Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 19 Solution – মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা | SCERT Assam

Class 8 Social Science Chapter 19 – মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা – All Textual Solutions | ASSEB Assam (Assamese Medium)

অষ্টম শ্ৰেণী সমাজ বিজ্ঞান (অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড) অধ্যায় ১৯ – মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ডৰ অন্তৰ্গত ঊনবিংশ অধ্যায় ‘মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা’ দেশৰ প্ৰকৃত বিকাশৰ সমস্যাসমূহ আৰু ইয়াৰ সমাধানৰ উপায় বুজিবলৈ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। বিদ্যালয়ৰ পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Social Science Chapter 19 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), আৰু দীঘলীয়া প্ৰশ্নৰ (Long Answers) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা’ নামৰ এই পাঠটিত ভাৰতবৰ্ষ তথা অসমত মানৱ সম্পদ বিকাশৰ মূল অন্তৰায়সমূহ— যেনে নিৰক্ষৰতা, দৰিদ্ৰতা, নিবনুৱা সমস্যা, অন্ধবিশ্বাস আৰু দ্ৰুত জনসংখ্যা বৃদ্ধিৰ সবিশেষ আলোচনা কৰা হৈছে। লগতে, এই সমস্যাসমূহ দূৰ কৰি শিক্ষা, স্বাস্থ্য আৰু নিয়োগৰ সুবিধা বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক আঁচনিসমূহৰ বিষয়েও বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আমাৰ আৰ্থ-সামাজিক ব্যৱস্থাৰ এই প্ৰত্যাহ্বানসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • মানৱ সম্পদ উন্নয়নৰ প্ৰধান প্ৰতিবন্ধকতাসমূহৰ (নিৰক্ষৰতা, নিবনুৱা সমস্যা, দৰিদ্ৰতা) বিস্তৃত পৰিচয় আৰু কাৰণ।
  • জনসংখ্যাৰ দ্ৰুত বৃদ্ধিয়ে মানৱ মূলধন গঠনত কেনেদৰে বাধাৰ সৃষ্টি কৰে তাৰ বিশ্লেষণ।
  • ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • সৰ্বশিক্ষা অভিযান, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু দক্ষতা বিকাশৰ দৰে চৰকাৰী আঁচনিসমূহৰ ভূমিকাৰ আধাৰত ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ সমাধান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
class 8 social science
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
Chapter 19: মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা

Class 8 Social Science

Chapter – 2   (Ospin Academy)

মানৱ সম্পদ উন্নয়নৰ প্রতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা

TEXTUAL QUESTION ANSWER

১। চমু উত্তৰ লিখা —

(ক) মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ কি কি?

উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ হ’ল–

১। অধিক জনসংখ্যা।

২। মূলধন বা পুঁজিৰ অভাৱ।

৩। নিৰক্ষৰতা।

৪। দৰিদ্ৰতা।

৫। অন্ধবিশ্বাস।

৬। কুসংস্কাৰ।

৭। বিষমতা।

(খ) যিকোনো তিনিপ্ৰকাৰৰ বিষমতাৰ নাম উল্লেখ কৰা।

উত্তৰঃ যিকোনো তিনিপ্ৰকাৰৰ বিষমতাৰ নাম হ’ল–

১। ভাষাভিত্তিক বিষমতা।

২। জাতি আৰু গোষ্ঠীভিত্তিক বিষমতা।

৩। লিংগ বিষমতা।

(গ) বৰ্তমান অসমত কেইখন চিকিৎসা মহাবিদ্যালয় আছে?

উত্তৰঃ বৰ্তমান অসমত ৬ খন চিকিৎসা মহাবিদ্যালয় আছে।

(ঘ) অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানখন ক’ত অৱস্থিত?

উত্তৰঃ অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানখন শিলচৰত অৱস্থিত।

(ঙ) সুস্থ শৰীৰৰ বাবে মানুহক কিহৰ প্ৰয়োজন হয়?

উত্তৰঃ সুস্থ শৰীৰৰ বাবে মানুহক পুস্কৰ খাদ্যৰ প্ৰয়োজন।

২। আলোচনা কৰা—

(ক) মানৱ সম্পদ উন্নয়নৰ অসুবিধাসমূহ দূৰ কৰাৰ বাবে কেইটামান উল্লেখযোগ্য পৰামৰ্শ।

উত্তৰঃ আজিৰ দিনত চৰকাৰে প্ৰদান কৰা বিভিন্ন সা সুবিধা স্বত্বেও বহু শিশুৱে আধাতে বিদ্যালয় ত্যাগ কৰে বা উচ্চ শিক্ষা ল’বলৈ আগবাঢ়ি নাযায়। এই ক্ষেত্ৰত অভিভাৱক সকল সজাগ সচেতন নোহোৱাৰ বাবে শিশুবোৰ সহজে বিপথে পৰিচালিত হয়। গতিকে অভিভাৱকসকলৰ মাজত সচেতনতা অনাটো নিতান্তই দৰকাৰী। তাৰ কাৰণে প্ৰয়োজনীয় উপায় বা ব্যৱস্থা গ্ৰহণ কৰাৰ স্থল আছে। দৰিদ্ৰতা নিৰাময়ৰ বাবে চৰকাৰে লোৱা বিভিন্ন আঁচনিবোৰ যাতে প্ৰকৃত হিতাধিকাৰীয়েহে পায় তাৰ ক্ষেত্ৰত সঠিক ব্যৱস্থা গ্ৰহণ কৰা উচিত। বহু সময়ত সমাজৰ আৰ্থিকভাৱে সবল লোকেই দুখীয়া নিচলা লোকৰ বাবে অহা সাহাৰ্য আত্মসাৎ কৰাৰ অভিযোগ উঠে। এই ক্ষেত্ৰত প্ৰসাসনৰ তৎপৰতাৰ লগতে সামাজিক জাগৰণৰো প্ৰয়োজন আছে। ঠিক তেনেদৰে, আধুনিক বিজ্ঞানসন্মত চিকিৎসা পদ্ধতি আৰু ঔষধ আৱিষ্কাৰ হোৱাৰ লগে লগে মানুহৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত থকা জটিলতাবোৰ কিছু কমিছে। তথাপি আজিৰ দিনতো বহু ৰোগৰ বাবে মানুহে পৰম্পৰাগত চিকিৎসাকে অগ্ৰাধিকাৰ দিয়া হয়। যেনে- জণ্ডিছ, যক্ষ্মাৰ দৰে ৰোগৰ চিকিৎসা। সাপে খুটা ঘটনাৰ ফলত উদ্ধৱ হব পৰা পৰিস্থিতিত বহু লোক চিকিৎসাৰ বাবে চিকিৎসালয় লৈ নগৈ বেজৰ ওচৰলৈ যায়। উক্ত সমস্যাবোৰৰ বাবে আমি নিজে দায়ী। জনসচেতনৰ বাবে ৰেডিঅ, টি ভি বা বাতৰি কাকতত প্ৰকাশিত বিজ্ঞাপন বোৰক আমি গুৰুত্ব নিদিও। যাৰ ফলত আমি শিক্ষিত হৈও অশিক্ষিত হৈ আছো। আমি, আমাৰ এনে মনোবৃত্তিবোৰ পৰিত্যাগ কৰা উচিত। তেতিয়াহে আমাৰ চৰকাৰ প্ৰদত্ত সা সুবিধাবোৰৰ দ্বাৰা আমি প্ৰকৃতাৰ্থত লাভাম্বিত হম।

(খ) মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকা।

উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ উন্নত শিক্ষা, স্বাস্থ্য আৰু পৌৰ সুবিধাসমূহৰ প্ৰয়োজন হয়। চৰকাৰৰ পৃষ্ঠপোষকতাত এই সা-সুবিধাসমূহ দূৰ-দূৰণিৰ তথা দুৰ্গম অঞ্চলতো উপলব্ধ হৈছে।

বিভিন্ন চৰকাৰী আঁচনি (সৰ্ব শিক্ষা অভিযান, ৰাষ্ট্ৰীয় শিক্ষা অভিযান মিছন আদিৰ) জৰিয়তে শিক্ষাক সাৰ্বজনীন কৰাৰ লগতে নিৰক্ষৰতা দূৰীকৰণৰ বাবে চেষ্টা চলোৱা হৈছে। ৬ৰ পৰা ১৪ বছৰ বয়সৰ সকলো শিশুৱে যাতে বিনামূলীয়া বাধ্যতামূলক শিক্ষা লাভ কৰে তাৰ ব্যৱস্থা কৰা হৈছে। শিক্ষাৰ ক্ষেত্ৰত আজিৰ দিনত লিংগ বৈষ্যমও মনা নহয়। বৃত্তিমুখীক শিক্ষাক আগতকৈ প্ৰধান্য দিয়া দেখা গৈছে।

স্বাস্থ্যৰ খণ্ডটো আজিকালি মানুহৰ এটা মৌলিক চাহিদাৰ অন্তৰ্গত হৈ পৰিছে। চৰকাৰৰ তৎপৰতাত স্থানীয়, ৰাজ্যিক বা কেন্দ্ৰীয় পৰ্যায়ত স্বাস্থ্য সেৱাৰ উন্নতিৰ বাবে বিভিন্ন চিকিৎসালয়, চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে। ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছন অধীনত নানান কাৰ্যসূচী গ্ৰহণ কৰি দেশৰ মানুহক উন্নত স্বাস্থ্যৰ অধিকাৰী কৰি তুলিবলৈ প্ৰয়াস হাতত লৈছে। আধুনিক ভ্ৰাম্যমান চিকিৎসালয়ৰ দ্বাৰা যিকোনো মূহূৰ্ততে মানুহক চিকিৎসা সেৱা আগবঢ়াবলৈ যত্ন কৰা হৈছে।

পৌৰ সুবিধাসমূহৰ ভিতৰত- চৰকাৰৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা বিভিন্ন কৰ্মসংস্থাপন আঁচনি, স্বাৱলম্বনৰ বাবে লোণ প্ৰদানৰ ব্যৱস্থা, বৃত্তিমুখী প্ৰশিক্ষণৰ ব্যৱস্থা কৰা আদিবোৰেই প্ৰধান। এই সা- সুবিধাৰ জৰিয়তে ব্যক্তিয়ে স্বাৱলম্বী হোৱাৰ লগতে কৰ্মসংস্থাপনৰ দিশতো সুযোগ পায়।

(গ) দৰিদ্ৰতা আৰু মানৱ সম্পদ উন্নয়নৰ মাজত থকা সম্পৰ্ক।

উত্তৰঃ দৰিদ্ৰতা মানৱ সম্পদ উন্নয়নৰ অন্যতম বাধা। দৰিদ্ৰতাৰ বাবে আমাৰ দেশৰ এক বুজনসংখ্যক লোক শাৰীৰিক আৰু মানসিকভাবে সবল হ’ব পৰা নাই। শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে পুষ্টিকৰ খাদ্য আৰু উপযুক্ত শিক্ষাৰ প্ৰয়োজন, যাৰ অভাৱে আমাৰ দেশৰ দৰিদ্ৰ লোকসকলক জুৰুলা কৰি আহিছে। ফলস্বৰূপে তেওঁলোকে আত্মমর্যাদা হেৰুৱাই ভাগ্যৰ ওপৰত বিশ্বাসী হয় আৰু নিজকে সেই অৱস্থাৰ পৰা উন্নীত কৰাৰ মানসিকতা হেৰুৱাই পেলাই।

(ঘ) নিৰক্ষৰতাই কিদৰে মানৱ সম্পদৰ বিকাশত বাধাৰ সৃষ্টি কৰে?

উত্তৰঃ নিৰক্ষৰতা মানৱ সমাজৰ বাবে এটা ডাঙৰ অভিশাপ। আমাৰ দেশত প্ৰায় ২৬ শতাংশ লোকেই নিৰক্ষৰ। নিৰক্ষৰতাই জ্ঞান, উপযুক্ততা, দক্ষতা, কাৰিকৰী কুশলতা আধিৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে আৰু ই মানৱ সম্পদ গঢ় দিয়াত অন্তৰায় স্বৰূপ। নিৰক্ষৰ লোকসকল অতি সহজেই বিভিন্ন ধৰণৰ শোষণৰ বলি হয় যাৰ ফলত সমাজত আৰ্থ-সামাজিক বৈষম্যতা অতি প্ৰকট হৈ উঠে।

৩। খালী ঠাই পূৰ কৰা—

(ক) মানৱ সম্পদ উন্নয়নৰ অন্যতম প্ৰয়োজন হৈছে শিক্ষা স্বাস্থ্য আৰু পৌৰ সুবিধা।

(খ) নিৰক্ষৰ লোকসকল অতি সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয়।

(গ) শিক্ষাৰ অধিকাৰ আমাৰ অন্যতম মৌলিক অধিকাৰ।

(ঘ) ২০০৯ চনৰপৰাই আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰা হৈছে।

(ঙ) চৰকাৰে গ্ৰহণ আৰু কাৰ্যকৰী কৰা সঠিক পৰিকল্পনাই মানৱ সম্পদ উন্নয়নৰ গতি খৰকটীয়া কৰে।

(চ) উপযুক্ত শৈক্ষিক পৰিৱেশ গঢ়ি তোলাটো এখন দেশৰ চৰকাৰৰ অন্যতম দায়িত্ব।

৪। তোমাৰ ওচৰত বসবাস কৰা চাৰি/পাঁচজন মানুহৰ জীৱনত ঘটা অন্ধবিশ্বাসৰ কোনো চাক্ষুস ঘটনাৰ অভিজ্ঞতা সংগ্ৰহ কৰা। অন্ধবিশ্বাস আঁতৰ কৰিবলৈ তুমি কি কি ব্যৱস্থা হাতত ল’বা বৰ্ণনা কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১৯ (মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ…) – সঘনাই সোধা প্ৰশ্ন (FAQs)
মানৱ সম্পদ উন্নয়নৰ দুটা প্ৰধান প্ৰতিবন্ধকতা কি কি?
মানৱ সম্পদ উন্নয়নৰ দুটা প্ৰধান প্ৰতিবন্ধকতা হৈছে— নিৰক্ষৰতা (শিক্ষাৰ অভাৱ) আৰু দৰিদ্ৰতা। ইয়াৰ উপৰিও দ্ৰুত জনসংখ্যা বৃদ্ধি আৰু নিবনুৱা সমস্যাও গুৰুতৰ প্ৰতিবন্ধকতা।
মানৱ সম্পদ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা দুখন আঁচনিৰ নাম লিখা।
শিক্ষাৰ প্ৰসাৰৰ বাবে ‘সৰ্বশিক্ষা অভিযান’ (বৰ্তমান সমগ্ৰ শিক্ষা) আৰু স্বাস্থ্য সেৱাৰ উন্নীতকৰণৰ বাবে ‘ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান’ (NHM) চৰকাৰে গ্ৰহণ কৰা দুখন উল্লেখযোগ্য আঁচনি।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই অধ্যায়ৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA) আৰু বহু-বিকল্পী প্ৰশ্নৰ (MCQ) লগতে মানৱ সম্পদ বিকাশৰ সমস্যাসমূহ আৰু চৰকাৰৰ ভূমিকাৰ বিষয়ে দীঘলীয়া প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top