অষ্টম শ্ৰেণী অসমীয়া অধ্যায় ১ – নিয়ৰ – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ | ASSEB Assam (Assamese Medium)
অষ্টম শ্ৰেণী অসমীয়া অধ্যায় ১ – নিয়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
অষ্টম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ প্ৰথম অধ্যায় ‘নিয়ৰ’ কবিতাটি চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত এক অনন্য সৃষ্টি। নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নতুন শিক্ষা নীতিৰ নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Assamese Chapter 1 Textual Question Answer) ইয়াত প্ৰস্তুত কৰা হৈছে। এই সমাধানত পাঠভিত্তিক চমু প্ৰশ্ন, কবিতাটোৰ মূল ভাৱ আৰু ব্যাকৰণৰ সকলো দিশ সামৰি লোৱা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সকলোবোৰ উত্তৰ সহজ আৰু শুদ্ধকৈ দিয়া হৈছে।
‘নিয়ৰ’ কবিতাটিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ এক অতি সুন্দৰ আৰু কোমল ৰূপ দাঙি ধৰিছে। অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ প্ৰতিটো শব্দৰ অৰ্থ আৰু কবিৰ মনোভাৱ বুজি পোৱাটো অত্যন্ত জৰুৰী। আমাৰ এই সমাধানসমূহে শিক্ষাৰ্থীসকলক পৰীক্ষাত উন্নত ফল দেখুৱাত সহায় কৰিব।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- ‘নিয়ৰ’ কবিতাৰ সাৰাংশ আৰু প্ৰকৃতিৰ বৰ্ণনাৰ সহজ বিশ্লেষণ।
- পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নৰ ১০০% শুদ্ধ উত্তৰ।
- কবিতাটোত ব্যৱহাৰ হোৱা কঠিন শব্দৰ অৰ্থ আৰু বাক্য ৰচনা।
- পৰীক্ষাত আহিব পৰা অতিৰিক্ত চমু প্ৰশ্ন আৰু উত্তৰ।
- অসমীয়া ভাষা আৰু ব্যাকৰণৰ সঠিক জ্ঞান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- নতুন পাঠ্যক্ৰম (New Syllabus) অনুসৰি শেহতীয়া সমাধান।
- সহজ-সৰল ভাষাৰ ব্যৱহাৰ যাতে ছাত্ৰ-ছাত্ৰীয়ে সহজে মনত ৰাখিব পাৰে।
- পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ বিশেষ তালিকা।
অস্পীন একেডেমীৰ লক্ষ্য হ’ল অসমৰ ছাত্ৰ-ছাত্ৰীসকলক উন্নত মানৰ শিক্ষা সমল যোগান ধৰা। আপোনাৰ অষ্টম শ্ৰেণীৰ অসমীয়া শিক্ষাৰ যাত্ৰা আমাৰ সৈতে আৰু অধিক সহজ কৰি তোলক।
Class 8 Assamese (অংকুৰণ) PDF Solutions 2026-27 | SCERT Assam
Download Class 8 Assamese (অংকুৰণ) PDF with textbook solutions, MCQs, and additional practice questions for SCERT Assam 2025-26.
Class 8 Assamese
Chapter – 1 (Ospin Academy)
নিয়ৰ
|
পাঠভিত্তিক ক্ৰিয়াঃ |
|---|
১। কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া আৰু আবৃত্তি কৰা।
উত্তৰঃ কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়িব আৰু আবৃত্তি কৰিব লাগিলে অতি মনোযোগেৰে শব্দবোৰ চাই শুদ্ধ উচ্চাৰণেৰে শব্দ কৰি পঢ়িবলৈ চেষ্টা কৰিবা।
২। উত্তৰ দিয়া।
(ক) মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে?
উত্তৰঃ মুকুতা মণিটি বুলি কবিয়ে নিয়ৰ টোপালক বুজাইছে।
(খ) নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে?
উত্তৰঃ নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুটা মণিৰ লগত তুলনা কৰিছে।
(গ) নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে?
উত্তৰঃ নিয়ৰে হিয়াত নিজম আকাশৰ নিচুক কথাটি সাঁচি থোৱাৰ কথা কৈছে।
(ঘ) ফুলনিত কি ছিগি ৰৈ গ’ল?
উত্তৰঃ ফুলনিত নিশা নাচা নাচনীৰ ডিঙিৰ মণি ছিঙি ৰৈ গ’ল।
(ঙ) কবিয়ে কি সৰি থকাৰ কথা কৈছে?
উত্তৰঃ কবিয়ে নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকাৰ কথা কৈছে।
৩। কবিতাটোৰ মূলভাব চমুকৈ লিখা।
উত্তৰঃ প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত ‘নিয়ৰ’ এটা ৰোমান্তিক কবিতা। কবিতাটিত কবিয়ে প্ৰকৃতিৰ উপাদান ‘নিয়ৰ’ বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰহন সানি সুন্দৰভাৱে উপস্থাপন কৰিছে।
প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে। প্ৰতিটো পুৱাই আমাৰ অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ’ল ‘নিয়ৰ’। মুকুতা সদৃশ নিয়ৰ কণাবোৰ ঘাঁহ-বনৰ ওপৰত কাহিলি পুৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটোৱেই স্বাভাৱিক।
কবিৰ কল্পনাত নিয়ৰ নৃত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একোটি মণি অথবা পুৱাৰ পোহৰত সেমেকি উঠা একোটা পাল চকুপানী।
৪। শব্দ-সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা।
উত্তৰঃ
|
শব্দ |
অর্থ |
|---|---|
|
ফটিক |
নিৰ্মল, পৰিস্কাৰ। |
|
শোভে |
শুৱনি কৰি তোলা। |
|
হেঙুলি |
হেঙুল বৰণীয়া। |
|
নিজম |
নীৰৱ। |
|
নিচুক |
কান্দোন সামৰি স্থিৰ। |
৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
“নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছে সাঁচি,
কোন কাহানিৰ সপোন দেখিছে
কোনে হাঁহিছিল নাচি।”
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা’ দেৱৰ দ্বাৰা ‘ৰচিত ‘নিয়ৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
ৰাতিপুৱা ফুলৰ পাহিত পৰি থকা নিয়ৰ টুপালক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা ৰূপত কবিয়ে কল্পনা কৰিছে, সেই প্ৰসংগত উক্ত কবিতা ফাকি তুলি দিয়া হৈছে।
প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যয়ই মানুহৰ মনলৈ কঢ়িয়াই আনে। প্ৰতিটো পুৱাই আমাৰ অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ’ল ‘নিয়ৰ’,।
৬। পাঠৰ পৰা অন্ত মিল থকা শব্দবোৰ লিখা।
উদাহৰণ — ধোৱা — যোৱা।
উত্তৰঃ সাঁচি – নাচি।
মণি – কণি, পানী।
ভাহি – পাহি।
ব্যৱহাৰিক ব্যাকৰণঃ
৭। উল্লিখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা।
উত্তৰঃ টোপনি – নিদ্ৰা, ঘূমতি।
বেলি – ৰবি, সূৰ্য।
পানী – জল, নীৰ।
ফুল – কুসুম।
নিশা – ৰাতি, নিশি।
সপোন – কল্পনা।
আকাশ – মহাশূণ্য, স্বৰ্গ।
চকু – নয়ন, আখি।
৮। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
উত্তৰঃ ছিগা – নিছিগা।
পুৱা – সন্ধিয়া।
নিজম – হুলস্থুলীয়া।
সৰগ –
দিন – ৰাতি।
হাঁহি – কান্দোন।
৯। বাক্য ৰচনা কৰা।
উত্তৰঃ মুকুতা = ৰ’দৰ পোহৰত নিয়ৰক মুকুতা মণিৰ নিচিনা লাগে।
পাহি = গোলাপ ফুলৰ পাহিবোৰ ধুনীয়াকৈ সৰি আছে।
শোভে = গোলাপ ফুলে গোটেই বাগিচাখনত শোভে।
নিচুক = নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হৃদয়ত সাচি থৈছিল।
ফটিক = নৈখনৰ ফটিক পানীত পদুমফুলবোৰ ধুনীয়াকৈ ফুলি আছে।
১০। ‘নিয়ৰ’ কবিতাটিত থকা তৎসম আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখা। তুমি জনা তৎসম আৰু তদ্ভৱ শব্দবোৰৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ তৎসম – – – – – – – – – – তদ্ভৱ।
মুক্তা – – – – – – – – – – – – মুকুতা।
স্ফটিক – – – – – – – – — ফটিক।
তাৰা – – – – – – – – – – – – তৰা।
স্বৰ্গ——————- সৰগ।
মণি – – – – – – – – – – – — মনি।
১১। দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবোৰ ভাগে ভাগে লিখা।
শিক্ষা সম্বন্ধীয় – স্কেল।
খেল সম্বন্ধীয় – ক্রিকেট।
যানবাহন — স্কুটাৰ।
পােছাক-পাতি – ফ্রক।
আচবাব – টেবুল।
বাচন-বৰ্তন – কাপ।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
১২। এটা শব্দত প্ৰকাশ কৰা।
(ক) যি আনৰ উন্নতি দেখিব নোৱাৰে।
উত্তৰঃ চকুচৰহা।
(খ) একে মাকৰ সন্তান।
উত্তৰঃ সহোদৰ।
(গ) যাৰ ঘৰ-বাৰী নাই।
উত্তৰঃ অঘৰী।
(ঘ) যিজনে ভাল-বেয়া বিচাৰ কৰিব নোৱাৰে।
উত্তৰঃ অবিবেচক।
(ঙ) যি আগেয়ে হোৱা নাই।
উত্তৰঃ অভূতপূৰ্ব।
১৩। ‘নিয়ৰ’ কবিতাটিত পোৱা তৰা, আকাশ, পানী, কথা, হিয়া, সপোন, চকু আদি শব্দ যুক্ত হৈ গঠিত খণ্ডবাক্যবোৰেৰে বাক্য ৰচনা কৰা।
তৰা-নৰা ছিঙি – (বৰকৈ বেগাই, ইমান বেগাই যে উজুটিত বন আদি ছিঙি যায়)।
আকাশত চাং পতা – (অস্বাভাৱিক কল্পনা কৰা)।
পানীৰ তলৰ কাঁইট – (নেদেখা বিপদ, অজ্ঞাত শত্ৰু)।
কথা চহকী – (বেছিকৈ কথা কোৱা লোক)।
হিয়াৰ আমঠু – (অতি আদৰৰ)।
অলীক সপোন – (অমূলক কল্পনা)।
চকু চৰহা — (লোকৰ ভাল দেখিব নোৱৰা)।
উত্তৰঃ তৰা-নৰা ছিঙিঃ (বৰকৈ বেগাই) = খুৰাকৰ মৃত্য়ুৰ খবৰটো পাই পল তৰা-নৰা ছিঙি ঘৰলৈ আহিল।
আকাশত চাং পতাঃ (অস্বাভাৱিক কল্পনা কৰা) = আকাশত চাং পতা মানুহে উন্নতি কৰিব নোৱাৰে।
পানীৰ তলৰ কাঁইটঃ (নেদেখা বিপদ, অজ্ঞাত শত্ৰু) = ৰমেনে জনাই নাছিল যে বন্ধুৰ বেশেৰে তাৰ ঘৰতেই পানীৰ তলৰ কাঁইট লুকাই আছিল।
কথা চহকীঃ (বেছিকৈ কথা কোৱা লোক) = অভিনাশ গোটেই শ্ৰেণীটোৰ ভিতৰতে কথা চহকী।
হিয়াৰ আমঠুঃ (অতি আদৰৰ) = প্ৰত্য়েক সন্তানেই নিজৰ মাক-দেউতাকৰ হিয়াৰ আমঠু।
অলীক সপোনঃ (অমূলক কল্পনা) = অলীক সপোন দেখি সময় নষ্ট কৰিব নালাগে।
চকু- চৰহাঃ (লোকৰ ভাল দেখিব নোৱাৰা) = চকু- চৰহা লোক সকলোৱে অপ্ৰিয় হয়।
১৪। তলৰ বাক্যকেইটিৰ খালী ঠাইত অৰ্থৰ লগত সংগতি ৰাখি ভাগি, ভাঙি, ছিগি, ছিঙি বহুৱাই পূৰ কৰা।
উত্তৰঃ (ক) মেৰামতি নকৰা বাবে জহি-খহি ঘৰটো ভাগি গ’ল।
(খ) ধুমুহাই ঘৰটো ভাঙি পেলালে।
(গ) পুৰণি হোৱা বাবে ৰছীডাল ছিগি থাকিল।
(ঘ) জোৰকৈ টনা-আঁজোৰা কৰা বাবে ৰছীডাল ছিঙি গ’ল।
(ঙ) এবছৰ নৌহওঁতেই মথাউৰিটো ছিগি গ’ল।
(চ) বানপানীয়ে মথাউৰিটো ছিঙি পেলালে।
১৫। দলত বহি নিজৰ নিজৰ অভিজ্ঞতাৰ কথা কোৱা আৰু লগৰীয়াৰ অভিজ্ঞতাৰ কথা গুনা।
(ক) পুৱা খালী ভৰিৰে নিয়ৰসিক্ত দূবৰি গচকি পোৱা অনুভূতি।
উত্তৰঃ তোমালোকে পুৱা খালী ভৰিৰে নিয়ৰসিক্ত দূবৰি গচকি পােৱা অনুভূতি বিষয়ে নিজে লিখিবলৈ চেষ্টা কৰাঁ।
(খ) পদুম, কচু বা অন্যান্য গছৰ পাতত তিৰ্ বিৰাই থকা নিয়ৰৰ টোপাল দেখি মনত জাগি উঠা অনুভৱ।
উত্তৰঃ তোমালোকে পদুম, কচু বা অন্যান্য গছৰ পাতত তিবিৰাই থকা নিয়ৰৰ টোপাল দেখি মনত জাগি অনুভৱৰ বিষয়ে নিজে লিখিবলৈ চেষ্টা কৰা।
(গ) গছৰ পাতৰ পৰা টোপা টোপে নিয়ৰ সৰা দেখি কৰা কল্পনাবোৰ।
উত্তৰঃ তোমালোকে গছৰ পাতৰ পৰা টোপা টোপে নিয়ৰ সৰা দেখি কৰা কল্পনাবােৰ নিজে লিখিবলৈ চেষ্টা কৰা।
১৬। সাঁথৰ ভাঙা।
(ক) মৌ-মাখি নহয় কিন্তু
কৰে গুণ্ শুণ্
বামুণ নহয় কিন্তু
কান্ধত লগুণ।
উত্তৰঃ যঁতৰ।
(খ) ৰজাৰ ঘৰৰ হাতী
ধান খায় পাচি পাচি।
উত্তৰঃ ঢেকী।
(গ) ৰজাৰ কাপোৰ তিয়াব পাৰি,
গুকুৱাব নোৱাৰি।
উত্তৰঃ জিভা।
