Class 9 Science Chapter 13 Solution – আমি অসুস্থ হওঁ কিয়? | SEBA Assam

    নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ১৩ – মই অসুস্থ হওঁ কিয়? – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)

    নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ১৩ – মই অসুস্থ হওঁ কিয়? সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

    নৱম শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ ত্ৰয়োদশ অধ্যায় ‘মই অসুস্থ হওঁ কিয়?’ (Why Do We Fall Ill) জীৱবিজ্ঞান আৰু জনস্বাস্থ্যৰ এক অতি অপৰিহাৰ্য পাঠ। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 9 Science Chapter 13 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ধাৰণাগত পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

    ‘মই অসুস্থ হওঁ কিয়?’ নামৰ এই পাঠটিত স্বাস্থ্যৰ ধাৰণা, স্বাস্থ্যৱান আৰু ৰোগমুক্ত হোৱাৰ মাজৰ পাৰ্থক্য, ৰোগৰ প্ৰকাৰ (তীব্ৰ আৰু দীৰ্ঘদিনীয়া ৰোগ), আৰু সংক্ৰামক তথা অসংক্ৰামক ৰোগৰ বিষয়ে সুন্দৰভাৱে আলোচনা কৰা হৈছে। লগতে বিভিন্ন বীজাণু (ভাইৰাছ, বেক্টেৰিয়া, ভেঁকুৰ), ৰোগ সঞ্চালনৰ মাধ্যম, চিকিৎসাৰ নীতি আৰু প্ৰতিৰোধৰ ব্যৱস্থা (টীকাকৰণ) আদিৰ বিষয়েও বহলাই বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৰোগৰ কাৰণ আৰু ইয়াৰ প্ৰতিৰোধৰ উপায়সমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে।

    অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
    Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

    এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

    • স্বাস্থ্যৰ সংজ্ঞা আৰু ব্যক্তিগত তথা সামাজিক স্বাস্থ্যৰ মাজৰ সম্পৰ্কৰ বিস্তৃত বিশ্লেষণ।
    • তীব্ৰ (Acute) আৰু দীৰ্ঘদিনীয়া (Chronic) ৰোগৰ পাৰ্থক্য, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ নিৰ্দোষ উত্তৰ।
    • সংক্ৰামক ৰোগৰ সঞ্চালনৰ বিভিন্ন মাধ্যম (বায়ু, পানী, সংস্পৰ্শ) আৰু ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
    • চিকিৎসাৰ নীতি আৰু প্ৰতিৰোধৰ সাধাৰণ তথা বিশেষ নীতিসমূহৰ (টীকাকৰণ) সম্পূৰ্ণ ধাৰণা।
    • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

    অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

    • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
    • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 9 Science Assamese Notes)।
    • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
    • মই অসুস্থ হওঁ কিয়? পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

    ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

    Vibrant Note Box
    Buy Printable PDF
    Class 9 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
    Class 9 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
    Original price was: ₹199.00.Current price is: ₹39.00.

    Download Class 9 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and additional practice questions for SEBA Assam 2025-26.

    Vibrant Note Box
    Chapter 13 – “আমি অসুস্থ হওঁ কিয়?”

    Class 9 Science Chapter 13 Question answer in Assamese medium

    NCERT Solutions For Class 9 Science Chapter 13 Why do we fall ill
    আমি অসুস্থ হওঁ কিয়?
    Class 9 Science NCERT Textbook – 178

    1. সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা।

    উত্তৰঃ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা হ’লঃ

    (i) পুষ্টিকৰ আহাৰ সুস্বাস্থ্যৰ বাবে অতিশয় প্ৰসোজনীয় । সেয়ে পুষ্টিকৰ আহাৰৰ বাবে টনকিয়াল অৰ্থনৈতিক অৱস্থা আৰু সংস্থাপন অত্যন্ত গুৰুত্বপূৰ্ণ ।

    (ii) সুখী হৈ থাকিবৰ বাবে সামাজিক সমতা আৰু ঐক্যতা অতি প্ৰয়োজনীয় ।

    2. ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা উল্লেখ কৰা ।

    উত্তৰঃ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা হ’লঃ

    a) পৰিস্কাৰ-পৰিচ্ছন্ন পৰিৱেশত বসবাস কৰা ।

    b) পৰ্যাপ্ত পৰিমাণে সম্তুলিত আহাৰ গ্ৰহণ কৰা উচিত ।

    3. ওপৰৰ দুয়োটা প্ৰশ্নৰ উত্তৰৰ একেধৰণৰ নে বেলেগ ? কিয় ?

    উত্তৰঃ নহয়, ওপৰৰ দুয়োটা প্ৰশ্নৰ উত্তৰ নহয় । কাৰণ, নিৰোগী অৱস্থাই সদায় সুস্বাস্থ্য উপলদ্ধ নকৰে । কোনো এজন ব্যক্তি নিৰোগী হ’লেও তেওঁৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে ।

    অৱ্শ্যে যেতিয়া আমি স্বাস্থ্য সন্দৰ্ভত চিন্তা কৰো তেতিয়া আমি সমাজৰ লোকসকলে ভালদৰে কাম-বন , চলা-ফিৰা কৰা কথাটোক বুজো । কিন্তু যেতিয়া আমি ৰোগৰ বিষয়ে কথা পাতো তেতিয়া আমি কোনো এজন ব্যক্তিৰ ৰোগ বা বিসংগতিপূৰ্ণ অৱস্থাৰ বিষয়ে চিন্তা কৰোঁ । লগতে কোনো এজন ব্যক্তি নিৰোগী হ’ব পাৰে কিন্তু মানসিক সুস্বাস্থ্য বা সামাজিক স্বাস্থ্যৰ অধিকাৰী নহ’বও পাৰে ।

    Class 9 Science NCERT Textbook – 180

    1. তলৰ কোনটো ৰোগৰ কাৰণে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে ? যদি পাৰে কিয় ?

    • যদি তুমি জন্দিচত ভোগা,
    • ঝদি তোমাৰ ওকণি হয়,
    • যদি তোমাৰ শাইমইনা হয় ।

    উত্তৰঃ জণ্ডিছ, কাৰণ ই হৈছে এবিধ ক্ৰণিক ৰোগ আৰু ইয়াৰ পৰা আৰোগ্য হ’বলৈ অধিক সময়ৰ প্ৰয়োজন হয় । জণ্ডিছ ৰোগে আমাৰ দেহৰ যকৃতত প্ৰভাৱ পেলায় আৰু পাচনতন্ত্ৰ দুৰ্বল কৰে । অৱশ্যে ই দ্ৰুত গতিত সংচাৰণ নকৰে । এই ৰোগৰ পৰা আৰোগ্য হ’বলৈ অধিক সময়ৰ প্ৰয়োজন হয় ।

    Class 9 Science NCERT Textbook – 187

    1. আমি অসুস্থ হ’লে কিয় স্বাদহীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে পৰামৰ্শ দিয়া হয় ?

    উত্তৰঃ এজন অসুস্থ ব্যক্তিৰ বাবে স্বাদহীন আৰু পুষ্টিকৰ খাদ্য অতিশয় প্ৰয়োজনীয় । ই বহিৰাগত মৌলৰ বাবে হোৱা ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ পুষ্টিদ্ৰব্য আৰু শক্তি যোগন ধৰে । ইয়াৰ ফলত দেহত থকা অসংক্ৰাম্যতন্ত্ৰই কম সময়ৰ ভিতৰত উপযুক্তভাৱে কাৰ্য সম্পাদন কৰে ।

    2. কি কি প্ৰক্ৰিয়াৰ দ্বাৰা সংক্ৰামক ৰোগসমূহ সঞ্চাৰিত হয় ?

    উত্তৰঃ সংক্ৰামক ৰোগসমূহ বিভিন্ন মাধ্যমেৰে সঞ্চাৰিত হয় । ইয়াৰ কিছুমান মাধ্যম হ’লঃ

    a) বায়ুঃ ওজন ৰোগাক্ৰান্ত ব্যক্তিয়ে পেলুৱা থু বা কাহৰ লগত অহা বীজাণুযুক্ত কিছুমান বিন্দু বা কণিকাই এজন সুস্থ মানুহক সংক্ৰমিত কৰে । অণুজীবোৰে নতুনকৈ সংক্ৰমণ কৰিবলৈ সুযোগ পায় । উদাহৰণস্বৰুপেঃ সাধা৩ৰণ পানী লগা, নিম’নিয়া আৰু যক্ষ্মা ।

    b) পানীঃ দূষিত পানীত ৰোগ সৃষ্টিকাৰী অণুজীৱসমূহ থাকে । এনে পানী খোৱাৰ ফলত মানৱ দেহত বীজাণুৱে আক্ৰমণ কৰে । উদাহৰণঃ কলেৰা ।

    c) প্ৰাণীঃ প্ৰাণীৱে ওজন অসুস্থ ব্যক্তিৰ পৰা সুস্থ ব্যক্তিলৈ ৰোগ সংক্ৰমণৰ অভিকৰ্তাসমূহ কঢ়িয়াই নিব পাৰে । এই প্ৰাণীসমূহ মধ্যৱৰ্তী কাৰক আৰু ইহঁতক বাহক বোলা হয়। উদাহৰণস্বৰুপেঃ মহ (মাইকী এনফিলিছ মহে মেলেৰিয়া ৰোগৰ সঞ্চাৰণ কৰে ।

    d) যৌন সম্পৰ্কঃ দুজন ব্যক্তিৰ মাজত হোৱা যৌন সম্পৰ্কই বিভিন্ন অণুজীৱীয় ৰোগৰ সৃষ্টি কৰে, যেনেঃ চিফিলিছ, এইডছ উত্যাদি ।

    3. তোমালোকৰ স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহ’বৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে ?

    উত্তৰঃ আমাৰ স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহ’বৰ বাবে বহুচো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হয় । যেনেঃ

    1. স্কুল চৌহদ পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰখা ।
    2. আটাইৰে বাবে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা আছে ।
    3. পৰিস্কাৰ শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা আছে ।
    4. কোনোৱে হাঁচিয়ালে বা কাহিলে ৰুমাল ব্যৱহাৰ কৰে ।

    (জিৰণিৰ সময় ভাল খাদ্য খাবলৈ পৰামৰ্শ দিয়া হয় )

    4. অসংক্ৰাম্যকৰণ কি ?

    উত্তৰঃ সাধাৰণতে কোনো অণুজীৱ বা ছিটাৰ দ্বাৰা প্ৰাণীদেহ আক্ৰান্ত হ’লে দেহত অসংক্ৰাম্যতাৰ সৃষ্টি হয় । প্ৰাণীদেহত থকা ৰোগী প্ৰতিৰোধী কোষবোৰে ৰোগৰ বীজাণুসমূহ ধ্বংস কৰি দেহক প্ৰতিৰক্ষা দিয়ে আৰু ভৱিষ্যতে যাতে এই বীজাণুবোৰে ৰোগ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে কিছুমান কোষ সঞ্চিত হৈ ৰয় । পৰৱৰ্তী আক্ৰমণৰ সময়ত এই সঞ্চিত কোষসমূহে আক্ৰমণকাৰী বীজাণুসমূহ ধ্বংস কৰে ।

    অনুশীলনী

    1. যোৱা এবছৰ ধৰি কিমানবাৰ তুমি অসুস্থ হৈছা? সেই বেমাৰবোৰ কি কি আছিল ?

    (a) বেমাহৰত অসুস্থ হওঁতে ইয়াৰ পৰা পৰিহাৰ পাবলৈ তোমাৰ অভ্যাসৰ কি কি পৰিৱৰ্তন হৈছিল ?

    (b) বেমাৰৰ পৰিহাৰৰ কাৰণে তোমাৰ পাৰিপাৰ্শ্বিকতাৰ কি সলনি হোৱাটো বিচাৰা?

    উত্তৰঃ

    (a) বেমাৰৰ পৰা পৰিহাৰ পাবলৈ পৰিবৰ্তন হোৱা অভ্যাসসমূহ হ’লঃ

    (i) দৈনন্দিন কাৰ্যকলাপত ব্যক্তিগত পৰিস্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখা ।

    (ii) পুষ্টিকৰ আহাৰ গ্ৰহণ, গৰম আৰু ফিল্টাৰ কৰা পানী ব্যৱহাৰ ।

    (iii) মহে যাতে কামুৰিব নোৱাৰে তাৰ বাবে প্ৰতিৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা আৰু মহৰ বৃদ্ধি ৰোধ কৰিবলৈ ঘৰৰ চৌহদত যাতে পানী জমা হৈ থাকিব নোৱাৰে তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ ।

    (iv) চৌপাশ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখা ।

    (b) বেমাৰৰ পৰিহাৰৰ বাবে বাঞ্চিত পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তনঃ

    পাৰিপাৰ্শ্বিক পৰিৱেশ বৰ্জ্য পদাৰ্থ বা জাবৰ-জোঁথৰ আৰু আবদ্ধ পানীৰ পৰা সম্পূৰ্ণভাৱে মুক্ত হোৱা উচিত ।

    2. এজন চিকিৎসক/নাৰ্চ/স্বাস্থ্যকৰ্মীয়ে আন মানুহৰ তুলনাত অসুস্থ মানুহৰ লগত বেছিকৈ মিলামিছা কৰি থাকে । নিজকে তেওঁ কেনেকৈ ৰোগৰ পৰা পৰিহাৰ পাইছে ?

    উত্তৰঃ এজন চিকিৎসক/নাৰ্চ/স্বাস্থ্যকৰ্মীয়ে নিজকে ৰোগৰ পৰা ৰক্ষা কৰাৰ উপায়সমূহ হ’ল-

    (i) ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা ।

    (ii) কোনো এজন ৰোগীৰ সংস্পৰ্শলৈ আহিলে ৰোগ বিয়পোৱা অণুজৈৱিক অভিকৰ্তাসমূহ যাতে বায়ু মাধ্যমৰ যোগেদি সংচাৰণ হ’ব নোৱাৰে তাৰ বাবে মুখা পৰিধান কৰিব লাগে।

    (iii) ৰোগীৰ সৈতে প্ৰত্যক্ষ দৈহিক সংযোগ নহ’বৰ বাবে হাতমোজা পৰিধান কৰিব লাগে ।

    (iv) দেহৰ অসংক্ৰাম্যতন্ত্ৰ শক্তিশালি কৰি ৰাখিবৰ বাবে পৰ্যাপ্ত পৰিমাণে পুষ্টিকৰ আহাৰ খাব লাগে ।

    (v) ৰোগ পৰীক্ষা কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে প্ৰতিষেধক ল’ব লাগে ।

    3. এটা শিশুৱে তাৰ পৰিচৰ্য্যাক অসুস্থতাৰ বিষয়ে একো ক’ব নোৱাৰে । এনে ক্ষেত্ৰত তুমি কি সহায় কৰিবা যে-

    (i) শিশুটো অসুস্থ হৈছ ।

    (ii) কতি কাৰণে অসুস্থ হৈছে ।

    উত্তৰঃ

    (i) ৰোগৰ কিছুমান লক্ষণৰ আৱিৰ্ভাৱ হৈছে অসুস্থতাৰ ইংগিত । লক্ষণসমূহ সাধাৰণতে কাহ, জ্বৰ, বমি, সংজ্ঞাহীনতা ইত্যাদি হ’ব পাৰে ।

    (ii) ৰোগৰ লক্ষণসমূহ পৰ্যবেক্ষণ কৰি আমি ৰোগৰ বিষয়ে এটা ধাৰণা কৰিব পাৰোঁ, যেনেঃ জ্বৰৰ সৈতে বা জ্বৰ নোহোৱাকৈ চকু আৰু প্ৰস্ৰাৱৰ ৰং হালধীয়া হোৱাটোৱে জণ্ডিছ ৰোগৰ আৰম্ভণি সূচায় । ইয়াৰ উপযুক্ত চিকিৎসাৰ বাবে নিদানিক পৰূক্ষা সম্পন্ন কৰা উচিত ।

    4. তলৰ কোনটো কাৰণত এজন ব্যক্তি বেছিকৈ বেমাৰত পৰিব-

    (i) যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈছে ।

    (ii) যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈ মাজু আই (Chicken Pox)ত ভোগা ৰোগীক পৰিচৰ্য্যা কৰে ।

    (iii) মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পাছত চাৰিদিনৰ বাবে লঘোনে থকা অৱস্থাত মাজু আইত আক্ৰান্ত ৰোগীক পৰিতৰ্য্যা কৰে ।

    উত্তৰঃ (iii)মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পাছত চাৰিদিনৰ বাবে লঘোনে থকা অৱস্থাত মাজু আইত আক্ৰান্ত ৰোগীক পৰিতৰ্য্যা কৰে ।

    5. তলৰ কোনটো কাৰণত তুমি বেমাৰত পৰিব পাৰা-

    (i) যেতিয়া তুমি পৰীক্ষাৰ কাৰণে বেছিকৈ অধ্যয়ন কৰা ।

    (ii) যেতিয়া তুমি বাছ আৰু ৰেলেৰে দুদিন একেৰাহে যাতেৰা কৰা ।

    (iii) যেতিয়া তোমাৰ সহপাঠী বন্ধু সৰু আই ৰোগত আক্ৰান্ত হয় । কিয়?

    উত্তৰঃ (iii)যেতিয়া তোমাৰ সহপাঠী বন্ধু সৰু আই ৰোগত আক্ৰান্ত হয়। কাৰণঃ সৰু আই হৈছে এবিধ সংচাৰী ৰোগ । এই ৰোগ সাধাৰণতে আক্ৰান্তচ ব্যক্তিৰ কাহ, হাঁচি, নাকৰ শেঙুন ইত্যাদিৰ লগত অহা বীজাণুযুক্ত বিন্দু বা কণিকাৰ দ্বাৰা সংচাৰণ ঘটে । বীজাণুবোৰ শ্বাসনলী বা চকুৰ কনজাংটিভাৰ জৰিয়তে প্ৰৱেশ কৰে ।

    Vibrant Note Box
    Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
    নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ১৩ (মই অসুস্থ হওঁ কিয়?) – সঘনাই সোধা প্ৰশ্ন (FAQs)
    মই অসুস্থ হওঁ কিয়? পাঠটিত মূলতঃ কিহৰ বিষয়ে আলোচনা কৰা হৈছে?
    নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত এই পাঠটিত মূলতঃ স্বাস্থ্যৰ ধাৰণা, স্বাস্থ্যৱান আৰু ৰোগমুক্ত হোৱাৰ মাজৰ পাৰ্থক্য, বিভিন্ন প্ৰকাৰৰ ৰোগ, ৰোগৰ কাৰকসমূহ, চিকিৎসাৰ নীতি আৰু প্ৰতিৰোধৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হৈছে।
    এই পাঠ্যভিত্তিক সমাধানত সংক্ৰামক ৰোগৰ প্ৰকাৰসমূহ অন্তৰ্ভুক্ত আছেনে?
    হয়, ইয়াত বিভিন্ন বীজাণুৰ (ভাইৰাছ, বেক্টেৰিয়া আদি) দ্বাৰা হোৱা সংক্ৰামক ৰোগসমূহৰ তালিকা আৰু সিহঁতৰ সঞ্চালনৰ পদ্ধতিসমূহৰ সহজ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
    এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
    হয়, এই সকলোবোৰ সমল আগন্তুক পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
    পৰীক্ষাত এই পাঠৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে?
    নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা তীব্ৰ আৰু দীৰ্ঘদিনীয়া ৰোগৰ পাৰ্থক্য, বেক্টেৰিয়াজনিত ৰোগত কিয় এন্টিবায়টিক কাম কৰে কিন্তু ভাইৰাছত নকৰে তাৰ কাৰণ, আৰু টীকাকৰণৰ (Vaccination) গুৰুত্ব সম্পৰ্কীয় প্ৰশ্ন আহিব পাৰে।

    EduAssam Solution App

    Your complete digital learning solution.

    Free Notes Mock Tests Q-Bank
    Download Now
    10k+ Students

    Leave a Comment

    Your email address will not be published. Required fields are marked *

    Shopping Cart
    Scroll to Top