নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ১৪ – প্ৰাকৃতিক সম্পদ – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)
নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ১৪ – প্ৰাকৃতিক সম্পদ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
নৱম শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ চতুৰ্দশ অধ্যায় ‘প্ৰাকৃতিক সম্পদ’ (Natural Resources) পৰিৱেশ বিজ্ঞানৰ এক অতি গুৰুত্বপূৰ্ণ পাঠ যিয়ে আমাক প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ বিষয়ে অৱগত কৰে। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 9 Science Chapter 14 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ধাৰণাগত পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘প্ৰাকৃতিক সম্পদ’ নামৰ এই পাঠটিত বায়ুমণ্ডল, জলমণ্ডল আৰু স্থলমণ্ডলৰ দ্বাৰা গঠিত জীৱমণ্ডলৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। পাঠটিত বায়ুৰ ভূমিকা (বতাহ আৰু বৰষুণৰ সৃষ্টি), বায়ু প্ৰদূষণ, পানীৰ প্ৰয়োজনীয়তা, জল প্ৰদূষণ, আৰু মাটিৰ গঠন তথা ইয়াৰ প্ৰদূষণৰ বিষয়ে সুন্দৰ বৰ্ণনা কৰা হৈছে। লগতে প্ৰকৃতিৰ বিভিন্ন জৈৱ-ভূ-ৰাসায়নিক চক্ৰসমূহ যেনে- জল চক্ৰ, নাইট্ৰ’জেন চক্ৰ, কাৰ্বন চক্ৰ আৰু অক্সিজেন চক্ৰৰ লগতে অ’জন স্তৰৰ ক্ষয়িভৱনৰ বিষয়েও বহলাই আলোচনা কৰা হৈছে। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- বায়ুমণ্ডলৰ ভূমিকা আৰু বতাহ-বৰষুণ সৃষ্টি হোৱাৰ বৈজ্ঞানিক বিশ্লেষণ।
- বায়ু, পানী আৰু মাটিৰ প্ৰদূষণৰ কাৰণ তথা ইয়াৰ প্ৰতিৰোধৰ উপায়সমূহ, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ নিৰ্দোষ উত্তৰ।
- নাইট্ৰ’জেন চক্ৰ, কাৰ্বন চক্ৰ আৰু জল চক্ৰৰ দৰে গুৰুত্বপূৰ্ণ জৈৱ-ভূ-ৰাসায়নিক চক্ৰৰ সহজ তথা মান্য সমাধান।
- গ্ৰীণ হাউচ প্ৰভাৱ (Greenhouse Effect) আৰু অ’জন স্তৰৰ গুৰুত্ব তথা ইয়াৰ বিনাশৰ ফলাফলৰ সম্পূৰ্ণ ধাৰণা।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 9 Science Assamese Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- প্ৰাকৃতিক সম্পদ পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 9 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Download Class 9 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and additional practice questions for SEBA Assam 2025-26.
Class 9 Science Chapter 14 Question answer in Assamese medium
NCERT Solutions For Class 9 Science Chapter 14 Natural Resource
প্ৰাকৃতিক সম্পদ
Class 9 Science NCERT Textbook – 194
1. আমাৰ পৃথিৱীৰ বায়ুমণ্ডল শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলৰ মাজত পাৰ্থক্য কেনে ধৰণৰ?
উত্তৰঃ পৃথিৱীৰ বায়ুমণ্ডলত নাইট্ৰ’জেন, অক্সিজেন, কাৰ্বন ডাই-অক্সাইড, জলীয় বাষ্পৰ লগতে অন্যান্য গেছ মিহলি হৈ থাকে । এই গেছসমূহে জীৱবিলাকৰ জীৱন ধাৰণত সহায় কৰে । কিন্তু শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলে জীৱৰ জীৱন ধাৰণত সহায় নকৰে কিয়নো ইহঁতৰ বায়ুমণ্ডলত প্ৰায় 95-97 শতাংশ কাৰ্বন ডাই-অক্সাইড থাকে ।
2. বায়ুমণ্ডলে এখন কম্বলৰ দৰে কেনেকৈ কাম কৰে?
উত্তৰঃ বায়ু হৈছে তাপৰ কুপৰিবাহী আৰু সেয়ে দিনৰ ভাগত পৃথিৱীৰ গড় উষ্ণতা স্থিৰ কৰি ৰাখে । দিনৰ ভাগত আচম্বিতে উষ্ণতা বৃদ্ধি হোৱাটো ই প্ৰতিৰোধ কৰে আৰু ৰাতিৰ ভাগত মহাকাশলৈ তাপৰ নিৰ্গমন প্ৰক্ৰিয়া লেহেমীয়া কৰে । এনেদৰে, বায়ুমণ্ডলে পৃথিৱীক এখন কম্বলৰ দৰে আৱৰি ৰাখে ।
3. বতাহে কি সৃষ্টি কৰে?
উত্তৰঃ ভূ-পৃষ্ঠৰ অসমান উত্তাপনৰ বাবে বতাহৰ সৃষ্টি হয় । দিনৰ ভাগত উপকূলৱৰ্তী অঞ্চলৰ স্থলভাগৰ বতাহ খৰতকীয় ভাৱে উত্তপ্ত হোৱা বাবে উৰ্দ্ধদিশত গতি কৰে । বায়ুৰে উৰ্দ্ধদিশত গতি কৰাৰ বাবে নিম্ন চাপ বিশিষ্ট অঞ্চলৰ সৃষ্টি হয় আৰু সাগৰৰ উপৰিভাগৰ বায়ু এই নিম্ন চাপ বিশিষ্ট অঞ্চললৈ গতি কৰে । এনেদৰে বতাহে উচ্চ চাপ বিশিষ্ট অঞ্চলৰ পৰা নিম্ন চাপ বিশিষ্ট অঞ্চললৈ গতি কৰাৰ বাবে বতাহৰ সৃষ্টি হয় ।
4. ডাৱৰ কেনেকৈ সৃষ্টি হয়?
উত্তৰঃ দিনৰ ভাগত জলাশয়ৰ উত্তাপনৰ বাবে আৰু কিছুমান জৈৱিক ক্ৰিয়াকলাপৰ বাবে বাষ্পীভৱন সংঘটিত হয় । ইায়ৰ ফলস্বৰুপে বায়ু ঊৰ্দ্ধগামী, হয়, সম্প্ৰসাৰিত হয় আৰু শীতল হয় । বায়ুমণ্ডলৰ শীতল বায়ু ভূপৃষ্ঠৰ পিনে ধৱমান হয় । অধিক শীতলীকৰণৰ ফলস্বৰুপে বায়ুত থকা জলীয় বাষ্পই ক্ষুদ্ৰ কণিকাৰ ৰুপ লয় । ঘনীভৱনৰ বাবে এই ক্ষুদ্ৰ কণিকাবোৰ ডাঙৰ হ’বলৈ ধৰে আৰু এনেদৰে ডাৱৰৰ সৃষ্টি হয়।
5. বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো দুটা কাৰ্যকলাপৰ তালিকা প্ৰস্তুত কৰা ।
উত্তৰঃ মানুহৰ নিম্নোক্ত ক্ৰিয়াকলাপ তিনিটাই বায়ু প্ৰদূষণৰ সৃষ্টি কৰেঃ
- ঘৰত আৰু কাৰখানাত কাঠ আৰু কয়লাৰ দহন ।
- নিৰ্বনানীকৰণ, যিয়ে বায়ুৰ CO2 ৰ শোষণ হ্ৰাস কৰে ।
- যান-বাহনৰ পৰা কাৰ্বন মন’ক্সাইড (CO2) ৰ নিৰ্গমন ।
Class 9 Science NCERT Textbook – 194
1. জীৱসমূহক পানীৰ কিয় প্ৰয়োজন?
উত্তৰঃ নিম্নোক্ত কাৰণত জীৱসমূহক পানীৰ প্ৰয়োজন হয়ঃ
(i) পানী হৈছে প্ৰট’প্লাজমৰ প্ৰধান উপাদান ।
(ii) উদ্ভিজৰ ক্ষেত্ৰত দ্ৰাৱক পানীৰ জৰিয়তে খনিজ লৱণবোৰ এটা অংশৰ পৰা অন্য এটা অংশলৈ পৰিবাহিত হয় ।
(ভালেমান বিপাকীয় বিক্ৰিয়াত পানীয়ে বিক্ৰিয়ক হিচাপে ক্ৰিয়া কৰে)
(iv) সালোক সংশ্লেষণৰ সময়ছোৱাত পানীয়ে অক্সিজেন মুক্ত কৰে ।
(v) দৈৰ্ঘ্য বৃদ্ধিৰ দশাত, কোষৰ বৃদ্ধি পানীৰ শোষণত ওপৰত নিৰ্ভৰ কৰে ।
(vi) জীৱৰ ক্ষেত্ৰত পানীয়ে উষ্ণতা প্ৰশমক হিচাপে ক্ৰিয়া কৰে।
2. নগৰ, মহানগৰ, গাওঁ অঞ্চলৰ নিৰ্মল পানীৰ উৎস কি? তুমি ক’ত বাস কৰা?
উত্তৰঃ নগৰ, মহানগৰ, গাওঁ অঞ্চলৰ নিৰ্মল পানীৰ উৎস হৈছেঃ নদী, কুঁৱা আৰু নলী নাদ । মই নগৰ/মহানগৰ/গাঁৱত বাস কৰোঁ ।
3. কি কি কাৰ্যকলাপৰ বাবে পানী প্ৰদূৰ্ষণ হ’ব পাৰে?
উত্তৰঃ পানী প্ৰদূৰ্ষণ কৰিব পৰা কাৰণবোৰ হ’লঃ
(i) বৰ্জিত পানী নলা আৰু নৰ্দমাৰে প্ৰবাহিত হৈ অলৱণাক্ত জলপণ্ডিত পৰিলে পানী প্ৰদূৰ্ষণ হয় ।
(ii) বিষাক্ত ৰাসায়নিক পদাৰ্থ, এছিড, ক্ষাৰ, ধাতৱ লৱণ, ফেনল, চায়েনাইড, এম’নিয়া, তেজষ্ক্ৰিয় পদাৰ্থ আদি পানীৰ প্ৰদূৰ্ষণৰ উৎস ।
(iii) ধৌতকৰণ আৰু পৰিষ্কাৰকৰণত ব্যৱহূত সাংশ্লেষিক অপমাৰ্জকে ফেন সৃষ্টি কৰি পানী দূষিত কৰে ।
Class 9 Science NCERT Textbook – 196
1. মাটি কেনেকৈ গঠন হয়?
উত্তৰঃ ভূপৃষ্ঠৰ শিলবোৰ বিভিন্ন ভৌতিক, ৰাসায়নিক আৰু জৈৱিক প্ৰক্ৰিয়াৰ প্ৰভাৱত কালক্ৰমত বিভংগন ঘটে । এই বিভংগন প্ৰক্ৰিয়াৰ অন্তিম জাতদ্ৰব্যটো হৈছে মাটিৰ কণিকা । শিলক মাটিলৈ ৰুপান্তৰ কৰাৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰা চাৰিটা কাৰক আছে । এই কাৰক কেইটা হৈছেঃ
(i) সূৰ্য: দিনৰ ভাগত সূৰ্যৰ তাপৰ প্ৰভাৱত শিলবোৰৰ প্ৰসাৰণ ঘটে আৰু ৰাতিৰ ভাগত এই শীলবোৰ শীতল হয় আৰু সংকুচিত হৈ পৰে । অসমাকাৰ সমম্প্ৰসাৰণ আৰু সংকোচনৰ ফলস্বৰুপে শিলবোৰত ফাট মেলে আৰু সেইবোৰ ভাঙি ক্ষুদ্ৰ ক্ষুদ্ৰ টুকুৰাত পৰিণত হয় ।
(ii) পানীঃ পানীৰ দুটা ভিন্ন প্ৰভাৱ আছে । প্ৰথমে পানী শিলৰ ফাটত সোমাই পৰিব পাৰে আৰু হিমীভূত হোৱাৰ পাছত ফাটবিলাক বিস্তৃত কৰাত সহায় কৰিব পাৰে । দ্বিতীয়তে, বোৱতী পানীয়ে শিলৰ সৰু-বৰ টুকুৰা বহন কৰে । এই শিলবোৰে অন্য শিলক আঘাত কৰাৰ ফলস্বৰুপে শিলবোৰ সৰু সৰু কণিকাত পৰিণত হয় ।
(iii) বতাহঃ তীব্ৰ বতাহে শিলবোৰ লাহে লাহে ক্ষয় কৰে আৰু বালি বা ক্ষুদ্ৰ ক্ষুদ্ৰ শিলৰ কণিকা এঠাইৰ পৰা আন এঠাইলৈ বহন কৰে ।
(iv) জীৱঃ লাইকেনৰ দৰে জীৱবোৰ শিলৰ পৃষ্ঠভাগত বৃদ্ধি আৰু বিকাশ হয় । ইহঁতে কিছুমান পদাৰ্থৰ সৃষ্টি কৰে যিয়ে শিলাস্তৰৰ ওপৰত পাউডাৰ জাতীয় পদাৰ্থৰ তৰপ গঠন কৰে । এই তৰপত মচ জাতীয় উদ্ভিদ গজে আৰু এইবোৰৰ শিলবোৰ ভাঙি মাটিত পৰিণত কৰাত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে । তদুপৰি ডাঙৰ উদ্ভিদৰ শিপাবোৰ শিলৰ ফাঁকত সোমাই পৰে আৰু এইবোৰৰ আকাৰ বৃদ্ধি পালে সংশ্লিষ্ট অংশৰ বিভংগন হয় । এইদৰে মাটিৰ গঠন হয় ।
2. মাটি ক্ষয়ীভৱন (soil erosion) কি?
উত্তৰঃ সৰল অৰ্থত মাটিৰ ক্ষয়ীভৱন মানে হৈছে মাটিৰ ক্ষয় । বিস্তৃতৰুপত কবলৈ গ’লে মাটিৰ উপাদানবোৰৰ সঞ্চালন, বিশেষকৈ এঠাইৰ পৰা আন এঠাইলৈ মাটিৰ বহিঃস্তৰ বা শীৰ্ষস্তৰীয় মৃত্তিকাৰ অপসাৰণ । ভূমি বা মাটিৰ ক্ষয়ীভৱনৰ ফলস্বৰুপে মাটিৰ উৰ্বৰতা হ্ৰাস পায়, কিয়নো শীৰ্ষ স্তৰীয় মৃত্তিকা হৈছে মাটিৰ সালৰুৱা অংশ ।
3. মাটি ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিবলৈ কি কি ব্যৱস্থা হাতত ল’বা?
উত্তৰঃ মাটি ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিবলৈ গ্ৰহণ কৰিবলগূয়া ব্যৱস্থাসমূহ হ’ল-
(i) পশুচাৰণৰ হাৰ কমোয়া ।
(ii) নিৰ্বনানীকৰণ হ্ৰাস কৰা ।
(iii) মাটিৰ উৰ্বৰতা অক্ষুণ্ণ ৰাখিবলৈ শস্যাৱৰ্তন প্ৰক্ৰিয়া সম্পন্ন কৰা ।
(iv) মাটিৰ বহিঃস্তৰত নিম্নতম মাত্ৰাত গছ-গছনিৰ আৱেষ্টনি বাহল ৰখা ।
Class 9 Science NCERT Textbook – 201
1. কি কি অৱস্থাত জলচক্ৰত পানী পোৱা যায়?
উত্তৰঃ নিম্নোক্ত তিনিটা অৱস্থাত জলচক্ৰত পানী পোৱা যায়ঃ
(i) গোটা (বৰফ)
(ii) তৰল
(iii) বাষ্প
2. জৈৱিক কাৰণত প্ৰয়োজনীয় অক্সিজেন আৰু নাইট্ৰ’জেনযুক্ত দুটা যৌগৰ নাম লিখা ।
উত্তৰঃ জৈৱিক কাৰণত প্ৰয়োজনীয় অক্সিজেন আৰু নাইট্ৰ’জেনযুক্ত দুটা যৌগৰ নাম হ’ল
(i) ভিন্ন সংযুতি প্ৰ’টিন
(ii) নিউক্লিক এছিড ( DNA আৰু RNA)
3. বায়ুত CO2 ৰ পৰিমাণ বৃদ্ধি কৰা মানুহৰ দ্বাৰা সংগঠিত তিনিটা কাৰ্যকলাপ উল্লেখ কৰা ।
উত্তৰঃ বায়ুত CO2 ৰ পৰিমাণ বৃদ্ধি কৰা মানুহৰ দ্বাৰা সংগঠিত তিনিটা কাৰ্যকলাপ হৈছেঃ
(i) পৰিবহণ আৰু ঔদ্যোগিক ক্ৰিয়াকলাপত জীৱাশ্ম ইন্ধনৰ দহন ।
(ii) ঘৰুৱা কাৰ্যত আৰু ঔদ্যোগিক ক্ৰিয়াকলাপত কাঠ আৰু কয়লাৰ দহন ।
(iii) নিৰ্বনানীকৰণ যিয়ে সালোক সংশ্লেষণৰ সময়ছোৱাত সেউজীয়া উদ্ভিদৰ দ্বাৰা CO2 ব্যৱহাৰৰ হাৰ হ্ৰাস কৰে ।
4. সেউজগৃহ প্ৰভাৱ কি?
উত্তৰঃ কিছুমান গেছে পৃথিৱীৰ তাপ ধৰি ৰখাত সহায় কৰে । বায়ুমণ্ডলত এই গেছৰ শতকৰা পৰিমাণ দিনক দিনে বাঢ়ি গৈছে । ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি হৈছে । এই পৰিঘটনাটোক সেউজগৃহ প্ৰভাৱ বুলি কোৱা হয় ।
5. বায়ুমণ্ডলত কি কি দুটা অৱস্থাত অক্সিজেন পোৱা যায়?
উত্তৰঃ বায়ুমণ্ডলত দুটা অৱস্থাত অক্সিজেন পোৱা যায়ঃ
(i) দ্বি-পাৰমাণৱিক (O2) –ইয়াক অক্সিজোন বোলে ।
(ii) ত্ৰি-পাৰমাণৱিক (O3) –ইয়াক অজ’ন বোলে ।
অণুশীলনীঃ
1. জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্ৰয়োজন কি?
উত্তৰঃ বায়ুমণ্ডলত জীৱৰ জীৱন ধাৰণৰ বাবে আৱশ্যকীয় বিভিন্ন গেছ থাকে। বায়ুমণ্ডলত থকা প্ৰধান গেছসমূহ হৈছে নাইট্ৰ’জেন, অক্সিজেন আৰু কাৰ্বন ডাই-অক্সাইড । দিন আৰু ৰাতিৰ ভাগত আচম্বিতে উষ্ণতাৰ হ্ৰাস বৃদ্ধি হোৱাটো প্ৰতিৰোধ কৰি বায়ুমণ্ডলে পৃথিৱীৰ গড় উষ্ণতা স্থিৰ কৰি ৰাখে। গতিকে, জীৱৰ কাৰণে বায়ুমণ্ডল অতি প্ৰয়োজনীয়।
2. পানী জীৱৰ কাৰণে কিয় প্ৰয়োজনীয়?
উত্তৰঃ বহুতো কাৰণত পানী জীৱৰ কাৰণে প্ৰয়োজনীয়। ইয়াৰ কেইটামান তলত উল্লেখ কৰা হ’লঃ
(i) পানী হৈছে প্ৰট’প্লাজমৰ প্ৰধান উপাদান।
(ii) উদ্ভিদত খনিজ পদাৰ্থৰ পৰিবহণ আৰু খাদ্যৰ প্ৰস্ত্ততকৰণৰ ক্ষেত্ৰত পানীয়ে দ্ৰাৱক হিচাপে ক্ৰিয়া কৰে।
(iii) বিপাকীয় বিক্ৰিয়াত পানীয়ে বিক্ৰিয়ক হিচাপে ক্ৰিয়া কৰে।
(iv) জীৱদেহত পানীয়ে উষ্ণতা প্ৰশমক হিচাপে ক্ৰিয়া কৰে।
3. কেনেকৈ জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে? পানীত বাস কৰা জীৱসমূহ মাটিৰ পৰা সম্পূৰ্ণভাৱে আত্মনিৰ্ভৰশীল?
উত্তৰঃ সকলোবোৰ জীৱই তলত দিয়া ধৰণে প্ৰত্যক্ষ বা পৰোক্ষভাৱে মাটিৰ ওপৰত নিৰ্ভৰশীল।
(i) প্ৰাণীবিলাকে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। এই উদ্ভিদসমূহৰ বৃদ্ধি আৰি বিকাশ মাটিত হয়।
(ii) মাংসভোজী প্ৰাণীবোৰে যিবোৰ প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰে, সেই প্ৰাণীবোৰ মাটিত গজা উদ্ভিদবোৰ ভক্ষণ কৰে।
(iii) মাটিৰ পৰা গ্ৰহণ কৰা পানীৰে উদ্ভিদে নিজৰ খাদ্য প্ৰস্ত্তত কৰে।
(iv) উদ্বিদে জীৱন ধাৰনৰ বাবে মাটিৰ পৰা খনিজ পদাৰ্থ শোষণ কৰে।
(v) শাৰীৰিক অৱলম্বনৰ বাবে উদ্ভিদক মাটিৰ প্ৰয়োজন হয়।
4. তোমালোকে নিশ্চয় দূৰদৰ্শ আৰু বাতৰি কাকতত বৰতত আগলি বতৰাৰ প্ৰতিবেদন দেখিছা ।বতৰৰ আগলি বতৰা কেনেকৈ পাওঁ বুলি ধৰাণা কৰা?
উত্তৰঃ বতৰৰ আগতি বতৰা দিবৰ বাবে বতাহৰ প্ৰকৃতি অধ্যয়ন কৰা হয়। বতাহৰ প্ৰকৃতিয়ে বৰষুণৰ প্ৰকৃতি নিৰ্ধাৰণ কৰে। বতাহৰ প্ৰকৃতি নিম্ন আৰু উচ্চ বায়ুবিশিষ্ট অঞ্চলৰ ওপৰত নিৰ্ভৰশীল। এইবোৰ অধ্যয়নে বতৰৰ আগজননী দিয়াত আমাক সহায় কৰে।
5. মানুহৰ বিভিন্ন কাৰ্যকলাপৰ দ্বাৰা বায়ু, পানী আৰু মাটিভাগত প্ৰদূৰ্ষণ সৃষ্টি হয়। তোমালোকে ভাবা নেকি যে কোনো নিৰ্দিষ্ট অঞ্চলত এই কাৰ্যকলাপৰ চিনাক্ত কৰিব পাৰিলে প্ৰদূৰ্ষণৰ মাত্ৰা কমিব বুলি?
উত্তৰঃ প্ৰদূষণৰ কাৰ্যকলাপ বিলাক কোনো নিৰ্দিষ্ট অঞ্চলত সীমিত কৰা কাৰ্যই প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাত সহায় নকৰে। বায়ু পানীৰ আৰু মাটিৰ মাজত আন্তঃসম্পৰ্ক আছে। সীমিত অঞ্চলত সম্পন্ন কৰা প্ৰদূষণ সৃষ্টিকাৰী কাৰ্যকলাপে সেই নিৰ্দিষ্ট অঞ্চলত প্ৰভাৱিত কৰাৰ উপৰিও নিকটৱৰ্তী অঞ্চলসমূহতো বিৰুপ প্ৰভাৱ পেলায়।
কোনো নিৰ্দিষ্ট অঞ্চলত হোৱা বায়ু প্ৰদূষণে ভিন্ন দিশত অনিষ্টসাধন কৰিব, কিয়নো বায়ু প্ৰদূষক বোৰে অতি সহজে নিকটৱৰ্তী অঞ্চললৈ সঞ্চালিত হ’ব পাৰে। জলাশয়ৰ প্ৰদূষণে জলজ উদ্ভিদ আৰু প্ৰাণীৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব যাৰ ফলত সমগ্ৰ পৰিস্থিতিতন্ত্ৰৰ খাদ্য শংখল প্ৰভাৱিত হ’ব। তদুপৰি ভূমি প্ৰদূষণৰ ফলত সংশ্লিষ্ট অঞ্চলৰ সকলোবোৰ উদ্ভিদ প্ৰভাৱিত হোৱাৰ লগতে খাদ্যৰ বাবে পত্যক্ষ বা পৰোক্ষভাৱে এই উদ্ভিদসমূহৰ ওপৰত নিৰ্ভৰ কৰা প্ৰাণীসমূহৰ ওপৰত বিৰুপ প্ৰঙাৱ পৰিব। গতিকে, আমি সামগ্ৰিকভাৱে প্ৰদূষণৰ হাৰ হ্ৰাস কৰা উচিত।
6. বনাঞ্চল সমূহে বায়ু, মাটি আৰু পানীৰ গুণাগুণৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায় এটা টোকা লিখা।
উত্তৰঃ বায়ু, পানী আৰু মাটিৰ গুণাগুণৰ ওপৰত বনাঞ্চলত বহুমূখী প্ৰভাৱ আছে। ইয়াৰে কিছুমান তলত উল্লেখ কৰা হ’লঃ
(i) বায়ুৰ মানদণ্ড নিয়ন্ত্ৰণঃ বনাঞ্চলে বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইড আৰি অক্সিজেনৰ অমুপাত নিয়ন্ত্ৰণ কৰে। সকলোবোৰ জীৱই শ্বসন কাৰ্যত অক্সিজেন ব্যৱহাৰ কৰে। বনাঞ্চৰ সেউজীয়া উদ্ভিদসমূহে সালোক সংশ্লেষণৰ সংছোৱাত অক্সিজেন নিৰ্গত কৰি CO2 ব্যৱহাৰ কৰি অক্সিজোনৰ ঘাটি পূৰণ কৰে।
(ii) ভূমিক্ষয় প্ৰতিৰোধঃ বানপানী আৰি প্ৰবল বতাহৰ সময়ছোৱাত বনাঞ্চলৰ গছ-গছনিবিলাকে বোৱতী পানীৰ শক্তি প্ৰতিৰোধ কৰে আৰু এনেদেৰে মাটিৰ ক্ষয়ীভৱন ৰোধ কৰে। তদুপৰি গছ-গছনিৰ শিপাই মাটিৰ বহিঃস্তৰক খামুচি ধৰি থাকে আৰু সৰা পাতবিলাকে শীৰ্ষস্তৰীয় মাটিৰ বাবে হিউমাচ গঠন কৰে যিয়ে ভূমিক্ষয় প্ৰতিৰোধত বৰঙণি যোগায়।
(iii) বায়ুমণ্ডলৰ আৰ্দ্ৰতা নিন্ত্ৰণঃ প্ৰস্বেদনৰ সময়ছোৱাত বায়ুমণ্ডললৈ পৰ্যাপ্ত পৰিমাণৰ পানী নিৰ্গত হয়, কিন্ত জলীয় বাষ্পৰ পৰা ডাৱৰৰ সৃষ্টি হৈ বৰষুণ হয় যিয়ে বায়ুমণ্ডল তথা মাটিভাগত পানীৰ প্ৰয়োজন নিয়ন্ত্ৰণ কৰে।
(iv) প্ৰদূষণ হ্ৰসনঃ বনাঞ্চলৰ বহুতো উদ্ভিদে গধুৰ ধাতু শোষন কৰিব পাৰে। এই গধুৰ ধাতুবোৰে মাটি আৰু পানীত প্ৰদূষণৰ সৃষ্টি কৰে। এনেদৰে গছ-গছনিয়ে গধুৰ ধাতু শোষণৰ দ্বাৰা মাটি আৰু পানীৰ প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিব পাৰে।
