Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 19 Solution – মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা | SCERT Assam

SCERT Assam Class 8 Social Science Chapter 19 – “মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা” Summary & Solutions

Class 8 Social Science Chapter 19 Solutions | Ospin Academy

SCERT Assam Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 19 – “মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা” solutions are now available at Ospin Academy. We provide SCERT-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.

📖 Chapter Overview:

মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা (Challenges of Human Resource Development and Government’s Role) discusses the barriers to human resource development and how government policies help in overcoming them.

  • Challenges: Poverty, lack of education, unemployment, poor health facilities.
  • Government Initiatives: Policies on education, healthcare, and employment generation.
  • Importance: The role of human resource development in a country’s economic growth.

📌 Key Topics Covered:

  • Major obstacles in human resource development
  • Impact of poverty, illiteracy, and unemployment
  • Government policies for skill development and employment
  • Role of health and education in economic progress

📝 How Ospin Academy Helps:

  • Complete Solutions: SCERT Assam Class 8 Social Science Chapter 19 answers.
  • MCQs & Extra Questions: Useful for exams and self-assessment.
  • Easy Explanations: Concept clarity with simple language.
  • Quick Revision Notes: Key points for last-minute preparation.

SCERT Assam Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 19 – “মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা” solutions are available at Ospin Academy. Access full notes now!

Vibrant Note Box
Buy Printable PDF
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
Chapter 19: মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা

Class 8 Social Science

Chapter – 2   (Ospin Academy)

মানৱ সম্পদ উন্নয়নৰ প্রতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা

TEXTUAL QUESTION ANSWER

১। চমু উত্তৰ লিখা —

(ক) মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ কি কি?

উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ হ’ল–

১। অধিক জনসংখ্যা।

২। মূলধন বা পুঁজিৰ অভাৱ।

৩। নিৰক্ষৰতা।

৪। দৰিদ্ৰতা।

৫। অন্ধবিশ্বাস।

৬। কুসংস্কাৰ।

৭। বিষমতা।

(খ) যিকোনো তিনিপ্ৰকাৰৰ বিষমতাৰ নাম উল্লেখ কৰা।

উত্তৰঃ যিকোনো তিনিপ্ৰকাৰৰ বিষমতাৰ নাম হ’ল–

১। ভাষাভিত্তিক বিষমতা।

২। জাতি আৰু গোষ্ঠীভিত্তিক বিষমতা।

৩। লিংগ বিষমতা।

(গ) বৰ্তমান অসমত কেইখন চিকিৎসা মহাবিদ্যালয় আছে?

উত্তৰঃ বৰ্তমান অসমত ৬ খন চিকিৎসা মহাবিদ্যালয় আছে।

(ঘ) অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানখন ক’ত অৱস্থিত?

উত্তৰঃ অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানখন শিলচৰত অৱস্থিত।

(ঙ) সুস্থ শৰীৰৰ বাবে মানুহক কিহৰ প্ৰয়োজন হয়?

উত্তৰঃ সুস্থ শৰীৰৰ বাবে মানুহক পুস্কৰ খাদ্যৰ প্ৰয়োজন।

২। আলোচনা কৰা—

(ক) মানৱ সম্পদ উন্নয়নৰ অসুবিধাসমূহ দূৰ কৰাৰ বাবে কেইটামান উল্লেখযোগ্য পৰামৰ্শ।

উত্তৰঃ আজিৰ দিনত চৰকাৰে প্ৰদান কৰা বিভিন্ন সা সুবিধা স্বত্বেও বহু শিশুৱে আধাতে বিদ্যালয় ত্যাগ কৰে বা উচ্চ শিক্ষা ল’বলৈ আগবাঢ়ি নাযায়। এই ক্ষেত্ৰত অভিভাৱক সকল সজাগ সচেতন নোহোৱাৰ বাবে শিশুবোৰ সহজে বিপথে পৰিচালিত হয়। গতিকে অভিভাৱকসকলৰ মাজত সচেতনতা অনাটো নিতান্তই দৰকাৰী। তাৰ কাৰণে প্ৰয়োজনীয় উপায় বা ব্যৱস্থা গ্ৰহণ কৰাৰ স্থল আছে। দৰিদ্ৰতা নিৰাময়ৰ বাবে চৰকাৰে লোৱা বিভিন্ন আঁচনিবোৰ যাতে প্ৰকৃত হিতাধিকাৰীয়েহে পায় তাৰ ক্ষেত্ৰত সঠিক ব্যৱস্থা গ্ৰহণ কৰা উচিত। বহু সময়ত সমাজৰ আৰ্থিকভাৱে সবল লোকেই দুখীয়া নিচলা লোকৰ বাবে অহা সাহাৰ্য আত্মসাৎ কৰাৰ অভিযোগ উঠে। এই ক্ষেত্ৰত প্ৰসাসনৰ তৎপৰতাৰ লগতে সামাজিক জাগৰণৰো প্ৰয়োজন আছে। ঠিক তেনেদৰে, আধুনিক বিজ্ঞানসন্মত চিকিৎসা পদ্ধতি আৰু ঔষধ আৱিষ্কাৰ হোৱাৰ লগে লগে মানুহৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত থকা জটিলতাবোৰ কিছু কমিছে। তথাপি আজিৰ দিনতো বহু ৰোগৰ বাবে মানুহে পৰম্পৰাগত চিকিৎসাকে অগ্ৰাধিকাৰ দিয়া হয়। যেনে- জণ্ডিছ, যক্ষ্মাৰ দৰে ৰোগৰ চিকিৎসা। সাপে খুটা ঘটনাৰ ফলত উদ্ধৱ হব পৰা পৰিস্থিতিত বহু লোক চিকিৎসাৰ বাবে চিকিৎসালয় লৈ নগৈ বেজৰ ওচৰলৈ যায়। উক্ত সমস্যাবোৰৰ বাবে আমি নিজে দায়ী। জনসচেতনৰ বাবে ৰেডিঅ, টি ভি বা বাতৰি কাকতত প্ৰকাশিত বিজ্ঞাপন বোৰক আমি গুৰুত্ব নিদিও। যাৰ ফলত আমি শিক্ষিত হৈও অশিক্ষিত হৈ আছো। আমি, আমাৰ এনে মনোবৃত্তিবোৰ পৰিত্যাগ কৰা উচিত। তেতিয়াহে আমাৰ চৰকাৰ প্ৰদত্ত সা সুবিধাবোৰৰ দ্বাৰা আমি প্ৰকৃতাৰ্থত লাভাম্বিত হম।

(খ) মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকা।

উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ উন্নত শিক্ষা, স্বাস্থ্য আৰু পৌৰ সুবিধাসমূহৰ প্ৰয়োজন হয়। চৰকাৰৰ পৃষ্ঠপোষকতাত এই সা-সুবিধাসমূহ দূৰ-দূৰণিৰ তথা দুৰ্গম অঞ্চলতো উপলব্ধ হৈছে।

বিভিন্ন চৰকাৰী আঁচনি (সৰ্ব শিক্ষা অভিযান, ৰাষ্ট্ৰীয় শিক্ষা অভিযান মিছন আদিৰ) জৰিয়তে শিক্ষাক সাৰ্বজনীন কৰাৰ লগতে নিৰক্ষৰতা দূৰীকৰণৰ বাবে চেষ্টা চলোৱা হৈছে। ৬ৰ পৰা ১৪ বছৰ বয়সৰ সকলো শিশুৱে যাতে বিনামূলীয়া বাধ্যতামূলক শিক্ষা লাভ কৰে তাৰ ব্যৱস্থা কৰা হৈছে। শিক্ষাৰ ক্ষেত্ৰত আজিৰ দিনত লিংগ বৈষ্যমও মনা নহয়। বৃত্তিমুখীক শিক্ষাক আগতকৈ প্ৰধান্য দিয়া দেখা গৈছে।

স্বাস্থ্যৰ খণ্ডটো আজিকালি মানুহৰ এটা মৌলিক চাহিদাৰ অন্তৰ্গত হৈ পৰিছে। চৰকাৰৰ তৎপৰতাত স্থানীয়, ৰাজ্যিক বা কেন্দ্ৰীয় পৰ্যায়ত স্বাস্থ্য সেৱাৰ উন্নতিৰ বাবে বিভিন্ন চিকিৎসালয়, চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে। ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছন অধীনত নানান কাৰ্যসূচী গ্ৰহণ কৰি দেশৰ মানুহক উন্নত স্বাস্থ্যৰ অধিকাৰী কৰি তুলিবলৈ প্ৰয়াস হাতত লৈছে। আধুনিক ভ্ৰাম্যমান চিকিৎসালয়ৰ দ্বাৰা যিকোনো মূহূৰ্ততে মানুহক চিকিৎসা সেৱা আগবঢ়াবলৈ যত্ন কৰা হৈছে।

 

পৌৰ সুবিধাসমূহৰ ভিতৰত- চৰকাৰৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা বিভিন্ন কৰ্মসংস্থাপন আঁচনি, স্বাৱলম্বনৰ বাবে লোণ প্ৰদানৰ ব্যৱস্থা, বৃত্তিমুখী প্ৰশিক্ষণৰ ব্যৱস্থা কৰা আদিবোৰেই প্ৰধান। এই সা- সুবিধাৰ জৰিয়তে ব্যক্তিয়ে স্বাৱলম্বী হোৱাৰ লগতে কৰ্মসংস্থাপনৰ দিশতো সুযোগ পায়।

(গ) দৰিদ্ৰতা আৰু মানৱ সম্পদ উন্নয়নৰ মাজত থকা সম্পৰ্ক।

উত্তৰঃ দৰিদ্ৰতা মানৱ সম্পদ উন্নয়নৰ অন্যতম বাধা। দৰিদ্ৰতাৰ বাবে আমাৰ দেশৰ এক বুজনসংখ্যক লোক শাৰীৰিক আৰু মানসিকভাবে সবল হ’ব পৰা নাই। শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে পুষ্টিকৰ খাদ্য আৰু উপযুক্ত শিক্ষাৰ প্ৰয়োজন, যাৰ অভাৱে আমাৰ দেশৰ দৰিদ্ৰ লোকসকলক জুৰুলা কৰি আহিছে। ফলস্বৰূপে তেওঁলোকে আত্মমর্যাদা হেৰুৱাই ভাগ্যৰ ওপৰত বিশ্বাসী হয় আৰু নিজকে সেই অৱস্থাৰ পৰা উন্নীত কৰাৰ মানসিকতা হেৰুৱাই পেলাই।

(ঘ) নিৰক্ষৰতাই কিদৰে মানৱ সম্পদৰ বিকাশত বাধাৰ সৃষ্টি কৰে?

উত্তৰঃ নিৰক্ষৰতা মানৱ সমাজৰ বাবে এটা ডাঙৰ অভিশাপ। আমাৰ দেশত প্ৰায় ২৬ শতাংশ লোকেই নিৰক্ষৰ। নিৰক্ষৰতাই জ্ঞান, উপযুক্ততা, দক্ষতা, কাৰিকৰী কুশলতা আধিৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে আৰু ই মানৱ সম্পদ গঢ় দিয়াত অন্তৰায় স্বৰূপ। নিৰক্ষৰ লোকসকল অতি সহজেই বিভিন্ন ধৰণৰ শোষণৰ বলি হয় যাৰ ফলত সমাজত আৰ্থ-সামাজিক বৈষম্যতা অতি প্ৰকট হৈ উঠে।

৩। খালী ঠাই পূৰ কৰা—

(ক) মানৱ সম্পদ উন্নয়নৰ অন্যতম প্ৰয়োজন হৈছে শিক্ষা স্বাস্থ্য আৰু পৌৰ সুবিধা।

(খ) নিৰক্ষৰ লোকসকল অতি সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয়।

(গ) শিক্ষাৰ অধিকাৰ আমাৰ অন্যতম মৌলিক অধিকাৰ।

(ঘ) ২০০৯ চনৰপৰাই আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰা হৈছে।

(ঙ) চৰকাৰে গ্ৰহণ আৰু কাৰ্যকৰী কৰা সঠিক পৰিকল্পনাই মানৱ সম্পদ উন্নয়নৰ গতি খৰকটীয়া কৰে।

(চ) উপযুক্ত শৈক্ষিক পৰিৱেশ গঢ়ি তোলাটো এখন দেশৰ চৰকাৰৰ অন্যতম দায়িত্ব।

৪। তোমাৰ ওচৰত বসবাস কৰা চাৰি/পাঁচজন মানুহৰ জীৱনত ঘটা অন্ধবিশ্বাসৰ কোনো চাক্ষুস ঘটনাৰ অভিজ্ঞতা সংগ্ৰহ কৰা। অন্ধবিশ্বাস আঁতৰ কৰিবলৈ তুমি কি কি ব্যৱস্থা হাতত ল’বা বৰ্ণনা কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SCERT Assam Class 8 Social Science Chapter 19 FAQs | মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা | Ospin Academy
SCERT Assam Class 8 Social Science Chapter 19 – মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা FAQs
1. What are the major obstacles in human resource development?
The major obstacles include poverty, illiteracy, unemployment, and lack of healthcare facilities.
2. Where can I find SCERT Assam Class 8 Social Science Chapter 19 solutions?
Ospin Academy provides detailed solutions, including MCQs, textbook answers, and summaries.
3. How does the government support human resource development?
The government supports HRD through educational policies, healthcare programs, and employment schemes.
4. Why is education important for human resource development?
Education enhances skills, increases job opportunities, and contributes to national economic growth.
5. How does “মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা” help in exam preparation?
This chapter explains the challenges of HRD and the role of government, making it crucial for exams.
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top