Class 6 Social Science Chapter 3 Solution (Assamese Medium) – পৃথিৱীৰ গতি | SCERT Assam

SEBA Class 6 Social Science (Assamese Medium) Chapter 3 – “পৃথিৱীৰ গতি” Summary & Solutions

Class 6 Social Science Chapter 3 Solutions | Ospin Academy

SEBA Class 6 Social Science (Assamese Medium) Chapter 3 – “পৃথিৱীৰ গতি” সমাধান Ospin Academy-ত উপলব্ধ। আমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু অধ্যায়ৰ সম্পূৰ্ণ সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰোঁ, যি পৰীক্ষাৰ বাবে সহায়ক।

📖 অধ্যায়ৰ সংক্ষিপ্ত বিবৰণ:

এই অধ্যায়ত পৃথিৱীৰ দুটা মুখ্য গতি – ঘূৰণ আৰু পৰিভ্ৰমণ সম্পৰ্কে আলোচনা কৰা হৈছে। পৃথিৱীৰ এই গতিবিধি আমাৰ দৈনন্দিন জীৱন, দিন-ৰাতি, আৰু ঋতু পৰিবর্তনৰ লগত গভীৰভাৱে জড়িত।

  • পৃথিৱীৰ ঘূৰণ: পৃথিৱী নিজৰ অক্ষৰ চাৰিওফালে ঘূৰিব লাগে, যাৰ ফলত দিন আৰু ৰাতি সৃষ্টি হয়।
  • পৃথিৱীৰ পৰিভ্ৰমণ: পৃথিৱী সূৰ্যৰ চাৰিওফালে ৩৬৫ দিনত এবাৰ ঘূৰে, যাৰ ফলত ঋতু পৰিবর্তন হয়।
  • সময় অঞ্চল আৰু সময়ৰ প্ৰভাৱ: পৃথিৱীৰ ঘূৰণৰ বাবে পৃথিৱী বিভিন্ন সময় অঞ্চলত বিভক্ত।
  • অসমৰ পৰিপ্ৰেক্ষিত: অসমৰ সময় (IST) কেনেকৈ পৃথিৱীৰ গতিবিধিৰ ওপৰত নিৰ্ভৰ কৰে।

📌 মুখ্য বিষয়বস্তু:

  • পৃথিৱীৰ ঘূৰণৰ ফলত কি হয়?
  • পৃথিৱীৰ পৰিভ্ৰমণ কেনেকৈ ঋতু পৰিবর্তন কৰে?
  • সময় অঞ্চল কেনেকৈ নিৰ্ধাৰণ কৰা হয়?
  • অসমৰ সময় (IST) কেনেকৈ গণনা কৰা হয়?
  • পৃথিৱীৰ গতিবিধিৰ ফলত কী প্রাকৃতিক পৰিবৰ্তন হয়?

📝 Ospin Academy-ৰ সহায়তা:

  • সম্পূৰ্ণ সমাধান: SEBA Class 6 Social Science (Assamese Medium) সমাধান।
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন।
  • সরাসৰিয়া ব্যাখ্যা: সহজ ভাষাত বিষয় ব্যাখ্যা।
  • দ্ৰুত পুণৰাবৃত্তি: সংক্ষিপ্ত নোটস।

SEBA Class 6 Social Science (Assamese Medium) Chapter 3 – “পৃথিৱীৰ গতি” সমাধান পাবলৈ Ospin Academy-ত চাওক।

Vibrant Note Box
Buy Printable PDF
Class 6 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 6 Social Science PDF for SCERT Assamese Medium students. Get the textbook, short question answers, and MCQ type answers for Geography, History, Economics, and Political Science. Ideal for exam preparation with free downloadable study materials.

Vibrant Note Box
Chapter 3: পৃথিৱীৰ গতি

 

অনুশীলনী
(১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া —

(ক) পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত কিমান ডিগ্ৰী কোণ কৰি আছে?

উত্তৰ:- ৬৬ ১/২° ডিগ্ৰী।

(খ) পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্য্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে?

উত্তৰ:- ৩৬৫ দিন ৬ ঘণ্টা।

(গ) পোহৰ বৃত্ত কাক বোলে ?

উত্তৰ:- পৃথিৱীত দিন-ৰাতি হোৱা অংশ দুটাক এটা কাল্পনিক বৃত্তই দুভাক কৰিছে, এই বৃত্তটোকেই পোহৰ বৃত্ত বোলে।

(ঘ) বছৰৰ কোন কোন তাৰিখত বিষুৱ ৰেখাৰ ওপৰত সূৰ্য্যৰ ৰশ্মি হেলনীয়াভাৱে পাৰে?

উত্তৰ:- ২১ মাৰ্চৰ দিনা।

(২) তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া —

(ক) আহ্নিক আৰু বাৰ্ষিক গতি বুলিলে কি বুজা?

উত্তৰ:- পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰা যি গতি তাক আহ্নিক গতি বোলে আৰু পৃথিৱীয়ে নিজ কক্ষপথেৰে ঘূৰা যি গতি তাক বাৰ্ষিক গতি বোলে।

(খ) আহ্নিক গতিৰ ফলত পৃথিৱীত দিন – ৰাতি কেনেকৈ হয় বুজাই লিখা।

উত্তৰ:- পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ সম্পূৰ্ণ এপাক ঘূৰাকে আহ্নিক গতি বোলা হয়, পৃথিৱীয়ে এনেদৰে সম্পূৰ্ণ এপাক ঘূৰিবলৈ প্ৰায় ২৪ ঘণ্টা সময় লয়।

 

পৃথিৱীখনৰ আকৃতি প্ৰায় ঘূৰণীয়া হোৱা বাবে সূৰ্য্যৰ পোহৰ কোনো এটা মুহূৰ্তত ইয়াৰ আধা অংশতহে পৰে। অৰ্থাৎ পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকোঁতে যিটো ফাল সূৰ্য্যৰ মুখা – মুখি হয় তাত পোহৰ পৰে আৰু তাৰ বিপৰীত ফালত পোহৰ নপৰে। পোহৰ পৰা অংশত দিন আৰু নপৰা অংশত ৰাতি হয়।

(গ) অধিবৰ্ষ বুলিলে কি বুজা?

উত্তৰ:- প্ৰতি ৪ বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহটোত এদিন বঢ়াই ২৮ দিনৰ পৰিবৰ্তে ২৯ দিন গণনা কৰা হয়, এনেকৈ যিটো বছৰত এটা দিন বঢ়াই লোৱা হয় সেই বছৰটোকে অধিবৰ্ষ বা লিপ্ ইয়েৰ বোলা হয়।

(ঘ) কৰ্কট সংক্ৰান্তি আৰু মকৰ সংক্ৰান্তিৰ পাৰ্থক্য বুজাই লিখা।

উত্তৰ:- কৰ্কট সংক্ৰান্তিত উত্তৰ গোাৰ্ধত থকা ঠাইসমূহত বছৰটোৰ ভিতৰতে দিন আটাইতকৈ দীঘল আৰু ৰাতি আটাইতকৈ চুটি হয়। উক্ত সময় ছোৱাত উত্তৰ গোলাৰ্ধত গ্ৰীষ্মকাল হয়, আৰু দক্ষিণ গোলাৰ্ধত শীতকাল হয়।

 

আনহাতে মকৰ সংক্ৰান্তিত দক্ষিণ গোলাৰ্ধত দিন দীঘল হয় আৰু ৰাতি চুটি হয়। উক্ত সময় ছোৱাত দক্ষিণ গোলাৰ্ধত গ্ৰীষ্ম কাল আৰু উত্তৰ গোলাৰ্ধত শীতকাল হয়।

(ঙ)পৃথিৱীৰ বাৰ্ষিক গতি নথকাহেঁতেন ধৰাপৃষ্ঠত কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিলেহেঁতেন বুজাই লিখা।

উত্তৰ:- পৃথিৱীত বাৰ্ষিক গতি নথকাহেঁতেন ধৰাপৃষ্ঠত কোনো ধৰণৰ ঋতু বিৰাজ নহ’ল হেঁতেন, উদ্ভিদ, খাদ্য, কৃষি কাৰ্য্য, আদি পৰিৱৰ্তন নহ’লহেঁতেন। মানুহৰ উৎসৱ – পাৰ্বন আদিও পালন নহ’লহেঁতেন।

(চ) পৃথিৱীৰ কক্ষপথ বুলিলে কি বুজা?

উত্তৰ:- পৃথিৱীয়ে সূৰ্য্যৰ চাৰিওফালে এটা নিৰ্দিষ্ট পথেৰে ঘূৰে, এই পথটোকে পৃথিৱীৰ কক্ষপথ বুলি কোৱা হয়।

(৩) শুদ্ধ উত্তৰবোৰত (✓) চিহ্ন দিয়া —

(ক) পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰা গতিটোৰ নাম কি?

(১) আহ্নিক গতিৰ।

(২) মেৰু দণ্ড।

(৩) বাৰ্ষিক গতি।

উত্তৰ:- (৩) বাৰ্ষিক গতি।

(খ) বিষুৱ ৰেখাত সূৰ্য্যৰ পোহৰ কোন তাৰিখে পোনে পোনে পৰে?

 

(১) ২১ মাৰ্চ।

(২) ২১জুন।

(৩) ডিচেম্বৰ।

উত্তৰ:- (১) ২১ মাৰ্চ।

(গ) পৃথিৱীৰ উপৰিভাগত ঋতু পৰিৱৰ্তন হোৱাৰ কাৰণ —

 

(১) বাৰ্ষিক গতি।

(২) আহ্নিক গতি।

(৩) এই দুটা দৈনিক গতিৰ এটাও নহয়।

উত্তৰ:- (১) বাৰ্ষিক গতি।

(ঘ) অধিবৰ্ষৰ মুঠ দিনৰ সংখ্যা হ’ল—

(১) ৩৬৫ দিন।

(২) ৩৬৬ দিন।

(৩) ৩৬৫ ১/২ দিন।

উত্তৰ:- (২) ৩৬৬ দিন।

(ঙ) মকৰ সংক্ৰান্তি হোৱা দিনটো হ’ল—

(১) ২৩ ছেপ্টেম্বৰ।

(২) ২২ মাৰ্চ।

(৩) ২২ ডিচেম্বৰ।

উত্তৰ:- (৩) ২২ ডিচেম্বৰ।

(৪) খালী ঠাই পূৰ কৰা —

(ক) পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত এপাক মৰা ঘূৰণকে ………………… বোলে।

উত্তৰ:- আহ্নিক গতি।

(খ) পৃথিৱীয়ে সূৰ্য্যৰ চাৰিওফালে ঘূৰা পথটোক ………………….. বোলে।

উত্তৰ:- কক্ষপথ।

(গ) ………………… ঋতুৰ সময়ত দিন আটাইতকৈ চুটি হয়।

উত্তৰ:- শীত।

(ঘ) পৃথিৱীৰ সোঁমাজেৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰা কাল্পনিক ৰেখাডালৰ নাম ………………..।

উত্তৰ:- মেৰুদণ্ড।

(ঙ) মকৰক্ৰান্তি বৃত্তটো পৃথিৱীৰ ………………. গোলাৰ্ধত কল্পনা কৰা হৈছে।

উত্তৰ:- উত্তৰ।

(চ) পৃথিৱীয়ে ইয়াৰ কাক্ষতলৰ লগত ……………. কোণ কৰি হেলনীয়া হৈ থাকে।

উত্তৰ:- ৬৬ ১/২°

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 6 Social Science Chapter 3 FAQs | পৃথিৱীৰ গতি | Ospin Academy
SEBA Class 6 Social Science Chapter 3 – পৃথিৱীৰ গতি FAQs
1. পৃথিৱীৰ ঘূৰণৰ ফলত কি হয়?
পৃথিৱীৰ ঘূৰণৰ ফলত দিন আৰু ৰাতি সৃষ্টি হয়।
2. পৃথিৱীৰ পৰিভ্ৰমণ কেনেকৈ ঋতু পৰিবর্তন কৰে?
পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণৰ ফলত ঋতু পৰিবর্তন হয়।
3. পৃথিৱীৰ গতিবিধিৰ ফলত সময় অঞ্চল কেনেকৈ গঠিত হয়?
পৃথিৱীৰ ঘূৰণৰ বাবে পৃথিৱী বিভিন্ন সময় অঞ্চলত বিভক্ত কৰা হয়।
4. ভাৰতীয় মান সময় (IST) কেনেকৈ গণনা কৰা হয়?
IST গণনা কৰা হয় GMT+5:30 অনুসৰি, যিয়ে ভাৰতৰ সময় নিৰ্ধাৰণ কৰে।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top