SEBA Class 6 Social Science (Assamese Medium) Chapter 12 – “সিন্ধু উপত্যকাৰ সভ্যতা” Summary & Solutions
SEBA Class 6 Social Science (Assamese Medium) Chapter 12 – “সিন্ধু উপত্যকাৰ সভ্যতা” সমাধান Ospin Academy-ত উপলব্ধ। আমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু অধ্যায়ৰ সম্পূৰ্ণ সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰোঁ, যি পৰীক্ষাৰ বাবে সহায়ক।
📖 অধ্যায়ৰ সংক্ষিপ্ত বিবৰণ:
এই অধ্যায়ত সিন্ধু উপত্যকাৰ সভ্যতাৰ উৎপত্তি, নগৰ পৰিকাঠামো, জীৱনধাৰা, বানিজ্য, ধৰ্ম, আৰু এই সভ্যতাৰ পতনৰ কাৰণ আলোচনা কৰা হৈছে।
- সভ্যতাৰ উৎপত্তি: খ্ৰীঃ পূৰ্ব ২৬০০ চনৰ পৰা ১৯০০ চন পর্যন্ত বিকাশ লাভ কৰা সভ্যতা।
- প্ৰধান নগৰসমূহ: হৰপ্পা, মহেঞ্জোদাৰো, চান্হুদাৰো, আৰু লোথাল।
- জীৱনধাৰা: উন্নত নগৰ পৰিকাঠামো, পকী ঘৰ, জলনিকাশী প্ৰণালী, আৰু বানিজ্য ব্যৱস্থা।
- ধৰ্ম আৰু সংস্কৃতি: মাতৃদেৱীৰ পূজা, পশুপতি দেবতাৰ প্ৰতিমূর্তি, আৰু সাংস্কৃতিক কলা।
- পতনৰ কাৰণ: নদী পথ পৰিৱৰ্তন, পৰ্যাপ্ত খাদ্যৰ অভাৱ, আৰু আক্রমণ।
📌 মুখ্য বিষয়বস্তু:
- ⭐ সিন্ধু উপত্যকাৰ সভ্যতা কেতিয়া বিকাশ লাভ কৰিছিল?
- ⭐ এই সভ্যতাৰ প্ৰধান নগৰসমূহ কি কি?
- ⭐ সিন্ধু সভ্যতাৰ বিশেষ বৈশিষ্ট্য কি?
- ⭐ এই সভ্যতাৰ লোকসকলে কি ধৰ্ম পালন কৰিছিল?
- ⭐ সিন্ধু সভ্যতাৰ পতনৰ মূল কাৰণ কি?
📝 Ospin Academy-ৰ সহায়তা:
- ✅ সম্পূৰ্ণ সমাধান: SEBA Class 6 Social Science (Assamese Medium) সমাধান।
- ✅ MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন।
- ✅ সরাসৰিয়া ব্যাখ্যা: সহজ ভাষাত বিষয় ব্যাখ্যা।
- ✅ দ্ৰুত পুণৰাবৃত্তি: সংক্ষিপ্ত নোটস।
SEBA Class 6 Social Science (Assamese Medium) Chapter 12 – “সিন্ধু উপত্যকাৰ সভ্যতা” সমাধান পাবলৈ Ospin Academy-ত চাওক।
Class 6 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download Class 6 Social Science PDF for SCERT Assamese Medium students. Get the textbook, short question answers, and MCQ type answers for Geography, History, Economics, and Political Science. Ideal for exam preparation with free downloadable study materials.
অনুশীলনী |
---|
(১) উত্তৰ লিখা —
(ক) কি কি নদীৰ পাৰত প্ৰাচীন সভ্যতা গঢ় লৈ উঠিছিল?
উত্তৰ:- সিন্ধু নদীৰ পাৰত সিন্ধু সভ্যতা, নীল নদীৰ পাৰত মিছৰীয়া সভ্যতা, ইউফ্ৰেটিছ আৰু টাইগ্ৰীছ নদীৰ পাৰত বেবিলনীয় সভ্যতা, হোৱাংহো আৰু ইয়াং চিকিয়া নদীৰ পাৰত চীনা সভ্যতা ইত্যাদি প্ৰাচীন সভ্যতা গঢ় লৈ উঠিছিল।
(খ) পাঠত উল্লেখ থকা প্ৰাচীন সভ্যতাসমূহৰ ভিতৰত কোনটো সভ্যতাৰ বিস্তৃতি আটাইতকৈ বেছি?
উত্তৰ:- সিন্ধু সভ্যতাৰ বিস্তৃতি আটাইতকৈ বেছি।
(গ) কিহৰ ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত মেছ’পটেমীয়া সভ্যতাৰ সম্পৰ্ক আছে বুলি ক’ব পাৰি?
উত্তৰ:- সিন্ধু উপত্যকা বা হৰপ্পা সংস্কৃতিত ব্যৱহৃত মূহৰ, মণি আদি মেছ’পটেমীয়া সভ্যতাত পোৱা গৈছিল। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই দুয়োটা সভ্যতাৰ সম্পৰ্ক আছে বুলি ক’ব পাৰি।
(ঘ) সিন্ধু উপত্যকাৰ মানুহৰ বিভিন্ন ঠাইৰ লগত বেপাৰ – বাণিজ্যৰ কথা কিহে প্ৰমাণ কৰে পাঠটোৰ আলমত লিখা।
উত্তৰ:- হৰপ্পাৰ বেপাৰ – বাণিজ্য কৰা লোকসকলে বিভিন্ন ধৰণৰ কেঁচা সামগ্ৰী বিশেষকৈ ধাতু, বিভিন্ন ধৰণৰ মণি আদি আন ঠাইলৈ ৰুপ্তানি কৰিছিল। ধাতুৰ উপৰি কাপোৰ, পাত্ৰ, মাটিৰ পুতলা, মণি আৰু খাদ্য সামগ্রী সেইবোৰ ঠাইলৈ ৰুপ্তানি কৰা হৈছিল। হৰপ্পা সভ্যতাত ব্যৱহৃত মোহৰ, মণি আদি মেছ’পটেমিয়াত পোৱা গৈছিল। ইয়াৰপৰা প্ৰমাণ কৰিব পাৰি যে সিন্ধু উপত্যকাৰ মানুহৰ বিভিন্ন ঠাইৰ লগত বেপাৰ – বাণিজ্যৰ সম্পৰ্ক আছিল।
(ঙ) কিহৰ ওপৰত ভিত্তি কৰি সিন্ধু উপত্যকাৰ মানুহে চিলাই বিদ্যা জানিছিল বুলি অনুমান কৰা হয়?
উত্তৰ:- খনন কাৰ্যত বেজী, বুটামৰ আৱিষ্কাৰৰ পৰা অনুমান কৰা হয় যে সিন্ধু উপত্যকাৰ মানুহে চিলাই বিদ্যা জানিছিল বুলি।
(২) পাঠত থকা মানচিত্ৰখন চাই তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া।
(ক) লোথাল আৰু কালিবাংগান বৰ্তমান কোন ৰাজ্যত অৱস্থিত?
উত্তৰ:- লোথাল গুজৰাট আৰু কালিবাংগান ৰাজস্থান ৰাজ্যত অৱস্থিত।
(খ) সিন্ধু নদীয়ে চুই যোৱা ঠাই কাইখনৰ নাম উল্লেখ কৰা।
উত্তৰ:- সিন্ধু নদীয়ে চুই যোৱা ঠাই কেইখনৰ নাম হ’ল – মহেঞ্জোদাৰো আৰু চানহোদাৰো।
(গ) বৰ্তমান পাকিস্তানৰ অন্তৰ্গত ঠাই কেইখনৰ নাম লিখা।
উত্তৰ:- বৰ্তমান পাকিস্তানৰ অন্তৰ্গত ঠাই কেইখনৰ নাম হ’ল – হৰপ্পা আৰু মহেঞ্জোদাৰো।
(ঘ) ঝিলাম বৰ্তমান কোনখন দেশত?
উত্তৰ:- ঝিলাম বৰ্তমান পাকিস্তানত।
(ঙ) ৰোপাৰ বৰ্তমান ভাৰতৰ কোন ৰাজ্যত অন্তৰ্গত?
উত্তৰ:- ৰোপাৰ বৰ্তমান ভাৰতৰ পাঞ্জাৱ ৰাজ্যত অন্তৰ্গত।
(৩) ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা —
ক |
খ |
---|---|
(১) সিন্ধু উপত্যকাৰ সভ্যতাৰ মানুহে। |
(১) শস্য ৰাখিবৰ বাবে। |
(২) সিন্ধু উপত্যকাৰ সভ্যতাৰ মোহৰবোৰ আছিল। |
(২) ইৰাকৰ লগত বেপাৰ বাণিজ্য কৰিছিল। |
(৩) সিন্ধু উপত্যকাৰ মানুহে বস্তু কাঢ়িয়াবলৈ। |
(৩) চতুৰ্ভুজ, ঘূৰণীয়া আৰু চুঙা আকৃতিৰ। |
(৪) সিন্ধু উপত্যকাৰ সভ্যতাৰ ভাৰালবোৰ ব্যৱহাৰ কৰা হৈছিল। |
(৪) অলংকাৰ পিন্ধিছিল। |
(৫) সিন্ধু উপত্যকাৰ সমসাময়িক সভ্যতা। |
(৫) উট আৰু গাধ ৰাখিছিল। |
(৬) মেছ’পটেমিয়া সভ্যতা। |
উত্তৰ:-
ক |
খ |
---|---|
(১) সিন্ধু উপত্যকাৰ সভ্যতাৰ মানুহে। |
(২) ইৰাকৰ লগত বেপাৰ বাণিজ্য কৰিছিল। |
(২) সিন্ধু উপত্যকাৰ সভ্যতাৰ মোহৰবোৰ আছিল। |
(৩) চতুৰ্ভুজ, ঘূৰণীয়া আৰু চুঙা আকৃতিৰ। |
(৩) সিন্ধু উপত্যকাৰ মানুহে বস্তু কাঢ়িয়াবলৈ। |
(৫) উট আৰু গাধ ৰাখিছিল। |
(৪) সিন্ধু উপত্যকাৰ সভ্যতাৰ ভাৰালবোৰ ব্যৱহাৰ কৰা হৈছিল। |
(১) শস্য ৰাখিবৰ বাবে। |
(৫) সিন্ধু উপত্যকাৰ সমসাময়িক সভ্যতা। |
(৬) মেছ’পটেমিয়া সভ্যতা। |
(৫) শুদ্ধ বাক্যত ✓ চিন দিয়া —
(ক) মহেঞ্জোদাৰো নগৰৰ ৰাস্তাবোৰ পোন আছিল।
উত্তৰ:- ✓
(খ) মহেঞ্জোদাৰো নগৰৰ কোনো পৰিকল্পনা নাছিল।
উত্তৰ:- ×
(গ) সিন্ধু উপত্যকাৰ সভ্যতাৰ ঘৰবোৰত একোটাকৈ কুঁৱা আৰু স্নানাগাৰ আছিল।
উত্তৰ:- ✓
(ঘ) সিন্ধু উপত্যকাৰ সভ্যতাৰ মানুহে লিপিৰ ব্যৱহাৰ কৰিছিল।
উত্তৰ:- ×
(ঙ) হৰপ্পা সংস্কৃতিৰ সামগ্ৰীসমূহৰ প্ৰায়ভাগে টিন আৰু তাম ধাতুৰ সংমিশ্ৰণত তৈয়াৰী।
উত্তৰ:- ✓
(৬) সিন্ধু উপত্যকাৰ সভ্যতাৰ নগৰ পৰিকল্পনাৰ বিষয়ে লিখা।
উত্তৰ:- সিন্ধু উপত্যকাৰ ৰাজ আলিবাটবোৰ বহল আছিল। পোন আৰু বহল আলিবাটবিলাক সমান্তৰলভাৱে নগৰৰ এমূৰৰ পৰা আনমূৰলৈ বিস্তৃত হৈ আছিল। এই আলিবাটবিলাক লম্ভভাৱে কটাকটি কৰি নগৰ খনক কেইবাটাও সমান ভাগত ভাগ কৰিছিল। ৰাস্তাৰ চুকবোৰ আছিল ধেনুভেৰিয় যাতে বস্তু কঢ়িয়াই নিয়া গধুৰ যান – বাহন সহজতে চলাচল কৰিব পাৰে। ডাঙৰ আলিবাট বিলাকৰ সুভাবৰ্ধন কৰিছিল। ঘৰবোৰ ইটা আৰু বুকা মাটিৰ সহায়ত নিৰ্মাণ কৰা হৈছিল।
(৮) হৰপ্পা সংস্কৃতিৰ মানুহৰ জীৱিকা নিৰ্বাহৰ মূল উৎস কি কি আছিল? তালিকা বনোৱা।
উত্তৰ:- হৰপ্পা সংস্কৃতিৰ মানুহৰ জীৱিকা নিৰ্বাহৰ মূল উৎসৰ তালিকা তলত বনোৱা হ’ল —
(ক) কৃষি – ঘেহু, বাৰ্লি, মটৰ মাহ, সৰিয়হ, কপাহ খেতি ইত্যাদি।
(খ) পশু পালন – গৰু – মহ, ছাগলী, ভেড়া, গাহৰি আদি পালন কৰিছিল।
(গ) কৰ্য্য – কুমাৰ, কাৰিকৰ, বণিক, বাঢ়ৈ, শিপিনী আদি কৰি জীৱন নিৰ্বাহ কৰিছিল।
SEBA Class 6 Social Science Chapter 12 – সিন্ধু উপত্যকাৰ সভ্যতা FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: