Class 8 Social Science Chapter 12 – নব্য ধৰ্মীয় ভাবধাৰাৰ উত্থান – All Textual Solutions | ASSEB Assam (Assamese Medium)
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান (ইতিহাস খণ্ড) অধ্যায় ১২ – নব্য ধৰ্মীয় ভাবধাৰাৰ উত্থান সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ইতিহাস খণ্ডৰ অন্তৰ্গত দ্বাদশ অধ্যায় ‘নব্য ধৰ্মীয় ভাবধাৰাৰ উত্থান’ ভাৰতবৰ্ষ তথা অসমৰ আধ্যাত্মিক আৰু সামাজিক বুৰঞ্জীৰ এক অতি গুৰুত্বপূৰ্ণ পাঠ। বিদ্যালয়ৰ পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Social Science Chapter 12 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), আৰু দীঘলীয়া প্ৰশ্নৰ (Long Answers) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘নব্য ধৰ্মীয় ভাবধাৰাৰ উত্থান’ নামৰ এই পাঠটিত মধ্যযুগৰ ভক্তি আন্দোলন, চুফী আন্দোলন, উত্তৰ আৰু দক্ষিণ ভাৰতৰ সন্তসকলৰ অৱদান, কবীৰ, গুৰু নানক, শ্ৰীকৃষ্ণ চৈতন্যদেৱৰ বাণী, লগতে অসমত শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ আৰু সমাজ সংস্কাৰৰ সবিশেষ বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ধৰ্মীয় সমন্বয় আৰু মানৱতাবাদৰ এই ঐতিহাসিক প্ৰেক্ষাপটসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- ভক্তি আন্দোলন আৰু চুফী আন্দোলনৰ মূল কাৰণ, দৰ্শন আৰু ভাৰতীয় সমাজত ইয়াৰ প্ৰভাৱ।
- ৰামানন্দ, কবীৰ, গুৰু নানক, মীৰাবাঈ আদি সন্তসকলৰ জীৱনাদৰ্শ আৰু অৱদানৰ সবিশেষ বিৱৰণ।
- ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- অসমৰ নৱবৈষ্ণৱ ধৰ্ম, সত্ৰ আৰু নামঘৰ সংস্কৃতিৰ সমাজ সংস্কাৰমূলক ভূমিকাৰ আধাৰত ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ সমাধান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Social Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- নব্য ধৰ্মীয় ভাবধাৰাৰ উত্থান পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.
Class 8 Social Science
Chapter – 4 (Ospin Academy)
নব্য ধৰ্মীয় ভাবধাৰাৰ উত্থান
|
TEXTUAL QUESTION ANSWER |
|---|
১। উত্তৰ লিখা—
(ক) ভক্তিবাদ বুলিলে কি বুজা?
উত্তৰঃ আভিধানিক অৰ্থত ভক্তি বোলোতে ঈশ্বৰৰ প্ৰতি গভীৰ আনুগত্য আৰু শ্ৰদ্ধাক বুজায়। সেই ফালৰ পৰা কবলৈ গ’লে ভগৱানৰ লগত মানৱ আত্মাৰ মিলন, ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল, সেইয়াই ভক্তিবাদ।ডঃ
(খ) ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ কি কি?
উত্তৰঃ (১) খ্ৰীষ্টীয় সপ্তম শতিকাত দাক্ষিণাত্যৰ তামিল ৰাজ্যত আলভাৰচ্ আৰু নায়নাৰ নামৰ দুটা সম্প্ৰদায় দুটাৰ পৃষ্ঠপোষকতাত ভক্তিবাদ আন্দোলন গঢ়ি উঠিছিল। এই দুয়োটা সম্প্ৰদায়ে তেওঁলোকৰ ভক্তিবাদী চিন্তাধাৰাত ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাকে কেৱল ভক্তি বুলি নাভাৱি ঐশ্বৰিক শক্তি উপাসনাৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰি সৰ্বসাধাৰণৰ সকলো প্ৰকাৰৰ কল্যাণ সাধনত গুৰুত্ব দিছিল।
(২) মধ্যযুগত ইছলাম ধৰ্মৰ আভিৰ্ভাৱে ভক্তি আন্দোলন জাগৰণত অৰিহণা যোগাইছিল।
(গ) ‘দিব্য প্ৰৱন্ধম’ কি?
উত্তৰঃ আলভাৰসকলৰ গীত-মাত মৌখিক সাহিত্যৰ কীৰ্তিৰাজী পৰৱৰ্তী কালত সংকলিত ৰূপত প্ৰকাশ পায়। আলভাৰসকলৰ এই সংকলিত সাহিত্য সম্ভাৰকে ‘দিব্য প্ৰৱন্ধম’ বোলে।
(ঘ) উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোতা চাৰিগৰাকী ব্যক্তিৰ নাম লিখা।
উত্তৰঃ উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোতা চাৰিগৰাকী ব্যক্তিৰ নাম হ’ল- নানক, তুলসীদাস, কবীৰ আৰু ৰামানন্দ ǀ
(ঙ) শংকৰদেৱৰ মতে মানুহে কেনেকৈ মুক্তি লাভ কৰিব পাৰে?
উত্তৰঃ শংকৰদেৱৰ মতে মানুহে ঈশ্বৰৰ ওচৰত একান্ত বিশ্বাস তথা নাম ভক্তিৰ দ্বাৰাই মানুহে মুক্তি লাভ কৰিব পাৰে।
২। পাঠৰ আলমত উপযুক্ত শব্দেৰে তলৰ খালী ঠাই পূৰ কৰা—
(ক) অদ্বৈতবাদত শংকৰাচাৰ্য আছিল বিশ্বাসী।
(খ) খ্ৰীষ্টীয় নৱম শতিকাৰ পৰা ভাৰতত ইছলাম ধৰ্মাৱলম্বী তুৰ্কী-আফগানসকলৰ আর্ৱিভাৱ ঘটিছিল।
(গ) ৰামানন্দৰ মূল উপাস্য দেৱতা আছিল বিষ্ণু অৱতাৰ ৰাম।
(ঘ) তুলসীদাসক বাল্মিকীৰ অৱতাৰ বুলি গণ্য কৰিছিল।
(ঙ) কবীৰে ৰচনা কৰা ভক্তিমাৰ্গৰ কবিতাসমূহক দোহা বুলি কোৱা হয়।
৩। চমু টোকা লিখা।
(ক) শংকৰাচাৰ্য।
উত্তৰঃ দক্ষিণ ভাৰতৰ কেৰেলা ৰাজ্যত শংকৰাচাৰ্যৰ নেতৃত্বতে ভক্তিবাদৰ জন্ম হৈছিল। শংকৰাচাৰ্য আছিল অদ্বৈতবাদত বিশ্বাসী। তেওঁৰ মতে আত্মা আৰু পৰমাত্মাৰ মাজত কোনো পাৰ্থক্য নাই। মানুহৰ মাজতে ভগৱান বিদ্যমান। সৎজ্ঞান আৰু সৎকৰ্মৰ যোগেদি মানুহে মুক্তি লাভ কৰিব পাৰে।
(খ) জ্ঞানদেৱ।
উত্তৰঃ উত্তৰ পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰত জ্ঞানদেৱৰ নেতৃত্বত ১৩ শতিকাত ভক্তি আন্দোলনৰ সূচনা হয়। জ্ঞানদেৱে গীত মাতৰ দ্বাৰাই ভগৱানৰ ভক্তিৰ বাণী জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল। প্ৰচলিত সমাজ ব্যৱস্থাৰ জাতিভেদ প্ৰথা, ধনী-দুখীয়া আদি বৈষম্যবোৰ আতৰ কৰি সহজ সৰল বন্ধুত্বপূৰ্ণ জীৱন যাপনত গুৰুত্ব দিছিল। সকলো মানুহৰ গাতে যে ভগৱান বিদ্যমান সেই কথা জনসাধাৰণৰ মাজত উপস্থাপন কৰিছিল। জ্ঞানদেৱৰ বাণী পৰবৰ্তী সময়ত তেখেতৰ অনুগামী (টুকাৰাম, ৰামদাস আদি) দ্বাৰা অন্য অঞ্চলতো প্ৰচাৰিত হৈছিল।
(গ) ৰামানন্দ।
উত্তৰঃ উত্তৰ ভাৰতত বিশেষকৈ হিন্দীভাষী অঞ্চলত ভক্তিবাদ আন্দোলনৰ প্ৰচাৰক আছিল ৰামানন্দ। তেওঁ এগৰাকী পণ্ডিত আৰু সমাজ সংস্কাৰক আছিল। তেওঁৰ ভক্তি মাৰ্গৰ মূল উপাস্যদেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম। তেওঁ ধৰ্মৰ দুৱাৰ সকলো শ্ৰেণীৰ লোকলৈ মোকলাই দিছিল। তেওঁ হিন্দী ধৰ্মত কবিতা ৰচনা কৰি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁৰ অন্যতম শিষ্য আছিল কবীৰ।
(ঘ) নানক।
উত্তৰঃ উত্তৰ ভাৰতত ভক্তি মাৰ্গৰ প্ৰচাৰ কৰোতাসকলৰ অন্যতম আছিল গুৰু নানক। কবীৰৰ ভক্তিমাৰ্গে তেখেতক বৰকৈ প্ৰভাৱিত কৰিছিল। নানকে হিন্দু ধৰ্মত প্ৰচলিত মূৰ্তিপূজা আৰু জাতিভেদ প্ৰথাক বিশ্বাস নকৰিছিল। তেওঁৰ মতে ঈশ্বৰ এজন; তেওঁ অদ্বিতীয় আৰু নিৰাকাৰ। গুৰু নানকৰ শিষ্য সকলক পৰবৰ্তী সময়ত শিখ বুলি জনাজাত হয়।
(ঙ) মীৰাবাঈ।
উত্তৰঃ ১৩ শতিকাত উত্তৰ পশ্চিম ভাৰতত ভক্তি আন্দোলনে গা কৰি উঠে। গুজৰাট আৰু ৰাজস্থানত আন কেইগৰাকীমান সাধকৰ সৈতে মীৰাবাঈয়েও ভজন কীৰ্তনৰ জৰিয়তে ভগৱানৰ গুণানুকীৰ্তন জনসাধাৰণৰ মাজত বিলাইছিল। জনসাধাৰণৰ মাজত এই ভক্তিমাৰ্গে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল।
৪। আলভাৰসকল কোন? তেওঁলোকৰ মূল ধৰ্মমত কি আছিল?
উত্তৰঃ খ্ৰীষ্টীয় সপ্তম শতিকাত দাক্ষিণাত্যৰ তামিল ৰাজ্যত ভক্তিবাদ আন্দোলন গা কৰি উঠাৰ মূলতে আছিল আলভাৰ সম্প্ৰদায়টো।
আলভাৰসকল ভগৱান বিষ্ণুৰ উপাসক আছিল। তেওঁলোকৰ মতে বিষ্ণু শ্ৰেষ্ঠ আৰু সৃষ্টিৰ মূল। অহং ভাৱবোৰ ত্যাগ কৰি ভগৱানৰ ওচৰত নিজকে উৎসৰ্গা কৰিব পাৰিলে মোক্ষ লাভ হয়। মানুহৰ মাজত ভগৱানক পাব পাৰি। গতিকে জীৱ প্ৰেমেই ভগৱৎ প্ৰেমৰ আধাৰ। এই সম্প্ৰদায়টোৱে তেওঁলোকৰ ভক্তিবাদী চিন্তাধাৰাত ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাকে কেৱল ভক্তি বুলি নাভাবি ঐশ্বৰিক শক্তি উপাসনাৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰি সৰ্বসাধাৰণৰ সকলো প্ৰকাৰৰ কল্যাণ সাধনত গুৰুত্ব দিছিল।
৫। চুফিবাদৰ মূলমন্ত্ৰ কি আছিল? ভাৰতত চুফিবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তিৰ নাম উল্লেখ কৰা।
উত্তৰঃ চুফিবাদৰ মূলমন্ত্ৰ হৈছে- এক ভগৱানকে উপাসনা কৰা। চুফীসকলৰ মতে প্ৰেম আৰু একান্ত ভক্তিৰ জৰিয়তে ভগৱানক লাভ কৰিব পাৰি।
চুফীবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তি হৈছে- নিজামুদ্দিন আউলিয়া আৰু মইনুদ্দিন চিস্তি।
৬। কবীৰ কিয় হিন্দু আৰু ইছলাম ধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল?
উত্তৰঃ কবীৰ আছিল এক ভগবানৰ উপাসক। তেওঁৰ মতে ঈশ্বৰ-আল্লা এক তেওঁক মুছলমান সকলে চুফিবাদী সাধক হিচাপে আৰু হিন্দুসকলে ৰাম ভক্ত হিচাপে স্বীকৃতি দিছিল। সেইকাৰণে কবীৰ হিন্দু আৰু ইছলাম ধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল।
৭। ভক্তি আন্দোলনৰ নেতাসকলে ধৰ্মৰ উপৰি সমাজ সংস্কাৰৰ কাম হাতত লোৱা উদ্দেশ্য কি আছিল?
উত্তৰঃ ভক্তি আন্দোলনৰ নেতাসকলে ধৰ্মৰ উপৰি সামাজিক দিশতো ব্যাপক প্ৰভাৱ পেলাইছিল। এই আন্দোলনৰ ফলস্বৰপে জাতিভেদ, উচ্চ-নীচ, সৰু-বৰ ভাব আৰু আচাৰ-অনুষ্ঠানৰ বাহুল্যতা বহুখিনি হ্ৰাস পাইছিল।
উদাৰ মানৱীয় দৃষ্টিভংগী ভক্তিবাদৰ ভেটি হোৱাৰ বাবে নাৰীয়েও পুৰুষৰ লগত একে লগে ধৰ্ম চৰ্চা আৰু প্ৰচাৰৰ সুবিধা লাভ কৰিছিল। হিন্দু- মুছলমানৰ মাজত ঐক্য-সংহতি বৃদ্ধি কৰাত ভক্তি আন্দোলনে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।
৮। ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হোৱাৰ কাৰণ কি?
উত্তৰঃ ভক্তিবাদৰ নতুন নতুন ধ্যান- ধাৰণাই ভাৰতীয় সমাজ আৰু সংস্কৃতিত প্ৰভাৱ বিস্তাৰ কৰিলে। ক্ৰমান্বয়ে ভক্তিবাদৰ পৰিসৰ বহল হ’ল।
ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাকে কেৱল ভক্তি বুলি নাভাবি ঐশ্বৰিক শক্তিৰ উপাসনাৰ মাধ্যমেৰে সমাজ– সংস্কাৰ কৰি সৰ্ব– সাধাৰনৰ সকলো প্ৰকাৰৰ কল্যাণ সাধন কৰা কাৰ্যকো ভক্তিৰ অন্তৰ্ভুক্ত বুলি বিবেচনা কৰা হ’ল। মধ্য যুগত এনেধৰণৰ ভক্তিবাদী আন্দোলনে উত্তৰ আৰু উত্তৰ– পূব ভাৰতত বিস্তৃত ৰূপত প্ৰকাশ পায়। এইদৰে সমগ্ৰ ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হৈ উঠে।
৯। শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজলৈ আগবঢ়োৱা অৰিহণাৰ বিষয়ে ৫০ টা মান শব্দৰ ভিতৰত একোটিকৈ টোকা প্ৰস্তুত কৰা।
উত্তৰঃ ১৪৪৯ খ্ৰীষ্টাব্দত অসমীয়া কলা– সংস্কৃতিৰ প্ৰাণস্বৰূপ শংকৰদেৱৰ জন্ম হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান হল বৰদোৱাৰ ওচৰৰ আলিপুখুৰী অঞ্চল। শংকৰদেৱ ভক্তিবাদৰ ধাৰণাৰে তেওঁ অসমীয়া সমাজখনক নকৈ গঢ়ি তুলিলে।
অসমীয়াৰ সামাজিক জীৱনটো একত্ৰিত কৰিবলৈ তেওঁ সমতা, সহিষ্ণুতা আৰু অহিংসাৰ বাণী প্ৰচাৰ কৰিছিল। ভক্তিবাদক আশ্ৰয় কৰি তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ লগতে সমাজ সংস্কাৰতো মনোনিবেশ কৰিছিল। ধৰ্মক জনসাধাৰনৰ অধিক কাষ চপাবলৈ শঙ্কৰদেৱে সংস্কৃতৰ সলনি ব্ৰজাৱলী আৰু অসমীয়া ভাষাত ধৰ্ম শাস্ত্ৰবোৰ ৰচনা কৰিছিল।
সামাজিক একতা আৰু সম্প্ৰীতিৰ বান্ধ গঢ়ি তুলিবলৈ তেওঁ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ ব্যৱস্থা কৰিছিল। সামাজিক সমতা আৰু সকলো সম্প্ৰদায়ৰ উমৈহতীয়া অংশ গ্ৰহণ নিশ্চিত কৰি তেওঁ বৃহৎ অসমৰ ভাষা আৰু কলা – সংস্কৃতিৰ বহল ক্ষেত্ৰখন গঢ়ি তুলিছিল।
শংকৰদেৱৰ সাধনাৰ মূল বিষয়বস্তু আছিল অসমীয়া ভাষাৰ বিকাশ, ক’লা – সংস্কৃতিৰ ধাৰাবাহিক চৰ্চা আৰু ভক্তি বাদৰ প্ৰসাৰ। তেওঁ হ’ল প্ৰকৃতাৰ্থত অসমীয়া জাতিৰ কাণ্ডাৰী, অসমীয়া ভাষা আৰু কলা সংস্কৃতিৰ অন্যতম প্ৰতিষ্ঠাপক।
