ্ৰৱীভূত হৈ থাকে তাক কেনেকৈ প্ৰমাণ কৰিবা ?

উত্তৰঃ – এটা গিলাচ অথবা বিকাৰত অলপমান পানী লোৱা । এটা ষ্টেণ্ডত ইয়াক লাহে লাহে গৰম কৰা । পানী উতলাৰ পূৰ্বে পাত্ৰটোৰ উপৰিভাগত কিছুমান বোৰবোৰণী উঠিব । ইয়াৰ পৰা বুজা যায় যে পানী গৰম কৰিলে পানীত দ্ৰৱীভূত হৈ থকা বায়ু বোৰবোৰণী আকাৰে বাহিৰলৈ ওলাই আহিছে ।

প্ৰশ্ন : – ৫) কপালৰ জোলা অথবা থুপ এটা পানীত কিয় কোঁচ খায় ?

উত্তৰঃ – কপাহৰ আহবোৰৰ ফাকত বায়ু সোমাই থাকে । পানীত কপাহৰ জোলা অথবা থুপ এটা ডুবাই দিলে পানীয়ে বায়ুৰ স্থান দখল কৰে । ফলত কপাহৰ জোলা অথবা থুপটো কোঁচ খায় ।

প্ৰশ্ন : – ৬) ভূ – পৃষ্ঠৰ চাৰিওফালে থকা বায়ুৰ অৱৰণটোক ― বোলে ।

উত্তৰঃ – ভূ – পৃষ্ঠৰ চাৰিওফালে থকা বায়ুৰ অৱৰণটোক বায়ুমণ্ডল বোলে ।

প্ৰশ্ন : – ৭) সেউজীয়া উদ্ভিদে সিহঁতৰ খাদ্য প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা বায়ুৰ উপদানটো হৈছে ― ।

উত্তৰঃ – সেউজীয়া উদ্ভিদে সিহঁতৰ খাদ্য প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা বায়ুৰ উপদানটো হৈছে কাৰ্বন – ডাই – অক্সাইড ।

প্ৰশ্ন : – ৮) বায়ুৰ উপস্থিতিৰ বাবে কৰিব পৰা পাঁচটা ক্ৰিয়া – কলাপৰ তালিকা প্ৰস্তুত কৰা ।

উত্তৰঃ – বায়ুৰ উপস্থিতিৰ বাবে কৰিব পৰা পাঁচটা কাৰ্য হৈছে ―

১) জীয়াই থাকিবৰ বাবে শ্বাস – প্ৰশ্বাস ।

২) দহনৰ বাবে ।

৩) সালোক সংশ্লেষণৰ বাবে ।

৪) ফুলৰি বনাবৰ বাবে ।

৫) পৰিবেশ ঘড়ী তৈয়াৰ কৰিবৰ বাবে ।

প্ৰশ্ন : – ৯) বায়ুমণ্ডলৰ গেছৰ বিনিময়ৰ ক্ষেত্ৰত প্ৰাণী আৰু উদ্ভিদে ইটোৱে সিটোক কেনেদৰে সহায় কৰে ?

উত্তৰঃ – উদ্ভিদ আৰু প্ৰাণীয়ে শ্বসনৰ সময়ত অক্সিজেন গ্ৰহণ কৰে আৰু কাৰ্বন – ডাই – অক্সাইড এৰি দিয়ে । কিন্তু উদ্ভিদে সালোক সংশ্লেষণৰ সময়ত কাৰ্বন – ডাই – অক্সাইড গেছ ব্যৱহাৰ কৰি অক্সিজেন এৰি দিয়ে । একেদৰে প্ৰাণী আৰু উদ্ভিদে গেছৰ আদান – প্ৰদান কৰি ইটোৱে সিটোক সহায় কৰে ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 6 Science Chapter 7 FAQs | আমাৰ চাৰিওফালে থকা বায়ু | Ospin Academy
SEBA Class 6 Science Chapter 7 (Part 2) – আমাৰ চাৰিওফালে থকা বায়ু FAQs
1. বায়ু কি?
বায়ু হৈছে এক অদৃশ্য গেছ যিটো পৃথিৱীৰ চাৰিওফালে থাকে আৰু জীৱিত প্ৰাণীৰ বাবে অত্যাৱশ্যক।
2. বায়ুৰ গঠন কি কি?
বায়ুৰ গঠনত নাইট্ৰ’জেন (৭৮%), অক্সিজেন (২১%), আৰু আন কিছুমান গেছ থাকে।
3. বায়ু কেনেকৈ সংৰক্ষণ কৰিব পাৰি?
বৃক্ষৰোপণ, যান-বাহনৰ প্ৰদূষণ নিয়ন্ত্ৰণ, আৰু কল-কাৰখানাৰ ধোঁৱা নিয়ন্ত্ৰণৰ মাধ্যমেৰে বায়ু সংৰক্ষণ কৰিব পাৰি।
4. বায়ু কেনেকৈ চলাচল কৰে?
বায়ু তাপ আৰু চাপৰ প্ৰভাৱত চলে, যাৰ ফলত বতাহৰ সৃষ্টি হয়।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top