Class 6 Social Science Chapter 19 Solution (Assamese Medium) – জীৱন-ধাৰণৰ বাবে উৎসৰ প্ৰয়োজন | SEBA Assam

SEBA Class 6 Social Science (Assamese Medium) Chapter 19 – “জীৱন-ধাৰণৰ বাবে উৎসৰ প্ৰয়োজন” Summary & Solutions

Class 6 Social Science Chapter 19 Solutions | Ospin Academy

SEBA Class 6 Social Science (Assamese Medium) Chapter 19 – “জীৱন-ধাৰণৰ বাবে উৎসৰ প্ৰয়োজন” সমাধান Ospin Academy-ত উপলব্ধ। আমি SCERT-ভিত্তিক পাঠ্যপুথিৰ উত্তৰ, বহু-বিকল্প প্ৰশ্ন (MCQs), আৰু অধ্যায়ৰ সম্পূৰ্ণ সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰোঁ, যি পৰীক্ষাৰ বাবে সহায়ক।

📖 অধ্যায়ৰ সংক্ষিপ্ত বিবৰণ:

এই অধ্যায়ত **প্ৰাকৃতিক আৰু মানৱ-সৃষ্ট উৎসসমূহ, জীৱনধাৰণত ইয়াৰ ভূমিকা, আৰু উৎসসমূহ সংৰক্ষণৰ প্ৰয়োজনীয়তা** সম্পৰ্কে আলোচনা কৰা হৈছে।

  • প্ৰাকৃতিক উৎস: পানী, বন, খনিজ পদাৰ্থ, আৰু মাটিৰ প্ৰয়োজনীয়তা।
  • মানৱ-সৃষ্ট উৎস: বিদ্যুৎ, তেল, আৰু অন্যান্য পুনৰ্নৱীকৰণযোগ্য শক্তি উৎস।
  • উৎসৰ সংৰক্ষণ: বন সংৰক্ষণ, পানী সংৰক্ষণ, আৰু টেকসই ব্যৱহাৰৰ কৌশল।

📌 মুখ্য বিষয়বস্তু:

  • জীৱন-ধাৰণৰ বাবে উৎসৰ প্ৰধান ধৰণ কি?
  • প্ৰাকৃতিক উৎস কি আৰু ইয়াৰ প্ৰয়োজনীয়তা কি?
  • মানৱ-সৃষ্ট উৎসসমূহ কি কি?
  • উৎস সংৰক্ষণৰ গুৰুত্ব কেনেকুৱা?
  • অসমত প্ৰধান প্ৰাকৃতিক উৎসসমূহ কি কি?

📝 Ospin Academy-ৰ সহায়তা:

  • সম্পূৰ্ণ সমাধান: SEBA Class 6 Social Science (Assamese Medium) সমাধান।
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন।
  • সরাসৰিয়া ব্যাখ্যা: সহজ ভাষাত বিষয় ব্যাখ্যা।
  • দ্ৰুত পুণৰাবৃত্তি: সংক্ষিপ্ত নোটস।

SEBA Class 6 Social Science (Assamese Medium) Chapter 19 – “জীৱন-ধাৰণৰ বাবে উৎসৰ প্ৰয়োজন” সমাধান পাবলৈ Ospin Academy-ত চাওক।

Vibrant Note Box
Buy Printable PDF
Class 6 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 6 Social Science PDF for SCERT Assamese Medium students. Get the textbook, short question answers, and MCQ type answers for Geography, History, Economics, and Political Science. Ideal for exam preparation with free downloadable study materials.

Vibrant Note Box
Chapter 19: জীৱন-ধাৰণৰ বাবে উৎসৰ প্ৰয়োজন

 

অনুশীলনী
(১) প্ৰযুক্তি কাক বোলে? তুমি জনা কেইবিধমান প্ৰযুক্তি সম্বলিত বস্তুৰ নাম লিখা।

উত্তৰ:- কোনো কাৰ্যৰ পৰিচালনা আৰু সম্পাদন সুচল কৰাৰ উদ্দেশ্য ব্যৱহৃত বিজ্ঞানসন্মত চিন্তা – চৰ্চা, আহিলাপাতি আৰু কৌশল আদিৰ সমষ্টিক প্ৰযুক্তি বোলে।

 

মই জনা কেইবিধমান প্ৰযুক্তি সম্বলিত বস্তু হ’ল– গাড়ী – মটৰ, চাইকেল, উৰাজাহাজ, ৰেল, বিদ্যুৎ, কম্পিউটাৰ, গেছ ইত্যাদি।

(২) আমাৰ জীৱন – যাপনৰ মান উন্নয়নত প্ৰযুক্তিয়ে কেনেধৰণে‌ সহায় কৰিছে লিখা।

উত্তৰ:- আমাৰ জীৱন – যাপনৰ মান উন্নয়নত প্ৰযুক্তিয়ে বহুখিনি সুবিধা কৰি দিছে। ৰাতি পোৱা শুই উঠাৰ পৰা আৰম্ভ কৰি ৰাতি শুৱা লৈকে প্ৰযুক্তিৰ পৰা লাভ কৰা বিভিন্ন সা – সামগ্ৰীৰ বাবে আমাৰ জীৱনটো আগতকৈ সহজ হৈ পৰিছে। প্ৰকৃতিত অৱদান আৰু প্ৰযুক্তিৰ জ্ঞানে মানুহৰ জীৱন উন্নতৰ পৰা উন্নত স্তৰলৈ গৈছে। উদাহণস্বৰূপে – নদীৰ পানী প্ৰকৃতিৰ দান কিন্তু সেই পানী জলসিঞ্চন আৰু ব্যৱহাৰ কৰিবলৈ আমাক প্ৰযুক্তি জ্ঞানে সহায় কৰিছে। ঠিক তেনেদৰে প্ৰযুক্তিৰ সহায় লৈ মানুহে গোৱাৰৰ পৰা গোৱাৰ গেছ প্ৰস্তুত কৰি আৰু সূৰ্য্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি আহৰণ কৰি বিভিন্ন সময়ত বিভিন্ন কামত ব্যৱহাৰ কৰি আহিছে।

(৩) প্ৰযুক্তি অবিহনে আমাৰ জীৱন – ধাৰণ প্ৰণালী কেনেকুৱা হ’ল হেঁতেন বৰ্ণনা কৰা।

উত্তৰ:- প্ৰযুক্তি অবিহনে আমাৰ জীৱন – ধাৰণ প্ৰণালী বহুত কঠিন হ’ল হেঁতেন কাৰণ আমাৰ জীৱন প্ৰযুক্তিৰ অভাৱ অসীম। ৰাতিপুৱা শুই উঠাৰ পৰা আৰম্ভ কৰি ৰাতি শুৱা লৈকে প্ৰযুক্তিৰ দ্বাৰা লাভ কৰা বিভিন্ন সা – সামগ্ৰীৰ বাবে আমাৰ জীৱনটো আগতকৈ সহজ হৈ পৰিছে । উদাহণস্বৰূপে – চিলিণ্ডাৰ‌ গেছ আদি আৱিস্কাৰ হোৱাৰ আগতে মানুহে গছ কাটি খৰি লোৰি খাদ্য সিজাব লগীয়া হৈছিল। ঠিক তেনেদৰে আগৰ দিনত কৃষকে পৰম্পৰা গত সা‌- সঁজুলি যেনে – নাঙল, কুৰ, মৈ আদিৰে মাটি চহাই খেতি কৰিছিল। প্ৰযুক্তিৰ দ্বাৰা ট্ৰেক্টৰ আৱিষ্কাৰ হোৱাৰ পিছত কৃষকৰ বহুখিনি কষ্ট লাঘৱ হল। প্ৰযুক্তিৰ দ্বাৰা যান – বাহন আৱিষ্কাৰ হোৱাৰ পৰা মানুহে দূৰ – দূৰনিলৈ কম সময়তে অহা – যোৱা কৰিব পৰা হ’ল। বৰ্তমান সময়ত আমি ব্যৱহাৰ কৰি থকা টিভি, কম্পিউটাৰ, এচি, ফ্ৰিজ আদি বিলাসী সামগ্ৰীসমূহ প্ৰযুক্তিৰে ফল। মূলতঃ প্ৰযুক্তিৰ ব্যৱহাৰে মানুহৰ শাৰীৰিক কষ্ট লাঘৱ কৰাৰ লগতে বহুখিনি সময় ৰাহি কৰে তথা জীৱনটো উন্নত কৰি তোলে। গতিকে প্ৰযুক্তিৰ অবিহনে আমাৰ জীৱন – ধাৰণ প্ৰণালী কষ্টকৰ হ’ল হেঁতেন।

(৪) ‘নদীৰ পানী প্ৰকৃতিৰ দান’। এনে ধৰে আৰু কি কি প্ৰকৃতিৰ দান আছে ? সেইবোৰক আমি কি কি কামত ব্যৱহাৰ কৰোঁ ? ব্যাখ্যা কৰা।

উত্তৰ:- ‘নদীৰ পানী প্ৰকৃতিৰ দান’। যিহেতু আমি প্ৰকৃতিৰ পৰা আহৰণ কৰা বস্তুবোৰ প্ৰযুক্তিৰ দ্বাৰা নিজৰ উপকাৰত লগাও। গতিকে নদীৰ পানী জলসিঞ্চন আৰু বিজুলী সৃষ্টিৰ বাবে আমি প্ৰযুক্তিৰ সহায় লওঁ। ঠিক তেনদৰে মাটিৰ ভিতৰৰ ভূ – জল প্ৰকৃতিৰ দান কিন্তু আমি প্ৰযুক্তিৰ দ্বাৰা ইয়াক দমকল, কোঁৱা, মটৰ আদিৰ ব্যবহাৰ কৰি খোৱা পানী হিচাপে গ্ৰহণ কৰাৰ উপৰি কৃষি আৰু উদ্যোগ আদিত ব্যৱহাৰ কৰো। খাৰুৱা তেল প্ৰকৃতৰ দান, আমি ইয়াক প্ৰযুক্তিৰ দ্বাৰা যান – বাহনৰ ইন্ধন হিচাপে পেট্ৰল ব্যৱহাৰ কৰো। নানা গছ – গছনি প্ৰকৃতি দান, আমি ইয়াক প্ৰযুক্তিৰ দ্বাৰা বিভিন্ন আমাৰ প্ৰয়োজনীয় সা – সঁজুলি তৈয়াৰ কৰো যেনে — ঘৰ – দুৱাৰ, বিচনা, চকী, মেজ আৰু বহুতো বস্তু। এনেদৰে আৰু বহুতো প্ৰকৃতিৰ দান আছে আৰু আমি ইহঁতক প্ৰযুক্তিৰ দ্বাৰা বিভিন্ন কামত ব্যৱহাৰ কৰো।

(৫) খালী ঠাই পূৰ কৰা —

(ক) মানুহৰ অভাৱ………………।

উত্তৰ:- অসীম।

(খ) জীৱন – ধাৰণৰ মান ………………… কৰিবলৈ বিচৰাটো প্ৰতিগৰাকী মানুহৰ স্বাভাৱিক …………………..।

উত্তৰ:- উন্নত, হাবিয়াস।

(গ) মানৱ সভ্যতা হ’ল…………………… আৰু ……………. সমন্বয়ৰ ফল।

উত্তৰ:- প্ৰকৃতিক , প্ৰযুক্তিৰ।

(ঘ) প্ৰযুক্তিয়ে আমাৰ জীৱন আগৰ তুলনাত অধিক………………. আৰু ……………….. কৰি তুলিছে।

উত্তৰ:- খৰতকীয়া, আৰমদায়ক।

(ঙ) গোবৰৰ পৰা ……………….. আৰু সূৰ্যৰ ৰশ্মিৰপৰা ……………….. প্ৰস্তুত কৰা হয়।

উত্তৰ :- গোবৰগেছ, সৌৰশক্তি।

(৬) অশুদ্ধ শব্দটো কাটি বাক্যটো শুদ্ধ কৈ লিখা —

(ক) অভাৱ পূৰণৰ উপায় বা আহিলা সীমিত/ সীমাহীন।

উত্তৰ:- সীমিত।

(খ) দূৰ ঠাইলৈ যাতায়ত আৰু যোগাযোগত আজিকালি বেছি সময় লাগে/নালাগে।

উত্তৰ:- নালাগে।

(গ) প্ৰযুক্তিয়ে আমাৰ দৈনন্দিন জীৱনত অহৰ্নিশে সহায়/ অসুবিধা কৰিছে।

উত্তৰ:- সহায়।

(ঘ) প্ৰযুক্তিৰ সহায় নোলোৱাকৈ/ লৈ মানুহে সূৰ্য্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি আহৰণ কৰিবলৈ সক্ষম হৈছে।

উত্তৰ:- লৈ।

(ঙ) পৃথিৱীখন এতিয়া আমাৰ বাবে সৰু আৰু চিনাকি/ অচিনাকি ।

উত্তৰ:- চিনাকি।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 6 Social Science Chapter 19 FAQs | জীৱন-ধাৰণৰ বাবে উৎসৰ প্ৰয়োজন | Ospin Academy
SEBA Class 6 Social Science Chapter 19 – জীৱন-ধাৰণৰ বাবে উৎসৰ প্ৰয়োজন FAQs
1. জীৱন-ধাৰণৰ বাবে মূল উৎসসমূহ কি?
জীৱন-ধাৰণৰ বাবে **প্ৰাকৃতিক উৎস (পানী, বন, খনিজ পদাৰ্থ)** আৰু **মানৱ-সৃষ্ট উৎস (বিদ্যুৎ, তেল, সৌৰ শক্তি)** অত্যন্ত প্ৰয়োজনীয়।
2. প্ৰাকৃতিক উৎস কি আৰু ইয়াৰ প্ৰয়োজনীয়তা কি?
প্ৰাকৃতিক উৎস যেনে **পানী, বন, খনিজ পদাৰ্থ, আৰু বায়ু** মানবজাতিৰ টেকসই জীৱনধাৰণৰ বাবে অত্যন্ত প্ৰয়োজনীয়।
3. মানৱ-সৃষ্ট উৎসসমূহ কি কি?
মানৱ-সৃষ্ট উৎসত অন্তৰ্ভুক্ত **বিদ্যুৎ, গেছ, সৌৰশক্তি, আৰু কল-কাৰখানাৰ উৎপন্ন সামগ্ৰী**।
4. উৎস সংৰক্ষণৰ গুৰুত্ব কেনেকুৱা?
উৎস সংৰক্ষণৰ মূল লক্ষ্য হ’ল **ভৱিষ্যৎ প্ৰজন্মৰ বাবে প্ৰাকৃতিক সম্পদ ৰক্ষা কৰা আৰু টেকসই বিকাশ নিশ্চিত কৰা**।
5. অসমত প্ৰধান প্ৰাকৃতিক উৎসসমূহ কি কি?
অসমত **ব্ৰহ্মপুত্ৰ নদী, তেল-গেছ, বনাঞ্চল, আৰু খনিজ পদাৰ্থ** মূল প্ৰাকৃতিক সম্পদ হিচাপে গণ্য।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top