Class 8 Social Science Chapter 13 – ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন – All Textual Solutions | ASSEB Assam (Assamese Medium)
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান (ইতিহাস খণ্ড) অধ্যায় ১৩ – ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ইতিহাস খণ্ডৰ অন্তৰ্গত ত্ৰয়োদশ অধ্যায় ‘ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন’ আধুনিক ভাৰতৰ ইতিহাসৰ আৰম্ভণি বুজিবলৈ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। বিদ্যালয়ৰ পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Social Science Chapter 13 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), আৰু দীঘলীয়া প্ৰশ্নৰ (Long Answers) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন’ নামৰ এই পাঠটিত জলপথেৰে ভাৰত আৱিষ্কাৰৰ প্ৰয়াস, ভাস্কো-ডা-গামাৰ ভাৰত আগমন, পৰ্তুগীজ, ডাচ, ইংৰাজ আৰু ফৰাচী ব্যৱসায়ীসকলৰ বাণিজ্যিক প্ৰতিযোগিতা, ইষ্ট ইণ্ডিয়া কোম্পানীৰ গঠন আৰু ভাৰতত সাম্ৰাজ্য বিস্তাৰৰ প্ৰাথমিক ভেটি স্থাপনৰ সবিশেষ বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপনিবেশিক শাসনৰ এই ঐতিহাসিক প্ৰেক্ষাপটসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- ইউৰোপীয়সকলৰ ভাৰতবৰ্ষলৈ নতুন জলপথ আৱিষ্কাৰৰ কাৰণ আৰু ভাস্কো-ডা-গামাৰ ঐতিহাসিক যাত্ৰাৰ সবিশেষ বিৱৰণ।
- ভাৰতত পৰ্তুগীজ আৰু ডাচ কোম্পানীৰ বাণিজ্যিক কেন্দ্ৰসমূহ আৰু তেওঁলোকৰ পতনৰ কাৰণসমূহ।
- ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- ইংৰাজ আৰু ফৰাচীসকলৰ মাজত হোৱা কৰ্ণাটকৰ যুদ্ধ আৰু ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ উত্থানৰ আধাৰত ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ সমাধান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Social Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.
Class 8 Social Science
Chapter – 5 (Ospin Academy)
ভাৰতবর্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
|
TEXTUAL QUESTION ANSWER |
|---|
১। চমু উত্তৰ লিখা—
(ক) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ ১৫৯৯ খ্ৰীষ্টাব্দত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিল।
(খ) ভাৰতবৰ্ষলৈ অহা জলপথ পোনতে কোনজন নাৱিকে আৱিষ্কাৰ কৰে?
উত্তৰঃ ভাস্কো-ডা-গামাই আৱিষ্কাৰ কৰে।
(গ) ওলশুজসকলে ভাৰতবৰ্ষৰ কোন ঠাইত প্ৰথম দুৰ্গটো সাজে?
উত্তৰঃ পুলিকটত।
(ঘ) দ্বিতীয় চাৰ্লছে বোম্বাই (মুম্বাই) কাক লীজত দিছিল?
উত্তৰঃ ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লীজত দিছিল।
(ঙ) কোনে বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ফৰমান জাৰী কৰিছিল?
উত্তৰঃ ফাৰুখছিয়াৰে বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ফৰমান জাৰী কৰিছিল।
২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—
উত্তৰঃ (ক) কলম্বাছ — আমেৰিকা।
(খ) উইলিয়াম হকিন্স — ইংৰাজ কটকী।
(গ) ভাস্কো-ডা-গামা — পতুৰ্গীজ নাৱিক।
(ঘ) দ্বিতীয় চাৰ্লছ — পতুৰ্গীজ।
(ঙ) পুলিকট — পতুৰ্গীজ ৰাজকুমাৰআছে
৩। খালী ঠাই পূৰ কৰা—
(ক) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৬০০ খ্ৰীষ্টাব্দত ৰাণী প্ৰথম এলিজাবেথৰ পৰা প্ৰাচ্যৰ দেশৰ লগত ব্যৱসায়-বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল।
(খ) বাণিজ্যবাদৰ দ্বাৰা দেশৰ অৰ্থনৈতিক কাম-কাজ চৰকাৰৰ নিয়ন্ত্ৰণাধীন কৰা হয়।
(গ) ১৬৬১ খ্ৰীষ্টাব্দত দ্বিতীয় চাৰ্লছে বোম্বাই ইষ্ট ইণ্ডিয়া কোম্পানীক লীজত দিয়ে।
(ঘ) ১৭১৫ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ফাৰুখছিয়াৰে ইষ্ট ইণ্ডিয়া কোম্পানীক ব্যৱসায় কৰিবলৈ ফৰমান/অনুমতি প্ৰদান কৰে।
(ঙ) ইষ্ট ইণ্ডিয়া কোম্পানী ফৰাচীসকলৰ মুখ্য কাৰ্যালয় আছিল।
৪। সত্য/অসত্য বিচাৰ কৰা—
(ক) ১৮ শতিকাত মোগল সাম্ৰাজ্য শক্তিশালী আছিল।
উত্তৰঃ অশুদ্ধ।
(খ) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতবৰ্ষত ব্যৱসায় কৰা একমাত্ৰ ইউৰোপীয় কোম্পানী আছিল।
উত্তৰঃ অশুদ্ধ।
(গ) ভাস্কো-ডা-গামাই ১৪৯২ খ্ৰীষ্টাব্দত কালিকটত উপস্থিত হৈছিল।
উত্তৰঃ অশুদ্ধ।
(ঘ) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাকৰিয়ালসকলে নিজা ব্যৱসায় আৰম্ভ কৰাৰ ফলত স্থানীয় উদ্যোগবিলাক সংকটত পৰিছিল।
উত্তৰঃ শুদ্ধ।
(ঙ) বাণিজ্যবাদে উপনিৱেশবাদক উদ্গনি যোগাইছিল।
উত্তৰঃ শুদ্ধ।
৫। দলত আলোচনা কৰি টোকা প্ৰস্তুত কৰা–
(ক) ইউৰোপীয় বণিজ গোষ্ঠীৰ ভাৰতবৰ্ষ আগমনৰ কাৰণ।
উত্তৰঃ ইউৰোপীয় বনিজ গোষ্ঠীৰ ভাৰত আগমনৰ প্ৰধান কাৰণ হ’ল— ইউৰোপত ভাৰত প্ৰচুৰ ধন-সম্পত্তিৰ দেশ হিচাপে জনাজাত আছিল। প্ৰাচীন কালৰ পৰাই পাশ্চাত্য জগতৰ লগত ভাৰতৰ বেহা–বেপাৰৰ সম্পৰ্ক আছিল। ভাৰতৰ মচলা, বস্ত্ৰ, ৰেছম, ধাতৱ দ্ৰব্য, সোণ, ৰূপ, মূল্যবান পাথৰ আদিৰ মধ্য যুগৰ ইউৰোপীয় বজাৰত যথেষ্ট চাহিদা আছিল।
এইবোৰ সামগ্ৰী কিছু জলপথেৰে আৰু কিছু স্থল পথেৰে ইউৰোপ পাইছিলগৈ। পিছত ইউৰোপ আৰু প্ৰাচ্যৰ দেশ সমূহৰ মাজত থকা বেহা-বেপাৰৰ পথ তুৰ্কী সকলে বন্ধ কৰি দিয়াত ইউৰোপীয় বেপাৰী সকলে ভাৰত আৰু চীন দেশলৈ আহিবলৈ নতুন সাগৰীয় পথৰ সন্ধান কৰিবলগীয়া হৈছিল।
কেইবছৰ মান পিছতেই ১৪৯৮ খ্ৰীষ্টাব্দত পৰ্তুগীজ নাবিক ভাস্কো-ডা-গামাই ভাৰতৰ লগত প্ৰত্যক্ষ বেহা-বেপাৰ পুনৰ প্ৰতিষ্ঠা কৰিবলৈ আহি কালিকট বন্দৰত পৰ্দাপন কৰে। সেই সময়ত কালিকট প্ৰাচ্যৰ বেহা-বেপাৰ এক মুখ্য বন্দৰ আছিল। বেহা-বেপাৰৰ এই প্ৰতিদ্বন্দ্বিতাই আন ইউৰোপীয় শক্তি সমূহকো ভাৰতলৈ আহিবলৈ উদ্ধুদ্ধ কৰিছিল।
(খ) বাণিজ্যবাদ বুলিলে কি বুজা? বাণিজ্যবাদ আৰু উপনিৱেশবাদৰ মাজত সম্পৰ্ক কি?
উত্তৰঃ বাণিজ্যবাদ বুলিলে ব্যৱসায়-বাণিজ্য বা অৰ্থনৈতিক কাৰ্যকলাপ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰাকে বুজায়।
১৬ শতিকাৰ পৰা ১৮ শতিকাৰ সময়ছোৱাত ইউৰোপৰ প্ৰধান দেশবোৰে বৈদেশিক বেপাৰ-বাণিজ্যত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিল যদিও লাহে লাহে দেশবোৰে বেপাৰৰ সামগ্ৰী ৰপ্তানী কৰাত গুৰুত্ব দি আমদানি কৰিবলৈ অনিচ্ছুক হয়। কোনোৱে যদি আমদানি নকৰে ৰপ্তানী কালৈ কৰিব? ফলস্বৰূপে বেপাৰৰ সামগ্ৰী ৰপ্তানী কৰিবৰ বাবে বজাৰৰ প্ৰয়োজন হোৱাত ইউৰোপৰ দেশসমূহে বিদেশত বাণিজ্য সম্প্ৰসাৰণৰ উদ্দেশ্যে উপনিৱেশ স্থাপনত গুৰুত্ব দিয়ে। এইদৰেই বাণিজ্যবাদ উপনিৱেশবাদলৈ পৰিৱৰ্তন হয় আৰু বাণিজ্যিক দেশবোৰে উপনিৱেশ পাতি বাস কৰিবলৈ আৰম্ভ কৰে। এইদৰে বাণিজ্যবাদ আৰু উপনিৱেশবাদৰ মাজত সম্পৰ্ক গঢ়ি উঠিছিল।
(গ) ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত ইউৰোপীয় বনিজসকলৰ প্ৰভাৱ।
উত্তৰঃ ইউৰোপীয় বণিজসকলৰ প্ৰভাৱ ভাৰতৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত বাৰুকৈয়ে পৰিছিল। ইউৰোপীয় বণিজসকলৰ প্ৰথম আৰু একমাত্ৰ উদ্দেশ্য আছিল ভাৰতত বেহা-বেপাৰ কৰি অৰ্থনৈতিকভাৱে লাভৱান হোৱা। লাহে লাহে ইউৰোপীয়ান কোম্পেনীবোৰে আন আন ইউৰোপীয়ান জাতি আৰু অন্য দেশীয় বেপাৰীক চেৰ পেলাই ব্যৱসায়িক আৰু ৰাজনৈতিক ক্ষেত্ৰত গোটেই ভাৰততে আধিপত্য বিস্তাৰ কৰে। কোম্পানীৰ ব্যৱসায়ৰ উপৰি কোম্পানীৰ বিষয়া–কৰ্মচাৰী সকলেও নিজাববীয়াকৈ ব্যৱসায় চলাবলৈ ধৰে। ইয়াৰ ফলত স্থানীয় উদ্যোগবিলাক সংকটৰ সন্মুখীন হব লগা হৈছিল। এইসকল লোকে স্থানীয় শিপিনী সকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰী অতি কম দামতে বিক্ৰী কৰিবলৈ বাধ্য কৰাইছিল। আন বিদেশী কোম্পানীক সামগ্ৰীবোৰ বিক্ৰী কৰিবলৈ দিয়া নহৈছিল। ইয়াৰ ব্যতিক্ৰম হ’লে তেওঁলোক কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিছিল। ফলত উপায়ন্তৰ হৈ বহুতে পৰম্পৰাগত বৃত্তি ত্যাগ কৰাত কুটীৰ শিল্প ধ্বংসমুখী হৈছিল।
ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নতুন ভূমি ৰাজহ ব্যৱস্থাৰো প্ৰৱৰ্তন কৰিছিল। যেনে- চিৰস্থায়ী বন্দবস্ত, ৰায়তবাৰী ব্যৱস্থা, মহলদাৰী ব্যৱস্থা আদি। ইয়াৰ ফলত মাটি খাজনা অধিক পৰিমানে বৃদ্ধি পাইছিল আৰু জমিদাৰ, মহাজনৰ প্ৰতিপত্তি বাঢ়ি গৈছিল। কৃষিৰ মাটি খাজনাৰ বাবদ খেতিয়কে মহাজনৰ পৰা টকা ধাৰ লবলৈ বাধ্য হৈছিল আৰু উচ্চ হাৰত সুত ভৰিছিল। ঋণ পৰিশোধ নকৰিলে মাটি বাজেয়াপ্ত কৰিছিল। গ্ৰাম্যাঞ্চলত ঋণ গ্ৰস্ততাৰ সংখ্যা বৃদ্ধি পাইছিল। ভাৰতৰ নিচিনা কৃষি প্ৰধান দেশত কৃষকৰ সংখ্যা সেই সময়ত প্ৰায় ৮০-৯০ শতাংশ আছিল। গতিকে দেশৰ সৰহ সংখ্যক প্ৰজাই দৰিদ্ৰ জীৱন-যাপন কৰিব লগা হৈছিল। সেই সময়ত দেশৰ প্ৰায় ৭০ শতাংশ লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত জীৱন নিৰ্বাহ কৰিছিল।
৬। ভাৰতবৰ্ষৰ এখন মানচিত্ৰ অংকন কৰি পতুৰ্গীজ, ওলশুজ, বৃটিছ আৰু ফৰাচীসকলৰ ব্যৱসায়িক ঘাটিবোৰ বহুওৱা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
৭। বৃটিছসকলে প্ৰৱেশ কৰাৰ পূৰ্বে ভাৰতবৰ্ষত উপলব্ধ ভাৰতীয় কুটিৰ শিল্পৰ উদ্যোগসমূহৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ ইংৰাজসকলে ভাৰতত প্ৰবেশ কৰাৰ পূৰ্বে ভাৰতত উপলব্ধ ভাৰতীয় কুটিৰ শিল্পৰ উদ্যোগসমূহ হ’ল—
(১) মছলা উদ্যোগ।
(২) কপাহী কাপোৰ উদ্যোগ।
(৩) ৰেচম উদ্যোগ।
(৪) ধাতৱ দ্ৰব্য উদ্যোগ।
(৫) সোণ-ৰূপ, মূল্যবান পাথৰ উদ্যোগ আদি।
(৬) মৃত্তিকা শিল্প আদি।
৮। ‘সোতৰ শতিকাৰ শেষ আৰু ওঠৰ শতিকাৰ আৰম্ভণিৰ কালছোৱাই ভাৰতবৰ্ষৰ ইতিহাসত এক দিক্ নিৰ্ণয়কাৰী ভূমিকা লৈছিল’ — উক্তিটোৰ তাৎপৰ্য ব্যাখ্যা কৰা।
উত্তৰঃ ১৭ শতিকাৰ শেষ আৰু ১৮ শতিকাৰ আৰম্ভণিৰ কালছোৱাত ভাৰতৰ ইতিহাসত এক দিক নিৰ্ণয়কাৰী ভূমিকা লৈছিল। এই সময়ছোৱাত দুটা দিশত ভাৰতবৰ্ষত গুৰুত্বপূৰ্ণ পৰিবৰ্তনৰ সূচনা হৈছিল। তাৰে এটা হ’ল ভাৰতত ৰাজনৈতিক মানচিত্ৰৰ পট পৰিবৰ্তন আৰু আনটো হ’ল আর্থ-সামাজিক দিশৰ পৰিবৰ্তন।
বাবৰে প্ৰতিষ্ঠা কৰা মোগল সম্ৰাজ্য ঔৰংজেৱৰ ৰাজত্ব কালত ভাঙোনৰ মুখে ধাবিত হৈছিল। তেওঁৰ কঠোৰ শাসন নীতিয়ে মাৰাঠা, শিখ আৰু জাঠ সকলক মোগলৰ শাসন ওফৰাই পুনৰ স্বাধীন হবৰ বাবে উৎসাহিত কৰিছিল। ১৭০৭ খ্ৰীষ্টাব্দত ঔৰংজেৱৰ মৃত্যুৰ পাছত মোগল ৰাজবংশৰ কোনো এজন সম্ৰাটে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্ভৱ হোৱা বিদ্ৰোহ দমন কৰি মোগল সাম্ৰাজ্যক পুনৰ একত্ৰীকৰণ কৰিব পৰা নাছিল। ফলস্বৰূপে মোগল শাসনৰ দুৰ্বলতাৰ সুযোগ লৈ মোগলৰ শাসনাধীন বিভিন্ন স্থানত বহুতো সৰু সৰু স্বাধীন ৰাজ্যৰ উত্থান হয়। এই ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈয়ে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত আধিপত্য স্থাপনৰ দিশে অগ্ৰসৰ হয়।
