SCERT Assam Class 8 Social Science Chapter 18 – “মানৱ সম্পদ উন্নয়ন” Summary & Solutions
SCERT Assam Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 18 – “মানৱ সম্পদ উন্নয়ন” solutions are now available at Ospin Academy. We provide SCERT-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.
📖 Chapter Overview:
মানৱ সম্পদ উন্নয়ন (Human Resource Development) is an important topic that focuses on improving the skills, education, and health of people to enhance economic and social growth.
- What is Human Resource Development? Training, skill enhancement, and education for workforce improvement.
- Importance: Role of health, education, and employment in development.
- Challenges: Lack of proper infrastructure, unemployment, and poverty.
📌 Key Topics Covered:
- Meaning and importance of Human Resource Development
- Factors affecting human resources
- Role of education and health in economic growth
- Government policies for human resource development
📝 How Ospin Academy Helps:
- Complete Solutions: SCERT Assam Class 8 Social Science Chapter 18 answers.
- MCQs & Extra Questions: Useful for exams and self-assessment.
- Easy Explanations: Concept clarity with simple language.
- Quick Revision Notes: Key points for last-minute preparation.
SCERT Assam Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 18 – “মানৱ সম্পদ উন্নয়ন” solutions are available at Ospin Academy. Access full notes now!
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.
Class 8 Social Science
Chapter – 1 (Ospin Academy)
মানৱ সম্পদ উন্নয়ন
TEXTUAL QUESTION ANSWER |
---|
১। চমু উত্তৰ লিখা —
(ক) মানৱ সম্পদ কাক বোলে?
উত্তৰঃ সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতাসম্পন্ন হৈ উৎপাদমূলক কামত নিজকে জড়িত কৰে তেওঁকেই মানৱ সম্পদ বুলি কোৱা হয়।
(খ) দেশৰ উৎপাদন কাৰ্যত কোনে অংশগ্ৰহণ কৰিব পাৰে?
উত্তৰঃ যি ব্যক্তিয়ে শাৰিৰীক আৰু মানসিক শ্ৰম কৰিব পাৰে আৰু ইয়াৰ লগতে তেওঁ প্ৰয়োজনীয় শিক্ষা আৰু প্ৰশিক্ষণপ্ৰাপ্ত হোৱাটো দৰকাৰী।
(গ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক মানে কি?
উত্তৰঃ যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয়।
(ঘ) বৃত্তিমূলক শিক্ষা কাক বোলে?
উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে।
(ঙ) মানৱ সম্পদৰ মূল চালিকা শক্তি কি?
উত্তৰঃ মানৱ সম্পদৰ মূল চালিকা শক্তি সমূহ হৈছে- স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ।
২। বহলাই আলোচনা কৰা—
(ক) মানৱ সম্পদ উন্নয়নৰ বাবে ল’বলগীয়া ব্যৱস্থাৱলী।
উত্তৰঃ আমাৰ দেশৰ চৰকাৰে প্রবর্তন কৰা আধুনিক আৰু বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা, স্বাস্থ্য নীতি, বিভিন্ন আঁচনি, জলপানীৰ ব্যৱস্থা, উন্নত মানৰ প্রশিক্ষণ তথা বিভিন্ন সা-সুবিধাৰ ফলত বর্তমান দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো যথেষ্ট সবল হৈছে। অৱশ্যে এই দিশত ক্ষিপ্রতা লাভ কৰিবলৈ আমাৰ দেশক এতিয়াও কিছু সময় লাগিব। কাৰণ ভূ-আয়তনৰ তুলনাত দেশৰ জনসংখ্যাৰ ঘনত্ব বহু বেছি। ইমান সংখ্যক মানুহক একেলগে উপযুক্ত শিক্ষা, খাদ্য বাসস্থান, কর্মসংস্থান আৰু স্বাস্থ্যৰ সুবিধা প্রদান কৰাটো বৰ সহজ কাম নহয়। কিন্তু আমাৰ দেশৰ চৰকাৰেও পৰিবৰ্তিত সময়ৰ লগত খাপ খুৱাবলৈ শিক্ষা,স্বাস্থ্য প্ৰশিক্ষণৰ দৰে দিশসমূহত যথেষ্ট মনোনিৱেশ কৰিছে। সেইয়ে আগৰ তুলনাত শিক্ষিত মানুহৰ হাৰ বৃদ্ধি পাইছে আৰু তাৰ লগে লগে মানুহ সম্পদলৈ উন্নীত হৈছে।
(খ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ।
উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ হ’ল–
১। শিক্ষাৰ হাৰঃ গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক কাৰক। শিক্ষা ব্যৱস্থা সঠিক হ’লেহে উন্নত মানৱ সম্পদ তৈয়াৰ হোৱা সম্ভৱ হয়। প্ৰকৃত শিক্ষাই জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰে। জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰিব পৰা শিক্ষাৰ যোগেদি শিক্ষিতৰ হাৰ বঢ়াব পৰাটোৱে মানৱ সম্পদৰ উন্নয়নৰ কথা সূচায়। যি দেশত শিক্ষিতৰ হাৰ উচ্চ সেই দেশৰ মানৱ সম্পদৰ মানো উন্নত।
২। জীৱনৰ প্ৰত্যাশাঃ মানৱ সম্পদ উন্নয়নৰ আন এটি নিৰ্দেশক হৈছে জীৱনৰ প্ৰত্যাশা। এটি শিগু জন্মৰ পাছৰপৰা কিমান বয়সলৈ সুস্থ, সবলভাৱে জীয়াই থাকে তাক জীৱন প্ৰত্যাশাই নিৰ্ণয় কৰে। ২০০৬ চনৰ পৰা ২০১১ চনলৈ ভাৰতত জীৱনৰ প্ৰত্যাশাৰ হাৰ পুৰুষৰ ক্ষেত্ৰত ৬৫.৮ বছৰ হোৱাৰ বিপৰীতে মহিলাৰ ক্ষেত্ৰত এই হাৰ ৬৮.১ বছৰ।
৩। জনমূৰি আয়ঃ দেশ এখনৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে যি আয় উপলব্ধ হয় তাক জনমূৰি আয় বোলা হয়। জনমূৰি আয় বৃদ্ধি পোৱাটোৱে মানৱ সম্পদ উন্নয়নৰ কথাকে সূচায়। উন্নত জনমূৰি আয় উন্নত মানৱ সম্পদৰ পৰিচায়ক।
৪। বিদ্যালয় ভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰঃ প্ৰাথমিক স্তৰৰপৰা উচ্চ শিক্ষাৰ স্তৰ পযর্ন্ত বিদ্যালয়, মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ ভৰ্তিকৰণৰ হাৰ উচ্চ আৰু বিদ্যালয় বা মহাবিদ্যালয় এৰাৰ হাৰ নিম্ন হোৱাটো মানৱ সম্পদ উন্নয়নৰ আন এটি উল্লেখযোগ্য নিৰ্দেশক।
৫। প্ৰতিষেধক টিকাকৰণৰ হাৰঃ এখন দেশৰ প্ৰতিষেধক টিকাকৰণৰ হাৰেও দেশখনৰ মানৱ সম্পদ উন্নয়নৰ সাক্ষ্য বহন কৰে। কিয়নো ই শিগুৰ স্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ সুৰক্ষা প্ৰদান কৰে। সেয়েহে প্ৰতিষেধক টিকাকৰণৰ হাৰকো মানৱ সম্পদৰ নিৰ্দেশক হিচাপে বিবেচনা কৰা হয়।
(গ) মানৱ সম্পদ উন্নয়ন আৰু বৃত্তিমূলক শিক্ষাৰ মাজত থকা সম্পৰ্ক।
উত্তৰঃ প্রচলিত শিক্ষণ ব্যবস্থাই আমাক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পৰা নাই। গতিকে এতিয়া আমাক এনে শিক্ষাৰ প্রয়োজন হৈ পৰিছে যি শিক্ষাই প্রতিজন ব্যক্তিক উৎপাদনৰ ক্ষেত্ৰত নিৰ্ভৰশীল কৰি গঢ়ি তুলিব পাৰে। এই কাৰণেই বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে। জীৱন ধাৰণৰ বাবে ব্যক্তি এজনে যি কাম কৰে তাকে সেই মানুহজনৰ বৃত্তি বুলি কোৱা হয়। কোনো ব্যক্তিয়ে কাপোৰ চিলাই কৰাৰ প্রশিক্ষণ লৈ দৰ্জী হিচাবে জীৱিকা অৰ্জন কৰিলে সেইটোৱেই হ’ব তেওঁৰ বৃত্তি। মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজন অনেক। এই প্রয়োজনসমূহ পূৰ কৰিব পাৰে কিছুমান দক্ষ ব্যক্তিয়ে। কাৰোবাৰ ঘৰত পানীকলৰ বিজুতি ঘটিলে প্রয়োজন হয় পানীকল মিস্ত্রী। ঠিক তেনেদৰে মটৰ মেকানিক, কাঠমিস্ত্রী, ৰাজমিস্ত্রী, পেইণ্টাৰ, বিউটিচিয়ান, ইলিকট্রিচিয়ান, ম’বাইল, কম্পিউটাৰ ভাল কৰা মানুহ আধুনিক জীৱনৰ অপৰিহার্য অংগ। এই বিষয়বোৰত প্রশিক্ষণ লৈ মানুহে অতি সহজে উপার্জনৰ পথ মোকলাব পাৰে। আধুনিক শিক্ষাৰ উপৰিও উপৰি যি শিক্ষাৰ দ্বাৰা উপার্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে। বৃত্তিমুখী শিক্ষাই মানুহক অকল উপাজর্নক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘব কৰি স্বনিয়োজনৰ পথ মুকলি কৰি লোৱাত সহায় কৰে। মানুহক আর্থিকভাৱে আত্মনিৰ্ভৰশীল কৰাত বৃত্তিমূলক শিক্ষাই সবল ভূমিকা লয় আৰু ইয়ে পৰোক্ষভাৱে মানৱ সম্পদৰ উত্তৰণকে প্ৰতিফলিত কৰে।
(ঘ) বৃত্তিমূলক শিক্ষাই কিদৰে নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে?
উত্তৰঃ নিৱনুৱা সমস্যা বুলিলে ব্যক্তিৰ কৰ্মহীন অৱস্থাক বুজায়। ব্যক্তিৰ কামৰ প্ৰতি ইচ্ছা আৰু ক্ষমতা থাকিলেও কৰ্মৰ অভাৱত এনেয়ে সময় কটাবলগীয়া হয়। এনে নিবনুৱা সমস্যাই এটা অঞ্চল বা এখন দেশত যথেষ্ঠ, আহুকালৰ সৃষ্টি কৰে। গতিকে নিবনুৱা সমস্যা সমাজৰ পৰা আঁতৰ হোৱাটো সকলোৰে কাম্য। এই ক্ষেত্ৰত বৃত্তিমুখী শিক্ষাই এই নিৰ্ণায়ক ভূমিকা ল’ব পাৰে। বৃত্তিমুখী শিক্ষাই মানুহক অকল উপাজর্নক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি কৰি লোৱাত সহায় কৰে। বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰি আজিৰ যুগত মানুহে সহজে মটৰ মেকানিক, কাঠমিস্ত্রী, ৰাজমিস্ত্রী, পেইণ্টাৰ, বিউটিচিয়ান, ইলিকট্রিচিয়ান, ম’বাইল, কম্পিউটাৰ ভাল কৰা মানুহৰ দৰে জীৱিকা গ্ৰহণ কৰি স্বাৱলম্বী হ’ব পাৰে। আজিৰ দিনত চৰকাৰেও বৃত্তিমুখী শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত বহুতো সা-সুবিধা প্ৰদান কৰিছে। ঠায়ে ঠায়ে এনে শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন কৰা হৈছে, লগতে এইবোৰত শিক্ষাগ্ৰহণৰ বাবে নতুন প্ৰজন্মক উৎসাহিত কৰিবলৈ বিনামূলীয়া পাঠ্যক্ৰমৰো ব্যৱস্থা কৰা হৈছে।
৩। শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰা—
(ক) প্ৰাকৃতিক সম্পদৰ বৃদ্ধি হ’লেহে দেশৰ উৎপাদন বৃদ্ধি হয়।
উত্তৰঃ অশুদ্ধ।
(খ) মানুহ মাত্ৰেই মানৱ সম্পদ নহয়।
উত্তৰঃ শুদ্ধ।
(গ) জনসংখ্যা বৃদ্ধিয়েই মানৱ সম্পদৰ বৃদ্ধি হোৱা নুবুজায়।
উত্তৰঃ শুদ্ধ।
(ঘ) উচ্চ জীৱন প্ৰত্যাশাই অনুন্নত মানৱ সম্পদক সূচায়।
উত্তৰঃ অশুদ্ধ।
(ঙ) ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে।
উত্তৰঃ শুদ্ধ।
(চ) জন্মকালীন শিগুৰ মৃত্যুৰ হাৰে মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কৰে।
উত্তৰঃ শুদ্ধ।
৪। খালী ঠাই পূৰ কৰা—
(ক) এখন দেশৰ উৎপাদন প্ৰক্রিয়াৰ এক অন্যতম কাৰক হ’ল শ্ৰম য’ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ মানুহে।
(খ) ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে।
(গ) উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত চৰকাৰে সকলো শিক্ষিত ব্যক্তিকে চাকৰি যোগান ধৰাতো সম্ভৱ নহয়।
(ঘ) গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক সোপান।
(ঙ) বৃত্তিমূলক শিক্ষাই মানুহক অকল উপাৰ্জনক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি হোৱাত সহায় কৰে।
৫। চমু টোকা লিখা —
(ক) মানৱ সম্পদ।
উত্তৰঃ সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতাসম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে জড়িত কৰে তেওঁৱেই মানৱ সম্পদ। সম্পদ হিচাপে পৰিগণিত হ’বলৈ হলে মানুহে উন্নতমানৰ জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় শিক্ষা, প্ৰশিক্ষণ প্ৰাপ্ত হোৱাৰ লগতে সুস্বাস্থ্যৰো অধিকাৰী হব লাগিব। তাৰোপৰি ব্যক্তিৰ কাৰিকৰী দক্ষতা, কুশলতা, ব্যৱস্থাপনা আদিৰ দৰে গুণবোৰৰ জড়িয়তে তেওঁ উৎপাদনমূলক কাৰ্যতো নিজকে জড়িত কৰিব লাগিব।
(খ) মানৱ সম্পদ উন্নয়ন।
উত্তৰঃ মানৱ সম্পদ উন্নয়ন মানে মানুহক সম্পদলৈ উন্নীতকৰণ অৱস্থা বা মানৱ সম্পদৰ বিকাশ সাধন কৰা। দেশ এখনত কেৱল জনসংখ্যা বৃদ্ধি হলেই মানৱ সম্পদৰ উন্নয়ন নহয়। স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা মানৱ সম্পদৰ বিকাশ সাধন কৰিব পাৰি। ইয়াৰ লগতে দেশৰ উৎপাদন কাৰ্য প্ৰক্ৰিয়াত ব্যক্তিজন প্ৰতক্ষ্য বা পৰোক্ষভাৱে জড়িত হ’ব লাগিব। যিমানেই মানৱ সম্পদৰ উন্নয়ন হ’ব সিমানেই দেশেও উৎপাদন কাৰ্যত সফলতা লাভ কৰিব আৰু ৰাষ্ট্ৰীয় আয় বৃদ্ধি হ’ব। ৰাষ্ট্ৰীয় আয় বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে।
(গ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক।
উত্তৰঃ মানৱ সম্পদ উন্নয়ন মানে মানুহক সম্পদলৈ উন্নীতকৰণ অৱস্থা বা মানৱ সম্পদৰ বিকাশ সাধন কৰা। যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায়, সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বোলা হয়। যেনে- শিক্ষাৰ হাৰ, জীৱনৰ প্ৰত্যাশা, জনমুৰি আয়, বিদ্যালয়ত ভৰ্তি আৰু বিদ্যালয় এৰাৰ বয়স, প্ৰতিষেধক টিকাকৰণৰ হাৰ ইত্যাদি।
(ঘ) বৃত্তিমূলক শিক্ষা।
উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ উপৰিও যি শিক্ষাৰ দ্বাৰা উপার্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে। প্রচলিত শিক্ষণ ব্যৱস্থাই আমাক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পৰা নাই। গতিকে এতিয়া আমাক এনে শিক্ষাৰ প্রয়োজন হৈ পৰিছে যি শিক্ষাই প্রতিজন ব্যক্তিক উৎপাদনৰ ক্ষেত্ৰত নিৰ্ভৰশীল কৰি গঢ়ি তুলিব পাৰে। এই কাৰণেই বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে। বৃত্তিমুখী শিক্ষাই মানুহক অকল উপাজর্নক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি স্বনিয়োজনৰ পথ মুকলি কৰি লোৱাত সহায় কৰে। বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰি আজিৰ যুগত মানুহে সহজে মটৰ মেকানিক, কাঠমিস্ত্রী, ৰাজমিস্ত্রী, পেইণ্টাৰ, বিউটিচিয়ান, ইলিকট্রিচিয়ান, ম’বাইল, কম্পিউটাৰ ভাল কৰা মানুহৰ দৰে জীৱিকা গ্ৰহণ কৰি স্বাৱলম্বী হ’ব পাৰে।
SCERT Assam Class 8 Social Science Chapter 18 – মানৱ সম্পদ উন্নয়ন FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: