Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 16 Solution – অসমত আহোম ৰাজত্বৰ পতন আৰু বৃটিছৰ উত্থান | SCERT Assam

Class 8 Social Science Chapter 16 – অসমত আহোম ৰাজত্বৰ পতন আৰু বৃটিছৰ উত্থান – All Textual Solutions | ASSEB Assam (Assamese Medium)

অষ্টম শ্ৰেণী সমাজ বিজ্ঞান (ইতিহাস খণ্ড) অধ্যায় ১৬ – অসমত আহোম ৰাজত্বৰ পতন আৰু বৃটিছৰ উত্থান সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ইতিহাস খণ্ডৰ অন্তৰ্গত ষোড়শ অধ্যায় ‘অসমত আহোম ৰাজত্বৰ পতন আৰু বৃটিছৰ উত্থান’ অসমৰ বুৰঞ্জীৰ এক অতি গুৰুত্বপূৰ্ণ আৰু পৰিৱৰ্তনশীল অধ্যায়। বিদ্যালয়ৰ পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Social Science Chapter 16 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), আৰু দীঘলীয়া প্ৰশ্নৰ (Long Answers) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘অসমত আহোম ৰাজত্বৰ পতন আৰু বৃটিছৰ উত্থান’ নামৰ এই পাঠটিত ছশ বছৰীয়া আহোম সাম্ৰাজ্যৰ পতনৰ মূল কাৰণসমূহ, মোৱামৰীয়া বিদ্ৰোহ, অসমলৈ মানৰ আক্ৰমণ, বদনচন্দ্ৰ বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ ভূমিকা, ইয়াণ্ডাবু সন্ধি, আৰু অসমত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন প্ৰতিষ্ঠাৰ সবিশেষ বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অসমৰ স্বাধীনতা হীনতাৰ এই ঐতিহাসিক কাৰকসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • আহোম ৰাজ্যৰ আভ্যন্তৰীণ কন্দল আৰু মোৱামৰীয়া বিদ্ৰোহৰ কাৰণ তথা ভয়াবহ ফলাফলৰ সবিশেষ বিৱৰণ।
  • অসমলৈ মানৰ তিনিবাৰকৈ হোৱা আক্ৰমণ আৰু অসমীয়া প্ৰজাৰ ওপৰত চলা অবৰ্ণনীয় অত্যাচাৰৰ (মানৰ দিন) পৰিচয়।
  • ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • ঐতিহাসিক ইয়াণ্ডাবু সন্ধিৰ চৰ্তাৱলী আৰু অসমত বৃটিছ শাসনৰ পাতনিৰ আধাৰত ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ সমাধান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • আহোম ৰাজত্বৰ পতন আৰু বৃটিছৰ উত্থান পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
class 8 social science

Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam

Original price was: ₹199.00.Current price is: ₹29.00.

Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
Chapter 16: অসমত আহোম ৰাজত্বৰ পতন আৰু বৃটিছৰ উত্থান

Class 8 Social Science

Chapter – 8   (Ospin Academy)

অসমত আহোম ৰাজত্বৰ পতন আৰু বৃটিছৰ উত্থান

TEXTUAL QUESTION ANSWER

১। উত্তৰ লিখা —

(ক) অসমত কেতিয়াৰপৰা শাক্ত ধৰ্মৰ পুনৰুত্থান হৈছিল?

উত্তৰঃ আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালৰ পৰা শাক্ত ধৰ্মৰ পুনৰুত্থান হৈছিল।

(খ) স্বৰ্গদেউ লক্ষ্মী সিংহৰ পাছত আহোমৰ ৰাজপাটত কোনে আৰোহণ কৰিছিল?

উত্তৰঃ স্বৰ্গদেউ লক্ষ্মী সিংহৰ পাছত আহোমৰ ৰাজপাটত গৌৰীনাথ সিংহই আৰোহণ কৰিছিল।

(গ) কেপ্তেইন ৱেলছৰ অসম আগমনৰ সময়ত বৃটিছ গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উত্তৰঃ কেপ্তেইন ৱেলছৰ অসম আগমনৰ সময়ত বৃটিছ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছ আছিল।

(ঘ) আহোমসকলৰ শেষ ৰজাজন কোন আছিল?

উত্তৰঃ আহোমসকলৰ শেষ ৰজাজন পুৰন্দৰ সিংহ আছিল।

(ঙ) কিমান খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ১৮২৬ খ্ৰীষ্টাব্দত ২৪ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল।

২। ক্ৰমানুসাৰে সজোৱা—

(ক) মোৱামৰীয়া প্ৰথম বিদ্ৰোহ।

উত্তৰঃ (ক) মোৱামৰীয়া প্ৰথম বিদ্ৰোহ।

(গ) কেপ্তেইন ৱেলছৰ অসম আগমন।

(খ) মানৰ দ্বিতীয় আক্ৰমণ।

(ঙ) মানৰ তৃতীয় আক্ৰমণ।

(ঘ) ইয়াণ্ডাবু সন্ধি।

৩। শুদ্ধ/অশুদ্ধ বাছি উলিওৱা।

(ক) অসমত হোৱা মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ লৰ্ড কৰ্ণৱালিছ অসমলৈ আহিছিল।

উত্তৰঃ অশুদ্ধ।

(খ) কীৰ্তিচন্দ্ৰ বৰবৰুৱা ঘোৰ বৈষ্ণৱপন্থী আছিল।

উত্তৰঃ অশুদ্ধ।

(গ) মানৰ প্ৰথম অসম আক্ৰমণৰ সময়ত মান ৰজা আছিল বডৌপায়া।

উত্তৰঃ শুদ্ধ।

(ঘ) ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসাৰে বৃটিছে আৰাকান, টেনাচেৰিম আৰু য়েহ লাভ কৰিছিল।

উত্তৰঃ শুদ্ধ।

(ঙ) বদনচন্দ্ৰ বৰফুকনক ৰুচিনাথ বুঢ়াগোহাঁয়ে হত্যা কৰিছিল।

উত্তৰঃ অশুদ্ধ।

৪। চমু উত্তৰ দিয়াঃ (৫০ টা মান শব্দৰ ভিতৰত)।

(ক) প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ কি?

উত্তৰঃ ১৮ শতিকাৰ মাজ ভাগত আহোম স্বৰ্গদেউ লক্ষনী সিংহৰ ৰাজত্ব কালৰ পৰাই অসমত হিন্দু শাক্ত ধৰ্মৰ পুনৰুত্থান হোৱা বুলি কোৱা হয়। কিয়নো এওঁৰ দিনৰ পৰাই হিন্দু ধর্ম মতে শ দাহ কৰাৰ নিয়ম হৈছিল আৰু আহোমসকলৰ দেওয়াই পণ্ডিতৰ নিয়ম আস ভৰি ব্রাহ্মণ্য নিয়ম মতে কৃষ্ণ অনা কৰা হৈছিল। সেই সময়ত অসমত বৈষ্ণৱ পন্থী মহন্ত সকলো সমাজৰ উচ্চ লোক হিচাপে বিবেচিত আছিল। এদিন সিংহ স্বৰ্গদেউৰ ৰাজসভাত থকা কীর্তিচাপ বৰবৰুৱা নামৰ বিতর্কিত ঘোৰ শাক্তপন্থী বিষয়াই মহন্তসকলৰ গুৰু মোৱামৰীয়া মহন্তক অপমান কৰে। ইয়াতে মহন্তসকল অতি ক্ষুন্ন হয় আৰু প্রথম মোৱামৰীয়া বিদ্ৰোহৰ সূত্রপাত ঘটে।

(খ) মানৰ তৃতীয় আক্ৰমণৰ কাৰণসমূহ কি?

উত্তৰঃ মানৰ দ্বিতীয় আক্রমণৰ পিছত ৰজা আলুমিঙ্গিয়ে চন্দ্রকান্তক ৰজা পাতে যদিও মিঙ্গিমাহা তিলোৱা নামৰ ব্যক্তি এজনক সেনাপতি পাতি কিছু মানসেনা এৰি স্বদেশলৈ প্রত্যাৱর্তন কৰে। চন্দ্রকান্ত সিংহ ৰজা হ’ল যদিও প্রকৃত পক্ষে মান সেনাপতি মিঙ্গিমাহায়েৰে অসম দেশ শাসন কৰিছিল। মানৰ অতপালি দিনে দিনে বাঢ়ি গৈছিল। চন্দ্রকান্ত সিংহ লাহে লাহে মানসকলৰ বিৰোধী হৈ উঠিছিল। এনে সময়তে অসমত থকা মানসেনাপতি ব্রহ্মদেশলৈ উভতি যাওঁতে চন্দ্রকান্ত সিংহই মানসকল যাতে পুনৰ ঘূৰি আহিব নোৱাৰে তাৰ বাবে মান অসমলৈ অহা পথটো বন্ধ কৰা যো-জা কৰোঁতে মানৰ নতুন ৰজা বাগ্যিদ্যেৱাই সৈন্য-সামন্তৰে আহি তৃতীয়বাৰ আহোম ৰাজ্য আক্রমণ কৰি অসমীয়া সৈন্যক পৰাজিত কৰিছিল।

(গ) ইয়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত কি?

উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত হ’ল–

১। এই সন্ধিৰ চৰ্তমতে মান ৰজাই ইংৰাজ কোম্পানীক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ উপৰি আৰাকান, টেনাচেৰিম আৰু য়েহ এৰি দিছিল।

২। দ্বিতীয়তে মানসকলে অসম কাছাৰ আৰু মণিপুৰৰ ওপৰত থকা সকলো অধিকাৰ ত্যাগ কৰাৰ লগতে ভৱিষ্যতে এই ৰাজ্যবোৰৰ ওপৰত অধিকাৰ সাব্যস্ত নকৰে বুলি প্রতিশ্রুতি দিয়ে।

৫। চমু টোকা লিখাঃ

(ক) কীৰ্তিচন্দ্ৰ বৰবৰুৱা।

উত্তৰঃ কীর্তিচন্দ্ৰ বৰবৰুৱা, স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজসভাত থকা এজন বিতর্কিত বিষয়া আছিল। তেওঁ ঘোৰ শাক্তপন্থী আছিল। সুযোগ বুজি মহন্তসকলৰ গুৰু মোৱামৰীয়া মহন্তক অপমান কৰিছিল আৰু ইয়াতে মহন্তসকল অতি ক্ষুন্ন হয় আৰু প্রথম মোৱামৰীয়া বিদ্ৰোহৰ সূত্রপাত ঘটে।

(খ) পূৰ্ণানন্দ বুঢ়াগোহাঁই।

উত্তৰঃ স্বৰ্গদেউ গৌৰীনাথ সিংহৰ শাসনকালত বিষয়া হিচাপে নিয়োজিত ঘনশ্যাম বৰবৰুৱাৰ পুত্ৰ পূৰ্ণানন্দ বুঢ়াগোঁহাই। ঘনশ্যাম বৰবৰুৱাৰ মৃত্যুৰ পিছত পূর্ণানন্দ বুঢ়াগোঁহাই পদত অধিষ্ঠিত হয়। অতি কম সময়ৰ ভিতৰতে নিজৰ দক্ষতা আৰু বুদ্ধিৰ বলত তেওঁ আহোম ৰাজবংশৰ প্ৰৱল প্ৰতাপী বিষয়া হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। কম বয়সীয়া আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকালত পূর্ণানন্দ বুঢ়াগোঁহাই য়ে দেশৰ শাসনৰ বাঘজৰী নিজৰ হাতত ৰাখিছিল। পূর্ণানন্দ বুঢ়াগোঁহাই য়ে কৌশলেৰে মোৱামৰীয়াসকলৰ দ্বিতীয় বিদ্রোহ দমন কৰিবলৈ সক্ষম হৈছিল। পূর্ণানন্দ বুঢ়াগোঁহাইৰ বদন চন্দ্ৰ বৰফুকনৰ মাজত হোৱা ক্ষমতাকেন্দ্রিক বিবাদে মানসকলক অসমলৈ আমন্ত্রণ জনাইছিল।

(গ) বদনচন্দ্ৰ বৰফুকন।

উত্তৰঃ আহোম ৰাজবংশৰ এজন উচ্চ প্রদসহ বিষয়া আছিল বদনচন্দ্ৰ বৰফুকন। তেওঁ বৰ ক্ষমতালোভী ব্যক্তি আছিল। আহোম ৰাজবংশৰ উচ্চ বিষয়া পূর্ণানন্দ বুঢ়াগোঁহাইৰ বদন চন্দ্ৰ বৰফুকনৰ মাজত হোৱা ক্ষমতাকেন্দ্রিক বিবাদে মানসকলক অসমলৈ আমন্ত্রণ জনাইছিল। বদনচন্দ্ৰ বৰফুকন পূর্ণানন্দ বুঢ়াগোঁহাইৰ হত্যাৰ ষড়যন্ত্ৰও কৰিছিল। পিছত ধৰা পৰাৰ ভয়ত প্ৰথমে কলিকতালৈ গৈ ইষ্ঠ ইণ্ডিয়া কোম্পানীক সহায় বিচাৰে। তাত কাৰো সহায় নাপায় ম্যানমাৰলৈ গৈ ৰজা বদৌপায়াৰ শৰণপন্ন হয় আৰু তেওঁৰ লগত মিলি অসম আক্রমণ কৰে। কম বয়সীয়া আহোম স্বৰ্গদেউ চন্দ্রকান্ত সিংহক সংস্থাপিত কৰি মানসকল নিজ দেশলৈ উভতি যোৱাৰ পিছত বদনচন্দ্ৰ বৰফুকন সৰ্বময়কৰ্তা হৈ পৰে। সংকটকালত আহোম ৰাজবংশক ৰক্ষা কৰাৰ পৰিবৰ্তে তেওঁ অধিক অত্যাচাৰী হৈ উঠিছিল। তেওঁৰ কাৰ্যত অতিষ্ঠ হৈ ৰাজমাওঁ নুমলীয়ে বৰবৰুৱা আৰু বৰগোহাইৰ লগ লাগি ৰূপসিং চুবেদাৰৰ হতুৱাই বদনচন্দ্ৰ বৰফুকন হত্যা কৰে।

৬। কেপ্তেইন ৱেলছ কোন আছিল? তেওঁ অসমলৈ কিয় আহিছিল আৰু ইয়াৰ ফলাফল কি হ’ল?

উত্তৰঃ উত্তৰঃ কেপ্তেইন ৱেলছ এজন বৃটিছ বিষয়া আৰু এজন ভাল লেখকো আছিল। কেপ্তেইন রেলছে মোৱামৰীয়া বিদ্ৰোহৰ সম-সাময়িক ৰাজনৈতিক, অৰ্থনীতি আৰু সামাজিক অৱস্থাৰ ওপৰত এটি বিবৰণ লিখি থৈ গৈছে।

অসমৰ মোৱামৰীয়া বিদ্রোহ দমনৰ উদ্দেশ্যে অসমলৈ আহিছিল।

মধ্য আৰু নামনি অসমত হোৱা মোৱামৰীয়া বিদ্ৰোহৰ গইণা লৈ সামন্ত শক্তিবোৰে মূৰ দাঙি উঠিবলৈ লোৱাত সেই সময়ৰ স্বৰ্গদেউ গৌৰীনাথ সিংহই ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় বিচাৰিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইতিমধ্যে প্ৰচুৰ প্ৰাকৃতিক সম্পদেৰে চহকী অসমৰ বিষয়ে জানিছিল আৰু এই সম্পদসমূহৰ সু-ব্যৱহাৰ কৰি কোম্পানীৰ অৰ্থনীতি ভৰাঁল টনকিয়াল কৰিবলৈ সুযোগ অপেক্ষাত আছিল। তদুপৰি বংগ দেশত থকা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ শদিয়াত লোণৰ খনিৰ উমান পাইছিল। লোণৰ ব্যৱসায়ৰ প্ৰতি বৃটিছ কোম্পানীৰ বিশেষ দুর্বলতা আছিল। তেওঁলোকে এই কথাও বুজিব পাৰিছিল যে অসমৰ পৰ্যাপ্ত সম্পদেৰে বৃটিছ সৈন্যবাহিনীৰ বাবে হোৱা লাগতিয়াল খা-খৰচ যোগোৱাটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাবে সমস্যা নহ’ব। সেয়েহে গৱৰ্ণৰ জেনেৰেল কৰ্ণৱালিছে ১৭৯২ খ্রীষ্টাব্দত কেপ্তেইন ৱেলছক অসমলৈ পঠিয়াই দিয়ে। গুৱাহাটীৰ পৰা ভীতিগ্রস্ত হৈ পলাই যোৱা স্বৰ্গদেউ গৌৰীনাথ সিংহই নগৰবেৰাত কেপ্তেইন ৱেলছৰ সৈন্যবাহিনীৰ সৈতে লগ লাগিল। যৌথ শক্তিয়ে অচিৰেই বিদ্রোহীসকলৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰে। ইয়াৰ পিছত কেপ্তেইন ৱেলছে দৰঙী ৰজা কৃষ্ণ নাৰায়ণৰ বিদ্ৰোহ দমন কৰে। ক্রমান্বয়ে কেপ্তেইন ৱেলছে নামনি আৰু উজনি অসমৰ বিদ্ৰোহ দমন কৰি গৌৰীনাথ সিংহক আহোমৰ শাসনভাৰ গতাই দিয়ে। উল্লেখযোগ্য যে লর্ড কৰ্ণৱালিছৰ পৰৱৰ্তী গৱৰ্ণৰ জেনেৰেল ছাৰ জন ছোৰৰ দিনত হোৱা বৈদেশিক নীতিৰ সাল-সলনিৰ ফলত কেপ্তেইন ৱেলছ ১৭৯৪ খ্রীষ্টাব্দত স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰে।

৭। ‘পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদনচন্দ্ৰ বৰফুকনৰ মাজৰ ক্ষমতাৰ দ্বন্দই অসমলৈ মান অহাত সহায় কৰিছিল’ —- কথাষাৰৰ যথার্থতা নিৰ্ণয় কৰা।

উত্তৰঃ কথাষাৰ সত্য।

মানৰ অসম আক্ৰমণৰ মূলতে আছিল আহোমৰ উচ্চপদস্থ বিষয়া বদনচন্দ্ৰ বৰফুকন আৰু পূর্ণানন্দ বুঢ়াগোঁহাইৰ মাজৰ ক্ষমতাৰ দন্দ। এই সময়ত আহোম ৰাজপাটত বহিছিল কোমল বয়সীয়া চন্দ্রকান্ত সিংহ। চন্দ্ৰকান্ত সিংহ ৰাজপাটত বহিছিল যদিও প্ৰকৃত শাসনভাৰ পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ হাতত আছিল। অন্য হাতেদি বদন চন্দ্ৰ বৰফুকন আছিল বৰ ক্ষমতালোভী ব্যক্তি। তেওঁ আনকি পুর্ণানন্দ বুঢ়াগোঁহাইক হত্যা কৰাৰ ষড়যন্ত্ৰও ৰচনা কৰিছিল। বুঢ়াগোঁহায়ে বদন চন্দ্ৰ বৰফুকনৰ এনেবোৰ কার্যকলাপত অসন্তুষ্ট হৈ তেওঁক ধৰি আনিবলৈ পৰ্বতীয়া বৰফুকনক পঠিয়াইছিল। বদন চন্দ্র বৰফুকনে আগতীয়াকৈ এই বাতৰি পাই কলিকতালৈ পলাই যায়। কলিকতাত উপস্থিত হৈ তেওঁ বুঢ়াগোঁহাইৰ বিৰুদ্ধে ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় বিচাৰিলে। কিন্তু কোম্পানীয়ে সহায় কৰিবলৈ অমান্তি হোৱাত বদন চন্দ্ৰ বৰফুকন ব্ৰহ্মদেশত উপস্থিত হয়। বদন চন্দ্ৰ বৰফুকনে অসমত ক্ষমতাৰ অপপ্রয়োগ হোৱা বুলি ব্ৰহ্মদেশৰ ৰজা বডৌপায়াৰ সহায় বিচৰাত মানসকলে প্রথমবাৰ অসম আক্রমণ কৰে।

৮। ইয়াণ্ডাবু সন্ধিৰ পৰৱৰ্তী পৰ্যায়ত বৃটিছসকলে কিয় গোটেই অসমখন নিজৰ শাসনাধীন কৰা নাছিল? তোমাৰ মতামত দাঙি ধৰা।

উত্তৰঃ পৰ্বত, পাহাৰ ভৈয়াম, নদী উপত্যকা আদিৰ সমাহাৰ থকা অসমৰ অসমান ভূখণ্ড বা ভৌগোলিক অৱস্থা বিদেশী জাতি এটাৰ বাবে সিমান বোধগম্য নাছিল। ভাৰতত শাসন ৰ বাঘজৰী নিজ হাতত লোৱাৰ লগে লগে অসমৰ অফুৰন্তৰ খনিজ সম্পদৰ প্রতি ইংৰাজসকলে দৃষ্টি ৰাখিছিল। আহোম ৰাজবংশৰ বিপদৰ সময়ত স্বৰ্গদেউসকলে উপায়হীন হৈ ইংৰাজক সহায়ৰ বাবে অনুৰোধ জনাইছিল। বিভিন্ন সময়ত স্বৰ্গদেউ সকলৰ পৰা আমন্ত্রণ পাই ইংৰাজসকল অসমলৈ ঢপলীয়াই আহিছিল আৰু তলে তলে নিজৰ বাবে সুবিধাজনক স্থানবোৰ লাহে লাহে দখল কৰিবলৈ লৈছিল। যিবোৰ অঞ্চলত যাতায়ত আৰু যোগাযোগৰ সুবিধা আছিল, সেই অঞ্চল পোনপ্রথমে নিজৰ অধীনলৈ আনিছিল। ব্রহ্মপুত্র উপত্যকা আৰু ইয়াৰ কাষৰীয়া অঞ্চলবোৰত জলপথৰ সুবিধা থকাৰ বাবে সেই অঞ্চল নিজৰ অধীনলৈ আনিছিল।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৬ (অসমত আহোম ৰাজত্বৰ পতন…) – সঘনাই সোধা প্ৰশ্ন (FAQs)
অসমলৈ মানসেনাক কোনে আমন্ত্ৰণ কৰি আনিছিল?
প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ গুৱাহাটীৰ বৰফুকন বদনচন্দ্ৰই ব্ৰহ্মদেশৰ (ম্যানমাৰ) ৰজাৰ পৰা মানসেনাক অসমলৈ আমন্ত্ৰণ কৰি আনিছিল।
ঐতিহাসিক ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?
ঐতিহাসিক ইয়াণ্ডাবু সন্ধি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰহ্মদেশৰ (মান) ৰজাৰ মাজত স্বাক্ষৰিত হৈছিল। ইয়াৰ ফলতেই অসম ইংৰাজৰ অধীনলৈ যায়।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই অধ্যায়ৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA) আৰু বহু-বিকল্পী প্ৰশ্নৰ (MCQ) লগতে মোৱামৰীয়া বিদ্ৰোহ, মানৰ আক্ৰমণ আৰু ইয়াণ্ডাবু সন্ধিৰ বিষয়ে দীঘলীয়া প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top