Class 8 Assamese Chapter 14 Solution (অংকুৰণ) – সংস্কৃতি আৰু আমাৰ জীৱন | SCERT Assam

Class 8 Assamese Chapter 14 – সংস্কৃতি আৰু আমাৰ জীৱন (Sanskriti Aru Amar Jiban) – All Textual Solutions | ASSEB Assam (English Medium)

Class 8 Assamese Chapter 14 – সংস্কৃতি আৰু আমাৰ জীৱন (Sanskriti Aru Amar Jiban) Complete Textual Question Answers and Solutions (ASSEB / SEBA Assam – English Medium)

The fourteenth chapter of the Class 8 Assamese curriculum, ‘সংস্কৃতি আৰু আমাৰ জীৱন’ (Sanskriti Aru Amar Jiban), is a profound and highly informative lesson that explores the deep-rooted connection between human culture, societal values, and our day-to-day lives. These complete textual question answers (Class 8 Assamese Chapter 14 Textual Question Answer) have been meticulously prepared based on the new ASSEB (Assam State School Education Board) syllabus and the latest guidelines of the National Education Policy (NEP). This comprehensive collection includes very short answer questions (VSA), short questions, long answers, and detailed grammar solutions. At Ospin Academy, these solutions are provided in an easy, accurate, and completely exam-oriented manner.

In the lesson ‘সংস্কৃতি আৰু আমাৰ জীৱন’ (Sanskriti Aru Amar Jiban), students learn about the broad definitions of culture, how traditions, arts, language, and behavioral norms evolve, and the crucial role culture plays in refining human character and uniting diverse communities. For students, understanding these sociocultural concepts, analytical perspectives, and specific vocabulary of this chapter is highly essential. Our textual solutions cover not only the textbook exercise questions but also additional important question-answers likely to appear in examinations, helping students prepare thoroughly.

What you will learn and get from these textual solutions:

  • Detailed summary explaining the essence of culture, civilization, and their impact on individual and social development.
  • Word meanings, flawless answers for 1-mark very short questions (VSA objective type), and 2-3 mark short questions.
  • Comprehensive explanations regarding cultural heritage and standard, easy-to-understand solutions for 4-5 mark long questions.
  • Textual grammar, sentence construction, opposite words, synonyms, and proper linguistic comprehension.
  • Important questions based on the new syllabus pattern along with solutions for the latest model MCQ questions.

Special advantages of these Ospin Academy Question Answers:

  • Complete textual solutions prepared strictly on the basis of the latest ASSEB new syllabus.
  • 100% accurate and high-quality notes written in clear, simple language, making it easy for English Medium students to understand and memorize (Class 8 Assamese Notes).
  • Specially compiled simple answers for quick revision before school and board examinations.
  • A special collection of additional important cultural and text-based questions from ‘Sanskriti Aru Amar Jiban’ that may appear in exams.

Keeping in mind the academic upliftment of students, Ospin Academy has brought forward these special textual solutions. Start your exam preparation today and move towards scoring maximum marks in the Assamese subject.

Vibrant Note Box
Buy Printable PDF
c;lass 8 assamese
Class 8 Assamese (অংকুৰণ) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 8 Assamese (অংকুৰণ) PDF with textbook solutions, MCQs, and additional practice questions for SCERT Assam 2025-26.

Vibrant Note Box
Chapter 14: সংস্কৃতি আৰু আমাৰ জীৱন

Class 8 Assamese

Chapter – 14      (Ospin Academy)

সংস্কৃতি আৰু আমাৰ জীৱন

পাঠভিত্তিক ক্ৰিয়াঃ

১। উত্তৰ দিয়া।

(ক) সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন হয়?

উত্তৰঃ সংস্কৃতি গঢ়ি উঠিবলৈ এখন সমাজৰ প্ৰয়োজন।

(খ) সমাজ কাৰ দ্বাৰা গঠিত হয়?

উত্তৰঃ সমাজ মানুহৰ দ্বাৰা গঠিত হয়।

(গ) সংস্কৃতিৰ অন্যতম উপাদান কি?

উত্তৰঃ সংস্কৃতিৰ অন্যতম উপাদান আচাৰ-আচৰণ।

(ঘ) কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা কি বোটলা হয়?

উত্তৰঃ কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা সংস্কৃতিৰ শইচ্ বোটলা হয়।

(ঙ) সৎ প্ৰবৃত্তিৰ লোক হ’বলৈ কি কৰিব লাগে?

উত্তৰঃ সৎ প্ৰবৃত্তিৰ লোক হ’বলৈ ভাল কাম আৰু সুচিন্তাৰ কৰ্ষণ কৰিব লাগে।

(চ) সংস্কৃতিৰ ৰূপ দুটা কি কি?

উত্তৰঃ সংস্কৃতিৰ ৰূপ দুটা হ’ল বাহ্যিক আৰু আভ্যন্তৰীণ।

(ছ) মানুহৰ আবেগ অনুভূতিৰ মূল উৎস কি?

উত্তৰঃ মানুহৰ আবেগ অনুভূতিৰ মূল উৎস হ’ল চৌপাশৰ বিনন্দীয়া প্ৰকৃতি।

(জ) কৃষ্টিৰ আধাৰ কি?

উত্তৰঃ কৃষ্টিৰ আধাৰ কৃষি।

(ঝ) ‘দখনা’ আৰু ‘চৌবন্দী’ মূলতঃ কোন কোন জনগোষ্ঠীৰ মহিলাৰ পোছাক?

উত্তৰঃ ‘দখনা’ আৰু ‘চৌবন্দী’ মূলতঃ বড়ো আৰু নেপালী জনগোষ্ঠীৰ মহিলাৰ পোছাক।

২। চমু উত্তৰ দিয়া।

(ক) ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি কি?

উত্তৰঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে – “যি কথা, যি কাম বা চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্রকৃতি দিয়ে, এই পৃথিবীখন ধুনীয়া কৰি মানুহক মানুহৰ জীৱনৰ সম্পূর্ণ আনন্দ পাবলৈ বাট দেখুৱায়-মানুহৰ সেই কথা, সেই চিন্তা বা সেই কামেই হৈছে সাংস্কৃতি। এই উক্তিৰ আধাৰত ক’ব পাৰি যে আমাৰ মানৱ জীৱনক সুন্দৰ আৰু শক্তিমান কৰি তেগ্রো সকলো সুকুমাৰ কলা, কাম আৰু গুণৰাশিয়েই হ’ল সংস্কৃতিৰ সোপান।

(খ) সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহ কি কি?

উত্তৰঃ সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহ প্ৰধানকৈ জলবায়ুৰ ভিন্নতা, খাদ্যৰীতিৰ অভ্যাস বা জীৱনশৈলীৰ বৈশিষ্ট্য আদিলৈ আঙুলিয়াব পাৰি।

(গ) খাদ্য-ৰীতিৰ ভিন্নতাই সংস্কৃতিত কিদৰে প্ৰভাৱ পেলায়?

উত্তৰঃ খাদ্য ৰীতিৰ ভিন্নতাৰ ফলত ঠাইভেদে বেলেগ বেলেগ খাদ্যাভ্যাস গঢ় লৈ উঠে। সেইবাবে কোনো এখন ঠাইৰ সংস্কৃতিও সেই অনুসৰি গঢ় লৈ উঠে। ঠাই তথা জলবায়ু অনুসৰি মানুহৰ খাদ্যাভ্যাস আৰু সেই মৰ্মে খাদ্যবস্তুৰ আহিলাও উপলব্ধ হয়। এইদৰে সংস্কৃতি ভিন্ন হৈ গঢ় লৈ উঠে।

(ঘ) সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন কেনেকৈ বান্ধ খাই পৰে?

উত্তৰঃ সংস্কৃতিৰ অন্যতম উপাদান হ’ল আচাৰ-আচৰণ ক’বলৈ গ’লে আচাৰ-আচৰণ মাজত ব্যক্তিগত চিন্তা-ভাবনা উন্মেষিত হোৱাৰ লগতে সামাজিক মানো প্ৰতিফলিত হয়। ভিন্ন সামাজিক পৰিৱেশৰ আচাৰ-আচৰণো বিভিন্ন। মানুহে জীৱনৰ প্ৰথম প্ৰভাতৰে পৰা বিভিন্ন কাৰ্যৰ লগত জড়িত হৈ পৰে আৰু সেই কাৰ্য সম্পাদনা কৰিবলৈ যাওঁতে নিজৰ ৰুচি, আচৰণ আদি প্ৰকাশ কৰে। লাহে লাহে সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন বান্ধ খাই পৰে।

৩। বুজাই লিখা।

(ক) বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদ।

উত্তৰঃ সংস্কৃতিৰ দুটা ৰূপ হ’ল – এটা বাহ্যিক আৰু আনটো আভ্যন্তৰীণ। নৃত্য এটি পৰিৱেশন কৰোঁতে যি কলা-কৌশল তাৰ লগত যুক্ত সেইবোৰ বাহ্যিক ৰূপৰ ভিতৰুৱা, কিন্তু সেই নৃত্যৰ ৰসাস্বাদন কৰি লভা বিমল আনন্দই হ’ল আভ্যন্তৰীণ সংস্কৃতিৰ অংগ। ধুনীয়াকৈ সাজ-পোছাক পিন্ধা কাৰ্য বাহ্যিক সংস্কৃতিৰ পৰিচায়ক, কিন্তু আনৰ প্ৰতি দেখুওৱা আন্তৰিক আচৰণ আভ্যন্তৰীণ সংস্কৃতিৰ অমল উৎস। সেইবাবে ক’ব পৰা যায় যে আভ্যন্তৰীণ সংস্কৃতিৰ সৈতে আমাৰ দৃষ্টিভংগী আৰু মূল্যবোধসমূহ যথা উচিত অনুচিত, ন্যায়-অন্যায়, কৰণীয়-অকৰণীয় আদি সংযুক্ত হৈ থাকে। এয়াই বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদ।

(খ) জলবায়ু আৰু খাদ্য-ৰীতিৰ ভিন্নতাই সংস্কৃতিৰ বিকাশত কেনেধৰণে সহায় কৰে?

উত্তৰঃ জলবায়ু ভেদে মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, বাসস্থান আদি বেলেগ বেলেগ হয়। যি ঠাইৰ যেনে ধৰণৰ জলবায়ু তাৰ উপযোগীকৈ মানুহে জীৱন ধাৰণৰ অভ্যাস গঢ় দিয়ে। একেদৰে ঠাইভেদে খাদ্যৰ ভিন্নতাও দেখা যায়। ঠাণ্ডা ঠাইৰ মানুহতকৈ গৰম ঠাই বা গৰম অঞ্চলৰ মানুহৰ খাদ্যাভ্যাস বেলেগ। সেয়েহে জলবায়ু আৰু খাদ্য-ৰীতিৰ ভিন্নতা ভেদে সংস্কৃতিৰ বিকাশো বেলেগ বেলেগ হয়। জলবায়ু ভেদে উৎপাদিত শস্য বা খাদ্যবস্তুও বেলেগ বেলেগ হয় গতিকে তাৰ ওপৰত ভিত্তি কৰিয়েই মানুহৰ খাদ্যাভ্যাস গঢ় লৈ উঠে আৰু ইয়ে ঠাইভেদে পৃথক সংস্কৃতিৰ গঢ় দিয়াত সহায় কৰে।

৪। ব্যাখ্যা কৰা।

(ক) সংস্কৃতি হ’ল জাতীয় জীৱনৰ চালিকা শক্তি।

উত্তৰঃ উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি ‘ অংকুৰণৰ’ অন্তৰ্গত ‘ সংস্কৃতি আৰু আমাৰ জীৱন’ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

আমাৰ জীৱনত সংস্কৃতিৰ প্ৰভাৱ বুজোৱা প্ৰসংগতে এই কথাফাঁকিৰ অৱতাৰণা কৰা হৈছে।

সংস্কৃতি অবিহনে জাতি এটা আধৰুৱা, গতিকে স্বাভাৱিকতে সংস্কৃতিয়েই হৈছে জাতি এটা জীয়াই থকাৰ মুখ্য আহিলা। নিজস্ব কৃষ্টি, ৰীতি- নীতি আৰু বৈশিষ্ট্যৰ বলতহে জাতি এটা ঠন ধৰি থিয় হৈ থাকে। সংস্কৃতিৰ মাজতেই ব্যক্তি আৰু সমষ্টিৰ নান্দনিক মন প্ৰতিভাসিত হয়।আজিৰ সমাজত বিদ্যমান সকলো সাংস্কৃতিক বৈচিত্ৰ্যই আমাক সকলো সংস্কৃতিৰ প্ৰতি সন্মান পোষণ কৰিবলৈ আৰু শ্ৰদ্ধাশীল হ’বলৈ শিকায়। আমাৰ জাতীয় জীৱনশৈলীৰ মাজত নিহিত হৈ আছে সংস্কৃতিৰ পৰম আকাংক্ষিত স্বকীয়তা যি সুন্দৰতম জীৱনৰ সপোন দেখিবলৈ আমাক পলে পলে প্ৰেৰণা যোগায়। গতিকে জাতীয় জীৱনত সংস্কৃতিৰ প্ৰভাৱ অপৰিহাৰ্য। ই জাতীয় জীৱনত ইন্ধন ৰূপে কাম কৰে।

(খ) সকলো সুকুমাৰ চিন্তা, কাম আৰু গুণৰাশিয়েই হ’ল সংস্কৃতিৰ সোপান।

উত্তৰঃ উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি ‘ অংকুৰণৰ’ অন্তৰ্গত ‘ সংস্কৃতি আৰু আমাৰ জীৱন’ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

অসমীয়া সংস্কৃতিৰ অন্যতম বৰেণ্য ব্যক্তি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তাহানি কালতেই সংস্কৃতিৰ ৰূপৰেখা প্ৰসংগত কৈছিল — ‘যি কথা, যি কাম বা চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্ৰকৃতি দিয়ে, এই পৃথিৱীখন ধুনীয়া কৰি মানুহক মানুহৰ জীৱনৰ সম্পূৰ্ণ আনন্দ পাবলৈ বাট দেখুৱায় —- মানুহৰ সেই কথা, সেই চিন্তা বা সেই কামেই হৈছে সংস্কৃতি।” এই উক্তিৰ আধাৰত ক’ব পাৰি যে আমাৰ মানৱ জীৱনক সুন্দৰ আৰু শক্তিমান কৰি তোলা সকলো সুকুমাৰ কলা, কাম আৰু গুণৰাশিয়েই হ’ল সংস্কৃতিৰ সোপান।

(গ) মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস হ’ল চৌপাশৰ বিনন্দীয়া প্ৰকৃতি।

উত্তৰঃ প্ৰকৃতিৰ পৰা আমি কল্পনাৰ ৰহণ আৰু সৃষ্টিৰ খোৰাক আহৰণ কৰোঁ। হৰিণ এটি জঁপিয়াই পাৰ হৈ গলে তাৰ ছন্দময় খোজতো কবিয়ে সৃষ্টিৰ উৎস বিচাৰি পায়। লাভ কৰে অনাবিল উৎসাহ। আমাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক সামৰি থকা বিভিন্ন গছ-গছনি, পাহাৰ-পৰ্বত, ভৈয়াম আৰু চৌপাশৰ সেউজীয়াৰ মাজতেই নিহিত হৈ থাকে সৃষ্টিৰ খোৰাক আৰু জীয়াই থকাৰ প্ৰেৰণা। এনেদৰে প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ পৰাই আমি জীৱন ধাৰণৰ প্ৰয়োজনীয় উপাদান সমূহৰ লগতে অফুৰন্ত সাহস আৰু প্ৰেৰণাও পাওঁ জীৱনটো অতিবাহিত কৰাৰ কাৰণে।

ব্যৱহাৰিক ব্যাকৰণঃ

৫। (ক) কৃষ্টি আৰু স্তুতি শব্দৰ শেষৰ টি, তি ধ্বনিৰ মিল থকা শব্দ লিখা।

উত্তৰঃ কৃষ্টি – দৃষ্টি, সৃষ্টি, বৃষ্টি, পুষ্টি, সন্তুষ্টি।

স্তুতি – নতি, উন্নতি, অৱনতি, গতি, প্ৰতি, ৰাতি।

(খ) সংস্কৃতি — সম্ + কৃতি, এনেধৰণে শব্দৰ আগত সম্ উপসৰ্গ যোগ কৰি সংস্কাৰ, সংযম, সন্ন্যাস, সঞ্চয় আদি শব্দ লিখিব পাৰোঁ। তেনে ধৰণে তলত দিয়া উপসৰ্গৰ সহায়ত পাঁচটাকৈ শব্দ লিখি বাক্য সাজা।

উত্তৰঃ প্ৰতি

প্ৰতিবাদ – কৃষক সকলৰ প্রতিবাদে দেশখন উত্তাল কৰিছিল।

প্ৰতিকাৰ – বেমাৰৰ প্ৰতিকাৰ বিচাৰি তেওঁ বেজৰ ওচৰলৈ গৈছিল।

প্ৰতিশোধ – নিজৰ প্ৰতিশোধ পূৰাবলৈ তেওঁ নিকৃষ্ট কাম কৰিবলৈও কুণ্ঠাবোধ নকৰে।

প্ৰতিশ্ৰুতি – জনপ্ৰতিনিধি জনে নিজৰ প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছিল।

প্ৰতিলিপি – নাট প্ৰতিযোগিতাৰ প্ৰতিলিপি জমা দিয়াৰ বাবে বিচাৰকে প্ৰতিযোগী সকলক আহ্বান জনাইছিল।

অৱ

অৱলম্বন – বানপানীৰ পৰা ৰক্ষা পাবলৈ সিহঁতে বাঁহৰ চাংৰ অৱলম্বন কৰিছিল।

অৱকাশ – দুৰ্যোগৰ সময়ত বিপদৰ অৱকাশ নাথাকে।

অৱতৰণ – বিমানখন অৱতৰণ কৰিবলৈ লোৱাৰ সময়তেই দুৰ্ঘটনাটো ঘটিছিল।

অৱৰোধ — অৱৰোধকাৰী সকলে ঘাইপথ অৱৰোধ কৰি ৰাখিছিল।

অৱতাৰ — কল্কিৰ বিষ্ণুৰ দশম অৱতাৰ।

অনু

অনুৰূপ – কবিতাটো অনুৰূপ ৰূপত তুলি দিয়া হৈছিল।

অনুৰোধ — মোৰ অনুৰোধ ৰক্ষা কৰি তেওঁ সভাখনলৈ আহিছিল।

অনুভৱ — এই সম্পৰ্কত তোমাৰ অনুভৱখিনি কেইটামান শব্দত প্ৰকাশ কৰা।

অনুগ্ৰহ — অনুগ্ৰহ কৰি পানী এগিলাচ আনিবনে?

অনুশোচনা — ভুলৰ অনুশোচনাত তেওঁ দদ্ধ।

বি

বিশ্বাস — হেৰাই যোৱা বিশ্বাস ঘূৰাই পোৱাটো টান।

বিশেষ — জন্মদিনটো আৰু অধিক বিশেষ কৰি তোলাৰ বাবে মই সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।

বিশিষ্ট — সভাখনত তেখেতক বিশিষ্ট অতিথিৰূপে আমন্ত্ৰণ কৰি তোলা হৈছিল।

বিকাশ — দেশ এখনৰ বিকাশৰ প্ৰধান উপাদান হৈছে শিক্ষা।

উৎ

উৎকৰ্ষ — ছাত্ৰ-ছাত্ৰীৰ সকলো ধৰণৰ উৎকৰ্ষ সাধনৰ বাবে শিক্ষক সকলে চেষ্টা কৰা উচিত।

উৎসৱ — বিহু অসমৰ জাতীয় উৎসৱ।

উৎসাহ — পৰীক্ষাত ভাল ফলাফল দেখুৱাৰ বাবে তেখেতে ছাত্ৰ-ছাত্ৰীসকলক বাৰুকৈ উৎসাহ যোগাইছিল।

৬। পাঠটোত থকা যুৰীয়া শব্দবোৰ বাছি উলিয়াই লিখা।

উদাহৰণ — আচাৰ – আচৰণ।

উত্তৰঃ চিন্তা – ভাবনা।

আচাৰ – ব্যৱহাৰ।

খেতি – পথাৰ।

মাটি – বাৰী।

মেখেলা – চাদৰ।

সাজ – পোছাক।

ন্যায় – অন্যায়।

আবেগ – অনুভূতি।

গছ — লতা।

পগু – পক্ষী।

চিত্ৰ — কলা।

উৎসৱ – পাৰ্বন।

জীৱন – যাত্ৰা।

৭। অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা।

উত্তৰঃ আচাৰ-বিচাৰঃ সমাজত বসবাস কৰিবলৈ হ’লে আমি আচাৰ-বিচাৰ মানি চলাটো দৰকাৰ।

সাজ-পোছাকঃ সাজ-পোছাকত মানুহৰ ব্যক্তিত্ব ফুটি উঠে।

পেট-পূজাঃ মিটিংখন আৰম্ভ কৰাৰ আগতে সকলোৱে পেট-পূজাভাগ কৰি লৈছিল।

বিনন্দীয়াঃ উদ্যানখনৰ বিনন্দীয়া পৰিৱেশে সকলোকে আপ্লুত কৰিছিল।

উৎসৱ-পাৰ্বনঃ উৎসৱ-পাৰ্বন সমূহে মানুহৰ মাজত সম্প্ৰীতি বৃদ্ধি কৰে।

৮। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

(ক) কৃষিভিত্তিক সমাজত প্ৰচলিত আচাৰ-উৎসৱ কেইটামানৰ নাম লিখা।

উত্তৰঃ গছ লোৱা, ন-খোৱা, লখিমী চপোৱা আদি।

(খ) শিল্পভিত্তিক সমাজ বুলিলে কি বুজা?

উত্তৰঃ শিল্প উদ্যোগক আধাৰ কৰি পৰিচালিত সমাজক শিল্পভিত্তিক সমাজ বুলিব পাৰি।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
Class 8 Assamese Chapter 14 (সংস্কৃতি আৰু আমাৰ জীৱন) – Frequently Asked Questions (FAQs)
What is the central theme of the lesson ‘Sanskriti Aru Amar Jiban’?
The central theme revolves around the significance of culture in human society. It highlights how traditions, language, art, values, and mutual harmony shape our lifestyle, build character, and foster unity in diversity.
What is included in these textual solutions?
It includes all textbook exercise question answers, comprehension explanations, additional important questions required for examinations, and complete solutions for textual grammar and vocabulary.
Are these solutions prepared according to the new ASSEB syllabus?
Yes, all these study materials are prepared strictly according to the latest new syllabus and guidelines of ASSEB (formerly SEBA) for school examinations.
What type of questions appear in exams from this chapter?
According to the new syllabus pattern, 1-mark very short answer questions (VSA), multiple-choice questions (MCQ), vocabulary exercises, and descriptive long questions explaining various aspects of culture can appear from this lesson.

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top