Class 9 Science Chapter 15 Solution – খাদ্য সম্পদৰ উৎকৰ্ষ সাধন | SEBA Assam

নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ১৫ – খাদ্য সম্পদৰ উৎপত্তি সাধন – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)

নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ১৫ – খাদ্য সম্পদৰ উৎপত্তি সাধন সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

নৱম শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ পঞ্চদশ অধ্যায় ‘খাদ্য সম্পদৰ উৎপত্তি সাধন’ (Improvement in Food Resources) কৃষি বিজ্ঞান আৰু পশুপালনৰ এক গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 9 Science Chapter 15 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ধাৰণাগত পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘খাদ্য সম্পদৰ উৎপত্তি সাধন’ নামৰ এই পাঠটিত শস্যৰ উৎপাদন বৃদ্ধিৰ বিভিন্ন উপায় যেনে— শস্যৰ জাতৰ উন্নতি সাধন, শস্য উৎপাদন পৰিচালনা (সাৰ আৰু জাবৰৰ ব্যৱহাৰ), আৰু শস্য সুৰক্ষা পৰিচালনাৰ বিষয়ে সুন্দৰভাৱে আলোচনা কৰা হৈছে। লগতে পশুপালনৰ বিভিন্ন দিশ যেনে— গৰু-মহ পালন, কুকুৰা পালন, মীন পালন আৰু মৌ-পালনৰ বিষয়েও বহলাই বৰ্ণনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে খাদ্য উৎপাদনৰ আধুনিক পদ্ধতিসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • উদ্ভিদৰ বাবে প্ৰয়োজনীয় মুখ্য আৰু গৌণ পোষক দ্ৰব্যসমূহৰ বিস্তৃত বিশ্লেষণ।
  • জাবৰ (Manure) আৰু ৰাসায়নিক সাৰৰ (Fertilizer) পাৰ্থক্য, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ নিৰ্দোষ উত্তৰ।
  • মিশ্ৰিত শস্য উৎপাদন, আন্তঃশস্য উৎপাদন আৰু শস্য পৰিৱৰ্তনৰ দৰে গুৰুত্বপূৰ্ণ কৃষি পদ্ধতিৰ সহজ সমাধান।
  • গৰু-মহৰ প্ৰজনন, কুকুৰা পালনৰ উন্নত জাত আৰু মৌ-পালনৰ (Apiculture) লাভজনক দিশসমূহৰ সম্পূৰ্ণ ধাৰণা।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 9 Science Assamese Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • খাদ্য সম্পদৰ উৎপত্তি সাধন পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 9 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Class 9 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 9 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and additional practice questions for SEBA Assam 2025-26.

Vibrant Note Box
Chapter 15 – “খাদ্য সম্পদৰ উৎকৰ্ষ সাধন”

Class 9 Science Chapter 15 Question answer in Assamese medium

NCERT Solutions For Class 9 Science Chapter 15 Improvement in food resources 
খাদ্য সম্পদৰ উৎকৰ্ষ সাধন
Class 9 Science NCERT Textbook – 205

1. শস্য, মাহ, ফলমূল আৰু শাক-পাচলিৰ পৰা আমি কি আহৰণ কৰোঁ ?

উত্তৰঃ ঘেঁহু, ধান, গোমধান, বজৰা, যৱধান, আদি শস্যই কাৰ্ব’হাইড্ৰেটৰ জৰিয়তে আমাক শক্তি যোগায় । মাহজাতীয় শস্য যেনেঃ বুট, মাটিমাহ, ৰহৰমাহ, মচুৰ মাহ, আদিয়ে আমাক প্ৰ’টিন যোগায় । ফলমূল আৰু শাক-পাচলিয়ে বিভিন্ন ভিটামিন আৰু খনিজ লৱণৰ যোগান ধৰে ।

Class 9 Science NCERT Textbook – 205

1. শস্য উৎপাদনত জৈৱিক আৰু অজৈৱিক কাৰকবোৰে কেনেদৰে প্ৰভাৱ পেলায় ?

উত্তৰঃ পৰিৱেশৰ বিভন্ন জৈৱিক আৰু অজৈৱিক কাৰকবোৰ ভিন্ন প্ৰকাৰে শস্য উৎপাদনত প্ৰভাৱ বিস্তাৰ কৰে । কিছুমান জৈৱিক কাৰক হৈছে কীট-পতংগ, কৃমি, চৰাই আৰু বেমাৰৰ বীজাণু । এই জৈৱিক কাৰকবোৰে খাদ্য শস্যৰ পৰা পুষ্টি আহৰণ কৰি ইহঁতৰ উৎপাদনত প্ৰভাৱ বিস্তাৰ কৰে । একেদৰে কিছুমান অজৈৱিক কাৰক যেনেঃ খৰাং, অভিক লৱণ, যুক্ত মাটি, কৃষি ভূমিৰ জলাৱদ্ধতা, উষ্ণতা, শীত আদিয়েও শস্যৰ উৎপাদন হ্ৰাস কৰে । বানপানী, অনাবৃষ্টি আদি প্ৰাকৃতিক দুৰ্যোগৰ পূৰ্বানুমান কৰিব নোৱাৰি । সেই বাবে, এনে দুৰ্যোগৰ সংঘটনে শস্যৰ বিস্তৰ ক্ষতিসাধন কৰে । শস্যৰ উৎপাদনত জৈৱিক আৰু অজৈৱিক দুয়োবিধ কাৰকে ক্ষতিসাধন কৰিব পাৰে ।

2. শস্যৰ উৎকৰ্ষ সাধনত কোনবিলাক শস্য সম্বন্ধীয় আকাংক্ষিত বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ বিবেচনা কৰা হয়?

উত্তৰঃ শস্যৰ অধিক উৎপাদনশীলতাৰ বাবে বাঞ্চিত বৈশিষ্ট্যৰ পোষকতা কৰা হয় । পশুধনৰ খাদ্যৰ ক্ষেত্ৰত ওখ আৰু জোপোহা শস্য আৰু ধানজাতীয় শস্যৰ ক্ষেত্ৰত কম উচ্চতাবিশিষ্ট শস্যৰ পোষকতা কৰা হয় । ওখ আৰু জোপোহা হয় যাৰ ফলত ইহঁতৰ পৰা অধিক উৎপাদন পাব পাৰি ।

Class 9 Science NCERT Textbook – 206

1. মুখ্য অনুপোষকবিলাক কি কি আৰু এই বিলাকক কিয় মুখ্য অনপোষক বুলি কোৱা হয় ?

উত্তৰঃ উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে ছটা অত্যাৱশ্যকীয় অণুপোষক তুলনামূলকভাৱে অধিক মাত্ৰাত প্ৰয়োজন হয় । এই অণুপোষককেইটা হৈছে নাইট্ৰ’জেন, ফছফৰাছ, পটেছিয়াম, কেলছিয়াম, মেগনেছিয়াম আৰু ছালফাৰ । ইহঁতক মুখ্য অণুপোষক বুলি কোৱা হয় । অত্যধিক পৰিমাণে আৱশ্যক হোৱাৰ বাবে ইঁহতক মুখ্য অণুপোষক বুলি কোৱা হয়।

2. উদ্ভিদে অনুপোষক দ্ৰব্যবিলাক ক’ৰ পৰা কেনেকৈ আহৰণ কৰে ?

উত্তৰঃ উদ্ভিদে পৰিৱেশৰ পৰা 17 বিধ অত্যাৱশ্যকীয় অণুপোষক আহৰণ কৰে । উদ্ভদক বায়ুয়ে কাৰ্বন আৰু অক্সিজেন যোগায়, পানীয়ে হাইড্ৰ’জেন যোগায় আৰু মাটিয়ে অন্য 13 বিধ অণুপোষক যোগায় । এই অণুপোষকবিলাক উদ্ভিদে বিভিন্ন জৈৱিক প্ৰক্ৰিয়াৰে আহৰণ কৰে ।

Class 9 Science NCERT Textbook- 207

1. মাটিৰ উৰ্বৰতা ৰক্ষা কৰাত জৈৱসাৰ আৰু কৃত্ৰিম সাৰৰ প্ৰয়োগৰ ভূমিকাৰ মাজত তুলনা কৰা ।

উত্তৰঃ জৈৱিক সাৰ জীৱ-জন্তুৰ মলমূত্ৰ আৰু উদ্ভিদৰ বৰ্জ্য পদাৰ্থৰ পৰা প্ৰস্তুত কৰা হয় । আনহাতে কৃত্ৰিম সাৰ হৈছে বাণিজ্যিকভিক্তিত প্ৰস্তুত কৰা উদ্ভিদৰ অণুপোষক । মাটিক অণুপোষক আৰু জৈৱিক পদাৰ্থৰে সমৃদ্ধ কৰি ইয়াৰ উৰ্বৰতা বৃদ্ধি কৰাত জৈৱিক সাৰে সহায় কৰে । মাটিৰ গঠনৰ উৎকৰ্ষ সাধনৰ ক্ষেত্ৰটো ই সহায় কৰে । তদুপৰি জৈৱিক সাৰৰ ব্যৱহাৰৰ ফলত পৰিৱেশ সুৰক্ষিত হয় । ই হৈছে পশুধনৰ পামত বৰ্জ্য পদাৰ্থৰ পুনৰাৱৰ্তন এক উপায় । আনহাতে কৃত্ৰিম সাৰে নাইট্ৰ’জেন, ফছফৰাছ আৰু পটেছিয়ামৰ যোগান ধৰি অধিক উৎপাদনৰ নিশ্চয়তা প্ৰদান কৰে । কৃত্ৰিম সাৰ অতি যত্ন সহকাৰে, সঠিক মাত্ৰাত আৰু সময়মতে ব্যৱহাৰ কৰাৰ লগতে ব্যৱহাৰৰ আগত আৰু পিছত প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰা উচিত । কৃত্ৰিম সাৰ অত্যধিক মাত্ৰাত আৰু সঘনে ব্যৱহাৰ কৰাৰ ফলত মাটিৰ উৰ্বৰতা ধ্বংস হোৱাৰ লগতে সহজীৱী অণুজীৱৰ ক্ষতিসাধন কৰে । গতিকে, আমি মত পোষণ কৰিব পাৰো যে কৃত্ৰিম সাৰৰ জৰিয়তে হ্ৰস্বম্যাদি উপকাৰ লাভ কৰিব পাৰি । আনহাতে জৈৱিক সাৰ প্ৰয়োগৰ জৰিয়তে দীৰ্ঘকালীনভাৱে উপকৃত হ’ব পাৰি ।

Class 9 Science NCERT Textbook – 208

1. তলৰ কোনবিলাক অৱস্থাৰ পৰা অধিক লাভবান হ’ব পাৰি?

(a) খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা অৱলম্বন নকৰা বা কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা ।

(b) খেতিয়কে সাধাৰণ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা কৰা কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা ।

(c) খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা কৰা, কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা আৰু শস্য সুৰক্ষাৰ ব্যৱস্থাপনা গ্ৰহণ কৰা ।

উত্তৰঃ (c) খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা কৰা, কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা আৰু শস্য সুৰক্ষাৰ ব্যৱস্থাপনা গ্ৰহণ কৰা ।

ইয়াৰ কাৰণ এয়ে যে উন্নত মানদণ্ডৰ বীজৰ উন্নত বাঞ্চিত বৈশিষ্ট্য যেনেঃ ৰোগ প্ৰতিৰোধ ক্ষমতা, সাৰৰ প্ৰতি ক্ৰিয়াশীলতা, উচ্চ উৎপাদন ক্ষমতা আদি । একে ধৰণৰ কৃষি ক্ষেত্ৰৰ অৱস্থাৰ অধীনত সিহণতৰ অংকুৰণ হয় । প্ৰাকৃতিক বিপৰ্যয়ৰ দৰে প্ৰতিকূল পৰিৱেশত মোকাবিলা কৰি পৰাকৈ আৰু সাৰৰ প্ৰতি সহাৰি প্ৰদান কৰিব পৰাকৈ এই বীজসমূহৰ ক্ষমতা থাকে । বিভিন্ন প্ৰকাৰৰ জলসিঞ্চন ব্যৱস্থাই খৰাং অৱস্থাৰ নিয়ন্ত্ৰণ কৰাত কৃষকক সহায় কৰে । অপতৃণ, কীট-পতংগ আৰু ভিন্ন প্ৰকাৰৰ উদ্ভিদৰ ৰোগৰ বিৰুদ্ধে সঠিক শস্য সুৰক্ষাৰ ব্যৱস্থাপনাই স্বাস্থ্যৱান শস্যৰ বৃদ্ধি আৰু বিকাশত কৃষকক সহায় কৰে ।

Class 9 Science NCERT Textbook – 209

1. শস্য সুৰক্ষাত কিয় প্ৰতিৰোধ ব্যৱস্থা আৰু জৈৱিক নিয়ন্ত্ৰণক অগ্ৰাধিকাৰ দিয়া হয় ?

উত্তৰঃ বিভিন্ন ধৰণৰ কীটনাশক ৰাসায়নিক দ্ৰব্যবিলাক শস্যত ছটিয়াই দিয়া হয় বা শস্যৰ জীজবিলাক আৰু শোধন কৰি লোৱাত ব্যৱহাৰ কৰা হয় । এইবিলাক অত্যধিক পৰিমাণে ব্যৱহাৰ কৰিলে কিছুমান উপকাৰী উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ বাবে বিষাক্ত হৈ বিৰুপ প্ৰভাৱ পেলোৱাৰ উপৰিও আন কিছুমান সমস্যাৰ সৃষ্টি হৈ পৰিৱেশ প্ৰদূষণ কৰে । আনহাতে (অপতৃণ নিয়ন্ত্ৰণৰ কিছুমান প্ৰতিৰোধ ব্যৱস্থা হ’ল) অপতৃণবিলাক উঘালি পেলোৱা, উচিতভাৱে কঠিয়াতলী প্ৰস্তুত কৰা, সময়মতে বীজ সিঁচা, অন্তৰাৱৰ্তী কৃষিপ্ৰণালী, শস্যাৱৰ্তন আৰু কীট প্ৰতিৰোধী সঁচৰ ব্যৱহাৰ, আদি পদক্ষেপ গ্ৰহণ কৰিব লাগে । গ্ৰীষ্মকালত কৃষিভূমি হাল বাই কৰ্ষণ কৰিও অপতৃণ আৰু কীট-পতংগ নাশ কৰিব পাৰি । এইদৰে শস্য সুৰক্ষাত প্ৰতিৰোধ ব্যৱস্থা আৰু জৈৱিক নিয়ন্ত্ৰণক অগ্ৰাধিকাৰ দিয়া হয় ।

2. কোনবিলাক কাৰকৰ বাবে ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতি সাধন হয়?

উত্তৰঃ ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতি সাধন কৰা কাৰকবোৰ হ’ল-

(ক) জৈৱিক কাৰকঃ ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতিসাধন কৰা কাৰক যেনে- পোক, এন্দুৰ, ভেঁকুৰ, চাঁহী, বেক্টেৰীয়া আৰু অণুজীৱবোৰে শস্যৰ বীজৰ গুণাগুণ হ্ৰাস কৰে ।

(খ) অজৈৱিক কাৰকঃ অজৈৱিক কাৰক যেনেঃ ভঁৰালৰ অনুপযুক্ত উষ্ণতা, জলীয় ভাপ । এই বিলাক কাৰকে শস্যৰ বীজৰ গুণাগুণ হ্ৰাস কৰে, ওজন কমায়, অংকুৰণ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে, শস্যৰ বৰণ সলনি কৰে ।

Class 9 Science NCERT Textbook – 210

1. গো প্ৰজাতি উন্নত কৰিবৰ কাৰণে কোনটো পদ্ধতি সাধাৰণতে ব্যৱহাৰ কৰা হয় আৰু কিয় কা হয় ?

উত্তৰঃ উন্নত গো-প্ৰজাতি আহৰণৰ এক গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈছে গাখীৰৰ উৎপাদন বৃদ্ধি কৰা । গাখীৰৰ উৎপাদন নিৰ্ভৰ কৰে গাইৰ দুগ্ধকালৰ ওপৰত । জাৰ্চি, ব্ৰাইন চুইচ আদিৰ বিদেশ প্ৰজাতিৰ দুগ্ধ দীৰ্ঘকালীন । আনহাতে থলুৱা প্ৰজাতি ৰেড চিন্ধি, সাহিয়াল আদি যথেষ্ট ৰোগ প্ৰতিৰোধী প্ৰজাতি । কৃত্ৰিম প্ৰজনন পদ্ধতিৰ দ্বাৰা বাঞ্চিত বৰ্ণ সংকৰ প্ৰজাতি লাভ কৰিব পাৰি ।

Class 9 Science NCERT Textbook – 211

1. তলৰ উক্তিটোৰ তাৎপৰ্য আলোচনা কৰা—

“এইটো অতি তাৎপৰ্যপূৰ্ণ কথা যে ভাৰতীয় হাঁহ কুকুৰা হ’ল কম আঁহযুক্ত (মানুহৰ অনুপযোগী) খাদ্যৰ পৰা অতি পুষ্টিকৰ প্ৰাণী প্ৰ’টিনলৈ ৰুপান্তৰ কৰিব পৰা প্ৰাণী”

উত্তৰঃ কম আঁহযুক্ত খাদ্য মানে হৈছে কৃষি ক্ষেত্ৰৰ উপজাত সামগ্ৰী আৰু বিভিন্ন ৰাফেজ (ৰক্ষাহাৰ), যিবোৰ মানুহৰ বাবে ভক্ষণৰ উপযোগী নহয় । কিন্তু কণী পৰা হাঁহ-কুকুৰাৰ বাবে এইবোৰ পুষ্টিকৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি । অত্যন্ত পুষ্টিকৰ প্ৰাণীজ প্ৰ’টিনযুক্ত খাদ্য যেনে কণী আৰু মাংস এনে নিম্ন আঁহযুক্ত খাদ্যৰ ৰুপান্তৰণৰ ফল। গতিকে দেখা যায় যে ভাৰতীয় হাঁহ-কুকুৰাই কম আঁহযুক্ত খাদ্যৰ পৰা অতি পুষ্টিকৰ প্ৰাণী প্ৰ’টিনলৈ ৰুপান্তৰণ সম্পন্ন কৰে ।

Class 9 Science NCERT Textbook – 21

1. দূগ্ধপাম আৰু হাঁহ-কুকুৰা পাম পৰিচালনাৰ বাবে কি কি অনুশীলন সাধাৰণতে হাতত লোৱা হয় । ব্ৰইলাৰ আৰু লেয়াৰসমূহৰ মাজত পাৰ্থক্য কি আৰু সিহঁতৰ পৰিচালনাৰ মাজত পাৰ্থক্য কেনে ধৰণৰ ?

উত্তৰঃ দূগ্ধপাম আৰু হাঁহ-কুকুৰা পাম পৰিচালনাৰ বাবে বিভিন্ন পদ্ধতি প্ৰয়োগ কৰা হয় যদিও প্ৰত্যেক পৰিস্থিতিত কিছুমান সাধাৰণ ব্যৱস্থাপনাৰ অনুশীলন কৰা হয় । এইবোৰ হ’ল—

(ক) দুগ্ধপাম আৰু হাঁহ-কুকুৰা পামত অনুকূলতম উষ্ণতাৰ ব্যৱস্থা কৰা হয় ।

(খ) পাম ঘৰ বা ইয়াৰ চৌপাশৰ এলেকাত পৰিস্কাৰ পৰিচ্ছন্নতা অক্ষুণ্ন ৰখা হয় ।

(গ) নিয়মীয় সময়ৰ অন্তৰালত বীজাণুনাশক দ্ৰব্য চটিয়াই ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ ব্যৱস্থা কৰা হয় । নিৰ্দিষ্ট ৰোগৰ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিব লাগে ।

(ঘ) গৰুম’হ আৰু হাঁহ-কুকুৰাৰ খাদ্যত সঠিক মাত্ৰাত প্ৰ’টিন, ভিটামিন, স্নেহ পদাৰ্থ যোগোৱাৰ ব্যৱস্থাপনা ।

2. ব্ৰইলাৰ আৰু লেয়াৰসমূহৰ মাজত পাৰ্থক্য কি আৰু সিঁহতৰ পৰিচালনাৰ মাজত পাৰ্থক্য কেনে ধৰণৰ ?

উত্তৰঃ উৎপাদনৰ উদ্দেশ্যৰ আধাৰত ব্পইলাৰ আৰু লেয়াৰৰ পাৰ্থক্য নিৰ্ণয় কৰা হয় । ব্ৰইলাৰৰ ক্ষেত্ৰত মাংস উৎপাদনৰ লক্ষ্য স্থিৰ কৰা হয় ।

লেয়াৰ পামৰ পৰিচালনাৰ উদ্দেশ্য হৈছে কণীৰ পৰিমাণ বৃদ্ধি আৰু গুণগত দিশ উন্নীতকৰণৰ বাবে পুষ্টিকৰ খাদ্য আৰু সঠিক পৰিস্থিতিৰ উপস্থাপন কৰা । ব্ৰইলাৰ পামৰ ক্ষেত্ৰত খাদ্যত পৰ্যাপ্ত পৰিমাণে প্ৰ’টিন চৰ্বি, ভিটামিন A, আদিৰ যোগানেৰে দ্ৰুত দৈহিক বিকাশৰ পোষকতা কৰা হয় । লগতে মৃত্যুৰ সংখ্যা হ্ৰাস কৰিবলৈও প্ৰতিষেধক প্ৰদানৰ দৰে প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰা হয় । সাধাৰণ কণী পাৰা হাঁহ-কুকুৰাতকৈ লেয়াৰবোৰক অধিক পৰিচৰ্যাৰ প্ৰয়োজন হয় । ৰোগ প্ৰতিৰোধৰ বাবে পৰিস্কাৰ পৰিচ্ছন্নতাৰ লগতে টীকাকৰণ অতি আৱশ্যকীয় ।

Class 9 Science NCERT Textbook – 213

1. কি ধৰণে মাছ ধৰা হয় ?

উত্তৰঃ দুটা পদ্ধতিৰে মাছ ধৰা হয়ঃ

(ক) প্ৰাকৃতিক উৎসৰ পৰা মাছ সংগ্ৰহ ।

(খ) মীন পাম পৰিচালনাৰ দ্বাৰা মৎস্য আহৰণ ।

2. মিশ্ৰিত মীন পালমৰ সুবিধাসমূহ কি কি ?

উত্তৰঃ মিশ্ৰিত মীন পালন হৈছে এনে এক পদ্ধতি যত একেটা জলাশয়তে বহুবিধ মাছৰ খেতি কৰা হয় । এনে ক্ষেত্ৰত ভিন ভিন খাদ্যভাস থকা প্ৰজাতি বাছনি কৰা হয় যাতে ইঁহতে খাদ্যৰ বাবে পৰস্পৰৰ মাজত প্ৰতিযোগিতাত অৱতীৰ্ণ নহয় । মিশ্ৰিত মীন পালনৰ কিছুমান সুবিধা হৈছেঃ

(ক) অতি কম বিনিযোগেৰে বিভিন্ন প্ৰকাৰৰ মাছৰ উচ্চ উৎপাদন ।

(খ) ভিন্ন খাদ্যভাস থকা প্ৰজাতি নিৰ্বাচন কৰাৰ বাবে খাদ্যৰ বাবে পৰষ্পৰ মাজত প্ৰতিযোগিতাত নহয় । জলাশয়ৰ সকলো অংশতে উপলদ্ধ খাদ্য ব্যৱহৃদ হয় ।

(গ) বিভিন্ন প্ৰজাতিৰ পৰস্পৰৰ বৃদ্ধিত পৰোক্ষভাৱে সদায় কৰে ।

Class 9 Science NCERT Textbook – 213

1. মৌ উৎপাদনৰ কাৰণে বিভিন্ন মৌ প্ৰজাতিবোৰৰ কেনেধৰণৰ বৈশিষ্ট্য থকা প্ৰয়োজন ?

উত্তৰঃ মৌ উৎপাদনৰ কাৰণে বিভিন্ন মৌ প্ৰজাতিবোৰৰ নিম্নোক্ত ধৰণৰ বৈশিষ্ট্য থকা প্ৰয়োজনঃ

(ক) অধিক মৌ সংগ্ৰহৰ ক্ষমতা ।

(খ) সঠিক বংশ বিস্তাৰৰ ক্ষমতা ।

(গ) শত্ৰুৰ বিপক্ষে সঠিক প্ৰতিৰক্ষা ব্যৱস্থা গ্ৰহণৰ ক্ষমতা ।

2. পেষ্টুৰেজ কি আৰু মৌ উৎপাদনৰ লগত ইয়াৰ কি সম্পৰ্ক ?

উত্তৰঃ পেষ্টুৰেজ হৈছে প্ৰস্ফুটিৰ উদ্ভিদৰ গোট যিয়ে মৌ উৎপাদনৰ বাবে পুষ্পমধু আৰু ৰেণু প্ৰদান কৰে । মৌ-পালন কেন্দ্ৰৰ ওচৰতে ভাল পেষ্টুৰেজ থাকিব লাগে যাতে মৌমাখিয়ে সহজে পুষ্পৰেণু আৰু পুষ্পমধু সংগ্ৰহ কৰিব পাৰে । ভাল পেষ্টুৰেজত থকা প্ৰ’টিনযুক্ত খাদ্যই কৰ্মী মৌক খাদ্য যোগায় আৰু ই মৌৰ গুণ আৰু সোৱাদত পৰোক্ষভাৱে প্ৰভাৱিত কৰে ।

অণুশীলনী

1. শস্যৰ অধিক উতপাদন কৰিব পৰা ষিকোনো এটা পদ্ধতিৰ বিশয়ে বৰ্ণনা দিয়া।

উত্তৰঃ শস্যৰ অধিক উৎপন্ন কৰিব পৰা এটা দৰকাৰী পদ্ধতি হ’ল- মিশ্ৰিত কৃষি প্ৰণালী । একে ডোখৰ মাটিতে সমকালীন দুটা বা তাতোধিক শস্যৰ খেতি কৰা প্ৰথাকে মিশ্ৰিত কৃষি প্ৰণালী বুলি কোৱা হয় । ইয়াৰ দ্বাৰাই কোনো এবিধ শস্যৰ ক্ষতি বা উৎপাদন কম হ’লেও আনটোৰ পৰা সেই ক্ষতিপূৰণ লাভ কৰিব পাৰি । এই পদ্ধতিত শস্যবিলাক এনেদৰে নিৰ্বাচন কৰি ল’ব লাগে যাতে সিহঁতৰ প্ৰয়োজনীয় অণুপোষক দ্ৰব্যবিলাকো ভিন্ন নিশ্চিত কৰি ল’ব লাগে যাতে যোগান ধৰা প্ৰায়খিনি অণুপোষক দ্ৰব্যক শস্যবিলাকে শোষণ কৰি ল’ব পাৰে আৰু কীট-পতংগ বা বেমাৰে আক্ৰমণ কৰি যাতে সকলোবিলাক শস্যলৈ বিয়পাব নোৱাৰে তাৰ প্ৰতিৰোধ ব্যৱস্থা হাতত ল’লাগে । এনে ব্যৱস্থাৰে দুয়োবিধ শস্যৰ পৰাই অধিক উৎপাদন লাভ কৰিব পাৰি । উদাহৰণস্বৰুপে ঘেঁহু আৰু বুটমাহ বা ঘেঁহু আৰু সৰিয়হ বা চীনা বাদাম আৰু বেলিফুল । মিশ্ৰিত কৃষি পদ্ধতি প্ৰয়োগ কৰি ক্ষুদ্ৰ ক্ষুদ্ৰ খেতিয়কসকলে অধিক লাভান্বিত হয় ।

2. পথাৰত কিয় জৈৱ সাৰ আৰু কৃতিম সাৰ প্ৰয়োগ কৰা হয়?

উত্তৰঃ মাটি আৰু শস্যত পোষক যোগানৰ প্ৰধান উৎস হ’ল জৈৱ সাৰ । একেখিনি কৃষি ভূমিত নিৰৱচ্ছিন্নভাৱে কৃষি কাৰ্য কৰিলে মাটিত খনিজ পুষ্টি দ্ৰৱ্যৰ নাটিনি হয় । জৈৱ সাৰে মাটিৰ ভৌতিক আৰু ৰাসায়নিক সংযুতি উন্নীত কৰে আৰু কৃত্ৰিম সাৰে মাটিত নথকা পুষ্টিদ্ৰৱ্যবোৰ যোগান ধৰে । মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবলৈ জৈৱ আৰু কৃত্ৰিম সাৰ ব্যৱহাৰ কৰা হয় । উদ্ভিদত কিছুমান নিৰ্দিষ্ট পুষ্টিদ্ৰব্যৰ প্ৰয়োজনীয়তীৰ প্ৰতি লক্ষ্য কৰি কিছুমান নিৰ্দিষ্ট সাৰ প্ৰয়োগ কৰা হয় ।

3. অন্তৰাৱৰ্তী কৃষি পদ্ধতি শস্যাৱৰ্থনৰ সুবিধাসমূহ কি কি?

উত্তৰঃ

অন্তৰাৱৰ্তী কৃষি পদ্ধতিৰ সুবিধাসমূহ হৈছেঃ

(i) ভিন ভিন শস্যৰ বাবে একে কৃষিভূমিৰ উপযোগীকৰণ কৰা হয় ।

(ii) অন্তৰৱৰ্তী কৃষি পদ্ধতিৰ জৰিয়তে ভূমি ক্ষয় ৰোধ কৰিব পাৰি ।

(iii) দুয়োবিধ শস্যই সৰ্বাধিক পৰিমাণে পোষক দ্ৰব্যৰ উপযোগীকৰণ কৰিব পাৰে ।

(iv) বীজ ৰোপনৰ সময় আৰু শস্য চপোৱা সময় ভিন ভিন হোৱা বাবে বিভিন্ন সময়ত নিৰ্দিষ্ট সাৰ প্ৰয়োগ কৰিব পৰা যায় ।

(v) অন্তৰৱৰ্তী কৃষি পদ্ধতি অৱলম্বনৰ ফলত এবিধ শস্যৰ আটাইবোৰ উদ্ভিদলৈ কীট-পতংগ আৰু ৰোগ বিয়পি নায়ায় ।

শস্যৰৱৰ্তনৰ সুবিধাসমূহঃ

(i) মাহজাতীয় খেতি কৰি মাটিত নাইট্ৰ’জেনৰ অভাৱ পূৰণ কৰিব পাৰি । মাহজাতীয় শস্যই বায়ুমণ্ডলীয় নাইট্ৰ’জেনৰ স্থিৰীকৰণ কৰিব পাৰে ।

(ii) শস্যাৱৰ্তন প্ৰক্ৰিয়াৰ অন্তৰ্গত ভিন্ন শস্যৰ কৃষি কাৰ্যৰে এবিধ নিৰ্ধিষ্ট ৰোগ সৃষ্টিকাৰী অণুজীৱ নিয়ন্ত্ৰণ কৰিব পৰা যায় ।

(iii) এই পদ্ধতিত তুলনামূলকভাৱে ব্যয় কম হয় কিয়নো মাটি চহ কৰাৰ দৰে কিছুমান কৃষি পৰিশীলনৰ মাত্ৰা হ্ৰাস পায় । এটা ঋতুত দুবিধ বা ততোধিক শস্যৰ খেতিৰ বাবে মাত্ৰ এবাৰ চহ কৰিলেই যথেষ্ট ।

(iv) শস্যাৱৰ্তনৰ জৰিয়তে মাটিৰ শীৰ্ষস্তৰীয় আৰু নিম্নস্তৰীয় উপাদান চুটি আৰু দীঘল শিপাযুক্ত ভিন্ন শস্যই উপযোগীকৰণ কৰিব পাৰে ।

(v) মাটিৰ আৰ্দ্ৰতা, জলসিঞ্চনৰ ব্যৱস্থা আদিৰ ওপৰত ভিক্তি কৰি এবিধ শস্য চপোৱাৰ পাছত অন্য এবিধ শস্য ৰুপন কৰিব পাৰি ।

4. জিনীয় সালসলনি কৌশল কি? ই কৃষি পদ্ধতিত কিয় উপযোগী?

উত্তৰঃ একে ধৰণৰ জীৱ বাঞ্চিত জিনীয় বৈশিষ্ট্য, এবিধ জীৱ ব্যক্তিত (সাধাৰণতে উদ্ভিদ) সংস্থাপন কৰা প্ৰক্ৰিয়াকে জিনীয় সালসলনি আখ্যা দিয়া হয় । এয়া বৰ্ণ সংকৰণ, উৎপৰিৱৰ্তন, বহুগুণ পদ্ধতি বা ডি এন এ পুনঃবিন্যাস প্ৰযুক্তিৰ দ্বাৰা সম্পন্ন কৰিব পাৰি ।

এই পদ্ধতিসমূহৰ অৱলম্বনৰ জৰিয়তে মাতৃজীৱব্যক্তিৰ বাঞ্চিত বৈশিষ্ট্য যেনে উচ্চ উৎপাদন ক্ষমতা, ৰোগ প্ৰতিৰোধ ক্ষমতা আদি জিনীয়ভাৱে ৰুপান্তৰিত জীৱব্যক্তিত আহৰণ কৰিব পাৰি । জিনীয় সালসলনি হৈছে শস্যৰ সঁচৰ উৎকৰ্ষ সাধনৰ এক সাৰ্থক পদ্ধতি ।

সকলো ধৰণৰ কৃষি পৰিশীলনত কৃষকসকলে ভাল উৎপাদনক্ষম তথা ৰোগ প্ৰতিৰোধী সঁচ বাঞ্চা কৰে ।

জিনীয় সালসলনিৰ দ্বাৰা একেধৰণৰ ভিন্ন জীৱৰ বাঞ্চিত জিনীয় বৈশিষ্ট্য এবিধ জীৱব্যক্তিত অন্তৰ্ভুক্ত কৰিব পাৰি ।

ইয়াৰ ফলত ব্যক্তৰুপীয়ভাৱে সবল শস্য পাব পাৰি যিয়ে কৃষকৰ উদ্দেশ্য সাধন কৰিব পাৰে ।

5. ভঁৰালত মজুত কৰি ৰখা শস্যৰ কেনেদৰে ক্ষতিসাধন হয়?

উত্তৰঃ ভঁৰালত মজুত কৰি ৰখা শস্যৰ ক্ষতি সাধন কৰা কাৰকবোৰ হ’ল-

(ক) জৈৱিক কাৰকঃ ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতিসাধন কৰা কাৰক যেনে- পোক, এন্দুৰ, ভেঁকুৰ, চাঁহী, বেক্টেৰীয়া আৰু অণুজীৱবোৰে শস্যৰ বীজৰ গুণাগুণ হ্ৰাস কৰে ।

(খ) অজৈৱিক কাৰকঃ অজৈৱিক কাৰক যেনেঃ ভঁৰালৰ অনুপযুক্ত উষ্ণতা, জলীয় ভাপ । এই বিলাক কাৰকে শস্যৰ বীজৰ গুণাগুণ হ্ৰাস কৰে, ওজন কমায়, অংকুৰণ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে, শস্যৰ বৰণ সলনি কৰে ।

6. পশুপালন (Animal husbandry)ৰ দ্বাৰা কৃষকসমূহে কেনেকৈ লাভান্বিত হয়?

উত্তৰঃ বাণিজ্যিক পশু ধন পামত কৃষকসকলে অৰ্থনৈতিক লাভৰ বাবে লক্ষ্য স্থিৰ কৰে আৰু ইয়াৰ বাবে তেওঁলোকে সঠিকভাৱে ব্যৱস্থাপনা কৰাৰ প্ৰয়োজন হয় । পশুপালন (Animal husbandry) হৈছে পশুধনৰ বিজ্ঞানসন্মত ব্যৱস্থাপনা । ইয়াৰ চাৰিটা মৌলিক দিশ হৈছে পামগৃহ, খাদ্য যোগান, প্ৰজনন আৰু ৰোগ নিয়ন্ত্ৰণ । গৰু-ম’হ, হাহ-কুকৰা, মাছ আদিৰ পৌষ্টিক প্ৰয়োজন ভিন ভিন আৰু এয়া সন্তুলিত হোৱা উচিত । ইয়াৰ বাবে সঠিক পদক্ষেপ গ্ৰহণ কৰিব লাগে । পশুধন উৎপাদনৰ ক্ষেত্ৰত বাঞ্চিত বৈশিষ্ট্য সম্পন্ন অপত্যজীৱৰ পোষকতা কৰা হয় । ৰোগ প্ৰতিৰোধ ক্ষমতা, সবল দৈহিক গঠন আদি কেইটামান বাঞ্চিত বৈশিষ্ট্য। পশুপালনৰ সঠিক পদ্ধতি অৱলম্বনৰে কৃষকে কম পৰিমাণৰ উৎপাদন ব্যয়ত অধিক মাত্ৰাত লাভান্বিত হ’ব পাৰে ।

7. গো-পালনৰ দ্বাৰা কি কি লাভালাভ হয়?

উত্তৰঃ

(i) ঘৰুৱা ব্যৱহাৰ তথা বাণিজ্যিক উদ্দেশ্যেত গৰুৱে গাখীৰ যোগায় ।

(ii) গৰুৰ গোবৰ জৈৱিক সাৰ হিচাপে ব্যৱহাৰ কৰাৰ লগতে জৈৱ গেছ বা গোবৰ গেছৰ ৰুপন ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি ।

(iii) কিছুমান লোকে মাংসৰ বাবে গৰু-পোহে । এইবোৰক মাংস হিচাপে বাণিজ্যিক উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰি ।

(iv) গৰু-ম’হৰ চৰ্মৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা হয় ।

(v) বিভিন্ন কৃষি পৰিশীলনত গৰু ব্যৱহাৰ কৰা হয় ।

8. উৎপাদন বৃদ্ধি কৰিবৰ বাবে‘পল্ট্ৰি পাম’, মীনপাম আৰু মৌ-মাখি পালনত কি ব্যৱস্থা লোৱা হয়?

উত্তৰঃ উৎপাদন বৃদ্ধি কৰিবৰ বাবে ‘পল্ট্ৰি পাম’, মীনপাম আৰু মৌ-মাখি পালনত সুষম পৌষ্টিক আহাৰ অতি আৱশ্যকীয় । উৎপাদন ক্ষেত্ৰত সুষম পৌষ্টিক আহাৰৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিলক্ষিত হয় । পল্ট্ৰি পাম (হাঁহ-কুকুৰা পাম) ৰ ক্ষেত্ৰত প্ৰ’টিন, চৰ্বি আৰু ভিটামিনসমৃদ্ধ আহাৰ, মানপামত উন্নত মানদণ্ডৰ মৎস্যদানা আৰু মৌপালনত উন্নত মানদণ্ডৰ পেষ্টুৰেজ আৱশ্যকীয় । এই আটাইবোৰতে বাঞ্চিত জাতদ্ৰব্যৰ উৎপাদন বৃদ্ধিৰ বাবে সঠিক খাদ্যৰ যোগান, প্ৰজনন আৰু ৰোগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা আৰু উন্নত প্ৰজাতিৰ সঁচ নিৰ্বাচন অতি প্ৰয়োজনীয় ।

9. আহৰণ মীনক্ষেত্ৰ, ‘মেৰিকালচাৰ’, ‘একুৱাকালচাৰ’ আদিৰ মাজত কেনেকৈ পাৰ্থক্য বাচি উলিয়াবা?

উত্তৰঃ প্ৰাকৃতিক জলাশয় যেনে সাগৰ, হ্ৰদ, পুখুৰী আদিৰ পৰা মাছ আহৰণ কৰিলে ইয়াক মীন সংগ্ৰহ আখ্যা দিয়া হয় । কেতিয়াবা কিছুমান অৰ্থনৈতিক গুৰুত্ব থকা মাছ সাগৰত পালন কৰা হয় । ইয়াৰ মেৰিকালচাৰ বুলি কোৱা হয় । আনহাতে একুৱাকালচাৰৰ অন্তৰ্গত অৰ্থনৈতিক গুৰুত্ব থকা সকলোবোৰ জলচৰ প্ৰাণী ( যেনে মাছ, মিছামাছ, কেকোঁৰা) আৰু উদ্ভিদৰ উৎপাদন সাঙুৰি লোৱা হয় । মেৰিকালচাৰ হৈছে একুৱাকালচাৰৰ এটা প্ৰকাৰ ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
নৱম শ্ৰেণী বিজ্ঞান অধ্যায় ১৫ (খাদ্য সম্পদৰ উৎপত্তি সাধন) – সঘনাই সোধা প্ৰশ্ন (FAQs)
খাদ্য সম্পদৰ উৎপত্তি সাধন পাঠটিত মূলতঃ কিহৰ বিষয়ে আলোচনা কৰা হৈছে?
নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত এই পাঠটিত মূলতঃ শস্যৰ উৎপাদন বৃদ্ধিৰ উপায়, পোষক দ্ৰব্য পৰিচালনা, জৈৱিক কৃষি, মিশ্ৰিত কৃষি, আৰু বিভিন্ন পশুপালন পদ্ধতিৰ বিষয়ে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত সাৰ আৰু জাবৰৰ পাৰ্থক্য অন্তৰ্ভুক্ত আছেনে?
হয়, ইয়াত ৰাসায়নিক সাৰ আৰু জৈৱিক জাবৰৰ পাৰ্থক্য, ইয়াৰ সুফল আৰু কুফলসমূহৰ সহজ আৰু নিৰ্ভুল সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
পৰীক্ষাত এই পাঠৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা মুখ্য আৰু গৌণ পোষক দ্ৰব্যৰ তালিকা, শস্য পৰিৱৰ্তনৰ (Crop Rotation) সুবিধা, মিশ্ৰিত মীন পালনৰ গুৰুত্ব, আৰু মৌ-পালনৰ বাবে ইটালীয় মৌ-মাখি কিয় ব্যৱহাৰ কৰা হয় তাৰ দৰে গুৰুত্বপূৰ্ণ প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

2 thoughts on “Class 9 Science Chapter 15 Solution – খাদ্য সম্পদৰ উৎকৰ্ষ সাধন | SEBA Assam”

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top