Class 8 Social Science Chapter 20 – আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় প্রতিষ্ঠানৰ ভূমিকা – All Textual Solutions | ASSEB Assam (Assamese Medium)
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান (অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড) অধ্যায় ২০ – আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় প্রতিষ্ঠানৰ ভূমিকা সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ডৰ অন্তৰ্গত বিংশ অধ্যায় ‘আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় প্রতিষ্ঠানৰ ভূমিকা’ আধুনিক অৰ্থনীতি আৰু বেংকিং ব্যৱস্থাক বুজিবলৈ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। বিদ্যালয়ৰ পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Social Science Chapter 20 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), আৰু দীঘলীয়া প্ৰশ্নৰ (Long Answers) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় প্রতিষ্ঠানৰ ভূমিকা’ নামৰ এই পাঠটিত বেংকৰ ধাৰণা আৰু কাৰ্যাৱলী, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (RBI) ভূমিকা, বাণিজ্যিক বেংক, গ্ৰাম্য বেংক, সমবায় বেংক, নাবাড (NABARD), আৰু আত্মসহায়ক গোটৰ (SHG) সবিশেষ বৰ্ণনা কৰা হৈছে। লগতে, গ্ৰাম্য অৰ্থনীতিৰ উত্তৰণ আৰু দৰিদ্ৰতা নিৰ্মূলকৰণত এই বিত্তীয় অনুষ্ঠানসমূহে কেনেদৰে ঋণ প্ৰদান আৰু সঞ্চয়ৰ সুবিধা আগবঢ়ায় তাৰ বিশদ আলোচনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিত্তীয় সাক্ষৰতাৰ এই মৌলিক ধাৰণাসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- বেংকৰ প্ৰকাৰভেদ, কাৰ্যাৱলী আৰু দেশৰ কেন্দ্ৰীয় বেংক হিচাপে ৰিজাৰ্ভ বেংকৰ গুৰুত্বপূৰ্ণ ভূমিকা।
- নাবাড (NABARD) আৰু অসম গ্ৰামীণ বিকাশ বেংকৰ দৰে প্ৰতিষ্ঠানৰ গ্ৰাম্য উন্নয়নমূলক অৱদানৰ সবিশেষ বিৱৰণ।
- ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- মহিলা সৱলীকৰণ আৰু আৰ্থিক স্বাৱলম্বিতাত আত্মসহায়ক গোটৰ (SHG) ভূমিকাৰ আধাৰত ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ সমাধান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Social Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- বিত্তীয় প্রতিষ্ঠানৰ ভূমিকা পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.
Class 8 Social Science
Chapter – 3 (Ospin Academy)
আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠান ভূমিকা
|
TEXTUAL QUESTION ANSWER |
|---|
১। চমু উত্তৰ লিখা—
(ক) দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰে কি কৰে?
উত্তৰঃ দেশৰ আর্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি, কাৰ্যসূচী আদি গ্ৰহণ কৰে আৰু তাক কাৰ্যকাৰী কৰে। ইয়াৰ উপৰিও চৰকাৰৰ দ্বাৰা অনুমোদিত বা স্বীকৃত অন্যান্য সংস্থা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সমূহে দেশৰ আৰ্থসামাজিক উন্নয়নৰ বাবে বিভিন্ন কাম কাজ কৰে।
(খ) অৰ্থনৈতিক উন্নয়নৰ মূল নিৰ্দেশক কেইটামানৰ নাম উল্লেখ কৰা।
উত্তৰঃ অৰ্থনৈতিক উন্নয়নৰ মূল নিৰ্দেশকসমূহ হ’ল – ৰাস্তা, ঘাট, দলং, গৃহ, যাতায়ত, যোগাযোগ, জলসিঞ্চন, খোৱাপানী, চিকিৎসালয়, বিজুলী আৰু টেলিফোনৰ যোগান ইত্যাদি।
(গ) বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠান কাক বোলে?
উত্তৰঃ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানে– হ্ৰস্বকালী, মধ্যকালীন আৰু দীৰ্ঘকালীন আদি ঋণৰ যোগান ধৰি মানুহক উৎপাদনক্ষম আৰু আত্মনিৰ্ভশীল কৰাত অৰিহণা যোগায়, সেইবোৰকে বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠান বোলে।
(ঘ) বেংকে কৰা দুটা উল্লেখযোগ্য কামৰ উদাহৰণ দিয়া।
উত্তৰঃ বেংকে কৰা দুটা উল্লেখযোগ্য কামৰ উদাহৰণ হ’ল –
১। গ্ৰাহকৰ ধন বেংকত জমা ৰখা হয়।
২। গ্ৰাহকক ঋণ প্ৰদান কৰে।
(ঙ) আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক কি নামেৰে জনা যায়?
উত্তৰঃ আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া।
(চ) নেড্ফিৰ সাহায্যত উৎপাদিত সামগ্ৰীসমূহ ক’ত বিক্ৰী কৰা হয়?
উত্তৰঃ নেড্ফিৰ সাহায্যত উৎপাদিত সামগ্ৰীসমূহ গুৱাহাটীৰ আমবাৰীত স্থিত নেডফিহাটত বিক্ৰী কৰা হয়।
২। বহলাই আলোচনা কৰা—
(ক) আৰ্থ-সামাজিক উন্নয়নত বাণিজ্যিক বেংকসমূহৰ অৱদান।
উত্তৰঃ আৰ্থ-সামাজিক উন্নয়নত বাণিজ্যিক বেংকসমূহৰ অৱদানসমূহ হ’ল–
(১) বাণিজ্যিক বেংকে সঞ্চয়কাৰীয়ে জমা দিয়া সঞ্চয়ৰ ভিত্তিত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকলৈ যেনে- কৃষক, উদ্যোগপতি, কাৰিকৰ, আদিলৈ ঋণৰ যোগান ধৰি দেশৰ আৰ্থসামাজিক উন্নয়নত সহায় কৰে।
(২) অৰ্থনৈতিক ক্ষেত্ৰসমূহৰ অন্তৰ্গত বিভিন্ন খণ্ডসমূহৰ গুণগত বিকাশৰ বাবে উৎপাদনকাৰীক বৃহৎ পৰিমাণৰ পুজি বা মূলধনৰ প্ৰয়োজন হয়। চৰকাৰী সাহাৰ্য অবিহনে কোনো ব্যক্তিয়ে নিজৰ ফালৰ পৰা বৃহৎ পুজি বিনিয়োগ কৰিব নোৱাৰে। বাণিজ্যক বেংকে এই বিনিয়োগকাৰীসকলক ঋণ প্ৰদান কৰি উৎসাহিত কৰে যাতে তেওঁলোকৰ দ্বাৰা উৎপাদিত সেৱা বা সামগ্ৰী সকলোৱে উপভোগ কৰিব পাৰে।
(৩) দুখীয়া কৃষকসকলে মহাজন বা ব্যক্তিগত ঋণদাতাৰ কাষ নচপাকৈ বাণিজ্যিক বেংকৰ পৰা ঋণ লৈ নিজৰ আৰ্থিক কাম কাজ সুকলমে চলাই নিব পাৰে।
(৪) বাণিজ্যিক বেংকসমূহে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা ঋণ আগবঢ়ায় যাতে উচ্চশিক্ষাৰ প্ৰতি তেওঁলোকৰ ধাউতি বাঢ়ে। শিক্ষা সমাপ্ত নকৰালৈকে ছাত্ৰ ছাত্ৰীসকলে এই ঋণ বেংকক ওভতাব নালাগে। আনকি শিক্ষা শেষ কৰাৰ ১৮ মাহ পৰ্যন্ত ঋণ পৰিশোধৰ ম্যাদ বঢ়াই দিয়া হয়।
(খ) উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক বিকাশত উত্তৰ-পূব পৰিষদ আৰু উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগমৰ ভূমিকা।
উত্তৰঃ উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক বিকাশত উত্তৰ-পূব পৰিষদ আৰু উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগমৰ ভূমিকা হ’ল–
উত্তৰ পূব ভাৰতৰ অন্তৰ্গত ৰাজ্যসমূহত বিত্তীয় সাহাৰ্য আগবঢ়োৱাৰ অৰ্থে ১৯৯৫ চনত পৰিষদ আৰু উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগম বা নেডফি গঠন কৰা হয়। নেডফিয়ে অঞ্চলটোৰ থলুৱা সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰিৱেশ আৰু আন্তঃগাঁথনিৰ প্ৰকল্পসমূহ চিনাক্তকৰণ আৰু প্ৰতিপালন কৰাত সহায় কৰে উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ু আৰু বজাৰৰ লগত খাপ খুৱাই বহুতো মূল্যৱান উদ্ভিদ ঔদ্যোগিক শস্যহিচাপে খেতি কৰি বিভিন্ন কৃষি ভিত্তিক উদ্যোগ গঢ়াৰ পৰিৱেশ সৃষ্টি কৰাত গুৰুত্ব দিয়ে।
উত্তৰ পূৱ ভাৰতৰ ৰাজ্যকেইখনৰ জনসাধাৰণক এই অনুষ্ঠানটিয়ে বিভিন্ন দিশত যেনে- কৃষি, ঔষধি বৃক্ষৰোপণ, ৰেচম শিল্প, কুটীৰ শিল্প, হস্ত তাঁত আৰু বস্ত্ৰশিল্প, উদ্যানশস্য, হাঁহ কুকুৰা পালন, গাহৰি পালন, মীন পালন আদি দিশলৈ আৰ্থিক সাহাৰ্য আগবঢ়াইছে। বিশেষকৈ যিসকল লোকে বেংকৰ পৰা ঋণ পোৱাৰ বাবে বিভিন্ন চৰ্তসমূহ পূৰণ কৰিব নোৱাৰে, সেইসকল লোকক এই অনুষ্ঠানটোৰ দ্বাৰা ৰেহাই হাৰত ঋণ যোগান ধৰা হয়।
নেডফিয়ে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ক্ষুদ্ৰ বিত্তীয় আঁচনিৰ জৰিয়তে মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চেষ্টা চলাই আহিছে। বিভিন্ন আত্মসহায়ক গোটসমূহ এনে ব্যৱস্থাৰে ফল।
(গ) আত্মসহায়ক গোট গঠনৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ।
উত্তৰঃ আত্মসহায়ক গোট গঠনৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ হ’ল–
১। আত্মসহায়ক গোট গঠনৰ জৰিয়তে সমূহীয়াভাৱে কাম কৰাৰ শক্তি আৰু উদ্যম সৃষ্টি কৰা।
২। উন্নয়নমূলক আঁচনিৰ জৰিয়তে বিত্তীয় প্রতিষ্ঠানৰ পৰা ঋণ গ্ৰহণৰ সুবিধা লোৱা।
৩। গোটৰ সদস্যসকলে সমূহীয়াভাৱে অর্থনৈতিক কার্যসূচী গ্রহণ কৰা।
৪। গোটৰ সদস্যসকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা।
৫। গ্ৰাম্য জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি নিজে নিজক সহায় কৰাৰ মানসিকতা গঢ় দিয়া।
৬। ঋণ দিয়া অনুষ্ঠানৰ লগত যোগাযোগ স্থাপন কৰি সমূহীয়া ঋণ পোৱাত সহায় কৰা।
৩। চমু টোকা লিখা—
(ক) সমবায় বেংক।
উত্তৰঃ আমাৰ দেশত গ্ৰাম্য অঞ্চলত বসতি কৰা দুখীয়া শ্ৰেণী লোকসকলক মহাজন শ্ৰেণীৰ লোকসকলৰ শোষণৰপৰা উদ্ধাৰ কৰিবলৈ আৰু কম সুদৰ হাৰত সেই শ্ৰেণীৰ লোকৰ বাবে ঋণ সহজলভ্য কৰাৰ উদ্দেশ্যে সমবায় বেংক ব্যৱস্থাৰ সূচনা কৰা হৈছিল।
সমবায় বেংক ব্যৱস্থাটো আমাৰ দেশত তিনি খলপীয়াঃ–
(ক) শীৰ্ষ পৰ্যায়ত প্ৰত্যেক ৰাজ্যতে ৰাজ্যিক সমবায় বেংক।
(খ) জিলা পৰ্যায়ত একোটাকৈ কেন্দ্ৰীয় সমবায় বেংক। আৰু
(গ) তৃণমূল পৰ্যায়ত গ্ৰামাঞ্চলত কৃষিভিত্তিক সমবায় সমিতিসমূহে কাৰ্য সম্পাদন কৰে। সমবায় বেংকে কম সুদত দুখীয়া কৃষক, শিপিনী, ক্ষুদ্ৰ উদ্যোগী আদিলৈ উৎপাদনমুখী কামৰ বাবে হ্ৰস্বম্যাদী ঋণৰ যোগান ধৰে। ভাৰতৰ সৰহসংখ্যক লোক কৃষিজীৱী হোৱাৰ পৰিপ্ৰেক্ষিতত দেশৰ আৰ্থিক উন্নয়নত সমবায় বেংকৰ অৱদান মন কৰিবলগীয়া।
(খ) নাবাৰ্ড।
উত্তৰঃ দেশৰ কৃষি আৰু গ্ৰাম্য উন্নয়নৰ লক্ষ্য আগত ৰাখি আমাৰ চৰকাৰে ১৯৮২ চনত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক (NABARD) নামৰ এটি বিত্তীয় প্ৰতিষ্ঠান স্থাপন কৰে। এই বেংকে সকলো প্ৰকাৰৰ কৃষি ঋণৰ লগতে গ্ৰাম্য উন্নয়নৰ বাবে বিভিন্ন আঁচনি, প্ৰকল্প আদিৰ বাবে ঋণৰ যোগান ধৰে। এই ঋণসমূহ হ্ৰস্বকালীন (১৮ মাহৰ বাবে) আৰু দীৰ্ঘকালীন (২৫ বছৰ বাবে) হিচাপে আগবঢ়োৱা হয়। সমবায় বেংক, ভূমি উন্নয়ন বেংক, আঞ্চলিক গ্ৰামীণ বিকাশ বেংক, বাণিজ্যিক বেংকসমূহক নাবাৰ্ডে ঋণ প্ৰদান কৰে। গ্ৰাম্য ঋণৰ সৰবৰাহৰ ক্ষেত্ৰত নাবাৰ্ডে আমাৰ দেশত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে।
(গ) কেন্দ্ৰীয় বেংক।
উত্তৰঃ এখন দেশৰ সমগ্ৰ বেংক ব্যৱস্থাটোৰ মুৰব্বী বা শীৰ্ষস্থানীয় বেংকটোৱেই হ’ল কেন্দ্ৰীয় বেংক। এখন দহটকীয়া বা বিছটকীয়া নোট উলিয়াই লৈ ভালদৰে লক্ষ্য কৰাচোন তাত কি বেংকৰ নাম লিখা আছে।
(ঘ) আত্মসহায়ক গোট।
উত্তৰঃ আত্মসহায়ক গোট হৈছে উৎপাদনমূলক কামত নিয়োজিত হৈ আৰ্থিকভাৱে স্বাৱলম্বী হ’ব বিচৰা জনসাধাৰণৰ এটা থূপ বা গোট যি সকল অৰ্থনৈতিকভাৱে সচ্ছল নহয়। সাধাৰণতে ১০ ৰ পৰা ২০ জন সদস্যক লৈ এনে ধৰণৰ গোট গঠন কৰিব পাৰি। এই গোটৰ মূল লক্ষ্য হৈছে গোটৰ সদস্যসকলৰ দৰিদ্ৰতা দূৰীকৰণৰ অৰ্থে সমূহীয়া উদ্দেশ্য আগত লৈ একগোট হৈ কাম কৰাৰ প্ৰয়াস। আর্থিকভাৱে পিছপৰা আৰু কৰ্মসংস্থান নোহোৱা শ্ৰেণীৰ লোকে এইধৰণৰ গোট গঠন কৰি বেংক, নেড্ফি আদি বিত্তীয় অনুষ্ঠানৰপৰা ঋণ লাভ কৰে। আত্মসহায়ক গোটে কৰ্মসংস্থানহীন যুৱক-যুৱতীসকলক বিভিন্ন ধৰণৰ উপাৰ্জনৰ পথ উলিয়াই দিয়াত সহায় কৰে। তদুপৰি এই গোটৰ জৰিয়তে গাঁও অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলে হাঁহ-কুকুৰা পালন, কাপোৰ বোৱা, চিলাই কৰা ফুলৰ খেতি কৰা আদি আঁচনি গ্ৰহণ কৰি স্ব-নিয়োজনৰ পথ মুকলি কৰি ল’ব পাৰে। এই গোটৰ প্ৰতিজন সদস্যই নিয়মিতভাৱে সঞ্চয় কৰি এক সমূহীয় পুঁজি গঠন কৰে।
৪। শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰা—
(ক) বৰ্ধিত জনমূৰি আয়ে দেশৰ উন্নয়নত অন্তৰায়ৰ সৃষ্টি কৰে।
উত্তৰঃ শুদ্ধ।
(খ) ঔদ্যোগিক আৰু বিনিয়োগ বেংকে উদ্যোগখণ্ডলৈ দীৰ্ঘকালীন ঋণ আগবঢ়ায়।
উত্তৰঃ শুদ্ধ।
(গ) আত্মসহায়ক গোটে কেন্দ্ৰীয় বেংকত চেভিং বেংক একাউণ্ট খুলিব লাগে।
উত্তৰঃ অশুদ্ধ।
(ঘ) নেড্ফিৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত।
উত্তৰঃ অশুদ্ধ।
(ঙ) আর্থিকভাৱে সচ্ছল লোকসকলে আত্মসহায়ক গোটৰ সদস্য হ’ব পাৰে।
উত্তৰঃ অশুদ্ধ।
