Class 6 Social Science Chapter 13 Solution (Assamese Medium) – বৈদিক সভ্যতা | SEBA Assam

SEBA Class 6 Social Science (Assamese Medium) Chapter 13 – “বৈদিক সভ্যতা” Summary & Solutions

Class 6 Social Science Chapter 13 Solutions | Ospin Academy

SEBA Class 6 Social Science (Assamese Medium) Chapter 13 – “বৈদিক সভ্যতা” সমাধান Ospin Academy-ত উপলব্ধ। আমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু অধ্যায়ৰ সম্পূৰ্ণ সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰোঁ, যি পৰীক্ষাৰ বাবে সহায়ক।

📖 অধ্যায়ৰ সংক্ষিপ্ত বিবৰণ:

এই অধ্যায়ত বৈদিক যুগৰ মূল বৈশিষ্ট্য, সমাজ ব্যৱস্থা, ধৰ্মীয় বিশ্বাস, অৰ্থনীতি, শিক্ষা, আৰু সংস্কৃতি সম্পৰ্কে আলোচনা কৰা হৈছে।

  • বৈদিক যুগৰ সময়সীমা: খ্ৰীঃ পূৰ্ব ১৫০০-৫০০ চনৰ ভিতৰত বিকাশ লাভ কৰা সভ্যতা।
  • বৈদিক গ্ৰন্থসমূহ: ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, আৰু অথৰ্ববেদ।
  • সমাজ ব্যৱস্থা: বৰ্ণ প্ৰথা (ব্ৰাহ্মণ, ক্ষত্রিয়, বৈশ্য, আৰু শূদ্ৰ)।
  • অৰ্থনীতি: কৃষি, পশুপালন, আৰু বাণিজ্যৰ উন্নতি।
  • সংস্কৃতি: ধর্মীয় অনুশীলন, যজ্ঞ, সংগীত, নৃত্য, আৰু শিক্ষা প্ৰণালী।

📌 মুখ্য বিষয়বস্তু:

  • বৈদিক সভ্যতা কেতিয়া বিকাশ লাভ কৰিছিল?
  • বৈদিক গ্ৰন্থসমূহ কি কি?
  • বৈদিক যুগৰ সমাজ কেনেকুৱা আছিল?
  • বৈদিক যুগত শিক্ষা কেনেকুৱা আছিল?
  • বৈদিক যুগৰ অৰ্থনীতি কেনেকুৱা আছিল?

📝 Ospin Academy-ৰ সহায়তা:

  • সম্পূৰ্ণ সমাধান: SEBA Class 6 Social Science (Assamese Medium) সমাধান।
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন।
  • সরাসৰিয়া ব্যাখ্যা: সহজ ভাষাত বিষয় ব্যাখ্যা।
  • দ্ৰুত পুণৰাবৃত্তি: সংক্ষিপ্ত নোটস।

SEBA Class 6 Social Science (Assamese Medium) Chapter 13 – “বৈদিক সভ্যতা” সমাধান পাবলৈ Ospin Academy-ত চাওক।

Vibrant Note Box
Buy Printable PDF
Class 6 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 6 Social Science PDF for SCERT Assamese Medium students. Get the textbook, short question answers, and MCQ type answers for Geography, History, Economics, and Political Science. Ideal for exam preparation with free downloadable study materials.

Vibrant Note Box
Chapter 13: বৈদিক সভ্যতা

 

অনুশীলনী

(১) উত্তৰ লিখা —

(ক) ভাৰতত কোন দিশৰপৰা অৰ্য্যসকল ভাৰতৰ সপ্তসিন্ধু উপত্যকালৈ আহিছিল?

উত্তৰ:- ভাৰতত উত্তৰ – পশ্চিম দিশৰপৰা আৰ্য্যসকল ভাৰতৰ সপ্তসিন্ধু উপত্যকালৈ আহিছিল।

(খ) আৰ্য্যসকলৰ পূৰ্বপুৰুষসকল কোন অঞ্চলৰ অধিবাসী আছিল ?

উত্তৰ:- আৰ্য্যসকলৰ পূৰ্বপুৰুষ সকল মধ্য এছিয়াৰ কৃষ্ণ সাগৰ আৰু কাস্পিয়ান সাগৰৰ মাজত থকা ভূভাগৰ অধিবাসী আছিল।

(গ) সিন্ধু উপত্যকাৰ সভ্যতা আৰু বৈদিক সভ্যতাৰ মজাৰ দুটা প্ৰধান পাৰ্থক্য দেখুওৱা।

উত্তৰ:- সিন্ধু উপত্যকাৰ সভ্যতাৰ আৰু বৈদিক সভ্যতাৰ মাজৰ দুটা প্ৰধান পাৰ্থক্য হ’ল –

(i) সিন্ধু উপত্যকাৰ সভ্যতাৰ লোসকল কৃষিজীৱী আছিল। আনহাতে বৈদিক সভ্যতাৰ লোকসকল পহুপালক আছিল।

(ii) সিন্ধু উপত্যকাৰ লোক সকলে লোৰ ব্যাৱহাৰ জনা নাছিল। আনহাতে বৈদিক সভ্যতাৰ লোকসকলে লোৰ ব্যাৱহাৰ জানিছিল।

(ঘ) চাৰিওখন বেদৰ ভিতৰত কোনখন প্ৰাচীনতম বেদ?

উত্তৰ:- চাৰিওখন বেদৰ ভিতৰত প্ৰাচীনতম বেদ হৈছে ঋকবেদ।

(ঙ) আৰ্য্যসকল গংগা উপত্যকালৈ কিয় আগবাঢ়ি গৈছিল ?

উত্তৰ:- আৰ্য্য সকল বসতি বিস্তাৰ আৰু কৃষি কাৰ্য কৰিবলৈ গংগা উপত্যকালৈ আগবাঢ়ি গৈছিল।

(চ) বৈদিক যুগৰ দুগৰাকী বিদূষী নাৰীৰ নাম লিখা।

উত্তৰ:- বৈদিক যুগৰ দুগৰাকী বিদূষী নাৰীৰ নাম হ’ল – লুপামুদ্ৰা আৰু বিশ্ববাৰা।

(ছ) আৰ্য্যসকল কোন ভাষিক গোষ্ঠীৰ মানুহ আছিল ?

উত্তৰ:- আৰ্য্যসকল ইন্দো – ইউৰোপীয় ভাষিক গোষ্ঠীৰ মানুহ আছিল।

(জ) আৰ্য্যসকলে কিহক প্ৰধান সম্পদ হিচাপে গণ্য কৰিছিল?

উত্তৰ:- গৰুক।

(ঝ) আৰ্য্য সকলে কোনবিধ ঘৰচীয়া জন্তুৰ প্ৰচলন কৰিছিল?

উত্তৰ:- গৰু, ভেড়া, ছাগলী, ঘোঁৰা আদি জন্তুৰ প্ৰচলন কৰিছিল।

(২) শুদ্ধ – অশুদ্ধ নিৰ্ণয় কৰা —

(ক) বৈদিক যুগৰ আনুমানিক সময়সীমা খৃঃ পূঃ ১৫০০ ৰ পৰা খৃঃ পূঃ ১০০০ ৰ ভিতৰত পৰে।

উত্তৰ:- অশুদ্ধ।

(খ) ঋক বৈদিক যুগতে চাৰিও খন বেদ ৰচনা কৰা হৈছিল।

উত্তৰ:- অশুদ্ধ।

(গ) অৰ্য্য সকলৰ দিনত লোৰ প্ৰচলন আছিল।

উত্তৰ:- শুদ্ধ।

(ঘ) সপ্তসিন্ধুৰ স্থানীয় লোকসকলক আৰ্যসকলে হেয় জ্ঞান কৰিছিল।

উত্তৰ:- শুদ্ধ।

(ঙ) আৰ্যসকলৰ সময়ত সমাজত নাৰীৰ স্থান নিম্ন আছিল।

উত্তৰ:- অশুদ্ধ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 6 Social Science Chapter 13 FAQs | বৈদিক সভ্যতা | Ospin Academy
SEBA Class 6 Social Science Chapter 13 – বৈদিক সভ্যতা FAQs
1. বৈদিক সভ্যতা কেতিয়া বিকাশ লাভ কৰিছিল?
বৈদিক সভ্যতা খ্ৰীঃ পূৰ্ব ১৫০০-৫০০ চনৰ ভিতৰত বিকাশ লাভ কৰিছিল।
2. বৈদিক গ্ৰন্থসমূহ কি কি?
বৈদিক গ্ৰন্থসমূহ হ’ল ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, আৰু অথৰ্ববেদ।
3. বৈদিক যুগৰ সমাজ কেনেকুৱা আছিল?
বৈদিক যুগত সমাজ বৰ্ণ প্ৰথাৰ ওপৰত আধাৰিত আছিল – ব্ৰাহ্মণ, ক্ষত্রিয়, বৈশ্য, আৰু শূদ্ৰ।
4. বৈদিক যুগত শিক্ষা কেনেকুৱা আছিল?
গুৰু-শিষ্য পৰম্পৰাৰ অধীনত শিক্ষাদান কৰা হৈছিল, য’ত বেদ অধ্যয়ন বিশেষ গুৰুত্বপূর্ণ আছিল।
5. বৈদিক যুগৰ অৰ্থনীতি কেনেকুৱা আছিল?
বৈদিক যুগত কৃষি, পশুপালন, আৰু বাণিজ্যৰ ওপৰত অৰ্থনীতি নিৰ্ভৰশীল আছিল।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top