Class 8 Social Science Chapter 17 – ১৮৫৭ চনৰ বিদ্ৰোহ – All Textual Solutions | ASSEB Assam (Assamese Medium)
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান (ইতিহাস খণ্ড) অধ্যায় ১৭ – ১৮৫৭ চনৰ বিদ্ৰোহ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ইতিহাস খণ্ডৰ অন্তৰ্গত সপ্তদশ অধ্যায় ‘১৮৫৭ চনৰ বিদ্ৰোহ’ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমটো বৃহৎ বিদ্ৰোহ জানিবলৈ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। বিদ্যালয়ৰ পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Social Science Chapter 17 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), আৰু দীঘলীয়া প্ৰশ্নৰ (Long Answers) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘১৮৫৭ চনৰ বিদ্ৰোহ’ (চিপাহী বিদ্ৰোহ) নামৰ এই পাঠটিত বিদ্ৰোহৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সামৰিক কাৰণসমূহ, এনফিল্ড ৰাইফলৰ কাৰ্টিজৰ তাৎক্ষণিক কাৰণ, মংগল পাণ্ডেৰ বলিদান, বিদ্ৰোহৰ প্ৰসাৰ, ঝাঁসীৰ ৰাণী লক্ষ্মীবাঈ, নানা চাহেব, তাঁতীয়া টোপীৰ ভূমিকা, বিদ্ৰোহৰ বিফলতাৰ কাৰণ আৰু ইয়াৰ পৰৱৰ্তী প্ৰভাৱৰ সবিশেষ বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বৃটিছ বিৰোধী এই জাতীয় জাগৰণৰ ঐতিহাসিক পটভূমি বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰধান কাৰণসমূহ আৰু চিপাহীসকলৰ অসন্তুষ্টিৰ সবিশেষ বিৱৰণ।
- ভাৰতৰ বিভিন্ন প্ৰান্তত বিদ্ৰোহৰ নেতৃত্ব বহন কৰা বীৰ-বীৰাংগনা সকলৰ ঐতিহাসিক অৱদান।
- ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- মহাৰাণীৰ ঘোষণাপত্ৰ (১৮৫৮) আৰু ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰাৰ আধাৰত ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ সমাধান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Social Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- ১৮৫৭ চনৰ বিদ্ৰোহ পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.
Class 8 Social Science
Chapter – 9 (Ospin Academy)
১৮৫৭ চনৰ বিদ্ৰোহ
|
TEXTUAL QUESTION ANSWER |
|---|
১। উত্তৰ লিখা —
(ক) কেতিয়াৰ পৰা ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে বৃটিছ উপনিৱেশত পৰিণত হ’ল?
উত্তৰঃ অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধত ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে বৃটিছ উপনিৱেশত পৰিণত হ’ল।
(খ) কোন গৱৰ্ণৰ জেনেৰেলৰ শাসন কালত এচাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি, পেন্সন আদি কাঢ়ি লোৱা হৈছিল?
উত্তৰঃ ডেলহাউচিৰ শাসন কালত এচাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি, পেন্সন আদি কাঢ়ি লোৱা হৈছিল।
(গ) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম ছহিদ কোন আছিল?
উত্তৰঃ মংগল পাণ্ডে আছিল।
(ঘ) মণিৰাম দেৱানৰ সৈতে কোনজন নেতাক ফাঁচি দিয়া হৈছিল?
উত্তৰঃ পিয়লি বৰুৱা।
(ঙ) অসমৰ কৃষক বিদ্ৰোহসমূহ কোনে পৰিচালনা কৰিছিল?
উত্তৰঃ ৰাইজ মেলসমূহে।
২। ‘ক’ অংশৰ লগত ‘খ’অংশ মিলোৱা —
উত্তৰঃ (ক) ১৮৫৬ চনৰ আইন — সাগৰ যাত্ৰা বাধ্যতামূলক কৰা।
(খ) ১৮৫৭ চনৰ ২৯ মাৰ্চ — মংগল পাণ্ডেৰ সামৰিক বিষয়াক আক্ৰমণ।
(গ) ১৮৫৮ চন — ভাৰতৰ শাসনভাৰ ৰাণী ভিক্টোৰিয়াৰ অধীন।
(ঘ) ১৮২৮ চন — গোমধৰ কোঁৱৰৰ বিদ্ৰোহ।
(ঙ) ১৮৬১ চন — ফুলগুৰি ধেৱা।
৩। শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰা —
(ক) অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক, ধৰ্মীয় আদি নানা কাৰণত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল।
উত্তৰঃ শুদ্ধ।
(খ) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল মংগল পাণ্ডেৰ ফাঁচী।
উত্তৰঃ অশুদ্ধ।
(গ) ১৮৫৭ চনৰ বিদ্ৰোহত বাহাদুৰ ছাহ দ্বিতীয়ক ভাৰতবৰ্ষৰ সম্ৰাট বুলি ঘোষণা কৰিছিল।
উত্তৰঃ শুদ্ধ।
(ঘ) মণিৰাম দেৱানে পুৰন্দৰ সিংহক আহোমৰ শাসনভাৰ দিবলৈ বৃটিছক আবেদন জনাইছিল।
উত্তৰঃ অশুদ্ধ।
(ঙ) ১৮৬১ চনৰ জানুৱাৰীত ৰঙিয়া, নলবাৰী আৰু বৰমাতো খাজনা বৃদ্ধিৰ প্ৰতিবাদত কৃষকে বিদ্ৰোহ কৰিছিল।
উত্তৰঃ শুদ্ধ।
৪। চমু টোকা লিখা —
(ক) মণিৰাম দেৱান।
উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ যি ভূমিকা তাৰ নায়ক আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা দেৱান, চমুকৈ মণিৰাম দেৱান। মণিৰাম দেৱান চতুৰ আৰু ৰাজনৈতিক তথা প্রশাসনিক দক্ষতা সম্পন্ন ব্যক্তি আছিল। আৰম্ভণিতে তেওঁ এজন ইংৰাজ অনুৰাগী আছিল যদিও ইংৰাজৰ বৈষম্যমূলক নীতিৰ নিজেই এজন ভুক্তভোগী হোৱা হেতুকে শেষলৈ ইংৰাজ বিদ্বেষী হৈ পৰে। মণিৰাম দেৱানে ইংৰাজৰ অধীনৰ দেৱানৰ চাকৰি ইস্তফা দি যোৰহাটৰ ওচৰৰ চিনামবা আৰু চেলেঙত নিজাকৈ দুখন চাহ বাগিচা খুলি প্রথম অসমীয়া তথা ভাৰতীয় চাহ খেতিয়ক হিচাপে প্রতিষ্ঠা লাভ কৰে। মণিৰামৰ এই ব্যৱসায় সহজভাৱে নলৈ ইংৰাজে তেওঁক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু অসমৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কর্ষিলৈ অসমত পুনৰ কন্দপেশ্বৰ সিংহৰ অধীনত আহোম শাসন বিচাৰি মণিৰাম দেৱানে ইংৰাজৰ ওচৰত কৰা চেষ্টা অথলে যোৱাত অৱশেষত ১৮৫৭ চনৰ বিদ্ৰোহৰ সুযোগ গ্রহণ কৰি অসমতো সশস্ত্র সংগ্রাম প্রস্তুতি। এই উদ্দেশ্যে তেওঁ কলিকতাৰ পৰা পিয়লি বৰুৱা, কন্দপেশ্বৰ সিংহ প্রমুখ্যে অন্যান্য সহযোগীসকলৰ লগত যোগাযোগ কৰি বিদ্ৰোহৰ প্রস্তুতি চলাবলৈ আহ্বান জনালে। কোনো আত্মপক্ষ সমর্থনৰ সুযোগ নিদিয়াকৈ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাটত ফাঁচি দিলে।
(খ) ফুলগুৰি ধেৱা।
উত্তৰঃ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ ঘাটি পূৰাবলৈ সাধাৰণ জনতা আৰু কৃষকৰ ওপৰত অন্যায় ভাৱে ন ন কৰ আৰোপ কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পৰিণতিত সাধাৰণ খাটি খোৱা ৰাইজৰ নিৰ্বাঙ কৰাটো দুৰ্বিহঃ হৈ পৰিছিল। এনে এক পৰিস্থিতিতে অসমৰ প্ৰথমটো কৃষক বিদ্রোহ ১৮৬১ চনত ফুলগুৰিত সংঘটিত হৈছিল। ইয়াক ফুলগুৰি ধেৱা বুলি জনা যায়। এই কৃষক বিদ্রোহটো সমাজৰ মুখিয়াল লোকৰ দ্বাৰা গঠিত ৰাইজমেলৰ দ্বাৰা পৰিচালিত হৈছিল। ইংৰাজৰ প্ৰশাসনৰ বিৰোদ্ধে জাতি-ধর্ম নির্বিশেষে সকলো শ্ৰেণীৰ লোকে এই বিদ্রোহত অংশ গ্রহণ কৰিছিল।
(গ) চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ।
উত্তৰঃ চিপাহী বিদ্রোহৰ তৎকালীন কাৰণঃ
১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ। এইবিধ গুলি বন্দুকত ভৰোৱাৰ আগতে দাঁতেৰে কামুৰি পেকেটটো এৰোৱাব লাগিছিল। গুলিসমূহত চর্বি জাতীয় পদার্থ মিহলাই দিয়া হৈছিল। হঠাতে গুজৱ ওলাল যে এই সংমিশ্রণ গাহৰি আৰু গৰুৰ চৰ্বিৰে তৈয়াৰী। গাহৰি মুছলমানসকলৰ আৰু গৰু হিন্দু অভক্ষ্য বাবে ভাৰতীয় সৈন্যই ইয়াক ব্যৱহাৰ কৰিবলৈ অনিচ্ছা প্রকাশ কৰিলে। তেওঁলোকৰ বিশ্বাস দৃঢ় হৈছিল যে এই কাৰ্যৰ দ্বাৰা ইংৰাজে দেশীয় চিপাহীসকলৰ ধৰ্ম নষ্ট কৰিবলৈ বিচাৰিছে। ১৮৫৭ চনৰ ২৩ জানুৱাৰীত বংগৰ দমদম সেনা ছাউনীত চিপাহীসকলে পোনতে এইবিধ গুলি ব্যৱহাৰৰ প্ৰতিবাদ কৰিছিল। ২৯ মার্চত বেৰেকপুৰৰ সেনাছাউনীত সেই গুলি ব্যৱহাৰ কৰিবলৈ নির্দেশ দিয়াত মংগল পাণ্ডেই এজন ইংৰাজ সামৰিক বিষয়াক আক্রমণ কৰি বিদ্ৰোহৰ সূচনা কৰে।
৫। চিপাহী বিদ্ৰোহৰ কাৰণবোৰক কেইভাগে বিভক্ত কৰিব পাৰি? যিকোনো এটা কাৰণৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ উত্তৰঃ চিপাহী বিদ্ৰোহৰ কাৰণসমূহ হৈছে-
(১) অর্থনৈতিক নীতি- অতিমাত্রা ৰাজহ সংগ্রহ, কৃষকৰ ওপৰত অত্যাধিক ঋণৰ বোজা, বৈষম্যমূলক নীতিৰ বাবে সমাজৰ অভিজাত, মধ্যবিত্ত শ্রেণী আৰু সামৰিক লোকসকলৰ তীব্র আর্থিক সংকট।
(২) ৰাজনৈতিক নীতি- লর্ড ডেলহাউচিৰ স্বত্ববিলোপ নীতিৰ দ্বাৰা দেশীয়ৰাজ্য অধিগ্রহণ, এচাৰ দেশীয় বজাৰ ৰাজকীয় মর্যদা, পদবী, পেঞ্চন কর্তন ইত্যাদি।
(৩) সামৰিক নীতি- দেশীয় চিপাহীসকলৰ প্ৰতি বৈষম্যমূলক আচৰণ, ইউৰোপৰ সৈন্যৰ দৰে একে হাৰত দৰমহা নোপোৱা, অতিৰিক্ত ভাট্টা নিদিয়া, পদোন্নতি নিদিয়া ইত্যাদি।
(৪) ধর্মীয় নীতি- খ্রীষ্টিয়ান মিছনেৰীসকলৰ দ্রুত ধৰ্ম সম্প্ৰসাৰণ, পৰম্পৰাগত প্ৰথাৰ বিলোপ সাধন, ধৰ্মান্তৰিত লোকৰ সম্পত্তি বাজেয়প্ত কৰণ আদি কাৰক বোৰে ভাৰতীয়লোকক ইংৰাজৰ বিৰোধী কৰি তুলিছিল।
৬। লৰ্ড ডেলহাউচিৰ নীতিসমূহ চিপাহী বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া বুলি ভাবা? লিখা।
উত্তৰঃ ১। লর্ড ডেলহাউচিয়ে ইংৰাজৰ অগ্রাসন নীতি কঠোৰ ভাৱে পালন কৰিছিল আৰু ভালেমান দেশীয় ৰাজ্য অধিগ্রহণ কৰাত ভাৰতীয়ৰ মনত ভয়, শংকা, সন্দেহ আৰু অবিশ্বাসৰ সৃষ্টি হৈছিল।
২। এওঁৰ শাসনকালত এচাম দেশীয় বজাৰ ৰাজকীয় মর্যাদা, উপাধি, পেন্সন আদিও কাঢ়ি লোৱা হৈছিল।
৩। অৰাজকতাৰ দোহাই দি অন্যায়ভাৱে অযোধ্যা ৰাজ্য দখল কৰি বৃটিছে চৰম অদূৰদৰ্শিতাৰ পৰিচয় দিছিল।
৪। তাৰোপৰি মোগল সম্রাটৰ অস্তিত্ব নাশ কৰাৰ ষড়যন্ত্রততো ডেলহাউচি লিপ্ত হৈছিল। পিচে কোম্পানীৰ উৰ্ধতম মহলৰ হস্তক্ষেপত সি কার্যকৰীনহ’ল। তথাপিও সম্ৰাটৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালক লালকিল্লাৰ পৰা উৎঘাটন কৰা হ’ব বুলি ডেলহাউচিয়ে এক তাৎপর্যপূর্ণ ঘোষণা কৰিছিল।
এই সমস্ত ঘটনা-পৰিঘটনাসমূহে ভাৰতীয়ৰ মনত ইংৰাজৰ বিৰুদ্ধে বিদ্বেষ ভাবৰ সূচনা কৰিছিল।
৭। এচাম ইতিহাসবিদৰ মতে চিপাহী বিদ্ৰোহক কিয় ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি ক’ব পৰা নাযায়? যুক্তি দৰ্শোৱা।
উত্তৰঃ উত্তৰঃ কিছু ইতিহাসবিদসকলৰ মতে ১৮৫৭ চনৰ বিদ্ৰোহক ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি গ্রহণ কৰিব নোৱাৰি। তাৰ কাৰণবোৰ হৈছে-
১। স্বাধীনতা যুদ্ধৰ আগৰ জাতীয়তাবাদৰ ধাৰণা সেই সমযত জনসাধাৰণৰ মাজত উদ্ভৱ হোৱা নাছিল।
২। সমগ্রদেশজুৰি এই বিদ্রোহ হোৱা নাছিল। দক্ষিণ ভাৰতৰ লোকসকলে এই বিদ্রোহত অংশ গ্রহণ কৰা নাছিল।
৩। তাৰোপৰি গোর্খা, শিখ, জমিদাৰ শ্ৰেণী আৰু বুদ্ধিজীৱিসকলো এই বিদ্ৰোহৰ পৰা আঁতৰত আছিল।
৮। চিপাহী বিদ্ৰোহৰ নেতাসকলৰ ফটো সংগ্ৰহ কৰি এটা এলবাম প্ৰস্তুত কৰা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
৯। ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি চিপাহী বিদ্ৰোহ সংঘটিত হোৱা ঠাইসমূহ যথাস্থানত বহুওৱা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
