Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 17 Solution – ১৮৫৭ চনৰ বিদ্ৰোহ | SCERT Assam | SEBA Assam

SCERT Assam Class 8 Social Science Chapter 17 – “১৮৫৭ চনৰ বিদ্ৰোহ” Summary & Solutions

Class 8 Social Science Chapter 17 Solutions | Ospin Academy

SCERT Assam Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 17 – “১৮৫৭ চনৰ বিদ্ৰোহ” solutions are now available at Ospin Academy. We provide SCERT-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.

📖 Chapter Overview:

১৮৫৭ চনৰ বিদ্ৰোহ (The Revolt of 1857) was the first large-scale uprising against British rule in India. It was a major event in Indian history that influenced the independence movement.

  • Causes of the Revolt: Political, economic, social, and military causes.
  • Major Leaders: Rani Lakshmibai, Nana Sahib, Bahadur Shah II, Kunwar Singh.
  • Consequences: End of Mughal rule, British Crown taking direct control.

📌 Key Topics Covered:

  • Reasons behind the 1857 revolt
  • Role of different leaders in the uprising
  • Impact of the revolt on British rule in India
  • Failure and consequences of the revolt

📝 How Ospin Academy Helps:

  • Complete Solutions: SCERT Assam Class 8 Social Science Chapter 17 answers.
  • MCQs & Extra Questions: Useful for exams and self-assessment.
  • Easy Explanations: Concept clarity with simple language.
  • Quick Revision Notes: Key points for last-minute preparation.

SCERT Assam Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 17 – “১৮৫৭ চনৰ বিদ্ৰোহ” solutions are available at Ospin Academy. Access full notes now!

Vibrant Note Box
Buy Printable PDF

Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam

Original price was: ₹199.00.Current price is: ₹29.00.

Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
Chapter 17: ১৮৫৭ চনৰ বিদ্ৰোহ

Class 8 Social Science

Chapter – 9  (Ospin Academy)

১৮৫৭ চনৰ বিদ্ৰোহ

TEXTUAL QUESTION ANSWER

 

১। উত্তৰ লিখা —

(ক) কেতিয়াৰ পৰা ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে বৃটিছ উপনিৱেশত পৰিণত হ’ল?

উত্তৰঃ অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধত ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে বৃটিছ উপনিৱেশত পৰিণত হ’ল।

(খ) কোন গৱৰ্ণৰ জেনেৰেলৰ শাসন কালত এচাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি, পেন্সন আদি কাঢ়ি লোৱা হৈছিল?

উত্তৰঃ ডেলহাউচিৰ শাসন কালত এচাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি, পেন্সন আদি কাঢ়ি লোৱা হৈছিল।

(গ) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম ছহিদ কোন আছিল?

উত্তৰঃ মংগল পাণ্ডে আছিল।

(ঘ) মণিৰাম দেৱানৰ সৈতে কোনজন নেতাক ফাঁচি দিয়া হৈছিল?

উত্তৰঃ পিয়লি বৰুৱা।

(ঙ) অসমৰ কৃষক বিদ্ৰোহসমূহ কোনে পৰিচালনা কৰিছিল?

উত্তৰঃ ৰাইজ মেলসমূহে।

২। ‘ক’ অংশৰ লগত ‘খ’অংশ মিলোৱা —

উত্তৰঃ (ক) ১৮৫৬ চনৰ আইন — সাগৰ যাত্ৰা বাধ্যতামূলক কৰা।

(খ) ১৮৫৭ চনৰ ২৯ মাৰ্চ — মংগল পাণ্ডেৰ সামৰিক বিষয়াক আক্ৰমণ।

(গ) ১৮৫৮ চন — ভাৰতৰ শাসনভাৰ ৰাণী ভিক্টোৰিয়াৰ অধীন।

(ঘ) ১৮২৮ চন — গোমধৰ কোঁৱৰৰ বিদ্ৰোহ।

(ঙ) ১৮৬১ চন — ফুলগুৰি ধেৱা।

৩। শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰা —

(ক) অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক, ধৰ্মীয় আদি নানা কাৰণত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল।

উত্তৰঃ শুদ্ধ।

(খ) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল মংগল পাণ্ডেৰ ফাঁচী।

উত্তৰঃ অশুদ্ধ।

(গ) ১৮৫৭ চনৰ বিদ্ৰোহত বাহাদুৰ ছাহ দ্বিতীয়ক ভাৰতবৰ্ষৰ সম্ৰাট বুলি ঘোষণা কৰিছিল।

উত্তৰঃ শুদ্ধ।

(ঘ) মণিৰাম দেৱানে পুৰন্দৰ সিংহক আহোমৰ শাসনভাৰ দিবলৈ বৃটিছক আবেদন জনাইছিল।

উত্তৰঃ অশুদ্ধ।

(ঙ) ১৮৬১ চনৰ জানুৱাৰীত ৰঙিয়া, নলবাৰী আৰু বৰমাতো খাজনা বৃদ্ধিৰ প্ৰতিবাদত কৃষকে বিদ্ৰোহ কৰিছিল।

উত্তৰঃ শুদ্ধ।

৪। চমু টোকা লিখা —

(ক) মণিৰাম দেৱান।

উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ যি ভূমিকা তাৰ নায়ক আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা দেৱান, চমুকৈ মণিৰাম দেৱান। মণিৰাম দেৱান চতুৰ আৰু ৰাজনৈতিক তথা প্রশাসনিক দক্ষতা সম্পন্ন ব্যক্তি আছিল। আৰম্ভণিতে তেওঁ এজন ইংৰাজ অনুৰাগী আছিল যদিও ইংৰাজৰ বৈষম্যমূলক নীতিৰ নিজেই এজন ভুক্তভোগী হোৱা হেতুকে শেষলৈ ইংৰাজ বিদ্বেষী হৈ পৰে। মণিৰাম দেৱানে ইংৰাজৰ অধীনৰ দেৱানৰ চাকৰি ইস্তফা দি যোৰহাটৰ ওচৰৰ চিনামবা আৰু চেলেঙত নিজাকৈ দুখন চাহ বাগিচা খুলি প্রথম অসমীয়া তথা ভাৰতীয় চাহ খেতিয়ক হিচাপে প্রতিষ্ঠা লাভ কৰে। মণিৰামৰ এই ব্যৱসায় সহজভাৱে নলৈ ইংৰাজে তেওঁক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু অসমৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কর্ষিলৈ অসমত পুনৰ কন্দপেশ্বৰ সিংহৰ অধীনত আহোম শাসন বিচাৰি মণিৰাম দেৱানে ইংৰাজৰ ওচৰত কৰা চেষ্টা অথলে যোৱাত অৱশেষত ১৮৫৭ চনৰ বিদ্ৰোহৰ সুযোগ গ্রহণ কৰি অসমতো সশস্ত্র সংগ্রাম প্রস্তুতি। এই উদ্দেশ্যে তেওঁ কলিকতাৰ পৰা পিয়লি বৰুৱা, কন্দপেশ্বৰ সিংহ প্রমুখ্যে অন্যান্য সহযোগীসকলৰ লগত যোগাযোগ কৰি বিদ্ৰোহৰ প্রস্তুতি চলাবলৈ আহ্বান জনালে। কোনো আত্মপক্ষ সমর্থনৰ সুযোগ নিদিয়াকৈ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাটত ফাঁচি দিলে।

(খ) ফুলগুৰি ধেৱা।

উত্তৰঃ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ ঘাটি পূৰাবলৈ সাধাৰণ জনতা আৰু কৃষকৰ ওপৰত অন্যায় ভাৱে ন ন কৰ আৰোপ কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পৰিণতিত সাধাৰণ খাটি খোৱা ৰাইজৰ নিৰ্বাঙ কৰাটো দুৰ্বিহঃ হৈ পৰিছিল। এনে এক পৰিস্থিতিতে অসমৰ প্ৰথমটো কৃষক বিদ্রোহ ১৮৬১ চনত ফুলগুৰিত সংঘটিত হৈছিল। ইয়াক ফুলগুৰি ধেৱা বুলি জনা যায়। এই কৃষক বিদ্রোহটো সমাজৰ মুখিয়াল লোকৰ দ্বাৰা গঠিত ৰাইজমেলৰ দ্বাৰা পৰিচালিত হৈছিল। ইংৰাজৰ প্ৰশাসনৰ বিৰোদ্ধে জাতি-ধর্ম নির্বিশেষে সকলো শ্ৰেণীৰ লোকে এই বিদ্রোহত অংশ গ্রহণ কৰিছিল।

(গ) চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ।

উত্তৰঃ চিপাহী বিদ্রোহৰ তৎকালীন কাৰণঃ

১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ। এইবিধ গুলি বন্দুকত ভৰোৱাৰ আগতে দাঁতেৰে কামুৰি পেকেটটো এৰোৱাব লাগিছিল। গুলিসমূহত চর্বি জাতীয় পদার্থ মিহলাই দিয়া হৈছিল। হঠাতে গুজৱ ওলাল যে এই সংমিশ্রণ গাহৰি আৰু গৰুৰ চৰ্বিৰে তৈয়াৰী। গাহৰি মুছলমানসকলৰ আৰু গৰু হিন্দু অভক্ষ্য বাবে ভাৰতীয় সৈন্যই ইয়াক ব্যৱহাৰ কৰিবলৈ অনিচ্ছা প্রকাশ কৰিলে। তেওঁলোকৰ বিশ্বাস দৃঢ় হৈছিল যে এই কাৰ্যৰ দ্বাৰা ইংৰাজে দেশীয় চিপাহীসকলৰ ধৰ্ম নষ্ট কৰিবলৈ বিচাৰিছে। ১৮৫৭ চনৰ ২৩ জানুৱাৰীত বংগৰ দমদম সেনা ছাউনীত চিপাহীসকলে পোনতে এইবিধ গুলি ব্যৱহাৰৰ প্ৰতিবাদ কৰিছিল। ২৯ মার্চত বেৰেকপুৰৰ সেনাছাউনীত সেই গুলি ব্যৱহাৰ কৰিবলৈ নির্দেশ দিয়াত মংগল পাণ্ডেই এজন ইংৰাজ সামৰিক বিষয়াক আক্রমণ কৰি বিদ্ৰোহৰ সূচনা কৰে।

৫। চিপাহী বিদ্ৰোহৰ কাৰণবোৰক কেইভাগে বিভক্ত কৰিব পাৰি? যিকোনো এটা কাৰণৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ উত্তৰঃ চিপাহী বিদ্ৰোহৰ কাৰণসমূহ হৈছে-

(১) অর্থনৈতিক নীতি- অতিমাত্রা ৰাজহ সংগ্রহ, কৃষকৰ ওপৰত অত্যাধিক ঋণৰ বোজা, বৈষম্যমূলক নীতিৰ বাবে সমাজৰ অভিজাত, মধ্যবিত্ত শ্রেণী আৰু সামৰিক লোকসকলৰ তীব্র আর্থিক সংকট।

(২) ৰাজনৈতিক নীতি- লর্ড ডেলহাউচিৰ স্বত্ববিলোপ নীতিৰ দ্বাৰা দেশীয়ৰাজ্য অধিগ্রহণ, এচাৰ দেশীয় বজাৰ ৰাজকীয় মর্যদা, পদবী, পেঞ্চন কর্তন ইত্যাদি।

(৩) সামৰিক নীতি- দেশীয় চিপাহীসকলৰ প্ৰতি বৈষম্যমূলক আচৰণ, ইউৰোপৰ সৈন্যৰ দৰে একে হাৰত দৰমহা নোপোৱা, অতিৰিক্ত ভাট্টা নিদিয়া, পদোন্নতি নিদিয়া ইত্যাদি।

(৪) ধর্মীয় নীতি- খ্রীষ্টিয়ান মিছনেৰীসকলৰ দ্রুত ধৰ্ম সম্প্ৰসাৰণ, পৰম্পৰাগত প্ৰথাৰ বিলোপ সাধন, ধৰ্মান্তৰিত লোকৰ সম্পত্তি বাজেয়প্ত কৰণ আদি কাৰক বোৰে ভাৰতীয়লোকক ইংৰাজৰ বিৰোধী কৰি তুলিছিল।

৬। লৰ্ড ডেলহাউচিৰ নীতিসমূহ চিপাহী বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া বুলি ভাবা? লিখা।

উত্তৰঃ ১। লর্ড ডেলহাউচিয়ে ইংৰাজৰ অগ্রাসন নীতি কঠোৰ ভাৱে পালন কৰিছিল আৰু ভালেমান দেশীয় ৰাজ্য অধিগ্রহণ কৰাত ভাৰতীয়ৰ মনত ভয়, শংকা, সন্দেহ আৰু অবিশ্বাসৰ সৃষ্টি হৈছিল।

২। এওঁৰ শাসনকালত এচাম দেশীয় বজাৰ ৰাজকীয় মর্যাদা, উপাধি, পেন্সন আদিও কাঢ়ি লোৱা হৈছিল।

৩। অৰাজকতাৰ দোহাই দি অন্যায়ভাৱে অযোধ্যা ৰাজ্য দখল কৰি বৃটিছে চৰম অদূৰদৰ্শিতাৰ পৰিচয় দিছিল।

৪। তাৰোপৰি মোগল সম্রাটৰ অস্তিত্ব নাশ কৰাৰ ষড়যন্ত্রততো ডেলহাউচি লিপ্ত হৈছিল। পিচে কোম্পানীৰ উৰ্ধতম মহলৰ হস্তক্ষেপত সি কার্যকৰীনহ’ল। তথাপিও সম্ৰাটৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালক লালকিল্লাৰ পৰা উৎঘাটন কৰা হ’ব বুলি ডেলহাউচিয়ে এক তাৎপর্যপূর্ণ ঘোষণা কৰিছিল।

এই সমস্ত ঘটনা-পৰিঘটনাসমূহে ভাৰতীয়ৰ মনত ইংৰাজৰ বিৰুদ্ধে বিদ্বেষ ভাবৰ সূচনা কৰিছিল।

৭। এচাম ইতিহাসবিদৰ মতে চিপাহী বিদ্ৰোহক কিয় ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি ক’ব পৰা নাযায়? যুক্তি দৰ্শোৱা।

উত্তৰঃ উত্তৰঃ কিছু ইতিহাসবিদসকলৰ মতে ১৮৫৭ চনৰ বিদ্ৰোহক ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি গ্রহণ কৰিব নোৱাৰি। তাৰ কাৰণবোৰ হৈছে-

১। স্বাধীনতা যুদ্ধৰ আগৰ জাতীয়তাবাদৰ ধাৰণা সেই সমযত জনসাধাৰণৰ মাজত উদ্ভৱ হোৱা নাছিল।

২। সমগ্রদেশজুৰি এই বিদ্রোহ হোৱা নাছিল। দক্ষিণ ভাৰতৰ লোকসকলে এই বিদ্রোহত অংশ গ্রহণ কৰা নাছিল।

৩। তাৰোপৰি গোর্খা, শিখ, জমিদাৰ শ্ৰেণী আৰু বুদ্ধিজীৱিসকলো এই বিদ্ৰোহৰ পৰা আঁতৰত আছিল।

৮। চিপাহী বিদ্ৰোহৰ নেতাসকলৰ ফটো সংগ্ৰহ কৰি এটা এলবাম প্ৰস্তুত কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

৯। ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি চিপাহী বিদ্ৰোহ সংঘটিত হোৱা ঠাইসমূহ যথাস্থানত বহুওৱা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SCERT Assam Class 8 Social Science Chapter 17 FAQs | ১৮৫৭ চনৰ বিদ্ৰোহ | Ospin Academy
SCERT Assam Class 8 Social Science Chapter 17 – ১৮৫৭ চনৰ বিদ্ৰোহ FAQs
1. What were the main causes of the Revolt of 1857?
Political, economic, social, and military reasons contributed to the uprising against British rule.
2. Where can I find SCERT Assam Class 8 Social Science Chapter 17 solutions?
Ospin Academy provides detailed solutions, including MCQs, textbook answers, and summaries.
3. Who were the major leaders of the 1857 revolt?
Rani Lakshmibai, Nana Sahib, Bahadur Shah II, Kunwar Singh, and others led the uprising.
4. What were the consequences of the Revolt of 1857?
The revolt led to the end of Mughal rule and direct British control over India.
5. How does “১৮৫৭ চনৰ বিদ্ৰোহ” help in exam preparation?
This chapter explains the causes, events, and impact of the revolt, making it essential for history exams.
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top