Class 8 Social Science Chapter 11 – মধ্যযুগৰ অসমীয়া সমাজ – All Textual Solutions | ASSEB Assam (Assamese Medium)
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান (ইতিহাস খণ্ড) অধ্যায় ১১ – মধ্যযুগৰ অসমীয়া সমাজ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ইতিহাস খণ্ডৰ অন্তৰ্গত একাদশ অধ্যায় ‘মধ্যযুগৰ অসমীয়া সমাজ’ আমাৰ পূৰ্বপুৰুষসকলৰ সামাজিক জীৱন প্ৰণালী জানিবলৈ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। বিদ্যালয়ৰ পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Social Science Chapter 11 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), আৰু দীঘলীয়া প্ৰশ্নৰ (Long Answers) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘মধ্যযুগৰ অসমীয়া সমাজ’ নামৰ এই পাঠটিত আহোম আৰু কোচ শাসনকালৰ অসমৰ সামাজিক গাঁথনি, মানুহৰ সাজ-পাৰ, খাদ্যাভ্যাস, আৱাস-গৃহ, কৃষি আৰু অৰ্থনৈতিক অৱস্থা, লগতে ধৰ্মীয় বিশ্বাস আৰু উৎসৱ-পাৰ্বণৰ সবিশেষ বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতীতৰ অসমীয়া সমাজৰ এই আৰ্থ-সামাজিক প্ৰেক্ষাপটসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- মধ্যযুগৰ অসমীয়া সমাজৰ শ্ৰেণী বিভাজন, পাইক ব্যৱস্থা আৰু সাধাৰণ প্ৰজাৰ জীৱন ধাৰণৰ সবিশেষ বিৱৰণ।
- সেই সময়ৰ মানুহৰ প্ৰধান জীৱিকা, কুটিৰ শিল্প, বেহা-বেপাৰ আৰু যাতায়াত ব্যৱস্থাৰ পৰিচয়।
- ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- মধ্যযুগৰ সমাজৰ খাদ্যাভ্যাস, অলংকাৰ আৰু উৎসৱসমূহৰ আধাৰত ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ সমাধান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Social Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- মধ্যযুগৰ অসমীয়া সমাজ পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.
Class 8 Social Science
Chapter – 3 (Ospin Academy)
মধ্যযুগৰ অসমীয়া সমাজ
|
TEXTUAL QUESTION ANSWER |
|---|
১। চমুকৈ উত্তৰ লিখাঃ
(ক) অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ কি কি আছিল?
উত্তৰঃ অসমৰ মধ্যাযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ আছিল- কামৰূপ-কমতা, চুটিয়া, বাৰভূঞা, কছাৰী আৰু আহোম।
(খ) দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে?
উত্তৰঃ দখনা বড়ো জাতিৰ মহিলাসকলে পৰিধান কৰে।
(গ) আহোমসকলৰ ৰাজত্বকালত ভুসম্পত্তিৰ গৰাকী কোন আছিল?
উত্তৰঃ আহোমসকলৰ ৰাজত্বকালত ভূ-সম্পত্তিৰ গৰাকী ৰজা আছিল।
(ঘ) মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত কি প্ৰথাৰ দ্বাৰা ব্যৱসায়-বাণিজ্য চলিছিল?
উত্তৰঃ মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত বিনিময় প্রথাৰ দ্বাৰা ব্যৱসায়-বাণিজ্য চলিছিল।
(ঙ) কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত কোনে টোল পাতি জ্ঞান চৰ্চা কৰিছিল?
উত্তৰঃ কপিলীৰ পাৰত আলীপুখুৰীৰ বৰদোৱাত মহেন্দ্ৰ কন্দলিয়ে টোল পাতি জ্ঞান চৰ্চা কৰিছিল।
২। ‘ক’ অংশৰ কথাখিনিৰ লগত ‘খ’ অংশৰ কথাখিনি মিলোৱাঃ
উত্তৰঃ (ক) মাধৱ কন্দলি — ৰামায়ণ।
(খ) সুকুমাৰ বৰকাইথ — হস্তীবিদ্যাৰ্ণৱ।
(গ) পুৰুষোত্তম বিদ্যাবাগীশ — ৰত্নমালা।
(ঘ) ভট্টদেৱ — কথাগীতা।
(ঙ) বলদেৱ সূৰ্যখৰি দৈৱজ্ঞ — দৰং ৰাজবংশাৱলী।
৩। খালী ঠাই পূৰ কৰা—
(ক) হয়গ্ৰীৱ-মাধৱ মন্দিৰ নৰনাৰায়ণে নিৰ্মাণ কৰিছিল।
(খ) মধ্যযুগত মহিলাৰ স্থান আছিল উচ্চ।
(গ) জনজাতীয় লোকসকলৰ মাজত জুম খেতিৰ প্ৰচলন আছিল।
(ঘ) অনন্ত কন্দলীয়ে ভাগৱত অসমীয়ালৈ অনুবাদ কৰে।
(ঙ) আত্মনির্ভশীলতা মধ্যযুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল।
৪। শুদ্ধ উত্তৰটোত √ চিন দিয়া—
(ক) মধ্যযুগৰ শাসন আছিল গণতান্ত্ৰিক/ ৰাজতান্ত্রিক।
উত্তৰঃ ৰাজতান্ত্রিক।
(খ) পাইক প্ৰথাৰ প্ৰচলন কৰিছিল আহোমসকলে/ কোচসকলে।
উত্তৰঃ আহোমসকলে।
(গ) টঙালি, হাঁচতি বড়োসকলৰ/ বাৰভূঞাসকলৰ অৱদান আছিল।
উত্তৰঃ বাৰভূঞাসকলৰ।
(ঘ) কছাৰীসকল/ কোচসকল নলা-নৰ্দমা নিৰ্মাণ ব্যৱস্থাত আগৰণুৱা আছিল।
উত্তৰঃ কছাৰীসকল।
(ঙ) স্বৰ্গদেউ ৰুদ্ৰসিংহ/ স্বৰ্গদেউ শিৱসিংহৰ দিনৰপৰা আহোম স্থাপত্যত মোগল, পাৰ্চী নিদর্শনৰ ছাঁ পৰে।
উত্তৰঃ ৰুদ্ৰসিংহ।
৫। চমু উত্তৰ লিখাঃ (৫০ টা মান শব্দৰ ভিতৰত)
(ক) আহোমসকলৰ পাইক প্ৰথা।
উত্তৰঃ আহোমসকলৰ ৰাজত্বকালত ১৫ বছৰৰ পৰা ৫০ বছলৈ সকলো সক্ষম পুৰুষক একো একোজন পাইক বুলি কোৱা হৈছিল। ৩ বা ৪ জন পাইক মিলি একোটা গোট হৈছিল। প্রতি গোটৰ একোজন পাইকে ৰজা ঘৰত শ্ৰম দান কৰিব লাগিছিল। ৰজা ঘৰলৈ যোৱা পাইকজনৰ কামসমূহ গোটৰ অন্যান্য পাইকসকলে ভগাই লৈছিল। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আগলৈ আহোম ৰাজ্যত যিহেতু কোনো স্থায়ী সৈন্য বাহিনী নাছিল সেয়ে পাইকসকলে যুদ্ধৰ সময়ত সৈনিকৰ কামো কৰিব লাগিছিল।
(খ) কি কাৰণে আহোমসকলে পচা প্ৰথা প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ আহোমসকলে সীমান্তবৰ্তী পাহাৰীয়া জাতিসমূহৰ লগত বিশেষ বন্দোবস্ত কৰিছিল। এই ব্যৱস্থাটোক পচা প্ৰথা বোলা হৈছিল। পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাবোৰক পৰ্বতীয়া জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই এই প্ৰথাৰ উদ্দেশ্য আছিল।
(গ) মধ্যযুগত অসমীয়া সমাজত নাৰীৰ ভূমিকা কেনে আছিল?
উত্তৰঃ মধ্য যুগৰ সামাজিক দৃষ্টিভংগী আছিল যথেষ্ট উদাৰ। আহোম, কছাৰী, কোচ আদি সকলো জাতি-জনজাতিৰ লোকসকলে নিজ নিজ ৰাজ্যত স্বাধীনভাবে বসবাস কৰিছিল। আহোমসকলে অসমলৈ আহোতে বৰ কম সংখ্যক মহিলা লগত অনা বাবে স্থানীয় জাতি- জনজাতিসকলৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰি অকল বংশবৃদ্ধি কৰাই নহয় বৰং অসমৰ স্থানীয় লোকসকলৰ লগত বন্ধুত্বপূর্ণ সম্পর্কও স্থাপন কৰিছিল।
মধ্য যুগত মহিলাসকলক সন্মানৰ চকুৰে চোৱা হৈছিল ক্ষেত্ৰ বিশেষে মহিলাসকলে দৌল-দেৱালয়ত নৰ্তকীৰ কাম কৰিছিল, বোৱা কটা আৰু চোৰাংচোৱাৰ কামো কৰিছিল। মধ্য যুগৰ মহিলাসকলে কেৱল ঘৰুৱা কামকাজতে নিজকে আবদ্ধ নাৰাখি তেওঁলোকে সময় সাপেক্ষে যুদ্ধ অংশ গ্রহণ কৰাৰ উপৰি সিংহাসনত বহি ৰাজ্য শাসনো কৰিছিল। ৰুচি সম্পন্ন স্বকীয় সাজ-পাৰ আৰু আ-অলংকাৰ পৰিধান কৰা সেই সময়ৰ ৰমণীসকলক সমাজত যথেষ্ট, সন্মান কৰা হৈছিল। সৰ্বভাৰতীয় দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে তুলনামূলকভাৱে অসমীয়া সমাজত মহিলাক সন্মানৰ চকুৰে চোৱা হয়। অসমীয়া সমাজত ‘মহিলাৰ স্থান উচ্চ’ সম্ভৱত এই পৰম্পৰা তাহানিৰ পৰাই আৰম্ভ হৈছিল।
(ঘ) মধ্যযুগৰ কৃষি ব্যৱস্থা।
উত্তৰঃ মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি। জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি। ঋতুভেদে পৃথক পৃথক শস্যৰ খেতি কৰা হৈছিল। ধান, মাহজাতীয় শস্য, তেলজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাহ, বিভিন্ন ধৰণৰ ফল-মুল, শাক-পাচলি আদি আৱশ্যকীয় সামগ্ৰী অসমীয়া মানুহে উৎপাদন কৰিছিল। পাহাৰ অঞ্চলত প্রধানত খলপীয়া কৃষি পদ্ধতিৰ সহায়ত ফল-মূলৰ খেতি কৰিছিল। জনজাতীয় লোকসকলৰ মাজত জুম খেতিৰ প্রচলন আছিল। ডোং বান্ধি বৰষুণৰ পানী জমা ৰাখি খেতি পথাৰত পানী দিয়াৰ ব্যৱস্থা আছিল।
(ঙ) কছাৰীসকলৰ স্থাপত্য বিদ্যাৰ উল্লেখযোগ্য দিশসমূহ কি কি?
উত্তৰঃ কছাৰীসকল স্থাপত্য ভাস্কৰ্য শিল্প কলাত উচ্চ খাপৰ আছিল। যি সময়ত আহোমসকলে ইটাৰ ব্যৱহাৰ জনা নাছিল সেই সময়তে কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ তিনিফালে ইটাৰ বেৰেৰে ঘেৰা আছিল। কছাৰীসকলৰ স্থাপত্য বিদ্যাত বংগদেশৰ মুছলমানসকলৰ গৃহ নিৰ্মাণ প্ৰণালীৰ প্ৰভাৱ দেখা যায়। তেওঁলোকে নানা ৰকমৰ চিত্ৰ খোদিত স্তম্ভ গৃহ নিৰ্মাণত ব্যৱহাৰ কৰিছিল। কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ নগৰৰ ভিতৰত বহুতো ধুনীয়া ধুনীয়া পুখুৰী আছিল। কছাৰীসকল নলা নৰ্দমা নিৰ্মাণ ব্যৱস্থাটো আগৰণুৱা আছিল।
৬। মধ্যযুগৰ অসমৰ অৰ্থনৈতিক কাম-কাজৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা।
উত্তৰঃ মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি। জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি। ঋতুভেদে পৃথক পৃথক শস্যৰ খেতি কৰা হৈছিল। ধান, মাহজাতীয় শস্য, তেলজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাহ, বিভিন্ন ধৰণৰ ফল-মুল, শাক-পাচলি আদি আৱশ্যকীয় সামগ্ৰী অসমীয়া মানুহে উৎপাদন কৰিছিল। পাহাৰ অঞ্চলত প্রধানত খলপীয়া কৃষি পদ্ধতিৰ সহায়ত ফল-মূলৰ খেতি কৰিছিল। জনজাতীয় লোকসকলৰ মাজত জুম খেতিৰ প্রচলন আছিল।
কৃষকে খেতিৰ মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিল। প্রতিজন পাইকে ৰাজ্যৰ হকে কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাহীন মাটি ভোগ কৰিছিল। মধ্যযুগত অসমখন ক্ষুদ্ৰ আৰু কুটিৰ শিল্পৰ ক্ষেত্ৰত যথেষ্ঠ আগবঢ়া আছিল। সেই সময়ত প্ৰতিটো পৰিয়ালৰ ঘৰতেই তাঁতশাল আছিল। কামৰূপ কুমতাৰ কোনো কোনো অঞ্চলত পুৰুষ-মহিলা উভয়ে পেছাদাৰী শিপিনী আছিল। কৃষকে খেতিৰ মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিল। প্রতিজন পাইকে ৰাজ্যৰ হকে কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাহীন মাটি ভোগ কৰিছিল।
মধ্যযুগত বাণিজ্যিক আদান-প্রদান আছিল যথেষ্ট সীমিত। আত্মনির্ভৰশীলতা সেই যুগৰ এটি প্রধান বৈশিষ্ট্য আছিল। আনৰ পৰা বস্তু অনা বা আনক বস্তু দিয়াতো বিশেষভাৱে পৰিলক্ষিত নহৈছিল। আহোমসকলে ওচৰ- চুবুৰীয়া জনজাতিসকলৰ লগত বাণিজ্যিক সম্পর্ক স্থাপন কৰিছিল। কোচ ৰজাসকলৰ দিনত ব্যৱসায়-বাণিজ্যিই যথেষ্ঠ প্রসাৰ লাভ কৰিছিল। ব্যবসা-বাণিজ্যৰ উন্নতিৰ বাবে কোচ ৰজাসকলে কেতবোৰ ব্যৱস্থা হাতত লৈছিল। ইয়াৰ ভিতৰত ৰাস্তা-পদূলি নির্মাণ, মুদ্ৰাৰ প্ৰচলন ইত্যাদি প্ৰধান। মধ্যযুগৰ আদিতে বিনিময় প্রথাৰে ব্যৱসায়-বাণিজ্য চলিছিল দিও পিছলৈ মুদ্ৰাৰ প্ৰচলন হৈছিল।
৭। আহোমসকলৰ ভূমি নীতিৰ ওপৰত মতামত আগবঢ়োৱা।
উত্তৰঃ আহোমৰ আমোলত ৰজা আছিল ভূ-সম্পত্তি গৰাকী। কৃষকে খেতিৰ মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিল। প্রতিজন পাইকে ৰাজ্যৰ হকে কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাহীন মাটি ভোগ কৰিছিল। আহোম ৰজাসকলে ব্রাহ্মণ, দেৱ-দেৱালয়, সত্ৰ-মন্দিৰ আদিক কৰ মুক্ত মাটি দান কৰিছিল। পৰৱর্তী সময়ত মছজিদ, কবৰ আদিৰ মেৰামতি আৰু সংৰক্ষণৰ বাবেও মাটি দান কৰিছিল। গতিকে দেখা যায় আহোন ৰাজ্যত স্বৰ্গদেউ সকলৰ তত্বাবধানতেই ভূমি সম্পৰ্কীয় কাম কাজবোৰ পৰিচালিত হৈছিল। তেখেতলোকে সুশৃংখলিতভাৱে ভূমি নীতি প্ৰস্তুত কৰিছিল আৰু ভূমি দানৰ ক্ষেত্ৰত যথেষ্ঠ উদাৰবাদী মনোভাৱ পোষণ কৰিছিল।
৮। মধ্যযুগত নিৰ্মিত মঠ-মন্দিৰসমূহৰ ছবি সংগ্ৰহ কৰি এটি এলবাম তৈয়াৰ কৰা।
উত্তৰঃ উদাহৰণস্বৰূপে–

৯। মধ্যযুগত ৰচিত বিভিন্ন পুথিসমূহৰ লগতে তাৰ ৰচকসকলৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
১০। ‘সাম্প্ৰতিক অসমৰ ভাষা, সাহিত্য-সংস্কৃতি প্ৰতিটো জাতি- জনগোষ্ঠীৰে উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি’— এই বাক্য শাৰীৰ তাৎপৰ্য ব্যাখ্যা কৰা।
উত্তৰঃ মধ্য যুগৰ অসমত সাহিত্য সংস্কৃতিৰ মানচিত্ৰখনৰ নিমার্তা হ’ল খিলঞ্জীয়া জনজাতীয় ভার্ষিক গোষ্ঠী,কমতা ৰজাসকল আৰু উজনি আহোমসকল। সাম্প্রতিক অসমৰ ভাষা, সাহিত্য-সংস্কৃতি প্রতিটো জাতি-জনগোষ্ঠীৰেই উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি। কামৰূপ-কমাৰ ৰজাসকলৰ পৃষ্ঠপোষকতাত হেম সৰস্বতী, কবিৰত্ন সৰস্বতী আৰু হৰিহৰ বিপ্ৰই অসমীয়া ভাষাত কাব্য ৰচনা কৰিছিল। সেইদৰে কছাৰী ৰজা মহামানিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলিয়ে অসমীয়া ভাষাত ৰামায়ন ৰচনা কৰিছিল। এইজন ৰজাৰ দিনতে কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত মহেন্দ্ৰ কন্দলিয়ে টোল পাতি জ্ঞান মাৰ্গৰ সাধনা কৰি আনকো জ্ঞান চৰ্চাৰ প্রতি উৎসাহিত কৰিছিল।
মধ্যযুগৰ আহোমসকলৰ সাহিত্য-সংস্কৃতিৰ অৱদানৰ কথা ক’বলৈ গ’লে প্ৰথমে বুৰঞ্জী সাহিত্যৰ নাম ল’ব লাগিব। পোনতে টাই-আহোম ভাষাত আৰু পিছলৈ অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ পৰম্পৰা সৃষ্টি হৈছিল। সংস্কৃত ভাষাত লিখিত মহাভাৰত, ৰামায়ন আৰু পুৰাণ আদি গ্রন্থসমূহ অসমীয়ালৈ অনুবাদ কৰাৰ উপৰি অন্যান্য ভালেমান অর্থপূর্ণ পুথি সেই সময়তে ৰচনা কৰা হৈছিল। শিৱসিংহ আৰু ৰাণী অম্বিকাৰ আজ্ঞামতে সুকুমাৰ বৰকাইথে ‘হস্তী বিদ্যাৰ্ণৱ পুথি ৰচনা কৰিছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পৃষ্ঠপোষকতাত ৰামনাৰায়ণ চক্ৰৱৰ্তীয়ে অসমীয়া ভাষালৈ গীত গোবিন্দ,ব্ৰহ্ম বৈৱৰ্ত পুৰাণ,শকুন্তলা আদি।
দৰঙী কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণদেৱে অসমীয়াত পদ্মপুৰাণ আৰু বলদেৱ সূৰ্যখৰি দৈৱজ্ঞই দৰং ৰাজবংশাৱলী ৰচনা কৰিছিল। কোচসকলৰ শ্ৰেষ্ঠ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত ৰাম সৰস্বতীয়ে মহাভাৰত, পুৰোষোত্তম বিদ্যাবাগশীয়ে সংস্কৃত ভাষাত ৰত্নমালা ব্যাকৰণ লিখে। অনন্ত কন্দলীয়ে ভাগৱত আৰু কেইবাখনো পুথি অসমীয়ালৈ অনুবাদ কৰিছিল।
নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত ভক্তি আন্দোলনৰ পাতনি মেলি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। বজ্ৰাৱলী আৰু অসমীয়া ভাষাত অনেক ৰচনাৱলীৰে তেওঁ অসমীয়া ভাষা সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে।
নৱবৈষ্ণৱ আন্দোলনৰ সমান্তৰালকৈ চলি থকা সাহিত্য আন্দোলনত ভট্ৰদেৱ, ৰাম সৰস্বতী, শ্ৰীধৰ কন্দলী, ৰামচৰণ ঠাকুৰ, অনন্ত কন্দলী আদি। ১৬ শ আৰু ১৭ শতিকাত ভক্তি আন্দোলনত জড়িত গুৰুসকলৰ জীৱনৰ ওপৰত কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছিল। কথা-গুৰুচৰিত, কথা-ভাগৱত, কথা-গীতা আদি এই সময়ৰে সৃষ্টি। অসমত প্ৰাচীন কালৰে পৰা ধ্ৰুপদী বা শাস্ত্ৰীয় সংগীত আৰু নৃত্য কলাৰ চৰ্চা প্ৰচলিত আছিল। শ্ৰীমন্ত শংকৰদেৱ এই দিশত বাটকীয়া আছিল। এই দিশত তেখেতে ওজাপালি নাম-কীৰ্তন, বৰগীতৰ চৰ্চাৰ সমান্তৰালভাৱে নৃত্য আৰু নাট ভাওনাৰ বহুল প্ৰচাৰ চলাইছিল।