Class 6 Social Science Chapter 7 Solution (Assamese Medium) – অসমৰ জলবায়ু, প্ৰাকৃতিক উৎস, বনাঞ্চলী আৰু ভূমি | SCERT Assam

SEBA Class 6 Social Science (Assamese Medium) Chapter 7 – “অসমৰ জলবায়ু, প্ৰাকৃতিক উৎস, বনাঞ্চলী আৰু ভূমি” Summary & Solutions

Class 6 Social Science Chapter 7 Solutions | Ospin Academy

SEBA Class 6 Social Science (Assamese Medium) Chapter 7 – “অসমৰ জলবায়ু, প্ৰাকৃতিক উৎস, বনাঞ্চলী আৰু ভূমি” সমাধান Ospin Academy-ত উপলব্ধ। আমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু অধ্যায়ৰ সম্পূৰ্ণ সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰোঁ, যি পৰীক্ষাৰ বাবে সহায়ক।

📖 অধ্যায়ৰ সংক্ষিপ্ত বিবৰণ:

এই অধ্যায়ত অসমৰ জলবায়ু, প্ৰাকৃতিক সম্পদ, বনাঞ্চল, আৰু ভূমিৰ গঠন সম্পৰ্কে বিস্তারিত আলোচনা কৰা হৈছে।

  • অসমৰ জলবায়ু: উপগ্ৰীষ্মমণ্ডলীয় বৰষুণযুক্ত জলবায়ু, য’ত অধিকাংশ সময় বতাহ আৰু বৰষুণ হয়।
  • প্ৰাকৃতিক সম্পদ: খনিজ পদাৰ্থ, বনজ সম্পদ, আৰু জল সম্পদ।
  • বনাঞ্চল: অসমত গৱেষণযোগ্য জাতীয় উদ্যান আৰু সংৰক্ষিত বনাঞ্চল।
  • ভূমিৰ গঠন: গৰম মাটিৰ অঞ্চল, জলগামী মাটি, আৰু পাহাৰীয়া মাটি।

📌 মুখ্য বিষয়বস্তু:

  • অসমৰ জলবায়ুৰ বৈশিষ্ট্য কি?
  • অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদ কি কি?
  • অসমৰ বনাঞ্চলৰ ভূমিকা কি?
  • অসমৰ ভূমিৰ গঠন কেনেকুৱা?
  • জলবায়ু পৰিৱৰ্তনে অসমৰ পৰিবেশত কেনেকৈ প্ৰভাৱ ফেলে?

📝 Ospin Academy-ৰ সহায়তা:

  • সম্পূৰ্ণ সমাধান: SEBA Class 6 Social Science (Assamese Medium) সমাধান।
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন।
  • সরাসৰিয়া ব্যাখ্যা: সহজ ভাষাত বিষয় ব্যাখ্যা।
  • দ্ৰুত পুণৰাবৃত্তি: সংক্ষিপ্ত নোটস।

SEBA Class 6 Social Science (Assamese Medium) Chapter 7 – “অসমৰ জলবায়ু, প্ৰাকৃতিক উৎস, বনাঞ্চলী আৰু ভূমি” সমাধান পাবলৈ Ospin Academy-ত চাওক।

Vibrant Note Box
Buy Printable PDF
Class 6 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 6 Social Science PDF for SCERT Assamese Medium students. Get the textbook, short question answers, and MCQ type answers for Geography, History, Economics, and Political Science. Ideal for exam preparation with free downloadable study materials.

Vibrant Note Box
Chapter 7: অসমৰ জলবায়ু, প্ৰাকৃতিক উৎস, বনাঞ্চলী আৰু ভূমি

 

অনুশীলনী

(১) উত্তৰ লিখা —

(ক) অসমৰ একেবাৰে পশ্চিম সীমাত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি?

উত্তৰ:- ৰাইমানা ৰাষ্ট্ৰীয় উদ্যান।

(খ) চিৰসেউজীয়া উদ্ভিদৰ প্ৰধান বৈশিষ্ট কি ?

উত্তৰ:- চিৰসেউজীয়া উদ্ভিদৰ প্ৰধান বৈশিষ্ট হ’ল – ইহঁতৰ পাত সদায় সেউজীয়া হৈ থাকে।

(গ) মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত?

উত্তৰ:- বাক্সা আৰু চিৰাং জিলাত অৱস্থিত।

(ঘ) প্ৰাকৃতিক উদ্ভিদ বুলিলে কি বুজা?

উত্তৰ:- মানুহৰ প্ৰভাৱ নপৰাকৈ বা লালন – পালন নোপোৱাকৈ প্ৰাকৃতিকভাৱে ডাঙৰ – দীঘল হোৱা গছ – গছনিকে প্ৰাকৃতিক উদ্ভিদ বোলা হয়।

(২) চমু উত্তৰ দিয়া —

(ক) জলবায়ু বুলিলে কি বুজা?

উত্তৰ:- একোটা অঞ্চলৰ কমেও ৫০ বছৰৰ সূৰ্য্যৰ পোহৰ, বায়ুৰ উষ্ণতা আৰু চাপ, বতাহ, বৰষুণ, আদ্ৰতাৰ গড় অৱস্থাটোকে সেই অঞ্চলৰ জলবায়ু বোলে।

(খ) অসমৰ প্ৰধান ঋতু কেইটা আৰু কি কি?

উত্তৰ:- অসমৰ প্ৰধান ঋতু চাৰিটা হ’ল – গ্ৰীষ্ম ঋতু, বৰ্ষা ঋতু, শৰৎ ঋতু আৰু শীত ঋতু।

(গ) বৰ্ষা কাল ধান খেতিৰ বাবে উপযোগী হোৱাৰ কাৰণ কি?

উত্তৰ:- বৰ্ষাকালত অসমত দক্ষিণ – পশ্চিম মৌচুমী বতাহৰ ফলত যথেষ্ঠ বৰষুণ হয় আৰু সেই সময়ত ইয়াত উষ্ণতা বেছি থাকে। যিহেতু এনে বতৰ ধান খেতিৰ বাবে উপযোগী হোৱাৰ কাৰণে বৰ্ষা কাল ধান খেতিৰ বাবে উপযোগী।

(ঘ) কৃষিৰ লগত জলবায়ুৰ সম্পৰ্ক কেনে ধৰণৰ?

উত্তৰ:- যিকোনো এখন ঠাইৰ কৃষি সেই ঠাইখনৰ জলবায়ু আৰু মাটিৰ ওপৰত নিৰ্ভৰশীল। জলবায়ু ওপৰত ভিত্তি কৰি গোটেই বছৰটোক কেইবাটাও ঋতুত ভাগ কৰিব পাৰি। যেনে – গ্ৰীষ্ম, বৰ্ষা, শৰৎ, আৰু শীত ঋতু আদি। প্ৰতিটো ঋতুত বায়ুৰ চাপ – তাপ, বৰষুণৰ পৰিমাণ আদি বেলেগ বেলেগ বাবে ঋতু অনুসৰি ভিন ভিন খেতি কৰা হয়। এই ক্ষেত্ৰত আমি যদি অসমক উদাহৰণ হিচাপে লওঁ তেন্তে দেখিম যে গ্ৰীষ্ম আৰু বৰ্ষা কালত অসমত দক্ষিণ – পশ্চিম মৌচুমী বতাহৰ ফলত যথেষ্ট বৰষুণ হয় আৰু উষ্ণতাও বেছি থাকে। সেয়েহে গ্ৰীষ্ম আৰু বৰ্ষা কালত এনে বতৰৰ উপযোগী খেতি যেনে – ধান, মৰাপাট, লাও আদিৰ খেতি কৰা হয়। ঠিক তেনেদৰে খৰাং কালত এনে বতৰৰ উপযোগী খেতি যেনে – ঘেহু, মাকৈ, সঁৰিয়হ আদিৰ খেতি কৰা হয়। আনহাতে শীত কালত তাপ আৰু বৰষুণৰ পৰিমাণ কম বাবে তাপ আৰু পানী কম পৰিমাণে লগা খেতি কৰা হয়।

 

এনেকৈয়ে জলবায়ু আৰু কৃষিৰ মাজত এটা ওত: প্ৰোত সম্পৰ্ক আছে।

(ঙ) চিৰ সেউজীয়া উদ্ভদ আৰু পৰ্ণপাতী উদ্ভিদৰ প্ৰধান পাৰ্থক্য সমূহ কি কি?

উত্তৰ:- চিৰ সেউজীয়া আৰু পৰ্ণপাতী উদ্ভিদৰ প্ৰধান পাৰ্থক্য হ’ল – চিৰ সেউজীয়া উদ্ভিদৰ পাত সদায়ে সেউজীয়া হৈ থাকে। আনহাতে পর্ণপাতী উদ্ভিদৰ সকলোবোৰ পাত বছৰটোৰ ভিতৰত এবাৰ সৰি যায় আৰু কিছুদিন পাছত পুনৰ কুঁহিপাত ওলায়।

 

চিৰ সেউজীয়া উদ্ভিদক গড়ে ২০০ চেণ্টিমিটাৰতকৈ বেছি বৰষুণ আৰু ২৫° চেন্টিগ্ৰেডতকৈ উষ্ণতা লগে। আনহাতে পৰ্ণপাতী উদ্ভিদক ৮০ চেণ্টিমিটাৰৰ পৰা ২০০ চেণ্টিমিটাৰ গড় বৰষুণ লগে।

(চ) গছ – গছনি আমাক কিয় লাগে আলোচনা কৰা?

উত্তৰ:- গছ – গছনিৰ অবিহনে আমি আমাৰ জীৱনৰ কল্পনা কৰিব নোৱাৰোঁ। গছ – গছনি হৈছে অন্যতম প্ৰাকৃতিক উপাদান। গছ – গছনিয়ে এৰি দিয়া অক্সিজেন গেছ আমি উশাহত লওঁ আৰু আমি নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ গছ – গছনিয়ে উশাহত লয়। গছ – গছনিৰ বাবেই আমাৰ বায়ুমণ্ডলৰ প্ৰদূষণ বহুপৰিমাণে নিয়ন্ত্ৰণ হয় । গছ – গছনিৰ পৰা আমি বিভিন্ন ধৰণৰ ফল – মূল পাওঁ, সেইবোৰ গ্ৰহণ কৰি আমি শৰীৰত শক্তি পাওঁ। গছ – গছনি আমাৰ ভিন্ন ধৰণৰ ঘৰুৱা কামতো ব্যৱহাৰ হয় যেনে – ঘৰ দুৱাৰ, চকি – মেজ, দলং, আৰু বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিবলৈ।

(ছ) গছ – গছনি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰয়োজনীয়তা কি? আলোচনা কৰা।

উত্তৰ:- প্ৰাকৃতিক উদ্ভিদ অবিহনে পৃথিৱীৰ উপৰিভাগ সৌন্দৰ্য্যহীন। পৃথিৱীৰ সৌন্দৰ্য ৰক্ষাত প্ৰাকৃতিক উদ্ভিদে সহায় কৰে । উদ্ভিদৰ বাবে পৃথিৱীৰ জলবায়ুৰ ওপৰত বিশেষ প্ৰভাৱ পৰিলক্ষিত হয়। এই উদ্ভিদে প্ৰাণী জগতত সুৰক্ষা দি থকাৰ উপৰি মানুহৰ জীৱন – ধাৰণাত বিশেষভাৱে সহায় কৰি আহিছে। মানুহৰ মৌলিক প্ৰয়োজনীয়া সা – সামগ্ৰী, খাদ্য সমগ্রী, ঔষধি আদি সকলো বোৰ প্ৰাকৃতিক উদ্ভিদৰ পৰাই আহৰণ কৰা হয়। জনসংখ্যা বাঢ়ি‌ অহাৰ লগে লগে খেতি – বাতি কৰা, বাট – পথ নিৰ্মাণ, গাঁও চহৰ আদি স্থাপনৰ বাবে অধিক ঠাইৰ আৱশ্যক হৈছে। ফলত জধে – মধে গছ – গছনি কটা, বনৰ জীৱ – জন্তু হত্যা কৰা, পাহাৰ কাটি দ ঠাই পূৰোৱা, যতে ত’তে খনন কাৰ্য কৰা দেখা যায়। এনে কাৰ্যয়ে বন্য প্ৰাণীৰ বাসস্থান,খাদ্য আদিৰ ক্ষেত্ৰত সংকটৰ সৃষ্টি কৰিছে। এনেবোৰ কাৰণৰ বাবে বিভিন্ন অঞ্চলত খাদ্যৰ সন্ধানত হাতী,বাঘ,গড় আদি জনবসতি স্থলত প্ৰৱেশ কৰা দেখা যায়। তদুপৰি, মানুহৰ এনে ধ্বংসমূলক কাৰ্যৰ বাবে গোটেই পৰিৱেশৰ ভাৰসাম্য নষ্ট হৈছে। হাবিত পোৱা মূল্যৱান জীৱ – জন্তু যেনে – গড়, হাতী, হৰিণ, বাঘ, বনৰীয়া ম’হ আদি চোৰাং চিকাৰীয়ে আৰু দুষ্ট প্ৰকৃতিৰ মানুহে হত্যা কৰি তাৰ অংগ – প্ৰত্যংগ অবৈধভাবে বজাৰত বিক্ৰী কৰিছে। হাবিত পোৱা বিভিন্ন ধৰণৰ মূল্যৱান গছ, কাঠ চোৰাং বেপৰীয়ে অবৈধভাৱে কাটি বিক্ৰি কৰা দেখা যায়। সেয়েহে এনেবোৰ বহু কাৰণৰ ওপৰত ভিত্তি কৰি আমি এই প্ৰকৃতিৰ উদ্ভিদ লগতে বন্যপ্ৰাণীৰো সংৰক্ষণৰ কথা চিন্তা কৰিব লগা হৈছে।

(৩) খালী ঠাই পূৰ কৰা —

(ক) কোনো এটা অঞ্চলত কমেও ৫০ বছৰৰ সূৰ্য্যৰ পোহৰ , উষ্ণতা, বায়ু চাপ, বৃষ্টিপাত, আদ্ৰতা আদিৰ গড় অৱস্থাকে………………. বুলি কোৱা হয়।

উত্তৰ:- জলবায়ু।

(খ) জলবায়ুৰ বৈশিষ্টৰ ওপৰত কৰি অসমত বছৰটোক…………… ঋতুত ভাগ কৰিব পাৰি।

উত্তৰ:- চাৰিটা।

(গ) ভাৰতৰ চাহ উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান………।

উত্তৰ:- প্ৰথম।

(ঘ) ……………. বতাহৰ বাবে বৰ্ষা কালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়।

উত্তৰ:- দক্ষিণ – পশ্চিম মৌচুমী।

(ঙ) বৰ্তমান অসমত মুঠ…………. খন অভয়াৰণ্য আছে।

উত্তৰ:- ১৭

(চ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান………… বাবে বিখ্যাত।

উত্তৰ:- এশিঙীয়া গঁড়।

(ছ) শীতকালত দিন চুটি আৰু ৰাতি ………. হয়।

উত্তৰ:- দীঘল।

(৪) শুদ্ধ উত্তৰটো বাছি উত্তৰটো বাছি উলিওৱা —

(ক) পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ বৰষুণ হোৱা ঠাই খন হ’ল —

(১) চেৰাপুঞ্জী।

(২) মৌচিনৰাম।

(৩) শ্বিলং।

উত্তৰ:- (২) মৌচিনৰাম।

(খ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অসমৰ কোনখন জিলাত অৱস্থিত?

(১) গোলাঘাট।

(২) যোৰহাট।

(৩) মৰিগাঁও।

(৪) কামৰূপ।

উত্তৰ:- (১) গোলাঘাট।

(গ) এবছৰত একোবাৰকৈ নিজৰ পাত সলোৱা উদ্ভিদ বিধ হ’ল —

(১) পাৰ্ণপাতী।

(২) চিৰসেউজীয়া।

(৩) তৃণভূমি।

উত্তৰ:- (১) পাৰ্ণপাতী।

(ঘ) উদ্ভিদে এৰি দিয়া গেছ বিধৰ নাম কি ?

(১) কাৰ্বন – ডাই – অক্সাইড।

(২) অক্সিজেন।

(৩) নাইট্ৰ’জেন।

উত্তৰ:- (২) অক্সিজন।

(৫) সমভূমি অঞ্চলৰ কৃষি আৰু পাহাৰীয়া অঞ্চলৰ কৃষিৰ মাজৰ কি কি পাৰ্থক্য আছে ? লিখা।

উত্তৰ:- সমভূমি অঞ্চলৰ কৃষি ভূমি সমূহ সাৰুৱা হোৱাৰ বাবে ই কৃষি কাৰ্যৰ বাবে যথেষ্ট উপযোগী, আনহাতে পাহাৰীয়া অঞ্চলৰ কৃষি ভূমি শিলাময় হোৱাৰ বাবে কৃষিৰ বাবে বিশেষ উপযোগী নহয়।

 

সমভূমি অঞ্চলত খেতিৰ উপযোগী মাটি যথেষ্ট উপলব্ধ কিন্তু, পাহাৰীয়া অঞ্চলত সমান ঠাই পাবলৈ টান বাবে কৃষি কাৰ্যৰ বাবে মাটিৰ অভাৱ হয়।

 

সমভূমি অঞ্চলত খেতিৰ বাবে প্ৰয়োজনীয় পানী সহজে উপলব্ধ, আনহাতে পাহাৰীয়া অঞ্চলত খেতিৰ বাবে প্ৰয়োজনীয় পানী সহজলভ্য নহয়।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 6 Social Science Chapter 7 FAQs | অসমৰ জলবায়ু, প্ৰাকৃতিক উৎস, বনাঞ্চলী আৰু ভূমি | Ospin Academy
SEBA Class 6 Social Science Chapter 7 – অসমৰ জলবায়ু, প্ৰাকৃতিক উৎস, বনাঞ্চলী আৰু ভূমি FAQs
1. অসমৰ জলবায়ু কেনেকুৱা?
অসমত উপগ্ৰীষ্মমণ্ডলীয় জলবায়ু বিদ্যমান, য’ত বেছিভাগ সময় বৰষুণ হয়।
2. অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদ কি কি?
অসমৰ প্ৰাকৃতিক সম্পদত অন্তৰ্ভুক্ত খনিজ পদাৰ্থ, বনজ সম্পদ, আৰু জল সম্পদ।
3. অসমৰ বনাঞ্চলৰ ভূমিকা কি?
অসমৰ বনাঞ্চল হ’ল পরিবেশ সংৰক্ষণ, জীববৈচিত্ৰ্য ৰক্ষা, আৰু বায়ু গুণ নিয়ন্ত্রণৰ মূল উৎস।
4. অসমৰ ভূমিৰ গঠন কেনেকুৱা?
অসমত গৰম মাটিৰ অঞ্চল, জলগামী মাটি, আৰু পাহাৰীয়া মাটি বিদ্যমান।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top