SEBA Class 6 Social Science (Assamese Medium) Chapter 14 – “মহাজনপদ” Summary & Solutions
SEBA Class 6 Social Science (Assamese Medium) Chapter 14 – “মহাজনপদ” সমাধান Ospin Academy-ত উপলব্ধ। আমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু অধ্যায়ৰ সম্পূৰ্ণ সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰোঁ, যি পৰীক্ষাৰ বাবে সহায়ক।
📖 অধ্যায়ৰ সংক্ষিপ্ত বিবৰণ:
এই অধ্যায়ত **মহাজনপদ** সভ্যতাৰ বিকাশ, ৰাজনৈতিক সংগঠন, ৰাজ্যব্যৱস্থা, আৰু অৰ্থনৈতিক স্থিতিশীলতা সম্পৰ্কে আলোচনা কৰা হৈছে।
- মহাজনপদৰ সংজ্ঞা: খ্ৰীঃ পূৰ্ব ৬ষ্ঠ শতিকা সময়ত গঠিত ১৬ টা বৃহৎ ৰাজ্য।
- প্ৰধান মহাজনপদ: কৌশল, মগধ, অবন্তী, কম্বোজ, আৰু বৎস।
- ৰাজনৈতিক সংগঠন: কিছু মহাজনপদত ৰাজতন্ত্ৰ আছিল, আৰু কিছুমান গণতান্ত্ৰিক ৰাজ্য আছিল।
- অৰ্থনীতি: কৃষি, বানিজ্য, আৰু ধাতুৰ ব্যৱহাৰৰ বৃদ্ধি।
📌 মুখ্য বিষয়বস্তু:
- ⭐ মহাজনপদ ক’ত গঠিত হৈছিল?
- ⭐ মহাজনপদৰ মূল বৈশিষ্ট্য কি?
- ⭐ মহাজনপদত ৰাজনীতি কিদৰে চলিছিল?
- ⭐ মহাজনপদৰ অৰ্থনীতি কেনেকুৱা আছিল?
- ⭐ মহাজনপদৰ পতনৰ কাৰণ কি?
📝 Ospin Academy-ৰ সহায়তা:
- ✅ সম্পূৰ্ণ সমাধান: SEBA Class 6 Social Science (Assamese Medium) সমাধান।
- ✅ MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন।
- ✅ সরাসৰিয়া ব্যাখ্যা: সহজ ভাষাত বিষয় ব্যাখ্যা।
- ✅ দ্ৰুত পুণৰাবৃত্তি: সংক্ষিপ্ত নোটস।
SEBA Class 6 Social Science (Assamese Medium) Chapter 14 – “মহাজনপদ” সমাধান পাবলৈ Ospin Academy-ত চাওক।
Class 6 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download Class 6 Social Science PDF for SCERT Assamese Medium students. Get the textbook, short question answers, and MCQ type answers for Geography, History, Economics, and Political Science. Ideal for exam preparation with free downloadable study materials.
অনুশীলনী |
---|
(১) সঁচা – মিছা নিৰ্ণয় কৰা —
(ক) পুৰাতত্ববিদসকলে খনন কাৰ্যৰ দ্বাৰা জনপদসমূহৰ বিষয়ে তথ্য লাভ কৰিছিল।
উত্তৰ:- সঁচা।
(খ) জনপদৰ দিনৰ বিভিন্ন ৰঙৰ মাটিৰ পাত্ৰ তৈয়াৰ কৰা হৈছিল।
উত্তৰ:- সঁচা।
(গ) মহাজনপদৰ সময়ত লোৰ ব্যৱহাৰ হোৱা নাছিল।
উত্তৰ:- মিছা।
(ঘ) মহাজনপদৰ দিনত শস্যৰ ওপৰত ১/৬ অংশ কৰ নিৰ্ধাৰণ কৰা হৈছিল।
উত্তৰ:- সঁচা।
(ঙ) মহাজনপদসমূহ সমগ্ৰ ভাৰততে সিঁচৰতি হৈ আছিল।
উত্তৰ:- মিছা।
(২) শুদ্ধ উত্তৰটো বাছি উলিওৱা —
(ক) তলৰ কোনখন মহাজনপদত ৰাজতন্ত্ৰ নাছিল?
(১) মগদ।
(২) লিচ্ছবী।
(৩) অঙ্গ।
(৪) অৱন্তি।
উত্তৰ:- (২) লিচ্ছবী।
(খ) মগধ ৰাজ্যৰ কাষতে থকা নদীখন হ’ল –
(১) গংগা।
(২) যমুনা।
(৩) কোশী।
(৪) মহানদী।
উত্তৰ:- (২) গংগা।
(গ) তলৰ কোনখন ঠাই ষোল্লমহাজনপদৰ অন্তৰ্ভুক্ত নহয়?
(১) কোশল।
(২) বৎস।
(৩) হস্তিনাপুৰ।
(৪) অৱন্তি।
উত্তৰ:- (৩) হস্তিনাপুৰ।
(ঘ) কোন বৃত্তিৰ লোক মহাজনপদসমূহত নাছিল?
(১) বাঢ়ৈ।
(২) কুমাৰ।
(৩) শিপিনী।
(৪) পেছাদাৰী স্থপতি।
উত্তৰ:- (৪) পেছাদাৰী।
(ঙ) কোনজন ৰজাৰ দিনত মগধ সাম্ৰাজ্যত পৰিণত হৈছিল?
(১) বিম্বিসাৰ।
(২) অজাতশত্ৰু।
(৩) মহাপদ্মনন্দ।
(৪) চন্দ্ৰগুপ্ত মৌৰ্য
উত্তৰ:- (৪) চন্দ্ৰগুপ্ত মৌৰ্য।
(৩) উত্তৰ লিখা —
(ক) মহাজনপদৰ দিনত কি উপায়েৰে খাদ্য শস্যৰ উৎপাদন বঢ়োৱা হৈছিল?
উত্তৰ:- মহাজনপদসমূহে উন্নত ধৰণৰ লোৰে তৈয়াৰী সা -সঁজুলি ব্যৱহাৰ কৰি আৰু বীজ সিঁচি, পুলি ৰোপন কৰি খাদ্য শস্যৰ উৎপাদন বঢ়োৱা হৈছিল।
(খ) ৰাজন পদৰ নিৰ্বাচন কোনে কৰিছিল?
উত্তৰ:- ৰাজন পদৰ নিৰ্বাচন আৰ্য সকলে কৰিছিল।
(গ) মহজনপদৰ ৰজা সকলে কিয় দুৰ্গ নিৰ্মাণ কৰিছিল?
উত্তৰ:- মহাজনপদৰ ৰজা সকলে বিভিন্ন কাৰণত দুৰ্গ নিৰ্মাণ কৰিছিল। যেনে – আনৰ অক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰা, নিজৰ প্ৰতিপত্তি বজাই ৰখা আৰু দুৰ্গৰ ভিতৰত বসবাস কৰা জনসাধাৰণক নিজৰ অধীনত ৰখা ইত্যাদি।
(ঘ) মগধ শক্তিশালী হোৱাৰ মূল কাৰণবোৰ কি আছিল?
উত্তৰ:- মগধ শক্তিশালী হোৱাৰ মূল কাৰণবোৰ হ’ল –
(i) মগধ প্ৰাকৃতিক সম্পদত অধিক চহকী আছিল। গংগা আৰু শোণ নদী মগধৰ মাজেদি বৈ যোৱাৰ বাবে সেই অঞ্চলৰ মাটি সাৰুৱা আছিল। এই সাৰুৱা ভূমিভাগত কৃষি কাৰ্য কৰা হৈছিল। লগতে নদী ওচৰতে থকাৰ বাবে পৰিবহণ, পানী যোগান আদিৰো সুবিধা হৈছিল।
(ii) মগধৰ হাবিত পোৱা মূল্যবান কাঠৰ জৰিয়তে ঘৰ সজা, জন্তুৱে টনা ৰথ আৰু অন্যান্য প্ৰয়োজনীয় সমগ্রি তৈয়াৰ কৰা হৈছিল।
(iii) হাবিত থকা হাতীবোৰ ধৰি আনি প্ৰশিক্ষণ দি সৈন্যবাহিনীৰ কামত লগোৱা হৈছিল।
(iv) মগধৰ লোৰ খনিত পোৱা লোৰে বিভিন্ন অস্ত্ৰ, শস্ত্ৰ, কৃষিৰ সা- সঁজুলি আদি নিৰ্মাণ কৰাত সুবিধা হৈছিল।
(v) সেই সময়ৰ অন্য জনপদ সমূহৰ তুলনাত মগধৰ মানুহবিলাক সাহসী আৰু পৰিশ্ৰমী আছিল। এই উল্লেখযোগ্য কাৰণবোৰৰ বাবে মগধ শক্তিশালী আছিল।
(ঙ) মহাজনপদৰ দিনত লিপিক বিশেষকৈ কি কি কামত ব্যৱহাৰ কৰিছিল?
উত্তৰ:- মহাজনপদৰ দিনত লিপিক বিশেষকৈ বিভিন্ন কামত ব্যৱহাৰ কৰা হৈছিল। যেনে –
(i) ব্যৱসায়ীসকলে ব্যৱসায়ৰ প্ৰয়োজনীয় হিচাপ – নিকাচ ৰাখিবলৈ লিপিৰ ব্যৱহাৰ কৰিছিল।
(ii) দূৰ – দূৰণিলৈ খবৰ – বাতৰি পঠিয়াবলৈ লিপিৰ ব্যৱহাৰ কৰিছিল।
(iii) ৰজাসকলে লিপিৰ সহায়ত কৰ – কাটল সম্পৰ্কীয় হিচাপ লিখিত ৰূপত ৰাখিছিল।
(৪) দলত আলোচনা কৰি উত্তৰ লিখা —
(খ) মহাজনপদসমূহৰ সময়ত জনসাধাৰণে কি কি কৰ শোধাইছিল?
উত্তৰ:- মহাজনপদসমূহৰ সময়ত জনসাধাৰণে শোধোৱা কৰ বোৰ হ’ল —
(i) কৃষিসকলে শস্য উৎপাদনৰ ১/৬ অংশ কৰ হিচাপে ৰজাক শোধাইছিল। ইয়াক ভাগ বা অংশ বোলা হৈছিল।
(ii) বাঢ়ৈ বা শিপিনী সকলে মাহত এদিন ৰজাৰ ঘৰত পৰিশ্ৰম কৰি কৰ আদায় দিছিল।
(iii) পশুপালক সকলে জীৱ – জন্তু অথবা জীৱ – জন্তুৰ পৰা উৎপন্ন বস্তুৰ বাবদ কৰ আদায় দিছিল।
(iv) ব্যৱসায়ীসকলে তেওঁলোকে বেচা – কিনা কৰিবলৈ অনা বস্তুৰ বাবদ কৰ আদায় দিছিল।
(v) চিকাৰী বা অৰণ্যত বাস কৰা লোকসকলে জীৱ – জন্তু বা কাঠৰ সামগ্ৰী যোগান ধৰি কৰ শোধাইছিল।
(৫) মানচিত্ৰ চাই উত্তৰ লিখা —
(ক) সিন্ধু নদী ভাৰতৰ কোন দিশত অৱস্থিত? ই বৰ্তমান ভাৰতৰ কোন কোন ৰাজ্য চুই গৈছে?
উত্তৰ:- সিন্ধু নদী ভাৰতৰ উত্তৰ – পূব আৰু উত্তৰ – পশ্চিম দুয়ো দিশতে অৱস্থিত। ই বৰ্তমান ভাৰতৰ জম্মু – কাশ্মীৰৰ মাজেৰে বৈ গৈছে।
(খ) প্ৰাচীন মগধ বৰ্তমান ভাৰতৰ কোন ৰাজ্যত অৱস্থিত?
উত্তৰ:- প্ৰাচীন মগধ বৰ্তমান ভাৰতৰ বিহাৰ ৰাজ্যত অৱস্থিত।
SEBA Class 6 Social Science Chapter 14 – মহাজনপদ FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: