Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 21 Solution – গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা | SCERT Assam

Class 8 Social Science Chapter 21 – গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা – All Textual Solutions | ASSEB Assam (Assamese Medium)

অষ্টম শ্ৰেণী সমাজ বিজ্ঞান (অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড) অধ্যায় ২১ – গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ডৰ অন্তৰ্গত একবিংশ অধ্যায় ‘গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা’ বজাৰ ব্যৱস্থাত এজন গ্ৰাহকৰ অধিকাৰ আৰু কৰ্তব্যসমূহ বুজিবলৈ এখন অতি ব্যৱহাৰিক আৰু গুৰুত্বপূৰ্ণ পাঠ। বিদ্যালয়ৰ পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Social Science Chapter 21 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), আৰু দীঘলীয়া প্ৰশ্নৰ (Long Answers) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা’ নামৰ এই পাঠটিত গ্ৰাহক কাক বোলে, বজাৰত গ্ৰাহকসকল কেনেদৰে প্ৰতাৰিত বা শোষিত হয় (যেনে- ওজনত কম দিয়া, ভেজাল বস্তু বিক্ৰী কৰা, কৃত্ৰিম নাটনি সৃষ্টি কৰা), গ্ৰাহক সুৰক্ষা আইনৰ অধীনত গ্ৰাহকৰ মৌলিক অধিকাৰসমূহ, আৰু অভিযোগ দাখিল কৰাৰ ত্ৰিস্তৰীয় বিচাৰ ব্যৱস্থাৰ (জিলা আয়োগ, ৰাজ্যিক আয়োগ আৰু ৰাষ্ট্ৰীয় আয়োগ) সবিশেষ বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সজাগ গ্ৰাহক হিচাপে নিজৰ সুৰক্ষা নিশ্চিত কৰাৰ এই আইনী ব্যৱস্থাসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • এজন গ্ৰাহকৰ সংজ্ঞা আৰু ব্যৱসায়ীসকলৰ দ্বাৰা হ’ব পৰা বিভিন্ন প্ৰকাৰৰ শোষণৰ বিৱৰণ।
  • গ্ৰাহক সুৰক্ষা আইনৰ অধীনত প্ৰদান কৰা গ্ৰাহকৰ প্ৰধান অধিকাৰসমূহ (সুৰক্ষাৰ অধিকাৰ, তথ্য জনাৰ অধিকাৰ আদি)।
  • ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • পণ্যৰ মানদণ্ড নিৰূপণ কৰা চিহ্নসমূহ (ISI, AGMARK, ISO) আৰু গ্ৰাহক আদালতৰ কাৰ্যপ্ৰণালীৰ আধাৰত ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ সমাধান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • গ্ৰাহকৰ সজাগতা আৰু সুৰক্ষা পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
class 8 social science
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
Chapter 21: গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা

Class 8 Social Science

Chapter – 4   (Ospin Academy)

গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা

TEXTUAL QUESTION ANSWER

১। চমু উত্তৰ লিখা—

(ক) গ্ৰাহক সজাগতাৰ আৱশ্যকতা আছেনে? তোমাৰ উত্তৰৰ সপক্ষে দুটা যুক্তি আগবঢ়োৱা।

উত্তৰঃ গ্ৰাহকৰ সজাগতাৰ আৱশ্যকতা আছে–

(১) গ্ৰাহক সজাগ আৰু সচেতন নহলে আৰ্থিকভাৱে লোকচান হ’ব পাৰে।

(২) বিক্ৰেতাৰ দ্বাৰা প্ৰতাৰিত হৈ ম্যাদ উকলি যোৱা সা-সামগ্ৰীৰ ক্ৰয় কৰিলে গ্ৰাহকৰ স্বাস্থাৰ প্ৰতিও ভাবুকি আহিব পাৰে।

(খ) গ্ৰাহকক শোষণ কৰাৰ কৌশলসমূহ কি কি?

উত্তৰঃ এজন গ্ৰাহক বিভিন্ন ধৰণে বিক্ৰেতাৰ দ্বাৰা শোষিত হব পাৰে।

উদাহৰণস্বৰূপে-

(১) বস্তুৰ ওজন সঠিকভাবে নকৰা।

(২) ভেজাল বস্তু বিক্ৰী কৰা।

(৩) বস্তু বা সেৱা উপযুক্ত স্থানবিশিষ্ট নোহোৱা।

(৪) ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া।

(৫) সামগ্রী প্রস্তুতকৰণৰ প্রকৃত তাৰিখ মচি পেলোৱা বা নকল তাৰিখ লগোৱা।

(৬) প্রকৃত মূল্য ওপৰত নকল মূল্যৰ লেবেল লগোৱা।

(৭) মানসূচক চিহ্নসমূহ নকল কৰা।

(৮) নামী-দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ হুৱহু নকল কৰা।

(গ) গ্ৰাহক হিচাপে তোমাৰ কৰ্তব্য কি? বজাৰলৈ গৈ বস্তু ক্ৰয় কৰাৰ সময়ত কোনবিলাক কথালৈ মনোযোগ দিয়া উচিত?

উত্তৰঃ গ্ৰাহক হিচাপে সামগ্ৰী বা সেৱা ক্ৰয় কৰোতে সদায় সজাগ আৰু সচেতন হৈ থকাটো আমাৰ কৰ্তব্য। গ্ৰাহকে সামগ্ৰী বা সেৱা ক্ৰয় কেতবোৰ সাৱধানতা অৱলম্বন কৰিব লাগে।

সেই বিষয়বোৰ হ’ল-

(১) বস্তু বা সেৱা ক্ৰয় কৰাতে তাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা আদি সম্পর্কে নিশ্চিত হব লাগে।

(২) বস্তুৰ ওজন বা জোখ লওতে জোখ-মাখৰ আহিলা (যেনে- দগা-পাল্লা, মিটাৰ কাঠি আদি) সমূহ সঠিক আৰু বিজ্ঞানসন্মত হয় নে নহয় তাক পৰীক্ষা কৰি চোৱা।

(৩) যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচৰা।

(৪) বিভিন্ন ক্ষেত্ৰৰ উৎপাদিত সামগ্ৰীসমূহৰ বাবে চৰকাৰে নির্ণয় কৰা মানসূচক চিহ্নসমূহ যেনে- এগমার্ক, আই এছ আই মার্ক, হলমার্ক, এফ পি অ’ আদি চিহ্ন ক্ৰয় কৰা সামগ্রীত আছে নে নাই তাক পৰীক্ষা কৰি চোৱা।

(৫) দীর্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্রেতাৰ পৰা গেৰাণ্টি বা ৱাৰেন্টি কার্ড বিচৰা।

(৬) পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ উকলা তাৰিখ, MRP (সর্বোচ্চ খুচুৰা মূল্য) লক্ষ্য কৰা আদি।

(ঘ) গ্ৰাহকৰ অধিকাৰ মানে কি? কেইটামান এনে অধিকাৰৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ আমাৰ দেশৰ সকলো নাগৰিকে গ্ৰাহক হিচাপে কিছুমান অধিকাৰ উপভোগ কৰিব পাৰে। এইবোৰকে গ্ৰাহক অধিকাৰ বোলে।

গ্রাহকসকলে লাভ কৰা অধিকাৰসমূহ হৈছে-

(১) বস্তু/সামগ্ৰী বা সেৱা ক্ৰয় কৰোতে বস্তুটোৰ সন্দৰ্ভত যিকোনো তথ্য গ্ৰাহক এজনে বিক্ৰেতাৰ পৰা আহৰণ কৰিব পাৰে।

উদাহৰণস্বৰূপে-সামগ্ৰীৰ মূল্য, ওজন, বিশুদ্ধতা, গুণাগুণ আদিৰ বিচাৰ কৰিব পাৰে। বিক্ৰেতাই উক্ত তথ্যসমূহ গ্ৰাহকক প্ৰদান কৰিবলৈ বাধ্য।

(২) বস্তু/সামগ্ৰী বা সেৱা ক্ৰয় কৰাৰ সময়ত সেই সম্পৰ্কত গ্ৰাহকৰ যদি কিবা অভাৱ-অভিযোগ থাকে সেইবোৰ সুৰক্ষা সমিতি বা গ্রাহক আদালতত দাখিল কৰিব পাৰে। গ্ৰাহকে আইনী ব্যৱস্থা গ্ৰহণ কৰি নিজৰ সমস্যা নিৰাময় কৰিব পাৰে।

(ঙ) চৰকাৰে গ্ৰাহকৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ (১) ৰেডিঅ’, টেলিভিচন, বাতৰি কাকত আদিৰ দৰে প্ৰচাৰ মাধ্যমত প্ৰায়ে গ্ৰাহকৰ বাবে কিছুমান বিজ্ঞাপন প্ৰচাৰ কৰা হয় য’ত গ্ৰাহকক সচেতন কৰাৰ উদ্দেশ্যনিহিত হৈ থাকে। চৰকাৰৰ জনসংযোগ বিভাগে এনে কামবোৰৰ দায়িত্ব লয়।

(২) গ্ৰাহক স্বাৰ্থ ৰক্ষাৰ বাবে আমাৰ দেশৰ চৰকাৰে কিছুমান অধিকাৰ প্ৰদান কৰাৰ লগতে আইনী ব্যৱস্থাও গ্ৰহণ কৰিছে।

সেইবোৰৰ ভিতৰত-

(ক) গ্ৰাহকক অধিকাৰৰ মান্যতা প্ৰদান।

(খ) গ্ৰাহকৰ অধিকাৰ ৰক্ষাৰ বাবে জিলা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত গঠিত গ্ৰাহক সুৰক্ষা আইন।

(গ) গ্ৰাহকৰ বিবাদ নিষ্পত্তিৰ বাবে জিলা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তিকৰণ ফ’ৰাম গঠন ইত্যাদি।

২। চমু টোকা লিখা—

(ক) গ্ৰাহক সুৰক্ষা আইন।

উত্তৰঃ ২০১৯ চনৰ আগষ্ট মাহৰ ৯ তাৰিখৰপৰা ভাৰতত গ্ৰাহক সুৰক্ষা আইন, ২০১৯ প্ৰৱৰ্তিত হয়। পূৰ্বৰ গ্ৰাহক সুৰক্ষা আইন ১৯৮৬ ৰ সলনি বৰ্তমান এই আইনৰ অধীনত গ্ৰাহকৰ সুৰক্ষাৰ বিষয়টো চোৱাচিতা কৰা হ’ব। এই আইনে গ্ৰাহকৰ বিভিন্ন প্ৰকাৰৰ ওজৰ- আপত্তি সঠিক সময়ত আৰু সঠিক ধৰণে নিষ্পত্তিকৰণৰ ব্যৱস্থা কৰি বিভিন্ন ক্ষেত্ৰত গ্ৰাহকক সুৰক্ষা প্ৰদান কৰিব। গ্ৰাহকৰ অধিকাৰ আৰু বিবাদ নিষ্পত্তিকৰণ সম্পৰ্কীয় বিষয়ত পৰামৰ্শ প্ৰদান কৰাৰ বাবে এই আইনৰ অধীনত কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত ‘গ্ৰাহক সুৰক্ষা পৰিষদ’ (Consumer Protection Council) নামেৰে উপদেষ্টাধৰ্মী পৰিষদ গঠন কৰা হয়। এই আইনৰ অধীনতে গ্ৰাহকক তেওঁলোকৰ অধিকাৰ প্ৰদানৰ হকে আৰু বিভিন্ন প্ৰতাৰণাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰে ‘কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষ’ স্থাপন কৰে।

(খ) গ্ৰাহক সজাগতা।

উত্তৰঃ গ্ৰাহক হিচাপে সামগ্ৰী বা সেৱা ক্ৰয় কৰোতে সদায় সজাগ আৰু সচেতন হৈ থকা আমাৰ কৰ্তব্য ǀ গ্ৰাহকে সামগ্ৰী বা সেৱা ক্ৰয় কেতবোৰ সাৱধানতা অৱলম্বন কৰিব লাগে।

সেই বিষয়বোৰ হ’ল-

(১) বস্তু বা সেৱা ক্ৰয় কৰাতে তাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা আদি সম্পর্কে নিশ্চিত হব লাগে।

(২) বস্তুৰ ওজন বা জোখ লওতে জোখ-মাখৰ আহিলা (যেনে দগা-পাল্লা, মিটাৰ কাঠি আদি) সমূহ সঠিক আৰু বিজ্ঞানসন্মত হয় নে নহয় তাক পৰীক্ষা কৰি চোৱা।

(৩) যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচৰা।

(৪) বিভিন্ন ক্ষেত্ৰৰ উৎপাদিত সামগ্ৰীসমূহৰ বাবে চৰকাৰে নির্ণয় কৰা মানসূচক চিহ্নসমূহ যেনে এগমার্ক, আই এছ আই মার্ক, হলমার্ক, এফ পি অ’ আদি চিহ্ন ক্ৰয় কৰা সামগ্রীত আছে নে নাই তাক পৰীক্ষা কৰি চোৱা।

(৫) দীর্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্রেতাৰ পৰা গেৰাণ্টি বা ৱাৰেন্টি আছে নে নাই তাক লক্ষ্য কৰা।

(৬) পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ উকলা তাৰিখ, MRP (সর্বোচ্চ খুচুৰা মূল্য) লক্ষ্য কৰা আদি।

(গ) গ্ৰাহক প্ৰতাৰণা।

উত্তৰঃ গ্ৰাহক হিচাপে আমি সদায় সচেতন হৈ থাকিব লাগে। আমি বিক্ৰেতাৰ দ্বাৰা যাতে প্ৰতাৰিত নহওঁ তাৰ প্ৰতিও নজৰ ৰাখিব লাগিব। এজন গ্ৰাহক বিভিন্ন ধৰণে বিক্ৰেতাৰ দ্বাৰা প্ৰতাৰিত হব পাৰে। যেনে-

(১) বস্তুৰ ওজন সঠিকভাবে নকৰা।

(২) ভেজাল বস্তু বিক্ৰী কৰা।

(৩) বস্তু বা সেৱা উপযুক্ত স্থানবিশিষ্ট নোহোৱা।

(৪) ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া।

(৫) সামগ্রী প্রস্তুতকৰণৰ প্রকৃত তাৰিখ মচি পেলোৱা বা নকল তাৰিখ লগোৱা।

(৬) প্রকৃত মূল্য ওপৰত নকল মূল্যৰ লেবেল লগোৱা।

(৭) মানসূচক চিহ্নসমূহ নকল কৰা।

(৮) নামী-দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ হুৱহু নকল কৰা।

(৯) ডাকসেৱা,টেলিফোন বা ইন্টাৰনেটযোগে অৰ্ডাৰ কৰা বস্তু সময়মতে আদায় নিদিয়া আদি।

(ঘ) গ্ৰাহকৰ অধিকাৰ।

উত্তৰঃ আমাৰ দেশৰ সকলো নাগৰিকে গ্ৰাহক হিচাপে কিছুমান অধিকাৰ উপভোগ কৰিব পাৰে। এইবোৰকে গ্ৰাহক অধিকাৰ বোলে।

গ্রাহকসকলে লাভ কৰা অধিকাৰসমূহ হৈছে-

(১) যিকোনো বস্তু কিনোতে বস্তুৰ মূল্য, ওজন, বিশুদ্ধতা, গুণাগুণ আদিৰ বিচাৰ কৰিব পৰা।

(২) গ্রাহক সুৰক্ষাৰ বাবে গ্রাহক সুৰক্ষা সমিতি গঠন কৰা।

(৩) গ্ৰাহকৰ অভাৱ-অভিযোগ আদি গ্রাহক সুৰক্ষা সমিতি বা গ্রাহক আদালতত দাখিল কৰা।

(৪) প্রয়োজন সাপেক্ষে গ্রাহক সুৰক্ষা আইনৰ সহায় লোৱা।

(৫) প্ৰতাৰণা কৰা বিক্রেতাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী কৰা।

(৬) গ্রাহক শিক্ষা লাভ কৰাৰ অধিকাৰ আদি।

এই অধিকাৰসমূহ ভোগ কৰিবলৈ আমি সকলোৱে আগ্রহী আৰু সচেতন হোৱা উচিত। ইয়াক সাব্যস্ত কৰাত আমাক কোনেও বাধা দিব নোৱাৰে। সমগ্র বিশ্বত গ্রাহকৰ অধিকাৰৰ বিষয়টোৱে বর্তমান এক জনজাগৰণৰ সৃষ্টি কৰিছে। তাৰেই ভিত্তিত ১৫ মার্চ তাৰিখতাটো বিশ্বজুৰি গ্রাহক অধিকাৰ দিৱস হিচাপে পালন কৰা হয়।

(ঙ) গ্ৰাহক আদালত।

উত্তৰঃ গ্রাহকৰ বিবাদ নিস্পত্তিকৰণৰ বাবে ‘গ্ৰাহক বিবাদ নিষ্পত্তিকৰণৰ ফ’ৰাম’ গঠন কৰা হয়। ইয়াক গ্রাহক আদালত বুলি কোৱা হয়। ইয়াত সকলো শ্ৰেণীৰ গ্ৰাহকে উপযুক্ত তথ্য প্রমাণ দাখিল কৰি অভিযোগৰ সুফল লাভ কৰিব পাৰে। এনে ফ’ৰামসনূহ তিনিটা পৰ্যায়ত গঠিত হয়। যেনে –

(ক) জিলা ভিত্তিত

জিলা বিবাদ নিষ্পত্তিকৰণ ফ’ৰাম।

(খ) ৰাজ্যিক ভিত্তিত

ৰাজ্যিক বিবাদ নিষ্পত্তিকৰণ ফ’ৰাম।

(গ) ৰাষ্ট্ৰীয় ভিত্তিত

ৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তিকৰণ ফ’ৰাম।

৩। শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰা—

(ক) গ্ৰাহক সুৰক্ষা আইন কেৱল দোকানত ক্ৰয় কৰা বস্তুৰ ক্ষেত্ৰতহে প্ৰয়োজ্যে।

উত্তৰঃ অশুদ্ধ।

(খ) গ্ৰাহকৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতেই একমাত্ৰ ৰাষ্ট্ৰ যিখনে আইন প্ৰণয়ন কৰিছে।

উত্তৰঃ শুদ্ধ।

(গ) শোষণৰ বলি হোৱা গ্ৰাহকে জিলা বিবাদ নিষ্পত্তিকৰণ ফ’ৰামত গোচৰ তৰিব লাগে।

উত্তৰঃ শুদ্ধ।

(ঘ) কেৱল মূল্যৱান আৰু দামী বস্তুৰ ক্ষেত্ৰতহে গ্ৰাহক সুৰক্ষা আইন প্ৰয়োজ্যে।

উত্তৰঃ অশুদ্ধ।

(ঙ) কৃষিজাত সামগ্ৰীৰ মানবিশিষ্টতাৰ প্ৰমাণ হিচাপে হলমাৰ্ক চিহ্ন ব্যৱহাৰ কৰা হয়।

উত্তৰঃ অশুদ্ধ।

(চ) বিক্রেতাৰপৰা বস্তু বা সেৱাৰ ক্ষেত্ৰত লাভ কৰা প্ৰতাৰণাৰ ফলত হোৱা ক্ষতিৰ বাবে গ্ৰাহকে ক্ষতিপূৰণ পোৱাটো আইনগত অধিকাৰ।

উত্তৰঃ শুদ্ধ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ২১ (গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা) – সঘনাই সোধা প্ৰশ্ন (FAQs)
প্ৰতি বছৰে ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস কেতিয়া পালন কৰা হয়?
প্ৰতি বছৰে ২৪ ডিচেম্বৰ তাৰিখটো ভাৰতত ‘ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস’ হিচাপে পালন কৰা হয়।
সামগ্ৰীৰ মানদণ্ড নিশ্চিত কৰা দুটা প্ৰমাণপত্ৰ চিহ্নৰ নাম লিখা।
বৈদ্যুতিক আৰু ঔদ্যোগিক সামগ্ৰীৰ বাবে ‘ISI’ চিহ্ন আৰু কৃষিজাত তথা খাদ্য সামগ্ৰীৰ বাবে ‘AGMARK’ চিহ্ন ব্যৱহাৰ কৰা হয়।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই অধ্যায়ৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA) আৰু বহু-বিকল্পী প্ৰশ্নৰ (MCQ) লগতে গ্ৰাহকৰ অধিকাৰসমূহ আৰু গ্ৰাহক আদালতৰ বিচাৰ ব্যৱস্থাৰ বিষয়ে দীঘলীয়া প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top