Class 6 Social Science Chapter 9 Solution (Assamese Medium) – কি, ক’ত, কেতিয়া আৰু কেনেকৈ | SCERT Assam

SEBA Class 6 Social Science (Assamese Medium) Chapter 9 – “কি, ক’ত, কেতিয়া আৰু কেনেকৈ” Summary & Solutions

Class 6 Social Science Chapter 9 Solutions | Ospin Academy

SEBA Class 6 Social Science (Assamese Medium) Chapter 9 – “কি, ক’ত, কেতিয়া আৰু কেনেকৈ” সমাধান Ospin Academy-ত উপলব্ধ। আমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু অধ্যায়ৰ সম্পূৰ্ণ সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰোঁ, যি পৰীক্ষাৰ বাবে সহায়ক।

📖 অধ্যায়ৰ সংক্ষিপ্ত বিবৰণ:

এই অধ্যায়ত ইতিহাস অধ্যয়নৰ পদ্ধতি, প্ৰাচীন তথ্যৰ উৎস, আৰু কিদৰে বিভিন্ন সময়ৰ ইতিহাস অধ্যয়ন কৰা হয়, সেই বিষয়ে আলোচনা কৰা হৈছে।

  • ইতিহাস কি? অতীত ঘটনা আৰু সমাজৰ বিকাশৰ অধ্যয়ন।
  • প্ৰাচীন তথ্যৰ উৎস: শিলালিপি, পাণ্ডুলিপি, চৰকাৰী নথিপত্ৰ, আৰু মৌখিক তথ্য।
  • ইতিহাস অধ্যয়নৰ গুৰুত্ব: অতীতৰ পৰা শিক্ষা গ্ৰহণ, সমাজৰ বিকাশ বুজি পোৱ, আৰু ভবিষ্যত পৰিকল্পনা।
  • অসম আৰু ভাৰতৰ ইতিহাস: প্ৰাচীন সভ্যতা, ৰাজবংশ, আৰু সাম্প্ৰতিক ইতিহাস।

📌 মুখ্য বিষয়বস্তু:

  • ইতিহাস অধ্যয়ন কৰাৰ মূল উদ্দেশ্য কি?
  • প্ৰাচীন তথ্যৰ উৎস কি কি?
  • অসমৰ ইতিহাসৰ প্ৰধান উৎস কি?
  • ইতিহাস কেনেকৈ সমাজৰ বিকাশত সহায় কৰে?
  • ইতিহাস অধ্যয়নৰ গুৰুত্ব কেনেকুৱা?

📝 Ospin Academy-ৰ সহায়তা:

  • সম্পূৰ্ণ সমাধান: SEBA Class 6 Social Science (Assamese Medium) সমাধান।
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন।
  • সরাসৰিয়া ব্যাখ্যা: সহজ ভাষাত বিষয় ব্যাখ্যা।
  • দ্ৰুত পুণৰাবৃত্তি: সংক্ষিপ্ত নোটস।

SEBA Class 6 Social Science (Assamese Medium) Chapter 9 – “কি, ক’ত, কেতিয়া আৰু কেনেকৈ” সমাধান পাবলৈ Ospin Academy-ত চাওক।

Vibrant Note Box
Buy Printable PDF
Class 6 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 6 Social Science PDF for SCERT Assamese Medium students. Get the textbook, short question answers, and MCQ type answers for Geography, History, Economics, and Political Science. Ideal for exam preparation with free downloadable study materials.

Vibrant Note Box
Chapter 9: কি, ক’ত, কেতিয়া আৰু কেনেকৈ

 

অনুশীলনী

(১) উত্তৰ লিখা:-

(ক) ইতিহাস কাক বোলে?

উত্তৰ:- ইতিহাস হ’ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ নিৰ্ভৰযোগ্য ধাৰাবাহিক বিৱৰণী।

(খ) সাধুকথা আৰু ইতিহাসে একে অৰ্থ নুবুজায় কিয়?

উত্তৰ:- সাধুকথা আৰু ইতিহাসে একে অৰ্থ নুবুজায় কাৰণ ইতিহাস হ’ল – অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী, আৰু সাধুকথা হ’ল সত্যতা নিৰূপণ কৰিব নোৱাৰা সাধু বা কাহানি।

(গ) ইতিহাস অধ্যয়নৰ সমলবোৰ কি কি?

উত্তৰ:- ইতিহাস অধ্যয়নৰ সমলবোৰ হ’ল – ভগ্নাৱশেষ, শিলালিপি, তামৰ লিপি, মুদ্ৰা, সাহিত্য, বিদেশী পৰ্যটসকৰ বিৱৰণী, ইত্যাদি।

(ঘ) বেদ, পুৰাণ, মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সমলনে? যদি হয়, সেইবোৰ কোনবিধ সমলৰ অন্তৰ্গত?

উত্তৰ:- বেদ, পুৰাণ, মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সমল হয়। এইবোৰ সাহিত্য সমলৰ অন্তৰ্গত।

(ঙ) বৰ্তমান সময়ত ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা কি আছে বুলি ভাবা?

উত্তৰ:- আমি নিজৰ ঐতিহ্য, পৰম্পৰা, কলা – সংস্কৃতিৰ প্ৰতি আস্থা আৰু সন্মানৰ মনোভাৱ গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আছে। এই কাম ইতিহাস অধ্যয়নৰ ফলত হে হৈ উঠিব। গতিকে আমাৰ ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা আছে।

(চ) বুৰঞ্জী আৰু ইতিহাসৰ পাৰ্থক্য কি?

উত্তৰ:- বুৰঞ্জী আৰু ইতিহাস দুটা শব্দৰ মাজাত কিছু গুণগত পাৰ্থক্য আছে। বুৰঞ্জী শব্দটো মূলতঃ টাই ভাষাৰ, সাধাৰণতে বুৰঞ্জীত ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণ পোৱা যায়। আনহাতে, ইতিহাস হ’ল অতীতত ঘটা প্ৰাকৃতিক ঘটনাৰ ধাৰাবাহিক বিৱৰণী।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 6 Social Science Chapter 9 FAQs | কি, ক’ত, কেতিয়া আৰু কেনেকৈ | Ospin Academy
SEBA Class 6 Social Science Chapter 9 – কি, ক’ত, কেতিয়া আৰু কেনেকৈ FAQs
1. ইতিহাস কি?
ইতিহাস হল অতীত ঘটনা, সভ্যতা, আৰু সমাজৰ বিকাশৰ অধ্যয়ন।
2. ইতিহাস অধ্যয়ন কেনেকৈ সহায় কৰে?
ইতিহাস অধ্যয়ন সমাজৰ বিকাশ, পৰিবর্তন, আৰু ভবিষ্যত পৰিকল্পনাৰ বাবে সহায় কৰে।
3. প্ৰাচীন তথ্যৰ উৎস কি কি?
প্ৰাচীন তথ্যৰ উৎস হ’ল শিলালিপি, পাণ্ডুলিপি, চৰকাৰী নথিপত্ৰ, আৰু মৌখিক কাহিনী।
4. অসমৰ ইতিহাসৰ প্ৰধান উৎস কি?
অসমৰ ইতিহাসৰ উৎসত অন্তৰ্ভুক্ত হ’ল বুৰঞ্জী, শিলালিপি, আৰু প্ৰাচীন গ্ৰন্থ।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top