Class 8 Assamese Chapter 15 Solution (অংকুৰণ) – শিশুলীলা | SCERT Assam

Class 8 Assamese Chapter 15 – শিশুলীলা (Sishu Lila) – All Textual Solutions | ASSEB Assam (English Medium)

Class 8 Assamese Chapter 15 – শিশুলীলা (Sishu Lila) Complete Textual Question Answers and Solutions (ASSEB / SEBA Assam – English Medium)

The fifteenth chapter of the Class 8 Assamese curriculum, ‘শিশুলীলা’ (Sishu Lila), is a beautiful and classical devotional piece that portrays the enchanting childhood pastimes of Lord Krishna and the boundless affection of mother Yashoda. These complete textual question answers (Class 8 Assamese Chapter 15 Textual Question Answer) have been meticulously prepared based on the new ASSEB (Assam State School Education Board) syllabus and the latest guidelines of the National Education Policy (NEP). This comprehensive collection includes very short answer questions (VSA), short questions, long answers, and detailed grammar solutions. At Ospin Academy, these solutions are provided in an easy, accurate, and completely exam-oriented manner.

In the lesson ‘শিশুলীলা’ (Sishu Lila), students are introduced to the rich traditions of classical Vaishnavite literature, exploring the innocent charm, divine playfulness, and pure maternal love depicted in the verses. For students, comprehending the spiritual significance, underlying emotional devotion, and classical vocabulary of this chapter is highly essential. Our textual solutions cover not only the textbook exercise questions but also additional important question-answers likely to appear in examinations, helping students prepare thoroughly.

What you will learn and get from these textual solutions:

  • Detailed thematic summary explaining the devotional beauty and poetic charm of Lord Krishna’s childhood pastimes.
  • Word meanings, flawless answers for 1-mark very short questions (VSA objective type), and 2-3 mark short questions.
  • Reference to Context explanations and standard, easy-to-understand solutions for 4-5 mark long questions.
  • Textual grammar, sentence construction, opposite words, synonyms, and proper linguistic comprehension.
  • Important questions based on the new syllabus pattern along with solutions for the latest model MCQ questions.

Special advantages of these Ospin Academy Question Answers:

  • Complete textual solutions prepared strictly on the basis of the latest ASSEB new syllabus.
  • 100% accurate and high-quality notes written in clear, simple language, making it easy for English Medium students to understand and memorize (Class 8 Assamese Notes).
  • Specially compiled simple answers for quick revision before school and board examinations.
  • A special collection of additional important classical and text-based questions from ‘Sishu Lila’ that may appear in exams.

Keeping in mind the academic upliftment of students, Ospin Academy has brought forward these special textual solutions. Start your exam preparation today and move towards scoring maximum marks in the Assamese subject.

Vibrant Note Box
Buy Printable PDF
c;lass 8 assamese
Class 8 Assamese (অংকুৰণ) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 8 Assamese (অংকুৰণ) PDF with textbook solutions, MCQs, and additional practice questions for SCERT Assam 2025-26.

Vibrant Note Box
Chapter 15: শিশুলীলা

Class 8 Assamese

Chapter – 15   (Ospin Academy)

শিগু-লীলা

পাঠভিত্তিক ক্ৰিয়াঃ

১। উত্তৰ দিয়া।

(ক) ‘শিগু-লীলা’ ঘোষাটি কোনে ৰচনা কৰিছিল?

উত্তৰঃ ‘শিগু-লীলা’ ঘোষাটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল।

(খ) ‘শিগু-লীলা’ত কাৰ কথা কোৱা হৈছে?

উত্তৰঃ ‘শিগু-লীলা’ত শিগু শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে।

(গ) শিগু কৃষ্ণই কাৰ কাৰ লগত খেলিছিল?

উত্তৰঃ শিগু কৃষ্ণই বলোৰামকে আদি কৰি সমনীয়া গোপাল বালক সকলৰ সৈতে খেলিছিল।

(ঘ) খেলি থকা সময়ত কৃষ্ণই কি খাইছিল?

উত্তৰঃ খেলি থকা সময়ত কৃষ্ণই মাটি খাইছিল।

(ঙ) গোপশিশুসকলে যশোদাক কি গোচৰ দিছিল?

উত্তৰঃ গোপশিশুসকলে যশোদাক শ্ৰীকৃষ্ণই মাটি খাই থকাৰ গোচৰ দিছিল।

(চ) গোপবালকসকলৰ কথা গুনি যশোদাই কি কৰিলে?

উত্তৰঃ গোপবালকসকলৰ কথা শুনি যশোদাই শ্ৰী কৃষ্ণৰ ওচৰলৈ গৈ খঙত কিয় মাটি খালি বুলি সুধিলে আৰু কোবাই ছাল ফটাই দিব বুলি ধমক দিলে। পিছত বালক কৃষ্ণই মাটি খোৱাৰ কাৰণ কবলৈ মুখ মেলোতে যশোদাই তেওঁৰ মুখৰ ভিতৰত গোটেই জগতখন দেখি আচৰিত হৈছিল।

(ছ) বলাই বুলি কাক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক কি?

উত্তৰঃ বলাই বুলি বলোৰামক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক ককাই-ভাইৰ দৰে।

২। কোনে কাক, কিয় কৈছিল লিখা।

(ক) কেনে মাটি খাইলি অৰে গোপাল।

কোবাই আজি তোৰ ফাৰিবো ছাল।।

উত্তৰঃ ওপৰোক্ত কথাফাঁকি মাতৃ যশোদাই শিশু কৃষ্ণক কৈছিল। গোবালক সকলে মাতৃ যশোদাক শ্ৰী কৃষ্ণই মাটি খোৱা বুলি অভিযোগ দিয়াৰ পিছত তেওঁ শ্ৰী কৃষ্ণক চাবলৈ আহি এনেদৰে কৈছিল।

(খ) মাতন্ত কৃষ্ণে যশোদাক চাই।

মিছা মাতে সৱে গুনিয়ো আই।।

উত্তৰঃ মাতৃ যশোদাই যেতিয়া শিশু কৃষ্ণক কিয় মাটি খাইছিল বুলি প্ৰশ্ন কৰিছিল তাৰ উত্তৰত শ্ৰী কৃষ্ণই ওপৰোক্ত কথাফাঁকি কৈছিল।

৩। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।

(ক) যশোদা সুন্দৰী দেশন্ত পাছে।

সমস্ত জগত গৰ্ভতে আছে।।

উত্তৰঃ উক্ত কথাশাৰী আমাৰ পাঠ্যপুথি’ অংকুৰণৰ’ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত ‘শিশু- লীলা’ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। শ্ৰী কৃষ্ণই মাটি খোৱা প্ৰসংগত উক্ত কথাফাঁকিৰ অৱতাৰণা কৰা হৈছে।

শিশু কৃষ্ণই নিজৰ সমনীয়া গোৱাল সকলৰ সৈতে খেলি থকা অৱস্থাত অইন সাধাৰণ শিশুৰ দৰেই মাটিৰ লদা মুখলৈ নি অমৃত সেৱন কৰাৰ দৰে কৰিছিল। কৃষ্ণৰ এই দুষ্টালিৰ কথা গোৱালক সকলে মাতৃ যশোদাৰ আগত অভিযোগ কৰি কৈছিল। এই কথা শুনি মাতৃ যশোদাই শিশু কৃষ্ণৰ ওচৰলৈ আহি কিয় মাটি খাইছে বুলি ধমক দি সুধিছিল। কৃষ্ণই ভয় খাই মাতৃ যশোদাক লগৰীয়া সকলে মিছাকৈ কোৱা বুলি কৈছিল। লগতে তেওঁ কৈছিল যে মই কেতিয়াও মাটি মুখত নিদিওঁ। ইয়াৰ পিছত যশোদাই কৃষ্ণক মুখ মেলি দেখুৱাবলৈ কওঁতে মুখৰ ভিতৰত সমস্ত জগতখন দেখি আচৰিত হৈছিল আৰু গোটেই জগতখন যে শ্ৰী কৃষ্ণৰ গৰ্ভতে আছে তাকো বুজি উঠিছিল।

৪। খালী অংশত শব্দ ভৰোৱা।

(ক) যত গোপ শিগু বলাই আদি।

সৱে……. গৈয়া কৃষ্ণৰ……..।।

যশোদাৰ আগে দিলেক……..।

……..কৃষ্ণে মাটি একদল।।

উত্তৰঃ যত গোপ শিগু বলাই আদি।

সৱে ভৈল গৈয়া কৃষ্ণৰ বাদী।।

যশোদাৰ আগে দিলেক খল

খাইলন্ত কৃষ্ণে মাটি একদল।।

(খ) গুনিয়া কৃষ্ণৰ হৰিল মাত।

চক্ষু ……….কৰি মাৱক……..।।

ভয়তে যেন……….হাত-ভৰি।

যশোদা দেখে পুত্ৰ গৈল……..।।

উত্তৰঃ গুনিয়া কৃষ্ণৰ হৰিল মাত।

চক্ষু টেৰ কৰি মাৱক চান্ত।।

ভয়তে যেন কাম্পৈ হাত-ভৰি।

যশোদা দেখে পুত্ৰ গৈল ডৰি।।

৫। ‘শিশু-লীলা’ৰ কথাখিনি গদ্যৰূপত লিখা।

উত্তৰঃ বালক কৃষ্ণই ব্ৰজধামৰ শিশুবিলাক আৰু ককায়েক বলৰামৰ লগত খেলি আছিল। শ্ৰী-কৃষ্ণই মাটি খোৱা বুলি শিশুসকলে যশোদাৰ আগত লগাই দিলে। এই কথা শুনি যশোদাই পুতেকৰ হাতত ধৰি কলে তই মাটি কিয় খাইছিলি, তোক আজি মই কোবাই পিঠিৰ ছাল ছিঙিং। সেই কথা শুনি কৃষ্ণই ভয় খাই কপিবলৈ ধৰিছে আৰু মাকক কেৰাহিকৈ চাইছে। কৃষ্ণই কলে মই মাটি খোৱা নাই , তাৰ উত্তৰত যশোদাই কলে তোৰককায়েৰ বলোভদ্ৰ আৰু লগৰবোৰে কি মিছা কথা ক’ব নেকি। কৃষ্ণই কলে মই মাটি খোৱা নাই শিশু সকলে আৰু দাদাই মিছা কথা কৈছে। যশোদাই কলে তই যদি মাটি খোৱা নাই তোৰ মুখখন মেলি দে মই চাও। কৃষ্ণই নিজৰ মুখখন মেলি দিলে। কৃষ্ণৰ মুখখন দেখি যশোদা হতভম্ব হৈ ৰৈ যে গোটেই জগতখন কৃষ্ণৰ মুখৰ ভিতৰতে আছে। এইখিনিয়ে এইকবিতাটোৰ গদ্য ৰূপ।

৬। তলৰ পদফাকি পঢ়া আৰু আধুনিক অসমীয়া গদ্য ৰূপটো জানি লোৱা।

গুনিয়া যশোদা সুন্দৰী হাসি।

পুত্ৰৰ হাতত ধৰিলা আসি।।

কেনে মাটি খাইলি অৰে গোপাল।

কোবাই আজি তোৰ ফাৰিবো ছাল।।

আধুনিক অসমীয়া গদ্য ৰূপ —-

গোপবালকসকলৰ কথা গুনি যশোদাই হাঁহি পুত্ৰৰ হাতত ধৰিলেহি আৰু ক’লে —

“হেৰ গোপাল, তই কিয় মাটি খালি? কোবাই আজি তোৰ ছাল ছিঙিম।”

সেইদৰে তলৰ পদকেইফাকি পঢ়া আৰু অৰ্থ প্ৰকাশ হোৱাকৈ আধুনিক অসমীয়া গদ্য ৰূপত লিখা।

(ক) যত গোপ শিশু বলাই আদি।

সৱে ভৈল গৈয়া কৃষ্ণৰ বাদী।।

উত্তৰঃ বলোৰামকে আদি কৰি যিমান গোপ শিশু আছিল সকলোৱে কৃষ্ণৰ কথাত ভোল গৈছিল।

(খ) গুনিয়া কৃষ্ণৰ হৰিল মাত।

চক্ষু টেৰ কৰি মাৱক চান্ত।।

ভয়তে যেন কাম্পৈ হাত-ভৰি।

যশোদা দেখে পুত্ৰ গৈল ডৰি।।

উত্তৰঃ শুনি কৃষ্ণৰ মুখৰ মাত হৰিল আৰু চকু তেৰা কৰি মাকৰ ফালে চালে। যশোদাক দেখি কৃষ্ণই ভয় খালে আৰু ভয়তে যেন হাত-ভৰি কঁপিবলৈ ধৰিলে।

ব্যৱহাৰিক ব্যাকৰণঃ

৭। তলৰ শব্দবোৰৰ আধুনিক অসমীয়া ৰূপ লিখা।

উদাহৰণ— হাসি – হাঁহি

উত্তৰঃ চক্ষু – চকু।

মাতন্ত – মাতিলে।

মাৱক – মাকক।

প্ৰকাশিয়া – প্ৰকাশ কৰিলে।

ফাৰিবো – ফটাব।

গুনিয়া – গুনি।

টেৰ — তেৰা / বেঁকা।

সমস্ত – গোটেই, সমগ্ৰ।

সোধন্ত – সুধিলে।

কাম্পৈ – কঁপি।

৮। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।

উত্তৰঃ সুন্দৰী – অসুন্দৰী।

পুত্ৰ – পুত্ৰী / কন্যা।

ভাই – ভনী, ককাই।

আই – বোপাই।

দাদা – বাইদেউ।

নাৰী – পুৰুষ।

৯। শেষৰ ধ্বনিৰ মিল থকা শব্দ পাঠৰ পৰা বিচাৰি লিখা।

উদাহৰণ – হৰি – ধৰি।

উত্তৰঃ আদি – বাদী।

খল – একদল।

হাসি – আসি।

ভৰি – ডৰি।

চাই – ভাই।

মাটি – ঘাটি।

মাতি – আতি।

পাছে – আছে।

বেথা – কথা।

১০। তলৰ পদকেইফাকিলৈ মন কৰা।

(ক) কেনে মাটি খাইলি অৰে গোপাল।

— এই বাক্য দুটাই প্ৰশ্ন সোধাটো বুজাইছে। সেইদৰে আধুনিক অসমীয়া ভাষাতো কোনে, কেনেকৈ, কিয়, কি, ক’লৈ, কেতিয়া আদি শব্দ ব্য়ৱহাৰ কৰি প্ৰশ্নবোধক বাক্য গঠন কৰা হয়।

উদাহৰণত দিয়াৰ দৰে তলৰ বাক্যবোৰ প্ৰশ্নবোধক বাক্যলৈ নিয়া।

উদাহৰণ, নিজৰাই ভাত ৰান্ধিছে।

কেনে ভাত ৰান্ধিছে?

(ক) তেওঁলোক বাছেৰে স্কুললৈ যায়।

উত্তৰঃ তেওঁলোক কিহেৰে স্কুললৈ যায়।

(খ) আমি বল খেলি আছোঁ।

উত্তৰঃ কোনে বল খেলি আছোঁ।

(গ) জ্বৰ উঠা বাবে বিমল স্কুললৈ যোৱা নাই।

উত্তৰঃ বিমল স্কুললৈ কিয় যোৱা নাই।

(ঘ) ৰতন দিল্লীলৈ গৈছিল।

উত্তৰঃ ৰতন ক’লৈ গৈছিল।

(ঙ) মই চাৰি বজাত ঘৰ পামহি।

উত্তৰঃ তুমি কেই বজাত ঘৰ পাবাহি?

(চ) সি গান গাই আছে।

উত্তৰঃ সি কি কৰি আছে?

১১। খাইলন্ত, দেখন্ত, মাতন্ত, চান্ত আদি শব্দকেইটাই একো একোটা কাম কৰা বুজাইছে। ইতিমধ্যে তোমালোকে কোনো কাম কৰা, হোৱা বা নোহোৱা, থকা বা নথকা আদি বুজোৱা পদক ক্ৰিয়াপদ বুলি জানি আহিছা। পাঠৰ পৰা এনেধৰণৰ কাম সম্পাদন কৰা বা নকৰা পদকেইটা বাছি উলিয়াই লিখা।

উত্তৰঃ কৰন্ত, খাইলন্ত, গুনিয়া, খাইলি, ফাৰিবো, হৰিল, কাম্পৈ, সোধন্ত, চাহন্তে, চান্ত, গৈল, মাতন্ত।

১২। তলত একেটা শব্দৰে ভিন্ ভিন্ অৰ্থ দিয়া হৈছে। অৰ্থ প্ৰকাশ হোৱাকৈ শব্দবোৰেৰে বাক্য সাজা।

উত্তৰঃ দল (লদা, দলি)- মাটিদল মুখলৈ নিব লওঁতেই কেঁচুৱাটোক মাকে দেখা পালে।

দল (সমূহ, জাক)- তেওঁলোকৰ দলটো বিয়ানাম প্ৰতিযোগিতাত প্ৰথম হৈছিল।

বাদী (ফাঁকি, মিছা ভাও)- শ্ৰী কৃষ্ণৰ বাদীত সকলো ভোল গৈছিল।

বাদী (কওঁতা, প্ৰকাশ কৰোঁতা)- ৰজাৰ আগত কথাটোৰ বাদী তেওঁৱেই আছিল।

ঘাটি (দায়, জগৰ, মিছা অপৰাধ)- কি ঘাটিত তেওঁ জেল খাটিব লগা হৈছিল কোনেও বুজিব পৰা নাছিল।

ঘাটি (পহৰাৰ ঠাই, আড্ডা, চকি) জুইৰ ঘাটিত সকলোৱে ৰং- ৰইচেৰে এসাঁজ খাইছিল।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
Class 8 Assamese Chapter 15 (শিশুলীলা) – Frequently Asked Questions (FAQs)
What is the central theme of the lesson ‘Sishu Lila’?
The lesson ‘শিশুলীলা’ (Sishu Lila) beautifully depicts the innocent and divine childhood pastimes of Lord Krishna, highlighting the profound, pure maternal affection and deep devotion of mother Yashoda.
What is included in these textual solutions?
It includes all textbook exercise question answers, classical word meanings, reference-to-context explanations, additional important questions required for examinations, and complete solutions for textual grammar.
Are these solutions prepared according to the new ASSEB syllabus?
Yes, all these study materials are prepared strictly according to the latest new syllabus and guidelines of ASSEB (formerly SEBA) for school examinations.
What type of questions appear in exams from this chapter?
According to the new syllabus pattern, 1-mark very short answer questions (VSA), multiple-choice questions (MCQ), classical vocabulary exercises, and descriptive reference-to-context questions can appear from this lesson.

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top