Class 6 Social Science Chapter 10 Solution (Assamese Medium) – আদিপ্ৰস্তৰ যুগ | SCERT Assam

SCERT Class 6 Social Science (Assamese Medium) Chapter 10 – “আদিপ্ৰস্তৰ যুগ” Summary & Solutions

Class 6 Social Science Chapter 10 Solutions | Ospin Academy

SEBA Class 6 Social Science (Assamese Medium) Chapter 10 – “আদিপ্ৰস্তৰ যুগ” সমাধান Ospin Academy-ত উপলব্ধ। আমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু অধ্যায়ৰ সম্পূৰ্ণ সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰোঁ, যি পৰীক্ষাৰ বাবে সহায়ক।

📖 অধ্যায়ৰ সংক্ষিপ্ত বিবৰণ:

এই অধ্যায়ত আদিম মানুহৰ জীৱনধাৰা, খাদ্য সংগ্ৰহ পদ্ধতি, অস্ত্ৰ-উপকৰণৰ বিকাশ, আৰু বসতি গঠনৰ প্ৰাথমিক অৱস্থা সম্পৰ্কে আলোচনা কৰা হৈছে।

  • আদিপ্ৰস্তৰ যুগ কি? প্ৰাচীনতম যুগ, য’ত মানুহ শিলৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিল।
  • খাদ্য সংগ্ৰহ: শিকাৰী আৰু সংগ্ৰাহকৰ জীৱনধাৰা।
  • অস্ত্ৰ-উপকৰণ: শিলৰ অস্ত্ৰ, তীৰ-ধনু, আৰু অগ্নি ব্যৱহাৰ।
  • বসতি গঠন: গুহাবাস আৰু অস্থায়ী আশ্ৰয়স্থল।

📌 মুখ্য বিষয়বস্তু:

  • আদিপ্ৰস্তৰ যুগত মানুহ কেনেকৈ জীৱন যাপন কৰিছিল?
  • আদিম যুগৰ লোকসকল কেনেকৈ খাদ্য সংগ্ৰহ কৰিছিল?
  • শিলৰ অস্ত্ৰ কেনেকৈ তৈয়াৰ কৰা হৈছিল?
  • অগ্নিৰ আৱিষ্কাৰ মানুহৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলালে?
  • অসমত আদিপ্ৰস্তৰ যুগৰ গুৰুত্ব কিমান?

📝 Ospin Academy-ৰ সহায়তা:

  • সম্পূৰ্ণ সমাধান: SEBA Class 6 Social Science (Assamese Medium) সমাধান।
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন।
  • সরাসৰিয়া ব্যাখ্যা: সহজ ভাষাত বিষয় ব্যাখ্যা।
  • দ্ৰুত পুণৰাবৃত্তি: সংক্ষিপ্ত নোটস।

SEBA Class 6 Social Science (Assamese Medium) Chapter 10 – “আদিপ্ৰস্তৰ যুগ” সমাধান পাবলৈ Ospin Academy-ত চাওক।

Vibrant Note Box
Buy Printable PDF
Class 6 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 6 Social Science PDF for SCERT Assamese Medium students. Get the textbook, short question answers, and MCQ type answers for Geography, History, Economics, and Political Science. Ideal for exam preparation with free downloadable study materials.

Vibrant Note Box
Chapter 10: আদিপ্ৰস্তৰ যুগ

 

অনুশীলনী

(১) উত্তৰ লিখা —

(ক) আদিম যুগৰ মানুহে কি কি খাদ্য খাইছিল?

উত্তৰ:- আদিম যুগৰ মানুহে বিভিন্ন গছৰ ফল-মূল, বীজ, পাত আদি খাইছিল। এই সমূহৰ উপৰিও নানা ধৰণৰ পতংগ, চৰাই – চিৰিকতি, আন জীৱ – জন্তু আদি চিকাৰ কৰি খাইছিল।

(খ) আদিম মনুহে কি কাৰণে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল?

উত্তৰ:- আদিম মানুহে খাদ্যৰ বাবে চিকাৰ কৰিবলৈ এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল।

(গ) বৰ্তমান সময়ৰ মানুহৰ ভ্ৰমণৰ উদ্দেশ্য আৰু আদিম মানুহৰ ভ্ৰমণৰ উদ্দেশ্যৰ মাজত কি কি ক্ষেত্ৰৰ মিল আৰু অমিল আছে?

উত্তৰ:- বৰ্তমান যুগৰ মানুহে আত্মীয় – স্বজনক লগ কৰিবলৈ এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰে আৰু আদিম যুগৰ মানুহেও আত্মীয় – স্বজনক লগ কৰিবলৈ এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰিছিল। এই ক্ষেত্ৰত বৰ্তমান সময়ৰ মানুহ আৰু আদিম যুগৰ মানুহৰ ভ্ৰমণৰ ক্ষেত্ৰত মিল আছে।

বৰ্তমান সময়ৰ মানুহে বজাৰ পাতি কৰিবলৈ ঘূৰি ফুৰে আৰু আদিম যুগৰ মানুহে চিকাৰ কৰিবলৈ ঘূৰি ফুৰিছিল। এই ক্ষেত্ৰত অমিল আছে।

(ঘ) আদিম যুগৰ মানুহে শিলকে কিয় সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল?

উত্তৰ:- আদিম যুগৰ মানুহে শিলকে সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল কাৰণ সেই সময়ত শিল সহজতে পোৱা গৈছিল।

(ঙ) বৰ্তমান শিলক কি কি কামত ব্যৱহাৰ কৰা হয়?

উত্তৰ:- বৰ্তমান শিলক বিভিন্ন ধৰণৰ পকী ঘৰ বনোৱাত, বিভিন্ন মূৰ্তি বনোৱাত, বিভিন্ন প্ৰতিমা বনোৱাত আৰু বহুতো কামত ব্যৱহাৰ কৰা হয়।

(চ) জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল?

উত্তৰ:- আদিম যুগত আদিম মানুহে শিলে শিলে ঘঁহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিবলৈ পাইছিল আৰু সেই ফিৰিঙতিয়ে শুকান পাত আৰু কাঠৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল।

(ছ) আদিম মানুহে জুই কি কি কামত ব্যৱহাৰ কৰিছিল?

উত্তৰ:- আদিম মানুহে চিকাৰ কৰি অনা জীৱ – জন্তুৰ মাংস পুৰি বা সেকি খাইছিল আৰু নিশাৰ অন্ধকাৰ পোহৰাবলৈ কৰিবলৈ জুইৰ ব্যৱহাৰ কৰিছিল।

(৩) আদিম মানুহে সংগ্ৰহ কৰা খাদ্য কিয় সাঁচি থোৱা নাছিল ? ব্যাখ্যা কৰা।

উত্তৰ:- আদিম লোকসকলে প্ৰথম অৱস্থাত চিকাৰ কৰিব নাজানিছিল । তেওঁলোকে প্ৰকৃতিত পোৱা বিভিন্ন গছৰ ফল – মূল, বীজ, পাত আদি খাইছিল। এইসমূহৰ উপৰি নানা ধৰণৰ পতংগ, পলু, চৰাই – চিৰিকতি, জলাশয়ৰ পৰা মাছ মাৰিও তেওঁলোকে অহাৰ হিচাপে গ্ৰহণ কৰিছিল। ক্ৰমান্বয়ে আদিম মানুহে আন আন জীৱ – জন্তুৰ গতি – বিধি অনুসৰণ কৰি গৰু, ছাগলী, নিগনি আদিৰ দৰে সহজতে ধৰিব পৰা জীৱ – জন্তু সমূহ চিকাৰ কৰিছিল। ভোক নিভৰণৰ বাবে তেওঁলোকে কেতিয়াবা প্ৰকৃতিত পৰা খাদ্যসংগ্ৰ কৰিছিল আৰু কেতিয়াবা চিকাৰো কৰিছিল। কিন্তু সংগ্ৰ কৰা খাদ্য সাঁচি ৰখাৰ কোনো ব্যৱস্থা সেই সময়ত নাছিল। কাৰণ সেই সময়ত তেওঁলোকে খাদ্য বিছাৰি এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিব লগা হৈছিল। সেই সময়ত তেওঁলোকে দল বান্ধি থাকিছিল আৰু দল বান্ধিয়ে এঠাইৰ পৰা আন ঠাইলৈ গৈছিল।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 6 Social Science Chapter 10 FAQs | আদিপ্ৰস্তৰ যুগ | Ospin Academy
SEBA Class 6 Social Science Chapter 10 – আদিপ্ৰস্তৰ যুগ FAQs
1. আদিপ্ৰস্তৰ যুগ কি?
আদিপ্ৰস্তৰ যুগ হল প্ৰাচীনতম যুগ, য’ত মানুহ শিলৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিল।
2. আদিম মানুহ কেনেকৈ খাদ্য সংগ্ৰহ কৰিছিল?
তেওঁলোক শিকাৰী আৰু সংগ্ৰাহক আছিল, বন্য পশু আৰু উদ্ভিদ খাই জীৱিকা নিৰ্ভৰ কৰিছিল।
3. আদিপ্ৰস্তৰ যুগত কি ধৰণৰ অস্ত্ৰ ব্যৱহৃত হৈছিল?
এই যুগত শিলৰ অস্ত্ৰ, তীৰ-ধনু, আৰু হাত দোঁৱনিৰ ব্যৱহাৰ হৈছিল।
4. অগ্নিৰ আৱিষ্কাৰ আদিম মানুহৰ জীৱনত কেনেকৈ সহায় কৰিলে?
অগ্নিৰ আৱিষ্কাৰে খাদ্য রান্না, বন্য জীৱ-জন্তুৰ পৰা ৰক্ষা, আৰু উষ্ণতা যোগান ধৰে।
5. অসমত আদিপ্ৰস্তৰ যুগৰ গুৰুত্ব কি?
অসমত কিছু আদিপ্ৰস্তৰ যুগৰ অৱশেষ পোৱা গৈছে, যিয়ে অঞ্চলটোৰ প্ৰাচীন ইতিহাসক প্ৰতিফলিত কৰে।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top