SEBA Class 6 Social Science (Assamese Medium) Chapter 2 – “পৃথিৱীৰ আকাৰ আৰু আকৃতি” Summary & Solutions
SEBA Class 6 Social Science (Assamese Medium) Chapter 2 – “পৃথিৱীৰ আকাৰ আৰু আকৃতি” সমাধান Ospin Academy-ত উপলব্ধ। আমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু অধ্যায়ৰ সম্পূৰ্ণ সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰোঁ, যি পৰীক্ষাৰ বাবে সহায়ক।
📖 অধ্যায়ৰ সংক্ষিপ্ত বিবৰণ:
এই অধ্যায়ত পৃথিৱীৰ আকৃতি আৰু গঠন সম্পৰ্কে আলোচনা কৰা হৈছে। পৃথিৱীৰ অভ্যন্তৰীণ গঠন, স্তৰসমূহ, আৰু ভৌগোলিক বৈশিষ্ট্য এই অধ্যায়ৰ মুখ্য অংশ।
- পৃথিৱীৰ আকৃতি: পৃথিৱী গোলাকাৰ কিন্তু সম্পূৰ্ণ সঠিক গণ্ড নয়।
- পৃথিৱীৰ স্তৰ: ভূত্বক (Crust), মেণ্টল (Mantle), কোৰ (Core)।
- ভৌগোলিক বৈশিষ্ট্য: পাহাৰ, উপত্যকা, সমতল ভূমি, আৰু জলাশয়।
- অসমৰ পৰিপ্ৰেক্ষিত: অসমৰ ভূ-গঠন আৰু ভূমিৰ বৈচিত্র্য।
📌 মুখ্য বিষয়বস্তু:
- ⭐ পৃথিৱীৰ আকৃতি কেনেকুৱা?
- ⭐ পৃথিৱীৰ স্তৰসমূহ কি কি?
- ⭐ অসমৰ ভৌগোলিক বৈশিষ্ট্য কি?
- ⭐ কেনেকৈ পৃথিৱীৰ গঠন প্ৰকৃতিকে প্রভাবিত কৰে?
- ⭐ সাগৰ আৰু ভূমিৰ গঠন কেনেকৈ পৃথক?
📝 Ospin Academy-ৰ সহায়তা:
- ✅ সম্পূৰ্ণ সমাধান: SEBA Class 6 Social Science (Assamese Medium) সমাধান।
- ✅ MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন।
- ✅ সরাসৰিয়া ব্যাখ্যা: সহজ ভাষাত বিষয় ব্যাখ্যা।
- ✅ দ্ৰুত পুণৰাবৃত্তি: সংক্ষিপ্ত নোটস।
SEBA Class 6 Social Science (Assamese Medium) Chapter 2 – “পৃথিৱীৰ আকাৰ আৰু আকৃতি” সমাধান পাবলৈ Ospin Academy-ত চাওক।
Class 6 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download Class 6 Social Science PDF for SCERT Assamese Medium students. Get the textbook, short question answers, and MCQ type answers for Geography, History, Economics, and Political Science. Ideal for exam preparation with free downloadable study materials.
অনুশীলনী |
---|
(১) তলৰ প্ৰশ্ন বোৰৰ চমু উত্তৰ দিয়া —
(ক) কৰ্কট ক্রান্তি ৰেখা কাক বোলে ?
উত্তৰ:- বিষুৱ ৰেখাৰ উপৰি সততে ২৩.৫ ডিগ্ৰী উত্তৰ অক্ষাংশলৈকে থকা অংশক কৰ্কট ক্রান্তি ৰেখা বোলা হয়।
(খ) তাপ মণ্ডল তিনিটা কি কি ?
উত্তৰ:- তাপ মণ্ডল তিনিটা হ’ল — গ্ৰীষ্মমণ্ডল, নাতিশীতোষ্ণ মণ্ডল আৰু শীতমণ্ডল।
(গ) অক্ষৰেখা কাক বোলে?
উত্তৰ:- বিষুৱৰেখা সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে। এইবোৰকে অক্ষৰেখা বোলে।
(ঘ) দ্ৰাঘিমাৰেখা কাক বোলে?
উত্তৰ:- পৃথিৱীৰ উপৰিভাগৰ কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অক্ষাংশৰ উপৰি উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয়, এই ৰেখাবোৰকে দ্ৰাঘিমাৰেখা বোলা হয়।
(ঙ) গ্ৰীষ্মমণ্ডল আটাইতকৈ উষ্ম কিয় হয়?
উত্তৰ:- গ্ৰীষ্মমণ্ডলত বছৰৰ প্ৰায় ভাগ সময়তে সূৰ্য্য ৰশ্মি পোনপটীয়াভাৱে পৰে, ফলত এই অঞ্চল আটাইতকৈ বেছি উষ্ম হয়।
(চ) বিষুৱৰেখা কোনটো তাপমণ্ডলত অৱস্থিত?
উত্তৰ:- বিষুৱৰেখাৰ উষ্মমণ্ডলত অৱস্থিত।
(ছ) মেৰু অঞ্চলত সাগৰৰ পানী কিয় গোট মাৰি থাকে?
উত্তৰ:- মেৰু অঞ্চলত সাগৰৰ পানী গোট মাৰি থাকে কাৰণ ইয়াত ছমাহ কাল সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰে আৰু ছমাহ কাল সূৰ্যৰ ৰশ্মি প্ৰায় নপৰে বাবে এনে হয়।
(২) কেৱল উত্তৰ দিয়া —
(ক) কৰ্কটক্রান্তি বৃত্তটো পৃথিৱীৰ কোনটো গোলাৰ্ধত কল্পনা কৰা হৈছে?
উত্তৰ:- উত্তৰ গোলৰ্ধত।
(খ) কি কাল্পনিক ৰেখাই পৃথিৱীৰ কেন্দ্ৰৰ দুই মেৰুবিন্দুক সংযোগ কৰিছে?
উত্তৰ:- দ্ৰাঘিমাৰেখায়ে।
(গ) গোলকৰ কোনটো ফালে উত্তৰ মেৰু থাকে?
উত্তৰ:- উত্তৰ ফালে বা উপৰ ফালে।
(ঘ) বিষুৱ ৰেখাৰ অক্ষাংশ কিমান?
উত্তৰ:- ০°
(ঙ) তুমি কোন গোলাৰ্ধৰ বাসিন্দা?
উত্তৰ:- উত্তৰ গোলৰ্ধ।
(৩) শুদ্ধটোত (✓) চিন দিয়া —
(ক) মুখ্য দ্ৰাঘিমাৰেখাৰ মান হৈছে —
(১) ৯০°
(২) ০°
(৩) ৬৬°
উত্তৰ:- (২) ০°
(খ) শীত মণ্ডলৰ অৱস্থান হৈছে —
(১) মেৰু অঞ্চল।
(২) বিষুৱ অঞ্চল
উত্তৰ:- (১) মেৰু অঞ্চল।
(গ) বিষুৱৰপৰা কিমান ডিগ্ৰী অক্ষাংশত মকৰ ক্ৰান্তি পোৱা যাব?
(১) ৬৬ ১/২° দক্ষিণ মেৰু।
(২) ২৩ ১/২° দক্ষিণ অক্ষাংশ।
(৩) ২৩১/২° উত্তৰ অক্ষাংশ।
উত্তৰ:- (২) ২৩ ১/২° দক্ষিণ অক্ষাংশ।
(ঘ) ১° ৰ অন্তৰে অন্তৰে দ্ৰাঘিমাৰেখাৰ মুঠ সংখ্যা হ’ব
(১) ১৮০ ডাল।
(২) ৩৬০ ডাল।
(৩) ৯০ ডাল।
উত্তৰ:- (২) ৩৬০ ডাল।
(৪) (ক) বিষুৱৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিস্তৃত হৈ থকা তাপমণ্ডলটোৰ নাম কি?
উত্তৰ:- গ্ৰীষ্মমণ্ডল।
(খ) সূৰ্য্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰা অঞ্চলত সাগৰৰ পানী সাধাৰণতে কি অৱস্থাত থাকে ?
উত্তৰ:- গোটা অৱস্থা বা বৰফ অৱস্থাত থাকে।
SEBA Class 6 Social Science Chapter 2 – পৃথিৱীৰ আকাৰ আৰু আকৃতি FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: