Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 18 Solution – মানৱ সম্পদ উন্নয়ন | SCERT Assam

Class 8 Social Science Chapter 18 – মানৱ সম্পদ উন্নয়ন – All Textual Solutions | ASSEB Assam (Assamese Medium)

অষ্টম শ্ৰেণী সমাজ বিজ্ঞান (অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড) অধ্যায় ১৮ – মানৱ সম্পদ উন্নয়ন সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ডৰ অন্তৰ্গত অষ্টাদশ অধ্যায় ‘মানৱ সম্পদ উন্নয়ন’ এখন দেশৰ অৰ্থনৈতিক প্ৰগতি আৰু মানৱ মূলধনৰ গুৰুত্ব বুজিবলৈ এখন অতি প্ৰয়োজনীয় পাঠ। বিদ্যালয়ৰ পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Social Science Chapter 18 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), আৰু দীঘলীয়া প্ৰশ্নৰ (Long Answers) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘মানৱ সম্পদ উন্নয়ন’ নামৰ এই পাঠটিত জনসংখ্যাক কেনেদৰে মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পাৰি, মানৱ সম্পদ উন্নয়নৰ মূল উপাদানসমূহ (যেনে- শিক্ষা, স্বাস্থ্য, প্ৰশিক্ষণ আৰু পুষ্টি), মানৱ মূলধন গঠনৰ প্ৰক্ৰিয়া, আৰু এখন দেশৰ সামগ্ৰিক উন্নয়নত দক্ষ শ্ৰমশক্তিৰ অৱদানৰ সবিশেষ বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অৰ্থনৈতিক উন্নয়নৰ এই মৌলিক ধাৰণাসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • মানৱ সম্পদ আৰু সাধাৰণ জনসংখ্যাৰ মাজৰ পাৰ্থক্য তথা মানৱ সম্পদ উন্নয়নৰ সংজ্ঞা।
  • মানৱ সম্পদ উন্নয়নত শিক্ষা, উপযুক্ত স্বাস্থ্য সেৱা আৰু কাৰিকৰী প্ৰশিক্ষণৰ গুৰুত্বপূৰ্ণ ভূমিকা।
  • ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • দেশৰ আৰ্থ-সামাজিক উন্নয়নত দক্ষ শ্ৰমশক্তিৰ প্ৰভাৱ আৰু চৰকাৰী আঁচনিসমূহৰ আধাৰত ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ সমাধান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • মানৱ সম্পদ উন্নয়ন পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
class 8 social science

Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam

Original price was: ₹199.00.Current price is: ₹29.00.

Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
Chapter 18: মানৱ সম্পদ উন্নয়ন

Class 8 Social Science

Chapter – 1  (Ospin Academy)

মানৱ সম্পদ উন্নয়ন

TEXTUAL QUESTION ANSWER

১। চমু উত্তৰ লিখা —

(ক) মানৱ সম্পদ কাক বোলে?

উত্তৰঃ সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতাসম্পন্ন হৈ উৎপাদমূলক কামত নিজকে জড়িত কৰে তেওঁকেই মানৱ সম্পদ বুলি কোৱা হয়।

(খ) দেশৰ উৎপাদন কাৰ্যত কোনে অংশগ্ৰহণ কৰিব পাৰে?

উত্তৰঃ যি ব্যক্তিয়ে শাৰিৰীক আৰু মানসিক শ্ৰম কৰিব পাৰে আৰু ইয়াৰ লগতে তেওঁ প্ৰয়োজনীয় শিক্ষা আৰু প্ৰশিক্ষণপ্ৰাপ্ত হোৱাটো দৰকাৰী।

(গ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক মানে কি?

উত্তৰঃ যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয়।

(ঘ) বৃত্তিমূলক শিক্ষা কাক বোলে?

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে।

(ঙ) মানৱ সম্পদৰ মূল চালিকা শক্তি কি?

উত্তৰঃ মানৱ সম্পদৰ মূল চালিকা শক্তি সমূহ হৈছে- স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ।

২। বহলাই আলোচনা কৰা—

(ক) মানৱ সম্পদ উন্নয়নৰ বাবে ল’বলগীয়া ব্যৱস্থাৱলী।

উত্তৰঃ আমাৰ দেশৰ চৰকাৰে প্রবর্তন কৰা আধুনিক আৰু বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা, স্বাস্থ্য নীতি, বিভিন্ন আঁচনি, জলপানীৰ ব্যৱস্থা, উন্নত মানৰ প্রশিক্ষণ তথা বিভিন্ন সা-সুবিধাৰ ফলত বর্তমান দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো যথেষ্ট সবল হৈছে। অৱশ্যে এই দিশত ক্ষিপ্রতা লাভ কৰিবলৈ আমাৰ দেশক এতিয়াও কিছু সময় লাগিব। কাৰণ ভূ-আয়তনৰ তুলনাত দেশৰ জনসংখ্যাৰ ঘনত্ব বহু বেছি। ইমান সংখ্যক মানুহক একেলগে উপযুক্ত শিক্ষা, খাদ্য বাসস্থান, কর্মসংস্থান আৰু স্বাস্থ্যৰ সুবিধা প্রদান কৰাটো বৰ সহজ কাম নহয়। কিন্তু আমাৰ দেশৰ চৰকাৰেও পৰিবৰ্তিত সময়ৰ লগত খাপ খুৱাবলৈ শিক্ষা,স্বাস্থ্য প্ৰশিক্ষণৰ দৰে দিশসমূহত যথেষ্ট মনোনিৱেশ কৰিছে। সেইয়ে আগৰ তুলনাত শিক্ষিত মানুহৰ হাৰ বৃদ্ধি পাইছে আৰু তাৰ লগে লগে মানুহ সম্পদলৈ উন্নীত হৈছে।

(খ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ।

উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ হ’ল–

১। শিক্ষাৰ হাৰঃ গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক কাৰক। শিক্ষা ব্যৱস্থা সঠিক হ’লেহে উন্নত মানৱ সম্পদ তৈয়াৰ হোৱা সম্ভৱ হয়। প্ৰকৃত শিক্ষাই জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰে। জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰিব পৰা শিক্ষাৰ যোগেদি শিক্ষিতৰ হাৰ বঢ়াব পৰাটোৱে মানৱ সম্পদৰ উন্নয়নৰ কথা সূচায়। যি দেশত শিক্ষিতৰ হাৰ উচ্চ সেই দেশৰ মানৱ সম্পদৰ মানো উন্নত।

২। জীৱনৰ প্ৰত্যাশাঃ মানৱ সম্পদ উন্নয়নৰ আন এটি নিৰ্দেশক হৈছে জীৱনৰ প্ৰত্যাশা। এটি শিগু জন্মৰ পাছৰপৰা কিমান বয়সলৈ সুস্থ, সবলভাৱে জীয়াই থাকে তাক জীৱন প্ৰত্যাশাই নিৰ্ণয় কৰে। ২০০৬ চনৰ পৰা ২০১১ চনলৈ ভাৰতত জীৱনৰ প্ৰত্যাশাৰ হাৰ পুৰুষৰ ক্ষেত্ৰত ৬৫.৮ বছৰ হোৱাৰ বিপৰীতে মহিলাৰ ক্ষেত্ৰত এই হাৰ ৬৮.১ বছৰ।

৩। জনমূৰি আয়ঃ দেশ এখনৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে যি আয় উপলব্ধ হয় তাক জনমূৰি আয় বোলা হয়। জনমূৰি আয় বৃদ্ধি পোৱাটোৱে মানৱ সম্পদ উন্নয়নৰ কথাকে সূচায়। উন্নত জনমূৰি আয় উন্নত মানৱ সম্পদৰ পৰিচায়ক।

৪। বিদ্যালয় ভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰঃ প্ৰাথমিক স্তৰৰপৰা উচ্চ শিক্ষাৰ স্তৰ পযর্ন্ত বিদ্যালয়, মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ ভৰ্তিকৰণৰ হাৰ উচ্চ আৰু বিদ্যালয় বা মহাবিদ্যালয় এৰাৰ হাৰ নিম্ন হোৱাটো মানৱ সম্পদ উন্নয়নৰ আন এটি উল্লেখযোগ্য নিৰ্দেশক।

৫। প্ৰতিষেধক টিকাকৰণৰ হাৰঃ এখন দেশৰ প্ৰতিষেধক টিকাকৰণৰ হাৰেও দেশখনৰ মানৱ সম্পদ উন্নয়নৰ সাক্ষ্য বহন কৰে। কিয়নো ই শিগুৰ স্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ সুৰক্ষা প্ৰদান কৰে। সেয়েহে প্ৰতিষেধক টিকাকৰণৰ হাৰকো মানৱ সম্পদৰ নিৰ্দেশক হিচাপে বিবেচনা কৰা হয়।

(গ) মানৱ সম্পদ উন্নয়ন আৰু বৃত্তিমূলক শিক্ষাৰ মাজত থকা সম্পৰ্ক।

উত্তৰঃ প্রচলিত শিক্ষণ ব্যবস্থাই আমাক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পৰা নাই। গতিকে এতিয়া আমাক এনে শিক্ষাৰ প্রয়োজন হৈ পৰিছে যি শিক্ষাই প্রতিজন ব্যক্তিক উৎপাদনৰ ক্ষেত্ৰত নিৰ্ভৰশীল কৰি গঢ়ি তুলিব পাৰে। এই কাৰণেই বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে। জীৱন ধাৰণৰ বাবে ব্যক্তি এজনে যি কাম কৰে তাকে সেই মানুহজনৰ বৃত্তি বুলি কোৱা হয়। কোনো ব্যক্তিয়ে কাপোৰ চিলাই কৰাৰ প্রশিক্ষণ লৈ দৰ্জী হিচাবে জীৱিকা অৰ্জন কৰিলে সেইটোৱেই হ’ব তেওঁৰ বৃত্তি। মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজন অনেক। এই প্রয়োজনসমূহ পূৰ কৰিব পাৰে কিছুমান দক্ষ ব্যক্তিয়ে। কাৰোবাৰ ঘৰত পানীকলৰ বিজুতি ঘটিলে প্রয়োজন হয় পানীকল মিস্ত্রী। ঠিক তেনেদৰে মটৰ মেকানিক, কাঠমিস্ত্রী, ৰাজমিস্ত্রী, পেইণ্টাৰ, বিউটিচিয়ান, ইলিকট্রিচিয়ান, ম’বাইল, কম্পিউটাৰ ভাল কৰা মানুহ আধুনিক জীৱনৰ অপৰিহার্য অংগ। এই বিষয়বোৰত প্রশিক্ষণ লৈ মানুহে অতি সহজে উপার্জনৰ পথ মোকলাব পাৰে। আধুনিক শিক্ষাৰ উপৰিও উপৰি যি শিক্ষাৰ দ্বাৰা উপার্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে। বৃত্তিমুখী শিক্ষাই মানুহক অকল উপাজর্নক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘব কৰি স্বনিয়োজনৰ পথ মুকলি কৰি লোৱাত সহায় কৰে। মানুহক আর্থিকভাৱে আত্মনিৰ্ভৰশীল কৰাত বৃত্তিমূলক শিক্ষাই সবল ভূমিকা লয় আৰু ইয়ে পৰোক্ষভাৱে মানৱ সম্পদৰ উত্তৰণকে প্ৰতিফলিত কৰে।

(ঘ) বৃত্তিমূলক শিক্ষাই কিদৰে নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে?

উত্তৰঃ নিৱনুৱা সমস্যা বুলিলে ব্যক্তিৰ কৰ্মহীন অৱস্থাক বুজায়। ব্যক্তিৰ কামৰ প্ৰতি ইচ্ছা আৰু ক্ষমতা থাকিলেও কৰ্মৰ অভাৱত এনেয়ে সময় কটাবলগীয়া হয়। এনে নিবনুৱা সমস্যাই এটা অঞ্চল বা এখন দেশত যথেষ্ঠ, আহুকালৰ সৃষ্টি কৰে। গতিকে নিবনুৱা সমস্যা সমাজৰ পৰা আঁতৰ হোৱাটো সকলোৰে কাম্য। এই ক্ষেত্ৰত বৃত্তিমুখী শিক্ষাই এই নিৰ্ণায়ক ভূমিকা ল’ব পাৰে। বৃত্তিমুখী শিক্ষাই মানুহক অকল উপাজর্নক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি কৰি লোৱাত সহায় কৰে। বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰি আজিৰ যুগত মানুহে সহজে মটৰ মেকানিক, কাঠমিস্ত্রী, ৰাজমিস্ত্রী, পেইণ্টাৰ, বিউটিচিয়ান, ইলিকট্রিচিয়ান, ম’বাইল, কম্পিউটাৰ ভাল কৰা মানুহৰ দৰে জীৱিকা গ্ৰহণ কৰি স্বাৱলম্বী হ’ব পাৰে। আজিৰ দিনত চৰকাৰেও বৃত্তিমুখী শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত বহুতো সা-সুবিধা প্ৰদান কৰিছে। ঠায়ে ঠায়ে এনে শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন কৰা হৈছে, লগতে এইবোৰত শিক্ষাগ্ৰহণৰ বাবে নতুন প্ৰজন্মক উৎসাহিত কৰিবলৈ বিনামূলীয়া পাঠ্যক্ৰমৰো ব্যৱস্থা কৰা হৈছে।

৩। শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰা—

(ক) প্ৰাকৃতিক সম্পদৰ বৃদ্ধি হ’লেহে দেশৰ উৎপাদন বৃদ্ধি হয়।

উত্তৰঃ অশুদ্ধ।

(খ) মানুহ মাত্ৰেই মানৱ সম্পদ নহয়।

উত্তৰঃ শুদ্ধ।

(গ) জনসংখ্যা বৃদ্ধিয়েই মানৱ সম্পদৰ বৃদ্ধি হোৱা নুবুজায়।

উত্তৰঃ শুদ্ধ।

(ঘ) উচ্চ জীৱন প্ৰত্যাশাই অনুন্নত মানৱ সম্পদক সূচায়।

উত্তৰঃ অশুদ্ধ।

(ঙ) ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে।

উত্তৰঃ শুদ্ধ।

(চ) জন্মকালীন শিগুৰ মৃত্যুৰ হাৰে মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কৰে।

উত্তৰঃ শুদ্ধ।

৪। খালী ঠাই পূৰ কৰা—

(ক) এখন দেশৰ উৎপাদন প্ৰক্রিয়াৰ এক অন্যতম কাৰক হ’ল শ্ৰম য’ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ মানুহে

(খ) ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে।

(গ) উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত চৰকাৰে সকলো শিক্ষিত ব্যক্তিকে চাকৰি যোগান ধৰাতো সম্ভৱ নহয়।

(ঘ) গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক সোপান।

(ঙ) বৃত্তিমূলক শিক্ষাই মানুহক অকল উপাৰ্জনক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি হোৱাত সহায় কৰে।

৫। চমু টোকা লিখা —

(ক) মানৱ সম্পদ।

উত্তৰঃ সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতাসম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে জড়িত কৰে তেওঁৱেই মানৱ সম্পদ। সম্পদ হিচাপে পৰিগণিত হ’বলৈ হলে মানুহে উন্নতমানৰ জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় শিক্ষা, প্ৰশিক্ষণ প্ৰাপ্ত হোৱাৰ লগতে সুস্বাস্থ্যৰো অধিকাৰী হব লাগিব। তাৰোপৰি ব্যক্তিৰ কাৰিকৰী দক্ষতা, কুশলতা, ব্যৱস্থাপনা আদিৰ দৰে গুণবোৰৰ জড়িয়তে তেওঁ উৎপাদনমূলক কাৰ্যতো নিজকে জড়িত কৰিব লাগিব।

(খ) মানৱ সম্পদ উন্নয়ন।

উত্তৰঃ মানৱ সম্পদ উন্নয়ন মানে মানুহক সম্পদলৈ উন্নীতকৰণ অৱস্থা বা মানৱ সম্পদৰ বিকাশ সাধন কৰা। দেশ এখনত কেৱল জনসংখ্যা বৃদ্ধি হলেই মানৱ সম্পদৰ উন্নয়ন নহয়। স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা মানৱ সম্পদৰ বিকাশ সাধন কৰিব পাৰি। ইয়াৰ লগতে দেশৰ উৎপাদন কাৰ্য প্ৰক্ৰিয়াত ব্যক্তিজন প্ৰতক্ষ্য বা পৰোক্ষভাৱে জড়িত হ’ব লাগিব। যিমানেই মানৱ সম্পদৰ উন্নয়ন হ’ব সিমানেই দেশেও উৎপাদন কাৰ্যত সফলতা লাভ কৰিব আৰু ৰাষ্ট্ৰীয় আয় বৃদ্ধি হ’ব। ৰাষ্ট্ৰীয় আয় বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে।

(গ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক।

উত্তৰঃ মানৱ সম্পদ উন্নয়ন মানে মানুহক সম্পদলৈ উন্নীতকৰণ অৱস্থা বা মানৱ সম্পদৰ বিকাশ সাধন কৰা। যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায়, সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বোলা হয়। যেনে- শিক্ষাৰ হাৰ, জীৱনৰ প্ৰত্যাশা, জনমুৰি আয়, বিদ্যালয়ত ভৰ্তি আৰু বিদ্যালয় এৰাৰ বয়স, প্ৰতিষেধক টিকাকৰণৰ হাৰ ইত্যাদি।

(ঘ) বৃত্তিমূলক শিক্ষা।

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ উপৰিও যি শিক্ষাৰ দ্বাৰা উপার্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে। প্রচলিত শিক্ষণ ব্যৱস্থাই আমাক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পৰা নাই। গতিকে এতিয়া আমাক এনে শিক্ষাৰ প্রয়োজন হৈ পৰিছে যি শিক্ষাই প্রতিজন ব্যক্তিক উৎপাদনৰ ক্ষেত্ৰত নিৰ্ভৰশীল কৰি গঢ়ি তুলিব পাৰে। এই কাৰণেই বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে। বৃত্তিমুখী শিক্ষাই মানুহক অকল উপাজর্নক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি কৰি লোৱাত সহায় কৰে। বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰি আজিৰ যুগত মানুহে সহজে মটৰ মেকানিক, কাঠমিস্ত্রী, ৰাজমিস্ত্রী, পেইণ্টাৰ, বিউটিচিয়ান, ইলিকট্রিচিয়ান, ম’বাইল, কম্পিউটাৰ ভাল কৰা মানুহৰ দৰে জীৱিকা গ্ৰহণ কৰি স্বাৱলম্বী হ’ব পাৰে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৮ (মানৱ সম্পদ উন্নয়ন) – সঘনাই সোধা প্ৰশ্ন (FAQs)
মানৱ সম্পদ কাক বোলে?
মানুহৰ শ্ৰম, কাৰ্যক্ষমতা, দক্ষতা, শিক্ষা আৰু কাৰিকৰী জ্ঞানক একেলগে মানৱ সম্পদ বুলি কোৱা হয়। উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা সাধাৰণ মানুহো মানৱ সম্পদত পৰিণত হয়।
মানৱ সম্পদ উন্নয়নৰ প্ৰধান উপাদান দুটা কি কি?
মানৱ সম্পদ উন্নয়নৰ দুটা প্ৰধান উপাদান হৈছে— উপযুক্ত শিক্ষা আৰু সুস্বাস্থ্য। এই দুয়োটা উপাদানে মানুহৰ কৰ্মক্ষমতা আৰু উৎপাদনশীলতা বৃদ্ধিত সহায় কৰে।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই অধ্যায়ৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA) আৰু বহু-বিকল্পী প্ৰশ্নৰ (MCQ) লগতে মানৱ মূলধন গঠন আৰু উন্নয়নৰ কাৰকসমূহৰ বিষয়ে দীঘলীয়া প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top