Class 9 Science Chapter 7 Solution – জীৱৰ বিচিত্রতা | SEBA Assam

    নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ৭ – জীৱৰ বিচিত্রতা – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)

    নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ৭ – জীৱৰ বিচিত্রতা সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

    নৱম শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ সপ্তম অধ্যায় ‘জীৱৰ বিচিত্রতা’ (Diversity in Living Organisms) জীৱবিজ্ঞানৰ এক অতি গুৰুত্বপূৰ্ণ পাঠ যিয়ে পৃথিৱীত থকা অগণন জীৱৰ শ্ৰেণীবিভাজনৰ বিষয়ে বিতং ধাৰণা দিয়ে। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 9 Science Chapter 7 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ধাৰণাগত পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

    ‘জীৱৰ বিচিত্রতা’ নামৰ এই পাঠটিত শ্ৰেণীবিভাজনৰ আধাৰ, হুইটেকাৰৰ পাঁচ ৰাজ্যৰ শ্ৰেণীবিভাজন (মনেৰা, প্ৰটিষ্টা, ভেঁকুৰ, উদ্ভিদ আৰু প্ৰাণী জগত) আদি সুন্দৰভাৱে আলোচনা কৰা হৈছে। লগতে উদ্ভিদ জগতৰ (যেনে- থেল’ফাইটা, ব্ৰায়’ফাইটা, টেৰিড’ফাইটা, নগ্নবীজী, গুপ্তবীজী) আৰু প্ৰাণী জগতৰ (পৰিফেৰাৰ পৰা স্তন্যপায়ীলৈকে) বিভিন্ন পৰ্বসমূহৰ বৈশিষ্ট্যসমূহৰ বিষয়েও বহলাই বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই জীৱবৈজ্ঞানিক বৈশিষ্ট্য আৰু বৈজ্ঞানিক নামসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

    অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
    Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

    এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

    • জীৱজগতৰ শ্ৰেণীবিভাজনৰ প্ৰয়োজনীয়তা আৰু পাঁচ ৰাজ্যৰ শ্ৰেণীবিভাজনৰ বিস্তৃত বিশ্লেষণ।
    • উদ্ভিদ আৰু প্ৰাণী জগতৰ বিভিন্ন পৰ্বৰ বৈশিষ্ট্যসমূহ, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ নিৰ্দোষ উত্তৰ।
    • একবীজপত্ৰী আৰু দ্বি-বীজপত্ৰী উদ্ভিদ, মেৰুদণ্ডী আৰু অমেৰুদণ্ডী প্ৰাণীৰ মাজৰ পাৰ্থক্যৰ সহজ তথা মান্য সমাধান।
    • বিভিন্ন জীৱৰ বৈজ্ঞানিক নাম (Nomenclature) লিখাৰ নিয়ম আৰু গুৰুত্বপূৰ্ণ উদাহৰণসমূহৰ সম্পূৰ্ণ ধাৰণা।
    • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

    অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

    • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
    • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 9 Science Assamese Notes)।
    • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
    • জীৱৰ বিচিত্রতা পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

    ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

    Vibrant Note Box
    Buy Printable PDF
    Class 9 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
    Class 9 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
    Original price was: ₹199.00.Current price is: ₹39.00.

    Download Class 9 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and additional practice questions for SEBA Assam 2025-26.

    Vibrant Note Box
    Chapter 7 – “জীৱৰ বিচিত্রতা”

    Class 9 Science Chapter 7 Question answer in Assamese medium

    NCERT Solutions For Class 9 Science Chapter 7 Diversity in Living Organisms 

    জীৱৰ বিচিত্ৰা

    অণুশীলনীঃ

    1. জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি?

    উত্তৰঃ জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ হ’লঃ

    (i) বৰ্গীকৰণে বৈচিত্ৰপূৰ্ণ জীৱৰ অধ্যয়ন সহসসাধ্য কৰে।

    (ii) বৰ্গীকৰণে আটাইবোৰ জীৱৰ প্ৰণালীবদ্ধ অৱস্থান থোৰতে উপস্থাপন কৰে।

    (iii) বৰ্গীকৰণে বিভিন্ন জীৱৰ মাজত সাদৃশ্য আৰু আন্তঃসম্পৰ্ক প্ৰকট কৰে।

    (iv) বিভিন্ন জূৱ সমষ্টি অধ্যয়নৰ বাবে বৰ্গীকৰণে জীৱবিজ্ঞানৰ অনান্য শাখাৰ ভিক্তি হিচাপে ক্ৰিয়া কৰে।

    2. জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট্যক বিবেচনা কৰি কেনেদৰে শ্ৰেণীবিভাজনৰ বৰ্গাকৰণ কৰিবা?

    উত্তৰঃ বৰ্গীকৰণৰ উদ্দেশ্যে ব্যৱহাৰ কৰিবলগীয়া দুটা চৰিত্ৰৰ ক্ষেত্ৰত এটা চৰিত্ৰ আনটোৰ ওপৰত নিৰ্ভৰশীল হ’ব লাগিব তেতিয়াহে প্ৰথমটোক দ্বিতীয়টোৰ অধীনত স্থান প্ৰদান কৰিব পাৰি।

    3. জীৱ জগতৰ পঞ্চ ৰাজ্য বিভাজনৰ ভিক্তিসমূহ নিৰ্ণয় কৰা ।

    উত্তৰঃ 1959 চনত আমেৰিকাৰ জীৱবিজ্ঞানী আৰ এইচ হোৱাইটেকাৰে জীৱ জগতৰ পঞ্চৰাজ্য ধাৰণা আগবঢ়াইছিল।

    এই পঞ্চৰাজ্য বিভাজনৰ ভিক্তিসমূহ হ’লঃ

    (i) কোষৰ প্ৰকোষকেন্দ্ৰীয়-সংকোষকেন্দ্ৰীয় গঠন।

    (ii) কোষীয় সংগঠন এককোষী নে বহুকোষী।

    (iii) কোষৰ কোষবেৰ আছেনে নাই।

    (iv) পৰিপুষ্টি আহৰণ-সালোক সংশ্লেষণৰ দ্বাৰা নে (স্বপুষ্ট) পৰিৱেশৰ পৰা (পৰপিষ্ট)।

    4. উদ্ভিদ ৰাজ্যৰ মুখ্য উপ বিভাগসমূহ কি কি? এইবিলাক কিহৰ ওপৰত ভিক্তি কৰি বিভাজন কৰা হৈছে?

    উত্তৰঃ উদ্ভিদ ৰাজ্যৰ মুখ্য উপ বিভাগসমূহ হৈছেঃ

    সমাংদেহী উদ্ভিদ, মচ জাতীয় উদ্ভিদ, ঢেঁকীয়া জাতীয় উদ্ভিদ, নগ্নবীজী উদ্ভিদ, গুপ্তবীজী উদ্ভিদ।

    বিভাজন কৰাৰ ভিক্তিঃ

    (i) উদ্ভিদদেহ বিভিন্ন অংশত ভিভক্ত হৈছেনে নাই অথবা ই এক সমাংদেহী উদ্ভিদ নেকি।

    (ii) পানী আৰু খনিজ পদাৰ্থৰ পৰিবহণৰ বাবে বিভিন্ন অংশত বিভক্ত উদ্ভিদদেহৰ বিশেষ কলা (সংবহন কলা) আছে নেকি।

    (iii) উদ্ভিদৰ বীজ আছে নে নাই।

    (iv) বীজ থকাৰ ক্ষেত্ৰত, এয়া ফলৰ ভিতৰত আবদ্ধ হৈ আছে নে নাই।

    5. উদ্ভিদ ৰাজ্যৰ শ্ৰেণীবিভাজন কৰা ভিক্তিসমূহ আৰু শ্ৰেণীবিভাজনৰ ভিক্তিসমূহৰ মাজৰ প্ৰভেদ কি?

    উত্তৰঃ দেহৰ সংগঠন, পৰিবহণ কলালন্ত্ৰৰ উপস্থিতি বা অণুপস্থিতি, বীজ ধাৰণৰ ক্ষমতা, বীজটো ফলৰ আবদ্ধ হয়নে নহয় তাৰ ওপৰত উদ্ভিদ ৰাজ্যৰ শ্ৰেণীবিভাজন নিৰ্ভৰশীল। আনহাতে, প্ৰাণীসমূহৰ বিস্তৃতি আৰু দেহ গঠনৰ ভিন্নতাৰ ওপৰত নিৰ্ভৰ কৰি ইহঁতৰ পুনৰায় শ্ৰেণীবিভাজন কৰা হৈছে।

    6. মেৰুদণ্ডী প্ৰাণীসমূহৰ উপবিভাজন কেনেকৈ কৰা হৈছে ব্যাখ্যা কৰা ।

    উত্তৰঃ মেৰুদণ্ডী প্ৰাণীসমূহৰ দ্বিপাৰ্শ্বভাৱে সমমিত, ত্ৰি-স্তকীয়, দেহগহ্বযুক্ত আৰু দেহ ভিন ভিন কলা আৰু অংশ প্ৰত্যংগত বিভক্ত। সৰলৰ পৰা জটিল গঠনৰ ভিক্তিত আৰু সিহঁতৰ কাৰ্যৰ ভিক্তিত মেৰুদণ্ডী প্ৰাণীসমূহৰ উপবিভাজন কৰা হৈছে। উদাহৰণস্বৰুপে আটাইবোৰ উপবিভাগৰ হূদযন্ত্ৰৰ কোঠালিৰ বিষয়ে বিবেচনা কৰি আমি পাওঁ যে মাছৰ 2টা কোঠালিবিশিষ্ট হূদযন্ত্ৰ থাকে, আনহাতে পক্ষী আৰু স্তন্যপায়ী প্ৰাণূৰ চাৰিটা কোঠালিযুক্ত হূদযন্ত্ৰ থাকে।

    Class 9 Science NCERT Textbook – Page 80

    1. আমি জীৱবিলাকৰ কিয় শ্ৰেণীবিভাজন কৰোঁ?

    উত্তৰঃ সকলো জীৱক পৃথকভাৱে অধ্যয়ন কৰাটো সম্ভৱ নহয়। সেয়ে, সাদৃশ্য আৰু ভিন্নতাৰ ভিক্তিত সিহঁতক ক্ষুদ্ৰ বা বৃহৎ গোটত অন্তৰ্ভূক্ত কৰি আমি জীৱবিলাকৰ শ্ৰেণীবিভাজন কৰোঁ।

    2. তোমাৰ চৰিওপাশে থকা বিভিন্ন, জীৱবিলাকৰ মাজত দেখা পোৱা পাৰ্থক্যবিলাকৰ তিনিটা উদাহৰণ দিয়া।

    উত্তৰঃ তোমাৰ চৰিওপাশে থকা বিভিন্ন, জীৱবিলাকৰ মাজত দেখা পোৱা পাৰ্থক্যবিলাকৰ তিনিটা উদাহৰণ হ’ল-

    (i) জীৱন কালঃ প্ৰত্যেক জীৱৰ নিৰ্দিষ্ট জীৱন কাল আছে। যেনেঃ মহে মাত্ৰ কেইদিনমানহে জীয়াই থাকে আনহাতে কিছুমান সৰল গছে হাজাৰ হাজাৰ বছৰ জীয়াই থাকে।

    (ii) আকাৰঃ জীৱভেদে আকাৰৰ ভিন্নতা থাকে। উদাহৰণস্বৰুপ, আণুবীক্ষণিক বেক্টেৰিয়াৰ আকাৰ কেইমাক্ৰমিটাৰ মানহে, আনহাতে নীলা তিমি মাছৰ দৈৰ্ঘ্য 30 মিটাৰ।

    (iii) বৰণঃ বিভিন্ন জীৱৰ মাজত ৰঙৰ ভিন্নতা পৰিলক্ষিত হয়। ইহঁত বৰণহীন বা স্বচ্ছ হ’ব পাৰে (যেনে- কৃমি, পেলু আদি) অথবা উজ্জ্বল বৰণৰ হ’ব পাৰে (যেনে- ফুল, চৰাই আদি)।

    Class 9 Science NCERT Textbook – Page 82

    1. জীৱজগতৰ শ্ৰেণীবিভাজন কৰোতে কোটো চৰিত্ৰগত বৈশিষ্ট্যক বেচি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিবা?

    (ক) সিহঁতে বসবাস কৰা স্থানক ?

    (খ) সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক? আৰু কিয়?

    উত্তৰঃ সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক । কাৰণ, একে আৱাসত থকা জীৱবোৰৰ অনৱব গঠন, খাদ্যভাস আদিৰ ক্ষেত্ৰত ভিন্নতা থাকে।

    2. জীৱজগতৰ শ্ৰেণীবিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো কি?

    উত্তৰঃ জীৱজগতৰ শ্ৰেণীবিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো হ’ল- ‘কোষৰ প্ৰকাৰ’।

    3. কি চৰিত্ৰগত বৈশিষ্ট্যগত ভিক্তি কৰি উদ্ভিদ আৰু প্ৰাণীবিলাকক দুটা পৃথক ভাগত স্থান দিয়া হৈছে?

    উত্তৰঃ পৰিপুষ্টিৰ আধাৰত অৰ্থাৎ নিজৰ আহাৰ নিজে প্ৰস্তুত কৰাৰ ক্ষমতা অথবা বহঃউৎসৰ পৰা খাদ্য আহৰণৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদ আৰু প্ৰাণীবিলাকক দুটা পৃথক ভাগত স্থান দিয়া হৈছে।

    Class 9 Science NCERT Textbook – Page 83

    1. কোনবোৰ জীৱক নিম্নস্তৰীয় জীৱ বুলি কোৱা হয় আৰু এইবোৰ উচ্চস্তৰীয় জীৱবোৰৰ পৰা কিদৰে পৃথক?

    উত্তৰঃ যিবোৰ জীৱ প্ৰাচীন কোষীয় সংগঠন বা দৈহিক আৰ্হি আছে আৰু সঠিকভাৱে পৰিৱৰ্তন হোৱা নাই সেইবোৰক নিম্নস্তৰীয় জীৱ বুলি কোৱা হয় । নিম্নস্তৰীয় জীৱবোৰ উচ্চস্তৰীয় জীৱবোৰতকৈ ভন্ন কিয়নো নিম্নস্তৰীয় জীৱৰ দেহৰ গঠন সৰল, ইয়াৰ বিপৰীতে উচ্চস্তৰীয় জীৱবোৰৰ দ্হৰ গঠন অধিক জটিল।

    2. উচ্চস্তৰীয় জীৱ জটিল জীৱসমূহৰ দৰে একেইনে? যদি হয়। কি

    উত্তৰঃ হয়, উচ্চস্তৰীয় জীৱসমূহক জটিল জীৱ বুলিও কোৱা হয়।

    যিহেতু বিৱৰ্তনৰ জৰিয়তে আৰ্হিৰ জটিলতা বৃদঅধিৰ সম্ভাৱনা থাকে, গতিকে বৰ্তি থাকিবৰ বাবে বিৱৰ্তনকালত উচ্চস্তৰীয় জীৱই জটিল গঠন আহৰণ কৰিব পাৰে বুলি ক’লে ভুল কোৱা নহ’ব।

    Class 9 Science NCERT Textbook – Page 85

    1. মনেৰা আৰু প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকক কি নিৰ্ণায়ক চৰিত্ৰৰ ওপৰত ভিক্তি কৰি বিভক্ত কৰা হৈছে?

    উত্তৰঃ মনেৰা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকক নিন্মোক্ত নিৰ্ণায়ক চৰিত্ৰৰ ওপৰত ভিক্তি কৰি বিভক্ত কৰা হৈছেঃ

    (ক) এককোষী জীৱ

    (খ) প্ৰকোষকেন্দ্ৰীয় জীৱ

    প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকক নিন্মোক্ত নিৰ্ণায়ক চৰিত্ৰৰ ওপৰত ভিক্তি কৰি বিভক্ত কৰা হৈছেঃ

    (ক)এককোষী জীৱ

    (খ) সংকোষকেন্দ্ৰীয় জীৱ

    2. সালোক সংশ্লেষণ সংঘটিত কৰিব পৰা সংকোষকেন্দ্ৰীয় কোষৰে গঠিত এককোষী জীৱবিবোৰক তুমি কোনটো ৰাজ্যত অন্তভূক্ত কৰিবা?

    উত্তৰঃ সালোক সংশ্লেষণ সংঘটিত কৰিব পৰা সংকোষকেন্দ্ৰীয় কোষৰে গঠিত এককোষী জীৱবিবোৰক আমি প্ৰটিষ্টা ৰাজ্যত কৰিম। । যেনেঃ এককোষী সালোক সংশ্লেষণকাৰী শেলাই ।

    3. শ্ৰেণীবিভাজনৰ বৰ্গানুক্ৰমে একে বৈশিষ্ট্যসূচক চৰিত্ৰৰ জীৱবিলাকত কোনটো বৰ্গানুক্ৰমত আটাইতকৈ কম সংখ্যক আৰু বৰ্গানুক্ৰমত আটাইতকৈ বেচি সংখ্যক জীৱ অন্তভূক্ত হয়?

    উত্তৰঃ প্ৰজাতিৰ অন্তৰ্গত সৰ্বাধিক সংখ্যক সাধাৰণ বৈশিষ্ট্যসম্পন্ন আটাইতকৈ কমসংখ্যক জীৱ অন্তভূক্ত হয় আৰু ৰাজ্যত আটাইতকৈ বেচিসংখ্যক জীৱ অন্তভূক্ত হয় ।

    Class 9 Science NCERT Textbook – Page 88

    1. উদ্ভিদ জগতৰ কোনটো বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল?

    উত্তৰঃ উদ্ভিদ জগতৰ সমাঙ্গদেহী উদ্ভিদ বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল।

    2. ঢেঁকীয়া জাতীয় উদ্ভিদখিনি সপুষ্পক উদ্ভিদৰ পৰা কি ক্ষেত্ৰত পৃথক?

    উত্তৰঃ ঢেঁকীয়া জাতীয় উদ্ভিদ আৰু সপুষ্পক উদ্ভিদৰ মাজৰ পাৰ্থক্য কেইটা হ’ল-

    ক্ৰমিক

    নং

    পাৰ্থক্যৰ

    ভিক্তি

    ঢেঁকীয়া জাতীয় উদ্ভিদ

    সপুষ্পক উদ্ভিদ

    (i)

    ভ্ৰুণ

    ইহঁতৰ নগ্ন ভ্ৰুণ থাকে।

    ইহঁতৰ বীজত ভ্ৰুণৰ সৈতে সঞ্চিত খাদেয থাকে।

    (ii)

    প্ৰজনন

    অংগ

    প্ৰজনন অংগসমূহ অন্তনিৰ্হিতভাৱে থাকে বা এয়া অস্পষ্ট।

    প্ৰজনন অংগসমূহ সুনিৰ্দিষ্ট।

    (iii)

    সংবহন কলা

    পানীৰ পৰিবহণৰ বাবে বিশেষ কলা থাকে কিন্ত সুবিকশিত নহয়।

    সুবিকশিত সংবহন কলা থাকে।

    3. নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদৰ মাজত থকা ইটোৰ লগত সিটোৰ পাৰ্থক্য কি?

    উত্তৰঃ নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদৰ মাজত থকা ইটোৰ লগত সিটোৰ পাৰ্থক্যসমূহ হ’লঃ

    ক্ৰমিক

    নং

    পাৰ্থক্যৰ

    ভিক্তি

    নগ্নবীজী উদ্ভিদ

    গুপ্তবীজী উদ্ভিদ

    (i)

    বীজ

    বীজবোৰ উন্মুক্তভাৱে থাকে।

    বীজবোৰ ফলৰ ভিতৰত থাকে।

    (ii)

    যৌন অংগ

    পুং আৰি স্ত্ৰীজনন অংগসমূহ ৰেণুত্ৰত থাকে আৰু ৰেণুপত্ৰই সংলগ্ন হৈ শংকু গঠন কৰে।

    পুং আৰি স্ত্ৰীজনন অংগসমূহ ফুলত থাকে।

    (iii)

    ফুল

    ফুল নাথাকে।

    পুং, স্ত্ৰী বা উভলিংগী ফুল থাকে।

    Class 9 Science NCERT Textbook – Page 94

    1. ৰন্ধ্ৰীপ্ৰাণীসমূহক একনলদেহী প্ৰাণী সমূহৰ পৰা কিদৰে পাৰ্থক্য কৰিব পাৰি?

    উত্তৰঃ ৰন্ধ্ৰীপ্ৰাণী আৰু একনলদেহী প্ৰাণীৰ পাৰ্থক্য হ’লঃ

    ক্ৰমিক

    নং

    পাৰ্থক্যৰ

    ভি

    ৰন্ধ্ৰীপ্ৰাণী

    একনলদেহী প্ৰাণী

    (i)

    ৰন্ধ্ৰ

    সমগ্ৰ দেহত ৰন্ধ্ৰ থকা এই প্ৰাণী বোৰ স্থিতিশীল।

    ৰন্ধ্ৰ নাথাকে কিন্ত দেহত এটা গহ্বৰ থাকে।

    (ii)

    নলিকা

    তন্ত্ৰ

    সমগ্ৰ দেহত পানী সঞ্চালনৰ বাবে নলিকা তন্ত্ৰ আছে।

    নলীকা তন্ত্ৰ নাথাকে।

    (iii)

    দেহ

    সংগঠন

    দেহৰ সংগঠন সৰল।

    দেহৰ সংগঠন জটিল।

    (iv)

    সামুদ্ৰিক

    ইহঁতে সাধাৰণতে সাগৰত বাস কৰে।

    ইহঁতে সংবদ্ধভাৱে(প্ৰবাল) বা এককভাৱে (হাইড্ৰা) পানীত থাকে।

    (v)

    বহিঃকংকাল

    বহিঃকংকাল থাকে।

    বহিঃকংকাল নাথাকে।

    (vi)

    উদাহৰণ

    স্পঞ্জিলা, চাইকন ইত্যাদি।

    হাইড্ৰা, জেলীমাছ ইত্যাদি।

    2. কেনেকৈ বলয়ীদেহী প্ৰাণীসমূহক সন্ধীপদী প্ৰাণীসমূহৰ পৰা পাৰ্থক্য কৰিব পৰি ?

    উত্তৰঃ বলয়ীদেহী প্ৰাণী আৰু সন্ধিপদী প্ৰাণীৰ মাজৰ পাৰ্থক্যসমূহ হ’ল-

    ক্ৰমিক

    নং

    পাৰ্থক্যৰ

    ভিক্তি

    বলয়ীদেহী প্ৰাণী

    সন্ধিপদী প্ৰাণী

    (i)

    প্ৰতিসাম্যতা

    ইহঁত দ্বিপাৰ্শ্বীয়ভাৱে প্ৰতিসম আৰু ত্ৰিস্তকীয়।

    দ্বিপাৰ্শ্বীয়ভাৱে প্ৰতিসম আৰু খণ্ডিত।

    (ii)

    সঞ্চালন

    তন্ত্ৰ

    ইহঁতৰ বন্ধ সঞ্চালন তন্ত্ৰ আছে।

    ইহঁতৰ মুক্ত সঞ্চালন

    তন্ত্ৰ আছে।

    (iii)

    দেহগহ্বৰ

    দেহগহ্বৰ তেজেৰে পূৰ্ণ হৈ নাথাকে।

    দেহগহ্বৰ তেজেৰে পূৰ্ণ হৈ থাকে।

    (iv)

    উদাহৰণ

    কেঁচু আৰু জোক।

    পখিলা, মাখি, মকৰা, কেঁকোৰা ইত্যাদি।

    3. উভচৰ আৰু সৰীসৃপ প্ৰাণীসমূহৰ মাজত পাৰ্থক্য কি?

    উত্তৰঃ উভচৰ আৰু সৰীসৃপ প্ৰাণীসমূহৰ মাজৰ পাৰ্থক্যসমূহ হ’লঃ

    ক্ৰমিক

    নং

    পাৰ্থক্যৰ

    ভিক্তি

    উভচৰ

    সৰীসৃপ

    (i)

    বাকলি

    ইহঁতৰ বহিঃচ্ছদীয় বাকলি নাথাকে কিন্ত ছালত শ্লেষ্মা গ্ৰন্থি থাকে।

    ইহঁতৰ বহিঃচ্ছদীয় বাকলি থাকে।

    (ii)

    শ্বাসক্ৰিয়া

    ইহঁতে জলক্লোম বা হাওঁফাওঁৰ জৰিয়তে শ্বাসক্ৰিয়া সম্পন্ন কৰে।

    ইহঁতে হাওঁফাওঁৰ জৰিয়তে শ্বাসক্ৰিয়া সম্পন্ন কৰে।

    (iii)

    হৃদযন্ত্ৰ

    ইঙঁতৰ তিনিটা কোঠালিযুক্ত হৃদযন্ত্ৰ থাকে।

    ইহঁতৰ বেছিভাগৰে চিনিটা কোঠালিযুক্ত হৃদযন্ত্ৰ আছে, অৱশ্যে ঘঁৰিয়ালৰ চাৰিটা কোঠালিযুক্ত হৃদযন্ত্ৰ থাকে।

    (iv)

    কণী

    ইহঁতৰ কণী ৰ টান আৱৰণ নাথাকে।

    ইহঁতৰ কণী ৰ টান আৱৰণ থাকে।

    (v)

    কণী পৰা

    ঠাই

    ইহঁতে পানীত কণী পাৰে।

    ইহঁতে পানীত কণী নাপাৰে।

    (vi)

    উদাহৰণ

    ভেকুলী, চালামাণ্ডাৰ ইত্যাদি।

    সাপ, কাছ, জেঠী, ঘঁৰিয়াল ইত্যাদি।

    4. পক্ষী শ্ৰেণীৰ অন্তভূক্ত প্ৰাণীসমূহ আৰু স্তনপায়ীৰ প্ৰাণীসমূহৰ মাজত পাৰ্থক্য কি কি ?

    উত্তৰঃ পক্ষী আৰু স্তনপায়ী প্ৰাণীৰ মাজৰ পাৰ্থক্যসমূহ হ’লঃ

    ক্ৰমিক

    নং

    পাৰ্থক্যৰ

    ভিক্তি

    পক্ষী

    স্তন্যপায়ী প্ৰাণী

    (i)

    পাখি বা

    নোম

    ইহঁতৰ দেহ পাখিৰে আবৃত।

    ইহঁতৰ পাখি নাথাকে। ইহঁতৰ ছালত নামৰ লগতে ঘৰ্মগ্ৰন্থি আৰু তৈলগ্ৰন্থি থাকে।

    (ii)

    অগ্ৰপদ

    উৰণ কাৰ্যৰ বাবে ইহঁতৰ অগ্ৰপদ ডেউকালৈ ৰুপান্তৰিত হয়।

    অগ্ৰপদ উৰণৰ বাদে অন্য উদ্দেশ্যৰ বাবে ৰুপান্তৰিত হয়।

    (iii)

    কণী পাৰে

    ইহঁতে কণী পাৰে।

    বেছিভাগ স্তনপায়ী প্ৰাণীয়ে সন্তান প্ৰসৱ কৰে।

    (iv)

    দুগ্ধ গ্ৰন্থি

    দুগ্ধ গ্ৰন্থি নাথাকে।

    দুগ্ধ গ্ৰন্থি থাকে। গতিকে, সন্তানৰ লালন-পালনৰ বাবে ইহঁতে দুগ্ধক্ষৰণ কৰে।

    (v)

    উদাহৰণ

    মুৰ্গী, কাউৰী, ফেঁচা, উটপক্ষী ইত্যাদি।

    মানুহ, মেকুৰী, কাউৰি, বাদুলী ইত্যাদি।

    Vibrant Note Box
    Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
    নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ৭ (জীৱৰ বিচিত্রতা) – সঘনাই সোধা প্ৰশ্ন (FAQs)
    জীৱৰ বিচিত্রতা পাঠটিত মূলতঃ কিহৰ বিষয়ে আলোচনা কৰা হৈছে?
    নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত এই পাঠটিত মূলতঃ জীৱজগতৰ শ্ৰেণীবিভাজনৰ আধাৰ, পাঁচ ৰাজ্যৰ শ্ৰেণীবিভাজন, আৰু উদ্ভিদ তথা প্ৰাণী জগতৰ বিভিন্ন পৰ্বসমূহৰ বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰা হৈছে।
    এই পাঠ্যভিত্তিক সমাধানত বিভিন্ন পৰ্বৰ বৈশিষ্ট্যসমূহ অন্তৰ্ভুক্ত আছেনে?
    হয়, ইয়াত উদ্ভিদ জগত আৰু প্ৰাণী জগতৰ প্ৰতিটো পৰ্বৰ (যেনে- পৰিফেৰা, সন্ধিপদী, স্তন্যপায়ী আদি) মূল বৈশিষ্ট্য আৰু উদাহৰণসমূহ সহজ ভাষাত অন্তৰ্ভুক্ত কৰা হৈছে।
    এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
    হয়, এই সকলোবোৰ সমল আগন্তুক পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
    পৰীক্ষাত এই পাঠৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে?
    নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা বিভিন্ন শ্ৰেণীৰ মাজৰ পাৰ্থক্য (যেনে- উভচৰ আৰু সৰীসৃপ), নিৰ্দিষ্ট প্ৰাণী বা উদ্ভিদৰ পৰ্ব চিনাক্তকৰণ, আৰু বৈজ্ঞানিক নাম লিখাৰ নিয়ম সম্পৰ্কীয় প্ৰশ্ন আহিব পাৰে।

    EduAssam Solution App

    Your complete digital learning solution.

    Free Notes Mock Tests Q-Bank
    Download Now
    10k+ Students

    Leave a Comment

    Your email address will not be published. Required fields are marked *

    Shopping Cart
    Scroll to Top